Prijevod značenja časnog Kur'ana - Asamski prijevod * - Sadržaj prijevodā

PDF XML CSV Excel API
Please review the Terms and Policies

Prijevod značenja Sura: Sura el-Ahzab   Ajet:

ছুৰা আল-আহযাব

یٰۤاَیُّهَا النَّبِیُّ اتَّقِ اللّٰهَ وَلَا تُطِعِ الْكٰفِرِیْنَ وَالْمُنٰفِقِیْنَ ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟ۙ
হে নবী আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু কাফিৰ, মুনাফিকসকলৰ আনুগত্য নকৰিবা। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Tefsiri na arapskom jeziku:
وَّاتَّبِعْ مَا یُوْحٰۤی اِلَیْكَ مِنْ رَّبِّكَ ؕ— اِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟ۙ
আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী কৰা হয়, কেৱল তাৰেই অনুসৰণ কৰা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
Tefsiri na arapskom jeziku:
وَّتَوَكَّلْ عَلَی اللّٰهِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟
আৰু তুমি কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
Tefsiri na arapskom jeziku:
مَا جَعَلَ اللّٰهُ لِرَجُلٍ مِّنْ قَلْبَیْنِ فِیْ جَوْفِهٖ ۚ— وَمَا جَعَلَ اَزْوَاجَكُمُ الّٰٓـِٔیْ تُظٰهِرُوْنَ مِنْهُنَّ اُمَّهٰتِكُمْ ۚ— وَمَا جَعَلَ اَدْعِیَآءَكُمْ اَبْنَآءَكُمْ ؕ— ذٰلِكُمْ قَوْلُكُمْ بِاَفْوَاهِكُمْ ؕ— وَاللّٰهُ یَقُوْلُ الْحَقَّ وَهُوَ یَهْدِی السَّبِیْلَ ۟
আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুটা হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ হৈছে তোমালোকৰ মুখৰ কথাহে মাত্ৰ। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথ দেখুৱায়।
Tefsiri na arapskom jeziku:
اُدْعُوْهُمْ لِاٰبَآىِٕهِمْ هُوَ اَقْسَطُ عِنْدَ اللّٰهِ ۚ— فَاِنْ لَّمْ تَعْلَمُوْۤا اٰبَآءَهُمْ فَاِخْوَانُكُمْ فِی الدِّیْنِ وَمَوَالِیْكُمْ ؕ— وَلَیْسَ عَلَیْكُمْ جُنَاحٌ فِیْمَاۤ اَخْطَاْتُمْ بِهٖ وَلٰكِنْ مَّا تَعَمَّدَتْ قُلُوْبُكُمْ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰসকলক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত হৈছে তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেইটো হৈছে অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Tefsiri na arapskom jeziku:
اَلنَّبِیُّ اَوْلٰی بِالْمُؤْمِنِیْنَ مِنْ اَنْفُسِهِمْ وَاَزْوَاجُهٗۤ اُمَّهٰتُهُمْ ؕ— وَاُولُوا الْاَرْحَامِ بَعْضُهُمْ اَوْلٰی بِبَعْضٍ فِیْ كِتٰبِ اللّٰهِ مِنَ الْمُؤْمِنِیْنَ وَالْمُهٰجِرِیْنَ اِلَّاۤ اَنْ تَفْعَلُوْۤا اِلٰۤی اَوْلِیٰٓىِٕكُمْ مَّعْرُوْفًا ؕ— كَانَ ذٰلِكَ فِی الْكِتٰبِ مَسْطُوْرًا ۟
মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈও বেছি ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল হৈছে তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল হৈছে পৰস্পৰৰ বেছি নিকটৱৰ্তী। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সুকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।
Tefsiri na arapskom jeziku:
وَاِذْ اَخَذْنَا مِنَ النَّبِیّٖنَ مِیْثَاقَهُمْ وَمِنْكَ وَمِنْ نُّوْحٍ وَّاِبْرٰهِیْمَ وَمُوْسٰی وَعِیْسَی ابْنِ مَرْیَمَ ۪— وَاَخَذْنَا مِنْهُمْ مِّیْثَاقًا غَلِیْظًا ۟ۙ
আৰু স্মৰণ কৰা, যেতিয়া আমি নবীসকলৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছিলোঁ আৰু তোমাৰ পৰাও, লগতে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মাৰয়ামৰ পৰাও (অংগীকাৰ লৈছিলোঁ)। আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলোঁ দৃঢ় অংগীকাৰ,
Tefsiri na arapskom jeziku:
لِّیَسْـَٔلَ الصّٰدِقِیْنَ عَنْ صِدْقِهِمْ ۚ— وَاَعَدَّ لِلْكٰفِرِیْنَ عَذَابًا اَلِیْمًا ۟۠
সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতা সম্পৰ্কে সুধিবলৈ (এই অংগীকাৰ লোৱা হৈছিল), আৰু তেওঁ কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ اِذْ جَآءَتْكُمْ جُنُوْدٌ فَاَرْسَلْنَا عَلَیْهِمْ رِیْحًا وَّجُنُوْدًا لَّمْ تَرَوْهَا ؕ— وَكَانَ اللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرًا ۟ۚ
হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি থকা আল্লাহৰ অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যেতিয়া শত্ৰুবাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলোঁ ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিবোৰক তোমালোকে দেখা পোৱা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
Tefsiri na arapskom jeziku:
اِذْ جَآءُوْكُمْ مِّنْ فَوْقِكُمْ وَمِنْ اَسْفَلَ مِنْكُمْ وَاِذْ زَاغَتِ الْاَبْصَارُ وَبَلَغَتِ الْقُلُوْبُ الْحَنَاجِرَ وَتَظُنُّوْنَ بِاللّٰهِ الظُّنُوْنَا ۟ؕ
যেতিয়া সিহঁতে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল তোমালোকৰ ওপৰৰ পৰা আৰু নিম্নফালৰ পৰা; তেতিয়া তোমালোকৰ চকু থৰ লাগিছিল আৰু তোমালোকৰ প্ৰাণবোৰ কণ্ঠাগত হৈ পৰিছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা।
Tefsiri na arapskom jeziku:
هُنَالِكَ ابْتُلِیَ الْمُؤْمِنُوْنَ وَزُلْزِلُوْا زِلْزَالًا شَدِیْدًا ۟
তেতিয়া মুমিনসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে প্ৰকম্পিত (তথা আতংকিত) হৈছিল।
Tefsiri na arapskom jeziku:
وَاِذْ یَقُوْلُ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ مَّا وَعَدَنَا اللّٰهُ وَرَسُوْلُهٗۤ اِلَّا غُرُوْرًا ۟
আৰু স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছিল সিহঁতে কৈছিল, ‘আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ প্ৰতাৰণাৰ বাহিৰে আন একো নহয়’।
Tefsiri na arapskom jeziku:
وَاِذْ قَالَتْ طَّآىِٕفَةٌ مِّنْهُمْ یٰۤاَهْلَ یَثْرِبَ لَا مُقَامَ لَكُمْ فَارْجِعُوْا ۚ— وَیَسْتَاْذِنُ فَرِیْقٌ مِّنْهُمُ النَّبِیَّ یَقُوْلُوْنَ اِنَّ بُیُوْتَنَا عَوْرَةٌ ۛؕ— وَمَا هِیَ بِعَوْرَةٍ ۛۚ— اِنْ یُّرِیْدُوْنَ اِلَّا فِرَارًا ۟
আৰু যেতিয়া সিহঁতৰ এটা দলে কৈছিল, ‘হে ইয়াছৰিবৰ অধিবাসীসকল! ইয়াত (ৰাছুলৰ ওচৰত প্ৰতিৰোধ কৰিবলৈ) তোমালোকৰ কোনো স্থান নাই। এতেকে তোমালোকে (ঘৰলৈ) উভতি যোৱা’, আৰু সিহঁতৰ মাজৰ এটা দলে নবীৰ ওচৰত গৈ অব্যাহতি বিচাৰি আবেদন কৰি কৈছিল, ‘আমাৰ ঘৰ-দুৱাৰসমূহ অসুৰক্ষিত (গতিকে আমাক উভতি যাবলৈ অনুমতি দিয়ক)’; অথচ সেইবোৰ অসুৰক্ষিত নাছিল, আচলতে পলাই যোৱাটোহে আছিল সিহঁতৰ মূল উদ্দেশ্য।
Tefsiri na arapskom jeziku:
وَلَوْ دُخِلَتْ عَلَیْهِمْ مِّنْ اَقْطَارِهَا ثُمَّ سُىِٕلُوا الْفِتْنَةَ لَاٰتَوْهَا وَمَا تَلَبَّثُوْا بِهَاۤ اِلَّا یَسِیْرًا ۟
আৰু যদি বিভিন্ন ফালৰ পৰা সিহঁতৰ বিৰুদ্ধে শত্ৰুসকলে প্ৰৱেশ কৰিলেহেঁতেন, তাৰ পিছত সিহঁতক যদি শ্বিৰ্ক কৰাৰ বাবে আহ্বান জনোৱা হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে সেয়া কৰিলেহেঁতেন, সিহঁতে সেইটো কৰিবলৈ অকণো পলম নকৰিলেহেঁতেন।
Tefsiri na arapskom jeziku:
وَلَقَدْ كَانُوْا عَاهَدُوا اللّٰهَ مِنْ قَبْلُ لَا یُوَلُّوْنَ الْاَدْبَارَ ؕ— وَكَانَ عَهْدُ اللّٰهِ مَسْـُٔوْلًا ۟
নিশ্চয় সিহঁতে পূৰ্বেই আল্লাহৰ লগত অংগীকাৰ কৰিছিল যে, সিহঁতে পৃষ্ঠ প্ৰদৰ্শন নকৰিব। (গতিকে জানি থোৱা) আল্লাহৰ লগত কৰা অংগীকাৰ সম্পৰ্কে নিশ্চয় (সিহঁতক) জবাবদিহি কৰা হ’ব।
Tefsiri na arapskom jeziku:
قُلْ لَّنْ یَّنْفَعَكُمُ الْفِرَارُ اِنْ فَرَرْتُمْ مِّنَ الْمَوْتِ اَوِ الْقَتْلِ وَاِذًا لَّا تُمَتَّعُوْنَ اِلَّا قَلِیْلًا ۟
কোৱা, ‘যদি তোমালোকে মৃত্যু অথবা হত্যাৰ ভয়ত পলাব বিচাৰিছা, তেন্তে সেই পলায়ন তোমালোকৰ কোনো উপকাৰত নাহিব, কিন্তু তেনে ক্ষেত্ৰত তোমালোকক অকণমানহে ভোগ কৰিবলৈ সুযোগ দিয়া হ’ব’।
Tefsiri na arapskom jeziku:
قُلْ مَنْ ذَا الَّذِیْ یَعْصِمُكُمْ مِّنَ اللّٰهِ اِنْ اَرَادَ بِكُمْ سُوْٓءًا اَوْ اَرَادَ بِكُمْ رَحْمَةً ؕ— وَلَا یَجِدُوْنَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ وَلِیًّا وَّلَا نَصِیْرًا ۟
কোৱা, ‘কোনে তোমালোকক আল্লাহৰ পৰা ৰক্ষা কৰিব, যদি তেওঁ তোমালোকক কোনো ক্ষতি কৰিব বিচাৰে, নাইবা তোমালোকক ৰহমত দান কৰিব বিচাৰে’? আৰু সিহঁতে আল্লাহৰ বাহিৰে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়কাৰীও নাপাব।
Tefsiri na arapskom jeziku:
قَدْ یَعْلَمُ اللّٰهُ الْمُعَوِّقِیْنَ مِنْكُمْ وَالْقَآىِٕلِیْنَ لِاِخْوَانِهِمْ هَلُمَّ اِلَیْنَا ۚ— وَلَا یَاْتُوْنَ الْبَاْسَ اِلَّا قَلِیْلًا ۟ۙ
আল্লাহে নিশ্চয় জানে তোমালোকৰ মাজৰ কোনবিলাক লোকে (যুদ্ধত অংশ গ্ৰহণ কৰিবলৈ) বাধা প্ৰদান কৰে আৰু কোন বিলাকে সিহঁতৰ ভাতৃক কয়, আমাৰ ফালে গুচি আহা, সিহঁতে অতি সামান্যহে যুদ্ধ কৰে,
Tefsiri na arapskom jeziku:
اَشِحَّةً عَلَیْكُمْ ۖۚ— فَاِذَا جَآءَ الْخَوْفُ رَاَیْتَهُمْ یَنْظُرُوْنَ اِلَیْكَ تَدُوْرُ اَعْیُنُهُمْ كَالَّذِیْ یُغْشٰی عَلَیْهِ مِنَ الْمَوْتِ ۚ— فَاِذَا ذَهَبَ الْخَوْفُ سَلَقُوْكُمْ بِاَلْسِنَةٍ حِدَادٍ اَشِحَّةً عَلَی الْخَیْرِ ؕ— اُولٰٓىِٕكَ لَمْ یُؤْمِنُوْا فَاَحْبَطَ اللّٰهُ اَعْمَالَهُمْ ؕ— وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟
তোমালোকক সহায়-সহযোগিতা কৰাৰ ক্ষেত্ৰত সিহঁত কুণ্ঠিত। এতেকে যেতিয়া ভয়-ভীতি (তথা বিপদ) আহে তেতিয়া তুমি দেখিবা, সিহঁতে মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই তোমাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া বিপদ আঁতৰি যায় তেতিয়া সিহঁতে ধনৰ লালসাত তোমালোকক তীক্ষ্ণ ভাষাত বিদ্ধ কৰে। সিহঁতে ঈমান পোষণ কৰা নাই, সেইকাৰণে আল্লাহে সিহঁতৰ আমলসমূহক নিষ্ফল কৰিছে আৰু এইটো আল্লাহৰ বাবে অতি সহজ।
Tefsiri na arapskom jeziku:
یَحْسَبُوْنَ الْاَحْزَابَ لَمْ یَذْهَبُوْا ۚ— وَاِنْ یَّاْتِ الْاَحْزَابُ یَوَدُّوْا لَوْ اَنَّهُمْ بَادُوْنَ فِی الْاَعْرَابِ یَسْاَلُوْنَ عَنْ اَنْۢبَآىِٕكُمْ ؕ— وَلَوْ كَانُوْا فِیْكُمْ مَّا قٰتَلُوْۤا اِلَّا قَلِیْلًا ۟۠
সিহঁতে ভাবে যে, সন্মিলিত বাহিনী গুচি যোৱা নাই। যদি সন্মিলিত বাহিনী আকৌ আহি পৰে, তেতিয়া সিহঁতে কামনা কৰিব যে, ভাল হ’লহেঁতেন যদি সিহঁতে যাযাবৰ মৰুবাসীসকলৰ লগত থাকি তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন! আৰু সিহঁতে তোমালোকৰ লগত অৱস্থান কৰিলেও নাম মাত্ৰহে যুদ্ধ কৰিলেহেঁতেন।
Tefsiri na arapskom jeziku:
لَقَدْ كَانَ لَكُمْ فِیْ رَسُوْلِ اللّٰهِ اُسْوَةٌ حَسَنَةٌ لِّمَنْ كَانَ یَرْجُوا اللّٰهَ وَالْیَوْمَ الْاٰخِرَ وَذَكَرَ اللّٰهَ كَثِیْرًا ۟ؕ
নিশ্চয় তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ (সন্তুষ্টি কামনা কৰে) আৰু আখিৰাতৰ (ভাল ফলাফল) আশা কৰে, লগতে আল্লাহক বেছি বেছি স্মৰণ কৰে, তেওঁলোকৰ বাবে আল্লাহৰ ৰাছুলৰ (চৰিত্ৰৰ) মাজত উত্তম আদৰ্শ আছে।
Tefsiri na arapskom jeziku:
وَلَمَّا رَاَ الْمُؤْمِنُوْنَ الْاَحْزَابَ ۙ— قَالُوْا هٰذَا مَا وَعَدَنَا اللّٰهُ وَرَسُوْلُهٗ وَصَدَقَ اللّٰهُ وَرَسُوْلُهٗ ؗ— وَمَا زَادَهُمْ اِلَّاۤ اِیْمَانًا وَّتَسْلِیْمًا ۟ؕ
আৰু মুমিনসকলে যেতিয়া সন্মিলিত বাহিনীক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, ‘এইটোৱেই সেই প্ৰতিশ্ৰুতি যিটো আমাক আল্লাহ আৰু তেওঁৰ ৰাছুলে দিছিল, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সঁচাই কৈছিল’। এই ঘটনাই তেওঁলোকৰ ঈমান আৰু আনুগত্যহে বৃদ্ধি কৰিলে।
Tefsiri na arapskom jeziku:
مِنَ الْمُؤْمِنِیْنَ رِجَالٌ صَدَقُوْا مَا عَاهَدُوا اللّٰهَ عَلَیْهِ ۚ— فَمِنْهُمْ مَّنْ قَضٰی نَحْبَهٗ وَمِنْهُمْ مَّنْ یَّنْتَظِرُ ۖؗ— وَمَا بَدَّلُوْا تَبْدِیْلًا ۟ۙ
মুমিনসকলৰ মাজৰ কিছুমানে আল্লাহৰ লগত কৰা তেওঁলোকৰ অংগীকাৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ কিছুমানে (অংগীকাৰ পূৰ্ণ কৰি) মৃত্যুবৰণ কৰিছে আৰু কিছুমান প্ৰতীক্ষাত আছে। তেওঁলোকে নিজ অংগীকাৰত কোনো পৰিবৰ্তন কৰা নাই;
Tefsiri na arapskom jeziku:
لِّیَجْزِیَ اللّٰهُ الصّٰدِقِیْنَ بِصِدْقِهِمْ وَیُعَذِّبَ الْمُنٰفِقِیْنَ اِنْ شَآءَ اَوْ یَتُوْبَ عَلَیْهِمْ ؕ— اِنَّ اللّٰهَ كَانَ غَفُوْرًا رَّحِیْمًا ۟ۚ
যাতে আল্লাহে সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতাৰ বাবে পুৰস্কৃত কৰিব পাৰে, আৰু তেওঁ ইচ্ছা কৰিলে মুনাফিকসকলক শাস্তি দিব পাৰে নাইবা সিহঁতক ক্ষমা কৰিও দিব পাৰে। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
Tefsiri na arapskom jeziku:
وَرَدَّ اللّٰهُ الَّذِیْنَ كَفَرُوْا بِغَیْظِهِمْ لَمْ یَنَالُوْا خَیْرًا ؕ— وَكَفَی اللّٰهُ الْمُؤْمِنِیْنَ الْقِتَالَ ؕ— وَكَانَ اللّٰهُ قَوِیًّا عَزِیْزًا ۟ۚ
আৰু আল্লাহে কাফিৰসকলক ক্ৰুদ্ধাৱস্থাত উভতি যাবলৈ বাধ্য কৰিলে, সিহঁতে কোনো কল্যাণ লাভ কৰা নাছিল। যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। আল্লাহ সৰ্বশক্তিমান, প্ৰবল পৰাক্ৰমশালী।
Tefsiri na arapskom jeziku:
وَاَنْزَلَ الَّذِیْنَ ظَاهَرُوْهُمْ مِّنْ اَهْلِ الْكِتٰبِ مِنْ صَیَاصِیْهِمْ وَقَذَفَ فِیْ قُلُوْبِهِمُ الرُّعْبَ فَرِیْقًا تَقْتُلُوْنَ وَتَاْسِرُوْنَ فَرِیْقًا ۟ۚ
আৰু কিতাবীসকলৰ মাজৰ যিবিলাকে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক সিহঁতৰ দূৰ্গসমূহৰ পৰা অৱতৰণ কৰিবলৈ বাধ্য কৰিলে, আৰু সিহঁতৰ অন্তৰসমূহত ভীতিৰ সঞ্চাৰ কৰিলে। ফলত তোমালোকে সিহঁতৰ কিছু সংখ্যক লোকক হত্যা কৰিছা আৰু কিছুমানক বন্দী কৰিছা।
Tefsiri na arapskom jeziku:
وَاَوْرَثَكُمْ اَرْضَهُمْ وَدِیَارَهُمْ وَاَمْوَالَهُمْ وَاَرْضًا لَّمْ تَطَـُٔوْهَا ؕ— وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرًا ۟۠
আৰু তেৱেঁই তোমালোকক সিহঁতৰ ভূমি, ঘৰ-দুৱাৰ আৰু সিহঁতৰ ধন-সম্পদৰ উত্তৰাধিকাৰী কৰিছে, আৰু এনেকুৱা এটা ভূমিৰো (উত্তৰাধিকাৰী কৰিছে) য’ত তোমালোকে এতিয়াও পদাৰ্পণ কৰা নাই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا النَّبِیُّ قُلْ لِّاَزْوَاجِكَ اِنْ كُنْتُنَّ تُرِدْنَ الْحَیٰوةَ الدُّنْیَا وَزِیْنَتَهَا فَتَعَالَیْنَ اُمَتِّعْكُنَّ وَاُسَرِّحْكُنَّ سَرَاحًا جَمِیْلًا ۟
হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক কোৱা, ‘তোমালোকে যদি পাৰ্থিৱ জীৱন আৰু ইয়াৰ ভোগ-বিলাসিতা কামনা কৰা তেন্তে আহা, মই তোমালোকক ভোগ-বিলাসৰ ব্যৱস্থা কৰি দিওঁ আৰু সৌজন্যৰ সৈতে তোমালোকক বিদায় দিওঁ।
Tefsiri na arapskom jeziku:
وَاِنْ كُنْتُنَّ تُرِدْنَ اللّٰهَ وَرَسُوْلَهٗ وَالدَّارَ الْاٰخِرَةَ فَاِنَّ اللّٰهَ اَعَدَّ لِلْمُحْسِنٰتِ مِنْكُنَّ اَجْرًا عَظِیْمًا ۟
‘আনহাতে যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুল, লগতে আখিৰাতৰ আবাস কামনা কৰা, তেন্তে (জানি থোৱা) তোমালোকৰ মাজৰ সৎকৰ্মশীল নাৰীসকলৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান’।
Tefsiri na arapskom jeziku:
یٰنِسَآءَ النَّبِیِّ مَنْ یَّاْتِ مِنْكُنَّ بِفَاحِشَةٍ مُّبَیِّنَةٍ یُّضٰعَفْ لَهَا الْعَذَابُ ضِعْفَیْنِ ؕ— وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟
হে নবী-পত্নীসকল! তোমালোকৰ মাজৰ কোনোবাই প্ৰকাশ্য অশ্লীল কাম কৰিলে তেওঁৰ বাবে শাস্তি বৃদ্ধি কৰা হ’ব দ্বিগুণ আৰু এইটো আল্লাহৰ বাবে সহজ।
Tefsiri na arapskom jeziku:
وَمَنْ یَّقْنُتْ مِنْكُنَّ لِلّٰهِ وَرَسُوْلِهٖ وَتَعْمَلْ صَالِحًا نُّؤْتِهَاۤ اَجْرَهَا مَرَّتَیْنِ ۙ— وَاَعْتَدْنَا لَهَا رِزْقًا كَرِیْمًا ۟
আৰু তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আৰু নেক আমল কৰিব আমি তেওঁক দুবাৰকৈ প্ৰতিদান দিম আৰু আমি তেওঁৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ সন্মানজনক জীৱিকা।
Tefsiri na arapskom jeziku:
یٰنِسَآءَ النَّبِیِّ لَسْتُنَّ كَاَحَدٍ مِّنَ النِّسَآءِ اِنِ اتَّقَیْتُنَّ فَلَا تَخْضَعْنَ بِالْقَوْلِ فَیَطْمَعَ الَّذِیْ فِیْ قَلْبِهٖ مَرَضٌ وَّقُلْنَ قَوْلًا مَّعْرُوْفًا ۟ۚ
হে নবী-পত্নীসকল! তোমালোক আন আন নাৰীৰ দৰে নহয়, যদি তোমালোকে আল্লাহক ভয় কৰা তেন্তে পৰ-পুৰুষৰ লগত কোমল কণ্ঠত কথা নক'বা, কাৰণ এনে কৰিলে যাৰ অন্তৰত ব্যাধি আছে, সি প্ৰলুব্ধ হয়; আৰু তোমালোকে ন্যায়সংগত কথা ক'বা।
Tefsiri na arapskom jeziku:
وَقَرْنَ فِیْ بُیُوْتِكُنَّ وَلَا تَبَرَّجْنَ تَبَرُّجَ الْجَاهِلِیَّةِ الْاُوْلٰی وَاَقِمْنَ الصَّلٰوةَ وَاٰتِیْنَ الزَّكٰوةَ وَاَطِعْنَ اللّٰهَ وَرَسُوْلَهٗ ؕ— اِنَّمَا یُرِیْدُ اللّٰهُ لِیُذْهِبَ عَنْكُمُ الرِّجْسَ اَهْلَ الْبَیْتِ وَیُطَهِّرَكُمْ تَطْهِیْرًا ۟ۚ
আৰু তোমালোকে নিজ ঘৰতে অৱস্থান কৰিবা। (প্ৰাক-ইছলামী) জাহেলী যুগৰ প্ৰদৰ্শনীৰ দৰে নিজকে প্ৰদৰ্শন কৰি নুফুৰিবা। তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। হে নবী-পৰিয়াল! আল্লাহে তোমালোকৰ পৰা কেৱল অপৱিত্ৰতাক দূৰীভূত কৰিব বিচাৰে আৰু তোমালোকক সম্পূৰ্ণৰূপে পৱিত্ৰ কৰিব বিচাৰে।
Tefsiri na arapskom jeziku:
وَاذْكُرْنَ مَا یُتْلٰی فِیْ بُیُوْتِكُنَّ مِنْ اٰیٰتِ اللّٰهِ وَالْحِكْمَةِ ؕ— اِنَّ اللّٰهَ كَانَ لَطِیْفًا خَبِیْرًا ۟۠
আল্লাহৰ আয়াত আৰু হিকমতৰ পৰা তোমালোকৰ ঘৰত যি পাঠ কৰা হয়, সেইখিন তোমালোকে স্মৰণ ৰাখিবা। নিশ্চয় আল্লাহ অতি সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
Tefsiri na arapskom jeziku:
اِنَّ الْمُسْلِمِیْنَ وَالْمُسْلِمٰتِ وَالْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ وَالْقٰنِتِیْنَ وَالْقٰنِتٰتِ وَالصّٰدِقِیْنَ وَالصّٰدِقٰتِ وَالصّٰبِرِیْنَ وَالصّٰبِرٰتِ وَالْخٰشِعِیْنَ وَالْخٰشِعٰتِ وَالْمُتَصَدِّقِیْنَ وَالْمُتَصَدِّقٰتِ وَالصَّآىِٕمِیْنَ وَالصّٰٓىِٕمٰتِ وَالْحٰفِظِیْنَ فُرُوْجَهُمْ وَالْحٰفِظٰتِ وَالذّٰكِرِیْنَ اللّٰهَ كَثِیْرًا وَّالذّٰكِرٰتِ ۙ— اَعَدَّ اللّٰهُ لَهُمْ مَّغْفِرَةً وَّاَجْرًا عَظِیْمًا ۟
নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিমা নাৰী, মুমিন পুৰুষ আৰু মুমিনা নাৰী, আনুগত পুৰুষ আৰু আনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীল নাৰী, বিনীত পুৰুষ আৰু বিনীত নাৰী, দানশীল পুৰুষ আৰু দানশীল নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰীণী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰীণী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰীণী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।
Tefsiri na arapskom jeziku:
وَمَا كَانَ لِمُؤْمِنٍ وَّلَا مُؤْمِنَةٍ اِذَا قَضَی اللّٰهُ وَرَسُوْلُهٗۤ اَمْرًا اَنْ یَّكُوْنَ لَهُمُ الْخِیَرَةُ مِنْ اَمْرِهِمْ ؕ— وَمَنْ یَّعْصِ اللّٰهَ وَرَسُوْلَهٗ فَقَدْ ضَلَّ ضَلٰلًا مُّبِیْنًا ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে, কোনো মুমিন পুৰুষ অথবা কোনো মুমিনা নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্ত গ্ৰহণৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব, সি নিশ্চয় স্পষ্টভাৱে পথভ্ৰষ্ট হৈ যাব।
Tefsiri na arapskom jeziku:
وَاِذْ تَقُوْلُ لِلَّذِیْۤ اَنْعَمَ اللّٰهُ عَلَیْهِ وَاَنْعَمْتَ عَلَیْهِ اَمْسِكْ عَلَیْكَ زَوْجَكَ وَاتَّقِ اللّٰهَ وَتُخْفِیْ فِیْ نَفْسِكَ مَا اللّٰهُ مُبْدِیْهِ وَتَخْشَی النَّاسَ ۚ— وَاللّٰهُ اَحَقُّ اَنْ تَخْشٰىهُ ؕ— فَلَمَّا قَضٰی زَیْدٌ مِّنْهَا وَطَرًا زَوَّجْنٰكَهَا لِكَیْ لَا یَكُوْنَ عَلَی الْمُؤْمِنِیْنَ حَرَجٌ فِیْۤ اَزْوَاجِ اَدْعِیَآىِٕهِمْ اِذَا قَضَوْا مِنْهُنَّ وَطَرًا ؕ— وَكَانَ اَمْرُ اللّٰهِ مَفْعُوْلًا ۟
আৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ তুমি আল্লাহকহে বেছি ভয় কৰা উচিত আছিল। তাৰ পিছত যায়েদে যেতিয়া নিজৰ স্ত্ৰীৰ সৈতে বিবাহ-সম্পৰ্ক ছিন্ন কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলোঁ, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰসকলে নিজৰ স্ত্ৰীক তালাক দিয়াৰ পিছত সিহঁতক (সেইসকল নাৰীক বিবাহৰ মাধ্যমত স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) মুমিনসকলৰ কোনো সমস্যা নহয়। আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই।
Tefsiri na arapskom jeziku:
مَا كَانَ عَلَی النَّبِیِّ مِنْ حَرَجٍ فِیْمَا فَرَضَ اللّٰهُ لَهٗ ؕ— سُنَّةَ اللّٰهِ فِی الَّذِیْنَ خَلَوْا مِنْ قَبْلُ ؕ— وَكَانَ اَمْرُ اللّٰهِ قَدَرًا مَّقْدُوْرَا ۟ؗۙ
আল্লাহে নবীৰ বাবে যি বিধিবদ্ধ কৰিছে, সেইটো কৰাত নবীৰ কোনো দোষ নহয়। পূৰ্বে যিসকল (নবী) অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।
Tefsiri na arapskom jeziku:
١لَّذِیْنَ یُبَلِّغُوْنَ رِسٰلٰتِ اللّٰهِ وَیَخْشَوْنَهٗ وَلَا یَخْشَوْنَ اَحَدًا اِلَّا اللّٰهَ ؕ— وَكَفٰی بِاللّٰهِ حَسِیْبًا ۟
তেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকেই ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। হিচাপ গ্ৰহণকাৰীৰূপে আল্লাহেই যথেষ্ট।
Tefsiri na arapskom jeziku:
مَا كَانَ مُحَمَّدٌ اَبَاۤ اَحَدٍ مِّنْ رِّجَالِكُمْ وَلٰكِنْ رَّسُوْلَ اللّٰهِ وَخَاتَمَ النَّبِیّٖنَ ؕ— وَكَانَ اللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمًا ۟۠
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতা নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اذْكُرُوا اللّٰهَ ذِكْرًا كَثِیْرًا ۟ۙ
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা,
Tefsiri na arapskom jeziku:
وَّسَبِّحُوْهُ بُكْرَةً وَّاَصِیْلًا ۟
আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
Tefsiri na arapskom jeziku:
هُوَ الَّذِیْ یُصَلِّیْ عَلَیْكُمْ وَمَلٰٓىِٕكَتُهٗ لِیُخْرِجَكُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ— وَكَانَ بِالْمُؤْمِنِیْنَ رَحِیْمًا ۟
তেৱেঁই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলেও তোমালোকৰ বাবে দুআ কৰে, যাতে তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে। তেওঁ মুমিনসকলৰ প্ৰতি পৰম দয়ালু।
Tefsiri na arapskom jeziku:
تَحِیَّتُهُمْ یَوْمَ یَلْقَوْنَهٗ سَلٰمٌ ۖۚ— وَّاَعَدَّ لَهُمْ اَجْرًا كَرِیْمًا ۟
যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাৎ কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে সন্মানজনক প্ৰতিদান।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا النَّبِیُّ اِنَّاۤ اَرْسَلْنٰكَ شَاهِدًا وَّمُبَشِّرًا وَّنَذِیْرًا ۟ۙ
হে নবী! নিশ্চয় আমি তোমাক সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ;
Tefsiri na arapskom jeziku:
وَّدَاعِیًا اِلَی اللّٰهِ بِاِذْنِهٖ وَسِرَاجًا مُّنِیْرًا ۟
লগতে আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ ফালে আহ্বানকাৰী আৰু উজ্জ্বল প্ৰদীপৰূপে (প্ৰেৰণ কৰিছোঁ)।
Tefsiri na arapskom jeziku:
وَبَشِّرِ الْمُؤْمِنِیْنَ بِاَنَّ لَهُمْ مِّنَ اللّٰهِ فَضْلًا كَبِیْرًا ۟
আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহা অনুগ্ৰহ।
Tefsiri na arapskom jeziku:
وَلَا تُطِعِ الْكٰفِرِیْنَ وَالْمُنٰفِقِیْنَ وَدَعْ اَذٰىهُمْ وَتَوَكَّلْ عَلَی اللّٰهِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟
তুমি কাফিৰ আৰু মুনাফিকসকলৰ আনুগত্য নকৰিবা, সিহঁতৰ নিৰ্যাতনক উপেক্ষা কৰা আৰু আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا نَكَحْتُمُ الْمُؤْمِنٰتِ ثُمَّ طَلَّقْتُمُوْهُنَّ مِنْ قَبْلِ اَنْ تَمَسُّوْهُنَّ فَمَا لَكُمْ عَلَیْهِنَّ مِنْ عِدَّةٍ تَعْتَدُّوْنَهَا ۚ— فَمَتِّعُوْهُنَّ وَسَرِّحُوْهُنَّ سَرَاحًا جَمِیْلًا ۟
হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে মুমিনা নাৰীসকলক বিয়া কৰিবা, তাৰ পিছত সিহঁতক স্পৰ্শ কৰাৰ আগতে (যদি সিহঁতক) তালাক দিয়া তেন্তে তোমালোকৰ বাবে সিহঁতৰ পালনীয় কোনো ইদ্দত নাই, যিটো তোমালোকে গণনা কৰা। এনে ক্ষেত্ৰত তোমালোকে সিহঁতক কিছু পৰিমাণ সামগ্ৰী প্ৰদান কৰিবা আৰু সৌজন্যৰ সৈতে সিহঁতক বিদায় কৰিবা।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا النَّبِیُّ اِنَّاۤ اَحْلَلْنَا لَكَ اَزْوَاجَكَ الّٰتِیْۤ اٰتَیْتَ اُجُوْرَهُنَّ وَمَا مَلَكَتْ یَمِیْنُكَ مِمَّاۤ اَفَآءَ اللّٰهُ عَلَیْكَ وَبَنٰتِ عَمِّكَ وَبَنٰتِ عَمّٰتِكَ وَبَنٰتِ خَالِكَ وَبَنٰتِ خٰلٰتِكَ الّٰتِیْ هَاجَرْنَ مَعَكَ ؗ— وَامْرَاَةً مُّؤْمِنَةً اِنْ وَّهَبَتْ نَفْسَهَا لِلنَّبِیِّ اِنْ اَرَادَ النَّبِیُّ اَنْ یَّسْتَنْكِحَهَا ۗ— خَالِصَةً لَّكَ مِنْ دُوْنِ الْمُؤْمِنِیْنَ ؕ— قَدْ عَلِمْنَا مَا فَرَضْنَا عَلَیْهِمْ فِیْۤ اَزْوَاجِهِمْ وَمَا مَلَكَتْ اَیْمَانُهُمْ لِكَیْلَا یَكُوْنَ عَلَیْكَ حَرَجٌ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
হে নবী! আমি তোমাৰ বাবে বৈধ কৰিছোঁ তোমাৰ স্ত্ৰীসকলক, যিসকলক তুমি মোহৰ প্ৰদান কৰিছা; আৰু বৈধ কৰিছোঁ 'ফায়' হিচাপে আল্লাহে তোমাক যি প্ৰদান কৰিছে সিহঁতৰ মাজৰ পৰা যিসকল তোমাৰ মালিকানাধীন হৈছে। লগতে বিবাহৰ বাবে বৈধ কৰিছোঁ তোমাৰ দদাই-বৰপাইৰ জীয়েকহঁতক, জেঠাই-পেহীৰ জীয়েকহঁতক, মোমায়েৰৰ জীয়েকহঁতক আৰু তোমাৰ জেঠাই-মাহীৰ জীয়েকহঁতক, যিসকলে তোমাৰ লগত হিজৰত কৰিছে লগতে এনেকুৱা মুমিন নাৰীসকলোকো (বিবাহৰ বাবে বৈধ কৰিছোঁ) যিয়ে নবীৰ বাবে নিজকে সমৰ্পণ কৰে, যদিহে নবীয়ে তেওঁক বিয়া কৰাব বিচাৰে; এই বিধান বিশেষকৈ তোমাৰ বাবে (নিৰ্দিষ্ট), অন্যান্য মুমিনসকলৰ বাবে নহয়; যাতে তোমাৰ কোনো অসুবিধা নহয়। সৰ্বসাধাৰণ মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী আৰু দাসীবিলাকৰ বিষয়ে আমি যি বিধি নিৰ্ধাৰণ কৰিছোঁ সেয়া আমাৰ জনা আছে। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Tefsiri na arapskom jeziku:
تُرْجِیْ مَنْ تَشَآءُ مِنْهُنَّ وَتُـْٔوِیْۤ اِلَیْكَ مَنْ تَشَآءُ ؕ— وَمَنِ ابْتَغَیْتَ مِمَّنْ عَزَلْتَ فَلَا جُنَاحَ عَلَیْكَ ؕ— ذٰلِكَ اَدْنٰۤی اَنْ تَقَرَّ اَعْیُنُهُنَّ وَلَا یَحْزَنَّ وَیَرْضَیْنَ بِمَاۤ اٰتَیْتَهُنَّ كُلُّهُنَّ ؕ— وَاللّٰهُ یَعْلَمُ مَا فِیْ قُلُوْبِكُمْ ؕ— وَكَانَ اللّٰهُ عَلِیْمًا حَلِیْمًا ۟
তুমি সিহঁতৰ মাজৰ পৰা যাক ইচ্ছা তোমাৰ ওচৰৰ পৰা দূৰৈত ৰাখিব পাৰা আৰু যাক ইচ্ছা তোমাৰ ওচৰত স্থান দিব পাৰা। তুমি যাক দূৰৈত ৰাখিছা তাক কামনা কৰিলে তোমাৰ কোনো অপৰাধ নাই। এই বিধান এইবাবে যে, এনে কৰিলে সিহঁতৰ চকু জুৰ পৰাৰ বেছি সম্ভাৱনা থাকিব আৰু সিহঁতে দুখ নাপাব আৰু সিহঁতক তুমি যি প্ৰদান কৰিবা সেইটোতেই সিহঁত প্ৰত্যেকেই সন্তুষ্ট হৈ থাকিব। তোমালোকৰ অন্তৰত যি আছে আল্লাহে সেয়া জানে আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।
Tefsiri na arapskom jeziku:
لَا یَحِلُّ لَكَ النِّسَآءُ مِنْ بَعْدُ وَلَاۤ اَنْ تَبَدَّلَ بِهِنَّ مِنْ اَزْوَاجٍ وَّلَوْ اَعْجَبَكَ حُسْنُهُنَّ اِلَّا مَا مَلَكَتْ یَمِیْنُكَ ؕ— وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ رَّقِیْبًا ۟۠
ইয়াৰ পিছত তোমাৰ বাবে আন কোনো নাৰী বৈধ নহয় আৰু তোমাৰ স্ত্ৰীসকলৰ পৰিবৰ্তে আন কোনো স্ত্ৰী গ্ৰহণ কৰাও বৈধ নহয়, যদিও সিহঁতৰ সৌন্দৰ্যই তোমাক মুগ্ধ কৰে; কিন্তু তোমাৰ অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে। আল্লাহ সকলো বস্তুৰ ওপৰত তীক্ষ্ণ পৰ্যবেক্ষণকাৰী।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَدْخُلُوْا بُیُوْتَ النَّبِیِّ اِلَّاۤ اَنْ یُّؤْذَنَ لَكُمْ اِلٰی طَعَامٍ غَیْرَ نٰظِرِیْنَ اِنٰىهُ وَلٰكِنْ اِذَا دُعِیْتُمْ فَادْخُلُوْا فَاِذَا طَعِمْتُمْ فَانْتَشِرُوْا وَلَا مُسْتَاْنِسِیْنَ لِحَدِیْثٍ ؕ— اِنَّ ذٰلِكُمْ كَانَ یُؤْذِی النَّبِیَّ فَیَسْتَحْیٖ مِنْكُمْ ؗ— وَاللّٰهُ لَا یَسْتَحْیٖ مِنَ الْحَقِّ ؕ— وَاِذَا سَاَلْتُمُوْهُنَّ مَتَاعًا فَسْـَٔلُوْهُنَّ مِنْ وَّرَآءِ حِجَابٍ ؕ— ذٰلِكُمْ اَطْهَرُ لِقُلُوْبِكُمْ وَقُلُوْبِهِنَّ ؕ— وَمَا كَانَ لَكُمْ اَنْ تُؤْذُوْا رَسُوْلَ اللّٰهِ وَلَاۤ اَنْ تَنْكِحُوْۤا اَزْوَاجَهٗ مِنْ بَعْدِهٖۤ اَبَدًا ؕ— اِنَّ ذٰلِكُمْ كَانَ عِنْدَ اللّٰهِ عَظِیْمًا ۟
হে মুমিনসকল! তোমালোকে নবীৰ ঘৰসমূহত বিনা অনুমতিত প্ৰৱেশ নকৰিবা, অৱশ্যে যদি তোমালোকক খোৱাৰ অনুমতি দিয়া হয় তেন্তে (এনে সময়ত) প্ৰৱেশ কৰা যাতে খোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া নহয়। এতেকে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰা হ’ব তেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, কিন্তু খোৱা শেষ হ’লেই তোমালোকে গুচি যাবা, কথা-বতৰাত ব্যস্ত নহ’বা। নিশ্চয় তোমালোকৰ এই আচৰণে নবীক কষ্ট দিয়ে, কাৰণ তেওঁ তোমালোকক উঠাই দিবলৈ সংকোচ বোধ কৰে। কিন্তু আল্লাহে সত্য কথাত সংকোচ বোধ নকৰে। তোমালোকে তেওঁৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ। আল্লাহৰ ৰাছুলক কষ্ট দিয়া তোমালোকৰ বাবে উচিত নহয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিয়া কৰাটোও তোমালোকৰ বাবে কেতিয়াও বৈধ নহয়। নিশ্চয় আল্লাহৰ ওচৰত এইটো হৈছে এটা মহা অপৰাধ।
Tefsiri na arapskom jeziku:
اِنْ تُبْدُوْا شَیْـًٔا اَوْ تُخْفُوْهُ فَاِنَّ اللّٰهَ كَانَ بِكُلِّ شَیْءٍ عَلِیْمًا ۟
যদি তোমালোকে কিবা প্ৰকাশ কৰা অথবা গোপন কৰা (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহ সৰ্ব বিষয়ে সৰ্বজ্ঞ।
Tefsiri na arapskom jeziku:
لَا جُنَاحَ عَلَیْهِنَّ فِیْۤ اٰبَآىِٕهِنَّ وَلَاۤ اَبْنَآىِٕهِنَّ وَلَاۤ اِخْوَانِهِنَّ وَلَاۤ اَبْنَآءِ اِخْوَانِهِنَّ وَلَاۤ اَبْنَآءِ اَخَوٰتِهِنَّ وَلَا نِسَآىِٕهِنَّ وَلَا مَا مَلَكَتْ اَیْمَانُهُنَّ ۚ— وَاتَّقِیْنَ اللّٰهَ ؕ— اِنَّ اللّٰهَ كَانَ عَلٰی كُلِّ شَیْءٍ شَهِیْدًا ۟
নবীৰ স্ত্ৰীসকলৰ বাবে তেওঁলোকৰ পিতৃবৰ্গ, পুত্ৰসকল, ভাতৃসকল, ভতিজাসকল, ভাগিনসকল, লগৰ তিৰোতাসকল আৰু তেওঁলোকৰ দাস-দাসীসকলৰ সন্মুখত সেয়া পালন নকৰাটো কোনো অপৰাধ নহয়। হে নবীৰ পত্নীসকল! আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক প্ৰত্যক্ষদৰ্শী।
Tefsiri na arapskom jeziku:
اِنَّ اللّٰهَ وَمَلٰٓىِٕكَتَهٗ یُصَلُّوْنَ عَلَی النَّبِیِّ ؕ— یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا صَلُّوْا عَلَیْهِ وَسَلِّمُوْا تَسْلِیْمًا ۟
নিশ্চয় আল্লাহে নবীৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলেও নবীৰ বাবে দুআ আৰু ইছতিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰুদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।
Tefsiri na arapskom jeziku:
اِنَّ الَّذِیْنَ یُؤْذُوْنَ اللّٰهَ وَرَسُوْلَهٗ لَعَنَهُمُ اللّٰهُ فِی الدُّنْیَا وَالْاٰخِرَةِ وَاَعَدَّ لَهُمْ عَذَابًا مُّهِیْنًا ۟
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক কষ্ট দিয়ে, আল্লাহে সিহঁতক পৃথিৱী আৰু আখিৰাতত অভিসম্পাত কৰিছে আৰু তেওঁ সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।
Tefsiri na arapskom jeziku:
وَالَّذِیْنَ یُؤْذُوْنَ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ بِغَیْرِ مَا اكْتَسَبُوْا فَقَدِ احْتَمَلُوْا بُهْتَانًا وَّاِثْمًا مُّبِیْنًا ۟۠
আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট গুনাহৰ বোজা বহন কৰিছে।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا النَّبِیُّ قُلْ لِّاَزْوَاجِكَ وَبَنٰتِكَ وَنِسَآءِ الْمُؤْمِنِیْنَ یُدْنِیْنَ عَلَیْهِنَّ مِنْ جَلَابِیْبِهِنَّ ؕ— ذٰلِكَ اَدْنٰۤی اَنْ یُّعْرَفْنَ فَلَا یُؤْذَیْنَ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়াৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো হৈছে তেওঁলোকক চিনি পোৱাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
Tefsiri na arapskom jeziku:
لَىِٕنْ لَّمْ یَنْتَهِ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْمُرْجِفُوْنَ فِی الْمَدِیْنَةِ لَنُغْرِیَنَّكَ بِهِمْ ثُمَّ لَا یُجَاوِرُوْنَكَ فِیْهَاۤ اِلَّا قَلِیْلًا ۟ۚۛ
যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে নিশ্চয় আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব,
Tefsiri na arapskom jeziku:
مَّلْعُوْنِیْنَ ۛۚ— اَیْنَمَا ثُقِفُوْۤا اُخِذُوْا وَقُتِّلُوْا تَقْتِیْلًا ۟
অভিশপ্ত হৈ; সিহঁতক য’তে পোৱা যাব ত’তেই কৰায়ত্ত কৰা হ’ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ’ব।
Tefsiri na arapskom jeziku:
سُنَّةَ اللّٰهِ فِی الَّذِیْنَ خَلَوْا مِنْ قَبْلُ ۚ— وَلَنْ تَجِدَ لِسُنَّةِ اللّٰهِ تَبْدِیْلًا ۟
পূৰ্বে যিসকল অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ নীতি। তুমি কেতিয়াও আল্লাহৰ নীতিত কোনো পৰিবৰ্তন নাপাবা।
Tefsiri na arapskom jeziku:
یَسْـَٔلُكَ النَّاسُ عَنِ السَّاعَةِ ؕ— قُلْ اِنَّمَا عِلْمُهَا عِنْدَ اللّٰهِ ؕ— وَمَا یُدْرِیْكَ لَعَلَّ السَّاعَةَ تَكُوْنُ قَرِیْبًا ۟
মানুহে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ইয়াৰ প্ৰকৃত জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে’। কিহে তোমাক জনাব? সম্ভৱতঃ কিয়ামত অতি শীঘ্ৰেই হ’ব পাৰে।
Tefsiri na arapskom jeziku:
اِنَّ اللّٰهَ لَعَنَ الْكٰفِرِیْنَ وَاَعَدَّ لَهُمْ سَعِیْرًا ۟ۙ
নিশ্চয় আল্লাহে কাফিৰসকলক অভিশপ্ত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জ্বলন্ত জুই;
Tefsiri na arapskom jeziku:
خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ۚ— لَا یَجِدُوْنَ وَلِیًّا وَّلَا نَصِیْرًا ۟ۚ
তাত সিহঁতে চিৰস্থায়ী হ’ব আৰু সিহঁতে কোনো অভিভাৱকো নাপাব আৰু কোনো সহায়কাৰীও নাপাব।
Tefsiri na arapskom jeziku:
یَوْمَ تُقَلَّبُ وُجُوْهُهُمْ فِی النَّارِ یَقُوْلُوْنَ یٰلَیْتَنَاۤ اَطَعْنَا اللّٰهَ وَاَطَعْنَا الرَّسُوْلَا ۟
যিদিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ'ব, সেইদিনা সিহঁতে ক'ব, হায়! আমি যদি আল্লাহক মানিলোঁহেঁতেন আৰু ৰাছুলৰ আনুগত্য কৰিলোঁহেঁতেন!
Tefsiri na arapskom jeziku:
وَقَالُوْا رَبَّنَاۤ اِنَّاۤ اَطَعْنَا سَادَتَنَا وَكُبَرَآءَنَا فَاَضَلُّوْنَا السَّبِیْلَا ۟
সিহঁতে আৰু ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰহে আনুগত্য কৰিছিলোঁ আৰু সিহঁতেই আমাক পথভ্ৰষ্ট কৰিছিল;
Tefsiri na arapskom jeziku:
رَبَّنَاۤ اٰتِهِمْ ضِعْفَیْنِ مِنَ الْعَذَابِ وَالْعَنْهُمْ لَعْنًا كَبِیْرًا ۟۠
‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া, লগতে সিহঁতক মহা অভিসম্পাত দিয়া’।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَكُوْنُوْا كَالَّذِیْنَ اٰذَوْا مُوْسٰی فَبَرَّاَهُ اللّٰهُ مِمَّا قَالُوْا ؕ— وَكَانَ عِنْدَ اللّٰهِ وَجِیْهًا ۟
হে ঈমান্দাৰসকল! মুছাক যিসকলে কষ্ট দিছে তোমালোকে সিহঁতৰ দৰে নহ'বা, এতেকে সিহঁতে যি ৰটনা কৰিছিল আল্লাহে তেওঁক তাৰ পৰা নিৰ্দোষ প্ৰমাণিত কৰিছিল; আৰু তেওঁ আছিল আল্লাহৰ ওচৰত মৰ্যাদাৱান।
Tefsiri na arapskom jeziku:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَقُوْلُوْا قَوْلًا سَدِیْدًا ۟ۙ
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা;
Tefsiri na arapskom jeziku:
یُّصْلِحْ لَكُمْ اَعْمَالَكُمْ وَیَغْفِرْ لَكُمْ ذُنُوْبَكُمْ ؕ— وَمَنْ یُّطِعِ اللّٰهَ وَرَسُوْلَهٗ فَقَدْ فَازَ فَوْزًا عَظِیْمًا ۟
তেতিয়াহে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব। যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, তেওঁ নিশ্চয় মহা সফলতা অৰ্জন কৰিব।
Tefsiri na arapskom jeziku:
اِنَّا عَرَضْنَا الْاَمَانَةَ عَلَی السَّمٰوٰتِ وَالْاَرْضِ وَالْجِبَالِ فَاَبَیْنَ اَنْ یَّحْمِلْنَهَا وَاَشْفَقْنَ مِنْهَا وَحَمَلَهَا الْاِنْسَانُ ؕ— اِنَّهٗ كَانَ ظَلُوْمًا جَهُوْلًا ۟ۙ
নিশ্চয় আমি আকাশসমূহ, পৃথিৱী আৰু পৰ্বতমালাৰ প্ৰতিও এই আমানতৰ প্ৰস্তাৱ দিছিলোঁ কিন্তু সিহঁতে এই (দায়িত্বভাৰ) বহন কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেয়া ল’বলৈও ভয় কৰিলে আৰু মানুহে সেয়া বহন কৰিলে; নিশ্চয় সি অত্যন্ত যালিম, অতি অজ্ঞ।
Tefsiri na arapskom jeziku:
لِّیُعَذِّبَ اللّٰهُ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْمُشْرِكِیْنَ وَالْمُشْرِكٰتِ وَیَتُوْبَ اللّٰهُ عَلَی الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠
যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক শাস্তি দিব পাৰে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰিব পাৰে। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।
Tefsiri na arapskom jeziku:
 
Prijevod značenja Sura: Sura el-Ahzab
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod - Sadržaj prijevodā

Prijevod značenja Plemenitog Kur'ana na asamski jezik - Šejh Refikul-islam Habibur-rahman, 1438. godine po Hidžri.

Zatvaranje