কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় অনুবাদ * - অনুবাদসমূহের সূচী

PDF XML CSV Excel API
Please review the Terms and Policies

অর্থসমূহের অনুবাদ সূরা: সূরা আল-ইনসান   আয়াত:

ছুৰা আল-ইনছান

هَلْ اَتٰی عَلَی الْاِنْسَانِ حِیْنٌ مِّنَ الدَّهْرِ لَمْ یَكُنْ شَیْـًٔا مَّذْكُوْرًا ۟
কালপ্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিলনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?
আরবি তাফসীরসমূহ:
اِنَّا خَلَقْنَا الْاِنْسَانَ مِنْ نُّطْفَةٍ اَمْشَاجٍ ۖۗ— نَّبْتَلِیْهِ فَجَعَلْنٰهُ سَمِیْعًا بَصِیْرًا ۟ۚ
নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মিশ্ৰিত শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিসম্পন্ন বনাইছোঁ।
আরবি তাফসীরসমূহ:
اِنَّا هَدَیْنٰهُ السَّبِیْلَ اِمَّا شَاكِرًا وَّاِمَّا كَفُوْرًا ۟
নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছোঁ, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।
আরবি তাফসীরসমূহ:
اِنَّاۤ اَعْتَدْنَا لِلْكٰفِرِیْنَ سَلٰسِلَاۡ وَاَغْلٰلًا وَّسَعِیْرًا ۟
নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ শিকলি, গলবেৰি আৰু লেলিহান জুই।
আরবি তাফসীরসমূহ:
اِنَّ الْاَبْرَارَ یَشْرَبُوْنَ مِنْ كَاْسٍ كَانَ مِزَاجُهَا كَافُوْرًا ۟ۚ
নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনেকুৱা পানীয় যাৰ মিশ্ৰন হ’ব কৰ্পূৰ।
আরবি তাফসীরসমূহ:
عَیْنًا یَّشْرَبُ بِهَا عِبَادُ اللّٰهِ یُفَجِّرُوْنَهَا تَفْجِیْرًا ۟
এনেকুৱা এটা নিজৰাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, যিটোক তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰবাহিত কৰিব পাৰিব।
আরবি তাফসীরসমূহ:
یُوْفُوْنَ بِالنَّذْرِ وَیَخَافُوْنَ یَوْمًا كَانَ شَرُّهٗ مُسْتَطِیْرًا ۟
(কাৰণ) তেওঁলোকে মান্নত পূৰণ কৰে, আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ’ব সুবিস্তৃত।
আরবি তাফসীরসমূহ:
وَیُطْعِمُوْنَ الطَّعَامَ عَلٰی حُبِّهٖ مِسْكِیْنًا وَّیَتِیْمًا وَّاَسِیْرًا ۟
তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।
আরবি তাফসীরসমূহ:
اِنَّمَا نُطْعِمُكُمْ لِوَجْهِ اللّٰهِ لَا نُرِیْدُ مِنْكُمْ جَزَآءً وَّلَا شُكُوْرًا ۟
তেওঁলোকে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যেহে তোমালোকক খাদ্য দান কৰোঁ, আমি তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও নিবিচাৰোঁ।
আরবি তাফসীরসমূহ:
اِنَّا نَخَافُ مِنْ رَّبِّنَا یَوْمًا عَبُوْسًا قَمْطَرِیْرًا ۟
নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰোঁ’।
আরবি তাফসীরসমূহ:
فَوَقٰىهُمُ اللّٰهُ شَرَّ ذٰلِكَ الْیَوْمِ وَلَقّٰىهُمْ نَضْرَةً وَّسُرُوْرًا ۟ۚ
ফলত আল্লাহে তেওঁলোকক ৰক্ষা কৰিব সেই দিৱসৰ অনিষ্টৰ পৰা আৰু তেওঁলোকক প্ৰদান কৰিব উজ্জ্বলতা আৰু আনন্দ।
আরবি তাফসীরসমূহ:
وَجَزٰىهُمْ بِمَا صَبَرُوْا جَنَّةً وَّحَرِیْرًا ۟ۙ
লগতে তেওঁলোকৰ ধৈৰ্য্যৰ পুৰস্কাৰ হিচাপে তেওঁলোকক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।
আরবি তাফসীরসমূহ:
مُّتَّكِـِٕیْنَ فِیْهَا عَلَی الْاَرَآىِٕكِ ۚ— لَا یَرَوْنَ فِیْهَا شَمْسًا وَّلَا زَمْهَرِیْرًا ۟ۚ
তাত তেওঁলোকে সুসজ্জিত আসনত আউজি বহি থাকিব, তেওঁলোকে তাত প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।
আরবি তাফসীরসমূহ:
وَدَانِیَةً عَلَیْهِمْ ظِلٰلُهَا وَذُلِّلَتْ قُطُوْفُهَا تَذْلِیْلًا ۟
তেওঁলোকৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ, লগতে ইয়াৰ ফলমূলৰ থোকবোৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ আয়ত্তাধীন কৰা হ’ব।
আরবি তাফসীরসমূহ:
وَیُطَافُ عَلَیْهِمْ بِاٰنِیَةٍ مِّنْ فِضَّةٍ وَّاَكْوَابٍ كَانَتْ قَوَارِیْرَ ۟ۙ
আৰু তেওঁলোকক ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-
আরবি তাফসীরসমূহ:
قَوَارِیْرَ مِنْ فِضَّةٍ قَدَّرُوْهَا تَقْدِیْرًا ۟
ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, পৰিবেশনকাৰীসকলে পৰিমিতভাৱে তাক পূৰ্ণ কৰিব।
আরবি তাফসীরসমূহ:
وَیُسْقَوْنَ فِیْهَا كَاْسًا كَانَ مِزَاجُهَا زَنْجَبِیْلًا ۟ۚ
আৰু তাত তেওঁলোকক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,
আরবি তাফসীরসমূহ:
عَیْنًا فِیْهَا تُسَمّٰی سَلْسَبِیْلًا ۟
জান্নাতৰ এনেকুৱা এটা নিজৰা যাৰ নাম হ’ব ছালছাবীল।
আরবি তাফসীরসমূহ:
وَیَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۚ— اِذَا رَاَیْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَّنْثُوْرًا ۟
আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতা।
আরবি তাফসীরসমূহ:
وَاِذَا رَاَیْتَ ثَمَّ رَاَیْتَ نَعِیْمًا وَّمُلْكًا كَبِیْرًا ۟
আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিশাল সাম্ৰাজ্য।
আরবি তাফসীরসমূহ:
عٰلِیَهُمْ ثِیَابُ سُنْدُسٍ خُضْرٌ وَّاِسْتَبْرَقٌ ؗ— وَّحُلُّوْۤا اَسَاوِرَ مِنْ فِضَّةٍ ۚ— وَسَقٰىهُمْ رَبُّهُمْ شَرَابًا طَهُوْرًا ۟
তেওঁলোকৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু তেওঁলোক অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পৱিত্ৰ পানীয় পান কৰাব।
আরবি তাফসীরসমূহ:
اِنَّ هٰذَا كَانَ لَكُمْ جَزَآءً وَّكَانَ سَعْیُكُمْ مَّشْكُوْرًا ۟۠
(তেওঁলোকক কোৱা হ’ব) নিশ্চয় এইটোৱে হৈছে তোমালোকৰ পুৰস্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।
আরবি তাফসীরসমূহ:
اِنَّا نَحْنُ نَزَّلْنَا عَلَیْكَ الْقُرْاٰنَ تَنْزِیْلًا ۟ۚ
নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছোঁ।
আরবি তাফসীরসমূহ:
فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ اٰثِمًا اَوْ كَفُوْرًا ۟ۚ
এতেকে তুমি ধৈৰ্য্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
আরবি তাফসীরসমূহ:
وَاذْكُرِ اسْمَ رَبِّكَ بُكْرَةً وَّاَصِیْلًا ۟ۖۚ
আৰু পুৱা-গধূলি তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।
আরবি তাফসীরসমূহ:
وَمِنَ الَّیْلِ فَاسْجُدْ لَهٗ وَسَبِّحْهُ لَیْلًا طَوِیْلًا ۟
আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত, লগতে ৰাতিৰ দীৰ্ঘ সময়লৈকে তেওঁৰ পৱিত্ৰতা ঘোষণা তথা তাছবীহ পাঠ কৰা।
আরবি তাফসীরসমূহ:
اِنَّ هٰۤؤُلَآءِ یُحِبُّوْنَ الْعَاجِلَةَ وَیَذَرُوْنَ وَرَآءَهُمْ یَوْمًا ثَقِیْلًا ۟
নিশ্চয় সিহঁতে পৃথিৱীৰ জীৱনক ভালপায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিৱসটোক উপেক্ষা কৰে।
আরবি তাফসীরসমূহ:
نَحْنُ خَلَقْنٰهُمْ وَشَدَدْنَاۤ اَسْرَهُمْ ۚ— وَاِذَا شِئْنَا بَدَّلْنَاۤ اَمْثَالَهُمْ تَبْدِیْلًا ۟
আমিয়েই সিহঁতক সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছোঁ। আমি যেতিয়াই ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰেই (বেলেগ কোনো জাতিক) আনি পৰিবৰ্তন কৰি দিম।
আরবি তাফসীরসমূহ:
اِنَّ هٰذِهٖ تَذْكِرَةٌ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ سَبِیْلًا ۟
নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে উভতি অহাৰ পথ বাচি লয়।
আরবি তাফসীরসমূহ:
وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟
আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
আরবি তাফসীরসমূহ:
یُّدْخِلُ مَنْ یَّشَآءُ فِیْ رَحْمَتِهٖ ؕ— وَالظّٰلِمِیْنَ اَعَدَّ لَهُمْ عَذَابًا اَلِیْمًا ۟۠
তেওঁ যাক ইচ্ছা কৰে তাকেই তেওঁৰ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
আরবি তাফসীরসমূহ:
 
অর্থসমূহের অনুবাদ সূরা: সূরা আল-ইনসান
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় অনুবাদ - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় কুরআনুল কারীমের অর্থসমূহের অনুবাদ। অনুবাদ করেছেন শায়খ রাফিকুল ইসলাম হাবিবুর রহমান। অনুবাদকাল: ১৪৩৮হি.।

বন্ধ