<translation_root>

<meta>
<title>Translation of the meanings of the Noble Qur'an</title>
<language>Assamese</language>
<id>assamese_rafeeq</id>
<source>https://quranenc.com</source>
<url>https://quranenc.com/en/browse/assamese_rafeeq</url>
<updated_at>2024-06-07 18:52:43 (v1.0.5-xml.1)</updated_at>
<check_updates>https://quranenc.com/check/assamese_rafeeq/v1.0.5-xml.1</check_updates>
</meta>
<sura_list>
<sura number="1">
<aya number="1">
<translation><![CDATA[(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যিজন পৰম কৰুণাময়, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[বিচাৰ দিৱসৰ মালিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আমাক সৰল পথৰ হিদায়ত দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="2">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম। [1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। কোৰআনৰ কেইবাটাও ছুৰা এনেকুৱা আখৰেৰে আৰম্ভ হৈছে। দৰাচলতে এইবোৰ হৈছে কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হ’লে এইবোৰৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইবোৰ নিৰৰ্থকভাৱে ব্যৱহাৰ হোৱা নাই। কাৰণ কোৰআনত প্ৰজ্ঞাহীন একোৱেই নাই। এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ অন্যতম এটা প্ৰজ্ঞা হৈছে এই যে, এইবোৰ আখৰৰ দ্বাৰা মুশ্বৰিকসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে, যিবোৰ আখৰ সম্পৰ্কে সিহঁত আগৰ পৰাই অৱগত, এইবোৰৰ দ্বাৰাই সিহঁতে কথা কয়, তথাপিও ইয়াৰ অনুৰূপ গ্ৰন্থ ৰচনা কৰিবলৈ সিহঁত অক্ষম। যদিও সিহঁত ভাষাজ্ঞানত অত্যন্ত পাৰ্গত। গতিকে এইটোৱে প্ৰমাণ কৰে যে, এইখন হৈছে আল্লাহৰ পৰা অৱতীৰ্ণ গ্ৰন্থ।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এইখন সেই গ্ৰন্থ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে (এইখন) পথ-নিৰ্দেশক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু আখিৰাতৰ প্ৰতি তেওঁলোক পূৰ্ণ বিশ্বাসী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে, তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা একেই কথা, সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ। লগতে সিহঁতৰ বাবে আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছোঁ’, অথচ সিহঁত মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সিহঁতৰ অন্তৰসমূহত আছে ব্যাধি। এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে, আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমি কেৱল সংশোধনকাৰীহে'।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান পোষণ কৰা, যেনেকৈ লোকসকলে ঈমান পোষণ কৰিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছোঁ’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছোঁ’। আমি কেৱল উপহাসহে কৰোঁ'।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আল্লাহেও সিহঁতৰ সৈতে উপহাসহে কৰে আৰু সিহঁতক সিহঁতৰ অবাধ্যতাৰ মাজত বিভ্ৰান্তৰ দৰে ঘূৰি ফুৰাৰ অৱকাশ দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[ইহঁতেই সেইসকল লোক, যিসকলে হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে। কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই, আৰু সিহঁত হিদায়ত প্ৰাপ্তও নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[সিহঁতৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে। তাৰপিছত যেতিয়া সেই জুয়ে তাৰ চাৰিওফালে আলোকিত কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি ল’লে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে, সিহঁত দেখিবলৈ নোপোৱা হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সিহঁত কলা, বোবা, অন্ধ। সেয়ে সিহঁত আৰু উভতি নাহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[অথবা (সিহঁতৰ উদাহৰণ) ধাৰাসাৰ বৰষুণৰ দৰে, য'ত আছে ঘোৰ অন্ধকাৰ, বজ্ৰধ্বনি আৰু বিদ্যুতৰ চমক। সিহঁতে বজ্ৰধ্বনিৰ সময়ত মৃত্যুৰ ভয়ত আঙুলিৰে কাণত সোপা দিয়ে, আৰু আল্লাহে কাফিৰসকলক চাৰিওফালৰ পৰা আগুৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[এনে লাগে যেন বিজুলীৰ চমকনিয়ে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি নিবহি। যেতিয়াই অলপ সিহঁতৰ বাবে পোহৰ হয় তেতিয়াই সিহঁত আগবাঢ়ি যায় আৰু যেতিয়াই অন্ধকাৰ হয় তেতিয়াই সিহঁত থমকি ৰয়। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰিব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চালস্বৰূপ, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছোঁ তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা, যদিহে তোমালোকে সত্যবাদী হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা, তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়ক যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদীসমূহ প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল-মূল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচবোধ নকৰে। এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, 'আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিচাৰিছে'? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্থ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোক প্ৰাণহীন আছিলা। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, তাৰ পিছত পুনৰ জীৱিত কৰিব আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈকেই ওভতাই নিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি ইয়াক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা[1] সৃষ্টি কৰিবলৈ থিৰ কৰিছোঁ। তেওঁলোকে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব? আৰু আমিতো তোমাৰ হাম্দ সহকাৰে তছবীহ পাঠ কৰোৱেঁই লগতে তোমাৰ পৱিত্ৰতাও ঘোষণা কৰো। তেওঁ ক’লে, নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা।]]></translation>
<footnotes><![CDATA[[1] খলিফা- প্ৰতিনিধি]]></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু তেওঁ আদমক যাৱতীয় নামৰ শিক্ষা দিলে, তাৰ পিছত সেইবোৰ ফিৰিস্তাসকলৰ আগত উপস্থাপন কৰি ক’লে, যদি তোমালোকে সত্যবাদী তেন্তে মোক এইবোৰৰ নাম কোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তেওঁলোকে ক’লে, তুমি পৱিত্ৰ। তুমি আমাক যি শিক্ষা দিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[তেওঁ ক’লে, ‘হে আদম, এইবোৰৰ নাম তুমি সিহঁতক জনাই দিয়া’। তাৰ পিছত যেতিয়া তেওঁ (আদমে) এইবোৰৰ নাম জনাই দিলে, তেতিয়া তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব (অদৃশ্য) সম্পৰ্কে জানো? মই সেইবোৰো জানো যিবোৰ তোমালোকে প্ৰকাশ কৰা আৰু যিবোৰ তোমালোকে গোপন কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ, তোমালোকে আদমক ছাজদা কৰা। তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু আমি ক’লোঁ, হে আদম, তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, অন্যথা তোমালোক যালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[অৱশেষত চয়তানে তাৰ পৰা তেওঁলোকক পদস্খলিত কৰিলে আৰু তেওঁলোক য’ত আছিল তাৰ পৰা তেওঁলোকক বহিস্কৃত কৰালে, আৰু আমি ক’লোঁ, ‘তোমালোকে নামি যোৱা; তোমালোকে ইজনে সিজনৰ শত্ৰু; আৰু তোমালোকৰ বাবে পৃথিৱীত আছে নিৰ্দিষ্টি সময়লৈকে আবাস আৰু ভোগ-উপভোগৰ উপকৰণ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তাৰ পিছত আদমে তেওঁৰ প্ৰতিপালকৰ পৰা কিছুমান বাক্য শিকি ল’লে; ফলত আল্লাহে তেওঁৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ তাওবা কবুলকাৰী অতি দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আমি ক’লোঁ, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জুইৰ অধিবাসী। তাত সিহঁতে চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[হে ঈছৰাঈলৰ বংশধৰসকল! তোমালোকে মোৰ সেই অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলোঁ আৰু তোমালোকে মোৰ অঙ্গীকাৰ পূৰণ কৰা, ময়ো তোমালোকৰ অঙ্গীকাৰ পূৰণ কৰিম, আৰু তোমালোকে কেৱল মোকেই ভয় কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু মই যি অৱতীৰ্ণ কৰিছোঁ তোমালোকে তাৰ প্ৰতি ঈমান পোষণ কৰা। এইখন হৈছে তোমালোকৰ ওচৰত থকা গ্ৰন্থৰ সত্যতা প্ৰমাণকাৰী। গতিকে তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহক সামান্য মূল্যত বিক্ৰী নকৰিবা। লগতে তোমালোকে কেৱল মোকেই ভয় কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা আৰু জানি-শুনি সত্য গোপন নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ সৈতে ৰুকু কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[তোমালোকে মানুহক সৎকৰ্মৰ আদেশ দিয়া আৰু নিজকে পাহৰি যোৱা নেকি? অথচ তোমালোকে কিতাব অধ্যয়ন কৰা। তোমালোকে নুবুজা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু তোমালোকে ধৈৰ্য্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় বিনয়ীসকলৰ বাহিৰে আনৰ বাবে ই বৰ কঠিন কাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[(আৰু এই কাম সেইসকল লোকৰ বাবে সহজ) যিসকলে বিশ্বাস কৰে যে, নিশ্চয় সিহঁতে সিহঁতৰ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু নিশ্চয় সিহঁত তেওঁৰ ফালেই উভতি যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[হে ইছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা, যিবোৰ মই তোমালোকক প্ৰদান কৰিছিলোঁ, আৰু নিশ্চয় মই তোমালোকক সমগ্ৰ জাতিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব, আৰু কাৰো বাবেই মধ্যস্ততা গৃহীত নহ’ব লগতে কাৰো পৰাই কোনো বিনিময় লোৱা নহ’ব, আৰু সিহঁতে সহায় প্ৰাপ্তও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলোঁ। সিহঁতে তোমালোকক নিৰ্মম শাস্তি বিহিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যাসন্তানক জীয়াই ৰাখিছিল, আৰু ইয়াৰ মাজত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এক মহাপৰীক্ষা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ বাবে সাগৰক দুভাগ কৰিছিলোঁ আৰু তোমালোকক উদ্ধাৰ কৰিছিলোঁ আৰু তোমালোকৰ চকুৰ সন্মুখতে ফিৰআউনৰ বংশক ডুবাই মাৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ সৈতে চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি লৈছিলোঁ, তেওঁ (গুচি যোৱা)ৰ পিছত তোমালোকে দামুৰি এটাক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু তোমালোক যালিম হৈ গৈছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[ইয়াৰ পিছতো আমি তোমালোকক ক্ষমা কৰিছিলোঁ যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাক কিতাব আৰু ফুৰকান দান কৰিছিলোঁ যাতে তোমালোকে হিদায়ত লাভ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মূছাই নিজ সম্প্ৰদায়ক কৈছিল, হে মোৰ জাতি! তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা। এতেকে তোমালোকে নিজৰ প্ৰাণ নিজেই বিসৰ্জন দি সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰা। এইটোৱেই হৈছে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ। তাৰ পিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল। নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাক বিশ্বাস নকৰোঁ, ফলত তোমালোকে চাই থাকোঁতেই হঠাৎ তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তাৰ পিছত আমি তোমালোকৰ মৃত্যুৰ পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলোঁ যাতে তোমালোকে কৃতজ্ঞ হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু আমি তোমালোকৰ ওপৰত মেঘৰ ছাঁ বিস্তাৰ কৰিছিলোঁ আৰু তোমালোকৰ বাবে অৱতীৰ্ণ কৰিছিলোঁ ‘মান্না’ আৰু ‘ছালৱা’। (কৈছিলোঁ) ‘আমি তোমালোকক দান কৰা পৱিত্ৰ (উত্তম) জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা’। দৰাচলতে সিহঁতে আমাৰ একো অন্যায় কৰিব পৰা নাছিল বৰং সিহঁতে নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি কৈছিলোঁ, ‘তোমালোকে এই গাওঁখনত প্ৰৱেশ কৰি তাৰ পৰা যি ইচ্ছা আনন্দচিত্তে আহাৰ কৰা আৰু দুৱাৰত প্ৰৱেশ কৰোঁতে শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু ক’বা ‘হিত্তাতুন’ (ক্ষমা বিচাৰোঁ)। ফলত আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম আৰু সৎকৰ্মশীলসকলক আৰু অধিক (অনুগ্ৰহ) দান কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[কিন্তু যালিমসকলে সেই কথাষাৰক পৰিবৰ্তন কৰিলে যি কথাষাৰ ক’বলৈ সিহঁতক কোৱা হৈছিল, ফলত আমি যালিমসকলৰ প্ৰতি সিহঁতৰ অবাধ্যতাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ জাতিৰ বাবে পানী বিচাৰিলে, আমি ক’লোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’, ফলত বাৰটা নিজৰা প্ৰবাহিত হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱাৰ ঠাই জানি ল’লে। (মই ক’লোঁ) ‘তোমালোকে আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা আৰু সেৱন কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু যেতিয়া তোমালোকে কৈছিলা, ‘হে মূছা! আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম। এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা... তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উত্পাদন কৰে’। মূছাই ক’লে, ‘তোমালোকে উত্তম বস্তুৰ পৰিবৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি? তেন্তে কোনো চহৰলৈ গুচি যোৱা, তাত তোমালোকে নিশ্চয় তোমালোকৰ বিচৰা বস্তুবোৰ পাবা’; আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দাৰিদ্ৰতা আপতিত হ’ল, লগতে সিহঁত আল্লাহৰ গযবৰ চিকাৰ হ’ল। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালঙ্ঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু এইদৰে ইয়াহুদি, নাছাৰা আৰু ছাবেয়ীসকলৰ যিয়েই আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা অংগীকাৰ লৈছিলোঁ আৰু তোমালোকৰ ওপৰত ‘তুৰ’ পৰ্বত উত্তোলন কৰিছিলোঁ (আৰু কৈছিলোঁ) ‘আমি যি (গ্ৰন্থ) দিলোঁ সেইখন দৃঢ়তাৰে সৈতে গ্ৰহণ কৰা আৰু তাত যি (বিধি-বিধান আৰু উপদেশ) আছে সেয়া স্মৰণ ৰাখিবা, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[ইয়াৰ পিছতো তোমালোক বিমুখ হৈছিলা! এতেকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু অনুকম্পা নাথাকিলে তোমালোক নিশ্চয় ক্ষতিগ্ৰস্ত হ'লাহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু তোমালোকৰ মাজৰ যিসকলে শনিবাৰ (বিশ্ৰামৰ দিন) সম্পৰ্কে সীমালংঘন কৰিছিল সিহঁতক তোমালোকে নিশ্চিতভাৱে ভালকৈয়ে জানা। ফলত আমি সিহঁতক কৈছিলোঁ, ‘তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হৈ যোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[এতেকে আমি এই ঘটনাক সিহঁতৰ সমসাময়িক আৰু পৰবৰ্তীসকলৰ বাবে এটা শিক্ষামূলক দৃষ্টান্ত বনাইছোঁ, আৰু মুত্তাক্বীসকলৰ বাবে বনাইছোঁ উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ জাতিক কৈছিল, ‘আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে’, সিহঁতে ক’লে, ‘তুমি আমাৰ লগত ধেমালি কৰিছা নেকি’? মুছাই ক’লে, ‘মই অজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে জনাই দিয়ে যে, সেই গাইজনী কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হ’ব লাগে যিজনী বৃদ্ধাও নহয় কমবয়সীয়াও নহয়, বৰং মধ্যবয়সী। এতেকে তোমালোকক যি আদেশ কৰা হৈছে সেইটো পালন কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে, তাইৰ ৰং কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘তেওঁ কৈছে, গাইজনী হালধীয়া ৰঙৰ হ’ব লাগে, অতি উজ্জল ৰং বিশিষ্ট, দেখিলেই যেন দৰ্শকসকলে উৎফুল্লিত হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে, সেইজনী কেনেকুৱা হ’ব লাগে? নিশ্চয় গাইজনী আমাৰ বাবে সন্দেহপূৰ্ণ হৈছে; আৰু আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি হিদায়তপ্ৰাপ্ত হ’ম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[মুছাই ক’লে, ‘তেওঁ কৈছে, সেইজনী এনেকুৱা গাই, যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই, সুস্থ আৰু নিখুঁত’। সিহঁতে ক’লে, ‘এতিয়া তুমি সত্য লৈ আহিছা’। অৱশেষত সিহঁতে গাইজনীক জবেহ কৰিলে, যদিও সিহঁতে সেয়া কৰিবলৈ প্ৰস্তুত নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে এজন ব্যক্তিক হত্যা কৰিছিলা তাৰ পিছত এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰিছিলা, আৰু তোমালোকে যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তাৰ পিছত আমি ক’লোঁ, ‘ইয়াৰ কোনো এটা অংশৰে (অৰ্থাৎ গাইজনীৰ মাংসৰে) তাক আঘাত কৰা’। এইদৰেই আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ পৰিছিল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান শিল এনেকুৱাও আছে যিটোৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱাও আছে যিটো বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আৰু কিছুমান আছে আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে আৰু সিহঁতে সেই বাণী অনুধাৱন কৰাৰ পিছতো জানি বুজি বিকৃত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া কয়, 'আমি ঈমান আনিছোঁ'। আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয়, 'তোমালোকে সিহঁতৰ লগত সেই কথাবোৰ কিয় আলোচনা কৰা যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে; সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব সেইটো তোমালোকে বুজি নোপোৱা নেকি'?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[সিহঁতে নাজানে নেকি যে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেয়া আল্লাহে জানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহো আছে যিসকলে মিছা আশাৰ বাহিৰে কিতাব (ঐশীগ্ৰন্থ) সম্পৰ্কে একোৱেই নাজানে, সিহঁতে কেৱল অমূলক ধাৰণাহে পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[এতেকে দুৰ্ভোগ সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাপ ৰচনা কৰে আৰু তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা (অৱতীৰ্ণ)’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ কাৰণে সিহঁতৰ বাবে আছে ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ কাৰণেও সিহঁতৰ বাবে আছে ধ্বংস।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু সিহঁতে কয়, 'সামান্য কিছু দিনৰ বাহিৰে জুয়ে (জাহান্নামে) আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব'। কোৱা, ‘তোমালোকে আল্লাহৰ পৰা এনে কোনো অঙ্গীকাৰ লৈছা নেকি, যি অঙ্গীকাৰ আল্লাহে কেতিয়াও ভংগ নকৰিব? নে তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা যিটো তোমালোকে নাজানা?’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[হয়, যিয়ে বেয়া উপাৰ্জন কৰিছে আৰু তাৰ পাপৰাশিয়ে তাক পৰিবেষ্টন কৰি ৰাখিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আনহাতে যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোক তাত চিৰস্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি বনী ইছৰাঈলৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ, আত্মীয়-স্বজন, এতীম আৰু দৰিদ্ৰৰ সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা ক'বা তথা ছালাত প্ৰতিষ্ঠা কৰিবা লগতে যাকাত প্ৰদান কৰিবা, তাৰ পিছতো তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ পৰা আমি প্ৰতিশ্ৰুতি লৈছিলোঁ যে, তোমালোকে পৰস্পৰে ৰক্তপাত নকৰিবা আৰু এজনে আনজনক স্বদেশৰ পৰা বহিষ্কাৰ নকৰিবা। তোমালোকে এই বিষয়টোক মানি লৈছিলা আৰু তোমালোকেই ইয়াৰ সাক্ষী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[এতেকে তোমালোকেই সেইসকল লোক, যিসকলে নিজৰ মাজতেই হত্যাযজ্ঞ চলাইছা আৰু তোমালোকৰে এটা দলক সিহঁতৰ নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছা। অন্যায় আৰু সীমালংঘনৰ দ্বাৰা সিহঁতৰ বিৰুদ্ধে তোমালোকে এজনে আনজনৰ সহযোগিতা কৰিছা আৰু সিহঁত যেতিয়া বন্দীৰূপে তোমালোকৰ ওচৰত উপস্থিত হয় তেতিয়া তোমালোকে মুক্তিপণ আদায় কৰি সিহঁতক মুক্ত কৰা; অথচ সিহঁতক বহিষ্কাৰ কৰাটোৱে তোমালোকৰ ওপৰত হাৰাম আছিল। তেন্তে তোমালোকে কিতাবৰ কিছু অংশক বিশ্বাস কৰা আৰু কিছু অংশক অস্বীকাৰ কৰা নেকি? তেনেহ’লে (জানি থোৱা) তোমালোকৰ মাজৰ যিসকলে এনে কৰে পৃথিৱীৰ জীৱনত সিহঁতৰ বাবে একমাত্ৰ প্ৰতিফল হৈছে লাঞ্ছনা আৰু অপমান তথা কিয়ামতৰ দিনা সিহঁতক ওভতাই নিয়া হ’ব অতি কঠিন শাস্তিৰ পিনে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[ইহঁতেই আখিৰাতৰ বিনিময়ত পৃথিৱীৰ জীৱনক কিনি লৈছে; সেয়ে সিহঁতৰ শাস্তি অকণো কমোৱা নহ’ব আৰু সিহঁতক সহায়ও কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু আমি মাৰয়ামৰ পুত্ৰ ঈছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ আৰু ‘ৰূহুল কুদুছ’ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ। এইটো সঁচা নহয় জানো যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাছুলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীত কোনো বস্তু লৈ আহিছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা? তাৰ পিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছিলা আৰু এটা দলক হত্যা কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[আৰু সিহঁতে কৈছিল, ‘আমাৰ অন্তৰসমূহ হৈছে আচ্ছাদিত’, বৰং সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক অভিশাপ কৰিছে। এতেকে সিহঁতৰ কম সংখ্যকেই ঈমান পোষণ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[ইপিনে যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ তৰফৰ পৰা এনে এখন কিতাব আহিল যিখনে সিহঁতৰ লগত থকা গ্ৰন্থক সমৰ্থন কৰে, অথচ ইয়াৰ পূৰ্বে সিহঁতে ইয়াৰ সহায় বিচাৰি কাফিৰসকলৰ বিৰুদ্ধে বিজয় প্ৰাৰ্থনা কৰিছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেয়া আহি পালে যাক সিহঁতে ভালদৰে চিনি পায়, (তথাপিও) অস্বীকাৰ কৰিলে। সেয়ে কাফিৰসকলৰ ওপৰত আল্লাহৰ লা’নত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[যিটোৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰিছে সেয়া কিমান যে নিকৃষ্ট! সেয়া হৈছে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাৰ লগত কুফৰী কৰিছে, এই জিদৰ বশৱৰ্তী হৈ যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ কৰে। সেয়ে সিহঁতে ক্ৰোধৰ ওপৰত ক্ৰোধ অৰ্জন কৰিছে আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা’, তেতিয়া সিহঁতে কয়, ‘আমাৰ প্ৰতি যি নাযিল হৈছে আমি কেৱল তাৰ প্ৰতিহে ঈমান পোষণ কৰোঁ’। অথচ সিহঁতে ইয়াৰ বাহিৰে যি আছে সেই সকলো অস্বীকাৰ কৰে, যদিও সেয়া সত্য আৰু সিহঁতৰ ওচৰত যি আছে তাৰ সমৰ্থনকাৰী। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকে অতীতত কিয় আল্লাহৰ নবীসকলক হত্যা কৰিছিলা?’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[আৰু নিশ্চয় মুছাই তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণসহ আহিছিল, তাৰ পিছতো তোমালোকে তেওঁৰ অনুপস্থিতিত দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা। বাস্তবিকতেই তোমালোক হৈছা যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলোঁ, (আৰু কৈছিলোঁ) ‘আমি যি প্ৰদান কৰিলোঁ সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু (মনোযোগ সহকাৰে) শুনা’। সিহঁতে কৈছিল, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ’, আৰু কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিপ্ৰীতি সোমোৱাই দিয়া হৈছিল। কোৱা, ‘যদি তোমালোক মুমিন তেন্তে তোমালোকৰ ঈমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[কোৱা, ‘যদি অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত যদি আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোকে সত্যবাদী হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[কিন্তু সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কেতিয়াও এয়া কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক জ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[আৰু তুমি নিশ্চয় সিহঁতক জীৱনৰ প্ৰতি আন আন লোকতকৈ বেছি লোভী দেখিবলৈ পাবা, আনকি মুশ্বৰিকসকলতকৈও বেছি। সিহঁতৰ প্ৰত্যেকেই আশা কৰে যদি হাজাৰ বছৰ আয়ু দিয়া হ’লহেঁতেন; অথচ দীৰ্ঘায়ুয়ে তাক শাস্তিৰ পৰা নিষ্কৃতি দিব নোৱাৰিব। সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এইকাৰণে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিখন পূৰ্বৱৰ্তী গ্ৰন্থৰো সমৰ্থনকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[আল্লাহ, তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ ৰাছুলসকল, জিব্ৰীল আৰু মীকাইলৰ সৈতে যিয়ে শত্ৰুতা পোষণ কৰিব, তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[আৰু নিশ্চয় আমি তোমাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, ফাছিকসকলৰ বাহিৰে আন কোনোৱেই ইয়াক অস্বীকাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[এয়া সঁচা নহয় জানো, যেতিয়াই সিহঁতে কোনো অংগীকাৰ কৰিছে তেতিয়াই সিহঁতৰ কোনো এটা দলে ইয়াক দলিয়াই দিছে? বৰং সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাক সমৰ্থনকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[আৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিল। সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে, ‘আমি কেৱল এটা পৰীক্ষাহে’; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদ্বয়ৰ পৰা এনেকুৱা যাদু শিকি লৈছিল যিটোৰ দ্বাৰা সিহঁতে স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল, কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থাৎ যিয়ে যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[আৰু যদি সিহঁতে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন, তেন্তে আল্লাহৰ তৰফৰ পৰা পাবলগীয়া ছোৱাব নিশ্চিতভাৱে (সিহঁতৰ বাবে) অধিক কল্যাণকৰ হ’লহেঁতেন, এই কথা যদি সিহঁত জানিলেহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে ‘ৰা-য়িনা’ বুলি নক'বা, বৰং ‘উনযুৰনা’ বুলি কোৱা আৰু শুনা; আৰু কাফিৰসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[কিতাবীসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহান অনুগ্ৰহদাতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[আমি কোনো আয়াত ৰহিত কৰিলে বা পাহৰাই দিলে তাতোকৈ উত্তম অথবা তাৰ সমপৰ্যায়ৰ কোনো আয়াত আনি দিওঁ। তুমি নাজানানে যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[তুমি নাজানানে যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই? (জানি থোৱা) আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মূছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰীলৈ পৰিবৰ্তন কৰে, নিশ্চিয় সি পোন পথ হেৰুৱায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[কিতাবীসকলৰ বহুতেই বিচাৰে, যদি সিহঁতে তোমালোকক তোমালোকৰ ঈমান পোষণ কৰাৰ পিছত কাফিৰৰূপে ওভতাই নিব পাৰিলেহেঁতেন! সত্য স্পষ্ট হোৱাৰ পিছতো সিহঁতৰ নিজৰ ফালৰ পৰা বিদ্বেষবশতঃ (সিহঁতে এইটো কৰি থাকে)। এতেকে তোমালোকে ক্ষমা কৰা আৰু উপেক্ষা কৰা আল্লাহে তেওঁৰ কোনো নিৰ্দেশনা নিদিয়ালৈকে--- নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা, সেইটো তোমালোকে আল্লাহৰ ওচৰত নিশ্চয় পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’। এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে প্ৰমাণ লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[হয়, যিয়ে আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে আৰু সৎকৰ্মশীল হয় তাৰ প্ৰতিদান তাৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[আৰু ইয়াহূদীসকলে কয়, ‘নাছাৰাসকলৰ কোনো ভিত্তি নাই’ আৰু নাছাৰাসকলে কয়, ‘ইয়াহূদীসকলৰ কোনো ভিত্তি নাই’ অথচ সিহঁতে কিতাব অধ্যায়ন কৰে। এইদৰে যিসকলে একোৱেই নাজানে সিহঁতেও সেই একেই কথাই কয়। এতেকে যি বিষয়ে সিহঁতে মতভেদ কৰিছিল ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত (সেই বিষয়ে) মীমাংসা কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ মছজিদসমূহত তেওঁৰ নাম স্মৰণ কৰিবলৈ বাধা দিয়ে আৰু সেইবোৰৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে? অথচ সিহঁতৰ উচিত আছিল ভীত-সন্ত্ৰস্ত হৈ তাত প্ৰৱেশ কৰা। সিহঁতৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[পূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই হৈছে আল্লাহৰ দিশ। নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[আৰু সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ (ইয়াৰ পৰা) অতি পৱিত্ৰ। বৰং আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই। সকলো তেওঁৰেই একান্ত অনুগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[আৰু যিহঁতে একোৱেই নাজানে সিহঁতে কয়, ‘আল্লাহে আমাৰ লগত কথা নকয় কিয়? অথবা আমাৰ ওচৰত কোনো নিদৰ্শন নাহে কিয়?’ এনেকৈ সিহঁতৰ পূৰ্বৱৰ্তীসকলেও সিহঁতৰ দৰেই কথা কৈছিল। সিহঁতৰ অন্তৰসমূহ একেই ধৰণৰ। নিশ্চয় আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰিছোঁ সেইসকল লোকৰ বাবে, যিসকলে দৃঢ় বিশ্বাস পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সত্য সহকাৰে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু জাহান্নামীসকলৰ বিষয়ে তোমাক কোনো সোধ-পোচ কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[ইয়াহূদী আৰু নাছাৰাসকলে কেতিয়াও তোমাৰ প্ৰতি সন্তুষ্ট নহ’ব, যেতিয়ালৈকে তুমি সিহঁতৰ মিল্লাতৰ অনুসৰণ নকৰিবা। কোৱা, ‘নিশ্চয় আল্লাহৰ হিদায়তেই প্ৰকৃত হিদায়ত’; আৰু তোমাৰ ওচৰত যি জ্ঞান আহিছে তাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ তৰফৰ পৰা তোমাৰ কোনো অভিভাৱক আৰু কোনো সহায়কাৰীও নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[যিসকলক আমি কিতাব প্ৰদান কৰিছোঁ, সিহঁতৰ মাজত যিসকলে যথাযথভাৱে সেয়া তিলাৱত কৰে, তেওঁলোকেই ইয়াৰ প্ৰতি ঈমান পোষণ কৰে; আনহাতে যিসকলে ইয়াক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[হে ঈছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলোঁ, আৰু নিশ্চয় মই (সেই সময়ত) তোমালোকক সমগ্ৰ বিশ্বত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[আৰু তোমালোকে সেই দিৱসক ভয় কৰা, যিদিনা কোনেৱেই কাৰো উপকাৰত নাহিব আৰু কোনো ব্যক্তিৰ পৰা বিনিময় গ্ৰহণ কৰা নহ’ব আৰু কোনো মধ্যস্ততাও তাৰ কোনো কামত নাহিব আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমক তেওঁৰ প্ৰতিপালকে কেইটামান বাণীৰ দ্বাৰা পৰীক্ষা কৰিছিল, আৰু তেওঁ সেইবোৰ পূৰণ কৰিছিল। আল্লাহে ক’লে, ‘নিশ্চয় মই তোমাক মানৱ জাতিৰ ইমাম বনাম’। তেওঁ ক’লে, ‘আৰু মোৰ বংশধৰসকলৰ পৰাও? আল্লাহে ক’লে, ‘মোৰ এই প্ৰতিশ্ৰুতি যালিমসকলক অন্তৰ্ভুক্ত নকৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ তথা নিৰাপত্তাস্থল বনালোঁ; আৰু (আদেশ দিলোঁ যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলোঁ যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ প্ৰতিপালক! ইয়াক তুমি নিৰাপদ চহৰ বনাই দিয়া আৰু ইয়াৰ অধিবাসীসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকক ফল-মূলৰ জীৱিকা প্ৰদান কৰা’। তেওঁ (আল্লাহে) ক’লে, ‘যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিম, তাৰ পিছত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম আৰু সেইটো যে কিমান নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈলে কা’বাঘৰৰ আধাৰশিলা স্থাপন কৰিছিল, (আৰু কৈছিল) ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি অধিক তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[ইব্ৰাহীমৰ মিল্লাতৰ পৰা কেৱল সেই ব্যক্তিয়েই বিমুখ হ’ব পাৰে যিয়ে নিজকে নিৰ্বোধ বনাই লৈছে। নিশ্চয় আমি তেওঁক পৃথিৱীত মনোনীত কৰিছোঁ আৰু আখিৰাততো তেওঁ সৎকৰ্মশীলসকলৰ অন্যতম হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিল, ‘তুমি আত্মসমৰ্পণ কৰা’। তেওঁ কৈছিল, ‘মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[আৰু ইব্ৰাহীম আৰু ইয়াকূবে তেওঁলোকৰ পুত্ৰসকলক ইয়াৰেই নিৰ্দেশ দি কৈছিল, ‘হে মোৰ পুত্ৰসকল! নিশ্চয় আল্লাহে তোমালোকৰ বাবে এই দ্বীনক মনোনীত কৰিছে। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) নোহোৱালৈকে মৃত্যু বৰণ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[ইয়াকূবৰ মৃত্যুৰ সময়ত তোমালোকে তাত উপস্থিত আছিলা নেকি? তেওঁ যেতিয়া নিজ সন্তানসকলক কৈছিল, ‘মোৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা? সিহঁতে কৈছিল, ‘আমি আপোনাৰ ইলাহ আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ ইলাহ- সেই এজন ইলাহৰেই ইবাদত কৰিম; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="136">
<translation><![CDATA[তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="137">
<translation><![CDATA[এতেকে তোমালোকে যেনেকৈ ঈমান আনিছা সিহঁতেও যদি তেনেকৈ ঈমান আনে, তেন্তে নিশ্চয় সিহঁত হিদায়ত প্ৰাপ্ত হ’ব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁত আছে কেৱল বিৰোধিতাত লিপ্ত, এতেকে সিহঁতৰ বিপক্ষে তোমাৰ বাবে আল্লাহেই যথেষ্ট; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="138">
<translation><![CDATA[আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আৰু আমি তেওঁৰেই ইবাদতকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="139">
<translation><![CDATA[কোৱা, ‘আল্লাহ সম্পৰ্কে তোমালোকে আমাৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি? অথচ তেওঁ আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক! আমাৰ বাবে আমাৰ আমল, আৰু তোমালোকৰ বাবে তোমালোকৰ আমল; আৰু আমি তেওঁৰেই প্ৰতি একনিষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="140">
<translation><![CDATA[তোমালোকে এইটো ক’ব বিচৰা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকল ইয়াহূদী বা নাছাৰা আছিল? কোৱা, ‘তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে’? সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ তৰফৰ পৰা লাভ কৰা সাক্ষ্য গোপন কৰে? আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="141">
<translation><![CDATA[তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="142">
<translation><![CDATA[মানুহৰ মাজৰ নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা সিহঁতক কিহে বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে সৰল পথৰ হিদায়ত প্ৰদান কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="143">
<translation><![CDATA[আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছোঁ, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা, আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হয়; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলোঁ, যাতে প্ৰকাশ কৰি দিব পাৰোঁ যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="144">
<translation><![CDATA[আকাশৰ ফালে তোমাৰ বাৰে বাৰে চাই থকাটো নিশ্চয় আমি লক্ষ্য কৰিছোঁ। এতেকে আমি তোমাক এনে কিবলাৰ ফালে নিশ্চয় ওভতাই দিম যিটোক তুমি পছন্দ কৰা। এতেকে তুমি মছজিদে হাৰামৰ ফালে মুখ কৰা; আৰু তোমালোকে য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ চেহাৰা ঘূৰাই লোৱা; আৰু নিশ্চয় যিসকলক কিতাব দিয়া হৈছে সিহঁতে নিশ্চিতভাৱে জানে যে, এইটো সিহঁতৰ প্ৰতিপালকৰ পৰা সত্য; আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযাগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="145">
<translation><![CDATA[আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে, তুমি যদি সিহঁতৰ ওচৰত সকলো দলিল-প্ৰমাণ দাঙি ধৰা, তথাপিও সিহঁতে তোমাৰ কিবলাৰ অনুসৰণ নকৰিব; আৰু তুমিও সিহঁতৰ কিবলাৰ অনুসাৰী নহয়; আৰু সিহঁতেও পৰস্পৰৰ কিবলাৰ অনুসাৰী নহয়। তোমাৰ ওচৰত সত্যৰ জ্ঞান অহাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা, তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="146">
<translation><![CDATA[আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ, সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায়; আৰু নিশ্চয় সিহঁতৰ এটা দলে জানি বুজি সত্য গোপন কৰি থাকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="147">
<translation><![CDATA[সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="148">
<translation><![CDATA[আৰু প্ৰত্যেকৰে একোটাকৈ (নিৰ্দিষ্ট) দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="149">
<translation><![CDATA[আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, তুমি মছজিদুল হাৰামৰ ফালে মুখ কৰিবা; নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা পঠোৱা সত্য; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="150">
<translation><![CDATA[আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, মছজিদুল হাৰামৰ ফালে তোমাৰ মুখ ঘূৰাই লোৱা, আৰু তোমালোকেও য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকে মুখ কৰিবা, যাতে তোমালোকৰ বিপক্ষে মানুহৰ বাবে বিতৰ্ক কৰাৰ কোনো অৱকাশ নাথাকে; কিন্তু সিহঁতৰ মাজত থকা যালিমসকলৰ বাহিৰে। গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰাঁ; এই কাৰণে যে, যাতে আমি তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰোঁ আৰু যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="151">
<translation><![CDATA[যেনেকৈ আমি তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰতেই এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যিজনে তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে, আৰু তোমালোকক পৰিশুদ্ধ কৰে তথা তোমালোকক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, এনে শিক্ষা দিয়ে যিটো তোমালোকে জনা নাছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="152">
<translation><![CDATA[এতেকে, তোমালোকে মোকেই স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম; আৰু তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু অকৃতজ্ঞ নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="153">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে ধৈৰ্য্য আৰু ছালাতৰ মাধ্যমত সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="154">
<translation><![CDATA[আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, তেওঁলোকক মৃত বুলি নামাতিবা, বৰং তেওঁলোক হৈছে জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="155">
<translation><![CDATA[আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়-ক্ষতিৰ দ্বাৰা; আৰু তুমি ধৈৰ্য্যশীলসকলক সুসংবাদ দিয়া--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="156">
<translation><![CDATA[যিসকলে বিপদত আক্ৰান্ত হ’লে কয়, ‘আমিতো আল্লাহৰেই, আৰু নিশ্চয় আমি তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="157">
<translation><![CDATA[এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ পৰা বিশেষ অনুগ্ৰহ আৰু ৰহমত বৰ্ষিত হয়, আৰু এওঁলোকেই সৎপথত পৰিচালিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="158">
<translation><![CDATA[নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছায়ী (প্ৰদক্ষিণ) কৰিলে তাৰ কোনো পাপ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="159">
<translation><![CDATA[নিশ্চয় আমি যিবোৰ সু-স্পষ্ট নিদৰ্শন আৰু হিদায়ত অৱতীৰ্ণ কৰিছোঁ, মানুহৰ বাবে কিতাবত সেইবোৰ স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছতো যিসকলে সেইবোৰ গোপন কৰে, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="160">
<translation><![CDATA[কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ তাওবা আমি কবুল কৰোঁ; আৰু মই অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="161">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="162">
<translation><![CDATA[তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="163">
<translation><![CDATA[আৰু তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="164">
<translation><![CDATA[নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰ মাজত, ৰাতি আৰু দিনৰ পৰিবৰ্তনৰ মাজত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলাচল কৰা জাহাজত আৰু আকাশৰ পৰা আল্লাহে পানী বৰ্ষণ কৰি মৃত ভূমিক পুনৰ্জীৱিত কৰাৰ মাজত, লগতে আল্লাহে প্ৰসাৰিত কৰা সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণীৰ মাজত আৰু বতাহৰ দিশ পৰিবৰ্তনত তথা আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাৰ মাজত বিবেকৱান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="165">
<translation><![CDATA[আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক সেইদৰে ভাল পায়, যিদৰে আল্লাহক ভাল পাব লাগে; আনহাতে যিসকলে ঈমান আনিছে, তেওঁলোকে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="166">
<translation><![CDATA[যেতিয়া, নেতাসকলে (যিসকলক অনুসৰণ কৰা হৈছিল) সিহঁতৰ অনুসাৰীসকলৰ পৰা নিজকে মুক্ত কৰি লব আৰু সিহঁতে শাস্তি দেখিবলৈ পাব (তেতিয়া) সিহঁতৰ যাৱতীয় পাৰস্পৰিক সম্পৰ্ক বিচ্ছিন্ন হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="167">
<translation><![CDATA[আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="168">
<translation><![CDATA[হে মানৱ সম্প্ৰদায়! পৃথিৱীত থকা হালাল আৰু পৱিত্ৰ বস্তুবোৰ তোমালোকে ভক্ষণ কৰা; আৰু তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="169">
<translation><![CDATA[নিশ্চয় সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ কথা কোৱাৰ (আদেশ দিয়ে) যিটো তোমালোকে নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="170">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছোঁ’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে তাৰেই অনুসৰণ কৰিবনে?)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="171">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে এনে কাৰোবাক মাতিছে যিয়ে চিঞৰ বাখৰৰ বাহিৰে একো নুশুনে। সিহঁত কলা, বোবা, অন্ধ; সেয়ে সিহঁতে নুবুজে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="172">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকক আমি যিবোৰ জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা, আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="173">
<translation><![CDATA[নিশ্চয় তেওঁ তোমালোকৰ ওপৰত হাৰাম কৰিছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো গায়ৰুল্লাহৰ নামত (জবেহ কৰাৰ সময়ত আল্লাহৰ নাম নলৈ আনৰ নামত) জবেহ কৰা হৈছে। কিন্তু যিয়ে নিৰূপায় হৈ (অলপ ভক্ষণ কৰে) অবাধ্য বা সীমালংঘন নকৰে তেন্তে তাৰ কোনো পাপ নহ’ব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="174">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থৰ পৰা কিছু কথা গোপন কৰে আৰু ইয়াৰ বিনিময়ত সামান্য মূল্য গ্ৰহণ কৰে, সিহঁতে নিজৰ পেটত জুইৰ বাহিৰে আন একো নভৰায়। ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব আৰু সিহঁতক পৱিত্ৰও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="175">
<translation><![CDATA[সিহঁতেই হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা আৰু মাগফিৰাতৰ পৰিবৰ্তে শাস্তি কিনি লৈছে; এতেকে জুই সহ্য কৰিবলৈ সিহঁত কিমান যে ধৈৰ্য্যশীল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="176">
<translation><![CDATA[এয়া এইবাবেই যে, আল্লাহে সত্যসহ কিতাব অৱতীৰ্ণ কৰিছে আৰু যিসকলে কিতাব সম্বন্ধে মতভেদ সৃষ্টি কৰিছে, সিহঁত নিশ্চয় সুদূৰ মতানৈক্যত লিপ্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="177">
<translation><![CDATA[পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎকৰ্ম নহয়, বৰং সৎকৰ্ম হৈছে, যিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান পোষণ কৰে আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে, যাকাত প্ৰদান কৰে, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰণ কৰে, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য্য ধাৰণ কৰে। এওঁলোকেই হৈছে সত্যবাদী আৰু এওঁলোকেই হৈছে মুত্তাক্বী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="178">
<translation><![CDATA[হে ঈমান্দাৰসকল! হত্যাৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিচাচৰ (প্ৰতিশোধ গ্ৰহণৰ) বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ পৰিৱৰ্তে স্বাধীন ব্যক্তি, ক্ৰীতদাসৰ পৰিৱৰ্তে ক্ৰীতদাস, নাৰীৰ পৰিৱৰ্তে নাৰী। কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰি সততাৰ সৈতে তাৰ ৰক্তপণ আদায় কৰা কৰ্তব্য। এইটো হৈছে তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰিব তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="179">
<translation><![CDATA[আৰু হে বুদ্ধি-বিবেকসম্পন্ন লোকসকল! কিচাচৰ মাজত তোমালোকৰ বাবে আছে জীৱন, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="180">
<translation><![CDATA[তোমালোকৰ মাজত যাৰ মৃত্যুৰ সময় উপস্থিত হ’ব, সি যদি ধন-সম্পদ ৰাখি যায়, তেন্তে প্ৰচলিত ন্যায়নীতি অনুযায়ী তাৰ পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ বাবে অছিয়ত কৰাৰ বিধান তোমালোকক দিয়া হ’ল। এইটো মুত্তাক্বীসকলৰ এটা কৰ্তব্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="181">
<translation><![CDATA[এতেকে এইটো শুনাৰ পিছতো যিয়ে ইয়াত পৰিবৰ্তন সাধন কৰিব, তেন্তে যিসকলে পৰিবৰ্তন কৰিব অপৰাধ সিহঁতৰে হ’ব। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="182">
<translation><![CDATA[কিন্তু যদি কোনোবাই অছিয়তকাৰীৰ পক্ষপাতিত্ব অথবা গুনাহৰ আশংকা কৰে, তাৰ পিছত সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে তেন্তে তাৰ কোনো অপৰাধ নাই। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="183">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="184">
<translation><![CDATA[(ৰোজা) নিৰ্দিষ্ট কিছুমান দিনৰ বাবে। এতেকে তোমালোকৰ মাজত কোনোবাই অসুস্থ হ’লে অথবা ভ্ৰমণত থাকিলে, আন দিনবোৰত এই সংখ্যা পূৰণ কৰি লব, আৰু যিসকলৰ বাবে ছিয়াম পালন কৰা কষ্টসাধ্য সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিবৰ্তে ফিদিয়া- এজন মিছকিনক খাদ্য দান কৰা। যদি কোনোবাই স্বেচ্ছাই সৎকৰ্ম কৰে তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ; আৰু ছিয়াম পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="185">
<translation><![CDATA[ৰমজান হৈছে সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন হিচাপে আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ কষ্ট নিবিচাৰে, কাৰণ যাতে তোমালোকে সংখ্যা পূৰণ কৰিব পাৰা আৰু তেওঁ যিহেতু তোমালোকক হিদায়ত দিছে সেয়ে তোমালোকে যাতে আল্লাহৰ মহিমা ঘোষণা কৰিব পাৰা আৰু যাতে তোমালোক কৃতজ্ঞ হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="186">
<translation><![CDATA[আৰু মোৰ বান্দাসকলে যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত আছোঁ। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান পোষণ কৰে, যাতে সিহঁত সঠিক পথত পৰিচালিত হ’ব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="187">
<translation><![CDATA[ছিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্ৰী-সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ। আল্লাহে জানে যে, তোমালোকে নিজৰ লগত খিয়ানত কৰিছিলা। এতেকে তেওঁ তোমালোকৰ তাওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হ’ব পাৰিবা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰি ৰাখিছে সেইটো কামনা কৰা; আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ ক'লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম পালন কৰা; আৰু তোমালোকে মছজিদত এ’তিকাফ অৱস্থাত সিহঁতৰ লগত সহবাস নকৰিবা। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা। সেয়ে এইবোৰৰ নিকটৱৰ্তী নহ’বা। এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁত তাক্বৱাৰ অধিকাৰী হ’ব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="188">
<translation><![CDATA[আৰু তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন-সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ কৰিবলৈ বিচাৰকসকলক উৎকোচ প্ৰদান নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="189">
<translation><![CDATA[সিহঁতে তোমাক নতুন জোন সম্পৰ্কে প্ৰশ্ন কৰে (কিয় এইটো সৰু হয় আৰু ডাঙৰ হয়)। কোৱা, 'এইটো হৈছে মানুহৰ (বিভিন্ন কামকাজৰ) আৰু হজ্জৰ বাবে সময় নিৰ্ধাৰক; আৰু পিছফালেৰে ঘৰত প্ৰৱেশ কৰাটো কোনো পূণ্যৰ কাম নহয়, বৰং পূণ্য হৈছে তাক্বৱা অৱলম্বন কৰা। এতেকে তোমালোকে (সন্মুখৰ) দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা'।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="190">
<translation><![CDATA[আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰীসকলক ভাল নাপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="191">
<translation><![CDATA[আৰু সিহঁতক য’তেই পাবা হত্যা কৰিবা, আৰু যি স্থানৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল তোমালোকেও সেই স্থানৰ পৰা সিহঁতক বহিষ্কাৰ কৰিবা। (জানি থোৱা) ফিতনা (অশান্তি, শ্বিৰ্ক বা ধৰ্মদ্ৰোহিতা) হৈছে হত্যা কৰাতকৈও সাংঘাতিক; আৰু মছজিদুল হাৰামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে তোমালোকেও সিহঁতক হত্যা কৰিবা, এইটোৱেই কাফিৰসকলৰ পৰিণাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="192">
<translation><![CDATA[এতেকে যদি সিহঁত বিৰত হয় তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="193">
<translation><![CDATA[আৰু তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিয়েই থাকিবা যেতিয়ালৈকে ফিতনা চুড়ান্তভাৱে দূৰীভূত নহয় আৰু দ্বীন একমাত্ৰ আল্লাহৰ বাবে প্ৰতিষ্ঠিত নহয়। কিন্তু যদি সিহঁতে বিৰত হয় তেন্তে যালিমসকলৰ বাহিৰে আন কাৰো ওপৰত আক্ৰমণ কৰা বৈধ নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="194">
<translation><![CDATA[পৱিত্ৰ মাহৰ পৰিৱৰ্তে পৱিত্ৰ মাহ। যাৰ পৱিত্ৰতা অলংঘনীয় তাৰ অৱমাননা কিচাচৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে তোমালোকক আক্ৰমণ কৰিব তোমালোকেও তাক অনুৰূপ আক্ৰমণ কৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবা; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="195">
<translation><![CDATA[আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা আৰু নিজ হাতেৰে নিজকে ধ্বংসৰ মুখত ঠেলি নিদিবা, আৰু তোমালোকে ইহছান কৰা, নিশ্চয় আল্লাহে ইহছানকাৰীসকলক ভালপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="196">
<translation><![CDATA[আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই সম্পাদন কৰা। এতেকে যদি তোমালোকে (ইহৰাম বন্ধি লোৱাৰ পিছত) বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ’য়ী (কুৰবানী) প্ৰদান কৰা, আৰু হাদ’য়ী (কুৰবানীৰ জন্তু) তাৰ নিৰ্দিষ্ট স্থান নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় (আৰু ইয়াৰ ফলত যদি মূৰ খুৰাবলগীয়া হয়) তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ’য়ী জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই সম্পূৰ্ণ দহ দিন ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল সেই ব্যক্তিৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="197">
<translation><![CDATA[হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত (শ্বাওৱাল, জুলকাদাহ আৰু জুলহিজ্জা মাহত)। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেকসম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="198">
<translation><![CDATA[(হজ্জৰ সময়ত) তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান (ব্যৱসায়-বাণিজ্য) কৰাত তোমালোকৰ কোনো পাপ নহয়। এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতি আহিবা তেতিয়া (মুজদালিফাত) মাশ্বআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা আৰু তেওঁ তোমালোকক যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈয়ে তোমালোকে তেওঁক স্মৰণ কৰিবা। যদিও ইয়াৰ আগত তোমালোকে বিভ্ৰান্তসকলৰ অন্তৰ্ভুক্ত আছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="199">
<translation><![CDATA[তাৰ পিছত (কুৰাইশ্বৰ দৰে আৰাফাতত নগৈ কেৱল মুজদালিফাৰ পৰা উভতি নাহিবা বৰং) অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকেও সেই স্থানৰ পৰা (আৰাফাতৰ পৰা মুজদালিফালৈ) উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="200">
<translation><![CDATA[তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ যাৱতীয় কামসমূহ সমাপ্ত কৰিবা তেতিয়া (মিনাত) আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ (অজ্ঞতা যুগত) তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰিছিলা অথবা তাতকৈও অধিক। মানুহৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। (জানি থোৱা) আখিৰাতত তাৰ বাবে কোনো অংশ নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="201">
<translation><![CDATA[আনহাতে সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="202">
<translation><![CDATA[এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই, আৰু আল্লাহ হিচাপ গ্ৰহণত অত্যন্ত তৎপৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="203">
<translation><![CDATA[আৰু তোমালোকে নিৰ্দিষ্ট দিনসমূহত (জুলহিজ্জা মাহৰ ১১, ১২ আৰু ১৩ তাৰিখ এই তিনিদিন মীনাত অৱস্থান কৰা সময়ত) আল্লাহক স্মৰণ কৰিবা। এতেকে কোনোবাই যদি খৰখেদাকৈ দুদিনতেই গুচি আহে তেন্তে তাৰ কোনো পাপ নহ’ব আৰু যদি কোনোবাই পলমকৈ আহে তাৰো কোনো পাপ নহ’ব। এইটো (নিয়ম) সেই ব্যক্তিৰ বাবে যিয়ে তাক্বৱা অৱলম্বন কৰে, আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা লগতে জানি থোৱা যে, তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="204">
<translation><![CDATA[আৰু মানুহৰ মাজত এনেকুৱা ব্যক্তিও আছে, পাৰ্থিৱ জীৱনত যাৰ কথাবাৰ্তাই তোমাক মুগ্ধ কৰে আৰু তাৰ অন্তৰত যি আছে সেই সম্পৰ্কে সি আল্লাহক সাক্ষী ৰাখে। কিন্তু প্ৰকৃততে সি ভীষণ কলহপ্ৰিয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="205">
<translation><![CDATA[আৰু যেতিয়া সি (তোমাৰ ওচৰৰ পৰা) উভতি যায়, তেতিয়া সি পৃথিৱীত ফাছাদ (অশান্তি) সৃষ্টি কৰে, লগতে শস্যক্ষেত্ৰ আৰু প্ৰাণী ধ্বংস কৰিবলৈ চেষ্টা কৰে; কিন্তু আল্লাহে ফাছাদ ভাল নাপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="206">
<translation><![CDATA[আৰু যেতিয়া তাক কোৱা হয়, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা’, তেতিয়া তাৰ আত্মাভিমানে তাক পাপ কৰিবলৈ উৎসাহ দিয়ে, এতেকে তাৰ বাবে জাহান্নামেই যথেষ্ট। নিশ্চয় ই নিকৃষ্ট বিশ্ৰামস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="207">
<translation><![CDATA[পক্ষান্তৰে মানুহৰ মাজত এনেকুৱা লোকো আছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="208">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="209">
<translation><![CDATA[এতেকে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি অহাৰ পিছতো যদি তোমালোকৰ পদস্খলন ঘটে, তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="210">
<translation><![CDATA[সিহঁতে এই অপেক্ষাত আছে নেকি যে, আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাঁত সিহঁতৰ ওচৰত আহি উপস্থিত হ’ব? আৰু তেতিয়া সকলো বিষয়ৰ মীমাংসা হৈ যাব? আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="211">
<translation><![CDATA[ইছৰাঈলৰ বংশধৰসকলক সুধি চোৱা, আমি সিহঁতক কিমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ! আৰু আল্লাহৰ অনুগ্ৰহ অহাৰ পিছত কোনোবাই তাক পৰিবৰ্তন কৰিলে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="212">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে পৃথিৱীৰ জীৱন সুশোভিত কৰা হৈছে আৰু সিহঁতে মুমিনসকলক উপহাস কৰে; আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকে ক্বিয়ামতৰ দিনা সিহঁতৰ ওপৰত (জান্নাতত) থাকিব; আৰু আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="213">
<translation><![CDATA[(আদিতে) সকলো মানুহ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল। (পিছলৈ তাত মানুহে বিভেদ সৃষ্টি কৰিছে) ফলত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰলৈ অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সিহঁতে সেই বিষয়ত মতভেদ সৃষ্টি কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="214">
<translation><![CDATA[তোমালোকে ভাবিছা নেকি যে, তোমালোকে জান্নাতত প্ৰৱেশ কৰিবা অথচ তোমালোকৰ ওচৰলৈ এতিয়াও তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ-সংকট আৰু দুখ-কষ্টই সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীত-কম্পিত হৈছিল। আনকি ৰাছুল আৰু তেওঁৰ সংগী-সাৰথি ঈমান্দাৰসকলে কৈ উঠিছিল, ‘আল্লাহৰ সহায় কেতিয়া আহিব’? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি নিকটৱৰ্তী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="215">
<translation><![CDATA[তেওঁলোকে তোমাক প্ৰশ্ন কৰে যে, তেওঁলোকে কি ব্যয় কৰিব? কোৱা, যি ধন-সম্পদ তোমালোকে ব্যয় কৰিবা তাৰ অধিক হকদাৰ হৈছে, পিতৃ-মাতৃ, আত্মীয়-স্বজন, ইয়াতীম (পিতৃহীন), মিছকীন (অভাৱগ্ৰস্ত) আৰু (দুৰ্দশাগ্ৰস্ত) মুছাফিৰসকল; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="216">
<translation><![CDATA[তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে যদিও এইটো তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেইটো তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটোক তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="217">
<translation><![CDATA[পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰাটো কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাটো আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা (শ্বিৰ্ক) হৈছে হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) যদি সিহঁত সক্ষম হয় তেন্তে তোমালোকক তোমালোকৰ (সুপ্ৰতিষ্ঠিত) দ্বীনৰ পৰা ওভতাই লৈ নোযোৱা পৰ্যন্ত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব। এতেকে তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে (জানি থোৱা) পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="218">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকেই আল্লাহৰ ৰহমত কামনা কৰে; আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="219">
<translation><![CDATA[সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োটাৰ মাজতে আছে মহাপাপ আৰু মানুহৰ বাবে (কিছু পৰিমাণ) উপকাৰো আছে; আৰু উভয়ৰে পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে (আল্লাহৰ পথত) কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈয়ে আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="220">
<translation><![CDATA[পৃথিৱী আৰু আখিৰাতৰ বিষয়ে। মানুহে তোমাক ইয়াতীমসকলৰ বিষয়ে প্ৰশ্ন কৰে; কোৱা, ‘সিহঁতৰ বাবে সুব্যৱস্থা কৰাটো উত্তম’। তোমালোকে যদি সিহঁতৰ লগত একেলগে থাকা তেন্তে সিহঁত তোমালোকৰে ভাই। আল্লাহে জানে কোন উপকাৰী আৰু কোন অনিষ্টকাৰী। আৰু আল্লাহে ইচ্ছা কৰিলে এই বিষয়ে নিশ্চয় তোমালোকক কষ্টত পেলাব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="221">
<translation><![CDATA[আৰু মুশ্বৰিকা নাৰীয়ে ঈমান পোষণ নকৰালৈকে তোমালোকে তাইক বিবাহ নকৰাবা। যদিও মুশ্বৰিকা নাৰীয়ে তোমালোকক মুগ্ধ নকৰক কিয়, এজনী মুমিনা কৃতদাসী মুশ্বৰিকা নাৰীতকৈ উত্তম। এইদৰে মুশ্বৰিক পুৰুষে ঈমান পোষণ নকৰালৈকে (তাৰ সৈতে কোনো মুছলিম ছোৱালীক) বিবাহ নিদিবা, যদিও মুশ্বৰিক পুৰুষে তোমালোকক মুগ্ধ কৰে, ইয়াৰ পৰিবৰ্তে এজন মুমিন কৃতদাস মুশ্বৰিক ব্যক্তিতকৈ উত্তম। কাৰণ সিহঁতে জাহান্নামৰ পিনে আহ্বান কৰে আৰু আল্লাহে তোমালোকক স্ব-ইচ্ছাই জান্নাতফালে আৰু ক্ষমাৰ পিনে আহ্বান কৰে; আৰু তেওঁ মানুহৰ বাবে তেওঁৰ আয়াতসমূহ সুস্পষ্টভাৱে বৰ্ণনা কৰে, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="222">
<translation><![CDATA[আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা, ‘ই এবিধ অশুচি’। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থাকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটৱৰ্তী নহ’বা। তাৰ পিছত সিহঁতে যেতিয়া উত্তমৰূপে পৰিশুদ্ধ হ’ব তেতিয়া সিহঁতৰ ওচৰলৈ ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে। নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="223">
<translation><![CDATA[তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ বাবে শস্যক্ষেত্ৰ(স্বৰূপ)। এতেকে তোমালোকে তোমালোকৰ শস্যক্ষেত্ৰত যেনেকৈ ইচ্ছা গমন কৰিব পাৰা, আৰু তোমালোকে নিজৰ ভৱিষ্যতৰ বাবে আগলৈ সম্বল প্ৰেৰণ কৰা আৰু আল্লাহক ভয় কৰা লগতে জানি থোৱা! নিশ্চয় তোমালোক আল্লাহৰ সন্মুখীন হ’বা আৰু মুমিনসকলক সুসংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="224">
<translation><![CDATA[তোমালোকে সৎকৰ্ম আৰু তাক্বৱা আৰু মানুহৰ মাজত শান্তি স্থাপনৰ পৰা বিৰত থকাৰ বাবে আল্লাহৰ নামৰ শপতক প্ৰতিবন্ধক হিচাপে ব্যৱহাৰ নকৰিবা; (জানি থোৱা) আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="225">
<translation><![CDATA[তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকক সোধ-পোচ নকৰিব; কিন্তু তেওঁ সেইবোৰ শপতৰ বিষয়ে সোধ-পোচ কৰিব, যিবোৰ তোমালোকৰ অন্তৰে দৃঢ়ভাৱে সংকল্প কৰিছিল, আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="226">
<translation><![CDATA[যিসকলে নিজৰ স্ত্ৰীৰ সৈতে মিলিত নোহোৱাৰ শপত কৰে সিহঁতে চাৰি মাহ অপেক্ষা কৰিব লাগিব। এই সময়ছোৱাত যদি সিহঁতে মত পৰিবৰ্তন কৰে (তথা সহবাসলৈ উভতি আহিব বিচাৰে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="227">
<translation><![CDATA[আনহাতে যদি সিহঁতে তালাক্ব দিয়াৰ সংকল্প কৰে তেন্তে নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="228">
<translation><![CDATA[আৰু তালাক্বপ্ৰাপ্তা স্ত্ৰীসকলে তিনি কুৰূলৈকে [1] অপেক্ষাত থাকিব, আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয়; আৰু যদি সিহঁতে সংশোধন বিচাৰে তেন্তে এই সময়ছোৱাত পুনৰ গ্ৰহণ কৰাৰ বেছি অধিকাৰ হৈছে সিহঁতৰ স্বামীৰ; আৰু নাৰীসকলৰো তেনেকৈয়ে ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে; কিন্তু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা (কিছু পৰিমাণে বেছি) আছে; আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes><![CDATA[[1] অৰ্থাৎ তিনি হায়েজ অথবা তিনি তুহুৰলৈকে।]]></footnotes>
</aya>
<aya number="229">
<translation><![CDATA[তালাক্ব হৈছে দুবাৰ। ইয়াৰ পিছত (স্ত্ৰীক) হ’লে বিধিমতে ৰাখি দিয়া, নহ’লে সদ্ভাৱে এৰি দিয়া; আৰু তোমালোকে তোমালোকৰ স্ত্ৰীসকলক যি প্ৰদান কৰিছা তাৰ পৰা কিবা ওভতাই লোৱাটো তোমালোকৰ বাবে বৈধ নহয়। কিন্তু যদি সিহঁত উভয়ৰে আশংকা হয় যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব (তেন্তে বিষয়টো সুকীয়া)। এতেকে যদি তোমালোকে আশংকা কৰা যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব, এনে অৱস্থাত স্ত্ৰীয়ে যদি কোনো বস্তুৰ বিনিময়ত নিজকে মুক্ত কৰি লয় তেন্তে কোনো অপৰাধ নহ’ব। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা, এতেকে তোমালোকে ইয়াক উলংঘন নকৰিবা; আৰু যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="230">
<translation><![CDATA[এতেকে যদি সি স্ত্ৰীক (অন্তিম) তালাক্ব দিয়ে তেন্তে সেই স্ত্ৰী আৰু তাৰ বাবে হালাল নহ’ব, যেতিয়ালৈকে তাই আন এজন স্বামীৰ লগত মিলিত নহ’ব। তাৰ পিছত সি ( সেই দ্বিতীয় স্বামীয়ে) যদি তালাক দিয়ে আৰু ইপিনে সিহঁত উভয়ে (স্ত্ৰী আৰু প্ৰথম স্বামীয়ে যদি) অনুভৱ কৰে যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব পাৰিব, তেন্তে সিহঁতৰ পুনৰ মিলনত কাৰো একো অপৰাধ নহ’ব। এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা, যিবোৰ তেওঁ স্পষ্টভাৱে এনে সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰে যিসকলে জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="231">
<translation><![CDATA[আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক্ব দিবা, আৰু ইয়াৰ পিছত যেতিয়া সিহঁত ইদ্দত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ’ব তেতিয়া তোমালোকে হ’লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা নাইবা বিধিমতে সিহঁতক এৰি দিবা। সিহঁতক ক্ষতি সাধন কৰিবলৈ সীমালংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা। যিয়ে এনেকুৱা কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে; আৰু তোমালোকে আল্লাহৰ বিধি-বিধানক ঠাট্টা-বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা; আৰু তোমালোকে আল্লাহৰ নিয়ামতসমূহক স্মৰণ কৰা যিবোৰ তেওঁ তোমালোকক দান কৰিছে লগতে তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে কিতাব আৰু হিকমত, যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="232">
<translation><![CDATA[আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক্ব দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে, ইয়াৰ পিছত যদি সিহঁতে বিধি মুতাবিক পৰস্পৰে সন্মত হয়, তেন্তে স্ত্ৰীসকলে নিজৰ (পূৰ্ব) স্বামীৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পৱিত্ৰ; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="233">
<translation><![CDATA[আৰু মাতৃসকলে সিহঁতৰ সন্তানসকলক পৰিপূৰ্ণ দুবছৰ স্তন্য পান কৰাব, যদি কোনোবাই স্তন্যপান কৰোৱাৰ সময় সম্পূৰ্ণ কৰিব বিচাৰে। পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (মাতৃসকলৰ) ভৰণ-পোষণ কৰা। সাধ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয়। কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু যাৰ সন্তান (পিতা) তাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয়, আৰু উত্তৰাধিকাৰিৰো সেই একেই কৰ্তব্য। কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে (দুবছৰৰ মাজতেই) স্তন্যপান এৰাব বিচাৰে, তেন্তে সিহঁতৰ কোনো অপৰাধ নহ’ব; আৰু যদি তোমালোকে (কোনো ধাত্ৰীৰ দ্বাৰা) তোমালোকৰ সন্তানসকলক স্তন্য পান কৰাব বিচৰা, তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মুতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা লগতে জানি থোৱা, তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া প্ৰত্যক্ষকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="234">
<translation><![CDATA[আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতৰ স্ত্ৰীসকলে চাৰি মাহ দহদিন অপেক্ষা কৰিব (ইদ্দত পালন কৰিব)। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে কিবা (সৌন্দৰ্য বা বিবাহ) কৰিলে তাত তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="235">
<translation><![CDATA[আৰু যদি তোমালোকে আকাৰ-ইঙ্গিতত (সেইজনী) নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া অথবা অন্তৰতে গোপন ৰখা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব। আল্লাহে জানে যে, তোমালোকে সিহঁতৰ বিষয়ে নিশ্চয় আলোচনা কৰিবা; কিন্তু বিধি মুতাবিক কথা-বতৰাৰ বাহিৰে গোপনে সিহঁতৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিবা; আৰু নিৰ্দিষ্ট কাল পূৰ্ণ নোহোৱালৈকে বিবাহ বন্ধনৰ সংকল্প নকৰিবা; আৰু জানি থোৱা, তোমালোকৰ অন্তৰত যি আছে সেয়া আল্লাহে জানে। এতেকে তেওঁক ভয় কৰা, আৰু জানি থোৱা, নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="236">
<translation><![CDATA[যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ কৰাৰ আগতেই বা মোহৰানা নিৰ্ধাৰণ কৰাৰ পূৰ্বেই তালাক্ব দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয়; কিন্তু তোমালোকে সিহঁতক উপযুক্ত (ক্ষতিপূৰণ) সংস্থান কৰি দিবা, সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে তাৰ সামৰ্থানুযায়ী, বিধিমতে সংস্থান কৰিব, এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="237">
<translation><![CDATA[আনহাতে তোমালোকে যদি সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক্ব দিয়া, অথচ সিহঁতৰ বাবে মোহৰানা ধাৰ্য্য কৰিছা, তেন্তে যি নিৰ্ধাৰণ কৰিছা তাৰ অৰ্দ্ধেক আদায় দিব লাগিব। কিন্তু যদি স্ত্ৰীসকলে ক্ষমা কৰি দিয়ে অথবা যাৰ হাতত বিবাহ বন্ধনৰ দায়িত্ব আছে সি যদি মাফ কৰি দিয়ে (তেন্তে সেইটো সুকীয়া কথা)। ক্ষমা কৰি দিয়াটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী; তোমালোকে নিজৰ মাজত অনুগ্ৰহৰ কথা পাহৰি নাযাবা। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া সবিশেষ প্ৰত্যক্ষকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="238">
<translation><![CDATA[তোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী (আচৰ) ছালাতৰ প্ৰতি, আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="239">
<translation><![CDATA[কিন্তু যদি তোমালোকে বিপদ আশংকা কৰা, তেন্তে খোজকঢ়া অথবা আৰোহী অৱস্থাতেই (ছালাত আদায় কৰিবা)। তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ বোধ কৰিবা তেতিয়া তোমালোকে আল্লাহক সেইদৰে স্মৰণ কৰিবা, যেনেকৈ তেওঁ তোমালোকক শিক্ষা দিছে, যিটো তোমালোকে জনা নাছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="240">
<translation><![CDATA[আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে নিজৰ স্ত্ৰীসকলৰ বিষয়ে এই অছিয়ত কৰিব যে, তেওঁলোকক যেন সম্পূৰ্ণ এবছৰলৈকে ভৰণ-পোষণ দিয়া হয় আৰু যাতে ঘৰৰ পৰা উলিয়াই দিয়া নহয়। কিন্তু যদি সিহঁতে (নিজ ইচ্ছাতে) ওলাই যায়, তেন্তে বিধি মুতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয়; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="241">
<translation><![CDATA[আৰু তালাক্বপ্ৰাপ্তা নাৰীসকলেও বিধি মুতাবিক ভৰণ-পোষণ (ক্ষতিপূৰণ) লাভ কৰিব। মুত্তাক্বীসকলৰ বাবে এইটো অৱশ্য কৰ্তব্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="242">
<translation><![CDATA[এনেকৈয়ে আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="243">
<translation><![CDATA[তুমি সিহঁতক দেখা নাইনে, যিসকলে মৃত্যুৰ ভয়ত হাজাৰে হাজাৰে নিজ আবাসভূমি পৰিত্যাগ কৰিছিল? তাৰ পিছত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোকে মৃত্যুবৰণ কৰা’। ইয়াৰ পিছত আল্লাহে সিহঁতক (পুনৰ) জীৱিত কৰিছিল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="244">
<translation><![CDATA[আৰু তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="245">
<translation><![CDATA[কোনোবা আছেনে, যিয়ে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব? তেওঁ ইয়াক তাৰ বাবে বহুগুণে বৃদ্ধি কৰি দিব; আৰু আল্লাহেই জীৱিকা সংকুচিত কৰে আৰু সম্প্ৰসাৰিত কৰে, আৰু তেওঁৰ পিনেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="246">
<translation><![CDATA[তুমি মুছাৰ পৰৱৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰি দিয়ক যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰোঁ’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছোঁ, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈয়ে অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="247">
<translation><![CDATA[আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে’। সিহঁতে ক’লে, ‘তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ? অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই’! তেওঁ ক’লে, ‘আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে; আৰু আল্লাহে যাক ইচ্ছা কৰে তাক ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="248">
<translation><![CDATA[সিহঁতৰ নবীয়ে সিহঁতক এই কথাও কৈছিল যে, ‘তাৰ ৰাজত্বৰ নিদৰ্শন হ’ব এই যে, তোমালোকৰ ওচৰলৈ তাবূত (চন্দুক) আহিব য’ত থাকিব তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰশান্তি লগতে তাত থাকিব কিছু পৰিত্যক্ত আচবাব যিবোৰ মুছা আৰু হাৰূনৰ বংশধৰসকলে এৰি থৈ গৈছে; ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব। যদি তোমালোকে মুমিন হোৱা, নিশ্চয় তোমালোকৰ বাবে ইয়াত আছে নিদৰ্শন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="249">
<translation><![CDATA[তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনীসহ ওলাই আহিল, তেতিয়া তেওঁ ক’লে, ‘আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলৰ অন্তৰ্ভুক্ত নহয়; আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি মোৰ দলভুক্ত; ইয়াৰ বাহিৰে যিয়ে এচলু পানী গ্ৰহণ কৰিব সিও (মোৰ দলৰ অন্তৰ্ভুক্ত)’। এতেকে কিছুসংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সংগী ঈমান্দাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক’লে, ‘জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই’। কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে, আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ব, তেওঁলোকে ক’লে, ‘আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান বৃহৎ দলক পৰাজয় কৰিছে’! আৰু আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="250">
<translation><![CDATA[আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিবলৈ জালুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ’ল, তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য্য ঢালি দিয়া আৰু আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="251">
<translation><![CDATA[এতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে। আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="252">
<translation><![CDATA[এইবোৰ হৈছে আল্লাহৰ আয়াত, আমি তোমাৰ ওপৰত এইবোৰ যথাযথভাৱে তিলাৱত কৰোঁ; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="253">
<translation><![CDATA[সেই ৰাছুলসকল, আমি তেওঁলোকৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্টত্ব প্ৰদান কৰিছোঁ। তেওঁলোকৰ মাজৰ কিছুমানৰ সৈতে আল্লাহে কথাও পাতিছে, আকৌ কিছুমানক উচ্চ মৰ্যাদা প্ৰদান কৰিছে; আৰু মাৰয়ামৰ পুত্ৰ ঈছাক আমি স্পষ্ট প্ৰমাণাদি প্ৰদান কৰিছিলোঁ লগতে ৰূহুল কুদুছ (জিব্ৰীল ফিৰিস্তা)ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ; আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰৱৰ্তী লোকসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি সমাগত হোৱাৰ পিছতো পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেঁতেন; কিন্তু সিহঁতে মতভেদ কৰিছিল। ফলত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু কিছুমানে কুফুৰী কৰিছিল; কিন্তু আল্লাহে ইচ্ছা কৰিলে সিহঁত পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহ’লহেতেন; কিন্তু আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱেই কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="254">
<translation><![CDATA[হে মুমিনসকল! আমি তোমালোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে ব্যয় কৰা, সেই (শেষ বিচাৰৰ) দিৱস অহাৰ আগতে, যিদিনা ব্যৱসায়, বন্ধুত্ব আৰু চুপাৰিছ আদি একো নাথাকিব, আৰু কাফিৰসকলেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="255">
<translation><![CDATA[আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="256">
<translation><![CDATA[দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক (অৰ্থাৎ আল্লাহৰ বাহিৰে অন্যান্য বাতিল উপাস্যসমূহক) অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব, সি দৰাচলতে এনেকুৱা এডাল ৰছীত খামুচি ধৰিব যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="257">
<translation><![CDATA[যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেৱেঁই তেওঁলোকক (কুফৰীৰ) অন্ধকাৰৰ পৰা উলিয়াই (ঈমানৰ) পোহৰৰ ফালে লৈ যায়; আনহাতে যিসকলে কুফুৰী কৰিছে, তাগুত হৈছে সিহঁতৰ অভিভাৱক, এইবোৰে সিহঁতক (ঈমানৰ) পোহৰৰ পৰা (কুফৰীৰ) অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="258">
<translation><![CDATA[তুমি সেইজন ব্যক্তিৰ (নমৰূদৰ) কথা ভাৱি চোৱা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘তেওঁ হৈছে মোৰ প্ৰতিপালক, যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰি দেখুওৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="259">
<translation><![CDATA[অথবা সেই ব্যক্তিৰ কথা ভাৱি চোৱা নাইনে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। সেই ব্যক্তিজনে ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছোঁ'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছোঁ) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ, আৰু (গাধৰ) অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান'।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="260">
<translation><![CDATA[আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি কেনেকৈ মৃতক জীৱিত কৰা মোক দেখুৱাই দিয়া’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰোঁ, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰোঁ)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা (যাতে মাতিলেই তোমাৰ ওচৰলৈ আহে)। তাৰ পিছত সেইবোৰৰ টুকুৰা-টুকুৰ কৰি এটা এটা ভাগ প্ৰত্যেক পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, (চাবা) সেইবোৰ তোমাৰ ওচৰলৈ দ্ৰুতগতিত গুচি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="261">
<translation><![CDATA[যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে, তেওঁলোকৰ (এই ব্যয়ৰ) উদাহৰণ হৈছে শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটাকৈ সিহ (থোক) ওলায়, প্ৰত্যেক থোকত থাকে এশটাকৈ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="262">
<translation><![CDATA[যিসকলে আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে, আৰু সেই দানৰ কথা মানুহৰ ওচৰত গাই নুফুৰে লগতে (এই দানৰ বিনিময়ত মানুহক) কোনো প্ৰকাৰ কষ্টও নিদিয়ে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আৰু তেওঁলোকৰ কোনো ভয় নাই লগতে তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="263">
<translation><![CDATA[যি দানৰ পিছত (দান গ্ৰহণকাৰীক) কষ্ট দিয়া হয়, সেই দানতকৈ ভাল কথা কোৱা আৰু ক্ষমা কৰাই উত্তম, আৰু আল্লাহ অভাৱমুক্ত, পৰম সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="264">
<translation><![CDATA[হে ঈমান্দাৰসকল! দানৰ কথা প্ৰচাৰ কৰি আৰু (দান গ্ৰহণকাৰীক) কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা যিয়ে নিজৰ ধন-সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে, লগতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাষাৰ বৰষুণে সেইটোক পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে যি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয়; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="265">
<translation><![CDATA[আনহাতে যিসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু নিজৰ আত্মা বলিষ্ঠ কৰাৰ বাবে ধন-সম্পদ ব্যয় কৰে, তেওঁলোকৰ উপমা হৈছে কোনো ওখ ভূমিত অৱস্থিত এখন উদ্যানৰ দৰে, য'ত ধাৰাষাৰ বৰষুণ হয়, ফলত তাত দ্বিগুণ ফল-মূল উৎপাদন হয়; আৰু ধাৰাষাৰ বৰষুণ নহ’লেও অলপ বৰষুণেই তাৰ বাবে যথেষ্ট হয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ যথাৰ্থ প্ৰত্যক্ষকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="266">
<translation><![CDATA[তোমালোকৰ কোনোবাই বিচৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব, লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকিব, তেনে অৱস্থাতে তাক বাৰ্ধক্যই পাব আৰু ইপিনে তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততিও থাকিব, এনেকুৱা পৰিস্থিতিত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘুৰ্ণি বতাহ আহি উদ্যানখন দাহ কৰি যাব (এইটো তোমালোকৰ কোনোবাই বিচৰানে)? এইদৰেই আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="267">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰোঁ, তাৰ পৰা যিটো উৎকৃষ্ট সম্পদ সেইটো দান কৰা; আৰু নিম্নমানৰ বস্তু দান কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনেকুৱা বস্তু চকু বন্ধ নকৰালৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="268">
<translation><![CDATA[চয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে (ভয় দেখুৱায়) আৰু অশ্লিলতাৰ নিৰ্দেশ দিয়ে। আনহাতে আল্লাহে তোমালোকক তেওঁৰ ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="269">
<translation><![CDATA[তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="270">
<translation><![CDATA[আৰু যিটো তোমালোকে ব্যয় কৰা অথবা তোমালোকে যিটো মান্নত কৰা নিশ্চয় সেয়া আল্লাহে জানে; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="271">
<translation><![CDATA[তোমালোকে যদি প্ৰকাশ্যভাৱে চাদাকা কৰা তেন্তে এয়া ভাল কথা; আৰু যদি গোপনে কৰা আৰু অভাৱগ্ৰস্থক প্ৰদান কৰা তেন্তে এয়া তোমালোকৰ বাবে আৰু উত্তম; আৰু (ইয়াৰ ফলত) তেওঁ তোমালোকৰ বাবে কিছু পৰিমাণ পাপ মোচন কৰিব; প্ৰকৃততে তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="272">
<translation><![CDATA[সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দিয়ে; তোমালোকে যি ধন-সম্পদ দান কৰা সেইটো কেৱল তোমালোকৰ নিজৰ বাবেই উপকাৰী। এতেকে তোমালোকে কেৱল আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবেই দান কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু দান কৰিলে তাৰ পুৰস্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="273">
<translation><![CDATA[(চাদাকা হৈছে) সেইসকল অভাৱগ্ৰস্থ লোকৰ প্ৰাপ্য, যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে, (জীৱিকাৰ সন্ধানত) পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে; আত্মসন্মানবোধৰ বাবে তেওঁলোকে আনৰ ওচৰত খুজি নোখোৱাৰ কাৰণে অজ্ঞ লোকসকলে তেওঁলোকক অভাৱমুক্ত বুলি ধাৰণা কৰে; তুমি তেওঁলোকৰ লক্ষণ দেখিয়ে চিনিব পাৰিবা। তেওঁলোকে মানুহৰ পাছে পাছে গৈ ব্যাকুলভাৱে সহায় ভিক্ষা কৰি নুফুৰে; আৰু যি ধন-সম্পদ তোমালোকে দান কৰা, নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="274">
<translation><![CDATA[যিসকলে নিজৰ ধন-সম্পদ দিনে-ৰাতি, গোপনে আৰু প্ৰকাশ্যভাৱে দান কৰে, তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে পুৰস্কাৰ; তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="275">
<translation><![CDATA[যিসকলে সুত খায়, সিহঁতে সেই ব্যক্তিৰ দৰেই (কবৰৰ পৰা) উঠিব, যাক চয়তানে স্পৰ্শ কৰি বলিয়া বনাইছে। এইটো এইকাৰণে যে, সিহঁতে কয়, ব্যৱসায়-বাণিজ্যও দেখোন সুতৰ দৰেই। অথচ আল্লাহে ব্যৱসায়.-বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ উপদেশ আহি পাইছে, তাৰ পিছত সি (সুত খোৱাৰ পৰা) বিৰত হৈছে, গতিকে (নিষিদ্ধ হোৱাৰ পূৰ্বে) যি অতীত হৈছে সেইটো হৈছেই; তাৰ হিচাপ নিকাচ আল্লাহৰ অধীনত; আনহাতে যিসকলে অমান্য কৰি উভতি যাব (অৰ্থাৎ পুনৰ সুত খাব) সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="276">
<translation><![CDATA[আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু চাদাকাক বৃদ্ধি কৰে; আল্লাহে কোনো অকৃতজ্ঞ, পাপীক ভাল নাপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="277">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে, নেক আমল কৰিছে, ছালাত প্ৰতিষ্ঠা কৰিছে আৰু যাকাত প্ৰদান কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত; তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="278">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে সেইখিনি এৰি দিয়া, যদি তোমালোকে মুমিন হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="279">
<translation><![CDATA[কিন্তু যদি তোমালোকে (সুত বৰ্জন) নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধ সুনিশ্চিত বুলি জানি থোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="280">
<translation><![CDATA[আৰু যদি (খাতক) অভাৱগ্ৰস্থ হয় তেন্তে সচ্ছলতা নোহোৱালৈকে তাৰ অৱকাশ আছে; আৰু যদি তোমালোকে ছাদাকা (ক্ষমা) কৰি দিয়া তেন্তে এইটো তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="281">
<translation><![CDATA[আৰু তোমালোকে সেই দিৱসক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে ওভতাই লৈ যোৱা হ'ব। তাৰ পিছত প্ৰত্যেককে তাৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="282">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে যেতিয়া এজনে আনজনৰ লগত নিৰ্ধাৰিত সময়ৰ বাবে ঋণ আদান-প্ৰদান কৰিবা তেতিয়া সেইটো লিখি ৰাখিবা; তোমালোকৰ মাজত কোনো লেখকে যাতে সেইটো ন্যায়ভাৱে লিখি দিয়ে; আৰু যেনেকৈ আল্লাহে তাক শিক্ষা দিছে তেনেকৈ লিখিবলৈ কোনো লেখকে যেন অস্বীকাৰ নকৰে। এতেকে তাৰ লিখি দিয়াটোৱে উচিত; আৰু যি ব্যক্তিৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) তেওঁ যেন লিখাৰ বিষয়বস্তু কৈ দিয়ে লগতে তেওঁ যেন তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰে; আৰু তাৰ পৰা একো যাতে হ্ৰাস নকৰে (অৰ্থাৎ লিখাৰ মাজত যাতে কোনো কম বেছি নকৰে)। আনহাতে ঋণগ্ৰহীতা যদি নিৰ্বোধ হয় বা দুৰ্বল হয় অথবা লিখাৰ বিষয়বস্তু কৈ দিব নোৱাৰে তেন্তে তাৰ অভিভাৱকে যেন ন্যায়ভাৱে লিখাৰ বিষয়বস্তু কৈ দিয়ে। তোমালোকে তোমালোকৰ মাজৰ দুজন পুৰুষক (এই আদান-প্ৰদানৰ) সাক্ষী ৰাখিবা, এতেকে যদি দুজন পুৰুষ নাথাকে তেন্তে এজন পুৰুষ আৰু দুজনী নাৰীক সাক্ষী বনাই লবা, যিসকলক তোমালোকে সাক্ষী হিচাপে পছন্দ কৰা, যাতে নাৰীসকলৰ মাজৰ কোনোবাই পাহৰি গ'লে এজনীয়ে আনজনীক স্মৰণ কৰাই দিব পাৰে; আৰু সাক্ষীসকলক যেতিয়া (সাক্ষী দিবলৈ) মাতা হ'ব তেতিয়া সিহঁতে যেন অস্বীকাৰ নকৰে; ঋণ সৰু হওক বা ডাঙৰ, নিৰ্ধাৰিত সময় লিখিবলৈ তোমালোকে কোনো ধৰণৰ অলসতা নকৰিবা। এইটোৱেই আল্লাহৰ ওচৰত ন্যায় আৰু সাক্ষ্যদানৰ বাবে দৃঢ়তৰ আৰু তোমালোকৰ মাজত সন্দেহে স্থান নোপোৱাৰ বাবে অধিক উপযুক্ত। কিন্তু তোমালোকে পৰস্পৰে যি নগদ ব্যৱসায় পৰিচালনা কৰা সেইটো তোমালোকে নিলিখিলেও কোনো দোষ নাই, আৰু তোমালোকে যেতিয়া পৰস্পৰে বেচা-কিনা কৰা তেতিয়া সাক্ষী ৰাখিবা; (মন কৰিবা) কোনো লেখক আৰু সাক্ষীয়ে যাতে ক্ষতিগ্ৰস্ত নহয়, আৰু যদি তোমালোকে তেওঁলোকক কোনো ক্ষতি কৰা তেন্তে এইটো হ'ব তোমালোকৰ বাবে গুনাহৰ বিষয়। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, এইটোৱে আল্লাহে তোমালোকক শিক্ষা দিয়ে আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="283">
<translation><![CDATA[যদি তোমালোকে ভ্ৰমণত থকা আৰু কোনো লেখক নোপোৱা তেন্তে হস্তান্তৰকৃত বন্ধক ৰাখিবা। এতেকে যদি তোমালোকে এজনে আনজনক বিশ্বাস কৰা, তেন্তে যাৰ ওচৰত আমানত ৰখা হৈছে তেওঁ (সেই বিশ্বাস বজায় ৰাখি) আমানত প্ৰত্যাৰ্পন কৰা উচিত, আৰু তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত; আৰু তোমালোকে সাক্ষী গোপন নকৰিবা, কাৰণ যিয়ে ইয়াক গোপন কৰে নিশ্চয় তাৰ অন্তৰ হৈছে পাপী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="284">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। তোমালোকৰ মনত যি আছে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে সেইবোৰৰ হিচাব তোমালোকৰ পৰা লব। তাৰ পিছত যাক ইচ্ছা কৰিব তেওঁ তাক ক্ষমা কৰিব আৰু যাক ইচ্ছা কৰিব শাস্তি বিহিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="285">
<translation><![CDATA[ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই (আমি) উভতি যাব লাগিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="286">
<translation><![CDATA[আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিব তাৰ প্ৰতিফল সি নিজে পাব, আৰু যিয়ে বেয়া উপাৰ্জন কৰিব তাৰ প্ৰতিফলো সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক অপৰাধ নধৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ আমাৰ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। গতিকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="3">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম। [1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেৱেঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[ইতিপূৰ্বে মানুহক হিদায়ত দিবলৈ (তেৱেঁই তাওৰাত আৰু ইঞ্জীল অৱতীৰ্ণ কৰিছিল); আৰু তেৱেঁই ফুৰকান (ন্যায়-অন্যায়ৰ মীমাংসাকাৰী, কোৰআন) অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতৰ বাবে আছে কঠোৰ শাস্তি। প্ৰকৃততে আল্লাহ মহা-পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[নিশ্চয় আল্লাহৰ ওচৰত আকাশ আৰু পৃথিৱীৰ একোৱেই গোপন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তেৱেঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠণ কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; (তেওঁ) প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তেৱেঁই তোমাৰ প্ৰতি এইখন কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত হৈছে ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে, আন কোনেও উপদেশ গ্ৰহণ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[হে আমাৰ প্ৰতিপালক! সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক বক্ৰ কৰি নিদিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত দান কৰা, নিশ্চয় তুমি মহাদাতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি এদিনাখন মানুহক সমবেত কৰিবা তাত কোনো সন্দেহ নাই; নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় যিসকলে কুফুৰী কৰিছে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব, আৰু ইহঁতেই হৈছে জুইৰ (জাহান্নামৰ) ইন্ধন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সিহঁতৰ অভ্যাস ফিৰআউনী সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰেই, সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপ কৰ্মৰ বাবে সিহঁতক কৰায়ত্ত কৰিছিল, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[যিসকলে কুফুৰী কৰে সিহঁতক কোৱা, ‘তোমালোকে অনতিপলমে পৰাজিত হ’বা আৰু তোমালোকক জাহান্নামত একত্ৰিত কৰা হ’ব আৰু সেইটো অতি নিকৃষ্ট আবাসস্থল!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[(বদৰৰ যুদ্ধত) দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিশ্চয় তোমালোকৰ বাবে আছে নিদৰ্শন। এটা দলে আল্লাহৰ পথত যুদ্ধ কৰিছিল আৰু আনটো দল আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখা পাইছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন লোকসকলৰ বাবে শিক্ষা আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[নাৰী, সন্তান-সন্ততি, সোণ-ৰূপৰ ভাণ্ডাৰ, (পছন্দনীয়) চিহ্নিত ঘোঁৰা, ঘৰচীয়া জন্তু আৰু খেতি-পথাৰ আদিক মানুহৰ বাবে সুশোভিত তথা লোভনীয় কৰি দিয়া হৈছে। এইবোৰ হৈছে পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী; আনহাতে আল্লাহৰ ওচৰত আছে উত্তম আশ্ৰয়স্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[কোৱা, ‘মই তোমালোকক এইবোৰ বস্তুতকৈ উৎকৃষ্ট কোনো বস্তুৰ সংবাদ দিমনে? (তেন্তে শুনা) যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত হয়, তাত তেওঁলোক স্থায়ী হ’ব; আৰু আছে পৱিত্ৰ স্ত্ৰীসকল লগতে আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিসকলে কয়, হে আমাৰ প্ৰতিপালক! নিশ্চয় আমি ঈমান আনিছোঁ; গতিকে তুমি আমাৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তেওঁলোক ধৈৰ্য্যশীল, সত্যবাদী, অনুগত, দানশীল আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও (এই সাক্ষ্য দিয়ে); তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (মনোনীত) দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। এতেকে যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব তেন্তে (সি জানি থোৱা উচিত) নিশ্চয় আল্লাহে হিচাপ গ্ৰহণ কৰাত পলম নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[এতেকে সিহঁতে যদি তোমাৰ সৈতে বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আনহাতে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা; আৰু (জানি থোৱা) আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰে, অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোককো হত্যা কৰে যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ গোটেই আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল? সিহঁতক আল্লাহৰ কিতাবৰ ফালে আহ্বান কৰা হৈছিল যাতে ই সিহঁতৰ মাজত (থকা বিবাদসমূহ) মীমাংসা কৰি দিয়ে; তাৰ পিছতো সিহঁতৰ এদল লোকে বিমুখ হৈ উভতি গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[এইটো এইকাৰণে যে, সিহঁতে কয়, ‘মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়াও স্পৰ্শ নকৰিব’; দৰাচলতে সিহঁতৰ নিজৰ দ্বীন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[এতেকে (সেইদিনা সিহঁতৰ) কি অৱস্থা হ’ব? যিদিনা আমি সিহঁতক একত্ৰিত কৰিম, যিটো দিৱস সম্পৰ্কে কোনো সন্দেহ নাই, সেইদিনা প্ৰত্যেককে সিহঁতৰ অৰ্জিত আমলৰ প্ৰতিদান পৰিপূৰ্ণভাৱে দিয়া হ’ব; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা কৰা ক্ষমতা প্ৰদান কৰা, আৰু যাৰ পৰা ইচ্ছা কৰা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা কৰা তুমি সন্মানিত কৰা, আৰু যাক ইচ্ছা কৰা তুমি অপমানিত কৰা। তোমাৰ হাততেই যাৱতীয় কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তুমিয়েই ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰোৱা; তুমিয়েই মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা; আৰু যাক তুমি ইচ্ছা কৰা অপৰিমিত জীৱিকা প্ৰদান কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক অভিভাৱক (বা অন্তৰংগ বন্ধুৰূপে) গ্ৰহণ নকৰে; আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই। কিন্তু ব্যতিক্ৰম, যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা (তেনেহ’লে বিষয়টো সুকীয়া); আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু (জানি থোৱা) আল্লাহৰ ফালেই (তোমালোকৰ) প্ৰত্যাৱৰ্তন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[কোৱা, ‘তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা, (তথাপিও) আল্লাহে সেয়া জানে; আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে। আনকি আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[যিদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব, সেইদিনা সি কামনা কৰিব- যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ’লহেতেন! আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে; আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[নিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[তেওঁলোক হৈছে ইজনে সিজনৰ বংশধৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া ইমৰাণৰ স্ত্ৰীয়ে কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্নত কৰিলোঁ। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তাৰ পিছত যেতিয়া তেওঁ (ইমৰাণৰ স্ত্ৰীয়ে) সেই সন্তান প্ৰসৱ কৰিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই কন্যা সন্তানহে প্ৰসৱ কৰিছোঁ। প্ৰকৃততে তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত; আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়; (যিকিনহওক) মই ইয়াৰ নাম ৰাখিছোঁ মাৰয়াম লগতে অভিশপ্ত চয়তানৰ পৰা তেওঁক আৰু তেওঁৰ বংশধৰসকলক তোমাৰ আশ্ৰয়ত দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[এতেকে তেওঁৰ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তমৰূপে লালন-পালন কৰিলে আৰু যাকাৰিয়্যাৰ তত্ত্বাৱধানত ৰাখিলে। যেতিয়াই যাকাৰিয়্যাহ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল, তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল। তেওঁ কৈছিল, ‘হে মাৰয়াম! এইবোৰ তুমি ক’ত পালা? তেওঁ (মাৰয়ামে) কৈছিল, ‘এইবোৰ আল্লাহৰ তৰফৰ পৰা (অহা)’। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[সেই ঠাইতে যাকাৰিয়্যাই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম বংশধৰ দান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[তাৰ পিছত যাকাৰিয়্যাই যেতিয়া ইবাদত কক্ষত ছালাতত থিয় হ’ল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনালৈ ইয়াহয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমা (ঈছা)ৰ সত্যায়নকাৰী, লগতে তেওঁ হ’ব এজন নেতা, ভোগ-আসক্তিমুক্ত আৰু পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত এজন নবী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ সন্তান কেনেকৈ হ’ব? অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা’। তেওঁ (আল্লাহে) ক’লে, ‘এইদৰেই’। আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তিনি দিনলৈকে তুমি আকাৰ-ইঙ্গিতৰ বাহিৰে মানুহৰ লগত কথা ক’ব নোৱাৰিবা। এতেকে তুমি তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা-মহিমা ঘোষণা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে কৈছিল, ‘হে মাৰয়াম! নিশ্চয় আল্লাহে তোমাক মনোনীত কৰিছে আৰু পৱিত্ৰ কৰিছে লগতে বিশ্বজগতৰ নাৰীসকলৰ ওপৰত তোমাক মনোনীত কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[হে মাৰয়াম! তুমি তোমাৰ প্ৰতিপালকৰ অনুগত হোৱা, লগতে (তেওঁক) ছাজদা কৰা আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভুক্ত, যিটো আমি তোমাক অহীৰ দ্বাৰা অৱহিত কৰিছোঁ; আৰু মাৰয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহণ কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া (এই বিষয়ে) বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে কৈছিল, ‘হে মাৰয়াম! নিশ্চয় আল্লাহে তোমাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ (দ্বাৰা সৃষ্টি হ’বলগীয়া সন্তানৰ) সুসংবাদ দিছে। যাৰ নাম হ’ব মছীহ, মাৰয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[তেওঁ কেঁচুৱা অৱস্থাত (দোলনাত) আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক’ব আৰু তেওঁ পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[তেওঁ (মাৰয়ামে) ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা কৰে সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো তৎক্ষণাত হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু তেওঁ তাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীলৰ শিক্ষা দিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু তেওঁক বনী ইছৰাঈলৰ বাবে ৰাছুল হিচাপে (প্ৰেৰণ কৰিব,) (তেওঁ ক’ব) ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ নিদৰ্শন লৈ আহিছো যে, নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠণ কৰিম; তাৰ পিছত তাত মই ফুঁ দিম; ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব; লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰিম আৰু মৃত ব্যক্তিকো জীৱিত কৰি দেখুৱাম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[‘আৰু (মই আহিছোঁ) মোৰ সন্মুখত থকা তাওৰাতৰ (বাণীক) সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যিবোৰ হাৰাম আছিল তাৰে কিছুমান হালাল কৰিবলৈ আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[‘নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই হৈছে সৰল পথ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ অবাধ্যতাৰ কথা উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোনে মোক সহায় কৰিবা? হাওৱাৰী (শিষ্য)সকলে ক’লে, ‘আমি সকলোৱে আল্লাহৰ (পথত) সহায় কৰিম। আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছোঁ আৰু আমি ৰাছুলৰ অনুসৰণ কৰিছোঁ। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভুক্ত কৰি লোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু সিহঁতে ষড়যন্ত্ৰ ৰচিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া আল্লাহে কৈছিল, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফুৰী কৰিছে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক ক্বিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত তোমালোকে মোৰ ওচৰতেই উভতি আহিবা’। তেতিয়া মই তোমালোকৰ মাজত মীমাংসা কৰি দিম যিবোৰ বিষয়কলৈ তোমালোকে মতানৈক্য কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[এতেকে যিসকলে কুফৰী কৰিছে মই সিহঁতক পৃথিৱী আৰু আখিৰাতত কঠোৰ শাস্তি প্ৰদান কৰিম আৰু সিহঁতৰ কোনো সহায়কাৰীও নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে তেওঁ সিহঁতক সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[এইবোৰ আমি তোমাৰ ওপৰত আয়াত আৰু হিকমত ভৰা (প্ৰজ্ঞাপূৰ্ণ) উপদেশৰ পৰা তিলাৱত কৰি আছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[নিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ হৈছে আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত। গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[এতেকে তোমাৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো যিয়ে এই বিষয়ে (ঈছা সম্পৰ্কে) তোমাৰ লগত তৰ্ক কৰে তাক কোৱা, ‘আহা, আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰোঁ, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰোঁ, আমিও আহোঁ আৰু তোমালোকো আহা, তাৰ পিছত আমি মুবাহালা (বিনীত প্ৰাৰ্থনা) কৰোঁ যে, মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[নিশ্চয় এইটোৱে হৈছে সত্য বিৱৰণ আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; নিশ্চয় আল্লাহ, তেৱেঁই হৈছে পৰম পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় (অৰ্থাৎ ঈছা সম্পৰ্কীয় সত্য ইতিহাসক অস্বীকাৰ কৰে), তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ ফাছাদকাৰীসকলৰ বিষয়ে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱেই যাতে ইজনে সিজনক ৰব্ব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[হে আহলে কিতাবসকল! ইব্ৰাহীমৰ বিষয়ে কিয় তোমালোকে তৰ্ক কৰা? অথচ তাওৰাত আৰু ইঞ্জীল তেওঁৰ পিছতহে অৱতীৰ্ণ হৈছিল। এতেকে তোমালোকে নবুজা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[সাৱধান! তোমালোকেই সেইসকল লোক, যিসকলে সামান্য জ্ঞানলৈ তৰ্ক-বিতৰ্ক কৰিছা, কিন্তু যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই সেই বিষয়কলৈ কিয় তোমালোকে তৰ্ক-বিতৰ্ক কৰা? আল্লাহে জানে তোমালোকে একোৱেই নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[ইব্ৰাহীম ইয়াহুদীও নাছিল, নাছাৰাও নাছিল; বৰং তেওঁ আছিল একনিষ্ঠ মুছলিম আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[নিশ্চয় মানুহৰ মাজত তেওঁলোকেই হৈছে ইব্ৰাহীমৰ ঘনিষ্ঠতম ব্যক্তি, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল, লগতে এই নবী আৰু মুমিনসকলেও (তেওঁৰ অনুসৰণ কৰে); (জানি থোৱা) আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[কিতাবীসকলৰ এটা দলে বিচাৰে, সিহঁত যদি তোমালোকক বিপথগামী কৰিব পাৰিলেহেঁতেন, অথচ সিহঁত নিজেই নিজকে বিপথগামী কৰি আছে; কিন্তু সিহঁতে উপলব্ধি কৰিব পৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[হে আহলে কিতাব! কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফুৰী কৰা, অথচ তোমালোকেই ইয়াৰ সাক্ষ্য বহন কৰিছা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ সৈতে মিশ্ৰিত কৰা, লগতে জানি বুজি কিয় সত্যক গোপন কৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু কিতাবীসকলৰ এটা দলে কয়, ‘যিসকলে ঈমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ঈমান আনিবা আৰু দিনৰ শেষ ভাগত সেইটোক অস্বীকাৰ কৰিবা; যাতে সিহঁতে (ইছলামৰ পৰা) উভতি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু যিসকলে তোমালোকৰ দ্বীনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা’। কোৱা, ‘নিশ্চয় আল্লাহৰ নিৰ্দেশিত পথেই হৈছে একমাত্ৰ পথ। (সিহঁতে এই কথাও কয় যে, তোমালোকে এইটোও বিশ্বাস নকৰিবা যে) তোমালোকক যিটো দিয়া হৈছে সেয়া আনকো দিয়া হ’ব, অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুক্তি উত্থাপন কৰিব’। কোৱা, ‘নিশ্চয় অনুগ্ৰহ হৈছে আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে তাক সেইটো প্ৰদান কৰে; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[তেওঁ যাক ইচ্ছা কৰে তেওঁৰ অনুগ্ৰহৰ বাবে একান্তভাৱে নিৰ্বাচিত কৰি লয়; আৰু আল্লাহ মহা অনুগ্ৰহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও (ঘূৰাই বিচৰাৰ লগে লগে) সি ঘূৰাই দিব; আকৌ সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যাৰ ওচৰত মাত্ৰ এটা দীনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদা নিদিয়ালৈকে সি সেইটো ঘূৰাই নিদিব। এইটো এইবাবে যে, সিহঁতে কয়, ‘এই অশিক্ষিতসকলৰ অধিকাৰ হৰণত আমাৰ কোনো পাপ নহয়; দৰাচলতে সিহঁতে জানি বুজি আল্লাহৰ নামত মিছা কথা কয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[হয় নিশ্চয়, যদি কোনোবাই নিজ প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু তাক্বৱা অৱলম্বন কৰে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহে মত্তাক্বীসকলক ভাল পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দলো আছে, যিসকলে কিতাপক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। কিন্তু সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা অহা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা (অৱতীৰ্ণ) নহয়। বৰং সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[কোনো মানুহৰ বাবে সংগত নহয় যে, আল্লাহে তেওঁক কিতাব, হিকমত আৰু নুবুওৱত দান কৰাৰ পাছত তেওঁ মানুহক ক’ব, ‘আল্লাহৰ পৰিবৰ্তে তোমালোকে মোৰ দাস হৈ যোৱা’, বৰং তেওঁ (এই বুলিহে) ক’ব, যিহেতু তোমালোকে কিতাব শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা, গতিকে ‘তোমালোকে ৰাব্বানী হৈ যোৱা,’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব্ব হিচাপে গ্ৰহণ কৰা। তোমালোক মুছলিম হোৱাৰ পিছত তেওঁ তোমালোকক কুফুৰীৰ নিৰ্দেশ দিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ পৰা অঙ্গীকাৰ লৈছিল যে, ‘যিহেতু মই তোমালোকক কিতাব আৰু হিকমত(ৰ শিক্ষা) দিছোঁ; গতিকে তোমালোকৰ ওচৰত থকা তথ্যৰ সত্যায়নকাৰীৰূপে যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাছুল আহিব- তেতিয়াই তোমালোকে নিশ্চয় তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু এই বিষয়ে মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলোঁ’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[এতেকে ইয়াৰ পিছত যিসকলে মুখ ঘূৰাই লব, সিহঁতেই হৈছে ফাছিক (সত্যত্যাগী)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰলৈকেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[তোমালোকে কোৱা, ‘আমি ঈমান আনিছোঁ আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছোঁ যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছোঁ)। আমি তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নকৰোঁ; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব, যিসকলে ঈমান পোষণ কৰাৰ পিছত আৰু ৰাছুলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত লগতে সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন অহাৰ পিছত কুফুৰী কৰিছে? আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতিদান হৈছে এই যে, ইহঁতৰ ওপৰত আল্লাহৰ আৰু ফিৰিস্তাসকলৰ তথা সকলো মানুহৰে অভিসম্পাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[সিহঁতে তাত (জাহান্নামত) স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আনকি সিহঁতক অৱকাশো দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে। এই ক্ষেত্ৰত নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান পোষণ কৰাৰ পিছত কুফুৰী কৰিছে, তাৰ পিছত সিহঁতে কুফুৰী কাৰ্যত অধিক আগুৱাই গৈছে, সিহঁতৰ তাওবা কেতিয়াও কবুল কৰা নহ’ব; আৰু সিহঁতেই হৈছে পথভ্ৰষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[নিশ্চয় যিসকলে কুফুৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ কোনোবাই (নিজৰ মুক্তিৰ বাবে) বিনিময় হিচাপে পৃথিৱী ভৰা সোণ প্ৰদান কৰিলেও সেইটো কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[তোমালোকে যি ভালপোৱা তাৰ পৰা ব্যয় (দান) নকৰালৈকে তোমালোকে কেতিয়াও ছোৱাব অৰ্জন কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ব্যয় (দান) কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[তাওৰাত অৱতীৰ্ণ হোৱাৰ আগতে ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[এতেকে ইয়াৰ পিছতো যিসকলে আল্লাহৰ ওপৰত মিছা ৰটনা কৰে সিহঁতেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[কোৱা, ‘আল্লাহে সত্য কৈছে। সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰা, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[নিশ্চয় মানৱজাতিৰ বাবে সৰ্বপ্ৰথম যিখন ঘৰ প্ৰতিষ্ঠিত হৈছিল, সেয়া মক্কাত অৱস্থিত, সেইখন হৈছে বৰকতময় আৰু বিশ্ববাসীৰ বাবে হিদায়ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম (শিলৰ ওপৰত ইব্ৰাহীমৰ পদচিহ্ন); যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপত্তা লাভ কৰিব; আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য); আৰু যিয়ে কুফুৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[কোৱা, ‘হে আহলে কিতাব! তোমালোকে আল্লাহৰ আয়াতসমূহক (নিদৰ্শনসমূহক) কিয় অস্বীকাৰ কৰা? আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[কোৱা, ‘হে আহলে কিতাব! যিজন ব্যক্তিয়ে ঈমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া? অথচ তোমালোকেই (এই বিষয়ে) সাক্ষী; (জানি থোৱা) তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত ওভতাই লৈহে এৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[আৰু কেনেকৈ তোমালোকে কুফুৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুলো উপস্থিত আছে? আৰু যি ব্যক্তিয়ে আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব, সি নিশ্চয় সৰল পথৰ হিদায়ত লাভ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহ’বা; লগতে তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেৱেঁই তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিছে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গৈছা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে (মানুহক) আহ্বান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো (বিভিন্ন দলত) বিভক্ত হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[সেইদিনা কিছুমান মুখ উজ্জল হ’ব আৰু কিছুমান মুখমণ্ডল ক'লা পৰিব; যিহঁতৰ মুখ ক'লা পৰিব (সিহঁতক কোৱা হ’ব), ‘তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফুৰী কৰিছিলা নেকি? এতেকে তোমালোকে শাস্তি ভোগ কৰা, যিহেতু তোমালোকে কুফুৰী কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[আৰু যিসকলৰ মুখ উজ্জল হ’ব তেওঁলোকে আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[এইবোৰ হৈছে আল্লাহৰ আয়াত (নিদৰ্শন), যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছোঁ; আৰু আল্লাহে সৃষ্টিজগতৰ প্ৰতি অন্যায়-অবিচাৰ কৰিব নিবিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱজাতিৰ (হিদায়তৰ) বাবে (তোমালোকক) উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা লগতে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিনো আছে; কিন্তু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিব তাৰ পিছত সিহঁতক সহায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[আল্লাহ আৰু মানুহৰ আশ্ৰয়ৰ বাহিৰে সিহঁতে য’তেই অৱস্থান নকৰক কিয়, তাতেই সিহঁতৰ বাবে লাঞ্ছনা নিৰ্ধাৰণ কৰা হৈছে, সিহঁত আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে লগতে সিহঁতৰ ওপৰত দাৰিদ্ৰতা নিৰ্ধাৰণ কৰি দিয়া হৈছে; এইকাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল; লগতে এইকাৰণেও যে, সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[সিহঁতৰ সকলোৱে সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দলো আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱত কৰে আৰু সিহঁতে ছাজদা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, সৎকৰ্মৰ নিৰ্দেশ দিয়ে অসৎকৰ্মৰ পৰা নিষেধ কৰে, লগতে সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে; আৰু এওঁলোকেই হৈছে পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[সিহঁতে যি ভাল কাম কৰিছে, তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ’ব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[নিশ্চয় যিসকলে কুফুৰী কৰিছে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, আৰু তাত সিহঁত চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হিম-শীতল বতাহৰ দৰে, যিটোৱে অন্যায়কাৰী সম্প্ৰদায়ৰ শস্য খেতিত আঘাত কৰে; আৰু তাক ধ্বংস কৰি দিয়ে। প্ৰকৃততে আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে নিজৰ বাহিৰে আন (অবিশ্বাসী) কাৰোবাক অন্তৰঙ্গ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব; কাৰণ সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু অধিক ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ, যদি তোমালোকে অনুধাৱন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[চোৱা, তোমালোকেই সিহঁতক ভালপোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায়, আনহাতে তোমালোকে সকলো ঐশীগ্ৰন্থক বিশ্বাস কৰা (কিন্তু সিহঁতে তোমালোকৰ গ্ৰন্থক বিশ্বাস নকৰে)। লগতে সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয়, ‘আমি ঈমান আনিছোঁ’, কিন্তু যেতিয়া অকলশৰীয়াকৈ (পৰস্পৰে) মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। কোৱা, ‘তোমালোকৰ ক্ৰোধত তোমালোকেই মৰা’। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[তোমালোকৰ মঙ্গল হ’লে সিহঁতে কষ্ট অনুভৱ কৰে আৰু তোমালোকৰ অমঙ্গল হ’লে সিহঁতে আনন্দিত হয়। তোমালোকে যদি ধৈৰ্য্যশীল হোৱা আৰু মুত্তাক্বী হোৱা তেন্তে সিহঁতৰ ষড়যন্ত্ৰই তোমালোকক একো ক্ষতি কৰিব নোৱাৰিব। সিহঁতে যি কৰে নিশ্চয় আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[আৰু স্মৰণ কৰা, (উহুদৰ দিনা) যেতিয়া তুমি পুৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[যেতিয়া তোমালোকৰ মাজৰ দুটা দল হতাশ হৈ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল, অথচ আল্লাহ আছিল উভয়ৰে সহায়ক, আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল (নিৰ্ভৰ) কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[আৰু নিশ্চয় বদৰৰ যুদ্ধত আল্লাহে তোমালোকক সহায় কৰিছল, সেই সময়ত তোমালোক অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা, ‘এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে, তোমালোকৰ প্ৰতিপালকে তিনি হেজাৰ ফিৰিস্তা অৱতীৰ্ণ কৰি তোমালোকক সহযোগিতা কৰিব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[হয়, নিশ্চয়, যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, তেন্তে সিহঁতে দ্ৰুত গতিত তোমালোকৰ ওপৰত আক্ৰমণ কৰিলে তোমালোকৰ প্ৰতিপালকে পাঁচ হেজাৰ (বিশেষৰূপে) চিহ্নিত ফিৰিস্তা প্ৰদান কৰি তোমালোকক সহায় কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[আৰু আল্লাহে (এই সহায়ক) তোমালোকৰ বাবে সুসংবাদ বনাইছে, যাতে ইয়াৰ দ্বাৰা তোমালোকৰ অন্তৰে প্ৰশান্তি লাভ কৰে; কিয়নো সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰাহে আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[যাতে তেওঁ কাফিৰসকলৰ এটা অংশক ধ্বংস কৰিব পাৰে অথবা লাঞ্ছিত কৰিব পাৰে; ফলত যাতে সিহঁতে নিৰাশ হৈ উভতি যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[তেওঁ সিহঁতৰ তাওবা কবুল কৰে নে সিহঁতক শাস্তি দিয়ে- এই বিষয়ে তোমাৰ কোনো অধিকাৰ নাই; কাৰণ সিহঁত হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি বিহে; (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে চক্ৰ বৃদ্ধি হাৰত সুত নাখাবা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[আৰু তোমালোকে সেই জুইক ভয় কৰা যিটো কাফিৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[লগতে তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা যাতে তোমালোকে কৃপা লাভ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[আৰু তোমালোকে দ্ৰুত অগ্ৰসৰ হোৱা নিজ প্ৰতিপালকৰ ক্ষমাৰ পিনে আৰু সেই জান্নাতৰ পিনে যাৰ পৰিধি আকাশসমূহ আৰু পৃথিৱীৰ সমান, যিটো প্ৰস্তুত কৰা হৈছে মুত্তাক্বীসকলৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত দান কৰে, আৰু ক্ৰোধ সংবৰণ কৰে তথা মানুহক ক্ষমা কৰে; আল্লাহে (সেই) সৎকৰ্মশীল লোকসকলক ভাল পায়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোনেনো পাপ ক্ষমা কৰিব? আৰু তেওঁলোকে যিটো (গুনাহ) কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="136">
<translation><![CDATA[এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ পুৰস্কাৰ হৈছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা আৰু জান্নাত, যাৰ তলদেশত নদী প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব; আৰু সৎকৰ্মশীল লোকৰ পুৰস্কাৰ কিমান যে উত্তম!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="137">
<translation><![CDATA[নিশ্চয় তোমালোকৰ পূৰ্বে বহু (জাতিৰ) ৰীতি-নীতি অতীত হৈ গৈছে, সেয়ে তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা মিছলীয়াসকলৰ কি পৰিণাম হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="138">
<translation><![CDATA[এইবোৰ হৈছে মানুহৰ বাবে স্পষ্ট বৰ্ণনা আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="139">
<translation><![CDATA[তোমালোকে দুৰ্বল নহ’বা আৰু চিন্তিতও নহ’বা; তোমালোকেই বিজয়ী হ’বা, যদি তোমালোকে মুমিন হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="140">
<translation><![CDATA[(উহুদ যুদ্ধত) যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও (বদৰৰ যুদ্ধত) তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকোঁ, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="141">
<translation><![CDATA[লগতে যাতে আল্লাহে মুমিনসকলক পৰিশুদ্ধ কৰিব পাৰে আৰু কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="142">
<translation><![CDATA[তোমালোকে ভবা নেকি যে, তোমালোকে (এনেই) জান্নাতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজৰ কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্য্যশীল সেয়া প্ৰকাশ কৰা নাই?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="143">
<translation><![CDATA[নিশ্চয় তোমালোকে মৃত্যুৰ সন্মুখীন হোৱাৰ আগত সেয়া (মৃত্যু) কামনা কৰিছিলা, এতেকে এতিয়াতো তোমালোকে নিজ চকুৰে তাক প্ৰত্যক্ষ কৰিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="144">
<translation><![CDATA[আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? প্ৰকৃততে যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="145">
<translation><![CDATA[আল্লাহৰ অনুমতি অবিহনে কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰস্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰোঁ আৰু যিয়ে আখিৰাতৰ পুৰস্কাৰ বিচাৰে আমি তাক তাৰ পৰাই প্ৰদান কৰোঁ, আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰস্কৃত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="146">
<translation><![CDATA[আৰু এনেকুৱা বহুতো নবী আছিল, যিসকলৰ লগত থাকি বহু সংখ্যক (ঈমান আৰু আমলে ছলেহৰ ওপৰত প্ৰশিক্ষণপ্ৰাপ্ত) লোকে যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোকে মনোবল হেৰুৱা নাছিল, দুৰ্বলও হোৱা নাছিল আৰু নত হোৱাও নাছিল; প্ৰকৃততে আল্লাহ ধৈৰ্য্যশীলসকলক ভাল পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="147">
<translation><![CDATA[এই কথাৰ বাহিৰে তেওঁলোকৰ (মুখত) আন কোনো কথা নাছিল, ‘হে আমাৰ প্ৰতিপালক! আমাৰ পাপসমূহ আৰু কৰ্মজীৱনৰ সীমালংঘনসমূহ তুমি ক্ষমা কৰি দিয়া আৰু আমাৰ ভৰিক অবিচল ৰখা, লগতে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="148">
<translation><![CDATA[ফলত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰস্কাৰ আৰু আখিৰাতৰ উত্তম পুৰস্কাৰ প্ৰদান কৰিছে; কাৰণ আল্লাহে সৎকৰ্মশীল লোকসকলক ভালপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="149">
<translation><![CDATA[হে মুমিনসকল! যদি তোমালোকে কাফিৰসকলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক বিপৰীত ফালে (পূৰ্বাৱস্থালৈ) ওভতাই লৈ যাব, ফলত তোমালোক ক্ষতিগ্ৰস্ত হৈ পৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="150">
<translation><![CDATA[বৰং আল্লাহেই হৈছে তোমালোকৰ অভিভাৱক আৰু তেৱেঁই উত্তম সহায়কাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="151">
<translation><![CDATA[অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="152">
<translation><![CDATA[নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱাইছিলা আৰু (ৰাছুলৰ) নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিছিলা আৰু যি তোমালোকে ভালপোৱা (বিজয়) সেয়া দেখুৱাৰ পিছত তোমালোকে অবাধ্য হৈছিলা। কাৰণ, তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমান আছিল আখিৰাতৰ অভিলাষী। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদবৰ্তী কৰালে। তথাপিও (কিন্তু) তেওঁ তোমালোকক ক্ষমা কৰি দিছে। কাৰণ আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="153">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালেই ঘূৰি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফলত তেওঁ (আল্লাহে) তোমালোকক বিপদৰ ওপৰত বিপদ দিছিল, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ বাবে তোমালোকে দুঃখিত নোহোৱা; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="154">
<translation><![CDATA[দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে নিজৰ অন্তৰত এনেকুৱা কিছুমান বিষয় গোপন ৰাখে যিবোৰ তোমাৰ ওচৰত প্ৰকাশ নকৰে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহ’লোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও যিসকলৰ বাবে নিহত হোৱাটো অৱধাৰিত আছিল, সিহঁতে নিশ্চয় নিজৰ মৃত্যুস্থানলৈ ওলাই আহিলহেঁতেন’। এইটো এইকাৰণে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="155">
<translation><![CDATA[যিদিনা দুয়ো দল পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলতে চয়তানে সিহঁতৰ পদস্খলন ঘটাইছিল। নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিঃসন্দেহে আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="156">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে কুফুৰী কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ-বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, ‘সিহঁত যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে সিহঁত নমৰিলহেঁতেন আৰু নিহত নহ’লহেঁতেন’। ফলত আল্লাহে এই বিষয়টোক সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে; দৰাচলতে আল্লাহেই জীৱন দান কৰে আৰু মৃত্যু ঘটায়, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="157">
<translation><![CDATA[যদি তোমালোকে আল্লাহৰ পথত নিহত হোৱা অথবা তোমালোকে মৃত্যুবৰণ কৰা, (তেন্তে জানি থোৱা) আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈও উত্তম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="158">
<translation><![CDATA[আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="159">
<translation><![CDATA[এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহে (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="160">
<translation><![CDATA[আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত কোনেও জয়ী হ’ব নোৱাৰিব; আনহাতে তেওঁ যদি তোমালোকক পৰিত্যাগ কৰে, তেন্তে তেতিয়া তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="161">
<translation><![CDATA[আৰু কোনো নবীৰ বাবে উচিত নহয় যে, তেওঁ ‘গলুল’ (অন্যায়ভাৱে কোনো বস্তু গোপন বা আত্মসাৎ) কৰিব, এইটো অসম্ভৱ। যিয়ে অন্যায়ভাৱে কিবা গোপন কৰিব, কিয়ামতৰ দিনা সি সেই অন্যায়ভাৱে গোপন কৰা বস্তু লগত লৈ উপস্থিত হ’ব। তাৰ পিছত প্ৰত্যেককে তাৰ কৰ্ম অনুসৰি পূৰ্ণ মাত্ৰাত তাৰ প্ৰতিফল প্ৰদান কৰা হ’ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="162">
<translation><![CDATA[যিয়ে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছে, তেওঁ সেই ব্যক্তিৰ দৰে হ’ব পাৰে নেকি যিয়ে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামেই যাৰ আবাস? সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="163">
<translation><![CDATA[আল্লাহৰ ওচৰত তেওঁলোক বিভিন্ন স্তৰৰ; তেওঁলোকে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="164">
<translation><![CDATA[নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="165">
<translation><![CDATA[কি হ’ল তোমালোকৰ! যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিছিল (উহুদৰ যুদ্ধত) তেতিয়া তোমালোকে কৈছিলা, ‘এইটো ক’ৰ পৰা আহিল’? অথচ তোমালোকে (বদৰৰ যুদ্ধত) সিহঁতৰ ওপৰত দ্বিগুণ বিপদ আনিছিলা। কোৱা, ‘এইটো তোমালোকৰ নিজৰ (দোষৰ) কাৰণেই আহিছে’; নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="166">
<translation><![CDATA[আৰু যিদিনা দুয়ো দল পৰস্পৰ সন্মুখীন হৈছিল, সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল; যাতে তেওঁ প্ৰকাশ কৰে, কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="167">
<translation><![CDATA[আৰু মুনাফিকসকলক প্ৰকাশ কৰাৰ বাবে; কাৰণ সিহঁতক কোৱা হৈছিল, ‘আহা, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা প্ৰতিৰক্ষা কৰিবা’। তেতিয়া সিহঁতে কৈছিল, ‘যদি যুদ্ধ হ’ব বুলি আমি জানিলোহেঁতেন তেন্তে আমি নিশ্চয় তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন’। সেইদিনা সিহঁত ঈমানতকৈ কুফৰীৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে, সেই বিষয়ে আল্লাহ অধিক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="168">
<translation><![CDATA[যিসকলে ঘৰতে বহি নিজ ভাতৃসকলৰ বিষয়ে কৈছিল যে, ‘যদি সিহঁত আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ’লহেঁতেন’। সিহঁতক কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="169">
<translation><![CDATA[যিসকলে আল্লাহৰ পথত নিহত হৈছে তেওঁলোকক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত আছে আৰু তেওঁলোকক জীৱিকাও দিয়া হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="170">
<translation><![CDATA[আল্লাহে তেওঁলোকক যি অনুগ্ৰহ প্ৰদান কৰিছে তাকলৈ তেওঁলোক আনন্দিত, আৰু তেওঁলোকে তেওঁলোকৰ পিছফালে এৰি থৈ যোৱা সেইসকল লোকৰ বিষয়েও আনন্দিত হয় যিসকলে এতিয়াও তেওঁলোকৰ সৈতে মিলিত হোৱা নাই, এইকাৰণে যে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="171">
<translation><![CDATA[তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহ পাই আনন্দ প্ৰকাশ কৰে। নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="172">
<translation><![CDATA[যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="173">
<translation><![CDATA[তেওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা উচিত’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু অধিক বৃদ্ধিহে কৰিলে লগতে তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="174">
<translation><![CDATA[তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; (জানি থোৱা) আল্লাহ মহা অনুগ্ৰহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="175">
<translation><![CDATA[দৰাচলতে সেই (ভয় দেখুৱা ব্যক্তি)জন আছিল চয়তান। যিয়ে তোমালোকক তাৰ (কাফিৰ) বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন হোৱা, তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="176">
<translation><![CDATA[যিসকলে কুফুৰীৰ ফালে দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="177">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফুৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="178">
<translation><![CDATA[কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ বাবে মঙ্গলজনক; বৰং আমি সিহঁতক এইকাৰণে অৱকাশ দিওঁ, যাতে সিহঁতৰ পাপৰাশি বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="179">
<translation><![CDATA[পৱিত্ৰক (মুমিনক) অপৱিত্ৰৰ (মুনাফিকৰ) পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা সেই অৱস্থাত আল্লাহে মুমিনসকলক এৰি দিব নোৱাৰে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰাটোও আল্লাহৰ নিয়ম নহয়; কিন্তু (এইক্ষেত্ৰত) আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="180">
<translation><![CDATA[আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে তাকলৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এইটো কল্যাণকৰ। বৰং এই (কৃপণতা) সিহঁতৰ বাবে অমঙ্গল। সিহঁতে যি সম্পত্তিকলৈ কৃপণতা কৰি আছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ স্বত্বাধিকাৰী হৈছে একমাত্ৰ আল্লাহ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="181">
<translation><![CDATA[নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমিহে অভাৱমুক্ত’। নিশ্চয় আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="182">
<translation><![CDATA[এয়াই হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু নিশ্চয় আল্লাহ বান্দাহসকলৰ প্ৰতি অন্যায়কাৰী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="183">
<translation><![CDATA[যিসকলে কয়, ‘নিশ্চয় আল্লাহে আমাক অঙ্গীকাৰ দিছিল যে, আমি যাতে কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কুৰবানী নকৰিব যিটোক অগ্নি শিখাই খাই পেলাব’। সিহঁতক কোৱা, ‘মোৰ আগত বহুতো ৰাছুল স্পষ্ট নিদৰ্শনলৈ আহিছিল আৰু তোমালোকে যি কৈ আছা সেইটোসহ তোমালোকৰ ওচৰলৈ আহিছিল, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কিয় তোমালোকে তেওঁলোকক হত্যা কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="184">
<translation><![CDATA[এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিসকল ৰাছুল স্পষ্ট নিদৰ্শনলৈ, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবলৈ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="185">
<translation><![CDATA[প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব, আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব, তেৱেঁই হৈছে সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="186">
<translation><![CDATA[নিশ্চয় তোমালোকক তোমালোকৰ ধন-সম্পদ আৰু নিজৰ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ’ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্বৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ’ব দৃঢ় সংকল্পৰ কাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="187">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘নিশ্চয় তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’। ইয়াৰ পিছতো সিহঁতে ইয়াক (অগ্ৰাহ্য কৰি) সিহঁতৰ পিছফালে পেলাই দিছিল আৰু তুচ্ছ মুল্যত বিক্ৰী কৰিছিল, গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="188">
<translation><![CDATA[যিসকলে নিজৰ কৃতকৰ্মকলৈ আনন্দ প্ৰকাশ কৰে আৰু যিটো কাম নিজে কৰা নাই তেনেকুৱা কামৰ বাবেও প্ৰশংসিত হ’বলৈ ভালপায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে, সিহঁতে শাস্তিৰ পৰা মুক্তি পাব; সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="189">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্ব একমাত্ৰ আল্লাহৰেই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="190">
<translation><![CDATA[নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত, লগতে ৰাতি আৰু দিনৰ পৰিৱৰ্তনৰ মাজত বিবেকসম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="191">
<translation><![CDATA[যিসকলে থিয় হৈ, বহি আৰু শুই শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, লগতে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="192">
<translation><![CDATA[হে আমাৰ প্ৰতিপালক! ‘তুমি যাক জুইত নিক্ষেপ কৰিবা, নিশ্চয় তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="193">
<translation><![CDATA[হে আমাৰ প্ৰতিপালক! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰা শুনিছোঁ যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰা’। সেয়ে আমি ঈমান আনিছোঁ। হে আমাৰ প্ৰতিপালক! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰি দিয়া, লগতে আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="194">
<translation><![CDATA[হে আমাৰ প্ৰতিপালক! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="195">
<translation><![CDATA[তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰোঁ তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে তথা যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপসমূহ মোচন কৰি দিম আৰু সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। এইটোৱে হৈছে আল্লাহৰ তৰফৰ পৰা পুৰস্কাৰ; আৰু উত্তম পুৰস্কাৰ আল্লাহৰ ওচৰতেই আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="196">
<translation><![CDATA[যিসকলে কুফুৰী কৰিছে, দেশ-বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="197">
<translation><![CDATA[এইবোৰ হৈছে সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="198">
<translation><![CDATA[কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="199">
<translation><![CDATA[আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ প্ৰতি বিনয়াৱনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। তেওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="200">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু ধৈৰ্য্য ধাৰণত প্ৰতিযোগিতা কৰা, লগতে সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকিবা। আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="4">
<aya number="1">
<translation><![CDATA[হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে, আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, লগতে তেজ-সম্পৰ্কীয় আত্মীয়তা ছিন্ন কৰাৰ ক্ষেত্ৰতো ভয় কৰা। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু এতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু (শুনা!) তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজৰ সম্পদৰ সৈতে সিহঁতৰ সম্পদ মিশ্ৰিত কৰি গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যদি তোমালোকে অশংকা কৰা যে, এতীম ছোৱালীসকলৰ প্ৰতি তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে (স্বাধীন) নাৰীসকলৰ মাজৰ পৰা যাক তোমালোকৰ ভাল লাগে দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰিব পাৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰোৱা) অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা ৰক্ষা পোৱাৰ এইটোৱেই হৈছে সম্ভৱপৰ উপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু তোমালোকে নাৰীসকলক সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; ইয়াৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰ সৈতে তৃপ্তিসহকাৰে ভোগ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন-সম্পদ অৰ্পণ নকৰিবা; যিবোৰক আল্লাহে তোমালোকৰ জীৱিকাৰ মাধ্যম বনাইছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা-বোৱা পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু তোমালোকে এতীমসকলক সিহঁতৰ বিবাহৰ বয়সত উপনীত নোহোৱালৈকে পৰীক্ষা কৰিবা; তাৰ পিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক ওভতাই দিবা, আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে (সিহঁতৰ সম্পদ) লৰা-লৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। যিজন অভাৱমুক্ত তেওঁ যেন নিবৃত্ত থাকে আৰু যিজন বিত্তহীন তেওঁ যেন সংযত পৰিমাণে ভোগ কৰে। তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ ওভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা; আৰু হিচাপ গ্ৰহণত আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া কম হওক বা বেছি, এইটো নিৰ্ধাৰিত অংশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু সম্পত্তি বণ্টন কৰাৰ সময়ত আত্মীয়-স্বজন, এতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা, আৰু সিহঁতৰ লগত সদালাপ কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু সিহঁতৰ ভয় কৰা উচিত যে, যদি সিহঁতে নিজৰ পিছত নিঃসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ’লহেঁতেন। এতেকে সিহঁতে যেন আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু সঙ্গত কথা কয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় যিসকলে এতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ পাব; আনহাতে (মৃত ব্যক্তি) নিঃসন্তান হ’লে, লগতে পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বণ্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকে পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে, কিন্তু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ উত্তৰাধিকাৰী হয় (অৰ্থাৎ পিতৃ-মাতৃ আৰু সন্তান-সন্ততি নথকা অৱস্থাত কাৰোবাৰ মৃত্যু হয়), আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে (অংশ হ’ব) ছয় ভাগৰ এভাগ। আনহাতে সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; কাৰো ক্ষতি নকৰাকৈ এইবোৰ বণ্টন কৰা হ'ব অছিয়ত পূৰণ কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহা সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আনহাতে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; লগতে তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু তোমালোকৰ নাৰীসকলৰ মাজৰ পৰা যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন (পুৰুষ) সাক্ষী তলব কৰা। এতেকে যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰাখা যেতিয়ালৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু তোমালোকৰ মাজৰ যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[নিশ্চয় আল্লাহে সেইসকল লোকৰ তাওবা কবুল কৰে যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰি পেলায় আৰু লগে লগে তাওবা কৰে, এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তাওবা আল্লাহে কবুল কৰে। (জানি থোৱা) আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[পক্ষান্তৰে তাওবা সিহঁতৰ বাবে নহয় যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছোঁ’, এইদৰে সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নিজকে নাৰীসকলৰ উত্তৰাধিকাৰী বুলি গণ্য কৰাটো তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (যেনে- ব্যভিচাৰ বা গিৰিয়েকৰ অবাধ্যাচৰণ তেন্তে সেয়া সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন-যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ থিৰ কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা, তথাপিও তাইৰ পৰা একোৱেই ওভতাই নল’বা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা? অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা (সম্ভোগ কৰিছা) আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজীসকলক, ভাগিনীসকলক, ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সেই স্ত্ৰীৰ সৈতে সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীয়েক-বায়েকক (বিবাহ বন্ধনত) একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু নাৰীসকলৰ মাজৰ তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ হৈছে আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য সকলো নাৰীক বিবাহ কৰাটো তোমালোকৰ বাবে বৈধ কৰা হৈছে, এই চৰ্তত যে তোমালোকে সিহঁতক নিজৰ সম্পদৰ বিনিময়ত (মোহৰ প্ৰদান কৰি) বিবাহৰ মাধ্যমত গ্ৰহণ কৰিবা, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজৰ যিসকলৰ সৈতে তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু তোমালোকৰ মাজৰ যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁতে ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; (দাসী বিবাহৰ) এই বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে, যিসকলে ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা কৰে; আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মঙ্গল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আল্লাহে তোমালোকৰ ওচৰত (তেওঁৰ বিধান) বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আনহাতে যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল হিচাপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায়-বাণিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজক হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[তোমালোকক যি নিষেধ কৰা হৈছে, তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা, তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম, আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু তোমালোকে সেইবোৰ বস্তুৰ আকাংক্ষা নকৰিবা, যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষসকলে যি অৰ্জন কৰে সেয়া সিহঁতৰ প্ৰাপ্য অংশ আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ; (গতিকে তোমালোকে) আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত (নাৰী-পুৰুষ) প্ৰত্যেককে আমি উত্তৰাধিকাৰী কৰিছোঁ আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতৰ (প্ৰাপ্য) অংশ সিহঁতক দি দিয়া। নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এইবাবেও যে, পুৰুষসকলে (নাৰীসকলৰ ওপৰত) নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে, লগতে তেওঁলোকে মানুহৰ দৃষ্টিৰ অন্তৰালতো (স্বামীৰ সম্পদ আৰু নিজৰ মান-সন্মান) সংৰক্ষণ কৰে, যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলকলৈ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা, লগতে সিহঁতক (শাসনমূলক) প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, এতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[(আল্লাহে সিহঁতকো ভাল নাপায়) যিসকলে নিজে কৃপণতা কৰে আৰু মানুহকো কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে (আল্লাহে সিহঁতকো ভাল নাপায়) আৰু চয়তান যাৰ সংগী হয়, তাৰ সংগী কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে, আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে, সিহঁতৰ কি ক্ষতি হ’লহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেন্তে তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে, আনকি নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী (নবী) উপস্থিত কৰিম আৰু তোমাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁত যদি মাটিৰ লগত মিহলি সমান হৈ গ’লহেঁতেন! আৰু সিহঁতে (সেইদিনা) আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহ’বা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয়, যেতিয়ালৈকে তোমালোকে গোছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰেই চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট, লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে যিসকলে (তাওৰাতৰ) কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু (মুহাম্মদক) কয়, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ, আৰু (সিহঁতে কয়) শুনিবা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলোঁ আৰু মানিলোঁ, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ মাজৰ অতি কম সংখ্যক লোকে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক(শনিবাৰ অমান্যকাৰীসকলক) যিদৰে অভিসম্পাত কৰিছিলোঁ সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা; (জানি থোৱা) আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা কৰে পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব’ত (চয়তান, শ্বিৰ্ক আৰু যাদু আদি) আৰু তাগুতক (বাতিল উপাস্যক) বিশ্বাস কৰে, লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[(আল্লাহৰ) ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি? (সঁচাই যদি থাকিলহেঁতেন) তেতিয়াহ’লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেইকাৰণে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; প্ৰকৃততে দগ্ধ কৰিবলৈ জাহান্নামেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব (দগ্ধ হ’ব), তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতিশীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, লগতে তাত থাকিব তেওঁলোকৰ বাবে পৱিত্ৰ স্ত্ৰী, আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[সিহঁতক যেতিয়া কোৱা হয়, আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[এতেকে তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব, যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুছিবতত পতিত হ’ব? তাৰ পিছত সিহঁতে আল্লাহৰ শপতলৈ তোমাৰ ওচৰত আহি ক’ব, ‘আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[এওঁলোকৰ অন্তৰত যি আছে সেয়া আল্লাহে ভালদৰেই জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ সৈতে সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আৰু আমি প্ৰতিজন ৰাছুলকে এইকাৰণে প্ৰেৰণ কৰিছোঁ, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়। এতেকে যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰিছিল তেতিয়া যদি সিহঁত তোমাৰ ওচৰলৈ আহিলহেঁতেন, আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, লগতে ৰাছুলেও যদি সিহঁতৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পালেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত (কেতিয়াও প্ৰকৃত) মুমিন হ’ব নোৱাৰে যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যৰ বাবে তোমাক মীমাংসাকাৰী হিচাপে মানি নল’ব; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে, লগতে যেতিয়ালৈকে সৰ্বান্তকৰণে সেই সিদ্ধান্তক মানি নল’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে, তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে, নিশ্চয় সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন আৰু চিত্তস্থিৰতাত সিহঁত দৃঢ়তৰ হ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু তেতিয়া আমি নিশ্চয় সিহঁতক আমাৰ তৰফৰ পৰা মহাপুৰস্কাৰ প্ৰদান কৰিলোহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু নিশ্চয় সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেইসকল লোকৰ সঙ্গী হ’ব যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে, তেওঁলোক হৈছে নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- আৰু তেওঁলোক কিমান যে উত্তম সঙ্গী!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰিব। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি ক’ব, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে নিশ্চয় সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোঁহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোঁহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। কাৰণ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব তেওঁ শ্বহীদ হওক অথবা জয়লাভ কৰক, আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ প্ৰতিপালক! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা, ইয়াৰ অধিবাসীসকল হৈছে অত্যাচাৰী; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি ভয় কৰিছিল আৰু কৈছিল, ‘হে আমাৰ প্ৰতিপালক! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস অতি সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণেই হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[যিয়ে ৰাছুলৰ আনুগত্য কৰে, তেওঁ দৰাচলতে আল্লাহৰেই আনুগত্য কৰে। আনহাতে যিয়ে বিমুখ হয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘(আমি) আনুগত্য কৰোঁ’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া সিহঁতৰ এটা দলে যি কয় ৰাতিত তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[সিহঁতে কোৰআনকলৈ গভীৰভাৱে চিন্তা-চৰ্চা নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু যেতিয়া সিহঁতৰ ওচৰলৈ শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি ফুৰে। যদি সিহঁতে সেই সংবাদটো ৰাছুল অথবা সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে তেওঁলোকে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[যিয়ে ভাল কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। (জানি থোৱা) আল্লাহ প্ৰতিটো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তমৰূপে ছালামৰ উত্তৰ দিবা নাইবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ’ব পাৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[তোমালোকৰ কি হৈছে যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[কিন্তু (সিহঁতৰ মাজৰ সেইসকল লোকক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[তোমালোকে অনতিপলমে কিছুমান লোকক দেখিবলৈ পাবা, যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিছে তেন্তে তাৰ কৰ্তব্য হৈছে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা তেওঁৰ কৰ্তব্য। আনহাতে যদি (মুক্ত কৰিবলৈ কোনো দাস) নাপায় (বা মুক্ত কৰাৰ সামৰ্থ নাথাকে) তেন্তে তেওঁ একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[পক্ষান্তৰে যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হয়, লগতে তাৰ ওপৰত অভিসম্পাত কৰে আৰু তাৰ বাবে প্ৰস্তুত ৰাখিছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় তথাপিও ঘৰত বহি থাকে, আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে যিসকলে ঘৰত বহি থাকে, আল্লাহে প্ৰত্যেককে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। আল্লাহে মুজাহিদসকলক মহাপুৰস্কাৰৰ জৰিয়তে ঘৰত বহি থকা লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[এইবোৰ হৈছে তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলোঁ’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰিও নাপায় (সিহঁতৰ বিষয়টো সুকীয়া)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[আল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব তেওঁ পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; লগতে আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিব তাৰ পুৰস্কাৰৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[আৰু তোমালোকে যেতিয়া দেশ-বিদেশলৈ ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ (সংক্ষিপ্ত) কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[আৰু যেতিয়া তুমি সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল যাতে তোমাৰ সৈতে থিয় হয় আৰু সিহঁত যেন সশস্ত্ৰ থাকে। এতেকে সিহঁতৰ ছাজদাহ (নামাজ পঢ়া) কৰা হ’লে সিহঁত যেন তোমালোকৰ পিছফালে গৈ অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাছিল সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[এতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰাটো মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[আৰু শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহ’বা। যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যিটো আশা কৰা সিহঁতে সেইটো আশা নকৰে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ প্ৰতি সত্য সহকাৰে কিতাব অৱতীৰ্ণ কৰিছোঁ, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; লগতে (জানি থোৱা) তুমি বিশ্বাস ভংগকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভংগকাৰী পাপীক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে অথচ আল্লাহৰ পৰা গোপন নকৰে, অথচ তেওঁ সিহঁতৰ লগতেই আছে, যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[চোৱা, তোমালোকেই সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা; কিন্তু ক্বিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব অথবা কোন হ’ব সিহঁতৰ তত্ত্বাৱধায়ক?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[আনহাতে (যদি) কোনোবাই পাপ কাম কৰে অথবা নিজৰ ওপৰত অন্যায় কৰে, তাৰ পিছত (যদি) আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে তেন্তে তেওঁ (নিশ্চয়) আল্লাহক ক্ষমাশীল, পৰম দয়ালুৰূপে পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[এতেকে যিয়ে পাপ কাম কৰে, প্ৰকৃততে সি নিজৰেই ক্ষতি কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[লগতে যি ব্যক্তিয়ে কোনো অপৰাধ কৰে বা পাপ কাম কৰে, তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিলৈ আৰোপ কৰে, তেন্তে সি দৰাচলতে মিছা অপবাদ আৰু স্পষ্ট গুণাহৰ বোজাহে বহন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰে কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে (তাৰ পৰামৰ্শত) যিয়ে ছাদাকাহ, সৎকৰ্ম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[আৰু যাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছতো ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই ওভতাই দিম যিফালে সি উভতি যায়, আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰিব। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা কৰিব ক্ষমা কৰি দিব আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে লগতে বিদ্ৰোহী চয়তানৰ পূজা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[আল্লাহে তাক (চয়তানক) অভিসম্পাত কৰিছে আৰু সি (চয়তানে) কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, লগতে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু নিশ্চয় মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টিকো বিকৃত কৰিব’। এতেকে যিয়ে আল্লাহৰ পৰিবৰ্তে চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিব সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[সি (চয়তানে) সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, (জানি থোৱা) চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিহে দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[এইসকল লোকৰেই আশ্ৰয়স্থল হৈছে জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অনতিপলমে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ’ব পাৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[(শেষ পৰিণতি) তোমালোকৰ আশাৰ ওপৰত অথবা কিতাবীসকলৰ কামনাৰ ওপৰত নিৰ্ভৰ নকৰে; বৰং যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব, আৰু সি এইক্ষেত্ৰত আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[আনহাতে পুৰুষেই হওক বা নাৰী যিয়েই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব পাৰে? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, (জানি থোৱা) আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহে সকলোকে (নিজৰ জ্ঞানৰ দ্বাৰা) পৰিবেষ্টন কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু কিতাবৰ পৰা তোমালোকক যি পাঠ কৰি শুনোৱা হয়, সেইটো হৈছে সেইসকল পিতৃহীন নাৰীৰ বিধান যিসকলৰ নিৰ্ধাৰিত প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিবলৈ আগ্ৰহী (নহয়)। লগতে অসহায় শিশুসকলৰ বিষয়ে বিধান এই যে, ন্যায়পৰায়ণতাৰ সৈতে তোমালোকে এতীমসকলক চোৱাচিতা কৰা। এতেকে (জানি থোৱা) তোমালোকে যি সৎকৰ্মই নকৰা কিয় নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ ফালৰ পৰা দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে তেন্তে সিহঁত উভয়ে আপোচ-নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণাহ নাই; আৰু আপোচ-নিষ্পত্তি কৰাটোৱেই শ্ৰেয়। মানুহৰ অন্তৰত লোভণীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাক্বী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে ধাৱিত নহ’বা আৰু আনজনীক ওলোমা অৱস্থাত এৰি নিদিবা; যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[আৰু যদি সিহঁতে পৰস্পৰে পৃথক হৈ যায় তেন্তে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব; আল্লাহ প্ৰাচুৰ্যময়, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছোঁ যে, তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আৰু যদি তোমালোকে কুফৰী কৰা তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। (এতেকে জানি থোৱা) কৰ্ম-বিধায়ক হিচাপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি অন্য লোকক আনিব পাৰে; আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে (সি জানি লোৱা উচিত যে) পৃথিৱী আৰু আখিৰাতৰ পুৰস্কাৰ কেৱল আল্লাহৰ ওচৰতেই আছে; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা, আল্লাহৰ উদ্দেশ্যে সাক্ষী দিবা, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধেই নহওক কিয়, সি বিত্তবানে হওক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="136">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁ তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান পোষণ কৰা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল। আনহাতে যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ কিতাপসমূহক, তেওঁৰ ৰাছুলসকলক আৰু শেষ দিৱসক অস্বীকাৰ কৰিব, সি দৰাচলতে ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="137">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰী কৰিছে, আকৌ ঈমান আনিছে আকৌ কুফৰী কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰী প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখুৱাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="138">
<translation><![CDATA[মুনাফিকসকলক সুসংবাদ দিয়া যে, নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="139">
<translation><![CDATA[মুমিনসকলৰ পৰিবৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="140">
<translation><![CDATA[কিতাবত তেওঁ তোমালোকৰ বাবে (এই বিধান) অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে শুনিবা যে, আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰা হৈ আছে আৰু বিদ্ৰূপ কৰা হৈ আছে তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়ালৈকে সিহঁতে বেলেগ কোনো প্ৰসঙ্গলৈ ঘূৰি নাহে; অন্যথা তোমালোকেও সিহঁতৰ দৰেই গণ্য হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="141">
<translation><![CDATA[যিসকলে তোমালোকৰ অমঙ্গলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকে বিজয় লাভ কৰা তেন্তে সিহঁতে কয়, ‘আমি তোমালোকৰ লগত নাছিলোনে’? আনহাতে যদি কাফিৰসকলে আংশিক জয়লাভ কৰে তেন্তে কয়, ‘আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলোনে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে’? এতেকে আল্লাহে ক্বিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ (উন্মুক্ত) নাৰাখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="142">
<translation><![CDATA[নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰিব বিচাৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতা কৰি কেৱল মানুহক দেখুৱাবলৈ ছালাতত থিয় হয়। আল্লাহক সিহঁতে খুবেই কম স্মৰণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="143">
<translation><![CDATA[সিহঁত দোদুল্যমান অৱস্থাত থাকে, ইফালেও নহয় সিফালেও নহয়। আল্লাহে যাক পথভ্ৰষ্ট কৰে, তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="144">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচৰা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="145">
<translation><![CDATA[নিশ্চয় মুনাফিকসকলে জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="146">
<translation><![CDATA[কিন্তু যিসকলে তাওবা কৰে, নিজকে সংশোধন কৰে, আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে, লগতে আল্লাহৰ উদ্দেশ্যে নিৰ্ভেজালভাৱে নিজৰ দ্বীন পালন কৰে, তেন্তে তেওঁলোক মুমিনসকলৰ লগত থাকিব। (জানি থোৱা) শীঘ্ৰেই আল্লাহে মুমিনসকলক মহাপুৰস্কাৰ প্ৰদান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="147">
<translation><![CDATA[যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ঈমান পোষণ কৰা, তেনেহ’লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ’ব? (জানি থোৱা) প্ৰকৃততে আল্লাহ হৈছে গুণগ্ৰাহী, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="148">
<translation><![CDATA[বেয়া কথা প্ৰকাশ কৰাক আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত অত্যাচাৰ কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="149">
<translation><![CDATA[যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দোষ ক্ষমা কৰা তেন্তে আল্লাহেও দোষ মোচনকাৰী, ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="150">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান পোষণ কৰোঁ আৰু কিছুমানৰ লগত কুফৰী কৰোঁ’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="151">
<translation><![CDATA[ইহঁতেই হৈছে প্ৰকৃত কাফিৰ; (জানি থোৱা) আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="152">
<translation><![CDATA[আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দিয়া হ’ব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="153">
<translation><![CDATA[কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰী এটাক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলোঁ আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="154">
<translation><![CDATA[আৰু সিহঁতৰ অঙ্গীকাৰ গ্ৰহণ কৰিবলৈ তূৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলোঁ আৰু সিহঁতক কৈছিলোঁ, ‘শিৰ নত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা’। আমি সিহঁতক আৰু কৈছিলোঁ যে, ‘শনিবাৰে (বিশ্ৰামৰ দিনা মাছ ধৰি) সীমালংঘন নকৰিবা’, লগতে আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="155">
<translation><![CDATA[তাৰ পিছত (সিহঁতক শাস্তি দিয়া হৈছিল) কাৰণ সিহঁতে অঙ্গীকাৰ ভংগ কৰিছিল, আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু এই বুলি কৈছিল যে, ‘আমাৰ হৃদয়সমূহ আচ্ছাদিত’। বৰং সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছিল। গতিকে সিহঁতৰ কেৱল কিছুসংখ্যক লোকেই ঈমান আনিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="156">
<translation><![CDATA[লগতে সিহঁতে কুফৰী কৰাৰ কাৰণে আৰু মাৰয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদ আৰোপ কৰাৰ কাৰণে (অভিশপ্ত হৈছিল)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="157">
<translation><![CDATA[লগতে সিহঁতৰ এই উক্তিৰ কাৰণে (অভিশপ্ত হৈছিল) যে, আমিয়েই আল্লাহৰ ৰাছুল মাৰয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছিলোঁ। অথচ সিহঁতে তেওঁক হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (বেলেগ এজন লোকক) তেওঁৰ সদৃশ কৰি দিয়া হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত এই বিষয়ে সন্দেহত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="158">
<translation><![CDATA[বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="159">
<translation><![CDATA[কিতাবীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তেওঁৰ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ঈমান আনিব আৰু ক্বিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="160">
<translation><![CDATA[বহুতো পৱিত্ৰ বস্তু আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলোঁ যিবোৰ সিহঁতৰ বাবে হালাল আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="161">
<translation><![CDATA[লগতে সিহঁতৰ সুত গ্ৰহণৰ কাৰণে, অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল; আৰু অন্যায়ভাৱে মানুহৰ ধন-সম্পদ গ্ৰাস কৰাৰ কাৰণেও। আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="162">
<translation><![CDATA[কিন্তু সিহঁতৰ মাজৰ গভীৰ জ্ঞানী লোকসকলে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ঈমান পোষণ কৰে। ছালাত প্ৰতিষ্ঠা কৰে, যাকাত প্ৰদান কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, অতিসোনকালে আমি এইসকল লোকক মহা পুৰস্কাৰ দান কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="163">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইউব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলোঁ, লগতে দাঊদক প্ৰদান কৰিছিলোঁ যাবূৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="164">
<translation><![CDATA[আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছোঁ আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই, (জানি থোৱা) আল্লাহে মুছাৰ সৈতে সুস্পষ্টৰূপে কথা কৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="165">
<translation><![CDATA[সুসংবাদবাহী আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="166">
<translation><![CDATA[কিন্তু আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তেওঁ নিজেই তাৰ সাক্ষী। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে, যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="167">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰিছে, সিহঁত নিশ্চিতৰূপে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="168">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু অন্যায়-অত্যাচাৰ কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="169">
<translation><![CDATA[কেৱল জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="170">
<translation><![CDATA[হে মানৱজাতি! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান পোষণ কৰা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব। আনহাতে যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="171">
<translation><![CDATA[হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু (সীমালংঘন) নকৰিবা আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নক’বা। মাৰয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণীহে, যিটো তেওঁ মাৰয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা আৰু (আল্লাহক) তিনি বুলি নক’বা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহেই হৈছে একমাত্ৰ ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্ম-বিধায়কৰূপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="172">
<translation><![CDATA[মছীহে আল্লাহৰ বান্দা হ’বলৈ কেতিয়াও তাচ্ছিল্য বোধ নকৰে, আৰু ঘনিষ্ট ফিৰিস্তাসকলেও নকৰে। দৰাচলতে যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰে আৰু অহংকাৰ কৰে, তেওঁ সিহঁত আটাইকে শীঘ্ৰেই তেওঁৰ ওচৰত একত্ৰিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="173">
<translation><![CDATA[আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক তেওঁলোকৰ পুৰস্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব, লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। আনহাতে যিসকলে (আল্লাহৰ ইবাদত কৰাক) তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি দিব। আল্লাহৰ বাহিৰে সিহঁতে কোনো অভিভাৱক আৰু সহায়ক নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="174">
<translation><![CDATA[হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="175">
<translation><![CDATA[এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু তেওঁলোকক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="176">
<translation><![CDATA[মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে। কোৱা, পিতৃ-মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে, কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাব। আৰু যদি তাই (মৃত নাৰী) সন্তানহীনা হয় তেনেহ’লে তাইৰ ভায়েক বা ককায়েক তাইৰ উত্তৰাধিকাৰী হ’ব। এইদৰে যদি দুজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাইহঁতে তাৰ পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ পাব। আৰু যদি কেইবাজনো ভাই-ককাই বা বাই-ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। তোমালোকে পথভ্ৰষ্ট হ’বা- এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে; (জানি থোৱা) আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="5">
<aya number="1">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ (আৰু চুক্তিসমূহ) পূৰণ কৰা। যিবোৰ (জন্তুৰ কথা) তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা, আনহাতে পাপকৰ্ম আৰু সীমালংঘনত এজনে আনজনক সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে ভক্ষণ কৰা জন্তু কিন্তু যিটোক তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। এতেকে যিয়ে পাপকৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিছে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[মানুহে তোমাক প্ৰশ্ন কৰে, সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে? কোৱা, ‘তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হৈছে, আৰু চিকাৰী জীৱ-জন্তু যিবোৰক তোমালোকে চিকাৰ প্ৰশিক্ষণ দিছা, তোমালোকে সেইবোৰক সেই শিক্ষাই দিছা, যি শিক্ষা আল্লাহে তোমালোকক শিকাইছে। এতেকে এনেকুৱা (চিকাৰী) জীৱ-জন্তুৱে তোমালোকৰ বাবে যি ধৰি আনে সেইবোৰ তোমালোকে খোৱা, অৱশ্যে তাৰ ওপৰত (অৰ্থাৎ এৰি দিয়াৰ সময়ত) আল্লাহৰ নাম ল’বা, আৰু (শুনা) তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰৱ্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্যদ্ৰৱ্যও সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে, যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। (জানি থোৱা) যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব, নিশ্চয় তাৰ আমল নিষ্ফল হৈ যাব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধুই ল’বা লগতে কিলাকুটিলৈকে হাত ধুই ল’বা, তোমালোকৰ মূৰ মছেহ কৰিবা আৰু সৰুগাঁঠিলৈকে ভৰি ধুই ল’বা, আনহাতে যদি তোমালোকে জুনুবী অৱস্থাত থাকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰি ল’বা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থাকা নাইবা তোমালোকৰ মাজৰ যিয়ে মল-মুত্ৰ ত্যাগ কৰি আহিছে অথবা স্ত্ৰীৰ লগত সহবাস কৰিছে আৰু (পৱিত্ৰ হ’বলৈ) পানী পোৱা নাই তেন্তে (তেনে সময়ত) পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰি ল’বা, অৰ্থাৎ তাৰ দ্বাৰা মুখমণ্ডল আৰু হাত (ৰ সৰুগাঁঠিলৈকে) মছেহ কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা জাপি দিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু স্মৰণ কৰা, তোমালোকৰ ওপৰত থকা আল্লাহৰ নিয়ামতবোৰৰ কথা আৰু সেই অঙ্গীকাৰৰ কথা যিটো তেওঁ তোমালোকৰ পৰা লৈছিল, যেতিয়া তোমালোকে কৈছিলা, ‘আমি শুনিলোঁ আৰু মানি ল’লোঁ’, গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁত হৈছে প্ৰজ্বলিত জুইৰ আধিবাসী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহে কৰা নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল, তাৰ পিছত আল্লাহেই সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত ৰাখিছিল। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে ভৰসা কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু নিশ্চয় আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল, আৰু সিহঁতৰ মাজৰ পৰা বাৰজন লোকক আমি দলপতি নিযুক্ত কৰি প্ৰেৰণ কৰিছিলোঁ। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছোঁ, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা তথা সহায়-সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেন্তে নিশ্চয় আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলদেশত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফুৰী কৰিব সি নিশ্চিতভাৱে সৰল পথৰ পৰা আঁতৰি যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভংগ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছোঁ আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছোঁ, সিহঁতে শব্দবোৰক স্ব-স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰীসকলক ভালপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলোঁ; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ সক্ৰিয় কৰি ৰাখিছোঁ। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[হে কিতাবীসকল! নিশ্চয় তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। নিশ্চয় আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি তথা স্পষ্ট কিতাব তোমালোকৰ ওচৰলৈ আহিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[নিশ্চয় সিহঁতে কুফুৰী কৰিছে যিসকলে কয় যে, ‘মাৰয়ামৰ পুত্ৰ মছীহেই হৈছে আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছীহ ইবনে মাৰয়ামক আৰু তেওঁৰ মাকক লগতে পৃথিৱীত থকা সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[ইয়াহূদী আৰু নাছাৰাসকলে কয়, ‘আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয়পাত্ৰ’। কোৱা, ‘তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিব? বৰং তোমালোকেও সিহঁতৰ দৰেই মানুহ, যিসকলক তেওঁ সৃষ্টি কৰিছে। যাক ইচ্ছা কৰে তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁ শাস্তি দিয়ে, আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই, আৰু তেওঁৰ ওচৰলৈকেই উভতি যাব লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা (দীৰ্ঘ) বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল (মুহাম্মদ) আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্টভাৱে (চৰীয়ত) ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰলৈ কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। এতেকে (জানি থোৱা) নিশ্চয় এতিয়া তোমালোকৰ ওচৰলৈ সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে তোমালোকৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা-বাদশ্বাহ বনাইছিল। লগতে তোমালোকক সেইটো প্ৰদান কৰিছিল যিটো সৃষ্টিজগতৰ কাকো দান কৰা নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ বাবে যিটো পৱিত্ৰ ভূমি লিখি দিছে তাত তোমালোকে প্ৰৱেশ কৰা আৰু পশ্চাদপসৰণ নকৰিবা, এনে কৰিলে তোমালোকে ক্ষতিগ্ৰস্ত হৈ প্ৰত্যাৱৰ্তন কৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে মুছা! নিশ্চয় তাত এটা শক্তিশালী সম্প্ৰদায় আছে আৰু সিহঁত তাৰ পৰা ওলাই নোযোৱালৈকে আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ। এতেকে সিহঁত তাৰ পৰা ওলাই গ'লে নিশ্চয় আমি তাত প্ৰৱেশ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[যিসকলে ভয় কৰিছিল সিহঁতৰ মাজৰ দুজনে, যি দুজনৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছিল, সিহঁতে ক’লে, ‘তোমালোকে সিহঁতৰ মুকাবিলা কৰি নগৰদ্বাৰত প্ৰৱেশ কৰা, প্ৰৱেশ কৰিলেই তোমালোকে জয়লাভ কৰিবা আৰু যদি তোমালোকে মুমিন হোৱা, তেনেহ’লে আল্লাহৰ ওপৰতেই ভৰসা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে মুছা! সিহঁত যেতিয়ালৈকে তাত থাকিব আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ, এতেকে তুমি আৰু তোমাৰ প্ৰতিপালকে গৈ যুদ্ধ কৰাগৈ। নিশ্চয় আমি ইয়াতেই বহি থাকিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰতে মোৰ কোনো আধিপত্য নাই, গতিকে তুমি আমাৰ আৰু ফাছিক্ব সম্প্ৰদায়ৰ মাজত বিচ্ছেদ কৰি দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আল্লাহে ক’লে, ‘তেনেহ’লে ইয়াক (এই ভূমিক) সিহঁতৰ ওপৰত চল্লিশ বছৰলৈকে নিষিদ্ধ কৰা হ’ল, সিহঁতে পৃথিৱীত উদ্ভ্ৰান্ত হৈ ঘূৰি ফুৰিব, গতিকে তুমি ফাছিক্ব সম্প্ৰদায়ৰ বাবে দুখ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু তুমি আদমৰ দুই পুত্ৰৰ (হাবীল আৰু কাবীলৰ) ঘটনাটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা। যেতিয়া সিহঁত উভয়ে কুৰবানী কৰিছিল, ফলত এজনৰ পৰা (কুৰবানী) কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল।(যাৰ কুৰবানী কবূল হোৱা নাছিল) সি ক’লে, ‘নিশ্চয় মই তোমাক হত্যা কৰিম’। আনজনে ক’লে, ‘নিশ্চয় আল্লাহে কেৱল মুত্তাক্বীসকলৰ পৰাই (কুৰবানী) কবুল কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[‘মোক হত্যা কৰিবলৈ তুমি মোৰ প্ৰতি তোমাৰ হাত প্ৰসাৰিত কৰিলেও, তোমাক হত্যা কৰিবলৈ মই কিন্তু তোমাৰ প্ৰতি মোৰ হাত প্ৰসাৰিত নকৰোঁ; নিশ্চয় মই আল্লাহক ভয় কৰোঁ, তেৱেঁই সৃষ্টিজগতৰ প্ৰতিপালক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘নিশ্চয় মই বিচাৰোঁ তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা, ইয়াৰ ফলত তুমি জাহান্নামৰ অধিবাসী হ’বা, আৰু এইটোৱেই হৈছে যালিমসকলৰ প্ৰতিদান’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[তথাপিও তাৰ ভায়েকক হত্যা কৰিবলৈ তাৰ নফছে (প্ৰবৃত্তিয়ে) তাক উচটনি দিলে। ফলত সি তাক হত্যা কৰিলে আৰু এইদৰে সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[তাৰ পিছত আল্লাহে এটা কাউৰী পঠালে, যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুওৱাবলৈ মাটি খুচৰিবলৈ ধৰিলে। (এই দেখি) সি ক’লে, ‘হায়! মই এই কাউৰীটোৰ দৰেও হ’ব নোৱাৰিলোনে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ? ফলত সি অনুতপ্ত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[এই কাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলোঁ যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। নিশ্চয় সিহঁতৰ ওচৰলৈ আমাৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই হৈছে সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[কিন্তু সিহঁতৰ বাহিৰে, যিসকলে তোমালোকৰ আয়ত্তাধীনত অহাৰ পূৰ্বেই তাওবা কৰিছে। এতেকে জানি থোৱা যে, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য লাভৰ উপায় অন্বেষণ কৰা লগতে তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[নিশ্চয় যিসকলে কুফুৰী কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হয় লগতে ইয়াৰ সমপৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণ হিচাপে দিব পাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ’ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[চোৰ পুৰুষ আৰু চোৰ নাৰী উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তি; (জানি থোৱা) আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[এতেকে সীমালংঘন কৰাৰ পিছত যদি কোনোবাই তাওবা কৰে আৰু নিজকে সংশোধন কৰে তেন্তে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[তুমি নাজানা নেকি যে, আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই? তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী হৈছে, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ (আৰু অনুসৰণ কৰিবলৈ) অধিক তৎপৰ, অন্যান্য যিবোৰ সম্প্ৰদায় তোমাৰ ওচৰলৈ অহা নাই ইহঁতে সেইসকল লোকৰ বাবে (তোমাৰ কথাত) কাণ পাতি (চোৰাংচোৱাগিৰি কৰি) থাকে। (তাওৰাতৰ) শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[সিহঁতে মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰলৈ আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰীসকলক ভালপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু সিহঁতে কেনেকৈ তোমাক ফয়চালাকাৰী বনায়? অথচ সিহঁতৰ ওচৰত আছে তাওৰাত, য’ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ (সত্যতাৰ) সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা, আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নল’বা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে কাফিৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু তাত (তাওৰাতত) আমি সিহঁতৰ বাবে (এই বিধান) অত্যাৱশ্যক কৰি দিছিলোঁ যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। এতেকে কোনোবাই ক্ষমা কৰিলে তাৰ বাবে সেইটো কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু আমি তেওঁলোকৰ পিছতেই মাৰয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ, তেওঁৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সমৰ্থক হিচাপে। আমি তেওঁক ইঞ্জীল প্ৰদান কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, আৰু এইখনেও তাৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সত্যতাৰ সমৰ্থনকাৰী আছিল, লগতে তাত আছিল মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[ইঞ্জীলৰ অনুসাৰীসকলে সেই অনুসাৰেই ফয়চালা কৰা উচিত, যিবোৰ বিধান আল্লাহে তাত অৱতীৰ্ণ কৰিছে। কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৱে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[(আকৌ কৈছোঁ) আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ মাজত বিচাৰ নিষ্পত্তি কৰা, আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, লগতে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা, কাৰণ আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে যাতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে। নিশ্চয় মানুহৰ মাজৰ বহুতেই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[সিহঁতে জাহিলিয়্যাত যুগৰ বিচাৰ-ব্যৱস্থা কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিচাৰ-ব্যৱস্থা প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁত হৈছে পৰস্পৰে পৰস্পৰৰ বন্ধু। তোমালোকৰ মাজৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন বুলি গণ্য হ’ব। নিশ্চয় আল্লাহে অত্যাচাৰী সম্প্ৰদায়ক হিদায়ত নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[এতেকে যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতিসোনকালে সিহঁতৰ সৈতে মিলিত হোৱা দেখিবলৈ পাবা। সিহঁতে কয়, ‘আমি আশংকা কৰিছোঁ যে, কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব’। এতেকে এনেকুৱাও হ’ব পাৰে যে, আল্লাহে (তোমালোকক) বিজয় দান কৰিব অথবা তেওঁৰ ফালৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন ৰাখিছিল সেই বাবে লজ্জিত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু মুমিনসকলে ক’ব, ‘ইহঁতেই সেইসকল লোক নেকি যিসকলে আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল যে, নিশ্চয় সিহঁত তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই যদি দ্বীনৰ পৰা উভতি যায় (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু তেওঁলোকেও তেওঁক ভাল পাব; তেওঁলোক মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ’ব; তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰূক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই দান কৰে। (জানি থোৱা) আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[(জানি থোৱা) তোমালোকৰ (প্ৰকৃত) বন্ধু হৈছে কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[এতেকে যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰিব (তেৱেঁই হ’ব আল্লাহৰ দলভুক্ত)। (জানি থোৱা) নিশ্চয় আল্লাহৰ দলেই জয়যুক্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ মাজৰ যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে কেতিয়াও বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এইকাৰণে যে, সিহঁত হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[কোৱা, ‘হে কিতাবীসকল! তোমালোকে আমাৰ সৈতে এইকাৰণে শত্ৰুতা পোষণ কৰা নেকি যে, আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তথা যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছিল সেইবোৰক আমি বিশ্বাস কৰোঁ। নিশ্চয় তোমালোকৰ অধিকাংশই হৈছা ফাছিক্ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট পৰিণামৰ সংবাদ দিমনে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু সিহঁতে যেতিয়া তোমালোকৰ ওচৰলৈ আহে তেতিয়া কয়, আমি ঈমান আনিছোঁ, অথচ সিহঁত কুফুৰী লৈ প্ৰৱেশ কৰিছে আৰু এইটো লৈয়ে ওলাই গৈছে। আৰু সিহঁতে যি গোপন কৰে, সেই সম্পৰ্কে আল্লাহে ভালদৰেই জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[সিহঁতৰ মাজৰ বহুতকে তুমি দেখিবলৈ পাবা পাপকৰ্মত, সীমালংঘনত আৰু অবৈধ ভক্ষণৰ ক্ষেত্ৰত তৎপৰ; সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[ৰাব্বানীসকলে আৰু পণ্ডিতসকলে সিহঁতক বেয়া কথা কোৱাৰ পৰা আৰু অবৈধ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? ইহঁতে যি কৰি আছে নিশ্চয় এয়া কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। বৰং ৰুদ্ধ হওক সিহঁতৰ হাত আৰু সিহঁতে যি কয় সেইকাৰণে সিহঁত অভিশপ্ত হওক, জানি থোৱা আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত ক্বিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছোঁ। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু যদি কিতাবীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেনেহ’লে নিশ্চয় আমি সিহঁতৰ পাপসমূহ মচি দিলোহেঁতেন আৰু সিহঁতক সুখময় জান্নাতত প্ৰৱেশ কৰালোঁহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা খাদ্য লাভ কৰিলেহেঁতেন। সিহঁতৰ মাজৰ এটা দল আছে মধ্যপন্থী, কিন্তু সিহঁতৰ মাজৰ অধিকাংশই অতি নিকৃষ্ট কাম কৰে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। (জানি থোৱা) আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[কোৱা, ‘হে কিতাবীসকল! তাওৰাত, ইঞ্জীল আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠা নকৰালৈকে তোমালোকৰ কোনো ভিত্তি নাই। আনহাতে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা (হে মুহাম্মদ) তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰীহে বৃদ্ধি কৰিব। গতিকে তুমি কাফিৰ সম্প্ৰদায়কলৈ দুখ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে, এইদৰে ইয়াহুদী আৰু ছাবেয়ী লগতে নাছাৰাসকলৰ মাজৰ যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[নিশ্চয় আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ আৰু সিহঁতৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰলৈ এনেকুৱা কোনো বিধান লৈ আহিছিল যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত আছিল, তেতিয়াই সিহঁতে কিছুমান ৰাছুলক মিথ্যাৰোপ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু সিহঁতে ভাবিছিল যে, সিহঁতৰ কোনো শাস্তি নহ’ব, ফলত সিহঁত অন্ধ আৰু বধিৰ হৈ পৰিছিল। তাৰ পিছতো আল্লাহে সিহঁতৰ তাওবা কবুল কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ বহুতেই অন্ধ আৰু বধিৰ হৈছিল। সিহঁতে যি আমল কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[যিসকলে কয়, ‘মছীহ ইবনে মাৰয়ামেই হৈছে আল্লাহ’, নিশ্চয় সিহঁতে কুফুৰী কৰিছে। অথচ মছীহে কৈছে, ‘হে ইছৰাঈলৰ সন্তানসকল! তোমালোকে সেই আল্লাহৰ ইবাদত কৰা যিজন মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক’। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিব আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[সিহঁতেও নিশ্চিতভাৱে কুফুৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ হৈছে তিনিজনৰ এজন’, অথচ এক আল্লাহৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; আৰু সিহঁতে যি কয় তাৰ পৰা সিহঁতে বিৰত নাথাকিলে সিহঁতৰ মাজত যিসকলে কুফুৰী কৰিছে, নিশ্চয় সিহঁতৰ ওপৰত কষ্টদায়ক শাস্তি আপতিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[সিহঁতে আল্লাহৰ ফালে উভতি নাহিব নেকি আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[মাৰয়ামৰ পুত্ৰ মছীহ হৈছে কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰোঁ, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[কোৱা, তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? আৰু আল্লাহেই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[কোৱা, ‘হে কিতাবীসকল! তোমালোকে সত্যৰ বাহিৰে তোমালোকৰ ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন নকৰিবা আৰু ইয়াৰ পূৰ্বে যিবোৰ সম্প্ৰদায়ে নিজে পথভ্ৰষ্ট হৈছে আৰু আন বহুতকে পথভ্ৰষ্ট কৰিছে, লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে, সিহঁতৰ প্ৰবৃত্তিৰো অনুসৰণ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[বনী ইছৰাঈলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁত দাঊদ আৰু মাৰয়ামৰ পুত্ৰ ঈছাৰ মুখেৰে অভিশপ্ত হৈছিল। এইকাৰণে যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু সিহঁতে সীমালংঘন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[সিহঁতে যিবোৰ গৰ্হিত কাম কৰিছিল সেইবোৰৰ পৰা সিহঁতে ইজনে সিজনক নিষেধ কৰা নাছিল। সিহঁতে কৰা কামবোৰ কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[সিহঁতৰ মাজৰ বহুতকে তুমি কাফিৰসকলৰ লগত বন্ধুত্ব কৰা দেখিবলৈ পাবা। সিহঁতৰ অন্তৰে সিহঁতৰ বাবে যি পেচ কৰিছে (সিহঁতৰ কৃতকৰ্ম) সেয়া কিমান যে নিকৃষ্ট! সেই কাৰণে আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁত চিৰকাল শাস্তিতেই থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[সিহঁতে যদি আল্লাহৰ প্ৰতি ঈমান আনিলেহেঁতেন আৰু নবীৰ প্ৰতি লগতে তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে কাফিৰসকলক (কেতিয়াও) বন্ধুৰূপে গ্ৰহণ নকৰিলেহেঁতেন, কিন্তু সিহঁতৰ বেছিভাগেই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[মুমিনসকলৰ সৈতে শত্ৰুতাৰ ক্ষেত্ৰত মানুহৰ মাজৰ পৰা ইয়াহুদী আৰু মুশ্বৰিকসকলকেই তুমি অধিক উগ্ৰ দেখিবলৈ পাবা। আনহাতে মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ নিকটৱৰ্তী পাবা সেইসকল লোকক যিসকলে কয়, ‘আমি নাছাৰা’,। কাৰণ সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰবিৰাগী আছে, যিসকলে অহংকাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা বাণী যেতিয়া সিহঁতে শুনে, তেতিয়া সিহঁতে যি সত্য উপলব্ধি কৰে তাৰ ফলত তুমি সিহঁতৰ চকু অশ্ৰুসিক্ত দেখিবলৈ পাবা। সিহঁতে কয়, ‘হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ প্ৰতি আৰু যি সত্য আমাৰ ওচৰলৈ আহিছে তাৰ প্ৰতি বিশ্বাস স্থাপন নকৰিম? যিহেতু আমি প্ৰত্যাশা কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাক পূণ্যৱান সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[ফলত সিহঁতৰ এই কথাৰ কাৰণে আল্লাহে সিহঁতৰ বাবে পুৰস্কাৰ নিৰ্ধাৰণ কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত স্থায়ী হ’ব; আৰু এইটো হৈছে সৎকৰ্মশীলসকলৰ পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতেই হৈছে জাহান্নামী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰীসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[আৰু আল্লাহে তোমালোকক যিবোৰ জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে হালাল আৰু উৎকৃষ্ট বস্তুবোৰ খোৱা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দায়-দোষ নধৰিব, কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে, দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা, যিবোৰ খাদ্য তোমালোকে নিজ পৰিয়ালক খুওৱা, অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ছিয়াম পালন কৰিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ হৈছে কেৱল ঘৃণাৰ বস্তু তথা চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা তথা বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[আৰু তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব, যদি তেওঁলোকে তাক্বৱা অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান কৰে। তেন্তে (জানি থোৱা) আল্লাহে মুহছীনসকলক পছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক নিশ্চয় পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। গতিকে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু হত্যা) নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি পুনৰ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[তোমালোকৰ বাবে সাগৰৰ পৰা চিকাৰ কৰা আৰু সেয়া ভক্ষণ কৰাটো হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদয়ি আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এইবাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ, আৰু আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[ৰাছুলৰ দায়িত্ব হৈছে কেৱল প্ৰচাৰ কৰা; আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[কোৱা, অপৱিত্ৰ আৰু পৱিত্ৰ সমান নহয়, যদিও অপৱিত্ৰৰ আধিক্যই তোমাক মুগ্ধ কৰে। সেয়ে, হে বোধসম্পন্ন ব্যক্তিসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা। কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে তোমালোকৰ ওচৰত প্ৰকাশ কৰি দিয়া হ’ব। (আগতে যি হৈছে) আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[তোমালোকৰ আগতেও এটা সম্প্ৰদায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল; তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম (এইবোৰ বিধান) আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে (এইবোৰ প্ৰণয়ন কৰি) আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰিছে। সিহঁতৰ অধিকাংশই নুবুজে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছোঁ সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও সিহঁতৰ অনুসৰণ কৰিবনে?)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ পিনেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন হ'ব, তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[হে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোঁতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা হ'লেও দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰোঁ যদিও সি আমাৰ কোনো আত্মীয়ই নহওক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰোঁ, (যদি আমি এনেকুৱা কৰোঁ তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভুক্ত হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[কিন্তু যদি এইটো প্ৰকাশ হয় যে, সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানী হৈছে সিহঁতৰ মাজৰ পৰা (মৃত ব্যক্তিৰ) নিকটতম দুজন ব্যক্তি সিহঁত দুজনৰ স্থলাভিষিক্ত হ’ব আৰু আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমাৰ সাক্ষ্য নিশ্চয় সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই, (আৰু যদি আমি এনেকুৱা কৰি থাকোঁ তেন্তে) নিশ্চয় আমি যালিমসকলৰ অন্তৰ্ভুক্ত হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[এই পদ্ধতিয়েই হৈছে অতি নিকটতম যে, সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে (মিছা সাক্ষ্য প্ৰদানকাৰীসকলে) ভয় কৰিব যে, সিহঁতৰ (নিকটাত্মীসকলৰ) শপতৰ পিছত (পূৰ্বোক্ত) শপত প্ৰত্যাখ্যান কৰা হ’ব। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[(স্মৰণ কৰা) যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব, ‘(উম্মতৰ ফালৰ পৰা) তোমালোকক কি উত্তৰ দিয়া হৈছিল’? তেওঁলোকে ক’ব, ‘এই বিষয়ে আমাৰ কোনো জ্ঞান নাই, নিশ্চয় গায়েব সম্পৰ্কে তুমিয়েই সৰ্বজ্ঞানী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া আল্লাহে ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা, যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলোঁ আৰু তুমি দোলনাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক’ব পাৰিছিলা, তোমাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিলোঁ, তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমে চৰাইৰ দৰে আকৃতি গঠণ কৰিছিলা আৰু তাত ফুঁ মাৰিছিলা, ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিব পাৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃতক জীৱিত কৰিব পাৰিছিলা, আৰু স্মৰণ কৰা, যেতিয়া মই তোমাৰ পৰা বনী ইছৰাঈলক বিৰত ৰাখিছিলোঁ, যেতিয়া তুমি সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন আনিছিলা তেতিয়া সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁতে কৈছিল, ‘এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলোঁ যে, ‘তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা’, সিহঁতে কৈছিল, ‘আমি ঈমান আনিলোঁ আৰু তুমি সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতিপালকে আমালৈ আকাশৰ পৰা খাদ্য বস্তুৰে ভৰা পাটী (ডাইনিং টেবুল) প্ৰেৰণ কৰিবলৈ সক্ষমনে? তেওঁ কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যদি তোমালোকে মুমিন হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[সিহঁতে কৈছিল, ‘আমি তাৰ পৰা খাব বিচাৰোঁ যাতে আমাৰ হৃদয়ে প্ৰশান্তি লাভ কৰিব, আৰু যাতে আমি জানিব পাৰোঁ যে, তুমি কোৱা কথাবোৰ সত্য আৰু আমি এই বিষয়ে সাক্ষী হ’ব বিচাৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[মাৰয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ প্ৰতিপালক! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান (খাদ্য ভৰা পাটী) অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰৱৰ্তী সকলোৰে বাবে হ’ব আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[আল্লাহে ক’লে, ‘নিশ্চয় মই তোমালোকৰ ওপৰত সেয়া অৱতীৰ্ণ কৰিম, কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফুৰী কৰিলে তাক মই এনেকুৱা শাস্তি বিহিম যিটো শাস্তি সৃষ্টিজগতৰ আন কাকো নিদিওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানাই, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাছিলোঁ, সেইটো আছিল এই যে, তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰো প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলোঁ সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলোঁ, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে নিশ্চয় তুমি মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[আল্লাহে ক’ব, ‘এইটোৱে হৈছে সেই দিন, যিদিনা সত্যবাদীসকলৰ সত্যবাদীতাই তেওঁলোকক উপকৃত কৰিব, তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তেওঁলোকে তাত চিৰস্থায়ী হ’ব, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হ’ব আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হ’ব, এইটোৱেই হৈছে মহাসফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="6">
<aya number="1">
<translation><![CDATA[সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু জ্যোতি। ইয়াৰ পিছতো কাফিৰসকলে সিহঁতৰ প্ৰতিপালকৰ সমকক্ষ স্থিৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেৱেঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা নিৰ্ধাৰিত সময় আছে যিটো কেৱল তেৱেঁই জানে, ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই আল্লাহ, তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে সিহঁতৰ ওচৰলৈ যেতিয়াই সত্য আহিছে, তেতিয়াই সিহঁতে তাক অস্বীকাৰ কৰিছে। গতিকে যি বিষয়ে সিহঁতে উপহাস কৰিছিল তাৰ (পৰিণামৰ) যথাৰ্থ সংবাদ অনতিপলমে সিহঁতৰ ওচৰলৈ আহি পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সিহঁতে চোৱা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছোঁ? সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ যে, তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই আৰু সিহঁতৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলোঁ, আৰু সৃষ্টি কৰিছিলোঁ নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল, তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছোঁ আৰু সিহঁতৰ পিছত আন প্ৰজন্মক সৃষ্টি কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখিত গ্ৰন্থও অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেইখনক হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন যে, ‘এইখন স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তেওঁৰ ওচৰলৈ কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোঁহেঁতেন, তেন্তে বিষয়টোৰ চুড়ান্ত ফয়চালাই হৈ গ’লহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যদি তেওঁক ফিৰিস্তা বনালোঁহেঁতেন তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতেই পঠিয়ালোঁহেঁতেন, আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলোঁহেঁতেন যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলক উপহাস কৰা হৈছিল। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। ক্বিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[ৰাতি আৰু দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি মই আনক অভিভাৱকৰূপে গ্ৰহণ কৰিম নেকি? তেৱেঁই আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়’। কোৱা, ‘নিশ্চয় মোক আদেশ কৰা হৈছে যে, যিসকলে ইছলাম গ্ৰহণ কৰিছে ময়েই যেন সিহঁতৰ মাজত প্ৰথম হওঁ, (মোক আৰু আদেশ কৰা হৈছে যে) তুমি কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে নিশ্চয় মই ভয় কৰোঁ যে, মহা দিৱসৰ শাস্তি মোৰ ওপৰত আপতিত হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[‘সেই দিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ’ব, তাৰ প্ৰতিহে আল্লাহে দয়া কৰিব, আৰু এইটোৱেই হৈছে স্পষ্ট সফলতা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেয়া দূৰ কৰিব নোৱাৰিব, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? তুমি কোৱা, ‘আল্লাহ, (তেৱেঁই) মোৰ আৰু তোমালোকৰ মাজত (শ্ৰেষ্ঠ) সাক্ষী, আৰু এই কোৰআন মোৰ ওচৰলৈ অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ। তোমালোকে এই সাক্ষ্য বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ (উপাস্য) আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ লগত নিশ্চয় মোৰ কোনো সম্পৰ্ক নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজ সন্তানক চিনি পায়। যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব যে, ‘আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[চোৱা, সিহঁতে কেনেকৈ নিজেই নিজকে মিছা প্ৰমাণিত কৰি আছে, লগতে (চোৱা) সিহঁতে যি মিছা ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। যদি সিহঁতে যাৱতীয় নিদৰ্শন প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান পোষণ নকৰিব। আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত আহি উপস্থিত হয়, তেতিয়া সিহঁতে তোমাৰ লগত বিৰ্কত লিপ্ত হয়, যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এয়া দেখোন আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে। সিহঁত নিজেই নিজকে ধ্বংস কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক (পৃথিৱীলৈ) ওভতাই দিয়া হ’লহেঁতেন, তেন্তে আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহক (দুনাই) অস্বীকাৰ নকৰিলোঁ হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোঁ হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[বৰং পূৰ্বে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক আকৌ (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয়; আৰু নিশ্চয় সিহঁত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘আমাৰ পাৰ্থিৱ জীৱনেই হৈছে একমাত্ৰ জীৱন, আৰু আমাক পুনৰুত্থিত কৰা নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেওঁ ক’ব, ‘এইটো প্ৰকৃত সত্য নহয় জানো’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় এয়া সত্য’। তেওঁ ক’ব, ‘তেন্তে তোমালোকে যি কুফুৰী কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[যিসকলে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰলৈ যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায় আফচোচ! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলোঁ’। সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰাৰ পিছতো আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰলৈ আমাৰ সহায় আহিছিল। (জানি থোৱা) আল্লাহৰ (প্ৰতিশ্ৰুত) বাণীসমূহক পৰিৱৰ্তন কৰিব পৰা কোনো নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু যদি সিহঁতৰ উপেক্ষা (অনাগ্ৰহ) তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা অন্বেষণ কৰি সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। (জানি থোৱা) যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[যিসকলে শুনা পায় কেৱল তেওঁলোকেই আহ্বানত সঁহাৰি দিয়ে। মৃতসকলক আল্লাহেই পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন কিয় নাহে’? কোৱা, ‘নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম’, কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু (বায়ুমণ্ডলত) দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনেই একত্ৰিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত হৈছে কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা কৰে বিপথগামী কৰে আৰু যাক ইচ্ছা কৰে তেওঁ সৰল পথত স্থাপন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰলৈ ক্বিয়ামত আহি পৰে, তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[(নহয়) বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা। এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিবা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছোঁ, কিন্তু (ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে) সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছিলোঁ, যাতে সিহঁত বিনীত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[এতেকে যেতিয়া আমাৰ শাস্তি আহি সিহঁতৰ ওপৰত আপতিত হ’ল, তেতিয়া সিহঁতে কিয় বিনীত হোৱা নাছিল? কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈছিল আৰু সিহঁতে যি কৰিছিল সেইবোৰক চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলোঁ; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে সেইবোৰকলৈ উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলোঁ, ফলত তেতিয়াই সিহঁত নিৰাশ হৈ পৰিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[ফলত যালিম সম্প্ৰদায়ক মূলোচ্ছেদ কৰা হ'ল, আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[কোৱা, ‘তোমালোকে ভাৱি চোৱা নাইনে, আল্লাহে যদি তোমালোকৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন উপাস্য আছে যিয়ে এইবোৰ ওভতাই আনি দিব’? চোৱা, কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ, ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[কোৱা, ‘তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ অথবা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আহি পৰে তেন্তে যালিম সম্প্ৰদায়ৰ বাহিৰে আন কোনোবাক ধ্বংস কৰা হ’বনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু আমি ৰাছুলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰীৰূপেই প্ৰেৰণ কৰোঁ। এতেকে যিসকলে ঈমান আনিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্ততও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব, কাৰণ সিহঁতে অবাধ্যতা কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই এজন ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰোঁ’। কোৱা, ‘অন্ধ আৰু দৃষ্টিৱান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু ইয়াৰ দ্বাৰা তুমি সেইসকল লোকক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰলৈ এনেকুৱা অৱস্থাত একত্ৰিত কৰা হ’ব যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো চুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু যিসকলে নিজ প্ৰতিপালকক পুৱা-গধূলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে তেওঁলোকক তুমি আঁতৰাই নিদিবা। তেওঁলোকৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্বও তেওঁলোকৰ ওপৰত নহয়, যাৰ বাবে তুমি তেওঁলোকক আঁতৰাই দিবা, এনে কৰিলে তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[এইদৰে আমি সিহঁতৰ কিছুমানৰ দ্বাৰা আন কিছুমানক পৰীক্ষা কৰিছোঁ, যাতে সিহঁতে কয়, ‘আমাৰ মাজৰ পৰা আল্লাহে ইহঁতৰ ওপৰতেই অনুগ্ৰহ কৰিলেনে’? (কোৱাচোন) আল্লাহ কৃতজ্ঞসকলৰ বিষয়ে সবিশেষ অৱগত নহয়নে বাৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া তুমি তেওঁলোকক কোৱা, ‘তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক’, তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য্য কৰি লৈছে। তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশতঃ অসৎকৰ্ম কৰে, তাৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় তেওঁ (আল্লাহ) ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু এনেকৈয়ে আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ; যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা, সিহঁতৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে’। কোৱা, ‘মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰোঁ, কৰিলে মই বিপথগামী হম আৰু সৎপথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰী-সকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[কোৱা, ‘তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো যদি মোৰ ওচৰত থাকিলহেঁতেন, তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়চালাই হৈ গ’লহেঁতেন, (জানি থোৱা) আল্লাহ যালিমসকলৰ বিষয়ে অধিক অৱগত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু তেওঁৰ ওচৰতেই আছে গায়েবৰ চাবি-কাঠি, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত উল্লেখ নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যুকাল উপস্থিত হয় তেতিয়া আমাৰ প্ৰেৰিত দূতসকলে (ফিৰিস্তাসকলে) তাৰ মৃত্যু ঘটায় আৰু তেওঁলোকে (নিজৰ কৰ্তব্যত) কোনো ত্ৰুটি নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰকৃত প্ৰতিপালক আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম (কৰ্তৃত্ব) কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা মুক্তি দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন (সন্দেহপূৰ্ণ) দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে ভালকৈ বুজিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[প্ৰত্যেক সংবাদৰ বাবে এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহকলৈ উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসংগ আৰম্ভ নকৰিব; আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়াটো তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[আৰু যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে, লগতে পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে সেই সময়ত কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু চুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। সিহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফুৰী কৰাৰ কাৰণে সিহঁতক সেৱন কৰোৱা হ’ব অতি উত্তপ্ত পানী তথা বিহা হ’ব কষ্টদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আমি আকৌ সেই ব্যক্তিৰ দৰে পূৰ্বাৱস্থালৈ উভতি যামনে, যাক চয়তানে পৃথিৱীত এনেকৈ লম্ভিছে যে সি পথ হেৰুৱাই উৱাদিহ নোপোৱা হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, তেওঁলোকে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই হৈছে সঠিক হিদায়ত আৰু আমাক সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশ দিয়া হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[‘লগতে (আদেশ কৰা হৈছে) ছালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ। তেৱেঁই হৈছে সেই সত্বা, যাৰ ওচৰলৈ তোমালোকক একত্ৰিত কৰা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। (সেই দিৱসক স্মৰণ কৰা) যিদিনা তেওঁ কেৱল ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আঝৰক কৈছিল, ‘আপুনি মূৰ্তিবোৰক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[এইদৰে আমি ইব্ৰাহীমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছোঁ, যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[তাৰ পিছত ৰাতিৰ অন্ধকাৰে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক’লে, ‘এইটো চাগে মোৰ প্ৰতিপালক’। তাৰ পিছত যেতিয়া সেইটো অস্তমিত হ’ল তেতিয়া তেওঁ ক’লে, ‘অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জলৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো চাগে মোৰ প্ৰতিপালক’। যেতিয়া সেইটোও অস্তমিত গ’ল, তেতিয়া তেওঁ ক’লে, ‘মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমানৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটোৱে হৈছে মোৰ প্ৰতিপালক, এইটো আটাইতকৈ ডাঙৰ’। যেতিয়া সেইটোও অস্ত গ’ল তেতিয়া তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই (তাৰ পৰা মই মুক্ত)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছোঁ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[(এই শুনি) তেওঁৰ সম্প্ৰদায়ে তেওঁৰ লগত বিতৰ্কত লিপ্ত হ’ল। তেওঁ ক’লে, ‘তোমালোকে মোৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছা? অথচ তেৱেঁই মোক হিদায়ত দিছে। তোমালোকে তেওঁৰ লগত যাক অংশীদাৰ স্থাপন কৰি আছা মই তাক (কেতিয়াও) ভয় নকৰোঁ কিন্তু মোৰ প্ৰতিপালকে যদি কিবা কৰে (সেয়া সুকীয়া কথা)। মোৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যাপ্ত কৰি আছে। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[‘তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তুক অংশী কৰিবলৈ কোনো ভয় নকৰা, যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱাচোন! দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[যিসকলে ঈমান আনিছে আৰু নিজৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল তেওঁলোকৰ বাবেই আৰু তেওঁলোকেই হৈছে হিদায়তপ্ৰাপ্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু এইটোৱেই হৈছে আমাৰ যুক্তি-প্ৰমাণ যিটো আমি ইব্ৰাহীমক দিছিলোঁ, তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ, আমি যাক ইচ্ছা কৰোঁ উচ্চ মৰ্যাদা দান কৰোঁ। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু আমি তেওঁক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব, এওঁলোকৰ প্ৰত্যেককে আমি সৎপথত পৰিচালিত কৰিছিলোঁ; ইয়াৰ পূৰ্বে নুহকো আমি হিদায়ত দিছিলোঁ আৰু তেওঁৰ বংশধৰ দাউদ, ছুলাইমান, আইউব, ইউছুফ, মুছা আৰু হাৰূনকো; এইদৰেই আমি মুহছিনসকলক পুৰস্কৃত কৰোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু যাকাৰিয়্যাহ, ইয়াহয়া, ঈছা আৰু ইলয়াছকো (আমি হিদায়ত দিছিলোঁ)। এওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[লগতে ইছমাঈল, আল-য়াছা, ইউনুছ আৰু লূতকো (আমি হিদায়ত দিছিলোঁ); আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আৰু (আমি হিদায়ত প্ৰদান কৰিছিলোঁ) তেওঁলোকৰ পিতৃপুৰুষ, বংশধৰ আৰু ভাতৃসকলৰ কিছুমানক; আৰু আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু সৰল পথত পৰিচালিত কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[এইটো হৈছে আল্লাহৰ হিদায়ত, ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ, এতেকে যদি সিহঁতে (কাফিৰসকলে) ইয়াৰ লগত কুফুৰী কৰে, তেন্তে (জানি থোৱা) আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছোঁ যিসকলে ইয়াৰ লগত কুফুৰী নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাব যিখন মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা, আৰু (সেই গ্ৰন্থৰ দ্বাৰা) তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল যিটো তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে জনা নাছিলা। কোৱা, (সেইখনক) ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, এতেকে সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[আৰু এইখন হৈছে বৰকতময় কিতাব যিখনক আমি অৱতীৰ্ণ কৰিছোঁ, যিখন ইয়াৰ আগৰ সকলো গ্ৰন্থৰ সমৰ্থক আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, লগতে তেওঁলোক ছালাতৰ প্ৰতিও যত্নৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰলৈ অহী আহে’, অথচ তাৰ ওচৰলৈ একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিব পাৰোঁ’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[নিশ্চয় (আজি) তোমালোকে আমাৰ ওচৰলৈ নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলোঁ সেইবোৰ তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক (আল্লাহৰ সৈতে) অংশী বুলি ভাৱিছিলা, সেই চুপাৰিছকাৰী বিলাকো দেখোন (আজি) তোমালোকৰ লগত নাই। নিশ্চয় তোমালোকৰ মাজৰ সম্পৰ্ক আজি বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[নিশ্চয় আল্লাহেই শস্য-বীজ আৰু গুটি আদিক অংকুৰিত কৰে, তেৱেঁই প্ৰাণহীনৰ পৰা জীৱন্তক উলিয়ায় আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেৱেঁই আল্লাহ, এতেকে তোমালোক ক’লৈ উভতি যাবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[তেৱেঁই প্ৰভাতৰ উদ্ভাসক, আৰু তেৱেঁই ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰুপক বনাইছে, এইবোৰ পৰাক্ৰমশালী, মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আৰু তেৱেঁই তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[আৰু তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে (তোমালোকৰ বাবে) আছে স্থায়ী আৰু অস্থায়ী বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰোঁ, আৰু উৎপন্ন কৰোঁ সেউজীয়া ডাল-পাত, যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্যদানা উৎপাদন কৰোঁ, আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক, আৰু উৎপাদন কৰোঁ আঙুৰ, যায়তুন লগতে ডালিমৰ বাগিছা। কিছুমান আছে সদৃশপূৰ্ণ আৰু আন কিছুমান আছে অমিল। চোৱা, সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ পুৰঠ হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে সেইবোৰৰ মাজত নিদৰ্শনাৱলী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, তেওঁৰ সন্তান হ’ব কেনেকৈ? অথচ তেওঁৰ কোনো সঙ্গিনীয়েই নাই! তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা; এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা; তেৱেঁই সকলো বস্তুৰ তত্বাৱধায়ক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিকে আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি চাব পৰা মাধ্যম আহি পৰিছে। এতেকে যিয়ে সেইটোৰ দ্বাৰা প্ৰত্যক্ষ কৰিব সি নিজেই লাভৱান হ’ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ’ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[এইদৰেই আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰোঁ। যাতে সিহঁতে কয় যে, ‘তুমি (পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা) শিকি লৈছা’, লগতে আমি ইয়াক সুস্পষ্টভাৱে বৰ্ণনা কৰোঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[আল্লাহে ইচ্ছা কৰিলে সিহঁতে শ্বিৰ্ক নকৰিলেহেঁতেন। লগতে (জানি থোৱা) আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্বাৱধায়কো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে। এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিতে সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছোঁ; তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিশ্চয় নিদৰ্শনসমূহ হৈছে আল্লাহৰ অধীনস্থ’। (হে ঈমান্দাৰসকল!) কিহে তোমালোকক উপলব্ধি কৰাব যে, যেতিয়া সেই (নিদৰ্শন) আহি পৰিব, তেতিয়াও সিহঁতে ঈমান পোষণ নকৰিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[আৰু আমি সিহঁতৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা পাতিলেও তথা সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান পোষণ নকৰিব; কিন্তু সিহঁতৰ অধিকাংশই হৈছে মূৰ্খ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছোঁ, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ দ্বাৰা কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[আৰু সিহঁতে এইকাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ সিহঁতে জানে যে, নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহ পৰিবৰ্তন কৰিব পৰা কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিকহে কথা কয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালক সেই ব্যক্তি সম্পৰ্কে অধিক অৱগত যিয়ে তেওঁৰ পথৰ পৰা বিপথগামী হয়। লগতে যিসকল সৎপথত আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী হোৱা তেন্তে যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে সেইটো ভক্ষণ কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[তোমালোকৰ কি হৈছে, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে সেই জন্তুৰ (মাংস) কিয় ভক্ষণ নকৰিবা? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া সুকীয়া কথা। নিশ্চয় বহুতে অজ্ঞতাবশতঃ নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালক সীমালংঘনকাৰীসকলৰ বিষয়ে অধিক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ পাপ বৰ্জন কৰা, নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতিপলমে সিহঁতক সিহঁতৰ পাপ কৰ্মৰ প্ৰতিফল দিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই, তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ সৈতে বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোকেও মুশ্বৰিক হৈ পৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[যি ব্যক্তি মৃত আছিল (অৰ্থাৎ যাৰ অস্তিত্ব নাছিল), যাক আমি পিছত জীৱিত কৰিছোঁ আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি কেতিয়াও ওলাব নোৱাৰিব? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[আৰু এইদৰে আমি প্ৰতিটো জনপদৰ প্ৰধানক অপৰাধী হিচাপে এৰি দিছোঁ, যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[আৰু যেতিয়া সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰালৈকে আমি কেতিয়াও ঈমান পোষণ নকৰোঁ’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেইটো তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (ফলত সেই ব্যক্তিৰ বাবে ইছলামৰ অনুসৰণ) এনে লাগে যেনিবা সি বহু কষ্টৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব (আৰু ক’ব), ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি ইজনে সিজনৰ পৰা উপকৃত হৈছিলোঁ আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছোঁ’। আল্লাহে ক’ব, ‘জাহান্নামেই হৈছে তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[আৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰলৈ ৰাছুলসকল অহা নাছিলনে? যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিৱসৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলোঁ’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁত কাফিৰ আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[এইটো এইকাৰণে যে, অধিবাসীসকল (দ্বীন সম্পৰ্কে) উদাসীন থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰাটো তোমাৰ প্ৰতিপালকৰ কাম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[আৰু সিহঁতে যি আমল কৰে, সেই অনুসাৰে প্ৰত্যেকৰে মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালক হৈছে অভাৱমুক্ত তথা দয়াশীল। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু তোমালোকৰ পিছত তেওঁ নিজৰ ইচ্ছামতে বেলেগক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, যিদৰে তেওঁ তোমালোকক আন এটা সম্প্ৰদায়ৰ বংশৰ পৰা সৃষ্টি কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[তোমালোকৰ লগত যিটো প্ৰতিশ্ৰুতি কৰা হৈছে সেইটো নিশ্চয় আহিব আৰু তোমালোকে তাক ব্যৰ্থ কৰিব নোৱাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা, নিশ্চয় ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে অতি সোনকালে জানিব পাৰিবা, কাৰ পৰিণাম মঙ্গলময়। নিশ্চয় যালিমসকল সফল নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="136">
<translation><![CDATA[আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="137">
<translation><![CDATA[আৰু এইদৰে বহুতো মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ শ্বৰীকসকলে সিহঁতৰ সন্তানসকলক হত্যা কৰা শোভনীয় কৰি দিছে, যাতে সিহঁতক ধ্বংস কৰিব পাৰে আৰু সিহঁতৰ ধৰ্ম সম্পৰ্কে সিহঁতৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন। গতিকে সিহঁতক সিহঁতৰ মিছা ৰটনা লৈয়ে থাকিব দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="138">
<translation><![CDATA[আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰোঁ তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, এইদৰে কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক জন্তুক জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এইবোৰ দৰাচলতে সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="139">
<translation><![CDATA[সিহঁতে আৰু কয়, ‘এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট আৰু এইটো আমাৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে (নাৰী-পুৰুষ) সকলোৱে ইয়াৰ অংশীদাৰ’। সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে তেওঁ সিহঁতক প্ৰদান কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="140">
<translation><![CDATA[নিশ্চয় সিহঁতে ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশতঃ নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। নিশ্চয় সিহঁত বিপথগামী হৈছে আৰু সিহঁত হিদায়তপ্ৰাপ্তও নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="141">
<translation><![CDATA[আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাং নিৰ্ভৰশীল আৰু আন কিছুমান চাং নিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ কিছুমান সদৃশ আৰু কিছুমান ভিন্ন। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="142">
<translation><![CDATA[আৰু (তেৱেঁই) চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু কিছুমানক ক্ষুদ্ৰাকাৰ পশু হিচাপে সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু চয়তানৰ পদাংক অনুসৰণ নকৰিবা; নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="143">
<translation><![CDATA[(তেৱেঁই সৃষ্টি কৰিছে) মতা-মাইকী আঠ যোৰ, ভেৰাৰ দুটা আৰু ছাগলীৰ দুটা; কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক, নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? যদি তোমালোকে সত্যবাদী হোৱা তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="144">
<translation><![CDATA[লগতে উটৰ দুটা আৰু গৰুৰ দুটা। কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক, নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? অথবা আল্লাহে যেতিয়া তোমালোকক এইবোৰৰ নিৰ্দেশ দিছিল তেতিয়া তোমালোক তাত উপস্থিত আছিলানে? গতিকে যি ব্যক্তিয়ে জ্ঞান নোহোৱাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="145">
<translation><![CDATA[কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো নিশ্চিতভাৱে এইবোৰ হৈছে অপৱিত্ৰ। অথবা (জবেহ কৰাৰ সময়ত) আল্লাহৰ বাহিৰে আনৰ নাম লোৱাৰ কাৰণে যিবোৰ অবৈধ’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="146">
<translation><![CDATA[আৰু আমি ইয়াহুদিসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকেই হাৰাম কৰিছিলোঁ আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলোঁ, কিন্তু এইবোৰৰ পিঠিত থকা নাইবা নাড়ী-ভুৰুত থকা অথবা অস্থিসংলগ্ন চৰ্বিৰ বাহিৰে, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলোঁ। নিশ্চয় আমি সত্যবাদী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="147">
<translation><![CDATA[এতেকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে, তেন্তে কোৱা, ‘তোমালোকৰ প্ৰতিপালক সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="148">
<translation><![CDATA[যিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোঁহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোঁহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? থাকিলে আমাৰ ওচৰত প্ৰকাশ কৰা। তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথাহে কোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="149">
<translation><![CDATA[কোৱা, ‘চূড়ান্ত প্ৰমাণ কেৱল আল্লাহৰেই, এতেকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন, তেন্তে তোমালোক আটাইকে নিশ্চয় হিদায়ত দিলেহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="150">
<translation><![CDATA[কোৱা, ‘তোমালোকৰ সাক্ষীসকলক লৈ আহা, যিসকলে এই সাক্ষী দিব যে, আল্লাহে এইটো হাৰাম কৰিছে’। সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা। তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে। সিহঁতেই নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="151">
<translation><![CDATA[কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ। সেয়া হৈছে এই যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজৰ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰোঁ। প্ৰকাশ্য হওক অথবা গোপনেই হওক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিছে যাতে তোমালোকে বুজিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="152">
<translation><![CDATA[আৰু এতীম শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ তথা ওজন ন্যায়ভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পণ নকৰোঁ। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="153">
<translation><![CDATA[নিশ্চয় এইটোৱেই হৈছে মোৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথৰ অনুসৰণ নকৰিবা, অন্যথা সেইবোৰে তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="154">
<translation><![CDATA[এতেকে আমি মুছাক প্ৰদান কৰিছিলোঁ কিতাব, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাৎ সম্বন্ধে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="155">
<translation><![CDATA[আৰু এইখন কিতাব, যিখন আমি অৱতীৰ্ণ কৰিছোঁ – বৰকতময়ৰূপে। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="156">
<translation><![CDATA[যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলোঁ’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="157">
<translation><![CDATA[অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোঁহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে শীঘ্ৰেই আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="158">
<translation><![CDATA[সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰলৈ ফিৰিস্তা আহিব, অথবা তোমাৰ প্ৰতিপালক স্বয়ং অৱতৰণ কৰিব, নাইবা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="159">
<translation><![CDATA[নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ অধীনস্থ, তাৰ পিছত তেৱেঁই সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সিহঁতক অৱগত কৰাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="160">
<translation><![CDATA[যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) লাভ কৰিব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল তাৰ সমপৰিমাণ প্ৰতিদানহে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="161">
<translation><![CDATA[কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ একনিষ্ঠ আছিল, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="162">
<translation><![CDATA[কোৱা, ‘নিশ্চয় মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="163">
<translation><![CDATA[‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পণকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="164">
<translation><![CDATA[কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ প্ৰতিপালক’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী হ’ব আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই হ’ব, এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="165">
<translation><![CDATA[তেৱেঁই তোমালোকক পৃথিৱীত খলিফা (প্ৰতিনিধি) নিযুক্ত কৰিছে আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে সেই বিষয়ে পৰীক্ষাৰ উদ্দেশ্যে তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। নিশ্চয় তোমাৰ প্ৰতিপালক দ্ৰুত শাস্তি প্ৰদানকাৰী আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="7">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম-চাদ। [1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এইখন কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সংকীৰ্ণতা নাথাকে, লগতে যাতে তুমি ইয়াৰ দ্বাৰা (মানুহক) সতৰ্ক কৰিব পাৰা। মুমিনসকলৰ বাবে এইখন হৈছে উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছোঁ। সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতিত অথবা দিনদুপুৰতে, যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱে আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এতেকে যিসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল নিশ্চয় আমি সিহঁতক সোধ-পোচ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তাৰ পিছত নিশ্চয় আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম, (জানি থোৱা) আমি অনুপস্থিত নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু সেই দিনা পৰিমাপ হ’ব যথাযথভাৱে। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আনহাতে যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় আমিয়েই তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছোঁ আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰি দিছোঁ; (তথাপিও) তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[নিশ্চয় আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ, তাৰ পিছত আমিয়েই তোমালোকক আকৃতি প্ৰদান কৰিছোঁ, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলোঁ, তেতিয়া কিহে তোমাক বাধা দিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই এওঁতকৈ (আদমতকৈ) শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সি ক’লে, ‘মোক তুমি সেই দিৱসলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[সি ক’লে, ‘তুমি মোক যি কাৰণে পথভ্ৰষ্ট কৰিছা, মই সিহঁতৰ বাবে তোমাৰ সৰল পথত খাপ পাতি বহি থাকিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰলৈ আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা, আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা, আৰু যি ঠাইৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, অন্যথা তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তাৰ পিছত তেওঁলোকৰ লজ্জাস্থান, যিটোক তেওঁলোকৰ ওচৰত গোপন ৰখা হৈছিল সেইটোক তেওঁলোকৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে তেওঁলোকক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এইকাৰণেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু তেওঁলোক উভয়ৰে ওচৰত সি শপত খাই ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[ফলত সি তেওঁলোকক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া তেওঁলোকে সেই গছজোপাৰ ফল খালে, তেতিয়া তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত দৃশ্যমান হৈ পৰিল, আৰু তেওঁলোকে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোঁনে? আৰু মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় চয়তান হৈছে তোমালোক দুয়োৰে প্ৰকাশ্য শত্ৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমি নিজৰে প্ৰতি অন্যায় কৰিছোঁ, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকে নামি যোৱা, তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকে তাতেই জীৱন-যাপন কৰিবা আৰু তাতেই তোমালোক মৃত্যুবৰণ কৰিবা, আৰু তাৰ পৰাই তোমালোকক উলিয়াই আনা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[হে আদম সন্তান! নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছোঁ, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু তাক্বৱাৰ পোছাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[হে আদম সন্তান! চয়তানে যেন তোমালোকক কোনো মতেই প্ৰলুব্ধ কৰিব নোৱাৰে—যিদৰে সি তোমালোকৰ পিতৃ-মাতৃক (প্ৰলুব্ধ কৰি) জান্নাতৰ পৰা উলিয়াইছিল, সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক দেখা পায় কিন্তু তোমালোকে সিহঁতক দেখিব নোৱাৰা। নিশ্চয় আমি চয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছোঁ যিসকলে ঈমান পোষণ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে কোনো অশ্লীল আচৰণ কৰে তেতিয়া কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক এইদৰেই কৰা পাইছোঁ, আৰু আল্লাহেও আমাক এইটোৱেই কৰাৰ নিৰ্দেশ দিছে’। কোৱা, ‘আল্লাহে কেতিয়াও অশ্লীলতাৰ নিৰ্দেশ নিদিয়ে। তোমালোকে আল্লাহৰ বিষয়ে এনে কথা কোৱা নেকি যিটো তোমালোকে নাজানা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[কোৱা, ‘মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে’। আৰু তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰেই উভতি আহিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এটা দলক তেওঁ হিদায়ত দিছে, আৰু সঙ্গত কাৰণতেই আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক-ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হিদায়তপ্ৰাপ্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। পানাহাৰ কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[কোৱা, ‘আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেইবোৰক কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত আৰু বিশেষকৈ ক্বিয়ামতৰ দিনা এইবোৰ হৈছে তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল- প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি পৰিব তেতিয়া সিহঁতে এক পল সময় পলমো কৰিব নোৱাৰিব আৰু এটা মুহূৰ্ত আগুৱাইও আনিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[হে আদম সন্তান! যেতিয়া তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহি আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু এই বিষয়ত অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতৰ ভাগ্যত লিখিত অংশ সিহঁতে পাবই। অৱশেষত যেতিয়া আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰাণ হৰণ কৰাৰ বাবে আহিব, তেতিয়া তেওঁলোকে সুধিব, ‘আল্লাহৰ বাহিৰে যিসকলক তোমালোকে আহ্বান কৰিছিলা সিহঁত এতিয়া ক’ত’? সিহঁতে ক’ব, ‘সিহঁত আমাৰ পৰা উধাও হৈছে’, আৰু সিহঁতে নিজেই নিজৰ বিপক্ষে সাক্ষী দিব যে, নিশ্চয় সিহঁত কাফিৰ আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আল্লাহে ক’ব, ‘তোমালোকৰ পূৰ্বে যিসকল জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ সৈতে তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; গতিকে ইহঁতক তুমি দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলে পৰবৰ্তীসকলক ক’ব, আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব নাই, গতিকে তোমালোকে যি অৰ্জন কৰিছিলা তাৰ বাবে এতিয়া শাস্তি ভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু এই বিষয়ত অহংকাৰ কৰিছে, সিহঁতৰ বাবে আকাশৰ দুৱাৰ খোলা নহ’ব আৰু সিহঁতে জান্নাততো প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়ালৈকে উট বেজীৰ জলাৰে নোসোমাব। এইদৰেই আমি অপৰাধীসকলক প্ৰতিফল দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[সিহঁতৰ শয্যা হ’ব জাহান্নাম আৰু সিহঁতৰ ওপৰতো থাকিব জুইৰ আৱৰণ; আৰু এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আমি কাৰো ওপৰত তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰোঁ- তেওঁলোকেই জান্নাতবাসী, তাত তেওঁলোক স্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, তেওঁলোকৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। তেওঁলোকে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোঁহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু জান্নাতীসকলে জাহান্নামীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছিল সেয়া আমি সঁচাকৈয়ে পাইছোঁ। কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈয়ে পাইছানে? সিহঁতে ক’ব, ‘হয়’। তাৰ পিছত এজন ঘোষণাকাৰীয়ে সিহঁতৰ মাজত ঘোষণা কৰি ক’ব, ‘যালিমসকলৰ ওপৰত আল্লাহৰ লানত--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[‘যিসকলে আল্লাহৰ পথত (মানুহক) বাধা প্ৰদান কৰিছিল আৰু সেই পথত বক্ৰতা অনুসন্ধান কৰি ফুৰিছিল; আৰু সিহঁত আছিল আখিৰাতক অস্বীকাৰকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু সিহঁত উভয়ৰে মাজত থাকিব পৰ্দা, লগতে আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ লক্ষণৰ দ্বাৰা চিনি পাব। তেওঁলোকে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওক আপোনালোকৰ ওপৰত’। তেওঁলোক তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু প্ৰৱেশৰ আকাংক্ষাত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু যেতিয়া তেওঁলোকৰ দৃষ্টি জাহান্নামীসকলৰ ফালে ঘূৰাই দিয়া হ’ব, তেতিয়া তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু আ’ৰাফৰ অধিবাসীসকলে এনেকুৱা কিছুমান লোকক মাতিব, যিসকলক তেওঁলোকে সিহঁতৰ লক্ষণৰ দ্বাৰা চিনি পাব। তেওঁলোকে ক’ব, ‘তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[চোৱাচোন! এওঁলোকেই সেইসকল লোকনে? যিসকলৰ বিষয়ে তোমালোকে শপত খাই কৈছিলা যে, ‘আল্লাহে তেওঁলোকক ৰহমত নকৰিব’; (এওঁলোককেই কোৱা হ’ব) ‘তোমালোকে জান্নাতত প্ৰৱেশ কৰা, তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[জাহান্নামীসকলে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ ওপৰত অকণমান পানী ঢালি দিয়া, নাইবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা অলপ দিয়া’। তেওঁলোকে ক’ব, ‘নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে এই দুটা হাৰাম কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিৱসৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা এখন কিতাব আনিছোঁ, যিখনক আমি জ্ঞানৰ দ্বাৰা বিশদভাৱে ব্যাখ্যা কৰিছোঁ, আৰু সেইখন হৈছে মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[সিহঁতে কেৱল সেই পৰিণামৰ (সংবাদ-সত্যতা বা কিয়ামতৰ) অপেক্ষাত আছে নেকি? যিদিনাখন সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো চুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে চুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’বনে—যাতে আমি আগতে যি কৰিছোঁ তাতকৈ বেলেগ কিবা কৰিব পাৰোঁ’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। (লগতে তেৱেঁই সৃষ্টি কৰিছে) সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহা বৰকতময়!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তোমালোকে বিনীতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰীসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু তেৱেঁই সেই সত্ত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত বতাহক সুসংবাদৰূপে প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰি লৈ আহে, তেতিয়া আমি সেইটোক মৃত জনপদ (মৃত ভূ-খণ্ড)ৰ ফালে প্ৰেৰিত কৰোঁ, তাৰ পিছত আমি তাৰ পৰাই পানী বৰ্ষণ কৰোঁ, আৰু তাৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰোঁ। এইদৰেই আমি মৃতসকলক জীৱিত কৰোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আনহাতে যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[তেওঁৰ সম্প্ৰদায়ৰ প্ৰধানসকলে কৈছিল, ‘আমি তোমাক স্পষ্ট ভ্ৰষ্টতাৰ মাজত নিপতিত দেখি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো ভ্ৰষ্টতা নাই, বৰং মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) এজন ৰাছুলহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকক পৌঁচাই আছোঁ, লগতে মই তোমালোকৰ কল্যাণ কামনা কৰোঁ, আৰু তোমালোকে যিবোৰ নাজানা সেয়া মই আল্লাহৰ পৰা জানো’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তোমালোকে আশ্চৰ্যবোধ কৰি আছা নেকি যে, তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ উপদেশ আহিছে, যাতে তেওঁ তোমালোকক সতৰ্ক কৰিব পাৰে আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা আৰু যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল আমি তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ আৰু যিসকলে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিছিল সিহঁতক আমি ডুবাই মাৰিছিলোঁ। নিশ্চয় সিহঁত আছিল এটা অন্ধ সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু ‘আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতৃবৃন্দই কৈছিল, ‘আমাৰ দৃষ্টিত তুমি হৈছা এজন নিৰ্বোধ মানুহ আৰু আমি তোমাক মিছলীয়াসকলৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো নিৰ্বুদ্ধিতা নাই, বৰং মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) এজন ৰাছুল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰলৈ পৌঁচাই আছোঁ, লগতে মই হৈছোঁ তোমালোকৰ এজন বিশ্বস্ত হিতাকাংক্ষী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰলৈ তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ এই উদ্দেশ্যত আহিছা নেকি যে, আমি যাতে কেৱল এক আল্লাহৰ ইবাদত কৰোঁ আৰু আমাৰ পিতৃপুৰুষসকলে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰক এৰি দিওঁ? গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে সেই (শাস্তি)টো লৈ আহা যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনেকুৱা কিছুমান নামকলৈ যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ সঙ্গীসকলক আমাৰ অনুগ্ৰহত উদ্ধাৰ কৰিছিলোঁ; আৰু আমাৰ আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিছিল আৰু যিসকলে মুমিন নাছিল সিহঁতক নিৰ্মূল কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহি পৰিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে এটা নিদৰ্শন। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আগুৰি ধৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেৱেঁই তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ ঠাইত) স্থলাভিষিক্ত কৰিছে, আৰু তেৱেঁই তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰাসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যিবোৰ বিশ্বাস কৰিছা আমি সেইবোৰ অবিশ্বাস কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[তাৰ পিছত ভূমিকম্পই সিহঁতক কৰায়ত্ব কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰলৈ পৌঁচাই দিছিলোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলোঁ, কিন্তু তোমালোকেহে কল্যানকামীসকলক পছন্দ নকৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলোঁ। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰলৈ যোৱা, বৰং তোমালোক হৈছা সীমালংঘনকাৰী সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় এওঁলোক হৈছে এনেকুৱা লোক, যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলোঁ কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু আমি সিহঁতৰ ওপৰত প্ৰবল ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলোঁ। এতেকে চোৱা, অপৰাধীসকলৰ পৰিণাম কেনেকুৱা আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু মাদইয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (প্ৰেৰণ কৰিছিলোঁ)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, লগতে পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে মুমিন হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[‘লগতে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তেওঁলোকক ভয় দেখুৱাবলৈ আৰু আল্লাহৰ পথত তেওঁলোকক বাধা প্ৰদান কৰিবলৈ তথা তাত বক্ৰতা (দোষ-ত্ৰুটি) অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, তেতিয়া তেৱেঁই তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছিল। লগতে লক্ষ্য কৰি চোৱাচোন, বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পৰিণাম কেনেকুৱা আছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[মই যি লৈ প্ৰেৰিত হৈছোঁ তাত যদি তোমালোকৰ কোনো এটা দলে ঈমান পোষণ কৰে আৰু আনটো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য্য ধাৰণ কৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে শ্বুআইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ’বই লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰোঁ তথাপিও (বাধ্য কৰাবানে)’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছত, যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। হে আমাৰ প্ৰতিপালক! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘তোমালোকে যদি শ্বুআইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[শ্বুআইবক যিসকলে মিছলীয়া বুলি কৈছিল, এনে লাগিল যেনিবা সিহঁতে তাত বসবাসেই কৰা নাছিল। শ্বুআইবক যিসকলে মিছলীয়া বুলি কৈছিল সিহঁতেই ক্ষতিগ্ৰস্ত হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ প্ৰতিপালকৰ ৰিছালত (প্ৰাপ্ত বাণী) মই তোমালোকৰ ওচৰলৈ পৌঁচাই দিছোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছোঁ। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছোঁ সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছোঁ, যাতে সিহঁতে কাকূতি-মিনতি কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[তাৰ পিছত আমি (সিহঁতৰ) বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিবৰ্তন কৰি দিওঁ। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, ‘আমাৰ পূৰ্বপুৰুষসকলেও সুখ-দুখ ভোগ কৰিছে’। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোঁহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক কৰায়ত্ব কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[জনপদৰ অধিবাসীবিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰলৈ আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি, যেতিয়া সিহঁত টোপনিত থাকিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল-ধেমালিত মগ্ন থাকিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[সিহঁতে আল্লাহৰ কৌশলৰ পৰাও নিৰাপদ হৈছেনে? প্ৰকৃততে ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাহিৰে কোনেও আল্লাহৰ কৌশলৰ পৰা (নিজকে) নিৰাপদ বুলি নাভাৱে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[কোনো দেশৰ জনগণৰ (ধ্বংসৰ) পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰোঁ? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[সেইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছোঁ, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটোক মিছা বুলি অগ্ৰাহ্য কৰিছিল সেইটোক দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[আৰু আমি সিহঁতৰ অধিকাংশকেই প্ৰতিশ্ৰুতি ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকেই ফাছিক্ব পাইছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ; কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছিল। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[মুছাই ক’লে, ‘হে ফিৰআউন! নিশ্চয় মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[সি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া উপস্থাপন কৰা, যদিহে তুমি সত্যবাদী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল দেখা গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিব নে নাই’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[সি ক’লে, ‘হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই (আগতে) নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[আৰু আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমিও তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেই লাখুটিডালে (অজগৰ সাপত পৰিণত হৈ) সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল বুলি প্ৰতিপন্ন হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে এই চক্ৰান্ত কৰিছা। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত নিশ্চয় মই তোমালোক আটাইকে শূলত দিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰলৈকেহে উভতি যাম;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[‘আৰু তুমি আমাক শাস্তি দিবলৈ ওলাইছা কেৱল এইকাৰণে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছোঁ যেতিয়া সেয়া আমাৰ ওচৰলৈ আহি পাইছে। হে আমাৰ প্ৰতিপালক! আমাক পৰিপূৰ্ণৰূপে ধৈৰ্য্য দান কৰা, লগতে মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ অহাৰ আগতেও আমি নিৰ্যাতিত হৈছোঁ আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছিলোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আনহাতে যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[আৰু সিহঁতে কৈছিল, ‘আমাক যাদু কৰিবলৈ তুমি যিকোনো নিদৰ্শনেই আমাৰ ওচৰলৈ লৈ নাহা কিয়, আমি তোমাৰ ওপৰত কেতিয়াও বিশ্বাস স্থাপন নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[তাৰ পিছত আমি সিহঁতৰ ওপৰত বিস্তাৰিত নিদৰ্শন হিচাপে প্লাৱন, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ প্ৰেৰণ কৰিছিলোঁ। ইয়াৰ পিছতো সিহঁতে অহংকাৰ কৰিছিল; আৰু সিহঁত আছিল এটা অপৰাধী সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, ‘হে মুছা! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তোমাৰ লগত তেওঁ যি অঙ্গীকাৰ কৰিছে সেই অনুযায়ী; যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ ওপৰত ঈমান আনিম আৰু নিশ্চয় বনী ইছৰাঈলক তোমাৰ লগত যাবলৈ দিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[এতেকে যেতিয়াই আমি সিহঁতৰ পৰা এটা নিৰ্দিষ্ট সময়ৰ বাবে শাস্তি দূৰ কৰি দিছিলোঁ যিটো সিহঁতৰ বাবে নিৰ্ধাৰিত আছিল, তেতিয়াই সিহঁতে সিহঁতৰ অঙ্গীকাৰ ভংগ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="136">
<translation><![CDATA[সেয়ে আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছিলোঁ আৰু সিহঁতক অতল সাগৰত ডুবাই দিছিলোঁ। কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="137">
<translation><![CDATA[আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি গণ্য কৰা হৈছিল তেওঁলোকক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিছিলোঁ; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হৈছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰাসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="138">
<translation><![CDATA[আৰু বনী ইছৰাঈলক আমিয়েই সাগৰ পাৰ কৰাই দিছিলোঁ, তাৰ পিছত সিহঁতে মূৰ্তিপূজাত আসক্ত এটা জাতিৰ ওচৰত উপস্থিত হৈছিল। সিহঁতে কৈছিল, ‘হে মুছা! এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবেও এজন উপাস্য স্থিৰ কৰি দিয়ক’। তেওঁ ক’লে, ‘নিশ্চয় তোমালোক এটা মূৰ্খ সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="139">
<translation><![CDATA[‘নিশ্চয় এইসকল লোক য’ত লিপ্ত হৈ আছে সেইবোৰ হৈছে ধ্বংসশীল আৰু সিহঁতে যি কৰি আছে সেইবোৰো অমূলক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="140">
<translation><![CDATA[তেওঁ আৰু ক’লে, ‘মই আল্লাহৰ বাহিৰে তোমালোকৰ বাবে আন কোনোবা ইলাহ (উপাস্য) সন্ধান কৰিম নেকি অথচ তেৱেঁই তোমালোকক বিশ্বজগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="141">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছিলোঁ, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="142">
<translation><![CDATA[আৰু মুছাক আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলোঁ লগতে দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলোঁ। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক কৈছিল, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="143">
<translation><![CDATA[আৰু মুছা যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত আহি উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইখন যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছোঁ আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="144">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছোঁ; সেয়ে মই তোমাক যি প্ৰদান কৰিলোঁ সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="145">
<translation><![CDATA[আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছোঁ; গতিকে সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰ মাজৰ যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="146">
<translation><![CDATA[পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এইকাৰণে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="147">
<translation><![CDATA[আৰু যিসকলে আমাৰ নিদৰ্শনসমূহক আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="148">
<translation><![CDATA[আৰু (স্মৰণ কৰা) মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিছিল, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো (গৰুৰ দৰে) ‘হাম্বা’ শব্দ ওলাইছিল। সিহঁতে চোৱা নাই নেকি যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিছিল আৰু সিহঁত আছিল যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="149">
<translation><![CDATA[আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="150">
<translation><![CDATA[আৰু মুছাই যেতিয়া ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিল, তেতিয়া ক’লে, ‘মোৰ অনুপস্থিতিত তোমালোকে মোৰ কিমান নিকৃষ্ট প্ৰতিনিধিত্ব কৰিছা! তোমালোকৰ প্ৰতিপালকৰ আদেশৰ আগতেই তোমালোকে কিয় খৰখেদা কৰিলা’? এই বুলি তেওঁ ফলকসমূহ দলিয়াই পেলালে আৰু তেওঁৰ ভাতৃক চুলিত ধৰি নিজৰ পিনে টানি আনিব ধৰিলে। হাৰুনে ক’লে, ‘হে মোৰ সহোদৰ! মানুহে মোক দুৰ্বল বুলি ভাবিছিল আৰু মোক প্ৰায় হত্যা কৰাৰ উপক্ৰম হৈছিল। সেয়ে তুমি মোৰ লগত এনে আচৰণ নকৰিবা, যি আচৰণ কৰিলে শত্ৰুসকলে আনন্দিত হয়। লগতে মোক যালিমসকলৰ অন্তৰ্ভুক্ত বুলি নাভাবিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="151">
<translation><![CDATA[মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাক তোমাৰ ৰহমতৰ মাজত প্ৰৱেশ কৰোৱা; আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="152">
<translation><![CDATA[(আল্লাহে ক’লে) নিশ্চয় যিসকলে দামুৰীটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিল, শীঘ্ৰেই পাৰ্থিৱ জীৱনত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা সিহঁতৰ ওপৰত আপতিত হ’ব। এইদৰেই আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="153">
<translation><![CDATA[আনহাতে যিসকলে অসৎকৰ্ম কৰিছে, কিন্তু তাৰ পিছত (যদি) সিহঁতে তাওবা কৰিছে আৰু ঈমান আনিছে, তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছতো পৰম ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="154">
<translation><![CDATA[আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="155">
<translation><![CDATA[আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰজন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে তাৰকাৰণে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা কৰা বিপথগামী কৰা আৰু যাক ইচ্ছা কৰা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="156">
<translation><![CDATA[‘লগতে তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছোঁ’। আল্লাহে ক’লে, ‘মোৰ শাস্তি মই যাক ইচ্ছা কৰোঁ তাকেই দিওঁ আৰু মোৰ দয়া- সেয়াতো প্ৰত্যেক বস্তুকেই আৱৰি আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="157">
<translation><![CDATA[যিসকলে অনুসৰণ কৰে ৰাছুলৰ, নিৰক্ষৰ নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎকৰ্মৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তুবোৰ হালাল কৰে আৰু অপৱিত্ৰ বস্তুবোৰ হাৰাম কৰে। যিয়ে সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। এতেকে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="158">
<translation><![CDATA[কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (প্ৰেৰিত) ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহৰ ওপৰত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়তপ্ৰাপ্ত হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="159">
<translation><![CDATA[আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা এটা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰত) ইনচাফ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="160">
<translation><![CDATA[আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছিলোঁ। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলোঁ আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ। (কৈছিলোঁ) ‘তোমালোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুবোৰ খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="161">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘তোমালোকে এই জনপদত বাস কৰা আৰু য’ৰ পৰা ইচ্ছা খোৱা লগতে কোৱা, ‘হিত্তাতুন’ (ক্ষমা বিচাৰোঁ) আৰু নতশিৰে দুৱাৰেৰে প্ৰৱেশ কৰিবা; আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম। নিশ্চয় আমি সৎকৰ্মশীলসকলক অধিক দান কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="162">
<translation><![CDATA[তথাপিও সিহঁতৰ মাজৰ যিসকল যালিম আছিল সিহঁতক যি কোৱা হৈছিল, তাৰ পৰিবৰ্তে সিহঁতে অন্য কথা ক’লে। সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি পঠালোঁ, কাৰণ সিহঁতে অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="163">
<translation><![CDATA[আৰু সিহঁতক সাগৰৰ সৈকতত বাস কৰা জনবসতিৰ বিষয়ে সোধাচোন, যেতিয়া সিহঁতে শনিবাৰে সীমালংঘন কৰিছিল, যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাহি ভাহি সিহঁতৰ ওচৰলৈ আহিছিল। কিন্তু যিদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰলৈ অহা নাছিল। এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলোঁ, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="164">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায়িত্ব-মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে সেইকাৰণে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="165">
<translation><![CDATA[তাৰ পিছত যি উপদেশ সিহঁতক দিয়া হৈছিল, সিহঁতে যেতিয়া সেয়া পাহৰি গ’ল, তেতিয়া যিসকলে অসৎকৰ্মৰ পৰা নিষেধ কৰিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ, আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক আমি কঠোৰ শাস্তি বিহিছিলোঁ, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="166">
<translation><![CDATA[ইয়াৰ পিছতো যেতিয়া সিহঁতে নিষিদ্ধ কামত সীমা চেৰাই গ'ল তেতিয়া আমি সিহঁতক ক’লোঁ, ‘তোমালোকে নিকৃষ্ট বান্দৰ হৈ যোৱা’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="167">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল যে, নিশ্চয় তেওঁ ক্বিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক (ক্ষমতা প্ৰদান কৰি) পঠাব, যিসকলে সিহঁতক কঠিন শাস্তি দি থাকিব। নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি দানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="168">
<translation><![CDATA[আৰু আমি সিহঁতক পৃথিৱীত বিভিন্ন দলত বিভক্ত কৰিছোঁ, সিহঁতৰ কিছুমান হৈছে সৎকৰ্মপৰায়ণ আৰু কিছুমান অন্য ধৰণৰ। আমি সিহঁতক মঙ্গল আৰু অমঙ্গলৰ দ্বাৰা পৰীক্ষা কৰিছোঁ, যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="169">
<translation><![CDATA[সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্তৰূপে কিতাবৰ উত্তৰাধিকাৰী হৈছে, যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে, আৰু সিহঁতে কয়, ‘আমাক ক্ষমা কৰি দিয়া হ’ব’। কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰলৈ আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব; কিতাবৰ অঙ্গীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাছিলনে যে, সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’ব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। কিন্তু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আবাসেই হৈছে উত্তম; তোমালোকে এয়া অনুধাৱন নকৰানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="170">
<translation><![CDATA[যিসকলে কিতাবক দৃঢ়ভাৱে ধাৰণ কৰে আৰু ছালাত কায়েম কৰে; নিশ্চয় আমি সৎকৰ্মপৰায়ণসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="171">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি পৰ্বতক সিহঁতৰ ওপৰত তুলি ধৰিছিলোঁ, আৰু সেয়া আছিল যেনিবা মেঘৰ এটা খণ্ড। সিহঁতে ভাবিছিল যে, সেয়া সিহঁতৰ ওপৰত পৰি যাব। (আমি ক’লোঁ) ‘আমি যি প্ৰদান কৰিছোঁ সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ কৰা, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="172">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল, ‘মই তোমালোকৰ প্ৰতিপালক নহয়নে? সিহঁতে কৈছিল, ‘হয় নিশ্চয়, আমি সাক্ষী থাকিলোঁ’। এই স্বীকাৰোক্তি এইকাৰণে লোৱা হ'ল যে, যাতে তোমালোকে ক্বিয়ামতৰ দিনা ক’ব নোৱাৰা যে, আমি এই বিষয়ে জনাই নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="173">
<translation><![CDATA[অথবা তোমালোকে যাতে এইটো ক’ব নোৱাৰা যে, আমাৰ পিতৃপুৰুষসকলেও আমাৰ আগত শ্বিৰ্ক কৰিছিল, আৰু আমি আছিলোঁ তেওঁলোকৰ পৰবৰ্তী বংশধৰ; এতেকে (শ্বিৰ্কৰ মাধ্যমত) যিসকলে নিজৰ আমলক বাতিল কৰিছে সিহঁতৰ কৃতকৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="174">
<translation><![CDATA[আৰু এইদৰেই আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ যাতে সিহঁতে উভতি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="175">
<translation><![CDATA[আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা, যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, তাৰ পিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল, আৰু চয়তানে তাৰ পিছ লৈছিল। ফলত সি বিপথগামীসকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="176">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোঁহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="177">
<translation><![CDATA[সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="178">
<translation><![CDATA[আল্লাহে যাক হিদায়ত দিয়ে সেইজনহে হিদায়তপ্ৰাপ্ত, আৰু তেওঁ যিসকলক বিপথগামী কৰে সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="179">
<translation><![CDATA[নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছোঁ, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="180">
<translation><![CDATA[আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="181">
<translation><![CDATA[আৰু যিসকলক আমি সৃষ্টি কৰিছোঁ সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফো কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="182">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="183">
<translation><![CDATA[আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="184">
<translation><![CDATA[সিহঁতে কেতিয়াও চিন্তা নকৰে নেকি যে, সিহঁতৰ সহচৰজন কাহানিও উন্মাদ নহয়? তেওঁ হৈছে কেৱল এজন স্পষ্ট সতৰ্ককাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="185">
<translation><![CDATA[সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱতঃ সিহঁতৰ নিৰ্ধাৰিত সময় অতি নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="186">
<translation><![CDATA[আল্লাহে যাক বিপথগামী কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="187">
<translation><![CDATA[সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰতহে আছে। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকাশমণ্ডল আৰু পৃথিৱীত সেইটো হ’ব এটা ভয়ংকৰ ঘটনা। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="188">
<translation><![CDATA[কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ লাভ-লোকচানৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোঁহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="189">
<translation><![CDATA[তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-গধূৰ হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ প্ৰতিপালক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে নিশ্চয় আমি তোমাৰ প্ৰতি কৃতজ্ঞ থাকিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="190">
<translation><![CDATA[তাৰ পিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাঙ্গ সুসন্তান দান কৰে, তেতিয়া সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰ (শ্বৰীক) নিৰ্ধাৰণ কৰে। প্ৰকৃততে সিহঁতে যিসকলক (তেওঁৰ লগত) অংশী স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="191">
<translation><![CDATA[সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="192">
<translation><![CDATA[এইবোৰে সিহঁতক কদাপিও সহায় কৰিব নোৱাৰে আনকি নিজৰো সহায় কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="193">
<translation><![CDATA[আৰু তোমালোকে সিহঁতক সৎপথৰ পিনে আহ্বান কৰিলেও সিহঁতে তোমালোকক অনুসৰণ নকৰিব; তোমালোকে সিহঁতক আহ্বান কৰা বা নিৰৱে থাকা, তোমালোকৰ বাবে উভয়েই সমান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="194">
<translation><![CDATA[আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="195">
<translation><![CDATA[সিহঁতৰ ভৰি আছেনে যাৰ দ্বাৰা সিহঁতে খোজ কাঢ়ে? সিহঁতৰ হাত আছেনে যাৰ দ্বাৰা সিহঁতে ধৰিব পাৰে? সিহঁতৰ চকু আছেনে যাৰ দ্বাৰা সিহঁতে দেখে? সিহঁতৰ কাণ আছেনে যাৰ দ্বাৰা সিহঁতে শুনে? কোৱা, ‘তোমালোকে যিসকলক আল্লাহৰ লগত অংশী কৰিছা সিহঁতক মাতি লোৱা আৰু তাৰ পিছত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অকণো অৱকাশ নিদিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="196">
<translation><![CDATA[‘নিশ্চয় মোৰ অভিভাৱক হৈছে কেৱল আল্লাহ, যিজনে কিতাব অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই সৎকৰ্মপৰায়ণসকলৰ অভিভাৱকত্ব কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="197">
<translation><![CDATA[আৰু আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁতে তোমালোকক কদাপিও সহায় কৰিব নোৱাৰে আনকি সিহঁতে নিজৰো সহায় কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="198">
<translation><![CDATA[তুমি যদি সিহঁতক সৎপথৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে নুশুনিব আৰু তুমি দেখিবলৈ পাবা যে, বাহ্যিকভাৱে সিহঁতে তোমাৰ ফালে চাই আছে, অথচ সিহঁতে নেদেখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="199">
<translation><![CDATA[মানুহৰ (চৰিত্ৰ আৰু কৰ্মৰ) উৎকৃষ্ট অংশ গ্ৰহণ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অজ্ঞসকলক এৰাই চলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="200">
<translation><![CDATA[আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="201">
<translation><![CDATA[নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আত্মসচেতন হয়, আৰু লগে লগে তেওঁলোকৰ দৃষ্টি প্ৰকট হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="202">
<translation><![CDATA[আৰু চয়তানৰ ভাতৃসকলে সিহঁতক ভ্ৰান্তিৰ পিনে টানি লৈ যায়। এই কামত সিহঁতে অকণো ত্ৰুটি নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="203">
<translation><![CDATA[তুমি যেতিয়া সিহঁতৰ ওচৰলৈ (সিহঁতে বিচৰা মতে) কোনো আয়াত লৈ নাহা, তেতিয়া সিহঁতে কয়, ‘তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয়’? কোৱা, ‘মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ প্ৰতি অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰোঁ। এই (কোৰআন)খন হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ; লগতে এইখন ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="204">
<translation><![CDATA[আৰু যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া তোমালোকে মনোযোগ সহকাৰে সেয়া শুনিবা আৰু নিৰৱ-নিস্তব্ধ হৈ থাকিবা, যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষণ হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="205">
<translation><![CDATA[আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি মনে মনে সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে স্মৰণ কৰা। লগতে তুমি উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="206">
<translation><![CDATA[নিশ্চয় যিসকল তোমাৰ প্ৰতিপালকৰ সান্নিধ্যত আছে, তেওঁলোকে তেওঁৰ ইবাদতৰ পৰা অহংকাৰ নকৰে; আৰু তেওঁলোকে কেৱল তেওঁৰেই তাছবীহ পাঠ কৰে আৰু কেৱল তেওঁকেই ছাজদা কৰে। (ছাজদাহ নং ১)]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="8">
<aya number="1">
<translation><![CDATA[মানুহে তোমাক আনফাল (যুদ্ধলব্ধ সম্পদ) সম্পৰ্কে প্ৰশ্ন কৰে; কোৱা, ‘যুদ্ধলব্ধ সম্পদ আল্লাহ আৰু ৰাছুলৰ বাবে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰাৰ সময়ত কম্পিত হয় আৰু যেতিয়া তেওঁলোকৰ সন্মুখত তেওঁৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া ই তেওঁলোকৰ ঈমান বৃদ্ধি কৰে, লগতে তেওঁলোকে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যিসকলে ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদা, ক্ষমা আৰু সন্মানজনক জীৱিকা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এইটো এনেকুৱা, যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগিছিল যেনিবা সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে আৰু সিহঁতে সেইটো দেখি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হ'ব, অথচ তোমালোকে বিচাৰিছিলা যে, অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওক, কিন্তু আল্লাহে বিচাৰিছিল তেওঁ নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[যাতে তেওঁ সত্যক সত্যৰূপে আৰু বাতিলক বাতিলৰূপে প্ৰতিপন্ন কৰিব পাৰে, যদিও অপৰাধীসকলে এইটোক অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল যে, ‘নিশ্চয় আমি তোমালোকক সহায় কৰিম এহেজাৰ ফিৰিস্তাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু আল্লাহে এইটো কৰিছে সুসংবাদস্বৰূপে লগতে এই উদ্দেশ্যে যাতে তোমালোকৰ অন্তৰসমূহে ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষণ কৰিছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছোঁ, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফুৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে সিহঁতৰ ডিঙিত আঘাত কৰা আৰু সিহঁতৰ প্ৰত্যেক গাঠিয়ে গাঠিয়ে আঘাত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[এইটো এইকাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[এইটোৱে তোমালোকৰ শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে যেতিয়া (যুদ্ধৰ সময়ত) কাফিৰ বাহিনীৰ সন্মুখীন হ’বা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতক পৃষ্ঠ প্ৰদৰ্শন (কৰি পলায়ন) নকৰিবা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু সেইদিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন কৰিবলৈ অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিব আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা, তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল। যাতে তেওঁ মুমিনসকলক নিজৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষা (কৰি উচ্চ মৰ্যাদা প্ৰদান) কৰিব পাৰে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[যদি তোমালোকে বিজয় কামনা কৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে তেওঁৰ কথা শুনাৰ পিছত তাৰ পৰা মুখ ঘূৰাই নল’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে কয়, ‘আমি শুনিছোঁ’; আচলতে সিহঁতে নুশুনে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[নিশ্চয় আল্লাহৰ ওচৰত বিচৰণশীল জীৱৰ মাজত অতি নিকৃষ্ট হৈছে সেইসকল কলা, বোবা, যিসকলে একোৱে নুবুজে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনেকুৱা কোনো বিষয়ৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত আল্লাহ অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) কেৱল তোমালোকৰ মাজৰ যালিমসকলৰ মাজতেই বিশেষকৈ সীমাবদ্ধ নাথাকে। লগতে জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে, মানুহে তোমালোকক অকস্মাৎ আহি অপহৰণ কৰিব। তাৰ পিছত তেৱেঁই (আল্লাহেই) তোমালোকক আশ্ৰয় দিছে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিছে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিছে যাতে তোমালোকে কৃতজ্ঞ হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে এটা পৰীক্ষা; আৰু (জানি থোৱা) নিশ্চয় আল্লাহৰ ওচৰতেই আছে মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ হৈছে মহা কল্যাণৰ অধিকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া কাফিৰসকলে তোমাক বন্দী কৰাৰ বাবে অথবা হত্যা কৰাৰ বাবে নাইবা নিৰ্বাসিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল। সিহঁতে ষড়যন্ত্ৰ কৰিছিল ইপিনে আল্লাহেও (সিহঁতৰ ষড়যন্ত্ৰৰ বিপক্ষে) তাৰ প্ৰতিব্যৱস্থা কৰিছিল, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, ‘আমি শুনিলোঁ, ইচ্ছা কৰিলে আমিও এইদৰে ক’ব পাৰোঁ, এইবোৰ পুৰণি দিনৰ লোকসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইখন (কোৰআন) যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয়, তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আল্লাহ এনেকুৱা নহয় যে, তুমি সিহঁতৰ মাজত থকা অৱস্থাতে তেওঁ সিহঁতক শাস্তি দিব; লগতে আল্লাহৰ নীতি এইটোও নহয় যে, সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[সিহঁতৰ মাজত এনেকুৱা কি (গুণ) আছে, আল্লাহে সিহঁতক কিয় শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু কাবা ঘৰৰ ওচৰত উৰুলি আৰু হাত তালিৰ বাহিৰে সিহঁতৰ আন একো উপাসনা নাছিল। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফুৰী কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, এতেকে সিহঁতে এইদৰে ব্যয় কৰিয়ে থাকিব, অৱশেষত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[যাতে আল্লাহে অপৱিত্ৰবোৰক পৱিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপৱিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোকে স্তূপত পৰিণত কৰিব, তাৰ পিছত সেই স্তূপক জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে অতীতত যি (পাপ) হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু তোমালোকে ফিতনাৰ অৱসান নঘটালৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা, লগতে দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে (এই সংগ্ৰাম চলাই যাবা)। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা, আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত (যুদ্ধলব্ধ সম্পদ) হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত। যদি তোমালোকে পৰস্পৰে যুদ্ধ সম্পৰ্কে কোনো পূৰ্বসিদ্ধান্তত থাকিলাহেঁতেন তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন। কিন্তু যি ঘটিবলগীয়া আছিল, আল্লাহে সেয়া সম্পন্ন কৰিলে, যাতে যিয়ে ধ্বংস হ’ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে; আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমাক সপোনত দেখুৱাইছিল যে, সিহঁত সংখ্যাত তাকৰ হ’ব; যদি তোমাক সিহঁতৰ সংখ্যা বেছি দেখুৱালেহেঁতেন তেন্তে নিশ্চয় তোমালোকে সাহস হেৰুৱালাহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলাহেঁতেন। কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেৱেঁই সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ তোমালোকৰ দৃষ্টিত সিহঁতৰ সংখ্যা কম দেখুৱাইছিল আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক সংখ্যাত কম দেখুৱাইছিল, যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল। (জানি থোৱা) সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, লগতে নিজৰ মাজতে বিবাদ নকৰিবা, এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি-সামৰ্থ বিলুপ্ত হ’ব। তোমালোকে ধৈৰ্য্য ধাৰণ কৰা; নিশ্চয় আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে নিজ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছিল আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। কিন্তু সিহঁতে যি কৰে আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোকিলে আৰু ক’লে, ‘নিশ্চয় তোমালোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই এনেকুৱা কিবা দেখি আছোঁ যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰোঁ’, কাৰণ আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে কৈছিল, ‘এওঁলোকৰ দ্বীনে এওঁলোকক বিভ্ৰান্ত কৰিছে’। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰে (তেওঁহে জয়লাভ কৰে)। (জানি থোৱা) নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰান্ত, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[এয়া হৈছে তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[ফিৰআউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে; ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তি দানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[এইটো এইকাৰণে যে, যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিবৰ্তন নিজে নকৰে তেন্তে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতক যি নিয়ামত দান কৰিছে তাত কোনো পৰিবৰ্তন আনিব; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[ফিৰআউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে ইহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰে। ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছিলোঁ আৰু ফিৰআউনৰ বংশধৰসকলক ডুবাই মাৰিছিলোঁ; আৰু সিহঁত আটায়ে আছিল যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে সেইসকল, যিসকলে কুফুৰী কৰিছে। সেয়ে সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[সিহঁতৰ মাজৰ পৰা যিসকলৰ সৈতে তুমি চুক্তি কৰিছা, সিহঁতে বাৰে বাৰে সিহঁতৰ সেই চুক্তি ভংগ কৰে, আৰু সিহঁতে তাক্বৱা অৱলম্বন নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজৰ আয়ত্তত ল’ব পাৰা তেন্তে সিহঁতক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিবা, যাতে সিহঁতৰ পিছফালে যিসকল আছে সিহঁত ছত্ৰভংগ দি পলায়ন কৰে, সম্ভৱতঃ সিহঁতে (ইয়াৰ পৰা) শিক্ষা লাভ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভংগৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু কাফিৰসকলে যেন এইটো কেতিয়াও নাভাবে যে, সিহঁত (আমাৰ) আয়ত্বৰ বাহিৰত গুচি গৈছে; নিশ্চয় সিহঁতে (আল্লাহক) অপাৰগ কৰিবলৈ সক্ষম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু তোমালোকে সিহঁতৰ মুকাবিলাৰ বাবে যথাসাধ্য শক্তি-সামৰ্থ আৰু অশ্ব-বাহিনী প্ৰস্তুত কৰা, যিটোৰ দ্বাৰা তোমালোকে ভীত-সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক লগতে ইয়াৰ বাহিৰেও আন আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা, কিন্তু আল্লাহে সিহঁতক জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ’ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু যদি সিহঁতে (শান্তি স্থাপনৰ বাবে) সন্ধিৰ পিনে ঢাল খায় তেন্তে তুমিও তাৰ বাবে আগ্ৰহী হ’বা আৰু আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিবা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আনহাতে যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[হে নবী! তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা, তোমালোকৰ মাজৰ বিশজন ধৈৰ্য্যশীল ব্যক্তিয়ে দুশজনক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ এশজনে এহেজাৰ কাফিৰৰ ওপৰত বিজয়ী লাভ কৰিব। কাৰণ সিহঁত (কাফিৰসকল) হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিছে আৰু তেওঁ অৱগত যে, তোমালোকৰ মাজত দুৰ্বলতা আছে, সেয়ে তোমালোকৰ মাজৰ এশজন ধৈৰ্য্যশীল ব্যক্তিয়ে দুশজনৰ ওপৰত বিজয়ী লাভ কৰিব, আৰু তোমালোকৰ মাজত এহেজাৰ থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে দুহেজাৰৰ ওপৰত বিজয়ী হ’ব। প্ৰকৃতে আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[পৃথিৱীত সম্পূৰ্ণৰূপে শত্ৰুক উচ্ছন্ন নকৰালৈকে যুদ্ধবন্দী ৰখাটো কোনো নবীৰ বাবেই সংগত নহয়। তোমালোকে কামনা কৰা পাৰ্থিৱ সম্পদ কিন্তু আল্লাহে বিচাৰে আখিৰাত; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আল্লাহৰ পূৰ্ব বিধান (লিপিবদ্ধ) নাথাকিলে তোমালোকে যি গ্ৰহণ কৰিছা, তাৰকাৰণে তোমালোকৰ ওপৰত মহাশাস্তি আপতিত হ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[এতেকে তোমালোকে যি গনীমত লাভ কৰিছা সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[হে নবী! তোমালোকৰ কৰায়ত্ত যুদ্ধবন্দীসকলক কোৱা, ‘আল্লাহে যদি তোমালোকৰ হৃদয়ত ভাল কিবা দেখে তেন্তে তোমালোকৰ পৰা (মুক্তিপণ হিচাপে) যি লোৱা হৈছে তাতকৈও উত্তম কিবা তেওঁ তোমালোকক প্ৰদান কৰিব আৰু তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে, তেন্তে (জানি থোৱা) ইতিপূৰ্বে সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে; তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত (তোমাক) শক্তিশালী কৰিছে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰালৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰাটো তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয়ে দেখা দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু যিসকলে পিছত ঈমান আনিছে, হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি জিহাদ কৰিছে তেওঁলোকেও তোমালোকৰ অন্তৰ্ভুক্ত আৰু আল্লাহৰ বিধানত নিকটআত্মীয়সকল হৈছে (আনৰ তুলনাত) ইজনে সিজনৰ বেছি হক্বদাৰ। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="9">
<aya number="1">
<translation><![CDATA[এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেই সকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এতেকে (হে মুশ্বৰিকসকল) তোমালোকে দেশত চাৰি মাহলৈকে (নিৰাপদে) বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলক অপদস্থ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহৰ সৈতে মুশ্বৰিকসকলৰ কোনো সম্পৰ্ক নাই লগতে তেওঁৰ ৰাছুলৰো (কোনো সম্পৰ্ক) নাই। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[কিন্তু মুশ্বৰিকসকলৰ মাজৰ যিসকলৰ সৈতে তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পালন কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যোৱাৰ পিছত তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু মুশ্বৰিকসকলৰ মাজৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলৱৎ থাকিব? কিন্তু যিসকলৰ সৈতে মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব, তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[কেনেকৈ চুক্তি বলৱৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সিহঁতে কোনো মুমিনৰ সৈতে আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই হৈছে সীমালংঘনকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁত হ’ব তোমালোকৰ দ্বীনি ভাই; আৰু আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক, যিসকলৰ কোনো প্ৰতিশ্ৰুতি (বা শপত) নাই; যাতে সিহঁতে বিৰত থাকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাছুলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন, যদি তোমালোকে (প্ৰকৃত) মুমিন হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা। তোমালোকৰ হাতেৰে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহক প্ৰশান্তি দান কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু তেৱেঁই তেওঁলোকৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাক ইচ্ছা কৰিব তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেই এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজৰ কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[মুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা তত্বাৱধান ল'ব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোক হৈছে আল্লাহৰ ওচৰত শ্ৰেষ্ঠ মৰ্যাদাৰ অধিকাৰী, আৰু তেওঁলোকেই সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দই যদি ঈমানৰ মুকাবিলাত কুফুৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকৰ সংখ্যাগৰিষ্ঠতাই তোমালোকক উৎফুল্ল কৰিছিল, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিছিল আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিছিল যিটো তোমালোকে দেখা পোৱা নাছিলা, আৰু তেৱেঁই কাফিৰসকলক শাস্তি দিছিল, এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে তাক হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযিয়া (কৰ) নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ হৈছে আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ হৈছে আল্লাহৰ পুত্ৰ’। এইটো হৈছে কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফুৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক ওভতাই নিয়া হৈছে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক সিহঁতৰ প্ৰভু বনাই লৈছে আৰু মাৰয়ামৰ পুত্ৰ মছীহকো। অথচ সিহঁতক এক ইলাহৰ ইবাদত কৰাৰ বাবেই আদেশ কৰা হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[তেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰিব পাৰে, যদিও মুশ্বৰিকসকলে এইটো অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজৰ বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[যিদিনা সেইবোৰক জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, (লগতে কোৱা হ’ব), ‘এইবোৰেই হৈছে তোমালোকৰ সেইবোৰ সম্পদ যিবোৰক তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা হৈছে বাৰটা। তাৰে চাৰিটা মাহ হৈছে নিষিদ্ধ (পৱিত্ৰ বা সন্মানীয়), এইটোৱে হৈছে প্ৰতিষ্ঠিত দ্বীন। এতেকে এই মাহবোৰত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[(এই মাহবোৰৰ পৱিত্ৰতাক) অন্য কোনো মাহলৈ পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে, যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকৰ কি হ’ল, তোমালোকক যেতিয়া আল্লাহৰ পথত কোনো অভিযানত ওলাবলৈ কোৱা হয়, তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ মাটিক সাৱটি ধৰা? তোমালোকে আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ অতি নগণ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[যদি তোমালোকে অভিযানলৈ ওলাই নোযোৱা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিবৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[যদি তোমালোকে তেওঁক (আল্লাহৰ ৰাছুলক) সহায় নকৰা, তেন্তে আল্লাহেই (তেওঁক সহায় কৰিব যিদৰে তেওঁ) তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেতিয়া তেওঁ নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজৰ প্ৰশান্তি অৱতীৰ্ণ কৰিছিল আৰু তেওঁক শক্তিশালী কৰিছিল এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিসকলক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিছিল; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[যদি সহজতে সম্পদ লাভৰ আশা থাকিলহেঁতেন আৰু ভ্ৰমণ সুগম হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথক সুদীৰ্ঘ বুলি ভাবিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘আমাৰ সাধ্য থাকিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোঁহেঁতেন’। দৰাচলতে সিহঁতে (মিছা কথা কৈ) নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেই কথা তুমি নজনালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজৰ সংশয়ত দ্বিধাগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থাকা (অক্ষম) লোকসকলৰ সৈতে তোমালোকেও বহি থাকা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[যদি সিহঁত তোমালোকৰ সৈতে ওলালহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন। লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত (গুপ্তচৰ) আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম ওলট-পালট কৰিছিল, অৱশেষত সত্য সমাগত হ’ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘মোক (যুদ্ধত অংশ গ্ৰহণ নকৰিবলৈ) অনুমতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[যদি তোমাৰ কোনো মঙ্গল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেঁই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[কোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছোঁ যে, আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[কোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে দান কৰা অথবা অনিচ্ছাকৃতভাৱে, তোমালোকৰ পৰা সেই দান কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে লগতে সিহঁতে ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু দান কৰে কেৱল অনিচ্ছাকৃতভাৱে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[এতেকে সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু কাফিৰ অৱস্থাতেই সিহঁতৰ আত্মাই দেহ ত্যাগ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ নামত শপত খাই কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত হৈছে এটা ভীতু সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি-গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালেই দ্ৰুত গতিত দৌৰি লুকাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয়, আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[ভাল হ’লহেঁতেন আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাত যদি সিহঁতে সন্তুষ্ট থাকিলহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও (দান কৰিব); নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[(ফৰজ) ছাদাক্বা হৈছে কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে (বিপদগ্ৰস্ত) মুছাফিৰসকলৰ বাবে। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত (ফৰজ বিধান)। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁ দেখোন প্ৰত্যেক কথাতে কৰ্ণপাত কৰে’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেইটোৱে শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে তেওঁ হৈছে ৰহমত। যিসকলে আল্লাহৰ ৰাছুলক কষ্ট দিয়ে, সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[সিহঁতে তোমালোকক সন্তুষ্ট কৰিবলৈহে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদিহে সিহঁত প্ৰকৃত মুমিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই হৈছে চৰম লাঞ্ছনা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[মুনাফিকসকলে (সদায়) আশংকা কৰে যে, জানোচা সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰি থাকা; তোমালোকে যিটো বিষয়ক ভয় কৰি আছা নিশ্চয় আল্লাহে সেইটো প্ৰকাশ কৰি দিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু যদি তুমি সিহঁতক সোধা তেন্তে নিশ্চয় সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলোঁ’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলকেই বিদ্ৰূপ কৰিবলৈ পালানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[‘তোমালোকে এতিয়া ওজৰ-আপত্তি নকৰিবা। (কাৰণ) নিশ্চয় তোমালোকে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছা। আমি তোমালোকৰ মাজৰ কিছুমানক ক্ষমা কৰিলেও আন কিছুমানক শাস্তি প্ৰদান কৰিমেই—কাৰণ নিশ্চিতভাৱে সিহঁত হৈছে অপৰাধী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীসকল ইজনে সিজনৰ অনুৰূপ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মৰ পৰা বিৰত ৰাখে, লগতে সিহঁতে (আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত) নিজৰ হাত সংকুচিত কৰি ৰাখে, দৰাচলতে সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল হৈছে ফাছিক্ব (অতি অবাধ্য)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আল্লাহে মুনাফিক পুৰুষ, মুনাফিক নাৰী আৰু কাফিৰসকলক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[(তোমালোকেও) সিহঁতৰ দৰেই, যিসকল তোমালোকৰ পূৰ্বে আছিল, সিহঁত শক্তি-সামৰ্থত তোমালোকতকৈও অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ তথা সন্তান-সন্ততি আছিল তোমালোকতকৈও বেছি। এতেকে সিহঁতৰ ভাগ্যত যি আছিল সেইটো সিহঁতে ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেইটো উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে। তোমালোকেও সেইদৰেই অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ (নেক) আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[সিহঁতৰ ওচৰলৈ সিহঁতৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ যেনে নূহ, আদ আৰু ছামূদ সম্প্ৰদায়, লগতে ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদয়ানৰ অধিবাসীসকলৰ লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ অহা নাইনে? সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আহিছিল। এতেকে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[মুমিন পুৰুষ আৰু মুমিনা নাৰী হৈছে ইজনে সিজনৰ অভিভাৱক, তেওঁলোকে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা বাধা প্ৰদান কৰে, ছালাত কায়েম কৰে, যাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোকৰ ওপৰতেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই হৈছে সৰ্বশ্ৰেষ্ঠ। এইটোৱেই হৈছে মহাসফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে তুমি জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[সিহঁতে আল্লাহৰ শপত খাই কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফুৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফুৰী কৰিছে; সিহঁতে এনেকুৱা বিষয়ৰ সংকল্প কৰিছিল যিটো সিহঁতে কাৰ্যকৰী কৰিব পৰা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত তেওঁলোকক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ-মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে কল্যাণকৰ হ’ব, আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; ভূ-পৃষ্ঠত সিহঁতৰ কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম তথা সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[পৰিণামস্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিৱসলৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব। কাৰণ সিহঁতে আল্লাহৰ সৈতে কৰা অঙ্গীকাৰ ভংগ কৰিছিল, লগতে মিছা কৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে? আৰু নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[মুমিনসকলৰ মাজৰ যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[(তাবুকৰ অভিযানত) পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে। ইয়াৰ ওপৰিও সিহঁতে ক’লে, ‘গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা’। কোৱা, ‘জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত’, যদি সিহঁতে বুজিলেহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[দৰাচলতে সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা উচিত আৰু বেছিকৈ কান্দা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[এতেকে যদি আল্লাহে তোমাক (মাদীনালৈ) সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে (কোনো অভিযানত) ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে, তেতিয়া তুমি (সিহঁতক) ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈও কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হ’লেও তুমি কেতিয়াও তাৰ জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাতেই সিহঁতৰ মৃত্যু হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু ৰাছুলৰ সংগী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজৰ যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰি কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[আল্লাহে তেওঁলোকৰ বাবে জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ তলত প্ৰবাহিত আছে নদীসমূহ, তেওঁলোকে তাত (সেই জান্নাতত) চিৰকাল থাকিব; এইটোৱেই হৈছে মহাসফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[কোনো দোষ নাই দুৰ্বলসকলৰ, অসুস্থসকলৰ আৰু যিসকল অৰ্থ ব্যয় কৰিবলৈ অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[আৰু সেইসকল লোকৰো কোনো দোষ নাই, যিসকলে তোমাৰ ওচৰলৈ বাহন পোৱাৰ আশাত আহিছিল, তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; তেতিয়া তেওঁলোকে বাধ্য হৈ চকুলো টুকি উভতি গৈছিল এই দুখত যে, তেওঁলোকৰ ওচৰত ব্যয় কৰিব পৰা একো নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[কিন্তু যিসকল লোকে অভাৱমুক্ত হৈও (যুদ্ধত নোযোৱাৰ) অনুমতি বিচাৰিছিল, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল। সেয়ে আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে জ্ঞান লাভ কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[যেতিয়া তোমালোকে সিহঁতৰ ওচৰলৈ উভতি যাবা, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰোঁ; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু (ভৱিষ্যতেও) আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহাজ্ঞানীৰ ওচৰলৈকে ওভতাই নিয়া হ’ব, তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[তোমালোকে যেতিয়া সিহঁতৰ ওচৰলৈ উভতি যাবা, অচিৰেই সিহঁতে তোমালোকৰ সন্মুখত আল্লাহৰ শপত খাব, যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই হৈছে সিহঁতৰ আবাসস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[সিহঁতে তোমালোকৰ সন্মুখত শপত কৰিব, যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আ’ৰাব বা মৰুবাসীসকল কুফুৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ সিহঁতে অধিক উপযুক্ত; আৰু (জানি থোৱা) আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে, লগতে তোমালোকৰ প্ৰতি (কালৰ) আৱৰ্তন (দুঃসময়)ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে (আল্লাহৰ) সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকল (ঈমান পোষণ কৰাৰ ক্ষেত্ৰত) প্ৰথম অগ্ৰগামী, লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহাসফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[মৰুবাসীসকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাঁজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক, লগতে মদীনাবাসীৰ মাজতো আছে (কিছুমান মুনাফিক), সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[আৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[তুমি সিহঁতৰ সম্পদৰ পৰা চাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। নিঃসন্দেহে তোমাৰ দুআ হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু চাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও (দেখিব)। অনতিপলমে তোমালোকক ওভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ সত্ত্বা (আল্লাহ)ৰ ওচৰলৈ; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[আৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[আৰু (কিছুমান আছে) যিসকলে ক্ষতিসাধন কৰাৰ উদ্দেশ্যে, কুফুৰী কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে, লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে (এখন নতুন) মছজিদ নিৰ্মাণ কৰিছে । সিহঁতে নিশ্চয় শপত খাই ক’ব, ‘আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিঃসন্দেহে সিহঁত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[তুমি তাত কেতিয়াও (ছালাতৰ বাবে) থিয় নহ’বা; (আনহাতে) যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইখনতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰিবলৈ ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[এতেকে যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰিছে সি উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰিছে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাকলৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[সিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা তেওঁলোকৰ জীৱন আৰু সম্পদ জান্নাতৰ বিনিময়ত কিনি লৈছে। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, ফলত তেওঁলোকে (শত্ৰুক) হত্যা কৰে আৰু নিজেও নিহত হয়। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সত্য প্ৰতিশ্ৰুতি আছে; প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে সুসংবাদ গ্ৰহণ কৰা; কিয়নো এইটোৱেই হৈছে মহাসফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[তেওঁলোক হৈছে তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, তেওঁ (ৰ পিতা হৈছে) আল্লাহৰ শত্ৰু, তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিছিল। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[আৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই আৰু কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[নিশ্চয় আল্লাহে নবীৰ, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিছে, যিসকলে সংকটময় মুহূৰ্তত তেওঁৰ অনুসৰণ কৰিছিল– আনকি তেওঁলোকৰ মাজৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হৈছিল। তাৰ পিছত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিছে; নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[আৰু সেই তিনিজন ব্যক্তিৰো তেওঁ তাওবা কবুল কৰিলে, যিসকলৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু তেওঁলোকৰ জীৱন তেওঁলোকৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু তেওঁলোকে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ তেওঁলোকৰ তাওবা কবুল কৰিলে যাতে তেওঁলোকে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সংগী হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু ৰাছুলৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু তেওঁলোকৰ ওচৰে-পাঁজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত তেওঁলোকৰ যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা তেওঁলোকৰ প্ৰতিটো পদক্ষেপ যিটোৱে শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেইবোৰ তেওঁলোকৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[তেওঁলোকে সৰু-ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেইটোৱে তেওঁলোকৰ বাবে লিপিবদ্ধ কৰি থোৱা হয় – যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উৎকৃষ্ট পুৰস্কাৰ প্ৰদান কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে তেওঁলোকৰ প্ৰত্যেক দলৰ পৰা একাংশই কিয় নোলায়, যাতে তেওঁলোকে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিব তেতিয়া তেওঁলোকক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে তেওঁলোকো সতৰ্ক হ’ব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰে-পাঁজৰে থকা কাফিৰসকলৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এই ছুৰাই তোমালোকৰ মাজৰ কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে (কোৱা) যিসকলে ঈমান আনিছে (এই ছুৰাই) তেওঁলোকৰেই ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[আনহাতে যিসকলৰ অন্তৰত ব্যাধি আছে, এই ছুৰাই সিহঁতৰ কলুষৰ লগত অধিক কলুষ বৃদ্ধি কৰিছে; আৰু সিহঁতে কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[সিহঁতে দেখা নাপায়নে যে, সিহঁতক প্ৰতি বছৰে এবাৰ বা দুবাৰকৈ বিপৰ্যস্ত কৰা হয়? ইয়াৰ পিছতো কিয় সিহঁতে তাওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, ‘তোমালোকক কোনোবাই লক্ষ্য কৰা নাইতো’? তাৰ পিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিছে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু তেৱেঁই হৈছে মহা আৰছৰ প্ৰতিপালক’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="10">
<aya number="1">
<translation><![CDATA[আলিফ লাম-ৰা।[1] এইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত।]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[মানুহৰ বাবে এইটো বিস্ময়কৰ বিষয় নেকি যে, আমি সিহঁতৰ মাজৰ পৰাই এজনৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে (মহান) আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ চুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। সেইজন (স্ৰষ্টা আৰু পৰিচালকেই) হৈছে আল্লাহ, তোমালোকৰ প্ৰতিপালক; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব, যাতে সেইসকল লোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদান কৰিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী আৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফুৰী কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ (গতিৰ) বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল (কক্ষপথ), যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰক যথাযথভাৱেই সৃষ্টি কৰিছে। তেওঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাৰ মাজত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱনক লৈয়ে সন্তুষ্ট হৈছে, লগতে ইয়াকলৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সিহঁতৰ কৃতকৰ্মৰ বাবেই সিহঁতৰ ঠিকনা হ’ব অগ্নি (জাহান্নাম)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব, কাৰণ তেওঁলোকে ঈমান পোষণ কৰিছে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতত তেওঁলোকৰ (বাসস্থানৰ) তলত নদীসমূহ প্ৰবাহিত থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ (পৰস্পৰৰ) অভিবাদন হ’ব, ‘ছালাম’ লগতে তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু যদি আল্লাহে মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে নিশ্চয় সিহঁতৰ নিৰ্দিষ্টি সময় কেতিয়াবাই আহি গ’লহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈও আমাক আহ্বান কৰে। তাৰ পিছত যেতিয়া আমি তাৰ সেই দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰীসকলৰ কৃতকৰ্মক সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু নিশ্চয় আমি তোমালোকৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে যুলুম (সীমালংঘন) কৰিছিল; আৰু সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল, তথাপিও সিহঁতে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছোঁ, যাতে আমি এইটো চাব পাৰোঁ যে তোমালোকে কেনেকুৱা আমল কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মই মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰাটো সম্ভৱ নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰোঁ। যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ তেন্তে মই ভয় কৰোঁ নিশ্চয় মহা দিৱসৰ শাস্তিয়ে মোক আক্ৰান্ত কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোঁহেঁতেন আৰু তেৱোঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ এটা দীৰ্ঘকাল অৱস্থান কৰিছোঁ, তথাপিও তোমালোকে বুজি নোপোৱানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু সিহঁতে আল্লাহক এৰি বেলেগৰ ইবাদত কৰে যিসকলে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে; লগতে সিহঁতে কয়, ‘এইসকল হৈছে আল্লাহৰ ওচৰত আমাৰ চুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনেকুৱা কোনো বিষয়ৰ সংবাদ দি আছা নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যিবোৰক তেওঁৰ সৈতে অংশী কৰে, তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু (আৰম্ভণিত) মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে, সিহঁতে যিবোৰ বিষয়ত মতভেদ কৰিছে সেইবোৰৰ মীমাংসা হৈয়ে গ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? এতেকে তুমি কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়াই আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল আৰম্ভ কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু অধিক তৎপৰ’। তোমালোকে যি অপকৌশল কৰা, নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেইবোৰ লিখি ৰাখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰা, আৰু সেই নৌযানবোৰে আৰোহীসকলকলৈ অনুকূল বতাহৰ সহায়ত চলাচল কৰে তেতিয়া সিহঁত আনন্দিত হয়, কিন্তু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে তেতিয়া সিহঁতে নিশ্চিত ধাৰণা কৰে যে, সিহঁত (বিপদৰ দ্বাৰা) পৰিবেষ্টিত হৈছে, (তেতিয়া) সিহঁতে সৰলচিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! (জানি থোৱা) তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই (ক্ষতিকৰ) হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰলৈকেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওক বা ৰাতিত আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইবোৰ এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱাকালি ইয়াৰ কোনো অস্তিত্বই নাছিল। এইদৰেই আমি চিন্তাশীল সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আল্লাহে (মানুহক) শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা কৰে সৰল পথত পৰিচালিত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু অধিক (আল্লাহৰ সাক্ষাৎ)। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে তাত অনন্তকাল বসবাস কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আনহাতে যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই; লগতে হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ (শাস্তিৰ) পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাথাকিব; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু (স্মৰণ কৰা) যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম। তাৰ পিছত মুশ্বৰিকসকলক সুধিম, ‘তোমালোক আৰু তোমালোকে নিৰূপণ কৰা অংশীবিলাক (আটায়ে) নিজৰ নিজৰ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম, তেতিয়া সিহঁতৰ অংশীবিলাকে (সিহঁতক সম্বোধন কৰি) ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘প্ৰকৃততে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, নিশ্চয় আমি তোমালোকৰ ইবাদত সম্পৰ্কে অজ্ঞাত আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[সেইদিনা প্ৰত্যেকেই পূৰ্বে কৰা নিজৰ কৃতকৰ্মসমূহ পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা উধাও হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায়, লগতে সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত প্ৰতিপালক। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে (সত্যক এৰি) তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[কোৱা, ‘তোমালোকে অংশী স্থাপন কৰা (উপাস্য)বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিৰ সূচনা কৰিব পাৰে আৰু তাৰ পিছত সেইটোৰ পুনৰাবৃত্তিও কৰিব পাৰে’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনিব পাৰে আৰু তেৱেঁই পুনৰাবৃত্তিও ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে ওভতাই নিয়া হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি, যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথৰ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰোবাৰ দ্বাৰা ৰচনা হোৱাটো সম্ভৱ নহয়। বৰং এইখন হৈছে ইয়াৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে সেইবোৰৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ নিজেই এইখন ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহাচোন আৰু আল্লাহৰ বাহিৰে আন যাকেই ইচ্ছা তাকেই মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[বৰং সিহঁতে এনেকুৱা এটা বিষয়ক মিছা বুলি ধাৰণা কৰিছে যিটোক সিহঁতে নিজৰ জ্ঞানৰ দ্বাৰা আয়ত্ত কৰিব পৰা নাই, আৰু এতিয়াও সিহঁতৰ ওচৰলৈ ইয়াৰ প্ৰকৃত পৰিণতি আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু সিহঁতৰ মাজৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে। (জানি থোৱা) তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু যদি সিহঁতে তোমাক মিছা বুলি অস্বীকাৰ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কাম কৰোঁ তাৰ লগত তোমালোকৰ কোনো সম্পৰ্ক নাই আৰু তোমালোকে যি কৰা তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰবিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। এতেকে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে, যদিও সিহঁতৰ দৃষ্টিশক্তি নাথাকে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহে নিজেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ এটা মুহূৰ্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতক মিছা বুলি ভাবিছিল আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছোঁ তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেই শাস্তি অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু প্ৰত্যেক উম্মতৰ বাবেই একোজনকৈ ৰাছুল আছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুল আহিছিল তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হৈছিল আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা হোৱা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই নিৰ্ধাৰিত আছে এটা নিৰ্দিষ্ট সময়-সীমা; যেতিয়া সিহঁতৰ সেই নিৰ্দিষ্ট সময় আহিব পৰিব, তেতিয়া সিহঁতে মুহূৰ্তকালো পিছুৱাব নোৱাৰিব আৰু আগুৱাবও নোৱাৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[কোৱা, ‘তোমালোকে কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিত অথবা দিনতেই আহি পৰে, তেন্তে (সেই শাস্তিৰ মাজত) এনেকুৱা কি আছে যিটোক অপাৰধীসকলে অতি সোনকালে পাব বিচাৰে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? (কোৱা হ’ব) এতিয়া (মানিলানে)?! অথচ তোমালোকে ইয়াৰ আগমনকলৈ খৰখেদা কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এই (শাস্তি)টো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো নিশ্চয় সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[যদি প্ৰত্যেক অন্যায়কাৰী ব্যক্তিৰ ওচৰত পৃথিৱীৰ সমপৰিমাণ সম্পদ থাকে, তেন্তে সি সেই গোটেইবোৰ মুক্তিপণ হিচাপে প্ৰদান কৰি হ’লেও নিজকে ৰক্ষা কৰিবলৈ উদ্যত হ’ব আৰু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতে (নিজৰ) অনুতাপ গোপন কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ কৃপাত (আহিছে); এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈ এইটো অধিক উত্তম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[কোৱা, ‘তোমালোকে এই বিষয়ে কি কোৱা, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰি লৈছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, ক্বিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈও ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাবত (লাওহে মাহফুজত লিপিবদ্ধ) নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[তেওঁলোকৰ বাবেই আছে সুসংবাদ পাৰ্থিৱ জীৱনত আৰু আখিৰাততো, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই হৈছে মহাসফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু সিহঁতৰ কথাই যাতে তোমাক চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[জানি থোৱা! নিশ্চয় যিসকল আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই; আৰু যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰহে অনুসৰণ কৰে, লগতে সিহঁতে কেৱল মিছা কথাহে কয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণো নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফুৰী কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু তুমি সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰাটো যদি তোমালোকৰ ওচৰত অসহ্য হয়, তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তথাপিও সিহঁতে তেওঁক মিছা বুলি অস্বীকাৰ কৰিছিল; ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক প্ৰতিনিধি বনাইছিলোঁ; আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিছিলোঁ। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[নূহৰ পিছত আমি বহুতো ৰাছুলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ; এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল। কিন্তু সিহঁতে যিটোক আগতেই অস্বীকাৰ কৰিছিল তাত ঈমান আনিবলৈ সিহঁত দুনাই প্ৰস্তুত নাছিল। এইদৰেই আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[তাৰ পিছত আমি মুছা আৰু হাৰুনক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সিহঁতে অহংকাৰ কৰিছিল, কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ তৰফৰ পৰা সত্য আহিল তেতিয়া সিহঁতে ক’লে, ‘এয়া নিশ্চয় স্পষ্ট যাদু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[মুছাই ক’লে, ‘সত্য যিহেতু তোমালোকৰ ওচৰলৈ আহিছে, এতিয়া তোমালোকে এইদৰে (যাদু বুলি) কৈ আছা? এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[সিহঁতে ক’লে, তুমি আমাক সেই পথৰ পৰা বিচ্যুত কৰিবলৈ আহিছা নেকি যি পথত আমি আমাৰ পিতৃ-পুৰুষসকলক পাইছোঁ, লগতে পৃথিৱীত তোমালোক দুজনৰ আধিপত্য বিস্তাৰ কৰিবলৈ আহিছা নেকি? তোমালোক দুজনৰ ওপৰত আমি বিশ্বাস নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[আৰু ফিৰআউনে (নিজৰ মন্ত্ৰীসভাক সম্বোধন কৰি) ক’লে, ‘মোৰ ওচৰলৈ সকলো সুদক্ষ যাদুকৰক উপস্থিত কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[এতেকে যেতিয়া যাদুকৰসকল আহি উপস্থিত হ’ল তেতিয়া মুছাই ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে এইবোৰক এতিয়াই অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব যদিও অপৰাধীসকলে ইয়াক অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[কিন্তু ফিৰআউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। কাৰণ ফিৰআউন আছিল দেশৰ শক্তিশালী ব্যক্তি আৰু নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[তেতিয়া তেওঁলোকে ক’লে, ‘আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[‘আৰু তুমি আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আমি মুছা আৰু তেওঁৰ ভাতৃৰ প্ৰতি অহী প্ৰেৰণ কৰিলোঁ যে, ‘মিচৰত তোমালোকৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ নিৰ্মাণ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা লগতে মুমিনসকলক সুসংবাদ দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[মুছাই ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ প্ৰতিপালক! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰে। হে আমাৰ প্ৰতিপালক! সিহঁতৰ এই ধন-সম্পদ বিনষ্ট কৰি দিয়া আৰু সিহঁতৰ হৃদয়সমূহক কঠিন কৰি দিয়া, যাতে সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰালৈকে ঈমান পোষণ কৰিব নোৱাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোক দুয়োৰে দুআ কবুল কৰা হ’ল। এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালোঁ। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু বিদ্বেষবশতঃ তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলোঁ যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাইলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[এতিয়া (ঈমান আনিছা)! অথচ ইতিপূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[‘এতেকে আজি আমি তোমাৰ শৰীৰটোক ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বাসস্থান প্ৰদান কৰিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলোঁ, তথাপিও সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত ক্বিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[এতেকে (হে নবী!) আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তুমি সিহঁতক সুধি চোৱা যিসকলে তোমাৰ পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থ পাঠ কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[লগতে সেইসকল লোকৰো অন্তৰ্ভুক্ত নহ’বা যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে- অন্যথা তুমিও ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে, সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[যদিও সিহঁতৰ ওচৰলৈ সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে (ঈমান পোষণ নকৰিব)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[এতেকে (সিহঁতৰ) কোনো এটা জনপদবাসীয়ে কিয় ঈমান পোষণ নকৰিলে, যিসকলৰ ঈমানে সিহঁতক উপকাৰ কৰিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, তেওঁলোকে যেতিয়া ঈমান আনিছিল তেতিয়া আমি তেওঁলোকৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিছিলোঁ আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীৰ সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰিবা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[অথচ আল্লাহৰ অনুমতি অবিহনে কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয়, আৰু যিসকলে নুবুজে আল্লাহে সিহঁতৰ ওপৰতেই (কুফৰীৰ) অপৱিত্ৰতা স্থাপন কৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা। (জানি থোৱা) যিসকলে ঈমান পোষণ নকৰে, নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন তেনেকুৱা লোকৰ কোনো কামত নাহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰি আছে নেকি? কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[তাৰ পিছত আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছোঁ। এইদৰে মুমিনসকলক উদ্ধাৰ কৰাটো হৈছে আমাৰ দায়িত্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[কোৱা, ‘হে মানৱজাতি! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰোঁ। বৰং মই ইবাদত কৰোঁ আল্লাহৰ, যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে; আৰু মই আদিষ্ট হৈছোঁ যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[লগতে (এই নিৰ্দেশ দিছে) যে, তুমি একনিষ্ঠভাৱে নিজকে দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে; আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ দ্বাৰা স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটোক দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহক প্ৰতিহত কৰিবলৈও কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক তেওঁ ইচ্ছা কৰে তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[কোৱা, ‘হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সত্য আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ’ব; আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[আৰু তোমাৰ প্ৰতি যি অহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰেই অনুসৰণ কৰা, লগতে আল্লাহে ফয়চালা নকৰালৈকে তুমি ধৈৰ্য্য ধাৰণ কৰা, আৰু তেৱেঁই সৰ্বোত্তম ফয়চালা প্ৰদানকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="11">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-ৰা,[1] এই (কোৰআন) এনেকুৱা এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা (অৱতীৰ্ণ);]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[(এই কথা কোৱা হৈছে) যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[জানি থোৱা! সিহঁতে তেওঁৰ পৰা লুকাবলৈ নিজৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব হৈছে কেৱল আল্লাহৰেই, আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কেও অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত (লওহে মাহফুজত লিপিবদ্ধ) আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত; যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, আমলৰ ক্ষেত্ৰত তোমালোকৰ মাজত উত্তম কোন? আৰু যদি তুমি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া হৈছে স্পষ্ট যাদু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখোঁ তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘শাস্তিক কিহে আটক কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰলৈ এইটো আহিব, সেইদিনা এইটোক সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়টোক সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক আগুৰি ধৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢ়ি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু যদি দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু (তেতিয়া) সি উৎফুল্লিত অহংকাৰী হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কিন্তু যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে আৰু সৎকৰ্ম কৰিছে (তেওঁলোকে এনেকুৱা নকৰে) তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু সিহঁতৰ এনেকুৱা কথাৰ বাবে তোমাৰ মন সংকুচিত হ’ব নেকি যে, ‘তাৰ ওচৰলৈ ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? (কিন্তু হে নবী!) তুমি কেৱল এজন সতৰ্ককাৰীহে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তথাপিও যদি সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, আমি এনেকুৱা লোকক পৃথিৱীতেই সিহঁতৰ আমলৰ পৰিপূৰ্ণ ফলাফল প্ৰদান কৰোঁ আৰু এইক্ষেত্ৰত সিহঁতক কম দিয়া নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই; আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেইবোৰ নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেইবোৰ আছিল নিৰৰ্থক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[যিয়ে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ লগত আছে তেওঁৰ প্ৰেৰিত সাক্ষী লগতে যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এনেকুৱা ব্যক্তি সেইসকল লোকৰ দৰে নে যিসকলে পৃথিৱীৰ কামনাত বিভোৰ) বৰং উক্ত গুণ সম্পন্ন ব্যক্তিসকলেই এই (কোৰআনৰ) ওপৰত ঈমান পোষণ কৰে। আনহাতে বিভিন্ন দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰিব, অগ্নিয়েই হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য (গ্ৰন্থ); কিন্তু অধিকাংশ মানুহেই বিশ্বাস নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আৰুনো কোন হ’ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? এনেকুৱা লোকক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষী (ফিৰিস্তা)সকলে ক’ব, ‘ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[যিসকলে আল্লাহৰ পথত (মানুহক) বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈও নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যিবোৰ মিছা (উপাস্যক) কল্পনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[এইটো সুনিশ্চিত যে, নিঃসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই হ’ব জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলোঁ। (তেওঁ কৈছিল,) ‘নিশ্চয় মই হৈছোঁ তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছোঁ, লগতে আমি দেখি আছোঁ তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে, বাহ্যিক দৃষ্টিত যিসকল আমাৰ মাজত অধম আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি গণ্য কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰি থাকে, আৰু সেইটো যদি তোমালোকৰ চকুত নপৰে, তেন্তে মই তোমালোকক সেইটো মানিবলৈ বাধ্য কৰিম নেকি, অথচ তোমালোকে সেইটোক অপছন্দ কৰা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! ইয়াৰ বিনিময়ত মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰোঁ। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিপালকক সাক্ষাৎ কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা (ৰক্ষা কৰিবলৈ) মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘আৰু মই তোমালোকক এই বুলিও নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’। মই গায়েব নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই উক্ত কথাবোৰ কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হ'ম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতিমাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে তুমি আমাক যি প্ৰতিশ্ৰুতি দিছা, সেয়া আমাৰ ওচৰলৈ লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[তেওঁ ক’লে, ‘সেইটো আল্লাইহে তোমালোকৰ সন্মুখত আনিব পাৰিব যদি তেওঁ ইচ্ছা কৰে, আৰু তেওঁক তোমালোকে ব্যৰ্থ কৰিব নোৱাৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[‘যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে তেন্তে মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব। তেৱেঁই তোমালোকৰ প্ৰতিপালক, তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘যদি মই এইখন নিজেই ৰচনা কৰিছোঁ তেন্তে এই অপৰাধৰ বাবে ময়েই দায়ী হ'ম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু নূহৰ প্ৰতি অহী কৰা হ’ল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাও নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু তেওঁ নাও নিৰ্মাণ কৰিবলৈ ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাকলৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[এতেকে তোমালোকে শীঘ্ৰেই জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[অৱশেষত যেতিয়া আমাৰ আদেশ আহি পৰিল আৰু চৌকা উথলি উঠিল, আমি ক’লোঁ, ‘প্ৰত্যেক জাতৰে এযোৰ এযোৰকৈ (প্ৰাণী) নাৱত তুলি লোৱা, লগতে তোমাৰ পৰিয়ালকো তুলি লোৱা কিন্তু যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে, আৰু অন্যান্য মুমিনসকলকো তুলি লোৱা। প্ৰকৃততে তেওঁৰ সৈতে কিছুসংখ্যক লোকেহে ঈমান আনিছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ প্ৰতিপালক, অতি ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু সেই নাওখনে পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক মাতিলে, যিজন আছিল ভিন্ন স্থানত, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সংগী নহ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[সি ক’লে, ‘ (নালাগে দিয়ক) মই কোনো এখন পৰ্বতত গৈ আশ্ৰয় লম যিয়ে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত অন্তৰায় হৈ পৰিল, ফলত সি ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[অৱশেষত কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তৱায়িত হ’ল; আৰু নাওখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায় ধ্বংস হওক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰে অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। অৱশ্যে সি হৈছে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিওঁ যে, তুমি অজ্ঞসকলৰ অন্তৰ্ভুক্ত নহ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰোঁ তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[কোৱা হ’ল, ‘হে নূহ! আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তুমি অৱতৰণ কৰা (নাৱৰ পৰা), (এই শান্তি আৰু কল্যাণ দান কৰা হৈছে) তোমাৰ প্ৰতি আৰু তোমাৰ লগত থকা জাতিসকলৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে যিসকলক আমি কিছুকাল (পাৰ্থিৱ) জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[‘এইবোৰ হৈছে গায়েবৰ সংবাদ, আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছোঁ, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই (নিৰ্ধাৰিত)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। মোৰ পাৰিশ্ৰমিকৰ দায়িত্ব হৈছে সেই সত্ত্বাৰ ওপৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু তেওঁৰ ওচৰতেই তাওবা কৰা (উভতি আহা)। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ অৱতীৰ্ণ কৰিব; আৰু তেৱেঁই তোমালোকক শক্তি প্ৰদান কৰি অধিক শক্তিশালী কৰিব। এতেকে তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নল’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই। গতিকে তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আমি কেৱল এইটোৱে কওঁ যে, ‘হয়তো আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক হানি কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলোঁ আৰু তোমালোকেও সাক্ষী থাকা যে, নিশ্চয় সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই যিবোৰক তোমালোকে অংশী কৰা’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[‘কেৱল আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[‘নিশ্চয় মই কেৱল নিৰ্ভৰ কৰোঁ মোৰ আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ ওপৰত; (ভূ-পৃষ্ঠত বিচৰণকাৰী) যিমানবোৰ জীৱ-জন্তু আছে, প্ৰত্যেকৰে আগচুলি তেওঁ ধৰি আছে (অৰ্থাৎ সেইবোৰ তেওঁৰ পূৰ্ণ আয়ত্তাধীন); নিশ্চয় মোৰ প্ৰতিপালক সৰল পথত আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে (জানি থোৱা) মই যি বাৰ্তাসহ তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ সেয়া মই তোমালোকক অৱগত কৰিছোঁ; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত বেলেগ কোনো জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[এতেকে যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহিল, তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক ৰক্ষা কৰিছিলোঁ কঠিন শাস্তিৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক। আনহাতে সিহঁতে প্ৰত্যেক প্ৰতাপশালী স্বৈৰাচাৰীৰ নিৰ্দেশৰ অনুসৰণ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু ক্বিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে নিজ প্ৰতিপালককে অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু আমি ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক অতি নিকটৱৰ্তী, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আছিলা আমাৰ আশাৰ পাত্ৰ। (এতিয়া) তুমি আমাক সেইবোৰ (উপাস্য)ৰ উপাসনাৰ পৰা নিষেধ কৰি আছা নেকি যিবোৰৰ উপাসনা আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? প্ৰকৃততে তুমি আমাক যি ধৰ্মৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহ তথা দ্বিধাদ্বন্দৰ মাজত আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰে, ইয়াৰ পিছতো যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! এইজনী হৈছে আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাবলৈ দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[তথাপিও সিহঁতে তাইক হত্যা কৰিলে। তেতিয়া তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনিদিন পৰ্যন্ত জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[ফলত যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিলোঁ আৰু ৰক্ষা কৰিলোঁ সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা শক্তিমান, মহাপৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহতে (মৃত অৱস্থাত) নতজানু হৈ পৰি ৰ’ল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু নিশ্চয় আমাৰ ফিৰিস্তাসকলে সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহি ক’লে, ‘ছালাম’। তেৱোঁ (উত্তৰত) ক’লে, ‘ছালাম’। তাৰ পিছত তেওঁ পলম নকৰি এটা কাবাবকৃত দামুৰি লৈ আহিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেই খাদ্যৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাবিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক (ইব্ৰাহীমৰ স্ত্ৰীক) সুসংবাদ দিলোঁ ইছহাক্বৰ, আৰু ইছহাক্বৰ পিছত ইয়াকূবৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিমনে! অথচ মই এজনী বৃদ্ধা নাৰী আৰু মোৰ স্বামীও হৈছে বৃদ্ধ, নিশ্চয় এইটো এটা অদ্ভুদ কথা’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত তুমি বিস্ময়বোধ কৰিছা নেকি? হে নবীৰ পৰিয়াল! তোমালোকৰ প্ৰতি আছে আল্লাহৰ (বিশেষ) অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ সেই ভয় দূৰ হ’ল আৰু তেওঁৰ ওচৰলৈ সুসংবাদ আহিল, তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ (প্ৰেৰিত ফিৰিস্তাসকলৰ) লগত বাদানুবাদ কৰিবলৈ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[নিশ্চয় ইব্ৰাহীম আছিল অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[হে ইব্ৰাহীম! তুমি এই (বিতৰ্কৰ) পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব এনেকুৱা এটা শাস্তি যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু তেওঁলোকৰ (সুৰক্ষাৰ) বিষয়টোক চিন্তা কৰি তেওঁৰ হৃদয় সংকুচিত হৈ গ’ল আৰু ক’লে, ‘আজিৰ দিনটো বৰ বিপদৰ দিন’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ ওচৰলৈ উদ্ভ্ৰান্ত হৈ দৌৰি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ (লূতে) ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত কোনো ভাল মানুহ নাইনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰোঁ সেইটোও তুমি নিশ্চয় জানা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোঁহেঁতেন’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গকলৈ ওলাই যাওক আৰু আপোনালোকৰ কোনোৱেই যেন পিছফালে ঘূৰি নাচায়। কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে, কাৰণ তাইৰ ওপৰতো সেই শাস্তি আহিব যিটো সিহঁতৰ ওপৰত আহিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ (শাস্তিৰ) বাবে নিৰ্ধাৰিত সময়। প্ৰভাতৰ সময় অতি নিকটৱৰ্তী নহয়নে বাৰু’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[এতেকে যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পৰিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলোঁ পকা মাটিৰ শিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত (বিশেষভাৱে) চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু মাদিয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক সচ্ছল অৱস্থাত দেখি আছোঁ, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায়-সংগতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি নুফুৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্ট (লাভাংশ)খিনিয়ে হৈছে তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে শ্বুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদত নিজৰ ইচ্ছামতে যি কৰোঁ সেয়াও (বৰ্জন কৰিব লাগিব নেকি)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাবিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰোঁ, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰোঁ। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু মই তেওঁৰেই অভিমুখী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰতো সেইদৰেই বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক পৰম দয়ালু, অতি স্নেহশীল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে শ্বুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজিয়ে নাপাওঁ, আৰু নিঃসন্দেহে আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোঁহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ প্ৰতিপালকে সেয়া পৰিবেষ্টন কৰি আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন হৈছে মিছলীয়া। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[আৰু যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পালে তেতিয়া আমি শ্বুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলোঁ; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু হৈ (মৃত অৱস্থাত) পৰি থাকিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰাই নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী তথা স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[ক্বিয়ামতৰ দিনা সি তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সিয়েই সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেইটো অত্যন্ত নিকৃষ্ট উপনীত হোৱাৰ স্থান!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[আৰু অভিশাপে সিহঁতক এই পৃথিৱীতো লগ এৰা নাছিল আৰু ক্বিয়ামতৰ দিনাও নেৰিব। সেইটো কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলোঁ। এইবোৰৰ কিছুমান এতিয়াও বিদ্যমান আছে আৰু কিছুমান নিৰ্মূল হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলোঁ, সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। দৰাচলতে যেতিয়া তোমাৰ প্ৰতিপালকৰ (শাস্তিৰ) নিৰ্দেশ আহি পাইছিল, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত অহা নাছিল; ওলোটা সিহঁতে সিহঁতৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[নিশ্চয় ইয়াত আছে সেই ব্যক্তিৰ বাবে নিদৰ্শন, যিয়ে আখিৰাতক ভয় কৰে। সেইটো হ’ব এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইদিনা সকলোকে উপস্থিত কৰা হ’ব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[আৰু আমি সেইটোক কেৱল নিৰ্দিষ্ট এটা সময়ৰ বাবে বিলম্বিত কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[যেতিয়া সেই দিৱসটো আহিব তেতিয়া আল্লাহৰ অনুমতি অবিহনে কোনেও কথাও ক’ব নোৱাৰিব; এতেকে সিহঁতৰ মাজৰ কিছুমান হ’ব দুৰ্ভগীয়া আৰু কিছুমান হ’ব সৌভাগ্যৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[ফলত যিসকল দুৰ্ভগীয়া হ’ব সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত সিহঁতে ভীষণ চিঞৰ আৰু আৰ্তনাদ কৰি থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[আনহাতে যিসকল সৌভাগ্যৱান তেওঁলোক থাকিব জান্নাতত। তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে তুমি সংশয়ত নপৰিবা, সিহঁতেও সেইদৰেই (মিছা উপাস্যৰ) উপাসনা কৰে যিদৰে সিহঁতৰ পিতৃ-পুৰুষসকলে কৰিছিল। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লহেঁতেন। নিশ্চয় সিহঁত এই (কোৰআন) সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[আৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহে সৎকৰ্মশীলসকলৰ প্ৰতিদান বিনষ্ট নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[এতেকে তোমালোকৰ পূৰ্বে যিবোৰ প্ৰজন্ম অতিবাহিত হৈছে সিহঁতৰ মাজত এনেকুৱা প্ৰজ্ঞাৱান কিয় হোৱা নাই, যিসকলে পৃথিৱীত অশান্তি সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন? কিছুসংখ্যক লোকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা ৰক্ষা কৰিছিলোঁ। আনহাতে যিসকলে অন্যায় কৰিছিল, সিহঁতে বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালক এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদক ধ্বংস কৰিব, অথচ তাৰ অধিবাসীসকল হৈছে সংশোধনকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা উম্মতত পৰিণত কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁতে সদায় মত-বিৰোধহে কৰি থাকিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে। কাৰণ এই বাবেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে, লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে, ‘নিশ্চিতভাৱে আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছোঁ, যাৰ দ্বাৰা আমি তোমাৰ মনক সুদৃঢ় কৰোঁ, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰলৈ আহিছে উপদেশ আৰু স্মৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[আৰু (হে নবী!) যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজৰ নিজৰ অৱস্থানত কাম কৰি যোৱা, আমিও আমাৰ কাম কৰি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[‘এতেকে তোমালোকেও প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। কাৰণ তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="12">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-ৰা।[1] এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[নিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছোঁ, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া ইউছুফে তেওঁৰ পিতাক কৈছিল, ‘হে মোৰ পিতা! মই (সপোনত) এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছোঁ, সেইবোৰক মোৰ প্ৰতি ছাজদাৱনত অৱস্থাত দেখিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ পুত্ৰ! তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নক’বা; অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ প্ৰতিপালক সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে বহুতো নিদৰ্শন আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া সিহঁতে (তেওঁৰ ভাতৃসকলে) কৈছিল, ‘আমাৰ পিতৃৰ ওচৰত ইউছুফ আৰু তেওঁৰ (সহোদৰ) ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি এটা সংহত দল; নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[‘তোমালোকে ইউছুফক হত্যা কৰা অথবা কোনো এটা (দূৰৱৰ্তী) ঠাইত তাক পেলাই থৈ আহা, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনেই নিবিষ্ট হ’ব আৰু তাৰ পিছত তোমালোকে (তাওবা কৰি) সৎ হৈ যাবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সিহঁতৰ মাজৰ এজনে ক’লে, ‘তোমালোকে ইউছুফক হত্যা নকৰিবা আৰু যদি কিবা কৰিবই বিচৰা তেনেহ’লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়াগৈ, যাত্ৰীদলৰ কোনোবাই তাক তুলি লৈ যাব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে আমাৰ পিতা! আপোনাৰ কি হ’ল, ইউছুফৰ বিষয়ে আমাক আপুনি কিয় নিৰাপদ বুলি নাভাবে? অথচ আমি তাৰ শুভাকাংক্ষী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘আপুনি কাইলৈ তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল-ধেমালি কৰি ঘূৰি ফুৰিব আৰু নিশ্চয় আমি তাৰ চোৱাচিতা কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তেওঁ (পিতাই) ক’লে, ‘তোমালোকে তাক লৈ গ’লে সঁচাকৈয়ে এইটো মোৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিব আৰু মই আশংকা কৰোঁ যে, তোমালোকে তাৰ প্ৰতি অসাৱধান হ’লে কুকুৰনেচীয়া বাঘে তাক খাই পেলাব পাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমি এটা সংহত দল হোৱা সত্বেও যদি কুকুৰনেচীয়া বাঘে তাক খাই পেলায়, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তাৰ পিছত যেতিয়া সিহঁতে তাক লৈ গ’ল, আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ’ল, (তেতিয়া) আমি তাৰ (ইউছুফৰ) প্ৰতি অহী প্ৰেৰণ কৰি জনাই দিলোঁ যে, ‘নিশ্চয় তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে (পৰৱৰ্তী সময়ত) অৱগত কৰিবা; তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ আৰু ইউছুফক আমাৰ বস্তু-বাহানীৰ ওচৰত ৰাখি থৈ গৈছিলোঁ; ফলত কুকুৰনেচীয়াই তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব, যদিওঁ আমি সত্যবাদী হওঁ।’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু সিহঁতে তাৰ চোলাত মিছা তেজ লগাই আনিছিল। তেওঁ ক’লে, ‘(এইটো হ’ব নোৱাৰে), বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্য্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয়। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্যস্থল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু ইপিনে এটা যাত্ৰীদল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহকক পানী আনিবলৈ পঠাই দিলে, সি পানী তুলিবলৈ নিজৰ বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, ‘কি সুখবৰ! এয়া দেখোন এটা শিশু’! আৰু সিহঁতে তাক পণ্যদ্ৰব্য হিচাপে (বিক্ৰী কৰিবলৈ) লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু সিহঁতে তাক অতি নগণ্য মূল্যত, মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল, তেওঁ নিজৰ স্ত্ৰীক ক’লে, ‘ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰি’। এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাব পাৰোঁ। কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহেই এই কথা নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ’ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ। এইদৰেই আমি সৎকৰ্মশীল লোকসকলক পুৰস্কৃত কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল, সেইজনীয়ে তেওঁক (উপযাচিকা হৈ যৌন-মিলনৰ) কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে, আৰু ক’লে, ‘আহা’। তেওঁ ক’লে, ‘মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, নিশ্চয় তেওঁ মোৰ মনিব; তেৱেঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে। নিশ্চয় যালিমসকল কেতিয়াও সফল নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেৱোঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলেহেঁতেন। তেওঁক কুকৰ্ম আৰু অশ্লীলতাৰ পৰা বিৰত ৰখাৰ বাবেই আমি এইদৰে তেওঁক নিদৰ্শন দেখুৱাইছিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ বা বিশুদ্ধচিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ’ল, আৰু মহিলাজনীয়ে পিছফালৰ পৰা (তেওঁক টানি ধৰি ৰখাবলৈ লওঁতে) তেওঁৰ চোলা ফালি পেলালে, তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক’লে, ‘যিয়ে তোমাৰ স্ত্ৰীৰ লগত অসৎকৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰ অথবা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ’ব পাৰে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[ইউছুফে ক’লে, ‘এওঁহে মোক (যৌন-মিলনৰ বাবে) কুপ্ৰৰোচনা দিছিল’। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে, ‘যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু তেওঁ (ইউছুফ) হৈছে মিছলীয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা থাকে তেন্তে মহিলাগৰাকী হৈছে মিছলীয়া আৰু তেওঁ (ইউছুফ) হৈছে সত্যবাদী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় এইটো হৈছে তোমালোকৰ (নাৰীসকলৰ) ছলনা, নিশ্চয় তোমালোকৰ ছলনা অতি সাংঘাতিক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘হে ইউছুফ! তুমি এই বিষয়টোক উপেক্ষা কৰা, আৰু হে নাৰী! তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে, ‘আজীজৰ স্ত্ৰীয়ে তাইৰ কৃতদাস যুৱকৰ পৰা অসৎকৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[ইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁতৰ প্ৰত্যেককে একোটাকৈ ছুৰি-কটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখলৈ ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিস্তা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[মহিলাগৰাকীয়ে ক’লে, ‘এওঁৱেই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলোঁ কিন্তু তেওঁ নিজকে পৱিত্ৰ ৰাখিছে; আৰু মই তেওঁক যি আদেশ কৰিছোঁ সেইটো যদি তেওঁ পালন নকৰে, তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ’ব আৰু নিশ্চয় তেওঁ অপদস্তসকলৰ অন্তৰ্ভুক্ত হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[ইউছুফে ক’লে, ‘হে মোৰ প্ৰতিপালক! এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশালেই হৈছে মোৰ ওচৰত অধিক প্ৰিয়। তুমি যদি মোক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[ফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছতো সিহঁতে ভাবিলে যে, তেওঁক কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিবই লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই আঙুৰ নিঃসাৰণ কৰি মদ প্ৰস্তুত কৰি আছোঁ’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[ইউছুফে ক’লে, ‘তোমালোকক যি খাদ্য দিয়া হয় সেই খাদ্য অহাৰ আগতেই মই তোমালোকক সপোনৰ ব্যাখ্যা জনাই দিম। মই তোমালোকক যিটো জনাম সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। (জানি থোৱা) নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্ম মতক বৰ্জন কৰিছোঁ যিসকলে আল্লাহৰ ওপৰত ঈমান পোষণ নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[‘মই মোৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ মিল্লাতৰ অনুসৰণ কৰোঁ। আল্লাহৰ লগত আনক অংশীদাৰ কৰাটো আমাৰ বাবে সংগত নহয়। এইটো আমাৰ লগতে সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ; কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! ভিন ভিন অসংখ্য প্ৰতিপালক উত্তম নে এক আল্লাহ উত্তম, যিজন মহাপ্ৰতাপশালী’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই হৈছে শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! তোমালোক দুজনৰ এজনে তাৰ মনিবক সুৰা পান কৰাব আৰু আনজনক শূলবিদ্ধ কৰা হ’ব; আৰু চৰাইয়ে তাৰ মগজু খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইউছুফে ধাৰণা কৰিলে, তাক তেওঁ ক’লে, ‘তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা’। কিন্তু চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফক আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু ৰজাই (এদিনাখন) ক’লে, ‘মই সপোনত দেখিলোঁ, সাতজনী হৃষ্ট-পুষ্ট গাই, সিহঁতক আন সাতজনী ক্ষীণ গায়ে ভক্ষণ কৰি আছে আৰু দেখিলোঁ সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ। হে পৰিষদবৰ্গ! যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[সিহঁতে ক’লে, ‘এইটো অৰ্থহীন অলীক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজৰ যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ’ল, সি ক’লে, ‘মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাব পাৰিম। সেয়ে মোক পঠাই দিয়ক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[সি আহি ক’লে, ‘হে ইউছুফ! হে সত্যবাদী! সাতজনী হৃষ্ট-পুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে সাতজনী দুৰ্বল গায়ে আৰু সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰলৈ উভতি যাব পাৰোঁ আৰু সিহঁতে অৱগত হ’ব পাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকে একেৰাহে সাত বছৰ পৰ্যন্ত খেতি-বাতি কৰিবা, তাৰ পিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শীহসহ থৈ দিবা’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[‘ইয়াৰ পিছত আহিব সাতোটা কঠিন (দুৰ্ভিক্ষৰ) বছৰ, এই সাত বছৰত আগতে যি সঞ্চয় কৰি ৰাখিবা, মানুহে সেয়া খাব; কেৱল সামান্য পৰিমাণৰ বাহিৰে, যিটো তোমালোকে সংৰক্ষণ কৰি ৰাখিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[‘তাৰ পিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ’ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু ৰজাই ক’লে, ‘তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা’। তাৰ পিছত যেতিয়া (ৰজাৰ) দূত তেওঁৰ ওচৰত আহি উপস্থিত হ’ল তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ মনিবৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি! নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ ছলনা সম্পৰ্কে সম্যক অৱগত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[ৰজাই নাৰীসকলক (মাতি আনি) ক’লে, ‘যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা, তেতিয়া তোমালোকৰ কি হৈছিল’ (তেওঁ এই বিষয়ে সন্মত হৈছিলনে)? সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ’। আজীজৰ স্ত্ৰীয়ে ক’লে, ‘এতিয়াহে সত্য প্ৰকাশ পালে, মইহে তেওঁক প্ৰস্তাৱ দিছিলোঁ, আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[‘এইটো এইকাৰণে (কৰিলোঁ) যে, যাতে তেওঁ জানিব পাৰে, তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলোঁ আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলৰ ষড়যন্ত্ৰ সফল নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[‘আৰু মই নিজকে নিৰ্দোষ বুলি ক'ব বিচৰা নাই, কিয়নো, নিশ্চয় মানুহৰ নফচে বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে স্বাভাৱিক, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে। নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[ৰজাই ক’লে, ‘ইউছুফক মোৰ ওচৰলৈ লৈ আহা; মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি লম’। তাৰ পিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক’লে, ‘নিশ্চয় আজি আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তেওঁ ক’লে, ‘মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক। নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু এইদৰেই আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; সেই দেশত তেওঁৰ য’তে ইচ্ছা তাতেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা কৰোঁ তাকেই আমাৰ ৰহমত প্ৰদান কৰোঁ; আৰু আমি সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰস্কাৰেই হৈছে উত্তম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[ইউছুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে। ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু তেওঁ যেতিয়া সিহঁতক সিহঁতৰ খাদ্য-সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃ পক্ষৰ বৈমাত্ৰেয় ভায়েকক লৈ আহিবাচোন। তোমালোকে দেখা নাইনে, মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ আৰু মই কিমান উত্তম অথিতিপৰায়ণ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[‘আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য-সামগ্ৰী নাই, আনকি তোমালোকে মোৰ ওচৰলৈকেও নাহিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[সিহঁতে ক’লে, ‘তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰিবলৈ চেষ্টা কৰিম আৰু আমি এইটো নিশ্চয় কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু ইউছুফে তেওঁৰ কৰ্মচাৰীসকলক ক’লে, ‘সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্য-সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায়। ফলত যাতে সিহঁতে আকৌ উভতি আহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃৰ ওচৰলৈ উভতি আহিল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ বাবে পৰিমাপকৃত খাদ্য-সামগ্ৰী নিষিদ্ধ কৰা হৈছে। গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক যাতে আমি পৰিমাপকৃত খাদ্য-সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[তেওঁ ক’লে, ‘মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈয়ে নিৰাপদ বুলি ভাবিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাবিছিলোঁ ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ আৰু তেৱেঁই সৰ্বশ্ৰেষ্ঠ দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্য-সামগ্ৰীৰ টোপোলা খুলিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে, সিহঁতৰ পণ্যমূল্য সিহঁতক ওভতাই দিয়া হৈছে। সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক এয়া আমি দিয়া পণ্যমূল্য, আমাক আকৌ ওভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য-সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম লগতে আমি অতিৰিক্ত আৰু এটা উটৰ (পিঠিত) পণ্য আনিম; এই পৰিমাণৰ শস্য লৈ অহাটো অতি সহজ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[পিতাকে ক’লে, ‘মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অঙ্গীকাৰ নকৰিবা যে, তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা, অৱশ্যে যদি তোমালোকক আটক কৰা হয় (তেন্তে সেয়া ভিন্ন কথা)’। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আমি যি বিষয়ে কথা পাতি আছোঁ, আল্লাহেই ইয়াৰ বিধায়ক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু তেওঁ ক’লে, ‘হে মোৰ পুত্ৰসকল! তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰোঁ। আদেশ কেৱল মাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ, আল্লাহৰ ওপৰতেই নিৰ্ভৰকাৰীসকলে নিৰ্ভৰ কৰা উচিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে, তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সেয়া সিহঁতৰ কোনো কামত অহা নাছিল; ইয়াকূবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল, আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানৱান আছিল। কিন্তু বেছি ভাগ মানুহেই অৱগত নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু সিহঁতে যেতিয়া ইউছুফৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া ইউছুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক’লে, ‘নিশ্চয় ময়েই তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে তুমি দুখ নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পানপাত্ৰ ৰাখি দিলে। তাৰ পিছত এজন আহ্বায়কে চিঞৰি ক’লে, ‘হে যাত্ৰীদল! নিশ্চয় তোমালোকে চুৰি কৰিছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[সিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, ‘আপোনালোকৰ কি হেৰাইছে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘আমি ৰজাৰ পানপাত্ৰ হেৰাইছোঁ। যিয়ে সেইটো আনি দিব, সি এটা উটৰ (পিঠিত) বোজাই পৰিমাণ খাদ্য-সামগ্ৰী উপহাৰ পাব; আৰু ইয়াৰ নিশ্চয়তাৰ দায়িত্ব মোৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপোনালোকে জানেই দেখোন যে, আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হ'ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[সিহঁতে ক’লে, ‘ইয়াৰ শাস্তি হ’ব, যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব, সিয়েই তাৰ বিনিময়’। এইদৰেই আমি যালিমসকলক শাস্তি প্ৰদান কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[এতেকে তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত তালাচী আৰম্ভ কৰিলে, পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। এনেকৈ আমি ইউছুফৰ বাবে কৌশল কৰিছিলোঁ। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰাটো সংগত নাছিল। আমি যাক ইচ্ছা কৰোঁ মৰ্যাদাত উচ্চ কৰি দিওঁ। কাৰণ প্ৰত্যেক জ্ঞানৱান ব্যক্তিৰ ওপৰত আছে সৰ্বজ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[সিহঁতে ক’লে, ‘সি যদি চুৰি কৰিছে তেন্তে (এয়া কোনো আচৰিত কথা নহয়) ইয়াৰ পূৰ্বে ইয়াৰ সহোদৰেও চুৰি কৰিছিল’। কিন্তু ইউছুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ (মনে মনে) ক’লে, ‘তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহেই অধিক অৱগত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে আজীজ! ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ; গতিকে ইয়াৰ ঠাইত আমাৰ মাজৰ কোনোবা এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[তেওঁ ক’লে, ‘যাৰ ওচৰত আমি আমাৰ বস্তুটো পাইছোঁ, তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। এনে কৰিলে নিশ্চয় আমি যালিমত পৰিণত হ'ম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[এতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ’ল, তেতিয়া সিহঁতে পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজৰ ডাঙৰ জনে ক’লে, ‘তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অঙ্গীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা। গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ, যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়চালা নকৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[(গতিকে) তোমালোকে তোমালোকৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু কোৱাগৈ, ‘হে আমাৰ পিতৃ! আপোনাৰ পুত্ৰই চুৰি কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলোঁ, আৰু আমি গায়েবী বিষয় সম্পৰ্কে অৱগত নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[‘(যদি বিশ্বাস নহয়) তেন্তে যি জনপদত আমি আছিলোঁ সেই ঠাইৰ অধিবাসীসকলক সোধক আৰু যি যাত্ৰীদলৰ লগত আমি আহিছোঁ তেওঁলোককো সোধক। নিশ্চয় আমি সঁচা কথাকে কৈ আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[তেওঁ (ইয়াকূবে) ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্য্যই হৈছে মোৰ বাবে শ্ৰেয়; সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক’লে, ‘হায় আফচোচ! ইউছুফৰ বাবে’। শোকত (কান্দি কান্দি) তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল আৰু তেওঁ আছিল অসহনীয় মনস্তাপত ক্লিষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি ইউছুফৰ কথা সদায় স্মৰণ কৰি থাকিব যেতিয়ালৈকে আপুনি মুমূৰ্ষ অৱস্থাত উপনীত নহয় অথবা আপোনাৰ মৃত্যু নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[তেওঁ ক’লে, ‘মই মোৰ অসহনীয় বেদনা আৰু মোৰ দুখ কেৱল আল্লাহৰ ওচৰতেই নিবেদন কৰোঁ আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[‘হে মোৰ পুত্ৰসকল! তোমালোকে যোৱা, ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰাগৈ আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোকে নিৰাশ নহ’বা। কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[এতেকে যেতিয়া সিহঁতে গৈ ইউছুফৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘হে আজীজ! আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছোঁ আৰু আমি তুচ্ছ পুঁজি লৈ আহিছোঁ; গতিকে আপুনি আমাক খাদ্য-সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক; নিশ্চয় আল্লাহে অনুগ্ৰহকাৰী-সকলক পুৰস্কৃত কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[ইউছুফে ক’লে, ‘তোমালোকে জানানে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা, যেতিয়া তোমালোক আছিলা (পৰিণাম সম্পৰ্কে) অজ্ঞ’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[সিহঁতে ক’লে, ‘তেন্তে তুমিয়েই ইউছুফ নেকি’? তেওঁ ক’লে, ‘হয়, ময়েই ইউছুফ আৰু এওঁ হৈছে মোৰ ভাইটি; নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তিয়ে তাক্বৱা অৱলম্বন কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, (জানি থোৱা) নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু নিঃসন্দেহে আমি আছিলোঁ অপৰাধী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[তেওঁ ক’লে, ‘আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই। আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেৱেঁই শ্ৰেষ্ঠ দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[‘তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা; তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[আৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল সেই সময়তে (ইয়াত) তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক ভাৰসাম্যহীন বৃদ্ধ বুলি নভবা তেন্তে মই কওঁ যে, ‘মই ইউছুফৰ ঘ্ৰাণ পাই আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[তাৰ পিছত যেতিয়া সুসংবাদবাহক আহি উপস্থিত হ’ল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টি শক্তি ঘূৰাই পালে। তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক; নিশ্চয় আমি অপৰাধী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[তেওঁ ক’লে, ‘অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[তাৰ পিছত তেওঁলোক যেতিয়া ইউছুফৰ ওচৰত আহি উপস্থিত হ’ল, তেতিয়া তেওঁ পিতৃ-মাতৃক নিজৰ কাষত স্থান দিলে, আৰু ক’লে, ‘আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিচৰত অৱস্থান কৰক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[আৰু ইউছুফে তেওঁৰ পিতৃ-মাতৃক উচ্চ আসনত বহুৱালে আৰু তেওঁলোক সকলোৱে তেওঁৰ সন্মানত ছাজদাৱনত হ’ল। তেতিয়া তেওঁ ক’লে, ‘হে মোৰ পিতৃ! এইটোৱেই মোৰ সপোনৰ ব্যাখ্যা; মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেৱেঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে। নিশ্চয় তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[‘হে মোৰ প্ৰতিপালক! তুমিয়েই মোক ৰাজত্ব দান কৰিছা আৰু সপোনৰ ব্যাখ্যা শিক্ষা দিছা। হে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা! তুমিয়েই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মুত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[এইবোৰ হৈছে গায়েবৰ সংবাদ, যিবোৰ আমি অহীৰ দ্বাৰা তোমাক জনাই আছোঁ, যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ ৰচিছিল, তেতিয়া তুমি সিহঁতৰ কাষত নাছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহেই ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই (কোৰআন) হৈছে সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে; সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[সিহঁতৰ সৰহভাগ মানুহেই ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[তেন্তে সিহঁত আল্লাহৰ সৰ্বগ্ৰাসী শাস্তিৰ পৰা, নাইবা সিহঁতৰ অজানিতে ক্বিয়ামতৰ আকস্মিক আগমনৰ পৰা সিহঁত নিৰাপদ হৈ গৈছে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[কোৱা, ‘এইটোৱেই হৈছে মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰোঁ। আল্লাহ অতি পৱিত্ৰ, আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰি প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলোঁ। এই লোকসকলে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই হৈছে উত্তম; তথাপিও তোমালোকে বুজি নোপোৱানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[অৱশেষত যেতিয়া ৰাছুলসকলে (তেওঁলোকৰ সম্প্ৰদায়ৰ ঈমানৰ পৰা) নিৰাশ হ’ল আৰু মানুহে ধাৰণা কৰিলে যে, ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰলৈ আমাৰ সাহায্য আহি পালে। তাৰ পিছত আমি যাক ইচ্ছা কৰিলোঁ তাক উদ্ধাৰ কৰা হ’ল। কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি কেতিয়াও ৰহিত কৰা নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[সিহঁতৰ বৃত্তান্তত অৱশ্যে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। এইখন কোনো মনে সজা ৰচনা নহয়। বৰং এইখন হৈছে আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ, লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হৈছে হিদায়ত আৰু ৰহমত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="13">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম-ৰা,[1] এইবোৰ হৈছে কিতাবৰ আয়াত, আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে, যিটো তোমালোকে দেখি আছা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট সময়লৈকে আৱৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাত সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু তেৱেঁই ভূ-পৃষ্ঠক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেৱেঁই সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে। তেৱেঁই দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতি পথাৰ, একেই মূলৰ পৰা উদগত বা ভিন ভিন মূলৰ পৰা উদগত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্মিয়কৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘(মৃত্যুৰ পিছত) আমি যেতিয়া মাটিত পৰিণত হ'ম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিমনে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই হ’ব অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু সিহঁতে মঙ্গলৰ পূৰ্বেই অমঙ্গল আনিবলৈ তোমাৰ ওচৰত খৰখেদা কৰে। অথচ সিহঁতৰ পূৰ্বে শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ অপৰাধৰ পিছতো সিহঁতৰ প্ৰতি ক্ষমাশীল, আৰু (শুনা) নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি প্ৰদানতো অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? নিশ্চয় তুমি হৈছা এজন সতৰ্ককাৰী, আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তেওঁ গায়েব আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত, মহান, সৰ্বোচ্চ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তোমালোকৰ মাজৰ যিয়ে গোপনে কথা কয় আৰু যিয়ে প্ৰকাশ্যভাৱে কথা কয়, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, (আল্লাহৰ জ্ঞানত) সিহঁত সকলোৱে সমান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী থাকে, তেওঁলোকে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা তেতিয়ালৈকে পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে তাক প্ৰতিৰোধ কৰিব পৰা কোনো নাই আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱকো নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়, আৰু তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু ৰা’দ (বজ্ৰধ্বনি অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ প্ৰশংসাৰ সৈতে মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ প্ৰেৰণ কৰে, তাৰ পিছত যাক ইচ্ছা কৰে তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁতে আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত হৈছে সেই ব্যক্তিৰ দৰেই, যিজনে পানীৰ ফালে হাত প্ৰসাৰিত (কৰি আহ্বান) কৰে, যাতে তাৰ মুখলৈ পানী আহে অথচ এনেকৈ পানী লাভ কৰাটো সম্ভৱ নহয়। প্ৰকৃততে কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্বেচ্ছাই হওক নাইবা অনিচ্ছাই হওক আল্লাহক ছাজদাহ কৰে, আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)। (ছাজদাহ নং ২)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰেই সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনাবোৰক বহন কৰি লৈ যায়। এইদৰেই আৱৰ্জনাবোৰ উপৰি ভাগলৈ ভাহি আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতুক জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিখিনি মানুহৰ বাবে উপকাৰী সেইখিনি মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, পৃথিৱীৰ বুকুত থকা সকলো সম্পদ যদি সিহঁতৰ হ’লহেঁতেন লগতে ইয়াৰ সমপৰিমাণ আৰু কিবাকিবি থাকিলহেঁতেন, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ) সিহঁতে সেই সকলো সম্পদ মুক্তিপণ হিচাপে দিবলৈ অৱশ্যে প্ৰস্তুত হ’লহেঁতেন। (জানি থোৱা) সিহঁতৰ হিচাব-নিকাচ হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাসস্থল, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি মানি লৈছে, সেইজন ব্যক্তি আৰু অন্ধ ব্যক্তি সমান নে? নিশ্চয় কেৱল বিবেকসম্পন্ন ব্যক্তিসকলেই উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ৰক্ষা কৰে আৰু চুক্তি ভংগ নকৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাব-নিকাচক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু যিসকলে নিজ প্ৰতিপালকৰ মুখমণ্ডল (দৰ্শন বা সন্তুষ্টি) লাভৰ বাবে ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱনোপকৰণ দিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে দান কৰে, লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[স্থায়ী জান্নাতসমূহ, তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। লগতে ফিৰিস্তাসকলে তেওঁলোকৰ ওচৰলৈ উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[(তেওঁলোকে আহি ক’ব) ‘শান্তি বৰ্ষিত হওক তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভংগ কৰে, আৰু যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে তাক ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ, লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱনোপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে; কিন্তু ইহঁত পাৰ্থিৱ জীৱনক লৈয়ে আনন্দিত, অথচ পাৰ্থিৱ জীৱন হৈছে আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগমাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে, আৰু তেওঁ সেইসকল লোককহে তেওঁৰ পথ দেখুৱায়, যিসকলে তেওঁৰ অভিমুখী হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[‘যিসকলে ঈমান আনিছে, আৰু তেওঁলোকৰ মনে আল্লাহৰ স্মৰণৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; জানি থোৱা! আল্লাহৰ স্মৰণৰ দ্বাৰাই অন্তৰে শান্তি লাভ কৰে’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এইদৰে আমি তোমাক প্ৰেৰণ কৰিছোঁ এনে এটা জাতিৰ প্ৰতি যিসকলৰ আগত বহুতো জাতি পাৰ হৈছে, আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ, সেয়া যাতে তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰোঁ আৰু তেওঁৰ ওচৰলৈকেই মোৰ প্ৰত্যাৱৰ্তন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু যদি কোৰআনখন এনেকুৱা হ’লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লহেঁতেন, (তথাপিও সিহঁতে তাক বিশ্বাস নকৰিলেহেঁতেন)। বৰং সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফুৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে-পাঁজৰে আপতিত হৈয়ে থাকিব, যেতিয়ালৈকে আল্লাহৰ প্ৰতিশ্ৰুতি আহি নপৰে। নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[নিশ্চয় তোমাৰ পূৰ্বেও বহু ৰাছুলক উপহাস কৰা হৈছে আৰু যিসকলে কুফুৰী কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলোঁ, তাৰ পিছত সিহঁতক কৰায়ত্ব কৰিছিলোঁ। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহুতো অংশীদাৰ বনাই লৈছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ তেওঁক দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফুৰী কৰিছে সিহঁতৰ দৃষ্টিত সিহঁতৰ চক্ৰান্তক শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠোৰ! আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ উপমা হৈছে এনেকুৱাঃ তাৰ তলত নদীসমূহ প্ৰবাহিত, তাৰ ফল-মূল আৰু ছাঁ হ’ব চিৰস্থায়ী। যিসকলে তাক্বৱা অৱলম্বন কৰিছে, এইটোৱে হৈছে তেওঁলোকৰ প্ৰতিফল; আনহাতে কাফিৰসকলৰ প্ৰতিফল হৈছে অগ্নি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দ প্ৰকাশ কৰে। কিন্তু কিছুমান দলে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰোঁ। মই তেওঁৰ পিনেই আহ্বান কৰোঁ আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[এইদৰেই আমি কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলোঁ। আল্লাহৰ অনুমতি অবিহনে কোনো নিদৰ্শন উপস্থিত কৰাটো কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[(তাৰ মাজৰ পৰা) আল্লাহে যি ইচ্ছা কৰে মচি দিয়ে, আৰু যি ইচ্ছা কৰে বাহাল ৰাখে, আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিওঁ, তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক যদি মৃত্যু প্ৰদান কৰোঁ, -- তেন্তে তোমাৰ কৰ্তব্যতো হৈছে কেৱল প্ৰচাৰ কৰা, আৰু আমাৰ দায়িত্ব হৈছে হিচাব-নিকাচ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছোঁ? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ কৰিব পৰা কোনো নাই আৰু তেওঁ হিচাব গ্ৰহণত অতি তৎপৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ অধীনস্থ। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেই বিষয়ে তেওঁ অৱগত, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘তুমি আল্লাহৰ প্ৰেৰিত নহয়’। কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট, আৰু যিসকলৰ ওচৰত কিতাবৰ জ্ঞান আছে, তেওঁলোকেও (এই বিষয়ে সাক্ষী)’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="14">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-ৰা,[1] এইখন এখন কিতাব, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আল্লাহৰ পথলৈ, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা অনুসন্ধান কৰে; সিহঁতেই হৈছে ঘোৰ বিভ্ৰান্তিত নিপতিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু আমি প্ৰতিজন ৰাছুলকে তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে। এতেকে আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলোঁ (আৰু কৈছিলোঁ,) ‘তুমি তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্য্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মূছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰক তোমালোকে স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানসকলক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে ঘোষণা কৰিছিল, যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে নিশ্চয় মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু যদি অকৃতজ্ঞ হোৱা তেন্তে (জানি থোৱা) নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু মূছাই কৈছিল, ‘যদি তোমালোকে আৰু পৃথিৱীৰ সকলোৱে অকৃতজ্ঞ হোৱা, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তোমালোকৰ ওচৰলৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰবৰ্তীসকলৰ? যিসকলৰ বিষয়ে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজৰে মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা তাক আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিছোঁ, লগতে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছোঁ সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপসমূহ মোচন কৰিবলৈ আৰু তোমালোকক নিৰ্দিষ্ট কাল পৰ্যন্ত অৱকাশ দিবলৈ’। সিহঁতে ক’লে, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে কেৱল সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰলৈ কোনো অকাট্য প্ৰমাণ লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘(সঁচা কথা) আমি তোমালোকৰ দৰেই মানুহ, কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, নিশ্চয় আমি এই ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰীসকলৰ কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা নিশ্চিতভাৱে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শলৈ ধৰ্মান্তৰিত হ’ব লাগিব’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যেই বিনাশ কৰিম’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[নিশ্চয় আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো সেই ব্যক্তিৰ বাবে, যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[সিহঁতৰ প্ৰত্যেকৰে সন্মুখত আছে জাহান্নাম আৰু প্ৰত্যেককে সেৱন কৰোৱা হ’ব পূঁজমিশ্ৰিত পানী;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[যিটো সি অতি কষ্টৰে ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰলৈ আহিব মৃত্যু-যন্ত্ৰণা, অথচ তাৰ মৃত্যু নহ’ব, লগতে ইয়াৰ পিছত আছে অতি কঠোৰ শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[যিসকলে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে সিহঁতৰ উপমা এই যে, সিহঁতৰ আমলবোৰ হৈছে ভস্মৰ দৰে, যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই হৈছে চৰম বিভ্ৰান্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱেই সৃষ্টি কৰিছে? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু এটা নতুন সৃষ্টিক অস্তিত্বলৈ আনিব পাৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে অহংকাৰীসকলক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতিয়া তোমালোকে আমাক আল্লাহৰ শাস্তিৰ পৰা অলপ হ’লেও ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোঁহেঁতেন। এতিয়া আমি ধৈৰ্য্যচ্যুত হওঁ অথবা ধৈৰ্য্যশীল- উভয় অৱস্থাই আমাৰ বাবে সমান; আমাৰ পলোৱাৰ কোনো ঠাই নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু যেতিয়া বিচাৰকাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল, সত্য প্ৰতিশ্ৰুতি; ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছোঁ। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলোঁ ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰি লৈছিলা সেই বিষয়টোক নিশ্চিতভাৱে মই অস্বীকাৰ কৰিছোঁ’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোকে নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰিছে? কলিমা তায়্যিবা (সৎবাক্য)ৰ উপমা হৈছে উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা হৈছে আকাশত বিস্তৃত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[যিটোৱে তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আনহাতে অসৎ বাক্যৰ উপমা হৈছে এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু আল্লাহে যালিমসকলক বিভ্ৰান্তিত ৰাখিব। কাৰণ আল্লাহৰ যি ইচ্ছা সেইটোৱেই কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ অনুগ্ৰহক কুফুৰীৰ দ্বাৰা পৰিবৰ্তন কৰিছে? আৰু সিহঁতে নিজৰ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আবাসত---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[জাহান্নামত, যাৰ মাজত সিহঁত দগ্ধ হ’ব, আৰু কিমান যে নিকৃষ্ট এই আবাসস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই হৈছে তোমালোকৰ গন্তব্যস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[মোৰ বান্দাসকলৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘ছালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ—সেই দিৱস অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয়ৰ সুবিধা নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আল্লাহ সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেৱেঁই নৌযানক তোমালোকৰ অনুগত কৰি দিছে, যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নদীসমূহক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত, লগতে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু তেওঁ তোমালোকক প্ৰত্যেক সেই বস্তু প্ৰদান কৰিছে যিটো তোমালোকে তেওঁৰ ওচৰত বিচাৰিছা। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ প্ৰতিপালক! এই চহৰখনক (মক্কাক) নিৰাপদ কৰি দিয়া, লগতে মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[‘হে মোৰ প্ৰতিপালক! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁহে মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালোঁ। হে আমাৰ প্ৰতিপালক! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! যিবোৰ আমি গোপন কৰোঁ আৰু যি আমি প্ৰকাশ কৰোঁ নিশ্চয় সেইবোৰ তুমি জানা, আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ প্ৰতিপালক দুআ শ্ৰৱণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘হে মোৰ প্ৰতিপালক! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ প্ৰতিপালক! আৰু মোৰ দুআ কবুল কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! যিদিনা হিচাপ-নিকাচ অনুষ্ঠিত হ’ব সেইদিনা মোক আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা, দৰাচলতে তেওঁ সিহঁতক সেই দিৱসলৈকে অৱকাশ দিয়ে, যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[ভীত-বিহ্বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, (জ্ঞান)শূন্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত খাই কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলোঁ সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু আল্লাহৰ ওচৰত সিহঁতৰ চক্ৰান্ত (জনা) আছিল, সিহঁতৰ চক্ৰান্ত এনেকুৱা নাছিল যে, পৰ্বতকো টলাব পাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[(স্মৰণ কৰা) যিদিনা এইখন পৃথিৱী ভিন্ন পৃথিৱীলৈ ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহে (কবৰৰ পৰা) উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[সেইদিনা তুমি অপৰাধীবিলাকক শিকলিৰে বান্ধি থোৱা অৱস্থাত দেখিবলৈ পাবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[এইকাৰণে যে, আল্লাহে প্ৰত্যেককে সিহঁতৰ কৃতকৰ্মৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[এইটো হৈছে মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে, কেৱল তেৱেঁই একক সত্য ইলাহ, লগতে যাতে বিবেকসম্পন্ন লোকসকলে উপদেশ গ্ৰহণ কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="15">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-ৰা,[1] এইবোৰ হৈছে মহাগ্ৰন্থ তথা সুস্পষ্ট কোৰআনৰ আয়াত।]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুছলিম হ’লহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, লগতে আশা-আকাংক্ষাই সিহঁতক মোহাচ্ছন্ন কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু আমি যি জনপদকেই ধ্বংস কৰিছোঁ, তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[কোনো জাতিয়েই তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইয়ো নিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ (কোৰআন) অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি হৈছা এজন উন্মাদ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা তেন্তে আমাৰ ওচৰলৈ ফিৰিস্তা উপস্থিত নকৰা কিয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণ নোহোৱাকৈ প্ৰেৰণ নকৰোঁ, আৰু (ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিলে) তেতিয়া সিহঁতে অৱকাশ নাপালেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিঃসন্দেহে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সিহঁতৰ ওচৰলৈ এনে কোনো ৰাছুল অহা নাছিল, যাক সিহঁতে উপহাস কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[ইহঁতে কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিলোঁহেঁতেন, আৰু সিহঁতে তাত আৰোহণ কৰিলেহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তথাপিও সিহঁতে ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টিক সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু নিশ্চয় আমি আকাশত বৰুজসমূহ (গ্ৰহ-নক্ষত্ৰসমূহ) সৃষ্টি কৰিছোঁ আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি তাক সুৰক্ষিত কৰিছোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাক চোঁচা লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু পৃথিৱীক আমি বিস্তৃত কৰিছোঁ, আৰু তাত আমি স্থাপন কৰিছোঁ পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছোঁ সুপৰিমিতভাৱে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু আমি তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থা কৰিছোঁ আৰু তোমালোকে যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও (জীৱিকাৰ ব্যৱস্থা কৰিছোঁ)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ, আৰু আমিয়েই সেয়া পৰিজ্ঞাত পৰিমাণে অৱতীৰ্ণ কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰোঁ, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ, সেই পানী তোমালোকক সেৱন কৰাওঁ; অথচ তোমালোকে ইয়াক (সেই) ভাণ্ডাৰত সঞ্চয় নকৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ, আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতকো জানো, লগতে সেইসকলকো জানো যিসকলে পশ্চাদগামী হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকেই সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছিলোঁ উত্তপ্ত অগ্নিশিখাৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু নিশ্চয় প্ৰতিদান দিৱসলৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যে মোক বিপথগামী কৰিলা সেইকাৰণে নিশ্চিতভাৱে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি উপস্থাপন কৰিম আৰু নিশ্চয় মই সিহঁতৰ আটাইকে বিপথগামী কৰিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আল্লাহে ক’লে, ‘এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[‘নিশ্চয় জাহান্নাম হৈছে সিহঁত (তোমাৰ অনুসাৰীসকলৰ) আটায়েৰে প্ৰতিশ্ৰুত স্থান’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[‘সেই(জাহান্নাম)ৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ সিহঁতৰ (চয়তানৰ অনুসাৰীসকলৰ) বাবে নিৰ্দিষ্ট অংশ আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[(তেওঁলোকক কোৱা হ’ব,) ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কাৰো কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই অতি ক্ষমাশীল, পৰম দয়ালু,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) তেওঁৰ ওচৰত উপস্থিত হৈ কৈছিল, ‘ছালাম’, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তেওঁ ক’লে, ‘মোক বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে নেকি? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘আমি আপোনাক সত্য সুসংবাদ দি আছোঁ; এতেকে আপুনি নিৰাশ নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছে---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছোঁ যে, নিশ্চয় তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[তাৰ পিছত ফিৰিস্তাসকলে যেতিয়া লূত পৰিয়ালৰ ওচৰলৈ আহিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোহে লৈ আহিছোঁ যাকলৈ সিহঁতে সন্দেহ পোষণ কৰিছিল’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[‘আৰু আমি আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ আৰু নিশ্চয় আমি সত্যবাদী’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিছিলোঁ যে, নিশ্চয় সিহঁতক ঊষাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু ইপিনে নগৰবাসীসকল উল্লাসিত হৈ উপস্থিত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক হৈছে মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলোঁনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়েৰে কৰা)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[(হে নবী) তোমাৰ আয়ুৰ শপত! নিশ্চয় সিহঁত নিজৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[তাৰ পিছত আমি (সিহঁতৰ) জনপদক ওলোটাই তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তিসম্পন্ন ব্যক্তিসকলৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু আইকাহবাসীও আছিল সীমালংঘনকাৰী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[এতেকে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছিলোঁ, আৰু দুয়োটা জনপদেই হৈছে প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু নিশ্চয় হিজৰবাসীয়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আমি সিহঁতক আমাৰ নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইবোৰক উপেক্ষা কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি অযথা সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই হৈছে মহাস্ৰষ্টা, মহাজ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আৰু আমি তোমাক প্ৰদান কৰিছোঁ পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছোঁ তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[আৰু কোৱা, ‘নিশ্চয় মই হৈছোঁ প্ৰকাশ্য সতৰ্ককাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[যিদৰে আমি অৱতীৰ্ণ কৰিছিলোঁ বিভক্তকাৰীসকলৰ ওপৰত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[যিসকলে আল্লাহৰ সৈতে আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই সিহঁতে (ইয়াৰ পৰিণাম) জানিব পাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আমি এই কথা নিশ্চিতভাৱে জানো যে, সিহঁতৰ কথাৰ দ্বাৰা তোমাৰ মন সংকুচিত হয়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="16">
<aya number="1">
<translation><![CDATA[আল্লাহৰ আদেশ আহিবই; এতেকে তোমালোকে তাক সোনকালে আনিবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময়, আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰি ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেৱেঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে; অথচ চোৱা, সেই মানুহেই প্ৰকাশ্য বিতণ্ডাকাৰী!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু তোমালোকৰ বাবে তাত আছে উপভোগ কৰিব পৰা সৌন্দৰ্য, যেতিয়া তোমালোকে সেইবোৰক সন্ধিয়াৰ সময়ত চাৰণভূমিৰ পৰা ওভতাই আনা আৰু পুৱাৰ ভাগত সেইবোৰক চাৰণভূমিলৈ খেদি নিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা ঠাইলৈ, য’ত প্ৰাণান্তৰ কষ্ট নোহোৱাকৈ তোমালোকে তালৈকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে (আৰু কৰিব) যিবোৰ তোমালোকে নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ, যাৰ মাজত তোমালোকে পশুচাৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে উৎপন্ন কৰে শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰঙ-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা, লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে অলংকাৰৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযানসমূহ চলাচল কৰে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[(বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা (বোধ) নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, ফলত আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ইয়াৰ ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[ইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে যেতিয়া সিহঁতৰ প্ৰাণ হৰণ কৰিব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলোঁ’। হয়, তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ীভাৱে থাকিবলৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ব, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’ব, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈও উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ আবাসস্থল কিমান যে উৎকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[য’ত তেওঁলোকে প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত; তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই তেওঁলোকৰ বাবে তাত থাকিব। এইদৰেই আল্লাহে মুত্তাক্বীসকলক পুৰস্কৃত কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[ফিৰিস্তাসকলে তেওঁলোকৰ মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[সিহঁতে (কাফিৰসকলে) কেৱল সিহঁতৰ ওচৰলৈ ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ কোনো নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[এতেকে সিহঁতৰ ওপৰত আপতিত হৈছিল সিহঁতৰেই বেয়া কৰ্মৰ পৰিণতি আৰু সিহঁতে যি বিষয়টোক লৈ উপহাস কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোঁহেঁতেন, আৰু তেওঁৰ নিৰ্দেশ অবিহনে আমি কোনো বস্তুক হাৰামো নকৰিলোঁহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁচাই দিয়া নহয় জানো?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একো একোজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ মাজৰ কিছুমানক হিদায়ত দিছিল, আৰু কিছুমানৰ ওপৰত পথভ্ৰষ্টতা অৱধাৰিত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হ’লেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ কেতিয়াও হিদায়ত নিদিয়ে, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কয়, ‘যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰ্জীৱিত নকৰিব’। (শুনা) কিয় নকৰিব! নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব। কিন্তু অধিকাংশ মানুহেই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[(পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছিল, সেয়া যাতে সিহঁতৰ ওচৰত স্পষ্ট কৰিব পাৰে, লগতে কাফিৰসকলক এই কথা জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[(জানি থোৱা!) আমি কোনো বস্তুক (অস্তিত্বত আনিবলৈ) ইচ্ছা কৰিলে আমি কেৱল কওঁ যে, ‘হ’; ফলত ই হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু যিসকলে নিৰ্যাতিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে, নিশ্চয় আমি তেওঁলোকক পৃথিৱীত উত্তম আবাস প্ৰদান কৰিম; আৰু আখিৰাতৰ পুৰস্কাৰ নিশ্চয় ইয়াতকৈও শ্ৰেষ্ঠ। যদি সিহঁতে জানিলেহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা (তাৱাক্কুল) কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু আমি তোমাৰ পূৰ্বে কেৱল পুৰুষসকলকেই (ৰাছুল হিচাপে) প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ প্ৰতি আমি অহী পঠিয়াইছিলোঁ, এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক সুধি লোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলী সহকাৰে। আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক স্পষ্টভাৱে বুজাই দিব পাৰা যিখন সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[যিসকলে বেয়া কৰ্ম কৰিবলৈ ষড়যন্ত্ৰ ৰচে, আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈছে নেকি, অথবা উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[অথবা সিহঁতে চলা-ফুৰা কৰা অৱস্থাত তেওঁ সিহঁতক কৰায়ত্ব নকৰিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি? অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[অথবা তেওঁ সিহঁতক ভীত-সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি? নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলোৱে কেৱল আল্লাহকেই ছাজদাহ কৰে, তেওঁলোকে অহংকাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[তেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু আল্লাহে কৈছে, ‘তোমালোকে দুজন ইলাহ গ্ৰহণ নকৰিবা; কেৱল তেৱেঁই একমাত্ৰ ইলাহ। গতিকে তোমালোকে কেৱল মোকেই ভয় কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য। তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে। তাৰ পিছত যেতিয়া তোমালোকক দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তাৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ দুখ-দৈন্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে নিজ প্ৰতিপালকৰ সৈতে শ্বিৰ্ক কৰে--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আমি সিহঁতক যি প্ৰদান কৰিছোঁ সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছোঁ সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে--অথচ তেওঁ পৱিত্ৰ, মহিমাময়। আনহাতে সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটোক সিহঁতে পছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, যাৱতীয় বেয়া উদাহৰণ সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূ-পৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও অগা-পিছা কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। নিঃসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ; কিন্তু চয়তানে সিহঁতৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপক শোভনীয় কৰি দিছিল, সেয়ে আজি সি হৈছে সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আৰু আমি তোমাৰ প্ৰতি কিতাব এইকাৰণে অৱতীৰ্ণ কৰিছোঁ যাতে তুমি সেইসকল লোকক সুস্পষ্টভাৱে বুজাই দিব পাৰা যিসকলে মতভেদ কৰিছে, লগতে এইখন হৈছে মুমিনসকলৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু আল্লাহেই আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে (আল্লাহৰ) কথা শুনে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক সেৱন কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, যিটো সেৱনকাৰীসকলৰ বাবে অতি তৃপ্তিকৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা; নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক প্ৰত্যাদেশ কৰিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজি লোৱা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে, (এইকাৰণে যে,) যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায়। এতেকে সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সঙ্গিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱনোপকৰণ সৰবৰাহ কৰিবলৈ সেই উপাস্যবোৰৰ কোনো ক্ষমতা নাই আৰু কৰিবও নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[সেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা। নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আল্লাহে উপমা দাঙি ধৰিছে, আনৰ অধিকাৰভূক্ত এজন দাসৰ, যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছোঁ আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে; (এতেকে কোৱাচোন!) উভয় ব্যক্তি সমান হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য; বৰং সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰঃ সিহঁতৰ এজন হৈছে বোবা, কোনো বস্তুৰ ওপৰত তাৰ অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বোজা হৈ আছে; য’তেই তাক পঠোৱা নহওক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে; তেনেহ’লে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ’ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে আৰু যিজন আছে সৰল পথত?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়ৰ। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[সিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন চৰাই-চিৰিকটিৰ প্ৰতি? আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে। নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল বনাইছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ, তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা। (তেৱেঁই ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰিক-উপকৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ; যিবোৰে তোমালোকক গৰমৰ তাপৰ পৰা ৰক্ষা কৰে আৰু তেৱেঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে, যিয়ে তোমালোকক যুদ্ধ ক্ষেত্ৰত ৰক্ষা কৰে। এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[এতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[সিহঁতে আল্লাহৰ নিয়ামতক চিনি পায়; তথাপিও সিহঁতে সেইবোৰক অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে কাফিৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক (ওজৰ-আপত্তি দাঙি ধৰিবলৈ) অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু যেতিয়া যালিমসকলে শাস্তি দেখা পাব, তেতিয়া আৰু সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই হৈছে সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলোঁ, যিসকলক তোমাৰ পৰিবৰ্তে আমি আহ্বান কৰিছিলোঁ’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে ওভতাই দি ক’ব, ‘নিশ্চয় তোমালোক হৈছা মিছলীয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[সেইদিনা সিহঁতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যিবোৰ মিছা উদ্ভাৱন কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[(আৰু স্মৰণ কৰা,) যিদিনা আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একো একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা হিচাপে, লগতে মুছলিমসকলৰ বাবে পথ নিৰ্দেশ, ৰহমত আৰু সুসংবাদস্বৰূপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[নিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে, লগতে তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ পূৰণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ কৰা, আৰু তোমালোকে আল্লাহক সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যি নাৰীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেই সূতা তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকে তোমালোকৰ শপতক পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতিত পৰিণত কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে। তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় তোমালোকক প্ৰশ্ন কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[আৰু পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে তোমালোকে নিজৰ শপতক ব্যৱহাৰ নকৰিবা; এনে কৰিলে, ভৰি স্থিৰ হোৱাৰ পিছত আকৌ পিচলি যাব আৰু আল্লাহৰ পথত বাধা দিয়াৰ কাৰণে তোমালোকে শাস্তিৰ সোৱাদ গ্ৰহণ কৰিব লাগিব; আৰু তোমালোকৰ বাবে আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰক তুচ্ছ মূল্যত বিক্ৰী নকৰিবা। আল্লাহৰ ওচৰত যি আছে সেইটোৱে তোমালোকৰ বাবে উত্তম—(হায়!) যদি তোমালোক জানিলাহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[তোমালোকৰ ওচৰত যি আছে সেয়া নিঃশেষ হ’ব আৰু আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে স্থায়ী। সেয়ে যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে, নিশ্চয় আমি তেওঁলোকক তেওঁলোকে যি কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান দান কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[পুৰুষ হওক বা নাৰী ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[এতেকে যেতিয়া তুমি কোৰআন পাঠ কৰিবা, তেতিয়া অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে, তেওঁলোকৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[তাৰ আধিপত্য কেৱল সেইসকল লোকৰ ওপৰত, যিসকলে তাক অভিভাৱকৰূপে গ্ৰহণ কৰে আৰু যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[আৰু আমি যেতিয়া এটা আয়াতৰ স্থান পৰিবৰ্তন কৰি আন এটা আয়াত অৱতীৰ্ণ কৰোঁ—আৰু আল্লাহেই ভালদৰে জানে তেওঁ কি অৱতীৰ্ণ কৰিব--, তেতিয়া সিহঁতে কয়, ‘নিশ্চয় তুমি হৈছা এজন মিছা ৰচনাকাৰী’, বৰং সিহঁতৰ অধিকাংশই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[কোৱা, ‘তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰূহুল-কুদুছে (জীব্ৰীলে) যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে, যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে, আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[আৰু নিশ্চয় আমি জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইংগিত কৰে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, আল্লাহে সিহঁতক হিদায়ত নকৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, আৰু সিহঁতেই হৈছে মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[কোনোবাই ঈমান পোষণ কৰাৰ পিছত যদি তাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ঈমানত অবিচল (তেন্তে তাৰ কোনো দোষ নাই)। কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰী কৰিব, সিহঁতৰ প্ৰতি আপতিত হ’ব আল্লাহৰ গযব আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[এইটো এইকাৰণে যে, সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে; আৰু নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ অন্তৰত, কাণত আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই হৈছে উদাসীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[নিঃসন্দেহে, এই কথা নিশ্চিত যে, সিহঁতেই আখিৰাতত হ’ব ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[এতেকে যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে, তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছত তেওঁলোকৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[(স্মৰণ কৰা) সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিফল পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো ধৰণৰ) অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিন্ত, য’ত কেউফালৰ পৰা তাৰ বাবে প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰাইছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[এতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ভক্ষণ কৰা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[আল্লাহে কেৱল মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে সেইবোৰকহে তোমালোকৰ বাবে হাৰাম কৰিছে, কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ উপায়হীন হ’লে (তাৰ কোনো দোষ নাই) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[(পাৰ্থিৱ জীৱনত) সিহঁতৰ সুখ-সম্ভোগ অতি সামান্য, (কিন্তু আখিৰাতত) সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[আৰু ইয়াহুদীসকলৰ বাবে আমি কেৱল সেইটোৱে হাৰাম কৰিছোঁ যিটো তোমাৰ ওচৰত আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাছিলোঁ, বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে তেওঁলোকৰ বাবে তোমাৰ প্ৰতিপালক নিশ্চয় অতি ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[নিশ্চয় ইব্ৰাহীম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত, একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎপথত পৰিচালিত কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলোঁ, আৰু নিশ্চয় তেওঁ আখিৰাততো হ’ব সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[তাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ)ৰ অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[শনিবাৰ পালন কৰাটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়মাতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ সৈতে উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেই বিষয়েও তেওঁ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[যদি তোমালোকে প্ৰতিশোধ গ্ৰহণ কৰা, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে ধৈৰ্য্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[আৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য্য কেৱল আল্লাহৰেই সহায়ৰ ফল। তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="17">
<aya number="1">
<translation><![CDATA[পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, (মক্কাৰ) আল-মাছজিদুল হাৰামৰ পৰা (পেলিষ্টাইনৰ) আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছোঁ, যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰোঁ; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু সেইখনক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলোঁ। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[(তোমালোকেই হৈছা) তেওঁলোকৰ বংশধৰ! যিসকলক আমি নূহৰ সৈতে (নাৱত) আৰোহণ কৰাইছিলোঁ; নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু আমি (তাওৰাতত) কিতাবত বনী ইছৰাঈলক জনাই দিছিলোঁ যে, ‘নিশ্চয় তোমালোকে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলোঁ, তোমালোকক ধন আৰু সন্তান-সন্ততিৰ দ্বাৰা সহায় কৰিলোঁ আৰু তোমালোকক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যদি তোমালোকে সৎকৰ্ম কৰা, তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ’ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ’ব। তাৰ পিছত পৰৱৰ্তী নিৰ্ধাৰিত সময় উপস্থিত হোৱাত (মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলোঁ) তোমালোকৰ মুখমণ্ডলক কালিমাচ্ছন্ন কৰাৰ বাবে, প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেকৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু সিহঁতৰ কৰ্তৃত্বত যি আছিল তাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও (আমাৰ শাস্তিৰ) পুনৰাবৃত্তি কৰিম। লগতে জাহান্নমক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[নিশ্চয় এই কোৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো পথ আক্বৱাম (সৰল, সুদৃঢ়), আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, আমি সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু মানুহে কল্যাণ কামনাৰ দৰেই অকল্যাণ কামনা কৰে; দৰাচলতে মানুহ প্ৰকৃতিগতভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু আমি প্ৰত্যেক মানুহৰে কৃতকৰ্ম তাৰ ডিঙিত আঁৰি থৈছোঁ, আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাব, যিখনক সি উন্মুক্ত অৱস্থাত পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[(তাক কোৱা হ’ব) তুমি তোমাৰ কিতাব (আমলনামা) পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। কোনো বহনকাৰীয়েই আনৰ (পাপকৰ্মৰ) বোজা বহন নকৰিব, আৰু আমি ৰাছুল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু যেতিয়া আমি কোনো জনপদক ধ্বংস কৰিব বিচাৰোঁ তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰোঁ; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু নূহৰ পিছত আমি বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ। তোমাৰ প্ৰতিপালকেই তেওঁৰ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[কোনোবাই আশু সুখ-সম্ভোগ কামনা কৰিলে, আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ (পাৰ্থিৱ জীৱন কামনাকাৰী আৰু আখিৰাত কামনাকাৰী) প্ৰত্যেককে সহায় কৰোঁ আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত (কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[লক্ষ্য কৰা, আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। নিশ্চয় আখিৰাত হৈছে মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতো বৃহত্তৰ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আল্লাহৰ লগত আন কোনো ইলাহ সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱনকালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা, আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক নম্ৰ কথা ক’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু (এই বুলি দুআ কৰি) কোৱা, ‘হে মোৰ প্ৰতিপালক! তেওঁলোকৰ প্ৰতি দয়া কৰা, যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[তোমালোকৰ অন্তৰত যি আছে সেয়া তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে; যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে (জানি থোৱা) নিশ্চয় তেওঁ সেইসকল লোকৰ প্ৰতি অতি ক্ষমাশীল, যিসকল সদায় আল্লাহ অভিমুখী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা, লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় অপব্যয়কাৰীসকল হৈছে চয়তানৰ ভাই আৰু চয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয়, তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা ক'বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা (কৃপণ নহ’বা) আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা (অপব্যয় নকৰিবা), এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে; নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক পৰিজ্ঞাত, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু ইয়াতীম (অনাথ) প্ৰাপ্ত বয়স্ক নোহোৱালৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা; নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত ওজন কৰি দিবা, আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা; নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু পৃথিৱীত ফুটনিমাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বত-সমান উচ্চতা লাভ কৰিব নোৱাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[এই সকলোবোৰ হৈছে বেয়া কৰ্ম, তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[(কি আচৰিত!) তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিস্তাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে নেকি? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ আছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু নিশ্চয় আমি এই কোৰআনত (বহু বিষয়) বাৰে বাৰে বিবৃত কৰিছোঁ যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাহে বৃদ্ধি পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[কোৱা, ‘যদি তেওঁৰ লগত আন কোনো ইলাহ থাকিলহেঁতেন, যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সিহঁতেও আৰছ-অধিপতিৰ (নৈকট্য লাভৰ) উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তেওঁ পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু উৰ্ধ্বত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু তুমি যেতিয়া কোৰআন পাঠ কৰা তেতিয়া আমি তোমাৰ আৰু সেইসকল লোকৰ মাজত যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছোঁ যাতে সিহঁতে সেয়া বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত দিছোঁ বধিৰতা; সেয়ে যেতিয়া তুমি কোৰআনৰ পৰা উল্লেখ কৰা যে, ‘তোমাৰ প্ৰতিপালক কেৱল এজন’, তেতিয়া সিহঁতে পিঠি দেখুৱাই আঁতৰি যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণপাতি শুনে, তেতিয়া সিহঁতে কিয় কাণপাতি শুনে সেই কথা আমি ভালদৰেই জানো আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত যালিমসকলে কয়, ‘নিশ্চয় তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[কোৱা, ‘যদি তোমালোকে শিল বা লো হৈ যোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা, লগতে তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময়হে অৱস্থান কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয়, যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে, অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তিও দিব পাৰে, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ ওপৰত কৰ্মবিধায়ক কৰি পঠোৱা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। নিশ্চয় আমি নবীসকলৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছোঁ আৰু দাউদক প্ৰদান কৰিছিলোঁ ঝাবূৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে ছামূদ জাতিক উট প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলোঁ যে, নিশ্চয় তোমাৰ প্ৰতিপালকে মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছোঁ সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছটোও কেৱল মানুহৰ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমক ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল। সি কৈছিল, ‘মই ইয়াক ছাজদাহ কৰিমনে, যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[সি (আৰু) কৈছিল, ‘চোৱাচোন! এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা দান কৰিলা, কিয়ামতৰ দিৱসলৈকে যদি তুমি মোক অৱকাশ দিয়া, তেনেহ’লে শপত কৰি কৈছোঁ, মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক নিশ্চয় মোৰ কৰ্তৃত্বাধীন কৰি পেলাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আল্লাহে ক’লে, ‘যোৱা, এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব, নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ’ব তোমালোক সকলোৰে প্ৰতিদান’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[‘আৰু তোমাৰ কণ্ঠৰে সিহঁতৰ মাজৰ যাকে পাৰা পদস্খলিত কৰাগৈ, তোমাৰ অশ্বাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা সিহঁতক আক্ৰমণ কৰা আৰু সিহঁতৰ ধন-সম্পদ লগতে সন্তান-সন্ততিত অংশী হোৱাগৈ, আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া’। অৱশ্যে চয়তানে ছলনাৰ বাহিৰে সিহঁতক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[তেৱেঁই তোমালোকৰ প্ৰতিপালক, যিজনে তোমালোকৰ বাবে সাগৰত নৌযান পৰিচালিত কৰায়, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু যেতিয়া তোমালোকক সাগৰত বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ সেই সময়ত (তোমালোকৰ মনৰ পৰা) উধাও হৈ যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকক স্থলৰ কোনো অঞ্চলতেই ভূগৰ্ভস্থ নকৰিব, অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া কিন্তু তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক বিচাৰি নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[অথবা তোমালোকে এই বিষয়ত নিশ্চিন্ত হৈছা নেকি যে, তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰলৈ লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা প্ৰেৰণ নকৰিব আৰু তোমালোকৰ কুফৰী কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব? তাৰ পিছত তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[নিশ্চয় আমি আদম সন্তানক মৰ্যাদা দান কৰিছোঁ, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছোঁ; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছোঁ আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[(স্মৰণ কৰা সেই দিৱসটোক,) যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত খেজুৰৰ গুটিৰ ওপৰত থকা মিহি সূতা পৰিমাণো (অকণো) অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু যিজন ইয়াত অন্ধ, সি আখিৰাততো অন্ধ, তথা আটাইতকৈ বেছি পথভ্ৰষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু আমি তোমাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি নিশ্চয় সিহঁতৰ ফালে কিঞ্চিত হ’লেও ঢাল খালাইহেঁতেন;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[যদি এনে কৰিলাহেঁতেন তেন্তে নিশ্চয় আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোঁহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰীও নাপালেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ প্ৰায় চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, এনে কৰিলে সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[আমাৰ ৰাছুলসকলৰ মাজৰ পৰা তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[আৰু ৰাতিৰ কিছু অংশত (কোৰআনৰ দ্বাৰা) তাহাজ্জুদ আদায় কৰা, এইটো হৈছে তোমাৰ বাবে এটা অতিৰিক্ত কৰ্তব্য। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সত্যতাৰ সৈতে প্ৰৱেশ কৰোৱা আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু আমি কোৰআন অৱতীৰ্ণ কৰোঁ, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[কোৱা, ‘প্ৰত্যেকেই নিজ নিজ প্ৰকৃতি অনুযায়ী কাম কৰে কিন্তু তোমাৰ প্ৰতিপালকহে অধিক অৱগত যে, কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ হৈছে মোৰ প্ৰতিপালকৰ আদেশ বিশেষ, আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছোঁ তাক নিশ্চয় প্ৰত্যাহাৰ কৰিব পাৰিলোঁহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া; নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব, যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[আৰু নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই কুফৰী নকৰাকৈ ক্ষান্ত হোৱা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিয়া, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰা’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাব অৱতীৰ্ণ নকৰিবা, যিখন আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ প্ৰতিপালক! মই হৈছোঁ কেৱল এজন মানুহ, তথা ৰাছুল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[আৰু যেতিয়া মানুহৰ ওচৰলৈ হিদায়ত আহিল, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিলে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰলৈ ফিৰিস্তাকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিলোঁহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক বিচাৰি নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[এইটোৱেই হৈছে সিহঁতৰ প্ৰতিদান, কাৰণ সিহঁতে আমাৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘অস্থিত পৰিণত আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছতো আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হমনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাৱান? আৰু তেৱেঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল, য’ত কোনো সন্দেহ নাই, তথাপিও যালিমসকলে কুফৰী নকৰাকৈ ক্ষেন্ত হোৱা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেই ভাণ্ডাৰ ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে তাক ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[নিশ্চয় আমি মুছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ; এতেকে তুমি বনী ইছৰাঈলক সুধি চাব পাৰা; যেতিয়া তেওঁ সিহঁতৰ ওচৰলৈ আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মুছা! নিশ্চয় মোৰ মতে তুমি হৈছা এজন যাদুগ্ৰস্ত ব্যক্তি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[মুছাই কৈছিল, ‘তুমি নিশ্চিতভাৱে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি হৈছা এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[অৱশেষত ফিৰআউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে; তেতিয়া আমি তাক আৰু তাৰ সঙ্গীসকলৰ আটাইকে ডুবাই মাৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[ইয়াৰ পিছত আমি বনী ইছৰাঈলক ক’লোঁ, ‘তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[আৰু আমি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু ই সত্য সহকাৰেই অৱতীৰ্ণ হৈছে। আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে ছাজদাত পৰি যায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[আৰু তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক পৱিত্ৰ মহান। আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হ’বই হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[‘আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে (ছাজদাত) পৰি যায়, লগতে ই তেওঁলোকৰ বিনয় আৰু অধিক বৃদ্ধি কৰে’। (ছাজদাহ ৪)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। লগতে ছালাতত তুমি নিজৰ স্বৰ খুব উচ্চও নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যৱৰ্তী পথ অৱলম্বন কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[আৰু কোৱা, ‘সকলো প্ৰশংসা কেৱল আল্লাহৰেই, যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰো নাই, লগতে তেওঁ দুৰ্দশাগ্ৰস্থও নহয় যে, তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ’ব, সেয়ে তুমি স-সম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="18">
<aya number="1">
<translation><![CDATA[যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[সৰলৰূপে (বৰ্ণনা কৰিছে), তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকলৰ যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰস্কাৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তাত তেওঁলোকে স্থায়ীভাৱে অৱস্থান কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু সেইসকল লোককো সতৰ্ক কৰাৰ বাবে যিসকলে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই, লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে আন একো নকয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সিহঁতৰ পিছে পিছে ঘূৰি সম্ভৱতঃ তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় ভূ-পৃষ্ঠত যি যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছোঁ, মানুহক এই পৰীক্ষা কৰাৰ বাবে যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু ইয়াৰ ওপৰত যি যি আছে তাক নিশ্চয় আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভবা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[ফলত আমি সিহঁতক গুহাৰ মাজত কেইবা বছৰো ঘুমন্ত অৱস্থাত ৰাখিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তাৰ পিছত আমি সিহঁতক সজাগ কৰিলোঁ এইটো জনোৱাৰ বাবে যে, দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছোঁ, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু আমি সিহঁতৰ অন্তৰ দৃঢ় কৰি দিছিলোঁ; সিহঁতে যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক। আমি কেতিয়াও তেওঁৰ পৰিবৰ্তে আন কোনো ইলাহক আহ্বান নকৰোঁ; যদি আহ্বান কৰোঁ তেন্তে এয়া হ’ব বৰ গৰ্হিত কথা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[এতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱনোপকৰণৰ বিষয়টো সহজ কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু যদি তুমি সিহঁতক দেখাহেঁতেন, সূৰ্য্য উদয় হোৱাৰ সময়ত সিহঁতৰ গুহাৰ সোঁ ফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁ ফালে ঢাল খায়, অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত (শুই আছে), এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম। আল্লাহে যাক সৎপথত পৰিচালিত কৰে, সি সৎপথপ্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তুমি কেতিয়াও তাৰ বাবে কোনো পথনিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু তুমি ভাবিলাহেঁতেন সিহঁত সাৰে আছে, অথচ সিহঁত আছিল টোপনিত। আমি সিহঁতক কাতি সলাই দিছিলোঁ সোঁফালে আৰু বাওঁফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ভৰি দুটা গুহাৰ দুৱাৰত প্ৰসাৰিত কৰি আছিল। যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন, তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন আৰু নিশ্চয় তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু এইদৰেই আমি সিহঁতক জাগ্ৰত কৰি তুলিলোঁ, যাতে সিহঁতে পৰস্পৰৰ মাজত সোধ-পোচ কৰিব পাৰে। সিহঁতৰ এজনে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা’? সিহঁতে ক’লে, ‘আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছোঁ’। সিহঁতে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া। সি যেন ভালকৈ চাই-চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে। লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে। কোনোমতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মলৈ ওভতাই নিব। তেতিয়া তোমালোকে কেতিয়াও সফল হ’ব নোৱাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলোঁ, যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল, ‘তেওঁলোকৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে কৈছিল, ‘নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[অচিৰেই কিছুমানে ক’ব, ‘তেওঁলোক আছিল তিনিজন, তেওঁলোকৰ চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ’, আৰু আন কিছুমানে ক’ব, ‘তেওঁলোক আছিল পাঁচজন, তেওঁলোকৰ ষষ্ঠটো আছিল তেওঁলোকৰ কুকুৰ’, এই সকলোৱে গায়েবী বিষয়ত অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক’ব, ‘তেওঁলোক আছিল সাতজন, তেওঁলোকৰ অষ্টমটো হৈছে তেওঁলোকৰ কুকুৰ’। কোৱা, ‘মোৰ প্ৰতিপালকেহে তেওঁলোকৰ সংখ্যাটো ভালকৈ জানে; তেওঁলোকৰ প্ৰকৃত সংখ্যা কেৱল কিছুসংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি তেওঁলোকৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো তেওঁলোকৰ বিষয়ে নুসুধিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নক'বা যে, নিশ্চয় মই এইটো কাইলৈ কৰিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[ইন শ্বা আল্লাহ নোকোৱাকৈ, (অৰ্থাৎ যদি আল্লাহে বিচাৰে), আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, ‘সম্ভৱতঃ মোৰ প্ৰতিপালকে মোক ইয়াতকৈও সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সিহঁতে গুহাত আছিল তিনি শ বছৰ, লগতে অতিৰিক্ত ন বছৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰলৈ যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু তুমি নিজকে ধৈৰ্য্যশীল ৰাখিবা সেইসকল লোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), এতেকে যাৰ ইচ্ছা সি ঈমান পোষণ কৰিব পাৰে আৰু যাৰ ইচ্ছা সি কুফৰী কৰিব পাৰে’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ অগ্নি (জাহান্নাম), যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে – নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদন কৰা ব্যক্তিৰ শ্ৰমফল বিনষ্ট নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব মিহি আৰু স্থূল ৰেচমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে শ্ৰেষ্ঠ পুৰস্কাৰ আৰু উত্তম বিশ্ৰামস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলোঁ দুখন আঙুৰৰ বাগান আৰু দুয়োখনকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলোঁ আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানত ৰাখিছিলোঁ শস্যক্ষেত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[উভয় উদ্যানেই ফল দান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলোঁ এটা নিজৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু তাৰ প্ৰচুৰ ফল-সম্পদ আছিল। তাৰ পিছত কথা প্ৰসঙ্গত সি তাৰ বন্ধুক ক’লে, ‘তোমাতকৈ মোৰ ধন-সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ অধিক শক্তিশালী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক’লে, ‘এইখন কেতিয়াও ধ্বংস হ’ব বুলি মোৰ ধাৰণা নহয়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰলৈকে ওভতাই নিয়াও হয়, তথাপিও মই নিশ্চয় ইয়াতকৈও উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলকভাৱে তাক ক’লে, ‘তুমি সেই সত্ত্বাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[‘কিন্তু (মই কওঁ) তেৱেঁই আল্লাহ, তেৱেঁই মোৰ প্ৰতিপালক; আৰু মই মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[‘যদি তুমি তোমাৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা তেন্তে তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে নক’লা যে, আল্লাহে যিটো বিচাৰে সেইটোৱেই হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘তথাপিও এয়া অসম্ভৱ নহয় যে, হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈও উৎকৃষ্ট কিবা দান কৰিব আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় প্ৰেৰণ কৰিব পাৰে, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ’ব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[‘অথবা ইয়াৰ পানী ভূগৰ্ভলৈ গুচি যাব পাৰে আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ’ব নোৱাৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[এতেকে তাৰ ফল-সম্পদক বিপৰ্যয়ে বেৰি ধৰিলে, আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি-চিঙি পৰি থকা দেখি, সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক’লে, ‘হায়, মই যদি মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰিলোহেঁতেন’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই, যিজন সত্য। পুৰস্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেৱেঁই শ্ৰেষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, (পাৰ্থিৱ জীৱনৰ উপমা হৈছে) পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰক উৰুৱাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ শোভামাত্ৰ, আৰু সৎকৰ্মৰ প্ৰতিফল হৈছে স্থায়ী, এইটো তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু (স্মৰণ কৰা,) যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবলৈ পাবা, সেইদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলোঁ ঠিক তেনেকৈয়ে তোমালোকে মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাবিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[লগতে (সেইদিনা প্ৰত্যেকৰে হাতত) ৰখা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবলৈ পাবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইখন কেনেকুৱা গ্ৰন্থ! য’ত সৰু-বৰ কোনো বিষয়েই বাদ পৰা নাই’। সিহঁতে যি আমল কৰিছিল সেইবোৰ সিহঁতে সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু (স্মৰণ কৰা) আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল। তথাপিও তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত হৈছে তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলোঁ আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলোঁ, আৰু আমি পথভ্ৰষ্টকাৰীসকলক সহায়কৰূপেও গ্ৰহণ কৰা নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু সেইদিৱসৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতি আনা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰে মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁত সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[নিশ্চয় আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ। কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু যেতিয়া মানুহৰ ওচৰলৈ পথনিৰ্দেশ আহে, তেতিয়া সিহঁতক ঈমান পোষণৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰো সেই অৱস্থাই হওক যি অৱস্থা সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ হৈছিল নাইবা সিহঁতৰ ওচৰলৈ প্ৰত্যক্ষভাৱে কোনো শাস্তি আহক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে ৰাছুলসকলক প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে, যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু সেইজনতকৈ অধিক যালিম আৰুনো কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁতে কেতিয়া সৎপথত নাহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যাৰ পৰা বাচিবলৈ সিহঁতে কদাপিও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু এইবোৰ হৈছে সেইবোৰ জনপদ যিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱালৈকে নৰখোঁ, লাগিলে মই যুগ যুগ সময় (এইদৰে খোঁজকাঢ়ি) গৈ থাকিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সঙ্গম স্থলত আহি উপনীত হ’ল, তেতিয়া তেওঁলোকে নিজে লৈ যোৱা মাছৰ কথাটো পাহৰিলে, ফলত মাছটোৱে সুৰঙ্গৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[এতেকে যেতিয়া তেওঁলোকে ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, নিশ্চয় আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিলনে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলোঁ তেতিয়া মাছৰ সৈতে যি ঘটিছিল সেই কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ, চয়তানেই সেই কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছোঁ’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাৎ পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলোঁ আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[তেওঁ ক’লে, ‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[‘কাৰণ যি বিষয়ে আপোনাৰ জ্ঞানায়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য্য ধাৰণ কৰিব পাৰিব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[তেওঁ ক’লে, ‘ঠিক আছে, যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[তাৰ পিছত দুয়ো যাত্ৰা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে নাৱত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওখন বিদীৰ্ণ কৰি দিলে। মুছাই ক’লে, ‘আপুনি আৰোহীসকলক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি? নিশ্চয় আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিলে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[তেওঁ ক’লে, ‘মই কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব, লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাৎ হ’ল, তেতিয়া তেওঁ তাক হত্যা কৰিলে। মুছাই ক’লে, ‘হত্যাৰ অপৰাধ নোহোৱাকৈ আপুনি এটা নিষ্পাপ জীৱনক কিয় নাশ কৰিলে? নিশ্চয় আপুনি এটা গৰ্হিত অন্যায় কাম কৰিলে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[তেওঁ ক’লে, ‘মই আপোনাক কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[মুছাই ক’লে, ‘ইয়াৰ পিছত যদি মই আপোনাক কোনো বিষয়ে প্ৰশ্ন কৰোঁ তেন্তে আপুনি মোক লগত নাৰাখিব; আপোনাৰ ওচৰত মোৰ ওজৰ-আপত্তিয়ে চূড়ান্ত সীমা পাইছেগৈ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[তাৰ পিচত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে এটা জনপদৰ অধিবাসীসকলৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকে সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকক আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিখন বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁ সেইটোক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[তেওঁ ক’লে, ‘ইয়াতেই মোৰ আৰু আপোনাৰ মাজত সম্পৰ্কচ্ছেদ হৈ গ’ল, যিবোৰ বিষয়ত আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাই, অচিৰেই মই সেইবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[‘নাওখনৰ বিষয়টো হ’ল—এইখন আছিল কিছুমান দৰিদ্ৰ ব্যক্তিৰ, সিহঁতে সাগৰত কাম কৰিছিল; মই নাওখনক ত্ৰুটিযুক্ত কৰিবলৈ ইচ্ছা কৰিলোঁ; কাৰণ সিহঁতৰ সন্মুখত আছিল এনে এজন ৰজা, যিয়ে বলপ্ৰয়োগ কৰি প্ৰতিখন (নিখুঁত) ভাল নাও কাঢ়ি নিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[‘আনহাতে সেই শিশুটি--- তাৰ পিতৃ-মাতৃ আছিল মুমিন। ফলত আমি আশংকা কৰিলোঁ যে, সি সীমালংঘন কৰি আৰু কুফৰীৰ দ্বাৰা তেওঁলোকক অতিষ্ঠ কৰি তুলিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[‘সেয়ে আমি বিচাৰিলোঁ যে, তেওঁলোকৰ প্ৰতিপালকে যেন তেওঁলোকক ইয়াৰ পৰিবৰ্তে এজন সুসন্তান দান কৰে, যিজন হ’ব পৱিত্ৰতাত উত্তম আৰু মৰম-চেনেহত অতি ঘনিষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[‘আৰু সেই প্ৰাচীৰটো—সেইটো আছিল নগৰবাসী দুজন এতীম শিশুৰ আৰু ইয়াৰ তলত আছিল সিহঁতৰ গুপ্তধন আৰু সিহঁতৰ পিতৃ আছিল এজন সৎকৰ্মপৰায়ণ লোক। সেয়ে আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে যে, সিহঁত দুজন প্ৰাপ্তবয়স্কত উপনীত হওক আৰু সিহঁতৰ সেই গুপ্তধন উদ্ধাৰ কৰক। আৰু (এইবোৰ) মই নিজৰ ফালৰ পৰা একো কৰা নাই; আপুনি যি বিষয়ে ধৈৰ্য্য ধাৰণ কৰিবলৈ অপাৰগ হৈছিল, এইটোৱেই হৈছে তাৰ ব্যাখ্যা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু সিহঁতে তোমাক জুল-কাৰনাইন সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলোঁ আৰু প্ৰত্যেক বিষয়ৰ উপায়-উপকৰণ দান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[তাৰ পিছত তেওঁ এটা পথ অৱলম্বন কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য্য অস্ত যোৱাৰ স্থলত উপস্থিত হ’ল, তেতিয়া তেওঁ সূৰ্য্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি ক'লোঁ, ‘হে জুল-কাৰনাইন! তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সদয়ভাৱে গ্ৰহণ কৰিব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[তেওঁ ক’লে, ‘যিয়ে অন্যায় কৰিব অচিৰেই আমি তাক শাস্তি প্ৰদান কৰিম; তাৰ পিছত তাক তাৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া তেওঁ তাক কঠিন শাস্তি প্ৰদান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[‘কিন্তু যিয়ে ঈমান আনিব আৰু সৎকৰ্ম কৰিব তেওঁৰ বাবে প্ৰতিদান স্বৰূপে আছে কল্যাণ আৰু আমি আমাৰ ব্যৱহাৰতো তেওঁৰ সৈতে নম্ৰভাৱে কথা কম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে, তেতিয়া তেওঁ দেখা পালে যে, সূৰ্য্য এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হয়, যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা কোনো অন্তৰাল আমি সৃষ্টি কৰা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[প্ৰকৃত ঘটনা এইটোৱেই, আৰু তেওঁৰ ওচৰত যি আছিল, সেই সম্পৰ্কে আমি সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত আহি উপনীত হ’ল, তেতিয়া তাত তেওঁ এনেকুৱা এটা সম্প্ৰদায়ক লগ পালে, যিসকলে তেওঁৰ কথা ভালকৈ বুজিব পৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে জুল-কাৰনাইন! ইয়া’জুজ আৰু মা’জুজে পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে। সেয়ে আমি আপোনাক এই চৰ্তত কৰ আদায় দিমনে, যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত এটা প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকে মোক যি সামৰ্থ দিছে সেইটোৱে উৎকৃষ্ট। গতিকে তোমালোকে মোক দৈহিক শ্ৰমৰ দ্বাৰা সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত এখন মজবুত প্ৰাচীৰ নিৰ্মাণ কৰি দিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[‘তোমালোকে মোৰ ওচৰলৈ লোৰ পাতসমূহ আনি দিয়া’, অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লৌহস্তূপ দুয়ো পৰ্বতৰ সমান হ’ল তেতিয়া তেওঁ ক’লে, ‘এতিয়া ফুঁ দি থকা’। তাৰ পিছত যেতিয়া সেইটো জুইত পৰিণত হ’ল, তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[তাৰ পিছত সিহঁতে (ইয়া’জুজ আৰু মা’জুজে) সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আনকি ফুটা কৰিবও নোৱাৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[তেওঁ ক’লে, ‘এইটো হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ-বিচূৰ্ণ কৰি দিব, আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[আৰু সেইদিনা আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে, এটা দলে আনটো দলৰ ওপৰত তৰঙ্গৰ দৰে খুন্দিয়াই পৰিব; আৰু শিঙাত ফুঁ দিয়া হ’ব। তাৰ পিছত আমি সিহঁত সকলোকে একত্ৰিত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[আৰু সেইদিনা আমি জাহান্নামক প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকলে শুনিবলৈও অপাৰগ আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে, সিহঁতে ধাৰণা কৰে নেকি যে, সিহঁতে মোৰ পৰিবৰ্তে মোৰ বান্দাসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিব? নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[কোৱা, ‘আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে, যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[সিহঁতেই হৈছে সেইসকল লোক, পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে, অথচ সিহঁতে ধাৰণা কৰে যে, সিহঁতে ভাল কামেই কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে। ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে; সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[‘জাহান্নামেই হৈছে সিহঁতৰ প্ৰতিফল। যিহেতু সিহঁতে কুফৰী কৰিছে লগতে মোৰ নিদৰ্শনাৱলীক আৰু ৰাছুলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[তাত তেওঁলোক চিৰকাল থাকিব, তাৰ পৰা তেওঁলোক (কেতিয়াও) স্থানান্তৰিত হ’ব নিবিচাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[কোৱা, ‘মোৰ প্ৰতিপালকৰ কথা লিপিবদ্ধ কৰিবলৈ সাগৰ যদি চিয়াঁহী হয়, তেন্তে মোৰ প্ৰতিপালকৰ কথা শেষ হোৱাৰ আগতেই সাগৰ নিঃশেষ হৈ যাব—যদিও ইয়াৰ সাহায্যাৰ্থে অনুৰূপ আৰু সাগৰ লৈ আহোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশীদাৰ স্থাপন নকৰা’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="19">
<aya number="1">
<translation><![CDATA[কাফ-হা-ইয়া-আঈন- চ’দ;[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এইটো হৈছে তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ(ৰ চুলি) শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[নিশ্চয় মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছোঁ; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। গতিকে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[‘যিয়ে মোৰ উত্তৰাধিকাৰী হ’ব আৰু উত্তৰাধিকাৰী লাভ কৰিব ইয়াকূবৰ বংশৰ, লগতে হে মোৰ প্ৰতিপালক! তুমি তাক সন্তোষভাজন কৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[(আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব পাৰে, অথচ মোৰ স্ত্ৰী হৈছে বন্ধ্যা আৰু ময়ো বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[(উত্তৰত তেওঁ) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে অতি সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একোৱেই নাছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[যাকাৰিয়্যাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও ক্ৰমাগত তিনি ৰাতি (দিন) পৰ্যন্ত কাৰো লগত কথা ক’ব নোৱাৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু ইঙ্গিতেৰে সিহঁতক ক’লে, ‘তোমালোকে পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘হে ইয়াহয়া! তুমি কিতাবখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা,’ আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছোঁ; আৰু তেওঁ আছিল এজন মুত্তাক্বী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত, তথা তেওঁ অহংকাৰী, অবাধ্য নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[শান্তি তেওঁৰ ওপৰত অনিবাৰ্য, যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু (হে ৰাছুল!) তুমি এই কিতাবত (উল্লিখিত) মাৰয়ামৰ কথা বৰ্ণনা কৰা, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰলৈ আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলোঁ, ফলত তেওঁ মাৰয়ামৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আহি আত্মপ্ৰকাশ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[মাৰয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, (আল্লাহক ভয় কৰা আৰু আঁতৰি যোৱা) যদি তুমি মুত্তাক্বী হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূতহে, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[মাৰয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শই কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এইকাৰণে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তাৰ পিছত মাৰয়ামে তেওঁক গৰ্ভত ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰালে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোঁহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোঁহেঁতেন!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেতিয়া তলৰ পৰা তেওঁ মাৰয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[এতেকে খোৱা, সেৱন কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছোঁ। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত আহি উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰয়াম! নিশ্চয় তুমি এটা অদ্ভূত কাণ্ড কৰিছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতা কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[তেতিয়া মাৰয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘কোলাত থকা এটি কেঁচুৱাৰ সৈতে আমি কেনেকৈ কথা পাতিম’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘মই য’তেই নাথাকোঁ কিয় তেওঁ মোক বৰকতময় কৰিছে, লগতে তেওঁ মোক আজীৱন ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে, লগতে তেওঁ মোক অহংকাৰী, অবাধ্য বনোৱা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[‘আৰু মোৰ ওপৰত শান্তি অনিবাৰ্য যিদিনা মই জন্ম লাভ কৰিছোঁ, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হ'ম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[এইটোৱেই হৈছে মাৰয়ামৰ পুত্ৰ ঈছা (ৰ ঘটনা)। (মই যি বৰ্ণনা কৰিলোঁ) এইটোৱে হৈছে সত্য কথা, যি বিষয়ত সিহঁতে সন্দেহ পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[সন্তান গ্ৰহণ কৰাটো আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[নিশ্চয় আল্লাহেই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁতে কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[(হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁতে ঈমান পোষণ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানাস্বত্ব কেৱল আমাৰেই, আৰু আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[লগতে বৰ্ণনা কৰা এই কিতাবত (উল্লিখিত) ইব্ৰাহীমৰ কথা, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[যেতিয়া তেওঁ তেওঁৰ পিতাক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[‘হে মোৰ পিতৃ! মোৰ ওচৰলৈ এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান হৈছে ৰহমানৰ অবাধ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে যে, ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[পিতাই ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে নিশ্চয় মই তোমাক শিল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ; আৰু মই কেৱল মোৰ প্ৰতিপালককে আহ্বান কৰিম; আশা কৰোঁ মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলোঁ ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলোঁ, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু এই কিতাবত (উল্লিখিত) মুছাৰ কথা বৰ্ণনা কৰা, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু তেওঁক আমি মাতিছিলোঁ তূৰ পৰ্বতৰ সোঁফালৰ পৰা, লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু আমি আমাৰ নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[লগতে (হে নবী!) এই কিতাবত (উল্লিখিত) ইছমাঈলৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ ওচৰত সন্তোষভাজন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু এই কিতাবত (উল্লিখিত) ইদ্ৰীছৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰোৱাইছিলোঁ। লগতে এওঁলোক হৈছে ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, তথা (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলোঁ আৰু মনোনীত কৰিছিলোঁ; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল। (ছাজদাহ ৫)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিছিল আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিছিল। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুত বিষয় অৱশ্যম্ভাৱী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[তাত তেওঁলোকে ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[এইটোৱে হৈছে সেই জান্নাত, যাৰ অধিকাৰী আমি আমাৰ বান্দাসকলৰ মাজৰ মুত্তাক্বীসকলক কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[(জিব্ৰীলে ক’লে) আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰোঁ; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ প্ৰতিপালক বিস্মৃত নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[মানুহে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছোঁ, যেতিয়া সি একোৱেই নাছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আছিল, আমি তাক টানি উলিয়াই আনিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব লাগিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছিল আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছোঁ—যিসকল সম্পদ আৰু বাহ্যদৃষ্টিত সিহঁততকৈও শ্ৰেষ্ঠ আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওক বা কিয়ামতেই হওক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন অতি নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন বেছি দুৰ্বল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আৰু কয়, ‘নিশ্চয় মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তিহে বৃদ্ধি কৰি থাকিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ বাবে সন্মানৰ কাৰণ হয় (আৰু সহায়ক হয়);]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদতক অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছোঁ, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। নিশ্চয় আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[(স্মৰণ কৰা) যিদিনা আমি ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে সমবেত কৰিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও চুপাৰিছ কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[নিশ্চয় তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[(এনেকুৱা বিষয়) যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, লগতে পৃথিৱী খণ্ড-বিখণ্ড আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰলৈ অকলশৰীয়া হৈ আহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (পাৰস্পাৰিক) সম্প্ৰীতি সৃষ্টি কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছোঁ! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈও ক্ষীণ (ৰিণিকা অহা) কোনো শব্দ শুনিবলৈ পোৱানে?]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="20">
<aya number="1">
<translation><![CDATA[ত্বা-হা [1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তোমাক দুখ-কষ্টত পতিত কৰিবলৈ আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[বৰং যিয়ে (আল্লাহক) ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছোঁ),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[এইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ; যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে লগতে ভূ-গৰ্ভত যি আছে সেই সকলো তেওঁৰেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অব্যক্ত সকলো বিষয়ে অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহি পাইছেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজৰ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। আশা কৰোঁ মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘নিশ্চয় ময়েই হৈছোঁ তোমাৰ প্ৰতিপালক, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[‘আৰু মই তোমাক মনোনীত কৰিছোঁ। এতেকে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ, যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[‘এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনিবলৈ বিৰত ৰাখিব নোৱাৰে, অন্যথা তুমি ধ্বংস হৈ যাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[তেওঁ ক’লে, ‘এইডাল হৈছে মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তাৰ পিছত তেওঁ সেই লাখুটিডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ ওভতাই দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ উজ্জ্বল হৈ ওলাই আহিব, এইটো হৈছে আন এটা নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[‘এইটো এইকাৰণে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[‘তুমি ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[‘আৰু মোৰ কাম সহজ কৰি দিয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘আৰু মোৰ পৰিয়ালৰ মাজৰ পৰা মোৰ বাবে এজন সহায়ক নিৰ্ধাৰণ কৰি দিয়া;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[‘মোৰ ভাই হাৰূনক;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[‘আৰু অধিক পৰিমাণে তোমাক স্মৰণ কৰিব পাৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[‘নিশ্চয় আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক (নীল) নদীত উটুৱাই দিয়া, যাতে নদীয়ে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ আৰু তেওঁৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলোঁ, যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘যেতিয়া তোমাৰ বায়েৰে (বাকচটোক অনুসৰণ কৰি) খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (সিহঁতক) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাগি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছতহে তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি (মনোনীত কৰি) লৈছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[‘তোমালোকে তাৰ লগত নম্ৰভাৱে কথা ক'বা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[এতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছোঁ; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে (সত্যক) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[মুছাই ক’লে, ‘তেৱেঁই হৈছে আমাৰ ৰব (প্ৰতিপালক), যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[নিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ; কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[‘তেনেহ’লে নিশ্চয় আমিও তোমাৰ ওচৰলৈ অনুৰূপ যাদু উপস্থিত কৰিম, গতিকে আমাৰ আৰু তোমাৰ মাজত তুমি এটা সময় নিৰ্ধাৰণ কৰা, যিটোক আমিও লঙ্ঘন নকৰোঁ আৰু তুমিও লঙ্ঘন নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু (সেইদিনা) যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[সিহঁতে ক’লে, ‘ইহঁত দুজন নিশ্চয় যাদুকৰ, ইহঁতে ইহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে মুছা! হ’লে তুমি আগতে নিক্ষেপ কৰা, নহ'লে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনেকুৱা লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[তেতিয়া মুছাই অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আমি ক’লোঁ, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’ৰ পৰাই নাহক কিয়, কেতিয়াও সফল নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। গতিকে নিশ্চয় মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা তাৰ পাপসমূহ যাতে ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব, নিশ্চয় তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আনহাতে যিয়ে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰস্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[আৰু নিশ্চয় আমি মুছাৰ প্ৰতি অহী কৰিছিলোঁ এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চোঁচা ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[হে বনী ইছৰাঈল! নিশ্চয় আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ তূৰ পৰ্বতৰ সোঁফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[তোমালোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[মুছাই ক’লে, ‘সিহঁত মোৰ পিচে পিচে আছেই দেখোন, হে মোৰ প্ৰতিপালক! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছোঁ যাতে তুমি সন্তুষ্ট হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছোঁ, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিলনে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? এইকাৰণেই তোমালোকে মোক দিয়া অংগীকাৰ ভংগ কৰিলানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰক জুইত নিক্ষেপ কৰিছোঁ, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[‘তাৰ পিছত সিহঁতৰ বাবে সি এটা দামুৰী সাজিছিল, এটা অৱয়ব, যিটোৱে গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[সিহঁতে দেখা নাইনে, এইটোৱে যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[নিশ্চয় হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[(কিন্তু) সিহঁতে কৈছিল, ‘আমাৰ ওচৰলৈ মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা-পাঠৰ পৰা বিৰত নহওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[মুছাই ক’লে, ‘হে হাৰূন! তুমি যেতিয়া দেখিছিলা যে, সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও তোমাক কিহে বিৰত ৰাখিছিল--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[‘যে তুমি মোৰ অনুসৰণ নকৰিলা? তেন্তে তুমি মোৰ আদেশ অমান্য কৰিলা নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! আপুনি মোৰ দাড়ি আৰু চুলিত নধৰিব। নিশ্চয় মই আশংকা কৰিছিলোঁ যে, আপুনি এই বুলি ক'ব, ‘তুমিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছা আৰু মোৰ কথাত যত্নৱান হোৱা নাছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[সি ক’লে, ‘মই যি দেখিছিলোঁ সিহঁতে সেয়া দেখা নাছিল, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এমুঠি মাটি লৈছিলোঁ, সেইটোৱে মই নিক্ষেপ কৰিছিলোঁ, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[মুছাই ক’লে, ‘আঁতৰি যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা, যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত তাক বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰোঁ, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছোঁ উপদেশবাণী (কোৰআন)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা (পাপকৰ্মৰ) মহা ভাৰ বহন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[তাত সিহঁতে স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে (পৃথিৱীত) মাত্ৰ দহদিনহে অৱস্থান কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজৰ যিয়ে সৰ্বাপেক্ষা বেছি উত্তমপথত আছিল (বিবেকৱান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[‘য’ত তুমি বক্ৰতা আৰু খলা-বমা একোৱে দেখা নাপাবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো চুপাৰিছ সেইদিনা কোনো কামত নাহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে যুলুম (অন্যায়) বহন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰ তথা কোনো ক্ষতিৰ আশংকা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[আৰু নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লোঁ, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; কিন্তু সি অমান্য কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[তাৰ পিছত আমি ক’লোঁ, ‘হে আদম! নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়, যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[সি ক’ব, ‘হে মোৰ প্ৰতিপালক! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি তাক এৰি দিছিলা, ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ, লগতে অধিক স্থায়ী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালেনে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠীক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা, লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ।(জানি থোৱা) তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোঁহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোঁহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="21">
<aya number="1">
<translation><![CDATA[মানুহৰ হিচাপ-নিকাচৰ সময় সমীপৱৰ্ত্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাক কৌতুকচ্ছলেৰে শ্ৰৱণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[সিহঁতৰ অন্তৰ থাকে অমনোযোগী। যিসকলে অন্যায় কৰিছে সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[বৰং সিহঁতে কয়, ‘এইবোৰ হৈছে অলীক কল্পনা, হয়তো সি এইবোৰ নিজেই ৰচনা কৰিছে, নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰলৈ কোনো এটা নিদৰ্শন লৈ আহক, যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছোঁ, সেইবোৰ ঠাইৰ অধিবাসীসকলেও ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু তোমাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকেই (ৰাছুল হিচাপে) প্ৰেৰণ কৰিছিলোঁ; তেওঁলোকৰ প্ৰতি আমি অহী প্ৰেৰণ কৰিছিলোঁ। এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আমি তেওঁলোকক এনেকুৱা কোনো দেহবিশিষ্ট কৰা নাছিলোঁ যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, লগতে তেওঁলোক চিৰঞ্জীৱীও নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালোঁ, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলোঁ আৰু সীমালংঘন কাৰীসকলক ধ্বংস কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ, য’ত আছে তোমালোকৰ বাবে উপদেশ আৰু মৰ্যাদা, তথাপিও তোমালোকে বুজি নোপোৱানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছোঁ আন এটা জাতি!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে, তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[(সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ উভতি যোৱা তথা তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আকাশ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেইবোৰক আমি খেল-ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[খেল-ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ’লহেঁতেন, তেন্তে আমাৰ (ওচৰত যি আছে তাৰ) পৰাই আমি কৰিলোঁহেঁতেন; কিন্তু আমি সেয়া কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা তাৰ কাৰণে তোমালোকৰ বাবে আছে দুৰ্ভোগ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু তেওঁলোকে বিৰক্তি বোধো নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে অলসতা নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[সিহঁতে (কাফিৰসকলে) পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষমনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[যদি এই দুয়োৰে (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘(তেন্তে) তোমালোকে ইয়াৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোহে তেওঁৰ উপদেশ আৰু এইটোৱেই উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁতে মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছোঁ তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছোঁ যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে ফিৰিস্তাসকলক) সন্তান (হিচাপে) গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক হৈছে তেওঁৰ সন্মানিত বান্দা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। তেওঁলোকে চুপাৰিছ কৰে কেৱল সেইসকল লোকৰ বাবেই যিসকলৰ প্ৰতি আল্লাহ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু তেওঁলোকৰ মাজৰ যিয়ে ক’ব যে, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তি প্ৰদান কৰিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[যিসকলে কুফৰী কৰে সিহঁতে (ভাবি-চিন্তি) চোৱা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিছোঁ; লগতে প্ৰত্যেক সজীৱ বস্তুকে আমি পানীৰ পৰা সৃষ্টি কৰিছোঁ; তথাপিও সিহঁতে ঈমান পোষণ নকৰিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু আমি পৃথিৱীত সৃষ্টি কৰিছোঁ সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছোঁ প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু আমি আকাশক কৰিছোঁ সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘুৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু আমি তোমাৰ পূৰ্বেও কোনো মানুহকেই চিৰজীৱী কৰা নাছিলোঁ, গতিকে তুমি যদি মৃত্যুবৰণ কৰা তেন্তে সিহঁতে চিৰজীৱী হৈ থাকিব নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকোঁ, আৰু আমাৰ ওচৰতেই তোমালোকে উভতি আহিব লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[মানুহ সৃষ্টিগতভাৱেই ক্ষীপ্ৰতা-প্ৰৱণ, শীঘ্ৰেই মই তোমালোকক মোৰ নিদৰ্শনাৱলী দেখুৱাম; সেয়ে তোমালোকে খৰধৰ নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[যদি কাফিৰসকলে সেই সময়ৰ কথা জানিলেহেঁতেন, যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক সহায়ও কৰা নহ’ব (তেন্তে সিহঁতে সেই শাস্তিক খৰখেদাকৈ নিবিচাৰিলেহেঁতেন)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[বৰং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব। ফলত সিহঁতে তাক ৰোধ কৰিবও নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[নিশ্চয় তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছিল। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[কোৱা, ‘ৰাতিতে হওক বা দিনতে হওক ৰহমানৰ (শাস্তিৰ) পৰা কোনে তোমালোকক ৰক্ষা কৰিব’? তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তেন্তে আমাৰ বাহিৰে সিহঁতৰ এনেকুৱাও কিছুমান ইলাহ আছে নেকি যিবোৰে সিহঁতক ৰক্ষা কৰিব পাৰিব? সিহঁতে দেখোন নিজকেই সহায় কৰিব নোৱাৰে আৰু আমাৰ (শাস্তিৰ) পৰা ৰক্ষা পাবলৈও সিহঁতে কোনো আশ্ৰয়দানকাৰী নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ দান কৰিছিলোঁ, লগতে সিহঁতৰ আয়ু কালও আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে, আমি সিহঁতৰ ভূমিক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছোঁ। তথাপিও সিহঁতেই বিজয়ী হ’বনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰোঁ’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে নিশ্চয় সিহঁতে কৈ উঠিব, ‘হায়! দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি যালিম আছিলোঁ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি সৰিয়হ দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[নিশ্চয় আমি মুছা আৰু হাৰূনক দান কৰিছিলোঁ ফুৰক্বান (সত্য-অসত্য পাৰ্থক্য কৰিব পৰা গ্ৰন্থ), যিখন আছিল মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[যিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু এইখন হৈছে বৰকতময় উপদেশ, যিখন আমি অৱতীৰ্ণ কৰিছোঁ। তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু আমি ইয়াৰ আগত ইব্ৰাহীমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলোঁ আৰু আমি তেওঁৰ বিষয়ে আছিলোঁ সম্যক পৰিজ্ঞাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক ক’লে, ‘এই মূৰ্তিবোৰ কি? যিবোৰৰ পূজাত তোমালোকে আসক্ত হৈছা!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তেওঁ ক’লে, ‘নিশ্চয় তোমালোক আৰু তোমালোকৰ পিতৃ-পুৰুষসকল স্পষ্ট বিভ্ৰান্তিত আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ সত্য আনিছা, নে আমাৰ লগত ধেমালি কৰি আছা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তেওঁ ক’লে, ‘বৰং তোমালোকৰ প্ৰতিপালক হৈছে সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক, যিয়ে এইবোৰক সৃষ্টি কৰিছে, আৰু এই বিষয়ত মই অন্যতম সাক্ষী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[‘আল্লাহৰ শপত! তোমালোকে গুচি যোৱাৰ পিছত মই নিশ্চয় তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে কৌশল অৱলম্বন কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[তাৰ পিছত তেওঁ মূৰ্তিবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? নিশ্চয় সি হৈছে অন্যতম যালিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোঁতে শুনিছোঁ; যাক ইব্ৰাহীম বুলি কোৱা হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[সিহঁতে ক’লে, ‘তেনেহ’লে তাক জনসন্মুখত উপস্থিত কৰাঁ, যাতে সিহঁতে সাক্ষ্য হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে তুমিয়েই এই কাম কৰিছা নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি এইবোৰে কথা ক’ব পাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখোন জানাই যে, এইবোৰে কথা ক'ব নোৱাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো উপকাৰও কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জ্বলাই দিয়া আৰু তোমালোকৰ উপাস্যবোৰক সহায় কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আমি ক’লোঁ, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[সিহঁতে তেওঁক ক্ষতি সাধন কৰিবলৈ চক্ৰান্ত কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি সেই (শ্বাম বা চিৰিয়া) দেশত লৈ গ’লোঁ, য’ত বিশ্বাবাসীৰ বাবে আমি কল্যাণ ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলোঁ ইছহাক্ব, লগতে অতিৰিক্ত পুৰস্কাৰস্বৰূপে দান কৰিছিলোঁ ইয়াকূব; আৰু প্ৰত্যেককে আমি সৎকৰ্মপৰায়ণ বনাইছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, ছালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলোঁ; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু লূতক আমি দান কৰিছিলোঁ প্ৰজ্ঞা আৰু জ্ঞান, আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলোঁ এনেকুৱা এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত; নিশ্চয় সিহঁত আছিল এটা বেয়া ফাছিক্ব সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু আমি তেওঁক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ; নিশ্চয় তেওঁ আছিল সৎকৰ্মপৰায়ণসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আৰু (স্মৰণ কৰা) নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, লগতে তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[আৰু আমি তেওঁক সহায় কৰিছিলোঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল; নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়। এইকাৰণেই আমি সিহঁত সকলোকে ডুবাই মাৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[লগতে স্মৰণ কৰা দাউদ আৰু ছুলাইমানক, যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল; যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেৰা-ছাগলী প্ৰৱেশ কৰিছিল; আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলোঁ আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলোঁ, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলোঁ, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলোঁ এইবোৰৰ কৰ্তা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু আমি তেওঁক তোমালোকৰ বাবেই কৱচ নিৰ্মাণৰ শিক্ষা দিছিলোঁ, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে; গতিকে তোমালোকে কৃতজ্ঞ হ’বানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলোঁ; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছোঁ; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলোঁ), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[লগতে স্মৰণ কৰা আইয়ূবৰ কথা, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই দুখ-কষ্টত পতিত হৈছোঁ, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ, তেওঁৰ দুখ-কষ্ট দূৰ কৰি দিছিলোঁ, আৰু তেওঁক তেওঁৰ পৰিয়ালবৰ্গ ওভতাই দিছিলোঁ আৰু প্ৰদান কৰিছিলোঁ তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ, আমাৰ ফালৰ পৰা বিশেষ ৰহমতস্বৰূপে আৰু ইবাদতকাৰীসকলৰ বাবে উপদেশ হিচাপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু স্মৰণ কৰা ইছমাঈল, ইদ্ৰীছ আৰু জুল-কিফ্লক, তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্য্যশীল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ। নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আৰু স্মৰণ কৰা জুন-নুনক (মাছৰ গৰাকী ইউনুছক), যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁৰ প্ৰতি সংকীৰ্ণতা নকৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[আৰু স্মৰণ কৰা যাকাৰিয়্যাৰ কথা, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোক অকলশৰীয়াকৈ (নিঃসন্তান) এৰি নিদিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ আৰু তেওঁক দান কৰিছিলোঁ ইয়াহইয়া, আৰু তেওঁৰ বাবে তেওঁৰ স্ত্ৰীক (গৰ্ভধাৰণৰ) যোগ্য কৰিছিলোঁ। তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[আৰু স্মৰণ কৰা সেইজনী নাৰীৰ কথা, যিয়ে নিজৰ লজ্জাস্থানক হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুঁৱাই দিছিলোঁ। তেওঁক আৰু তেওঁৰ পুত্ৰক বিশ্ববাসীৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি আৰু ময়েই তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে। প্ৰত্যেকেই আমাৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[আৰু আমি যি জনপদক ধ্বংস কৰিছোঁ তাৰ বাবে নিষেধাজ্ঞা আছে যে, নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি এই বিষয়ে উদাসীন আছিলোঁ; বৰং আমি আছিলোঁ অন্যায়কাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[নিশ্চয় তোমালোকে আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন; তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[যদি সিহঁত ইলাহ হ’লহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন; আৰু সিহঁত আটায়ে তাত স্থায়ী হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[তাত থাকিব সিহঁতৰ চিঞৰ-বাখৰ আৰু আৰ্তনাদ, সেই কাৰণে সিহঁতে তাত একোৱে শুনা নাপাব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[নিশ্চয় যিসকলৰ বাবে পূৰ্বৰে পৰা আমাৰ কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[তেওঁলোকে জাহান্নামৰ ক্ষিণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনঃপুত বস্তুৰ মাজত চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[মহা ভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি যে, ‘এইটোৱে হৈছে তোমালোকৰ সেই দিৱস, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[সেইদিনা আমি আকাশক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমবাৰ সৃষ্টিৰ সূচনা কৰিছিলোঁ সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[আৰু নিশ্চয় আমি উপদেশৰ পিছত যাবূৰত লিখি দিছোঁ যে, ‘কেৱল মোৰ সৎকৰ্মশীল বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[নিশ্চয় ইয়াত আছে ইবাদতকাৰী সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত বিষয়বস্তু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ’বানে?’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তুমি কৈ দিয়া, ‘মই তোমালোকক যথাযথভাৱে জনাই দিছোঁ আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[‘নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[‘আৰু মই নাজানো হয়তো এইটো (বিলম্ব হোৱাটো) তোমালোকৰ বাবে এটা পৰীক্ষা, আৰু কিছুসময়ৰ বাবে জীৱনোপভোগৰ সুযোগ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[ৰাছুলে কৈছিল, ‘হে মোৰ প্ৰতিপালক! তুমি ন্যায়সঙ্গতভাৱে ফয়চালা কৰি দিয়া’, আৰু আমাৰ প্ৰতিপালক হৈছে দয়াময়, তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল কেৱল তেৱেঁই’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="22">
<aya number="1">
<translation><![CDATA[হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি নিশ্চয় তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[হে মানৱজাতি! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিব পাৰোঁ। আমাৰ ইচ্ছানুসৰি তাক (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হ’ব পাৰা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয়, আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিডৰা শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এইটো এইকাৰণে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[লগতে এইকাৰণেও যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই; আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোককো পুনৰুত্থিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই। তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। এনেকুৱা লোকৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[(সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, নিশ্চয় আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া সি প্ৰশান্তি লাভ কৰে আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্বৰ চেহেৰালৈ উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে হৈছে চৰম পথভ্ৰষ্টতা!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈও বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱেই কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) কেতিয়াও ইহকাল আৰু পৰকালত সহায় নকৰিব, সি আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত তাক কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছোঁ। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক হৈছে লগতে যিবিলাকে মুশ্বৰিক হৈছে, কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত সম্যক প্ৰত্যক্ষকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আনহাতে বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে। (ছাজদাহ)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে তাক, লগতে সিহঁতৰ ছালবোৰক বিগলিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতুৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব, তেতিয়াই সিহঁতক তালৈকে ওভতাই দিয়া হ’ব; আৰু (সিহঁতক কোৱা হ’ব,) ‘ভোগ কৰা দহন যন্ত্ৰণা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদ দেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা, আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছোঁ, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমৰ বাবে ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ, তেতিয়া কৈছিলোঁ, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি জবেহ) কৰিব পাৰে। এতেকে (সেই কুৰাবনীৰ পৰা) তোমালোকে নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে, লগতে প্ৰাচীন (কা’বা) ঘৰৰ তাৱাফ কৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এইটোৱে বিধান, যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰ হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা আঁতৰি থাকা আৰু মিছা কথা বৰ্জন কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি (উক্ত কামবোৰ কৰা)। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে, (তাৰ অৱস্থা হৈছে এনেকুৱা) সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল, নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[এইটোৱে হৈছে আল্লাহৰ বিধান, আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে, নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাক্বৱাৰ বহিঃপ্ৰকাশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[এই (ঘৰচীয়া) চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰখনৰ নিকটৱৰ্তী ঠাইত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে কুৰবানীৰ নিয়ম বনাই দিছোঁ; আমি সিহঁতক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছোঁ, (জবেহ কৰাৰ সময়ত) সেইবোৰৰ ওপৰত যাতে তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ হৈছে কেৱল একক ইলাহ, সেয়ে তোমালোকে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীত লোকসকলক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু (কুৰবানীৰ) উটক আমি আল্লাহৰ (দ্বীনৰ) প্ৰতীকসমূহৰ মাজত অন্যতম প্ৰতীক বনাইছোঁ, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ (কৰি নহৰ) কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যাব, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্য্যশীল অভাৱগ্ৰস্তক লগতে সহায়প্ৰাৰ্থী নিচলাসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছোঁ যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, কাৰণ তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[নিশ্চয় আল্লাহে মুমিনসকলক (তেওঁলোকৰ শত্ৰুৰ পৰা) প্ৰতিৰক্ষা দি থাকে, নিশ্চয় তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক, যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[তেওঁলোকক নিজৰ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে আছিল যে, তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু মাদাইনৰ অধিবাসীবিলাকেও (অস্বীকাৰ কৰিছিল)। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলোঁ, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলোঁ। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা (ভয়ংকৰ) আছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰাসাদ ধ্বংস হৈছে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন, তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু আমি বহুতো জনপদক অৱকাশ দিছিলোঁ অথচ সিহঁত আছিল অত্যাচাৰী, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰীহে’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ কোনোবাই যেতিয়া (অহীৰ বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[এইটো এইকাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেইটোক তেওঁ সেইসকল লোকৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যাধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু এইটো এইবাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে তেওঁলোকে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত তেওঁলোকে যেন ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু তেওঁলোকৰ অন্তৰ যেন ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে কিয়ামত নহালৈকে অথবা সিহঁতৰ ওচৰলৈ এটা বন্ধ্যা দিনৰ শাস্তি নহালৈকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[সেইদিনা কেৱল আল্লাহৰেই আধিপত্য থাকিব; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত (শত্ৰুৰ হাতত) নিহত হৈছে নাইবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক নিশ্চিতভাৱে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[তেওঁ নিশ্চয় তেওঁলোকক এনেকুৱা এটা স্থানত প্ৰৱেশ কৰাব, যিটোক তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[এইটোৱেই হৈছে প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ (যদি) সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[এইটো এইকাৰণে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্ব শ্ৰোতা, সৰ্ব দ্ৰষ্টা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু এইকাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলোবোৰ হৈছে অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতি নোহোৱাকৈ পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছোঁ যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু সিহঁতে যদি তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[তুমি নাজানানে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো বিষয়ে আল্লাহ অৱগত। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলিল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞানো নাই। (জানি থোৱা) যালিমসকলৰ কোনো সহায়কাৰী নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহক সিহঁতৰ ওচৰত তিলাৱত কৰে, তেওঁলোকক সিহঁতে আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই (জাহান্নাম)। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, তোমালোকে মনোযোগ সহকাৰে শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু এটা কাঢ়ি নিয়ে, তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটোক উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাৱান, মহাপৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আল্লাহে ফিৰিস্তাসকলৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[তেওঁলোকৰ সন্মুখত আৰু পিছত যি যি আছে সেই সকলো তেওঁ জানে, আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা, লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।(ছাজদাহ)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ হিচাপে, আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানৱজাতিৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="23">
<aya number="1">
<translation><![CDATA[নিশ্চয় মুমিনসকল সফল হৈছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যিসকল নিজৰ চালাতৰ ক্ষেত্ৰত ভীতি-অৱনত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যিসকল যাকাতৰ ক্ষেত্ৰত সক্ৰিয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[কিন্তু তেওঁলোকৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত তেওঁলোক নিন্দনীয় নহ’ব--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[কিন্তু যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই হৈছে সীমালঙ্ঘনকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যিসকলে নিজৰ চালাতত থাকে যত্নৱান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেওঁলোকেই হ’ব উত্তৰাধিকাৰী--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তেওঁলোকে উত্তৰাধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত (জৰায়ুত);]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[ইয়াৰ পিছত নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছোঁ সাতখন আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰোঁ, আৰু আমি তাক অপসাৰণ কৰিবলৈও সম্পূৰ্ণ সক্ষম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[ইয়াৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰোঁ, য’ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু (ইয়াৰ দ্বাৰাই) সৃষ্টি কৰোঁ এটা গছ যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰীসকলৰ বাবে তেল আৰু তৰকাৰি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি (গাখীৰ) আছে তাৰ পৰা আমি তোমালোকক সেৱন কৰাওঁ আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ (জন্তু)ক তোমালোকে ভক্ষণো কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[লগতে এইবোৰ পশু (ৰ পিঠিত) আৰু নৌযানত তোমালোকক আৰোহণ কৰোৱা হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[নিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলোঁ তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ। তেওঁ কৈছিল হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ যিসকল লোকে কুফৰী কৰিছিল সিহঁতে কৈছিল, এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, এওঁ কেৱল তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন, আমি আমাৰ পূৰ্বপূৰুষসকলৰ ওচৰত এনেকুৱা ঘটনা কেতিয়াও শুনা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় এওঁ বলিয়া হৈছে। গতিকে তোমালোকে এওঁৰ বিষয়ে কিছুদিন ধৈৰ্য্য ধৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তাৰ পিছত আমি তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছিলোঁ, তুমি আমাৰ চাক্ষুষ তত্ত্বাৱধায়নত আৰু আমাৰ অহী অনুযায়ী নৌযান নিৰ্মাণ কৰা, ইয়াৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উথলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰে একো একোযোৰকৈ লৈ (নাৱত) উঠিবা আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত লবা, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে যিসকলে অন্যায় কৰিছে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা। নিশ্চয় সিহঁত ডুবি মৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক যালিম সম্প্ৰদায়ৰ পৰা উদ্ধাৰ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[তুমি আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; যিহেতু তুমিয়েই শ্ৰেষ্ঠ অৱতাৰণকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলোঁ পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[‘একমাত্ৰ পাৰ্থিৱ জীৱনেই হৈছে আমাৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দি আছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলোঁ। এতেকে যালিম সম্প্ৰদায়ৰ বাবে আছে কেৱল ধ্বংস।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[ইয়াৰ পিছত আমি আৰু বহুতো প্ৰজন্ম সৃষ্টি কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[কোনো জাতিয়েই সিহঁতৰ নিৰ্দিষ্ট সময়ক আগতীয়াকৈ আনিব নোৱাৰে আৰু পিছলৈও ঠেলি দিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[ইয়াৰ পিছত আমি এজনৰ পিছত এজনকৈ আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো জাতিৰ ওচৰলৈ সিহঁতৰ ৰাছুল আহিছিল তেতিয়াই সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত আমি সিহঁতক এটাৰ পিছত এটাকৈ ধ্বংস কৰি কাহিনীত পৰিণত কৰিছিলোঁ। এতেকে যিসকলে ঈমান পোষণ নকৰে সেইবোৰ সম্প্ৰদায়ৰ বাবে কেৱল ধ্বংসই ধ্বংস!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তাৰ পিছত আমি মুছা আৰু তেওঁৰ ভাতৃ হাৰূনক আমাৰ নিদৰ্শনাৱলীসহ লগতে সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ। কিন্তু সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল উদ্ধত সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[তাৰ পিছত সিহঁতে ক’লে, ‘আমি আমাৰ দৰেই দুজন ব্যক্তিৰ প্ৰতি ঈমান পোষণ কৰিম নেকি, অথচ তেওঁলোকৰ জাতিৰ মানুহবিলাক হৈছে আমাৰ দাস’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[এতেকে সিহঁতে তেওঁলোক উভয়কে অস্বীকাৰ কৰিলে, ফলত সিহঁত ধ্বংসপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ; যাতে সিহঁতে হিদায়ত পাব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[লগতে আমি ইবনে মৰিয়ম আৰু তেওঁৰ মাতৃক এটা নিদৰ্শন বনাইছিলোঁ আৰু তেওঁলোকক আশ্ৰয় দিছিলোঁ এটা অৱস্থানযোগ্য আৰু প্ৰস্ৰৱণবিশিষ্ট উচ্চ ভূমিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[‘হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ প্ৰতিপালক; গতিকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[পিছতহে মানুহে সিহঁতৰ নিজৰ মাজত সিহঁতৰ এই দ্বীনক বহুধা বিভক্ত কৰিছে। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈহে আনন্দিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[এতেকে কিছু সময়ৰ বাবে সিহঁতক সিহঁতৰ বিভ্ৰান্তিৰ মাজতে এৰি দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[সিহঁতে ভাবে নেকি যে, আমি সিহঁতক যি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা সহযোগিতা কৰিছোঁ, তাৰ মাধ্যমত--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আমি সিহঁতৰ বাবে সকলো মঙ্গল তৰান্বিত কৰিম? নহয়, বৰং সিহঁতে উপলব্ধি কৰিব পৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[নিশ্চয় যিসকলে নিজ প্ৰতিপালকৰ ভয়ত ভীত-সন্ত্ৰস্ত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু যিসকলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক নকৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে, এইকাৰণে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[তেওঁলোকেই কল্যাণ সাধনত খৰধৰ কৰে, আৰু এই ক্ষেত্ৰত তেওঁলোক অগ্ৰগামী হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু আমি কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰোঁ আৰু আমাৰ ওচৰত আছে এনে এখন কিতাপ যিখনে সত্য ব্যক্ত কৰে আৰু সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[বৰং এই বিষয়ে সিহঁতৰ অন্তৰ অজ্ঞানতাত আচ্ছন্ন, ইয়াৰ বাহিৰেও সিহঁতৰ আৰু কৰ্ম আছে যিবোৰ সিহঁতে কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[অৱশেষত যেতিয়া আমি সিহঁতৰ মাজৰ বিলাসী ব্যক্তিসকলক শাস্তি দিওঁ তেতিয়াহে সিহঁতে আৰ্তনাদ কৰি উঠে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[সিহঁতক কোৱা হ’ব, ‘আজি আৰ্তনাদ নকৰিবা, নিশ্চয় তোমালোকে আমাৰ ফালৰ পৰা কোনো সহায় নাপাবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[নিশ্চয় মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছিল, কিন্তু তোমালোকে উলটি পিছফালেহে গুচি গৈছিলা--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[দাম্ভিকতাৰে এই বিষয়ত অৰ্থহীন গল্প-গুজব কৰি তোমালোকে ৰাতি অতিবাহিত কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[এতেকে সিহঁতে এই বাণী সম্পৰ্কে চিন্তা-গৱেষণা কৰা নাইনে? নে এইকাৰণে যে, সিহঁতৰ ওচৰলৈ এনেকুৱা বস্তু আহিছে যিটো সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ অহা নাছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[অথবা সিহঁতে নিজ ৰাছুলক চিনিব পৰা নাই বুলি অস্বীকাৰ কৰিছে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু সত্য যদি সিহঁতৰ কামনা-বাসনাৰ অনুগামী হ’লহেঁতেন তেন্তে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু বিশৃংখল হৈ পৰিলহেঁতেন। বৰং আমি সিহঁতৰ ওচৰত লৈ আহিছোঁ সিহঁতৰ সন্মান সম্বলিত যিকৰ (কোৰআন) কিন্তু সিহঁতে সিহঁতৰ এই উপদেশবাণীৰ (কোৰআনৰ) পৰা মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[অথবা তুমি সিহঁতৰ ওচৰত কোনো প্ৰতিদান বিচৰা নেকি? (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ প্ৰতিদানেই শ্ৰেষ্ঠ আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু নিশ্চয় তুমি সিহঁতক সৰল পথৰ পিনেই আহ্বান কৰি আছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতেই হৈছে সৰল পথৰ পৰা বিচ্যুত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰোঁ আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[নিশ্চয় আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিছোঁ, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কঠিন শাস্তিৰ দুৱাৰ খুলি দিলোঁ তেতিয়াহে সিহঁতে হতাশ হৈ পৰিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তকৰণ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম, তাৰ পিছতো আমি পুনৰুত্থিত হ'মনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[‘নিশ্চয় আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তীসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলোবোৰ(ৰঅধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[সিহঁতে তৎক্ষণাত ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ প্ৰতিপালক কোন’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[শীঘ্ৰেই সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[অচিৰেই সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[বৰং আমি সিহঁতৰ ওচৰলৈ সত্য আনিছোঁ; নিশ্চয় সিহঁত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ লগত আন কোনো উপাস্যও নাই; যদি থাকিলহেঁতেন তেন্তে প্ৰত্যেক ইলাহে নিজ নিজ সৃষ্টিক লৈ পৃথক হৈ গ’লহেঁতেন আৰু এজনে আনজনৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিলেহেঁতেন। সিহঁতে আল্লাহৰ প্ৰতি যিবোৰ আৰোপ কৰে সেইবোৰৰ পৰা তেওঁ অতি পৱিত্ৰ অতি মহান!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[গোপন আৰু প্ৰকাশ্য সকলো বিষয়ে তেওঁ জ্ঞাত, এতেকে সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[কোৱা, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে, তুমি যদি সেয়া মোক (মোৰ জীৱন কালতে) দেখুৱাব বিচৰা---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[‘তেনেহ’লে, হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[আৰু আমি সিহঁতক যি বিষয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, নিশ্চয় সেয়া আমি তোমাক দেখুৱাবলৈ সক্ষম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[তুমি সৎকৰ্মৰ দ্বাৰা অসৎকৰ্মক প্ৰতিহত কৰা; সিহঁতে (আমাৰ প্ৰতি) যি আৰোপ কৰে সেই সম্পৰ্কে আমি সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[‘লগতে কোৱা, হে মোৰ প্ৰতিপালক! মোৰ ওচৰত সিহঁতৰ (চয়তানবোৰৰ) উপস্থিতিৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰলৈ মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! মোক আকৌ (পৃথিৱীলৈ) ওভতাই দিয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[যাতে মই সৎকৰ্ম কৰিব পাৰোঁ যিটো মই আগতে কৰা নাছিলোঁ। নহয়, এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেইটো হৈছে এটা বাক্যমাত্ৰ। পুনৰুত্থানৰ দিৱসলৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[এতেকে যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনা পৰস্পৰৰ মাজত আত্মীয়তাৰ কোনো বন্ধন নাথাকিব আৰু কোনোৱেই কাৰো খা-খবৰ নল’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[এতেকে যিসকলৰ তুলাচনী গধূৰ হ’ব তেওঁলোকেই হ’ব সফলকাম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে; সিহঁত জাহান্নামত স্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[জুয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব আৰু সিহঁতে তাত থাকিব বীভৎস চেহেৰালৈ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[তোমালোকৰ ওচৰত মোৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিলনে? অথচ তোমালোকে সেইবোৰক অস্বীকাৰ কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! দুৰ্ভাগ্যই আমাক পৰাজয় কৰিছিল আৰু আমি আছিলোঁ এটা পথভ্ৰষ্ট সম্প্ৰদায়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰোঁ তেন্তে নিশ্চয় আমি যালিম হ'ম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নক'বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[মোৰ বান্দাসকলৰ মাজৰ এনেকুৱা এটা দল আছিল যিসকলে কৈছিল, ‘হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[‘কিন্তু তোমালোকে তেওঁলোকক লৈ ইমান ঠাট্টা-বিদ্ৰূপ কৰিছিলা যে, সেই ঠাট্টা-বিদ্ৰূপে তোমালোকক মোৰ স্মৰণ পাহৰাই দিছিল। তোমালোকে তেওঁলোকৰ বিষয়ে কেৱল উপহাসহে কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[নিশ্চয় আমি তেওঁলোকৰ ধৈৰ্য্যৰ কাৰণে আজি আমি তেওঁলোকক পুৰস্কৃত কৰিলোঁ; নিশ্চয় তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[আল্লাহে ক’ব, ‘তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[সিহঁতে ক’ব, ‘আমি অৱস্থান কৰিছিলোঁ এদিন অথবা দিনৰ কিছু অংশ; এতেকে তুমি গণনাকাৰীসকলক সুধি চোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[তেওঁ ক’ব, ‘তোমালোকে অতি কম সময়হে অৱস্থান কৰিছিলা; যদি তোমালোকে নিশ্চিতভাৱে জানিব পাৰিলাহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[‘তোমালোকে ভাবিছিলা নেকি যে, আমি তোমালোকক অনৰ্থক সৃষ্টি কৰিছোঁ আৰু তোমালোকক আমাৰ ওচৰলৈকে ওভোতাই আনা নহ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[এতেকে আল্লাহ মহিমাময়, প্ৰকৃত মালিক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই সন্মানিত আৰছৰ অধিপতি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[আৰু যিয়ে আল্লাহৰ লগত অন্য কোনো উপাস্যকো আহ্বান কৰে, (অথচ) সেই বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত আছে, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! ক্ষমা কৰা আৰু দয়া কৰা, আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="24">
<aya number="1">
<translation><![CDATA[এইটো এটা ছুৰা, এইটোক আমি অৱতীৰ্ণ কৰিছোঁ আৰু ইয়াত দিছোঁ কিছুমান অৱশ্য পালনীয় বিধান, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[ব্যভিচাৰিণী আৰু ব্যভিচাৰী--- সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰীকৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদিহে তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; লগতে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[ব্যভিচাৰীয়ে কেৱল ব্যভিচাৰিণী অথবা মুশ্বৰিক নাৰীকহে বিবাহ কৰায়; আনহাতে ব্যভিচাৰিণীক, তাইক কেৱল ব্যভিচাৰী অথবা মুশ্বৰিকেহে বিবাহ কৰায়, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা আৰু তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা; কাৰণ ইহঁতেই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[কিন্তু যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, তেন্তে আল্লাহ নিশ্চয় ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু যিসকলে নিজৰ স্ত্ৰীৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰে, অথচ নিজৰ বাহিৰে সিহঁতৰ আন কোনো সাক্ষী নাই, তেনে অৱস্থাত সিহঁত প্ৰত্যেকৰে সাক্ষ্য এইদৰে হ’ব যে, সি আল্লাহৰ নামত চাৰিবাৰ শপত খাই ক’ব যে, ‘নিশ্চয় সি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু পঞ্চমবাৰ সাক্ষ্য প্ৰদান কৰি ক’ব যে, ‘যদি সি মিছলীয়া হয় তেন্তে তাৰ ওপৰত নামি আহিব আল্লাহৰ অভিশাপ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আনহাতে ঘৈনিয়েকজনীৰ শাস্তিও ৰহিত হ’ব যদি তায়ো আল্লাহৰ নামত শপত খাই সাক্ষ্য প্ৰদান কৰে যে, ‘নিশ্চয় তাইৰ স্বামী হৈছে মিছলীয়া’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু পঞ্চমবাৰত ক’ব যে, ‘যদি তাইৰ স্বামী সত্যবাদী হয় তেন্তে তাইৰ ওপৰত নামি আহিব আল্লাহৰ গজব (ক্ৰোধ)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); নিশ্চয় আল্লাহ তাওবা গ্ৰহণকাৰী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[নিশ্চয় যিসকলে এই অপবাদ ৰচনা কৰিছে, সিহঁত তোমালোকৰেই এটা দল; ইয়াক তোমালোকে তোমালোকৰ বাবে অনিষ্টকৰ বুলি নাভাবিবা; বৰং এইটো তোমালোকৰ বাবে কল্যাণকৰ; অৱশ্যে সিহঁত প্ৰত্যেকৰে বাবে আছে সিহঁতৰ পাপকৰ্মৰ ফল, কিন্তু সিহঁতৰ মাজৰ যিয়ে এই বিষয়ত প্ৰধান ভূমিকা পালন কৰিছে, তাৰ বাবে আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[যেতিয়া তোমালোকে এই কথা শুনিছিলা, তেতিয়া মুমিন পুৰুষ আৰু মুমিন নাৰীসকলে কিয় নিজৰ (মানুহ) সম্পৰ্কে উত্তম ধাৰণা পোষণ নকৰিলে আৰু এইটো নক’লে যে, ‘এইটো এটা স্পষ্ট ভিত্তিহীন অপবাদ’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[সিহঁতে কিয় এই বিষয়ে চাৰিজন সাক্ষী উপস্থিত নকৰিলে? গতিকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰিব পৰা নাই, সেয়ে সিহঁতেই হৈছে আল্লাহৰ ওচৰত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[পৃথিৱী আৰু আখিৰাতত তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে, তোমালোকে যি বিষয়ত জড়িত হৈছিলা তাৰ বাবে মহা শাস্তিয়ে তোমালোকক স্পৰ্শ কৰিলেহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যেতিয়া তোমালোকে মুখে মুখে এই কথা প্ৰচাৰ কৰি ফুৰিছিলা আৰু এনে বিষয় মুখেৰে উচ্চাৰণ কৰি আছিলা যাৰ কোনো জ্ঞান তোমালোকৰ ওচৰত নাছিল; আৰু তোমালোকে বিষয়টোক অতি তুচ্ছ বুলি ভাবিছিলা, অথচ আল্লাহৰ ওচৰত এইটো আছিল এটা অতি গুৰুত্বপূৰ্ণ বিষয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু তোমালোকে যেতিয়া এইটো শুনিছিলা তেতিয়া তোমালোকে কিয় এই বুলি নক'লা যে, ‘এই বিষয়ে কথা কোৱাটো আমাৰ বাবে উচিত নহয়; হে আল্লাহ তুমি পৱিত্ৰ মহান। নিশ্চয় এইটো এটা জঘন্য অপবাদ!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আল্লাহে তোমালোকক উপদেশ দিয়ে যে, ‘যদি তোমালোকে মুমিন হোৱা তেন্তে ভৱিষ্যতে কেতিয়াও অনুৰূপ আচৰণৰ পুনৰাবৃত্তি নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ সুস্পষ্টভাৱে বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; (মনত ৰাখিবা) আল্লাহে জানে তোমালোকেহে নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); আৰু নিশ্চয় আল্লাহ স্নেহশীল, অতি দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা। যিয়ে চয়তানৰ পদাঙ্ক অনুসৰণ কৰে, নিশ্চয় চয়তানে (তাক) অশ্লীলতা আৰু বেয়া কৰ্মৰহে নিৰ্দেশ দিয়ে। আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকৰ কোনেও কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰিলাহেঁতেন, কিন্তু আল্লাহে যাক ইচ্ছা কৰে পৱিত্ৰ কৰি দিয়ে, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু তোমালোকৰ মাজত যিসকল ঐশ্বৰ্যশালী আৰু প্ৰাচুৰ্যৰ অধিকাৰী আছে, তেওঁলোকে যেন এই বুলি শপত গ্ৰহণ নকৰে যে, সিহঁতে আত্মীয়-স্বজনক, অভাৱগ্ৰস্তক আৰু আল্লাহৰ ৰাস্তাত হিজৰতকাৰীসকলক একোৱে প্ৰদান নকৰিব; তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে আৰু সিহঁতৰ দোষ-ত্ৰুটিবোৰ উপেক্ষা কৰে। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক ক্ষমা কৰক? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[নিশ্চয় যিসকলে সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, সিহঁতেই হৈছে পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই জিভা, হাত আৰু সিহঁতৰ ভৰিয়ে--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[সেইদিনা আল্লাহে সিহঁতৰ হক্ক তথা প্ৰাপ্য প্ৰতিফল পৰিপূৰ্ণৰূপে প্ৰদান কৰিব আৰু সিহঁতে জানি লব যে, আল্লাহেই সত্য, স্পষ্ট প্ৰকাশক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[দুশ্চৰিত্ৰা নাৰী দুশ্চৰিত্ৰ পুৰুষৰ বাবে, আৰু দুশ্চৰিত্ৰ পুৰুষ দুশ্চৰিত্ৰা নাৰীৰ বাবে; আনহাতে সচ্চৰিত্ৰা নাৰী সচ্চৰিত্ৰ পুৰুষৰ বাবে আৰু সচ্চৰিত্ৰ পুৰুষ সচ্চৰিত্ৰা নাৰীৰ বাবে (উপযুক্ত)। তেওঁলোকৰ বিষয়ে মানুহে যি কয় সেইবোৰৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই; তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আন কাৰোবাৰ ঘৰত, সেই ঘৰৰ অধিবাসীসকলৰ সম্প্ৰীতিসম্পন্ন অনুমতি নোলোৱাকৈ আৰু তেওঁলোকক ছালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা। এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এতেকে যদি তোমালোকে তাত কাকো নোপোৱা তেন্তে অনুমতি নোপোৱালৈকে তাত প্ৰৱেশ নকৰিবা। যদি তোমালোকক কোৱা হয়, ‘উভতি যোৱা’, তেন্তে তোমালোকে উভতি যাবা, এইটোৱে হৈছে তোমালোকৰ বাবে অধিক পৱিত্ৰ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[যিটো ঘৰত কোনেও বাস নকৰে তেনে ঘৰত তোমালোকৰ কোনো ভোগ-সামগ্ৰী থাকিলে অথবা উপকৃত হোৱাৰ অধিকাৰ থাকিলে তাত তোমালোকে প্ৰৱেশ কৰাত কোনো পাপ নহ’ব। তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে হৈছে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত ৰাখে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয়া কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে আন কাৰো সন্মুখতেই তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু তোমালোকৰ মাজৰ অবিবাহিত নাৰী-পুৰুষ আৰু সৎকৰ্মশীল দাস-দাসীসকলৰ বিবাহ সম্পাদন কৰি দিয়া। যদি সিহঁত অভাৱগ্ৰস্ত হয়, তেন্তে আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, আল্লাহে তেওঁলোকক তেওঁৰ অনুগ্ৰহৰ দ্বাৰা অভাৱমুক্ত নকৰালৈকে তেওঁলোকে যেন সংযম অৱলম্বন কৰে আৰু তোমালোকৰ অধীনস্থ দাস-দাসীৰ মাজৰ কোনোবাই নিজৰ মুক্তিৰ বাবে লিখিত চুক্তি বিচাৰিলে, সিহঁতৰ লগত চুক্তি কৰি লোৱা, যদিহে তোমালোকে সিহঁতৰ মাজত কোনো কল্যাণ আছে বুলি জানিব পাৰা। লগতে আল্লাহে তোমালোকক যি সম্পদ প্ৰদান কৰিছে তাৰ পৰা তোমালোকে সিহঁতক দান কৰা। তোমালোকৰ দাসীসকলে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিব বিচাৰিলে পাৰ্থিৱ জীৱনৰ ধনৰ লোভত সিহঁতক ব্যভিচাৰ কৰিবলৈ বাধ্য নকৰাবা। যিসকলে সিহঁতক বাধ্য কৰাব, নিশ্চয় সিহঁতক বাধ্য কৰাৰ পিছত আল্লাহে সিহঁতৰ প্ৰতি অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় আমি তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰা দৃষ্টান্ত আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আল্লাহ হৈছে আকাশসমূহ আৰু পৃথিৱীৰ নূৰ, তেওঁৰ নূৰৰ উপমা হৈছে যেনিবা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ, প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে, যিটো প্ৰজ্বলিত কৰা হয় বৰকতময় যায়তুন গছৰ তেলৰ দ্বাৰা, সেইটো কেৱল পূৱ দিশৰে নহয় আৰু কেৱল পশ্চিম দিশৰো নহয়, জুইয়ে তাক স্পৰ্শ নকৰিলেও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে, নূৰৰ ওপৰত নূৰ! আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে। আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[সেইবোৰ ঘৰত যিবোৰক সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সেইসকল লোকে, যিসকলক ব্যৱসায়-বাণিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা, লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে, তেওঁলোকে সেই দিৱসক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰস্কাৰ দিয়ে আৰু তেওঁ নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈও অধিক প্ৰদান কৰে, আৰু আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰে সিহঁতৰ আমলসমূহ হৈছে মৰুভূমিৰ মৰীচিকাৰ দৰে, তৃষ্ণাতুৰ ব্যক্তিয়ে যিটোক পানী বুলি ভাবে, কিন্তু যেতিয়া সি সেইটোৰ কাষত গৈ উপস্থিত হয়, তাত সি একোকে নাপায়, বৰং তাত আল্লাহকহে পায়, এতেকে তেওঁ তাক তাৰ কৰ্মফল পূৰ্ণমাত্ৰাত প্ৰদান কৰিব; আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[অথবা (সিহঁতৰ আমলসমূহ হৈছে) গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰংগই, যাৰ উৰ্দ্ধত আছে মেঘপুঞ্জ, অন্ধকাৰযুক্ত মেঘপুঞ্জ স্তৰৰ ওপৰত স্তৰ, আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপিও দেখা নাপাব; আৰু আল্লাহে যাৰ বাবে নূৰৰ ব্যৱস্থা কৰা নাই, তাৰ বাবে কোনো নূৰ নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে যে, আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে, লগতে শাৰীবদ্ধভাৱে উৰিফুৰা চৰাইয়েও আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে? প্ৰত্যেকেই জানে নিজ নিজ ইবাদত আৰু পৱিত্ৰতা-মহিমা ঘোষণা কৰাৰ পদ্ধতি। সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই, আৰু আল্লাহৰ ফালেই শেষ প্ৰত্যাৱৰ্তন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহেই মেঘমালাক সঞ্চালিত কৰে? তাৰ পিছত তেওঁ সেইবোৰক একত্ৰিত কৰে আৰু পিছত পঞ্জীভূত কৰে। তাৰ পিছত তুমি দেখিবলৈ পোৱা যে, তাৰ মাজৰ পৰাই বৰষুণৰ টোপাল ওলাই আহে, আৰু তেৱেঁই আকাশত অৱস্থিত মেঘৰ পৰ্বতৰ মধ্যস্থিত শিলাস্তূপৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ যাক ইচ্ছা কৰে আঘাত কৰে আৰু যাক ইচ্ছা কৰে তাৰ পৰা ইয়াক আন ফালে আঁতৰাই দিয়ে। মেঘৰ বিজুলী চকমকনিয়ে দৃষ্টিশক্তি কাঢ়ি লোৱাৰ উপক্ৰম হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আল্লাহেই ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়, নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমান পেটত ভৰ দি চুঁচৰি যায়, আন কিছুমানে দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমানে খোজকাঢ়ে চাৰি ঠেঙৰ সহায়ত। আল্লাহে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[নিশ্চয় আমিয়েই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল-সঠিক পথত পৰিচালিত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[সিহঁতে কয়, ‘আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছোঁ আৰু আমি আনুগত্য কৰিছোঁ’। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়; প্ৰকৃততে সিহঁত মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি এই মৰ্মে আহ্বান কৰা হয় যে, যাতে তেওঁ সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিয়ে, তেতিয়া সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[মীমাংসা সিহঁতৰ সপক্ষে হ’ব বুলি উমান পালে, সিহঁতে বিনীতভাৱে ৰাছুলৰ ওচৰলৈ দৌৰি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, নে সিহঁতে সন্দেহ পোষণ কৰে? নে সিহঁতে ভয় কৰে যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁতেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[মুমিনসকলক যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কেৱল এই কথাকে কয় যে, ‘আমি শুনিলোঁ আৰু আনুগত্য কৰিলোঁ’। তেওঁলোকেই হৈছে সফলকাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, আৰু আল্লাহক ভয় কৰে লগতে তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকেই হৈছে কৃতকাৰ্য্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে, তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁতে নিশ্চয় ওলাই আহিব। তুমি কোৱা, ‘শপত নাখাবা, (তোমালোকৰ) আনুগত্য সম্পৰ্কে ভালকৈয়ে জনা আছে। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱহিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। ইয়াৰ পিছতো যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবেহে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোকে নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ নিশ্চয় তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব, যিটো ধৰ্মক তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে; আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি তথা নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছতো যিসকলে কুফৰী কৰিব, সিহঁতেই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তোমালোকে যথাযথভাৱে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে, সিহঁতে পৃথিৱীত (আমাক) অপাৰগ কৰিব পাৰিব। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তনস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[হে মুমিনসকল! তোমালোকৰ অধীনস্থ দাস-দাসীসকল আৰু তোমালোকৰ মাজৰ যিসকলে এতিয়াও প্ৰাপ্ত বয়স্কত উপনীত হোৱা নাই, সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ তিনিটা সময়ত অনুমতি গ্ৰহণ কৰে, ফজৰৰ ছালাতৰ আগত, দুপৰীয়াৰ সময়ত যেতিয়া তোমালোকে (বিশ্ৰামৰ বাবে) সাজ-কাপোৰ খুলি থোৱা, আৰু ঈশ্বা ছালাতৰ পিছত। এই তিনিটা সময় হৈছে তোমালোকৰ গোপনীয়তাৰ সময়। এই তিনিটা সময়ৰ বাহিৰে (আন যিকোনো সময়ত বিনা অনুমতিত সিহঁতে প্ৰৱেশ কৰিলে) তোমালোকৰ আৰু সিহঁতৰো কোনো দোষ নাই। কিয়নো তোমালোকে ইজনে-সিজনৰ ওচৰলৈ অহা-যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰেই আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু তোমালোকৰ সন্তান-সন্ততিসকল প্ৰাপ্তবয়স্কত উপনীত হ’লে সিহঁতেও যেন অনুমতি গ্ৰহণ কৰে যেনেকৈ অনুমতি গ্ৰহণ কৰিছিল সিহঁতৰ বয়োজ্যেষ্ঠসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বিবৃত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু বৃদ্ধা নাৰীসকল, যিসকলে বিবাহৰ আশা পোষণ নকৰে, সিহঁতে যদি সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ চাদৰ খুলি ৰাখে তেন্তে সিহঁতৰ কোনো অপৰাধ নহয়। কিন্তু ইয়াৰ পৰা সিহঁতে বিৰত থকাটোৱে সিহঁতৰ বাবে উত্তম, আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[অন্ধৰ বাবে কোনো দোষ নাই, খঞ্জৰ বাবেও কোনো দোষ নাই, ৰুগীয়াৰ বাবেও কোনো দোষ নাই আৰু তোমালোকৰ বাবেও কোনো দোষ নাই খোৱা-বোৱা কৰাত, নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃৰ ঘৰত, মাতৃৰ ঘৰত, ভাতৃসকলৰ ঘৰত, বাই-ভনীসকলৰ ঘৰত, দদাই-বৰকাইসকলৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহী-জেঠাইসকলৰ ঘৰত অথবা সেইবোৰ ঘৰত, যিবোৰ ঘৰৰ চাবি-কাঠিৰ মালিক তোমালোক নিজেই, নাইবা তোমালোকৰ বন্ধুসকলৰ ঘৰত। তোমালোকে একেলগে খোৱা অথবা পৃথকে খোৱা তাত তোমালোকৰ কোনো অপৰাধ নহয়। কিন্তু যেতিয়া তোমালোকে কোনো ঘৰত প্ৰৱেশ কৰিবা তেতিয়া তোমালোকে পৰস্পৰৰ প্ৰতি ছালাম কৰিবা অভিবাদন হিচাপে, যিটো আল্লাহৰ তৰফৰ পৰা কল্যাণময় আৰু পৱিত্ৰ। এইদৰেই আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু ৰাছুলৰ লগত কোনো সামাজিক কামত একত্ৰিত হ’লে তেওঁৰ অনুমতি নোলোৱাকৈ গুচি নাযায়; নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে তেওঁলোকেই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে। এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰিলে তেওঁলোকৰ মাজৰ পৰা যাক ইচ্ছা কৰা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তোমালোকে ৰাছুলৰ আহ্বানক তোমালোকৰ মাজৰ পৰস্পৰে কৰা আহ্বানৰ দৰে গণ্য নকৰিবা; তোমালোকৰ মাজৰ যিসকলে পুলুকামাৰি মনে মনে গুচি যায় আল্লাহে সিহঁতক ভালকৈয়ে জানে। এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই; তোমালোকে যি কৰ্মত লিপ্ত আছা সেয়াও তেওঁ জানে। যিদিনা সিহঁতক তেওঁৰ ওচৰলৈ ওভতাই নিয়া হ’ব, সেইদিনা তেওঁ সিহঁতক জনাই দিব যে, সিহঁতে কি কি কৰিছিল; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="25">
<aya number="1">
<translation><![CDATA[অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ বান্দাৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) বিশ্বজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌম ক্ষমতাত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তথাপিও সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু কাফিৰসকলে কয়, ‘এইখন মিছা কথাৰ বাহিৰে আন একো নহয়, এইখন তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ত সহায় কৰিছে’। এইদৰে কাফিৰসকলে অন্যায় কৰে আৰু মিছা কথা বিয়পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[সিহঁতে আৰু কয়, ‘এইবোৰ হৈছে প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[কোৱা, ‘এইখন সেই সত্ত্বাই অৱতীৰ্ণ কৰিছে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য সম্পৰ্কে অৱগত; নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[সিহঁতে আৰু কয়, ‘এওঁ কেনেকুৱা ৰাছুল, যিয়ে খোৱা-বোৱা কৰে আকৌ হাট-বজাৰতো চলাফুৰা কৰে; তেওঁৰ ওচৰলৈ কোনো ফিৰিস্তা অৱতীৰ্ণ কৰা নহ’ল কিয়, যিয়ে তেওঁৰ সৈতে সতৰ্ককাৰী হিচাপে থাকিলেহেঁতেন?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[‘অথবা তেওঁৰ ওচৰলৈ কোনো ধন-ভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য’ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন?’ যালিমসকলে আৰু কয়, ‘তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিকহে অনুসৰণ কৰি আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[চোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা (যুক্তিহীন) উপমা দাঙি ধৰিছে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈও উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে— এনেকুৱা উদ্যান, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, লগতে তেওঁ তোমাক দিব পাৰে প্ৰাসাদসমূহ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[বৰং সিহঁতে কিয়ামতক অস্বীকাৰ কৰিছে। এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[দূৰৰ পৰা জুইয়ে যেতিয়া সিহঁতক দেখিব, তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন-গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত তাৰ (জাহান্নামৰ) কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ’ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[(কোৱা হ’ব) ‘আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[(সিহঁতক) সোধা, ‘এইটোৱে ভাল, নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাক্বীসকলক দিয়া হৈছে’? যিটো হ’ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তনস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তাত তেওঁলোকে চিৰকাল বসবাস কৰিব আৰু যিটো কামনা কৰিব সেইটোৱে পাব; এই প্ৰতিশ্ৰুতি পূৰণ কৰাটো তোমাৰ প্ৰতিপালকৰ দায়িত্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু সেইদিনা তেওঁ সিহঁতক (কাফিৰসকলক) আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব, তাৰ পিছত তেওঁ প্ৰশ্ন কৰিব, ‘তোমালোকেই মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সিহঁতে ক’ব, ‘তুমি পৱিত্ৰ আৰু মহান! তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱকৰূপে গ্ৰহণ কৰাটো আমাৰ বাবে কেতিয়াও উচিত নহয়, বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে (তোমাৰ) স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[(আল্লাহে মুশ্বৰিকসকলক ক’ব) ‘এতেকে তোমালোকে যি কৈছিলা তাক সিহঁতে মিছা সাব্যস্ত কৰিছে। সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে যুলুম তথা শ্বিৰ্ক কৰে আমি তাক মহাশাস্তিৰ স্বাদ উপভোগ কৰাম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছোঁ, তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰতো চলা-ফুৰা কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষা বনাই দিছোঁ। তোমালোকে ধৈৰ্য্য ধাৰণ কৰিবানে? আৰু তোমাৰ প্ৰতিপালক সৰ্ব দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু যিসকলে আমাৰ সাক্ষাৎ কামনা নকৰে সিহঁতে কয়, ‘আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়’? নিশ্চয় সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক’ব, ‘ৰক্ষা কৰা, ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত (কৰি নিষ্ফল) কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হ'ব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ’ব মনোৰম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ’ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিনটো হ’ব অত্যন্ত কঠিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[সেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক’ব, ‘হায়! মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোঁহেঁতেন!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[হায়! দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোঁহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[নিশ্চয় সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, যেতিয়া মোৰ ওচৰলৈ উপদেশ আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু ৰাছুলে ক’ব, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[(আল্লাহে কৈছে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছোঁ। এতেকে পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে তোমাৰ প্ৰতিপালকেই যথেষ্ট’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ প্ৰতি একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? (শুনা) এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰোঁ, সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু সিহঁতে তোমাৰ ওচৰলৈ যি বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰলৈ আনিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[যিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব, মৰ্যাদাৰ দিশৰ পৰা সিহঁত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[নিশ্চয় আমিয়েই মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী হিচাপে নিযুক্ত কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তাৰ পিছত আমি কৈছিলোঁ, ‘তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰলৈ যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে’। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু নূহ সম্প্ৰদায়কো (ধ্বংস কৰিছিলোঁ), যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিছিলোঁ আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শন বনাই দিছোঁ। আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু আমি ধ্বংস কৰিছিলোঁ আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, লগতে সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আমি সিহঁতৰ প্ৰত্যেকৰে বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলোঁ আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় এই কাফিৰবিলাকে সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? দৰাচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, (আৰু কয়,) ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[‘এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোঁহেঁতেন’। যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজৰ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[অথবা তুমি ভবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত হৈছে পশুৰ দৰে; বৰং সিহঁত ইয়াতকৈও অধিক পথভ্ৰষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু টোপনি প্ৰদান কৰিছে বিশ্ৰামৰ বাবে, লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু তেৱেঁই সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে তেওঁৰ ৰহমতৰ বৰষুণৰ পূৰ্বে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[যাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰোঁ, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছোঁ, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[নিশ্চয় আমি ইয়াক সিহঁতৰ মাজত বন্টন কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই একোজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোঁহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[গতিকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম চলাই যোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু তেৱেঁই দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ প্ৰতিপালক সৰ্বশক্তিমান ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনেকুৱা কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ হৈছে কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[কোৱা, ‘মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু তুমি কেৱল সেই সত্ত্বাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, সেয়ে প্ৰশংসাৰ সৈতে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া সিহঁতে কয়, ‘ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক’লেই আমি তাক ছাজদাহ কৰিমনে’? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[অতি বৰকতময় সেই সত্ত্বা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ (সূৰ্য), লগতে আলো বিকিৰণকাৰী চন্দ্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু তেৱেঁই দিন আৰু ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, সেই ব্যক্তিৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আৰু ৰহমানৰ (প্ৰকৃত) বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আৰু যিসকলে নিজ প্ৰতিপালকৰ উদ্দেশ্যে ছাজদাৱনত হৈ আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[কিন্তু যিয়ে তাওবা কৰিছে, ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকৰ গুণাহসমূহক পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নিদিয়ে আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। লগতে তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্য্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[তাত তেওঁলোকে স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="26">
<aya number="1">
<translation><![CDATA[ত্ব-ছীম-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি দুখতে আত্মঘাতী হৈ পৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোঁহেঁতেন, যাৰ ফলত সেই নিদৰ্শনৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এতেকে নিশ্চিতভাৱে সিহঁতে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰলৈ শীঘ্ৰেই আহি পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? তাত আমি সকলো প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰলৈ; সিহঁতে তাক্বৱা অৱলম্বন নকৰিবনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[‘লগতে মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘সেয়ে তুমি বনী ইছৰাঈলক আমাৰ লগত যাবলৈ দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোঁনে? আৰু নিশ্চয় তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতেই অতিবাহিত কৰিছা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা, আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[মুছাই ক’লে, ‘সেইটো মই তেতিয়াহে কৰিছিলোঁ, যেতিয়া মই পথ ভ্ৰান্ত আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ প্ৰতিপালক আকৌ কি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো প্ৰতিপালক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[মুছাই ক’লে, ‘তেৱেঁই পূৱ আৰু পশ্চিমৰ, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে বুজি পোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো (নিদৰ্শন) লৈ আহোঁ, তথাপিও (তুমি মোক কাৰৰুদ্ধ কৰিবানে)’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কাৰ কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়েই হৈছে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে তোমালোকে শীঘ্ৰেই ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[‘(এই বুলি যে,) নিশ্চয় ইহঁত হৈছে ক্ষুদ্ৰ এটা দল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[‘আৰু নিশ্চিতভাৱে আমি সকলোৱে সদায় সতৰ্ক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্ততে তেওঁলোকক চোঁচা ল’লে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকলক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে শুনা পায়নে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা অপকাৰ কৰিব পাৰেনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰি আছা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[‘সিহঁত আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[‘হে মোৰ প্ৰতিপালক! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[‘আৰু মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[‘আৰু (হে মোৰ প্ৰতিপালক!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য (আজি) ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিবনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষমনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[‘যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[‘এতেকে আমাৰ কোনো চুপাৰিছকাৰী নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোঁহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোঁহেঁতেন!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি, অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ লোকেহে অনুসৰণ কৰিছে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[নূহে ক’লে, ‘সিহঁতে কি কৰে সেই বিষয়ে জনাটো মোৰ কি প্ৰয়োজন?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[‘সিহঁতৰ হিচাপ লোৱাটো হৈছে মোৰ প্ৰতিপালকৰ কাম; যদি তোমালোকে বুজি পালাহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[‘আৰু মুমিনসকলক খেদি পঠিওৱাটোও মোৰ কাম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে নিশ্চয় তোমাক শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্টৰূপে মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগত থকা মুমিনসকলক ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোকে (পৃথিৱীত) চিৰস্থায়ী হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্ত্বাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[‘উদ্যান আৰু ঝৰ্ণাসমূহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ ওপৰত এটা মহা দিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="136">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="137">
<translation><![CDATA[‘এইটো পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতিহে মাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="138">
<translation><![CDATA[‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="139">
<translation><![CDATA[এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="140">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="141">
<translation><![CDATA[ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="142">
<translation><![CDATA[যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="143">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="144">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="145">
<translation><![CDATA[‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বাজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="146">
<translation><![CDATA[‘এই পাৰ্থিৱ ভোগ-বিলাসৰ মাজত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="147">
<translation><![CDATA[‘উদ্যান আৰু ঝৰ্ণাসমূহৰ মাজত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="148">
<translation><![CDATA[‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="149">
<translation><![CDATA[‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা (সেইবোৰৰ মাজত)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="150">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="151">
<translation><![CDATA[‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="152">
<translation><![CDATA[‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="153">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তবিলাকৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="154">
<translation><![CDATA[‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="155">
<translation><![CDATA[তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="156">
<translation><![CDATA[‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="157">
<translation><![CDATA[তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="158">
<translation><![CDATA[ফলত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="159">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="160">
<translation><![CDATA[লূত সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="161">
<translation><![CDATA[যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="162">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="163">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="164">
<translation><![CDATA[‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="165">
<translation><![CDATA[‘সৃষ্টিজগতৰ মাজত (নাৰীসকলক এৰি) তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="166">
<translation><![CDATA[‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যি স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি আছা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="167">
<translation><![CDATA[সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="168">
<translation><![CDATA[তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ এই কুকৰ্মক ঘৃণা কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="169">
<translation><![CDATA[(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কুকৰ্মৰ পৰা ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="170">
<translation><![CDATA[ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="171">
<translation><![CDATA[কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="172">
<translation><![CDATA[তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="173">
<translation><![CDATA[আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="174">
<translation><![CDATA[নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="175">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="176">
<translation><![CDATA[আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="177">
<translation><![CDATA[যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="178">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="179">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="180">
<translation><![CDATA[‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="181">
<translation><![CDATA[‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণৰূপে ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="182">
<translation><![CDATA[‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="183">
<translation><![CDATA[‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="184">
<translation><![CDATA[‘আৰু সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="185">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="186">
<translation><![CDATA[‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাবোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="187">
<translation><![CDATA[‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়াচোন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="188">
<translation><![CDATA[তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="189">
<translation><![CDATA[এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="190">
<translation><![CDATA[নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="191">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="192">
<translation><![CDATA[নিশ্চয় এইখন (কোৰআন) বিশ্বজগতৰ প্ৰতিপালক (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="193">
<translation><![CDATA[বিশ্বস্ত ৰূহে (জীব্ৰীলে) এইখন লৈ অৱতৰণ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="194">
<translation><![CDATA[তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="195">
<translation><![CDATA[সুস্পষ্ট আৰবী ভাষাত (অৱতীৰ্ণ কৰা হৈছে)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="196">
<translation><![CDATA[আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহতো ইয়াৰ বিষয়ে উল্লেখ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="197">
<translation><![CDATA[এইখন সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলেও এই বিষয়ে জানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="198">
<translation><![CDATA[আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোঁহেঁতেন;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="199">
<translation><![CDATA[আৰু সেইখনক তেওঁ সিহঁতৰ সন্মুখত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="200">
<translation><![CDATA[এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="201">
<translation><![CDATA[সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="202">
<translation><![CDATA[এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="203">
<translation><![CDATA[তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="204">
<translation><![CDATA[তথাপিও সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="205">
<translation><![CDATA[তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="206">
<translation><![CDATA[তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল, সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আহি পৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="207">
<translation><![CDATA[সিহঁতক যিবোৰ ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="208">
<translation><![CDATA[আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই, যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="209">
<translation><![CDATA[(সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="210">
<translation><![CDATA[আৰু চয়তানবিলাকে এইখন লৈ অৱতৰণ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="211">
<translation><![CDATA[আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে এই কামৰ সামৰ্থও সিহঁতৰ নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="212">
<translation><![CDATA[নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="213">
<translation><![CDATA[এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="214">
<translation><![CDATA[আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="215">
<translation><![CDATA[আৰু মুমিনসকলৰ মাজৰ যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="216">
<translation><![CDATA[এতেকে তেওঁলোকে যদি তোমাৰ অবাধ্যতা কৰে, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় তাৰ বাবে মই দায়ী নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="217">
<translation><![CDATA[আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="218">
<translation><![CDATA[যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="219">
<translation><![CDATA[আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="220">
<translation><![CDATA[নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="221">
<translation><![CDATA[মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="222">
<translation><![CDATA[সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="223">
<translation><![CDATA[সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই হৈছে মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="224">
<translation><![CDATA[আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="225">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="226">
<translation><![CDATA[আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="227">
<translation><![CDATA[কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। যালিমসকলে শীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="27">
<aya number="1">
<translation><![CDATA[ত্বা-ছীন;[1] এইবোৰ হৈছে আল-কোৰআন তথা সুস্পষ্ট কিতাবৰ আয়াত;]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[পথনিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছোঁ, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[ইহঁতৰ বাবেই আছে নিকৃষ্ট শাস্তি আৰু ইহঁতেই হ’ব আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞ (আল্লাহ)ৰ তৰফৰ পৰা আল-কোৰআন প্ৰাপ্ত হৈছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ পৰিয়ালবৰ্গক কৈছিল, ‘নিশ্চয় মই জুই দেখিছোঁ, অনতিপলমে মই তাৰ পৰা তোমালোকৰ বাবে কোনো সংবাদ লৈ আহিম নাইবা তোমালোকৰ বাবে লৈ আহিম জ্বলন্ত অন্ধৰা, যাতে তোমালোকে জুই পুঁৱাব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে, তেতিয়া ঘোষিত হ’ল, ‘বৰকতময়, যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে, আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহ পৱিত্ৰ আৰু মহিমাময়!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[‘হে মুছা! নিশ্চয় ময়েই আল্লাহ! পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[‘আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত যেতিয়া তেওঁ সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি চোৱা নাছিল। (আল্লাহে ক’লে) ‘হে মুছা! ভয় নকৰিবা, নিশ্চয় মোৰ ওচৰত ৰাছুলসকলে ভয় নাপায়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[‘কিন্তু অন্যায়কাৰীসকলৰ বাহিৰে। তাৰ পিছত বেয়া কামৰ পৰিবৰ্তে যদি সৎকৰ্ম কৰে তেন্তে নিশ্চয় মই ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘আৰু তুমি তোমাৰ হাতখন কাষলতিত প্ৰৱেশ কৰোৱা, চাবা সেইখন ত্ৰুটিমুক্ত শুভ্ৰ-উজ্জ্বল হৈ ওলাই আহিব। এইটো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ অহা নটা নিদৰ্শনৰ অন্তৰ্ভুক্ত। নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তাৰ পিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ’ল, সিহঁতে ক’লে, ‘এইটো সুস্পষ্ট যাদু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু নিশ্চয় আমি দাউদ আৰু ছুলাইমানক জ্ঞান দান কৰিছিলোঁ আৰু তেওঁলোকে উভয়ে কৈছিল, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু ছুলাইমান আছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল, ‘হে মানৱজাতি! আমাক চৰাই-চিৰিকটিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে, নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু ছুলাইমানৰ সন্মুখত তেওঁৰ গোটেই সেনাবাহিনীক সমবেত কৰা হ’ল, জিন, মানৱ আৰু চৰাই-চিৰিকটিবোৰক। তাৰ পিছত সিহঁতক বিন্যস্ত কৰা হ’ল বিভিন্ন ব্যূহত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[অৱশেষত যেতিয়া তেওঁলোক (এটা অভিযানত) পৰুৱা অধ্যূষিত উপত্যকাত উপনীত হ’ল তেতিয়া এটা পৰুৱাই ক’লে, ‘হে পৰুৱা বাহিনী! তোমালোকে নিজ নিজ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[এই কথা শুনি ছুলাইমানে মিচিকিয়া হাঁহিলে আৰু ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পছন্দ কৰা। লগতে তোমাৰ অনুগ্ৰহেৰে মোক তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু তেওঁ (ছুলাইমানে) চৰাইবোৰৰ খা-খবৰ ল’লে, আৰু ক’লে, ‘কি হ’ল, মই হুদহুদক দেখা পোৱা নাই যে? সি অনুপস্থিত নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[‘নিশ্চয় তাক মই কঠিন শাস্তি বিহিম, নহ’লে জবেহ কৰিম, অন্যথা মোৰ ওচৰলৈ উপযুক্ত কাৰণ দৰ্শাব লাগিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[ক্ষন্তেক পিছতেই হুদহুদ আহি পালে, আৰু ক’লে, ‘আপুনি যিটো জ্ঞান আয়ত্ব কৰিব পৰা নাই মই সেই জ্ঞান আয়ত্ব কৰিছোঁ। মই আপোনাৰ বাবে ‘চাবা’ৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[‘মই এগৰাকী নাৰীক সিহঁতৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলোঁ। তাইক সকলো বস্তু প্ৰদান কৰা হৈছে লগতে তাইৰ এখন বিশাল সিংহাসনো আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলোঁ সিহঁতে আল্লাহৰ পৰিবৰ্তে সূৰ্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[(চয়তানে এই কাৰণে বাধা দিছে যে,) যাতে সিহঁতে আল্লাহক ছাজদাহ নকৰে, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে, আৰু তেৱেঁই জানে যি তোমালোকে গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই মহা আৰছৰ প্ৰতিপালক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[ছুলাইমানে ক’লে, ‘আমি পৰীক্ষা কৰি চাম, তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[‘তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ, তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[সেই মহিলা (ৰাণী) গৰাকীয়ে ক’লে, ‘হে মোৰ পৰিষদবৰ্গ! নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[নিশ্চয় এইখন ছুলাইমানৰ তৰফৰ পৰা (প্ৰেৰিত), আৰু (য'ত লিখা আছে, আৰম্ভ কৰিছোঁ) পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা, লগতে আত্মসমৰ্পণ কৰি (মুছলিম হৈ) মোৰ ওচৰলৈ উপস্থিত হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[ৰাণীয়ে ক’লে, ‘হে পৰিষদবৰ্গ! তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া। তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[সিহঁতে ক’লে, ‘আমি দেখোন শক্তিশালী আৰু কঠোৰ যুদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে; এতেকে চিন্তা কৰি চাওক, কি নিৰ্দেশ কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[ৰাণীয়ে ক’লে, ‘ৰজাসকলে যেতিয়া কোনো জনপদত (বিজয়ীৰূপে) প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে, আৰু এইটোৱে হৈছে সিহঁতৰ ৰীতি;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[‘আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম, চাওঁ, কটকীয়ে কি সংবাদ লৈ উভতি আহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[এতেকে যেতিয়া কটকী আহি ছুলাইমানৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ উত্তৰত ক’লে, ‘তোমালোকে মোক ধন-সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি? (শুনা) আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈও উৎকৃষ্ট বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[‘সিহঁতৰ ওচৰলৈ উভতি যোৱা, (আৰু শুনা) নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা সৈন্যবাহিনী লৈ আহিম যাৰ মুকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই, লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ’ব অপমানিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[(ছুলাইমানে তেওঁৰ পৰিষদবৰ্গক উদ্দেশ্য কৰি) ক’লে, ‘হে পৰিষদবৰ্গ! সিহঁত মোৰ ওচৰলৈ আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰিবা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[এজন শক্তিশালী জিনে ক’লে, ‘আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইখন লৈ উপস্থিত হম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান, বিশ্বস্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক’লে, ‘মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম’। এতেকে ছুলাইমানে যেতিয়া সেইখন নিজৰ সন্মুখত স্থিৰ অৱস্থাত দেখা পালে তেতিয়া তেওঁ ক’লে, ‘এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে তেওঁ মোক পৰীক্ষা কৰে যে, মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ নে অকৃতজ্ঞতা প্ৰকাশ কৰোঁ। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয়, সি জানি থোৱা উচিত যে, নিশ্চয় মোৰ প্ৰতিপালক অভাৱ মুক্ত, মহানুভৱ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[ছুলাইমানে ক’লে, ‘তোমালোকে তাইৰ সিংহাসনৰ আকাৰ-আকৃতি পৰিবৰ্তন কৰি দিয়া, চাওঁ, তাই সঠিকভাৱে চিনিব পাৰে নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিহ নাপায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[এতেকে যেতিয়া তাই আহিল, তেতিয়া তাইক কোৱা হ’ল, ‘তোমাৰ সিংহাসনখন এনেকুৱাই নেকি’? তাই ক’লে, ‘সেইখনেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বেই প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আল্লাহৰ পৰিবৰ্তে তাই যাৰ পূজা পাঠ কৰিছিল সেইটোৱেই তাইক ঈমানৰ পৰা নিবৃত্ত কৰিছিল। নিশ্চয় তাই আছিল কাফিৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[তাইক কোৱা হ’ল, ‘প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা’। এতেকে যেতিয়া তাই সেইখন দেখিলে, তেতিয়া তাই সেইখনক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত কৰিলে। তেওঁ (ছুলাইমানে) ক’লে, ‘এইখন কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে’। মহিলা গৰাকীয়ে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলোঁ, আৰু এতিয়া মই ছুলাইমানৰ লগত বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু নিশ্চয় আমি ছামূদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ এই আদেশ প্ৰদান কৰি যে, ‘তোমালোকে আল্লাহৰ ইবাদত কৰা’। তাৰ পিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা, তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ’ব পাৰা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[সিহঁতে কৈছিল, ‘আমি তোমাক আৰু তোমাৰ সঙ্গীসকলক অমঙ্গলৰ কাৰণ বুলি ভাবোঁ’। ছলেহে (উত্তৰত) কৈছিল, ‘তোমালোকৰ অমঙ্গল গ্ৰহণ কৰাটো হৈছে আল্লাহৰ ইখতিয়াৰত, প্ৰকৃততে তোমালোক এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু সেই চহৰত আছিল এনেকুৱা নজন ব্যক্তি, যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল আৰু সংশোধন কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[সিহঁতে ক’লে, ‘তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক; তাৰ পিছত তেওঁৰ অভিভাৱকক নিশ্চিতৰূপে কম যে, তেওঁৰ পৰিয়ালবৰ্গৰ হত্যা আমি প্ৰত্যক্ষ কৰা নাছিলোঁ, আৰু নিশ্চয় আমি সত্যবাদী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিছিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[চোৱা, এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে; নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোক আছিল তাক্বৱা অৱলম্বনকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু স্মৰণ কৰা লূতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে জানি-বুজি কিয় অশ্লীল কাম কৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[‘তোমালোকে কামতৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষৰ ওচৰলৈ উপগত হোৱানে! প্ৰকৃততে তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত পৰিয়ালক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰি দিয়া, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলোঁ, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, আৰু শান্তি কেৱল তেওঁৰ মনোনীত বান্দাসকলৰ প্ৰতি! (তেন্তে কোৱাচোন!) কোন শ্ৰেষ্ঠ, আল্লাহ নে সেইবোৰ, যিবোৰক সিহঁতে যি অংশী কৰে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে লগতে তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰোঁ, সেই উদ্যানবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে (আল্লাহৰ) সমকক্ষ নিৰ্ধাৰণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে পৃথিৱীক বাসোপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদ-নদী প্ৰবাহিত কৰিছে, আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়, (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁতৰ অধিকাংশই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেৱেঁই বিপদ-আপদ দূৰীভূত কৰে, লগতে তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধকাৰত পথ দেখুৱায় আৰু তেৱেঁই নিজ অনুগ্ৰহৰ পূৰ্বে সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? সিহঁতে যিবোৰক অংশীদাৰ স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কাৰো ওচৰতেই গায়েবৰ জ্ঞান নাই। আনকি সিহঁতে (এই কথাও) উপলব্ধি কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিঃশেষ হৈছে; আৰু সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, তথা এই বিষয়ত সিহঁত হৈছে অন্ধ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু কাফিৰসকলে কয়, ‘আমি আৰু আমাৰ পিতৃ-পুৰুষসকল যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমাক আকৌ উলিয়াই আনা হ’ব নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[‘নিশ্চয় এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃ-পুৰুষসকলোকো প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা আছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰতো মনঃক্ষুণ্ণও নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[কোৱা, ‘তোমালোকে যিটো বিষয়ক ত্বৰান্বিত কৰিব বিচাৰিছা, সম্ভৱতঃ তাৰে কিছু (অংশ) তোমালোকৰ পিছে পিছে আহিয়ে পাইছে!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু সিহঁতৰ অধিকাংশই হৈছে অকৃতজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেওঁ অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত (লিপিবদ্ধ) নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[বনী ইছৰাঈলে যিবোৰ বিষয়কলৈ বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰে অধিকাংশ বিষয় সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[আৰু নিশ্চয় এইখন হৈছে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফয়চালা কৰি দিব; আৰু তেওঁ মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[এতেকে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই উভতি যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা সঠিক পথলৈ আনিব নোৱাৰিবা। তুমি কেৱল তেওঁলোককহে শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, এতেকে তেওঁলোকেই হৈছে আত্মসমৰ্পণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম (দা-ব্বাতুল আৰ্দ্ব), যিটো সিহঁতৰ লগত কথা ক'ব যে, মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু (স্মৰণ কৰা সেই দিনটোৰ কথা,) যিদিনা আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল, যিসকলে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল। তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[অৱশেষত যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা নেকি, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[গতিকে অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব; ফলত সিহঁতে কথাও ক’ব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[সিহঁতে দেখা নাইনে যে, আমিয়েই সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছোঁ, যাতে সিহঁতে বিশ্ৰাম লব পাৰে আৰু দিনক কৰিছোঁ দৃশ্যমান? নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আৰু যিদিনা শিঙাত ফুঁ দিয়া হ’ব, সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব, কিন্তু আল্লাহে যিসকলক (ইয়াৰ পৰা বিৰত ৰাখিবলৈ) ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে, আৰু সকলোৱে তেওঁৰ ওচৰত (লাঞ্ছিত তথা) হীন অৱস্থাত উপস্থিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[আৰু তুমি যিবোৰ পাহাৰ-পৰ্বতক দেখি অচল ভাবি আছা, অথচ (সেইদিনা) এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতকৈও উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনা তেওঁলোক ভীতিকৰ অৱস্থাৰ পৰা নিৰাপদ থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[আনহাতে যিয়ে অসৎকৰ্ম লৈ আহিব, তাক অধোমুখে জুইত নিক্ষেপ কৰা হ’ব। (লগতে সিহঁতক কোৱা হ’ব) তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰীসকলৰ অন্তৰ্ভুক্ত হওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[আৰু কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা’। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="28">
<aya number="1">
<translation><![CDATA[ত্ব-ছীম-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছোঁ, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলোঁ লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলোঁ, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলোঁ, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলোঁ যে, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা লগতে চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি ল'লে। পৰিণামত তেৱেঁই সিহঁতৰ শত্ৰু আৰু দুখৰ কাৰণ হ’ল। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্য বাহিনী আছিল অপৰাধী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰোঁ’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল। তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন, যদি আমি তেওঁৰ অন্তৰক সুদৃঢ় কৰি নিদিলোঁহেঁতেন, যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু মুছাৰ বায়েকক ক'লে, ইয়াৰ পিছে পিছে যোৱা। তেওঁ দূৰৰ পৰাই ইয়াক দেখি আছিল কিন্তু সিহঁতে (শত্ৰুবিলাকে) সেয়া উপলব্ধি কৰিব পৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু আমি পূৰ্বৰে পৰা তেওঁৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলোঁ। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনেকুৱা এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তাৰ পিছত আমি তেওঁক ওভতাই দিলোঁ তেওঁৰ মাতৃৰ ওচৰলৈ, যাতে তেওঁৰ চকু জুৰ যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু মুছা যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ, আৰু এইদৰেই আমি মুহছিনসকলক পুৰস্কাৰ প্ৰদান কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে এনেকুৱা এটা সময়ত, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজৰ ফৈদৰ আৰু আনজন হৈছে শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজৰ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি (লগে লগে) মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এইটো চয়তানৰ কাম। নিশ্চয় সি (মানুহৰ) শত্ৰু তথা প্ৰকাশ্য বিভ্ৰান্তকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছোঁ, সেয়ে তুমি মোক ক্ষমা কৰাঁ’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰতে তেওঁ ৰাতি অতিবাহিত কৰিলে। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে চিঞৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱাকালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? নিশ্চয় তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তেতিয়া তেওঁ ভীত সতৰ্ক অৱস্থাত সেই ঠাইৰ পৰা ওলাই পৰিল, আৰু (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰোঁ মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ওচৰত গৈ পালে, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকসকলে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱালৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰোঁ, আৰু আমাৰ পিতৃ হৈছে এজন অতি বৃদ্ধ মানুহ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয়, মই সেইটোৰে মুখাপেক্ষী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[ফলত (কিছু সময় পিছতেই) নাৰী দুজনীৰ এজনীয়ে লাজকুৰীয়াভাৱে তেওঁৰ ওচৰলৈ আহি ক’লে, ‘আপুনি আমাৰ পশুবিলাকক পানী পান কৰোৱাৰ কাৰণে আপোনাক পাৰিশ্ৰমিক প্ৰদান কৰিবলৈ মোৰ পিতৃয়ে আপোনাক আমন্ত্ৰণ কৰিছে’। ইয়াৰ পিছত মুছাই তেওঁৰ ওচৰলৈ আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে, তেওঁ ক’লে, ‘তুমি ভয় নকৰিবা। তুমি যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নাৰী দুজনীৰ এজনীয়ে ক’লে, ‘হে মোৰ পিতৃ! আপুনি এওঁক শ্ৰমিক হিচাপে নিয়োগ কৰক। নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ’ব, এওঁ শক্তিশালী, বিশ্বস্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজোঁ এই চৰ্তত যে, তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰোঁ। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত পাবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছোঁ আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছোঁ, সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিব পাৰিম, নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুঁৱাব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এতেকে যেতিয়া মুছাই জুইৰ ওচৰ পালেগৈ, তেতিয়া উপত্যকাৰ সোঁ ফালৰ বৰকতময় ভূমিৰ ওপৰত অৱস্থিত সুনিৰ্দিষ্ট গছৰ পৰা তেওঁক মাতি কোৱা হ’ল, ‘হে মুছা! ময়েই আল্লাহ বিশ্বজগতৰ প্ৰতিপালক;’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইডালক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। (তেওঁক কোৱা হ’ল,) ‘হে মুছা! সন্মুখলৈ আহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তোমাৰ হাতখন তোমাৰ কাষলতিত থোৱা, (দেখিবা) এইখন ত্ৰুটিমুক্ত অৱস্থাত শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। লগতে ভয় দূৰ কৰিবলৈ তোমাৰ বাহুৰে বুকুখন চেপি ধৰা। এতেকে এই দুটা হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ, ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ বাবে। নিশ্চয় সিহঁত হৈছে ফাছিক্ব সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই সিহঁতৰ এজনক হত্যা কৰিছিলোঁ। ফলত মই আশংকা কৰিছোঁ সিহঁতে মোক হত্যা কৰিব চাগে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[‘আৰু মোৰ ভাতৃ হাৰূন মোতকৈ বাগ্মী, এতেকে তেওঁক মোৰ সহায়কাৰীৰূপে প্ৰেৰণ কৰা, তেওঁ মোক সমৰ্থন কৰিব। নিশ্চয় মই আশংকা কৰোঁ সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আল্লাহে ক’লে, ‘(ঠিক আছে) অনতিপলমে আমি তোমাৰ ভাতৃৰ দ্বাৰা তোমাৰ বাহুক শক্তিশালী কৰিম আৰু তোমালোক উভয়কে আধিপত্য দান কৰিম। ফলত সিহঁতে তোমালোকৰ ওচৰ চাপিব নোৱাৰিব। আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰাই তোমালোকে আৰু তোমালোকৰ অনুসাৰীসকলে সিহঁতৰ ওপৰত বিজয় লাভ কৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক ভূমুকি মাৰি চাব পাৰিম। কিন্তু মোৰ মতে সি হৈছে এজন মিছলীয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ ওভতাই অনা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক কৰায়ত্ত কৰি সাগৰত নিক্ষেপ কৰিলোঁ। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা আছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলোঁ; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক অকণো সহায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছিলোঁ অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু নিশ্চয় পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, (যিখন আছিল) মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলোঁ তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শীসকলৰো অন্তৰ্ভুক্ত নাছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[প্ৰকৃততে (মুছাৰ পিছত) আমি বহু প্ৰজন্মৰ আৱিৰ্ভাব ঘটাইছিলোঁ; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসীবিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[এইদৰে মুছাক যেতিয়া আমি মাতিছিলোঁ তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু ৰাছুল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ-আপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, ৰাছুল প্ৰেৰণ কৰিলেহে আমি তোমাৰ নিদৰ্শন মানি চলিব পাৰিলোঁহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা (নিদৰ্শন) দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল তাক সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। লগতে সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[কোৱা, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিখন পথনিৰ্দেশত এই দুখনতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাবৰ অনুসৰণ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। যিয়ে আল্লাহৰ পথ-নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছোঁ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলোঁ, তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছোঁ, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলোঁ।’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তেওঁলোকক দুবাৰকৈ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, লগতে তেওঁলোকে ভাল কামৰ দ্বাৰা বেয়া কামক প্ৰতিহত কৰে। এইদৰে আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনা পায় তেতিয়া তেওঁলোকে তাৰ পৰা মুখ ঘূৰাই লয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰোঁ তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফল-মূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এই বিষয়ে নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু আমি বহুতো এনেকুৱা জনপদক ধ্বংস কৰিছোঁ যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদকলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল প্ৰেৰণ নকৰালৈকে (সিহঁতক) ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু তোমালোকক যি দিয়া হৈছে সেয়া হৈছে কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু সৌন্দৰ্য মাত্ৰ। আনহাতে আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[যাক আমি উত্তম পুৰস্কাৰৰ প্ৰতিশ্ৰুতি দিছোঁ, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছোঁ, তাৰ পিছত কিয়ামতৰ দিনা সি হ’ব (অপৰাধী হিচাপে) উপস্থিত হোৱা লোকৰ অন্তৰ্ভুক্ত?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলোঁ; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলোঁ যেনেকৈ আমি বিভ্ৰান্ত হৈছিলোঁ। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছোঁ। ইহঁতে আমাৰ ইবাদত কৰা নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আৰু সিহঁতক কোৱা হ’ব, ‘তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰক মাতা’। তেতিয়া সিহঁতে সেইবোৰক মাতিব। কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু সিহঁতে শাস্তি দেখা পাব। হায়! সিহঁতে যদি সৎপথ অনুসৰণ কৰিলেহেঁতেন! (তেন্তে এই দুৰাৱস্থা নহ’লহেঁতেন)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আৰু সেইদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘তোমালোকে ৰাছুলসকলক কি উত্তৰ দিছিলা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[সেইদিনা সিহঁতৰ পৰা সকলো তথ্য বিলুপ্ত হ’ব তেতিয়া সিহঁতে ইজনে সিজনক সোধ-পোছও কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[এতেকে যি ব্যক্তিয়ে তাওবা কৰিছে আৰু ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু যাক ইচ্ছা কৰে তাকেই মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ বহু উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি ব্যক্ত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী আৰু আখিৰাতত সকলো প্ৰশংসা তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিৰ অন্ধকাৰক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে (দিনৰ) পোহৰ আনি দিব পাৰিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে এনেকুৱা কোন ইলাহ আছে, যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব পাৰিব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন সৃষ্টি কৰিছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু আমি প্ৰত্যেক জাতিৰ পৰাই একোজনকৈ সাক্ষী উলিয়াই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই, আৰু সিহঁতে যিবোৰক (উপাস্য বুলি) মিছা ৰটনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আমি তাক দান কৰিছিলোঁ ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবি বহন কৰিবলৈও এদল শক্তিশালী মানুহৰ পক্ষে কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছোঁ’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহুতো প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও অধিক শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[এতেকে কাৰূন তাৰ সম্প্ৰদায়ৰ সন্মুখলৈ জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে, আমাকো যদি সেইদৰে দান কৰা হ’লহেঁতেন! নিশ্চয় সি মহা ভাগ্যৱান’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰস্কাৰেই হৈছে শ্ৰেষ্ঠ, আৰু ধৈৰ্য্যশীলসকলৰ বাহিৰে আন কোনেও সেইটো (পুৰস্কাৰ) নাপায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[তাৰ পিছত আমি কাৰূনক তাৰ প্ৰাসাদসহ ভূ-গৰ্ভত পুতি পোলালোঁ। তাৰ সপক্ষে এনে কোনো দল নাছিল, যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব পাৰিব, আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু যোৱাকালি যিসকলে তাৰ দৰে হোৱাৰ কামনা কৰিছিল, সিহঁতে ক’বলৈ ধৰিলে, ‘চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা কৰে তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ’লহেঁতেন তেন্তে আমাকো তেওঁ ভূ-গৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফলকাম হ’ব নোৱাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[এইটো আখিৰাতৰ সেই আবাস, যিটো আমি নিৰ্ধাৰিত কৰোঁ তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই (নিৰ্ধাৰিত)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[যিয়ে সৎকৰ্ম লৈ উপস্থিত হ’ব, তাৰ বাবে আছে তাতকৈও উত্তম প্ৰতিদান, আৰু যিয়ে অসৎকৰ্ম লৈ উপস্থিত হ’ব, তেন্তে সিহঁতক কেৱল সেই অসৎকৰ্ম অনুপাতেই শাস্তি দিয়া হ’ব যিখিনি সিহঁতে কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, নিশ্চয় তেওঁ তোমাক ওভতাই আনিব প্ৰত্যাৱৰ্তনস্থললৈ। কোৱা, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহহে। গতিকে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আৰু তোমাৰ প্ৰতি আল্লাহৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ পিছত সিহঁতে যেন তোমাক কোনোমতেই তাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনোমতেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্ত্বাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="29">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছোঁ’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলোঁ, গতিকে আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰলৈ গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[যিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে তেওঁ জানি থোৱা উচিত যে, আল্লাহৰ নিৰ্ধাৰিত সময় নিশ্চিতভাৱে আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহক মাৰ্জনা কৰিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, নিশ্চয় আমি তাৰ প্ৰতিদান দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ। কিন্তু সিহঁতে যদি মোৰ লগত শ্বিৰ্ক কৰিবলৈ তোমাৰ ওপৰত বল প্ৰয়োগ কৰে যি বিষয়ত তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। (জানি থোৱা) মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিৰ্যাতন কৰা হয়, তেতিয়া সিহঁতে মানুহৰ নিৰ্যাতনক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। কিন্তু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলোঁ’, (তেন্তে কোৱাচোন) সৃষ্টিৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু কাফিৰসকলে মুমিনসকলক কয়, "তোমালোকে আমাৰ পথ অনুসৰণ কৰা, আমি তোমালোকৰ পাপকৰ্মৰ বোজা বহন কৰিম"। অথচ সিহঁতে সিহঁতৰ গুনাহৰ কোনো বোজাই বহন নকৰিব। নিশ্চয় সিহঁত হৈছে মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[বৰং সিহঁতে নিশ্চয় বহন কৰিব নিজৰ (পাপকৰ্মৰ) বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক নিশ্চয় কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিছিল, কাৰণ সিহঁত আছিল যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহণকাৰীসকলক ৰক্ষা কৰিছিলোঁ আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁত কিন্তু তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু তোমালোকে যদি অস্বীকাৰ কৰা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱে হৈছে ৰাছুলৰ গুৰু দায়িত্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই পুনৰবাৰ সৃষ্টি কৰিব’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা কৰে অনুগ্ৰহ কৰে। তোমালোকক তেওঁৰ ওচৰতেই ওভতাই নিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত ক'তো ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, আৰু কোনো সাহায্যকাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হয়, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে যে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু আমি ইব্ৰাহীমক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবূওৱত আৰু কিতাব। আমি তেওঁক পৃথিৱীতেই পুৰস্কৃত কৰিছিলোঁ আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰি আছা, যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘তোমালোকেই পুৰুষৰ ওচৰলৈ সমকামিতাৰ উদ্দেশ্যে গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰলৈ আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদৰ মাজত দেখোন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেই কথা আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই হ’ব পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ তেওঁলোকৰ বিষয়ে চিন্তিত হৈ পৰিল আৰু তেওঁ নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰীবিলাকৰ অন্তৰ্ভুক্ত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[‘নিশ্চয় আমি এই জনপদবাসীৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু নিশ্চয় আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু আমি মাদিয়ানবাসীৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ ভাতৃ শ্বুআইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰতে নতজানু অৱস্থাত শেষ হৈ গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলোঁ, সিহঁতৰ ঘৰ-দুৱাৰৰ কিছুমান ধ্বংসাৱশেষ তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু আমি ধ্বংস কৰিছিলোঁ ক্বাৰূন, ফিৰআউন আৰু হামানক। নিশ্চয় মুছাই সিহঁতৰ ওচৰলৈ সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক কৰায়ত্ত কৰিছিলোঁ। সিহঁতৰ কিছুমানৰ ওপৰত আমি প্ৰেৰণ কৰিছিলোঁ শিলাবৃষ্টিসম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞৰে, আৰু কিছুমানক পুতি পেলাইছিলোঁ ভূ-গৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলোঁ। আল্লাহ এনেকুৱা নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[যিসকলে আল্লাহৰ বাহিৰে আনক অভিভাৱক হিচাপে গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, হায়! যদি সিহঁতে জানিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[নিশ্চয় আল্লাহে সেইবোৰক জানে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেহে সেয়া বুজি পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তোমাৰ প্ৰতি যি কিতাব অহী কৰা হৈছে, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজৰ যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছোঁ। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলোঁ তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইখন হৈছে এটা স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহি পৰিলহেঁতেন। (জানি থোৱা) নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, আনকি সিহতে উপলব্ধিও কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। অথচ জাহান্নামে কাফিৰসকলক নিশ্চয় পৰিবেষ্টন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ সোৱাদ গ্ৰহণ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱীখন বহুত প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোকে আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰাসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰীসকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[এনেকুৱা বহুতো জীৱ-জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় কৰি নাৰাখে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো (দান কৰে), আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে বিশুদ্ধচিত্তে একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া সিহঁতে শ্বিৰ্কত লিপ্ত হয়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে শীঘ্ৰেই সিহঁতে জানিবলৈ পাব (ইয়াৰ ভয়াৱহ পৰিণাম সম্পৰ্কে)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি (মক্কাৰ) হাৰামক নিৰাপদ কৰিছোঁ, অথচ ইয়াৰ চাৰিওফালে থকা মানুহবোৰ অপহৰণৰ চিকাৰ হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক নিশ্চয় আমাৰ পথসমূহত পৰিচালিত কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="30">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[ৰোমানসকল পৰাজিত হৈছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিকটৱৰ্তী অঞ্চলত, কিন্তু সিহঁতে সিহঁতৰ এই পৰাজয়ৰ পিছত শীঘ্ৰেই বিজয়ী হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[কিছু বছৰৰ ভিতৰতেই। আগৰ আৰু পিছৰ সকলো ফয়চালা আল্লাহৰেই; আৰু সেইদিনা মুমিনসকল আনন্দিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আল্লাহৰ সহায়ত। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে আৰু তেৱেঁই প্ৰবলপৰাক্ৰমী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এইটো আল্লাহৰেই প্ৰতিশ্ৰুতি, আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে, কিন্তু অধিকাংশ মানুহেই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[সিহঁতে পাৰ্থিৱ জীৱনৰ বাহ্যিক দিশ সম্পৰ্কে অৱগত, আৰু আখিৰাত সম্পৰ্কে সিহঁত উদাসীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সিহঁতে নিজৰ অন্তৰত ভাবি নাচায় নেকি? আল্লাহে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু সৃষ্টি কৰিছে যথাযথভাৱে আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে। নিশ্চয় মানুহৰ মাজৰ বহুতেই নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে অবিশ্বাসী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে দেখিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ দশা কি হৈছিল, শক্তিত সিহঁত আছিল ইহঁততকৈও প্ৰবল, সিহঁতে মাটি চহাইছিল, আৰু ইহঁতে যিমান নিৰ্মাণ কৰিছে তাতকৈও অধিক নিৰ্মাণ সিহঁতে কৰিছিল। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণসহ আহিছিল। দৰাচলতে আল্লাহ এনেকুৱা নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[এতেকে যিসকলে বেয়া কৰিছিল সিহঁতৰ পৰিণামো হৈছিল বেয়া, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু তাকলৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আল্লাহেই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব, তাৰ পিছত তোমালোকক তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা অপৰাধীসকল হতাশ হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু (আল্লাহৰ লগত কৰা) সিহঁতৰ শ্বৰিকসকল (সেইদিনা) সিহঁতৰ বাবে চুপাৰিছকাৰী নহ'ব আৰু সিহঁতে সিহঁতৰ শ্বৰিককৃত উপাস্যবোৰক অস্বীকাৰ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা সিহঁত বিভক্ত হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সুখ-শান্তিত থাকিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে লগতে আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে, সেইসকল লোককেই শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধাত উপনীত হোৱা আৰু পুৱাৰ ভাগত উপনীত হোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[লগতে আবেলিৰ সময়ত আৰু যেতিয়া তোমালোকে দুপুৰীয়াত উপনীত হোৱা। তেওঁৰ বাবেই সকলো প্ৰশংসা আকাশসমূহত আৰু পৃথিৱীত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তেৱেঁই নিৰ্জীৱৰ পৰা সজীৱ উলিয়াই আনে আৰু তেৱেঁই জীৱিতৰ পৰা মৃতক উলিয়াই আনে। তেৱেঁই ভূমিক তাৰ মৃত্যুৰ পিছত আকৌ পুনৰ্জীৱিত কৰে। এইদৰেই তোমালোককো উলিয়াই আনা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত এইটোও এটা যে, তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকে এতিয়া মানুহ হৈ সৰ্বত্ৰ সিঁচৰতি হৈ পৰিছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত এইটোও এটা নিদৰ্শন যে, তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ ওচৰত প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, লগতে তোমালোকৰ ভাষা আৰু বৰ্ণৰ বৈচিত্ৰতা। নিশ্চয় ইয়াত জ্ঞানীসকলৰ বাবে বহুতো নিদৰ্শন আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত ৰাতি আৰু দিনত গ্ৰহণ কৰা তোমালোকৰ নিদ্ৰাও হৈছে এটা নিদৰ্শন, লগতে তেওঁৰ অনুগ্ৰহৰ ফলতেই তোমালোকে (জীৱিকা) অন্বেষণ কৰা। নিশ্চয় ইয়াৰ মাজত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে শুনা পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত এইটোও এটা যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱীয়ে ভাৰসাম্য ৰক্ষা কৰি আছে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠিবলৈ এবাৰ আহ্বান কৰিব, তেতিয়া তোমালোকে ওলাই আহিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। সকলো তেওঁৰেই অনুগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তেৱেঁই সৃষ্টিৰ সূচনা কৰে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব; আৰু এইটো তেওঁৰ বাবে অতি সহজ। আকাশসমূহ আৰু পৃথিৱীত সৰ্বোচ্চ গুণাগুণ তেওঁৰেই; আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰাই এটা উপমা দাঙি ধৰিছে, (কোৱাচোন) আমি তোমালোকক যি জীৱিকা দান কৰিছোঁ, তাত তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ কোনোবাই অংশীদাৰনে? এতেকে তোমালোকে এইক্ষেত্ৰত সমান নে? তোমালোকে সিহঁতক সেইদৰে ভয় কৰা নেকি যিদৰে তোমালোকে পৰস্পৰে পৰস্পৰক ভয় কৰা? এইদৰেই আমি নিদৰ্শনাৱলীসমূহ বিস্তাৰিতভাৱে বৰ্ণনা কৰোঁ সেই সম্প্ৰদায়ৰ বাবে, যিসকলে অনুধাৱন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[বৰং যালিমসকলে অজ্ঞতাবশতঃ সিহঁতৰ নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে, এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰিছে, তাক কোনে হিদায়ত দিব পাৰিব? আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এতেকে তুমি একনিষ্ঠ হৈ নিজৰ মুখমণ্ডলক দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰখা, (সেইটো হৈছে )আল্লাহৰ ফিতৰত (স্বাভাৱিক ৰীতি বা দ্বীন ইছলাম), যাৰ ওপৰত (চলাৰ উপযুক্ত কৰি) তেওঁ মানুহক সৃষ্টি কৰিছে; আল্লাহৰ সৃষ্টিৰ কোনো পৰিবৰ্তন নাই। এইটোৱেই হৈছে সুপ্ৰতিষ্ঠিত দ্বীন; কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[তোমালোকে বিশুদ্ধচিত্তে তেওঁৰেই অভিমুখী হোৱা, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; লগতে মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰো অন্তৰ্ভুক্ত নহ'বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটোক লৈয়ে উৎফুল্লিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ পিনে বিনীতভাৱে উভতি আহি কেৱল তেওঁকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ সোৱাদ লবলৈ দিয়ে, তেতিয়া সিহঁতৰ এটা দলে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[এইদৰে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, তাৰ প্ৰতি সিহঁতে অকৃতজ্ঞ হয়। এতেকে তোমালোকে ভোগ কৰি লোৱা, শীঘ্ৰেই তোমালোকে জানিব পাৰিবা (ইয়াৰ পৰিণাম কি হ’ব)!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আমি সিহঁতৰ ওচৰলৈ এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছোঁ নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ কয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু যেতিয়া আমি মানুহক ৰহমতৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সিহঁতে সেইটোক লৈ উৎফুল্লিত হয় আৰু যদি সিহঁতৰ কৃতকৰ্মৰ ফলত কোনো অনিষ্ট সাধন হয়, তেন্তে সিহঁত নিৰাশ হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সিহঁতে লক্ষ্য কৰা নাইনে যে, আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে অথবা সংকুচিত কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[এতেকে আত্মীয়-স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে মিছকীন আৰু মুছাফিৰসকলোকো। যিসকলে আল্লাহৰ সন্তুষ্টি কামনা কৰে তেওঁলোকৰ বাবে এইটো অতি উত্তম আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু মানুহৰ সম্পদ বৃদ্ধি পাব বুলি তোমালোকে যি সুত প্ৰদান কৰা, আল্লাহৰ দৃষ্টিত কিন্তু সেয়া ধন-সম্পদ বৃদ্ধি নকৰে। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে তোমালোকে যি যাকাত প্ৰদান কৰা (সেইটোৱেহে সম্পদ বৃদ্ধি কৰে) এতেকে তেওঁলোকেহে প্ৰকৃত সমৃদ্ধশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আল্লাহেই সেই সত্ত্বা যিজনে তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকক জীৱিকা দান কৰিছে। তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত তেৱেঁই আকৌ তোমালোকক জীৱিত কৰিব। তোমালোকে অংশী কৰা বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিজনে এইবোৰৰ কিবা এটা কৰিব পাৰে? সিহঁতে যিবোৰ অংশী কৰে তেওঁ সেইবোৰৰ পৰা পৱিত্ৰ মহিমাময় আৰু অতি উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[মানুহৰ কৃতকৰ্মৰ ফলতেই স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; ফলত তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল!’ সিহঁতৰ অধিকাংশই আছিল মুশ্বৰিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[এতেকে তুমি আল্লাহৰ তৰফৰ পৰা সেই দিন অহাৰ পূৰ্বেই, সৰল-সঠিক দ্বীনৰ ওপৰত নিজকে প্ৰতিষ্ঠিত ৰখা, যিটো দিন অনিবাৰ্য। সেই দিনা মানুহ বিভক্ত হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[যিয়ে কুফৰী কৰে, কুফৰীৰ শাস্তি তাৰেই প্ৰাপ্য; আৰু যিসকলে সৎকৰ্ম কৰে তেওঁলোকে নিজৰ বাবেই ৰচনা কৰে সুখ-শয্যা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[কাৰণ যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পুৰস্কৃত কৰিব। নিশ্চয় তেওঁ কাফিৰসকলক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু তেওঁৰ নিদৰ্শনসমূহৰ মাজত এইটোও এটা যে, তেৱেঁই (বৰষুণৰ পূৰ্বে) সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে, যাতে তোমালোকক তেওঁৰ কিছুমান ৰহমত আস্বাদন কৰোৱাব পাৰে, লগতে যাতে তেওঁৰ নিৰ্দেশত নৌযানসমূহক চলাচল কৰোৱাব পাৰে আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহৰ সন্ধান কৰিব পাৰা, লগতে যাতে তোমালোকে কৃতজ্ঞ হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ পূৰ্বে ৰাছুলসকলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ফলত আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ লৈছিলোঁ। আমাৰ দায়িত্ব কেৱল মুমিনসকলক সহায় কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আল্লাহেই সেই সত্ত্বা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনেকৈ ইচ্ছা কৰে আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত তেওঁ যেতিয়া ইয়াক তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যিসকলৰ প্ৰতি ইচ্ছা কৰে পৌঁচাই দিয়ে, তেতিয়া তেওঁলোক আনন্দিত হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[যদিও তেওঁলোকে তেওঁলোকৰ প্ৰতি বৰষুণ নহাৰ পূৰ্বে একান্ত নিৰাশ হৈ পৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু যদি আমি এনেকুৱা বতাহ প্ৰেৰণ কৰোঁ যাৰ ফলত সিহঁতে দেখিবলৈ পায় যে, শস্য হালধীয়া ৰং ধাৰণ কৰিছে, তেতিয়া সিহঁত অকৃতজ্ঞ হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[এতেকে নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, বধিৰোকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁত পৃষ্ঠপ্ৰদৰ্শন কৰি গুচি যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা হিদায়তলৈ আনিব নোৱাৰিবা। যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে কেৱল তেওঁলোককেই তুমি শুনাব পাৰিবা; কাৰণ তেওঁলোকেই আত্মসমৰ্পণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আল্লাহেই সেই সত্ত্বা যিজনে তোমালোকক সৃষ্টি কৰে দুৰ্বলৰূপে, আৰু তেৱেঁই দুৰ্বলতাৰ পিছত শক্তি দান কৰে; শক্তিৰ পিছত আকৌ দুৰ্বলতা আৰু বাৰ্ধক্য দিয়ে। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে আৰু তেৱেঁই সৰ্বজ্ঞ, সৰ্বশক্তিমান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু যিদিনা কিয়ামত সংঘটিত হ'ব সেইদিনা অপৰাধীবিলাকে শপত খাই ক'ব যে, সিহঁতে (পৃথিৱীত) এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইদৰেই সিহঁতে পথভ্ৰষ্ট হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আনহাতে যিসকলক জ্ঞান আৰু ঈমান দিয়া হৈছে তেওঁলোকে ক’ব, ‘নিশ্চয় তোমালোকে আল্লাহৰ লিখিত (ম্যাদ) অনুযায়ী পুনৰুত্থানৰ দিৱসলৈকে অৱস্থান কৰিছা। এতেকে এইটোৱেই হৈছে পুনৰুত্থানৰ দিৱস; কিন্তু তোমালোকে জনা নাছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[এতেকে যিসকলে অন্যায় কৰিছে সেইদিনা সিহঁতৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব আৰু সিহঁতক তিৰষ্কৃত হোৱাৰ (মাধ্যমত আল্লাহৰ সন্তুষ্টি লাভৰ) সুযোগো দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে সকলো ধৰণৰ দৃষ্টান্ত দাঙি ধৰিছোঁ। তুমি যদি সিহঁতৰ ওচৰত কোনো নিদৰ্শন উপস্থিত কৰা, তেন্তে যিসকলে কুফৰী কৰিছে সিহঁতে অৱশ্যে ক’ব, ‘তোমালোক হৈছা বাতিলপন্থী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[এইদৰেই আল্লাহে মোহৰ মাৰি দিয়ে সেইসকল লোকৰ অন্তৰত, যিসকলে জ্ঞান নাৰাখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে যিসকলে দৃঢ় বিশ্বাসী নহয়, সিহঁতে যেন তোমাক বিচলিত কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="31">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[সৎকৰ্মশীলসকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিয়ামতপূৰ্ণ জান্নাত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, তোমালোকে সেইখনক দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে, লগতে ইয়াত সিঁচৰতি কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ তাৰ পিছত ইয়াত উৎপন্ন কৰোঁ নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এইবোৰ হৈছে আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু নিশ্চয় আমি লুক্বমানক হিকমত দান কৰিছিলোঁ আৰু কৈছিলোঁ যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া লুক্বমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, ‘হে মোৰ পুত্ৰ! আল্লাহৰ লগত শ্বিৰ্ক নকৰিবা। নিশ্চয় শ্বিৰ্ক হৈছে মহা অন্যায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণ কৰিবলৈ নিৰ্দেশ দিছোঁ। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাক পিয়াহ এৰোৱাবলৈ সময় লাগে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু তোমাৰ পিতৃ-মাতৃয়ে যদি তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি সেই ব্যক্তিৰ পথ অৱলম্বন কৰা, যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই হ’ব, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[‘হে মোৰ পুত্ৰ! নিশ্চয় সেয়া (পাপ-পূণ্য) যদি সৰিয়হৰ বীজৰ সমানো হয়, আৰু ই যদি থাকে শিলাগৰ্ভত অথবা আকাশসমূহত নাইবা পৃথিৱীত, আল্লাহে সেইটোকো উপস্থিত কৰিব। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘হে মোৰ পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা, লগতে পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যমপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহসমূহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান গ্ৰন্থ নোহোৱাকৈ আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক যিটোৰ ওপৰত পাইছোঁ, আমি সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবনে)?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম। তাৰ পিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ অধিকাংশই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু পৃথিৱীৰ সকলো গছ-গছনি যদি কলম হয় আৰু সাগৰ, তাৰ পিছত আৰু সাতোখন সাগৰ যদি চিয়াঁহী হয়, তথাপিও আল্লাহৰ বাণী শেষ নহ’ব। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান, কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰেই। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[তুমি দেখা নাইনে, নিশ্চয় আল্লাহেই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়? তেৱেঁই চন্দ্ৰ-সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এইবোৰেই প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহ, তেৱেঁই সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে যিবোৰক আহ্বান কৰে সেইবোৰ হৈছে বাতিল। নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোচ্চ, সুমহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহৰ অনুগ্ৰহতেই নৌযানসমূহ সাগৰত বিচৰণ কৰে, যাতে তেওঁ তোমালোকক তেওঁৰ কিছুমান নিদৰ্শন দেখুৱাব পাৰে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক ধৈৰ্য্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, এইদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় আল্লাহৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহাকালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="32">
<aya number="1">
<translation><![CDATA[আলিফ-লাম-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এই কিতাব বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[অথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এখন হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰলৈ তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল, সম্ভৱতঃ সিহঁতে হিদায়ত লাভ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আল্লাহেই সেই সত্ত্বা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে অন্তৱৰ্তী সকলো বস্তুক কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেৱেঁই আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সকলো বিষয় তেওঁৰ সমীপতেই উত্থিত হ’ব এনেকুৱা এটা দিনত, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তেওঁ গায়েব আৰু উপস্থিত (যাৱতীয় বিষয়ৰ) জ্ঞানী, প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক উত্তমৰূপে সৃজন কৰিছে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তাৰ পিছত তেৱেঁই মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তাৰ পিছত তেৱেঁই তাক সুঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ ফুঁৱাই দিছে। তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হ'মনে’? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কোৱা, ‘মৃত্যুৰ ফিৰিস্তাক তোমালোকৰ বাবেই নিয়োগ কৰা হৈছে, তেৱেঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধীবিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি দেখিলোঁ আৰু শুনিলোঁ, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই সৎপথত পৰিচালিত কৰিলোঁহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[এতেকে (সিহঁতক কোৱা হ’ব) ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে আজিৰ এই দিনটোৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলোঁ। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[কেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ’লে ছাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁলোকে (ৰাতিত) শয্যা ত্যাগ কৰি ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এতেকে এজন মুমিন ব্যক্তি ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ ঠিকনা হ’ব জান্নাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আনহাতে যিসকলে পাপকৰ্ম কৰিছে সিহঁতৰ বাসস্থান হ’ব জুই (জাহান্নাম); যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ ওভতাই পঠিওৱা হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটোক (এতিয়া) আস্বাদন কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু নিশ্চয় আমি সিহঁতক মহা শাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[যি ব্যক্তিয়ে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ মাধ্যমত উপদেশপ্ৰাপ্ত হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, এতেকে তুমি তেওঁৰ সাক্ষাতৰ বিষয়ত সন্দেহ পোষণ নকৰিবা; আৰু আমি সেই (কিতাব)খনক বনী ইছৰাঈলৰ বাবে হিদায়তস্বৰূপ কৰি দিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল; আৰু তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰি দিব, যিবোৰ বিষয়ত সিহঁতে মতবিৰোধ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[এইটোৱেও সিহঁতক হিদায়ত নকৰিলেনে যে, আমি সিহঁতৰ পূৰ্বে কিমান প্ৰজন্মক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; তথাপিও সিহঁতে নুশুনিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[সিহঁতে লক্ষ্য কৰা নাইনে, আমিয়ে শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰোঁ। তাৰ পিছত সেই পানীৰে শস্য উৎপন্ন কৰোঁ, যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁত নিজেও খাদ্য গ্ৰহণ কৰে? সিহঁতে লক্ষ্য নকৰেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া হ’ব এই বিজয়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[কোৱা, ‘বিজয়ৰ দিনা কাফিৰসকলৰ ঈমান পোষণ কোনো কামত নাহিব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষা কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="33">
<aya number="1">
<translation><![CDATA[হে নবী আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু কাফিৰ, মুনাফিকসকলৰ আনুগত্য নকৰিবা। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী কৰা হয়, কেৱল তাৰেই অনুসৰণ কৰা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু তুমি কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুটা হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ হৈছে তোমালোকৰ মুখৰ কথাহে মাত্ৰ। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথ দেখুৱায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰসকলক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত হৈছে তোমালোকৰ দ্বীনি ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেইটো হৈছে অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈও বেছি ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল হৈছে তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলৰ তুলনাত আত্মীয়-স্বজনসকল হৈছে পৰস্পৰৰ বেছি নিকটৱৰ্তী। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সুকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি নবীসকলৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছিলোঁ আৰু তোমাৰ পৰাও, লগতে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মাৰয়ামৰ পৰাও (অংগীকাৰ লৈছিলোঁ)। আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলোঁ দৃঢ় অংগীকাৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতা সম্পৰ্কে সুধিবলৈ (এই অংগীকাৰ লোৱা হৈছিল), আৰু তেওঁ কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি থকা আল্লাহৰ অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যেতিয়া শত্ৰুবাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলোঁ ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিবোৰক তোমালোকে দেখা পোৱা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[যেতিয়া সিহঁতে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল তোমালোকৰ ওপৰৰ পৰা আৰু নিম্নফালৰ পৰা; তেতিয়া তোমালোকৰ চকু থৰ লাগিছিল আৰু তোমালোকৰ প্ৰাণবোৰ কণ্ঠাগত হৈ পৰিছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তেতিয়া মুমিনসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে প্ৰকম্পিত (তথা আতংকিত) হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছিল সিহঁতে কৈছিল, ‘আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ প্ৰতাৰণাৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু যেতিয়া সিহঁতৰ এটা দলে কৈছিল, ‘হে ইয়াছৰিবৰ অধিবাসীসকল! ইয়াত (ৰাছুলৰ ওচৰত প্ৰতিৰোধ কৰিবলৈ) তোমালোকৰ কোনো স্থান নাই। এতেকে তোমালোকে (ঘৰলৈ) উভতি যোৱা’, আৰু সিহঁতৰ মাজৰ এটা দলে নবীৰ ওচৰত গৈ অব্যাহতি বিচাৰি আবেদন কৰি কৈছিল, ‘আমাৰ ঘৰ-দুৱাৰসমূহ অসুৰক্ষিত (গতিকে আমাক উভতি যাবলৈ অনুমতি দিয়ক)’; অথচ সেইবোৰ অসুৰক্ষিত নাছিল, আচলতে পলাই যোৱাটোহে আছিল সিহঁতৰ মূল উদ্দেশ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু যদি বিভিন্ন ফালৰ পৰা সিহঁতৰ বিৰুদ্ধে শত্ৰুসকলে প্ৰৱেশ কৰিলেহেঁতেন, তাৰ পিছত সিহঁতক যদি শ্বিৰ্ক কৰাৰ বাবে আহ্বান জনোৱা হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে সেয়া কৰিলেহেঁতেন, সিহঁতে সেইটো কৰিবলৈ অকণো পলম নকৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[নিশ্চয় সিহঁতে পূৰ্বেই আল্লাহৰ লগত অংগীকাৰ কৰিছিল যে, সিহঁতে পৃষ্ঠ প্ৰদৰ্শন নকৰিব। (গতিকে জানি থোৱা) আল্লাহৰ লগত কৰা অংগীকাৰ সম্পৰ্কে নিশ্চয় (সিহঁতক) জবাবদিহি কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[কোৱা, ‘যদি তোমালোকে মৃত্যু অথবা হত্যাৰ ভয়ত পলাব বিচাৰিছা, তেন্তে সেই পলায়ন তোমালোকৰ কোনো উপকাৰত নাহিব, কিন্তু তেনে ক্ষেত্ৰত তোমালোকক অকণমানহে ভোগ কৰিবলৈ সুযোগ দিয়া হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[কোৱা, ‘কোনে তোমালোকক আল্লাহৰ পৰা ৰক্ষা কৰিব, যদি তেওঁ তোমালোকক কোনো ক্ষতি কৰিব বিচাৰে, নাইবা তোমালোকক ৰহমত দান কৰিব বিচাৰে’? আৰু সিহঁতে আল্লাহৰ বাহিৰে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়কাৰীও নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আল্লাহে নিশ্চয় জানে তোমালোকৰ মাজৰ কোনবিলাক লোকে (যুদ্ধত অংশ গ্ৰহণ কৰিবলৈ) বাধা প্ৰদান কৰে আৰু কোন বিলাকে সিহঁতৰ ভাতৃক কয়, আমাৰ ফালে গুচি আহা, সিহঁতে অতি সামান্যহে যুদ্ধ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তোমালোকক সহায়-সহযোগিতা কৰাৰ ক্ষেত্ৰত সিহঁত কুণ্ঠিত। এতেকে যেতিয়া ভয়-ভীতি (তথা বিপদ) আহে তেতিয়া তুমি দেখিবা, সিহঁতে মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই তোমাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া বিপদ আঁতৰি যায় তেতিয়া সিহঁতে ধনৰ লালসাত তোমালোকক তীক্ষ্ণ ভাষাত বিদ্ধ কৰে। সিহঁতে ঈমান পোষণ কৰা নাই, সেইকাৰণে আল্লাহে সিহঁতৰ আমলসমূহক নিষ্ফল কৰিছে আৰু এইটো আল্লাহৰ বাবে অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[সিহঁতে ভাবে যে, সন্মিলিত বাহিনী গুচি যোৱা নাই। যদি সন্মিলিত বাহিনী আকৌ আহি পৰে, তেতিয়া সিহঁতে কামনা কৰিব যে, ভাল হ’লহেঁতেন যদি সিহঁতে যাযাবৰ মৰুবাসীসকলৰ লগত থাকি তোমালোকৰ সংবাদ লব পাৰিলেহেঁতেন! আৰু সিহঁতে তোমালোকৰ লগত অৱস্থান কৰিলেও নাম মাত্ৰহে যুদ্ধ কৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[নিশ্চয় তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ (সন্তুষ্টি কামনা কৰে) আৰু আখিৰাতৰ (ভাল ফলাফল) আশা কৰে, লগতে আল্লাহক বেছি বেছি স্মৰণ কৰে, তেওঁলোকৰ বাবে আল্লাহৰ ৰাছুলৰ (চৰিত্ৰৰ) মাজত আছে উত্তম আদৰ্শ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু মুমিনসকলে যেতিয়া সন্মিলিত বাহিনীক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, ‘এইটোৱেই সেই প্ৰতিশ্ৰুতি যিটো আমাক আল্লাহ আৰু তেওঁৰ ৰাছুলে দিছিল, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সঁচাই কৈছিল’। এই ঘটনাই তেওঁলোকৰ ঈমান আৰু আনুগত্যহে বৃদ্ধি কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[মুমিনসকলৰ মাজৰ কিছুমানে আল্লাহৰ লগত কৰা তেওঁলোকৰ অংগীকাৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ কিছুমানে (অংগীকাৰ পূৰ্ণ কৰি) মৃত্যুবৰণ কৰিছে আৰু কিছুমান প্ৰতীক্ষাত আছে। তেওঁলোকে নিজ অংগীকাৰত কোনো পৰিবৰ্তন কৰা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[যাতে আল্লাহে সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতাৰ বাবে পুৰস্কৃত কৰিব পাৰে, আৰু তেওঁ ইচ্ছা কৰিলে মুনাফিকসকলক শাস্তি দিব পাৰে নাইবা সিহঁতক ক্ষমা কৰিও দিব পাৰে। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু আল্লাহে কাফিৰসকলক ক্ৰুদ্ধাৱস্থাত উভতি যাবলৈ বাধ্য কৰিলে, সিহঁতে কোনো কল্যাণ লাভ কৰা নাছিল। যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। আল্লাহ সৰ্বশক্তিমান, প্ৰবল পৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু কিতাবীসকলৰ মাজৰ যিবিলাকে সিহঁতক সহায় কৰিছিল, আল্লাহে সিহঁতক সিহঁতৰ দূৰ্গসমূহৰ পৰা অৱতৰণ কৰিবলৈ বাধ্য কৰিলে, আৰু সিহঁতৰ অন্তৰসমূহত ভীতিৰ সঞ্চাৰ কৰিলে। ফলত তোমালোকে সিহঁতৰ কিছু সংখ্যক লোকক হত্যা কৰিছা আৰু কিছুমানক বন্দী কৰিছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু তেৱেঁই তোমালোকক সিহঁতৰ ভূমি, ঘৰ-দুৱাৰ আৰু সিহঁতৰ ধন-সম্পদৰ উত্তৰাধিকাৰী কৰিছে, আৰু এনেকুৱা এটা ভূমিৰো (উত্তৰাধিকাৰী কৰিছে) য’ত তোমালোকে এতিয়াও পদাৰ্পণ কৰা নাই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক কোৱা, ‘তোমালোকে যদি পাৰ্থিৱ জীৱন আৰু ইয়াৰ ভোগ-বিলাসিতা কামনা কৰা তেন্তে আহা, মই তোমালোকক ভোগ-বিলাসৰ ব্যৱস্থা কৰি দিওঁ আৰু সৌজন্যৰ সৈতে তোমালোকক বিদায় দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘আনহাতে যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুল, লগতে আখিৰাতৰ আবাস কামনা কৰা, তেন্তে (জানি থোৱা) তোমালোকৰ মাজৰ সৎকৰ্মশীল নাৰীসকলৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[হে নবী-পত্নীসকল! তোমালোকৰ মাজৰ কোনোবাই প্ৰকাশ্য অশ্লীল কাম কৰিলে তেওঁৰ বাবে শাস্তি বৃদ্ধি কৰা হ’ব দ্বিগুণ আৰু এইটো আল্লাহৰ বাবে অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আৰু নেক আমল কৰিব আমি তেওঁক দুবাৰকৈ প্ৰতিদান দিম আৰু আমি তেওঁৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ সন্মানজনক জীৱিকা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[হে নবী-পত্নীসকল! তোমালোক আন আন নাৰীৰ দৰে নহয়, যদি তোমালোকে আল্লাহক ভয় কৰা তেন্তে পৰ-পুৰুষৰ লগত কোমল কণ্ঠত কথা নক'বা, কাৰণ এনে কৰিলে যাৰ অন্তৰত ব্যাধি আছে, সি প্ৰলুব্ধ হয়; আৰু তোমালোকে ন্যায়সংগত কথা ক'বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু তোমালোকে নিজ ঘৰতে অৱস্থান কৰিবা। (প্ৰাক-ইছলামী) জাহেলী যুগৰ প্ৰদৰ্শনীৰ দৰে নিজকে প্ৰদৰ্শন কৰি নুফুৰিবা। তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। হে নবী-পৰিয়াল! আল্লাহে তোমালোকৰ পৰা কেৱল অপৱিত্ৰতাক দূৰীভূত কৰিব বিচাৰে আৰু তোমালোকক সম্পূৰ্ণৰূপে পৱিত্ৰ কৰিব বিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আল্লাহৰ আয়াত আৰু হিকমতৰ পৰা তোমালোকৰ ঘৰত যি পাঠ কৰা হয়, সেইখিন তোমালোকে স্মৰণ ৰাখিবা। নিশ্চয় আল্লাহ অতি সূক্ষ্মদৰ্শী, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিমা নাৰী, মুমিন পুৰুষ আৰু মুমিনা নাৰী, আনুগত পুৰুষ আৰু আনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীল নাৰী, বিনীত পুৰুষ আৰু বিনীত নাৰী, দানশীল পুৰুষ আৰু দানশীল নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰীণী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰীণী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰীণী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে, কোনো মুমিন পুৰুষ অথবা কোনো মুমিনা নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্ত গ্ৰহণৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব, সি নিশ্চয় স্পষ্টভাৱে পথভ্ৰষ্ট হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ তুমি আল্লাহকহে বেছি ভয় কৰা উচিত আছিল। তাৰ পিছত যায়েদে যেতিয়া নিজৰ স্ত্ৰীৰ সৈতে বিবাহ-সম্পৰ্ক ছিন্ন কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলোঁ, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰসকলে নিজৰ স্ত্ৰীক তালাক দিয়াৰ পিছত সিহঁতক (সেইসকল নাৰীক বিবাহৰ মাধ্যমত স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) মুমিনসকলৰ কোনো সমস্যা নহয়। আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আল্লাহে নবীৰ বাবে যি বিধিবদ্ধ কৰিছে, সেইটো কৰাত নবীৰ কোনো দোষ নহয়। পূৰ্বে যিসকল (নবী) অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[তেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকেই ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। হিচাপ গ্ৰহণকাৰীৰূপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতা নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তেৱেঁই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলেও তোমালোকৰ বাবে দুআ কৰে, যাতে তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে। তেওঁ মুমিনসকলৰ প্ৰতি পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাৎ কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে সন্মানজনক প্ৰতিদান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[হে নবী! নিশ্চয় আমি তোমাক সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[লগতে আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ ফালে আহ্বানকাৰী আৰু উজ্জ্বল প্ৰদীপৰূপে (প্ৰেৰণ কৰিছোঁ)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহা অনুগ্ৰহ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[তুমি কাফিৰ আৰু মুনাফিকসকলৰ আনুগত্য নকৰিবা, সিহঁতৰ নিৰ্যাতনক উপেক্ষা কৰা আৰু আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে মুমিনা নাৰীসকলক বিয়া কৰিবা, তাৰ পিছত সিহঁতক স্পৰ্শ কৰাৰ আগতে (যদি সিহঁতক) তালাক দিয়া তেন্তে তোমালোকৰ বাবে সিহঁতৰ পালনীয় কোনো ইদ্দত নাই, যিটো তোমালোকে গণনা কৰা। এনে ক্ষেত্ৰত তোমালোকে সিহঁতক কিছু পৰিমাণ সামগ্ৰী প্ৰদান কৰিবা আৰু সৌজন্যৰ সৈতে সিহঁতক বিদায় কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[হে নবী! আমি তোমাৰ বাবে বৈধ কৰিছোঁ তোমাৰ স্ত্ৰীসকলক, যিসকলক তুমি মোহৰ প্ৰদান কৰিছা; আৰু বৈধ কৰিছোঁ 'ফায়' হিচাপে আল্লাহে তোমাক যি প্ৰদান কৰিছে সিহঁতৰ মাজৰ পৰা যিসকল তোমাৰ মালিকানাধীন হৈছে। লগতে বিবাহৰ বাবে বৈধ কৰিছোঁ তোমাৰ দদাই-বৰপাইৰ জীয়েকহঁতক, জেঠাই-পেহীৰ জীয়েকহঁতক, মোমায়েৰৰ জীয়েকহঁতক আৰু তোমাৰ জেঠাই-মাহীৰ জীয়েকহঁতক, যিসকলে তোমাৰ লগত হিজৰত কৰিছে লগতে এনেকুৱা মুমিন নাৰীসকলোকো (বিবাহৰ বাবে বৈধ কৰিছোঁ) যিয়ে নবীৰ বাবে নিজকে সমৰ্পণ কৰে, যদিহে নবীয়ে তেওঁক বিয়া কৰাব বিচাৰে; এই বিধান বিশেষকৈ তোমাৰ বাবে (নিৰ্দিষ্ট), অন্যান্য মুমিনসকলৰ বাবে নহয়; যাতে তোমাৰ কোনো অসুবিধা নহয়। সৰ্বসাধাৰণ মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী আৰু দাসীবিলাকৰ বিষয়ে আমি যি বিধি নিৰ্ধাৰণ কৰিছোঁ সেয়া আমাৰ জনা আছে। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[তুমি সিহঁতৰ মাজৰ পৰা যাক ইচ্ছা তোমাৰ ওচৰৰ পৰা দূৰৈত ৰাখিব পাৰা আৰু যাক ইচ্ছা তোমাৰ ওচৰত স্থান দিব পাৰা। তুমি যাক দূৰৈত ৰাখিছা তাক কামনা কৰিলে তোমাৰ কোনো অপৰাধ নাই। এই বিধান এইবাবে যে, এনে কৰিলে সিহঁতৰ চকু জুৰ পৰাৰ বেছি সম্ভাৱনা থাকিব আৰু সিহঁতে দুখ নাপাব আৰু সিহঁতক তুমি যি প্ৰদান কৰিবা সেইটোতেই সিহঁত প্ৰত্যেকেই সন্তুষ্ট হৈ থাকিব। তোমালোকৰ অন্তৰত যি আছে আল্লাহে সেয়া জানে আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[ইয়াৰ পিছত তোমাৰ বাবে আন কোনো নাৰী বৈধ নহয় আৰু তোমাৰ স্ত্ৰীসকলৰ পৰিবৰ্তে আন কোনো স্ত্ৰী গ্ৰহণ কৰাও বৈধ নহয়, যদিও সিহঁতৰ সৌন্দৰ্যই তোমাক মুগ্ধ কৰে; কিন্তু তোমাৰ অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে। আল্লাহ সকলো বস্তুৰ ওপৰত তীক্ষ্ণ পৰ্যবেক্ষণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে নবীৰ ঘৰসমূহত বিনা অনুমতিত প্ৰৱেশ নকৰিবা, অৱশ্যে যদি তোমালোকক খোৱাৰ অনুমতি দিয়া হয় তেন্তে (এনে সময়ত) প্ৰৱেশ কৰা যাতে খোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া নহয়। এতেকে যেতিয়া তোমালোকক নিমন্ত্ৰণ কৰা হ’ব তেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, কিন্তু খোৱা শেষ হ’লেই তোমালোকে গুচি যাবা, কথা-বতৰাত ব্যস্ত নহ’বা। নিশ্চয় তোমালোকৰ এই আচৰণে নবীক কষ্ট দিয়ে, কাৰণ তেওঁ তোমালোকক উঠাই দিবলৈ সংকোচ বোধ কৰে। কিন্তু আল্লাহে সত্য কথাত সংকোচ বোধ নকৰে। তোমালোকে তেওঁৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ হৃদয়ৰ বাবে বেছি পৱিত্ৰ। আল্লাহৰ ৰাছুলক কষ্ট দিয়াটো তোমালোকৰ বাবে উচিত নহয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিয়া কৰাটোও তোমালোকৰ বাবে কেতিয়াও বৈধ নহয়। নিশ্চয় আল্লাহৰ ওচৰত এইটো হৈছে এটা মহা অপৰাধ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[যদি তোমালোকে কিবা প্ৰকাশ কৰা অথবা গোপন কৰা (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহ সৰ্ব বিষয়ে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[নবীৰ স্ত্ৰীসকলৰ বাবে তেওঁলোকৰ পিতৃবৰ্গ, পুত্ৰসকল, ভাতৃসকল, ভতিজাসকল, ভাগিনসকল, লগৰ তিৰোতাসকল আৰু তেওঁলোকৰ দাস-দাসীসকলৰ সন্মুখত সেয়া পালন নকৰাটো কোনো অপৰাধ নহয়। হে নবীৰ পত্নীসকল! আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক প্ৰত্যক্ষদৰ্শী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[নিশ্চয় আল্লাহে নবীৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলেও নবীৰ বাবে দুআ আৰু ইছতিগফাৰ কৰে। হে ঈমান্দাৰসকল! তোমালোকেও নবীৰ প্ৰতি দৰুদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক কষ্ট দিয়ে, আল্লাহে সিহঁতক পৃথিৱী আৰু আখিৰাতত অভিসম্পাত কৰিছে আৰু তেওঁ সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে লাঞ্ছনাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট গুনাহৰ বোজা বহন কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়াৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো হৈছে তেওঁলোকক চিনি পোৱাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহ'ব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[যদি মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকলে বিৰত নহয় তেন্তে নিশ্চয় আমি তোমাক সিহঁতৰ বিৰুদ্ধে প্ৰবল কৰিম; ইয়াৰ পিছত এই চহৰত সিহঁতে তোমাৰ প্ৰতিবেশীৰূপে অতি কম সময়হে থাকিব পাৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[অভিশপ্ত হৈ; সিহঁতক য’তে পোৱা যাব ত’তেই কৰায়ত্ত কৰা হ’ব আৰু নিৰ্দয়ভাৱে হত্যা কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[পূৰ্বে যিসকল অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ নীতি। তুমি কেতিয়াও আল্লাহৰ নীতিত কোনো পৰিবৰ্তন নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[মানুহে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ইয়াৰ প্ৰকৃত জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে’। কিহে তোমাক জনাব? সম্ভৱতঃ কিয়ামত অতি শীঘ্ৰেই হ’ব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[নিশ্চয় আল্লাহে কাফিৰসকলক অভিশপ্ত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জ্বলন্ত জুই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[তাত সিহঁতে চিৰস্থায়ী হ’ব আৰু সিহঁতে কোনো অভিভাৱকো নাপাব আৰু কোনো সহায়কাৰীও নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[যিদিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ'ব, সেইদিনা সিহঁতে ক'ব, হায়! আমি যদি আল্লাহক মানিলোঁহেঁতেন আৰু ৰাছুলৰ আনুগত্য কৰিলোঁহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[সিহঁতে আৰু ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰহে আনুগত্য কৰিছিলোঁ আৰু সিহঁতেই আমাক পথভ্ৰষ্ট কৰিছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতক দ্বিগুণ শাস্তি দিয়া, লগতে সিহঁতক মহা অভিসম্পাত দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[হে ঈমান্দাৰসকল! মুছাক যিসকলে কষ্ট দিছে তোমালোকে সিহঁতৰ দৰে নহ'বা, এতেকে সিহঁতে যি ৰটনা কৰিছিল আল্লাহে তেওঁক তাৰ পৰা নিৰ্দোষ প্ৰমাণিত কৰিছিল; আৰু তেওঁ আছিল আল্লাহৰ ওচৰত মৰ্যাদাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[তেতিয়াহে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব। যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, তেওঁ নিশ্চয় মহা সফলতা অৰ্জন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[নিশ্চয় আমি আকাশসমূহ, পৃথিৱী আৰু পৰ্বতমালাৰ প্ৰতিও এই আমানতৰ প্ৰস্তাৱ দিছিলোঁ কিন্তু সিহঁতে এই (দায়িত্বভাৰ) বহন কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেয়া ল’বলৈও ভয় কৰিলে আৰু মানুহে সেয়া বহন কৰিলে; নিশ্চয় সি অত্যন্ত যালিম, অতি অজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক শাস্তি দিব পাৰে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰিব পাৰে। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="34">
<aya number="1">
<translation><![CDATA[সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু কাফিৰসকলে কয়, ‘আমাৰ ওচৰলৈ কিয়ামত নাহিব’। কোৱা, ‘নিশ্চয় আহিব, শপত মোৰ প্ৰতিপালকৰ! নিশ্চয় তোমালোকৰ ওচৰলৈ আহিব’। তেওঁ গায়েব সম্পৰ্কে সম্যক পৰিজ্ঞাত; আকাশসমূহ আৰু পৃথিৱীত অণু পৰিমাণ কোনো বস্তু অথবা তাতকৈও সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়; প্ৰতিটো বস্তুৱেই সুস্পষ্ট কিতাবত লিপিবদ্ধ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যাতে তেওঁ সেইসকল লোকক প্ৰতিদান দিব পাৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইখনে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ দেখুৱায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু কাফিৰসকলে কয়, ‘আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিমনে? যিয়ে তোমালোকক সংবাদ দিব যে, তোমালোকৰ শৰীৰ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব, তেতিয়া তোমালোক নিশ্চয় আকৌ নতুনকৈ সৃষ্টি কৰা হ’ব’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে নেকি, নে তাৰ মাজত উন্মাদনা আছে? বৰং যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতে শাস্তি আৰু ঘোৰ বিভ্ৰান্তিৰ মাজত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুৰি ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে? আমি ইচ্ছা কৰিলে সিহঁতক মাটিসহ পুতি দিব পাৰোঁ অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু নিশ্চয় আমি আমাৰ ফালৰ পৰা দাউদক মৰ্যাদা প্ৰদান কৰিছিলোঁ, আৰু আদেশ কৰিছিলোঁ, হে পৰ্বতমালা! তোমালোকে দাউদৰ সৈতে বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলোঁ)। লগতে তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[(এই নিৰ্দেশ প্ৰদান কৰি যে) তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা; আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু বতাহক ছুলাইমানৰ অধীন কৰি দিছিলোঁ, যিটো ৰাতিপুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলিও এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ আৰু এনেকুৱা কিছুমান জিনক তেওঁৰ অনুগত কৰি দিছিলোঁ যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ-পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ মাজৰ মাত্ৰ কিছু সংখ্যকহে কৃতজ্ঞ!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালোঁ, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰোৱাইছিল মাটিৰ পৰুৱায়, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিল, তেতিয়া জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[নিশ্চয় ছাবাৰ অধিবাসীসকলৰ বাবে সিহঁতৰ বাস ভূমিত আছিল এটা নিদৰ্শন, দুখন উদ্যান, এখন সোঁফালে আৰু এখন বাওঁফালে। কোৱা হৈছিল, তোমালোকে তোমালোকৰ প্ৰতিপালকে দিয়া জীৱিকা ভোগ কৰা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। উত্তম নগৰ আৰু ক্ষমাশীল প্ৰতিপালক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তথাপিও সিহঁত অবাধ্য হ’ল। ফলত আমি সিহঁতৰ ওপৰত প্ৰবাহিত কৰিলোঁ বান্ধ-ভঙ্গা ঢলপানী আৰু সিহঁতৰ উদ্যান দুখনক পৰিবৰ্তন কৰি দিলোঁ এনেকুৱা দুখন উদ্যানলৈ, য’ত উৎপন্ন হয় তিতা-কেহা ফল-মূল, ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[সেই শাস্তি আমি সিহঁতক দিছিলোঁ সিহঁতৰ কুফৰীৰ কাৰণে। অকৃতজ্ঞসকলৰ বাহিৰে আন কাকো আমি এনেকুৱা শাস্তি নিদিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সিহঁতক লগতে আৰু যিবোৰ জনপদৰ মাজত আমি বৰকত দিছিলোঁ, সেইবোৰৰ মধ্যৱৰ্তী স্থানত আমি দৃশ্যমান বহুতো জনপদ স্থাপন কৰিছিলোঁ, আৰু সেইবোৰ জনপদলৈ ভ্ৰমণৰ বাবে যথাযথ ব্যৱস্থাও কৰি দিছিলোঁ। কৈছিলোঁ, ‘তোমালোকে এইবোৰ জনপদত দিনে-ৰাতি (যেতিয়া ইচ্ছা তেতিয়াই) নিৰাপদে ভ্ৰমণ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তাৰ পিছত সিহঁতে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ভ্ৰমণৰ দুৰত্ব দীৰ্ঘ কৰি দিয়া’। সিহঁতে নিজৰে প্ৰতি অন্যায় কৰিছিল। ফলত আমি সিহঁতক কাহিনীৰ বিষয় বস্তুত পৰিণত কৰিলোঁ আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন-বিচ্ছিন্ন কৰি দিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক ধৈৰ্যশীল, কৃতজ্ঞ ব্যক্তিৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু নিশ্চয় সিহঁতৰ বিষয়ে ইবলীছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু সিহঁতৰ ওপৰত চয়তানৰ কোনো আধিপত্য নাছিল। কিন্তু কোনে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে, সেয়া প্ৰকাশ কৰাটোৱেই আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুৰো মালিক নহয়। এই দুয়োৰে মাজত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো চুপাৰিছ ফলপ্ৰসূ নহ’ব। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হ’ব, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰিব, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে ক’ব, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ পৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে’? কোৱা, ‘আল্লাহ। (এইটো নিশ্চিত যে,) আমি অথবা তোমালোক (দুয়ো পক্ষৰ যিকোনো এক পক্ষ) নিশ্চয় সৎপথত প্ৰতিষ্ঠিত আছোঁ নাইবা স্পষ্ট বিভ্ৰান্তিত আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[কোৱা, ‘আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহ’ব আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্ৰশ্ন কৰা নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[কোৱা, ‘আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেৱেঁই আমাৰ মাজত সঠিকভাৱে ফয়চালা কৰি দিব; আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী, সৰ্বজ্ঞ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[কোৱা, ‘তোমালোকে মোক দেখুৱাচোন, যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়। বৰং তেওঁ (একমাত্ৰ) আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[কোৱা, ‘তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত্তও বিলম্ব কৰিব নোৱাৰিবা, আৰু ত্বৰান্বিতও কৰিব নোৱাৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে সিহঁতে কয়, "আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ, আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ"। হায়! তুমি যদি দেখিলাহেঁতেন, যেতিয়া যালিমসকলক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভবা হৈছিল, সিহঁতে অহংকাৰীবিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি নিশ্চয় মুমিন হ’লোঁহেঁতেন!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[যিসকলে অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখা বিলাকক ক’ব, ‘তোমালোকৰ ওচৰলৈ হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলোঁ নেকি? বৰং তোমালোকহে অপৰাধী আছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে অহংকাৰকাৰী বিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা; যাতে আমি আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰোঁ’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপন ৰাখিবলৈ যত্ন কৰিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আমি যি জনপদতেই সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তাৰ বিত্তশালী অধিবাসীসকলে কৈছে, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা নিশ্চয় আমি সেয়া অস্বীকাৰ কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[সিহঁতে আৰু কৈছে, ‘আমি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ফালৰ পৰা অধিক সমৃদ্ধশালী; আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে; কিন্তু অধিকাংশ লোকেই সেয়া নাজানে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এনে কোনো বিষয় নহয় যিয়ে তোমালোকক মৰ্যাদাৰ ক্ষেত্ৰত আমাৰ নিকটৱৰ্তী কৰি দিব; কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকেই নিজ কৰ্মৰ বাবে বহুগুণ প্ৰতিদান লাভ কৰিব; আৰু তেওঁলোকে সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক কৰে ইচ্ছা সীমিত কৰি দিয়ে। তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তাৰ বিনিময় তেৱেঁই প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু স্মৰণ কৰা, যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব, তাৰ পিছত ফিৰিস্তাসকলক সুধিব, ‘ইহঁতে তোমালোকৰ ইবাদত কৰিছিল নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিনবিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম যে, ‘তোমালোকে যি অগ্নি-শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্ব পুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলোঁ, যিখন সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলোঁ, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছোঁ, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[কোৱা, ‘যদি মই তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচাৰোঁ তেন্তে সেয়া কেৱল তোমালোকৰ বাবেই; মোৰ পুৰস্কাৰ আছে কেৱল আল্লাহৰ ওচৰত আৰু তেওঁ সকলো বস্তুৰে প্ৰত্যক্ষকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে সত্যৰ দ্বাৰা আঘাত কৰে, তেৱেঁই যাৱতীয় গায়েবৰ সম্যক জ্ঞানী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[কোৱা, ‘সত্য আহিছে, গতিকে (জানি থোৱা) অসত্যই নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়তপ্ৰাপ্ত হওঁ তেন্তে কেৱল এইকাৰণে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতে ভীত-বিহ্বল হৈ পৰিব, তেতিয়া সিহঁতে অব্যাহতি নাপাব আৰু সিহঁতক অতি ওচৰৰ পৰা কৰায়ত্ত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলোঁ’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[অথচ ইতিপূৰ্বে সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল; আৰু সিহঁতে দূৰৱৰ্তী স্থানৰ পৰা গায়েবৰ বিষয়ে বেয়া মন্তব্য পোষণ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[সিহঁত আৰু সিহঁতৰ আশা-আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীসকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="35">
<aya number="1">
<translation><![CDATA[সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে নিয়োগ কৰিছে, তেওঁলোক (ফিৰিস্তাসকল) হৈছে দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা কৰে বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে তাক ৰোধ কৰিবলৈ কোনো নাই, আনহাতে তেওঁ যিটোক ৰোধ কৰে সেইটোক মুকলি কৰিবলৈও কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[হে মানৱ! তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভতাই নিয়া হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) তোমাৰ পূৰ্বেও ৰাছুলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[হে মানৱ! নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; সেয়ে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰতাৰকেও (চয়তানেও) যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় চয়তান হৈছে তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এইকাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি; আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাবে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাবে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে তাক হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সেইজনেই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে। তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰোঁ, ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰ্জীৱিত কৰোঁ। এইদৰেই পুনৰ্জীৱন সংঘটিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[যদি কোনোবাই সন্মান বিচাৰে (তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত) কিয়নো সকলো সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতেই সকলো ভাল কথা উত্থিত হয় আৰু তেৱেঁই নেক আমলক ওপৰলৈ উঠাই নিয়ে। পক্ষান্তৰে যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ নিশ্চিতভাৱে ব্যৰ্থ হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰা যোৰাকৈ বনাইছে। আল্লাহৰ অজ্ঞাতে কোনো নাৰীয়ে গৰ্ভ ধাৰণো নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এখন গ্ৰন্থত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু দুয়োখন সাগৰ সমান নহয়ঃ এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা। প্ৰতিখনৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ, যিবোৰ তোমালোকে পৰিধান কৰা। লগতে তোমালোকে তাত দেখিবলৈ পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰক, (যিবোৰত আৰোহণ কৰি) তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা, লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত, তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন; প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। তেৱেঁই আল্লাহ তোমালোকৰ প্ৰতিপালক। আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে খেজুৰ গুটিৰ ওপৰত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান শুনা নাপায় আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[হে মানৱ! তোমালোকেহে আল্লাহৰ মুখাপেক্ষী; আৰু আল্লাহ, তেৱেঁই অভাৱমুক্ত, প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু কোনো বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহন কৰিবলৈ কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব, আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, তেওঁ নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[অন্ধকাৰ আৰু পোহৰো সমান নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[শীতল ছাঁ আৰু প্ৰখৰ ৰ’দো সমান নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তুমি কেৱল এজন সতৰ্ককাৰীহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[নিশ্চয় আমি তোমাক সত্য সহকাৰে প্ৰেৰণ কৰিছোঁ সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰলৈ সতৰ্ককাৰী অহা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অবিশ্বাস কৰিছিল, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি তথা গ্ৰন্থাদি আৰু দীপ্তিমান কিতাব লৈ আহিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তাৰ পিছত যিসকলে কুফৰী কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলোঁ। এতেকে (চোৱা) কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (শাস্তি)!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তুমি দেখা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন ৰঙৰ ফলমূল উৎপন্ন কৰোঁ। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু এইদৰে মানুহৰ মাজত, বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে দান-খয়ৰাত কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ, যিটো কেতিয়াও ধ্বংস নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ সেয়া সত্য, ইয়াৰ পূৰ্বে যিবোৰ (গ্ৰন্থ) দিয়া হৈছিল, এইখন হৈছে সেইবোৰৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলোঁ তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছোঁ; কিন্তু সিহঁতৰ মাজৰ কিছুমান আছিল নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আছিল আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[চিৰস্থায়ী জান্নাত, য’ত তেওঁলোকে প্ৰৱেশ কৰিব। তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ’ব আৰু তাত তেওঁলোকৰ পোচাক হ’ব খাঁটি ৰেচমৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[‘যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আবাসত প্ৰৱেশ কৰাইছে, য’ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব, যাৰ ফলত সিহঁতে মৃত্যুবৰণ কৰিব, লগতে সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু তাত সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলোঁ তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোঁনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[তেৱেঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে। এতেকে কোনোবাই কুফৰী কৰিলে তাৰ কুফৰীৰ বাবে সি নিজেই দায়ী হ’ব। কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে আৰু কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[কোৱা, ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন; অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাব দিছোঁ নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে’? বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[নিশ্চয় আল্লাহেই আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে, যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব; কিন্তু যেতিয়া সিহঁতৰ ওচৰলৈ সতৰ্ককাৰী আহিল, তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[পৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তীবিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে, তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন যে, ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈও অধিক শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে, আকাশসমূহ আৰু পৃথিৱীৰ কোনোবাই তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি পৰিব, (তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ত কৰিব) নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="36">
<aya number="1">
<translation><![CDATA[ইয়া-ছীন,[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[জ্ঞানগৰ্ভ কোৰআনৰ শপত!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক, যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাছিল, সেয়ে সিহঁত উদাসীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় সিহঁতৰ অধিকাংশৰ ওপৰতে (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰিলৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছোঁ, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ, তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[নিশ্চয় আমিয়েই মৃতক জীৱিত কৰোঁ আৰু লিখি ৰাখোঁ সিহঁতে যি আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাবত সংৰক্ষণ কৰি ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু সিহঁতৰ ওচৰত এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত বৰ্ণনা কৰা; যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুলসকল আহিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[যেতিয়া আমি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰলৈ (আল্লাহৰ দূত হিচাপে) প্ৰেৰিত হৈছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[সিহঁতে কৈছিল, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈ আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁলোকে (উত্তৰত) কৈছিল, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘আৰু (শুনা!) স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰোঁ, যদি তোমালোকে বিৰত নোহোৱা তেন্তে নিশ্চয় আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক হৈছা এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[ইপিনে নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[‘অনুসৰণ কৰা সেইসকল ব্যক্তিৰ, যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক হৈছে সৎপথপ্ৰাপ্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[‘আৰু মই কি যুক্তিত সেই সত্ত্বাৰ ইবাদতৰ পৰা বিৰত থাকিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰলৈ তোমালোকক ওভতাই নিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[‘মই তেওঁৰ বাহিৰে বেলেগ কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ চুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হ'ম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছোঁ, এতেকে তোমালোকে মোৰ কথা শুনা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাছিলোঁ, আনকি প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[সেয়া আছিল কেৱল এটা বিকট শব্দ। যাৰ ফলত সিহঁত নিথৰ নিস্তব্ধ হৈ পৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ? নিশ্চয় সেইসকল লোক সিহঁতৰ মাজলৈ আৰু উভতি নাহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু মৃত ভূমি হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছোঁ আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছোঁ, যিবোৰ সিহঁতে খায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু তাত আমি সৃষ্টি কৰিছোঁ খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছোঁ কিছুমান প্ৰস্ৰৱন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ (এইবোৰক) সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওক বা সিহঁতৰ (মানুহৰ) মাজৰ পৰাই হওক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু ৰাতিও হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰোঁ, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[লগতে চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছোঁ বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰণি খেজুৰ ঠানিৰ আকাৰত উভতি যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষেও সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত ভাহিঁ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক ভৰ্তি নৌযানত আৰোহণ কৰোৱাইছিলোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছোঁ যাতে সিহঁতে আৰোহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষিত হয়’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয় যে, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাতহে আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে আক্ৰমণ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[তেতিয়া সিহঁতে অছিয়ত কৰাৰো সামৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়া সিহঁতে তৎক্ষণাত কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে লৰ মাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই দেখোন প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও দেখোন সত্য কথাহে কৈছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহ'ব আৰু তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত ব্যস্ত থাকিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তেওঁলোক আৰু তেওঁলোকৰ স্ত্ৰীসকলে সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোঁনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু নিশ্চয় চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[এইখনেই হৈছে সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰী কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে নিশ্চয় সিহঁতৰ চকুবোৰক লোপ কৰি দিলোঁহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰি ফুৰিলেও (কোনো কামত নাহিব), কাৰণ কেনেকৈনো দেখা পাব!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে সিহঁতক সিহঁতৰ নিজ নিজ স্থানতে আকৃতি পৰিবৰ্তন কৰি দিব পাৰিলোঁহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে, লগতে কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছোঁ। অথচ সিহঁতেই সেইবোৰৰ মালিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছোঁ। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[তথাপিও সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো সিহঁতে যি গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[মানুহে লক্ষ্য নকৰে নেকি যে, আমি তাক সৃষ্টি কৰিছোঁ শুক্ৰবিন্দুৰ পৰা, তথাপিও সি পাছত প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, তেওঁ সিহঁতৰ অনুৰূপ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় সক্ষম। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[এতেকে পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যাৰ হাতত আছে প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="37">
<aya number="1">
<translation><![CDATA[শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[লগতে কঠোৰ ধমক প্ৰদানকাৰীসকলৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু উপদেশগ্ৰন্থ তিলাৱতকাৰীসকলৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় তোমালোকৰ ইলাহ হৈছে এজন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থল সমূহৰো প্ৰতিপালক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু (ইয়াক) ৰক্ষা কৰিছোঁ প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ প্ৰতি চোঁচা লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এতেকে সিহঁতক (অবিশ্বাসীসকলক) সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল, নে আমি আন আন যিবোৰ সৃষ্টি কৰিছোঁ সেইবোৰ (অধিক জটিল)? আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[বৰং তুমি বিস্ময়বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু কয়, ‘এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[কোৱা, ‘হয়, আৰু (তেতিয়া) তোমালোক হ’বা লাঞ্ছিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[এতেকে সেয়া হ’ব কেৱল এটা প্ৰচণ্ড ধমক, ফলত তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটোৱে দেখোন প্ৰতিদান দিৱস’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[(সিহঁতক কোৱা হ’ব) এইটোৱেই হৈছে ফয়চালাৰ দিন, যিটোক তোমালোকে অবিশ্বাস কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইসকলকো যিসকলৰ সিহঁতে ইবাদত কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আল্লাহৰ বাহিৰে। তথা সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[‘কি হ’ল তোমালোকৰ, তোমালোকে ইজনে সিজনক (এতিয়া) সহায় নকৰা কিয়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[বৰং আজি সিহঁতে আত্মসমৰ্পণ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ সোধ-পোছ কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকে আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হৈছে, গতিকে নিশ্চিতভাৱে আমি শাস্তি আস্বাদন কৰিব লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলোঁ, কাৰণ আমি নিজেই বিভ্ৰান্ত আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[এতেকে নিশ্চয় সেইদিনা সিহঁত আটায়ে শাস্তিত অংশীদাৰ হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো তেওঁ সত্য বুলি স্বীকাৰ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল লাভ কৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[ফল-মূল; আৰু তেওঁলোক হ’ব সন্মানিত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[(তেওঁলোকে বসবাস কৰিব) নিয়ামতেৰে ভৰা জান্নাতত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[তেওঁলোকে মুখামুখি হৈ আসনত বহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[শুভ্ৰ উজ্জ্বল, যিবোৰ পানকাৰীসকলৰ বাবে হ’ব সোৱাদপূৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোকে এইবোৰৰ দ্বাৰা মাতোৱালো (নিচাগ্ৰস্তও) নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[তেওঁলোকৰ লগত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[তেওঁলোক যেনিবা আচ্ছাদিত কণী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখামুখি হৈ সোধ-পোছ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[তেওঁলোকৰ মাজৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে, ময়ো দেখোন (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[(যিকে নহওক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহ'ব!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[নিশ্চয় এইটোৱেই হৈছে সেই মহা সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[এই গছজোপা উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[নিশ্চয় সিহঁতে ইয়াক ভক্ষণ কৰিব আৰু ইয়াৰ দ্বাৰাই পেট ভৰাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পথভ্ৰষ্ট পাইছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত ক্ষীপ্ৰতা দেখুৱাইছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[নিশ্চয় সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ মাজৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু নিশ্চয় নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলোঁ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[আৰু তেওঁৰ বংশধৰসকলকহে আমি অৱশিষ্ট ৰাখিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[তাৰ পিছত ডুবাই মাৰিছিলোঁ আনটো দলক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[আৰু নিশ্চয় ইব্ৰাহীমো আছিল তেওঁৰ অনুসাৰীসকলৰেই অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[যেতিয়া তেওঁ নিজ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰি আছা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে এবাৰ দৃষ্টিপাত কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁক এৰি গুচি গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[তাৰ পিছত তেওঁ সংগোপনে সিহঁতৰ উপাস্যবোৰৰ ওচৰলৈ গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[ইপিনে মানুহে (ঘৰলৈ ঘূৰি আহি) তেওঁৰ ফালে ঢাপলি মেলিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[‘অথচ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="97">
<translation><![CDATA[সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="98">
<translation><![CDATA[এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="99">
<translation><![CDATA[তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছোঁ, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="100">
<translation><![CDATA[‘হে মোৰ প্ৰতিপালক! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="101">
<translation><![CDATA[তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="102">
<translation><![CDATA[এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ যে, মই তোমাক জবেহ কৰি আছোঁ, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্য্যশীলসকলৰ অন্তৰ্ভুক্ত পাব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="103">
<translation><![CDATA[এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="104">
<translation><![CDATA[তেতিয়া আমি তেওঁক মাতি ক’লোঁ, ‘হে ইব্ৰাহীম!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="105">
<translation><![CDATA[‘তুমি নিশ্চয় সপোনৰ আদেশ পালন কৰিছা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="106">
<translation><![CDATA[নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="107">
<translation><![CDATA[আৰু আমি তেওঁক মুক্ত কৰিলোঁ এটা মহা কুৰবানীৰ বিনিময়ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="108">
<translation><![CDATA[আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="109">
<translation><![CDATA[শান্তি বৰ্ষিত হওক ইব্ৰাহীমৰ ওপৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="110">
<translation><![CDATA[এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="111">
<translation><![CDATA[নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="112">
<translation><![CDATA[আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলোঁ, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="113">
<translation><![CDATA[আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলোঁ আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="114">
<translation><![CDATA[আৰু নিশ্চয় আমি অনুগ্ৰহ কৰিছিলোঁ মূছা আৰু হাৰূনৰ প্ৰতি,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="115">
<translation><![CDATA[আৰু তেওঁলোক উভয়কে আৰু তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলোঁ মহাসংকটৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="116">
<translation><![CDATA[আৰু আমি তেওঁলোকক সহায় কৰিছিলোঁ, ফলত তেওঁলোকে বিজয়ী হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="117">
<translation><![CDATA[আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="118">
<translation><![CDATA[আৰু উভয়কে আমি পৰিচালিত কৰিছিলোঁ সৰল পথত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="119">
<translation><![CDATA[আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="120">
<translation><![CDATA[মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওক ছালাম (শান্তি আৰু নিৰাপত্তা)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="121">
<translation><![CDATA[নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="122">
<translation><![CDATA[নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="123">
<translation><![CDATA[আৰু নিশ্চয় ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="124">
<translation><![CDATA[যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="125">
<translation><![CDATA[‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="126">
<translation><![CDATA[‘আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="127">
<translation><![CDATA[তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক নিশ্চয় (শাস্তিৰ মাজত) উপস্থিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="128">
<translation><![CDATA[কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="129">
<translation><![CDATA[আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="130">
<translation><![CDATA[শান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="131">
<translation><![CDATA[নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="132">
<translation><![CDATA[নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="133">
<translation><![CDATA[আৰু নিশ্চয় লূতো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="134">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="135">
<translation><![CDATA[কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="136">
<translation><![CDATA[তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="137">
<translation><![CDATA[আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="138">
<translation><![CDATA[আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="139">
<translation><![CDATA[আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="140">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তেওঁ ভৰা নৌযানৰ পিনে পলাই গৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="141">
<translation><![CDATA[তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিছিল আৰু পৰাভূতসকলৰ অন্তৰ্ভুক্ত হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="142">
<translation><![CDATA[তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলাইছিল, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="143">
<translation><![CDATA[আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="144">
<translation><![CDATA[তেন্তে তেওঁ পুনৰুত্থান দিৱসলৈকে মাছৰ পেটতেই থাকিলহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="145">
<translation><![CDATA[অৱশেষত তেওঁক আমি নিক্ষেপ কৰিছিলোঁ এটা তৃণহীন সমুদ্ৰতটত, আৰু তেওঁ আছিল অসুস্থ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="146">
<translation><![CDATA[আৰু আমি (তেওঁক ছাঁ দিবলৈ) তেওঁৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="147">
<translation><![CDATA[আৰু আমি তেওঁক এক লাখ বা তাতকৈও বেছি লোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="148">
<translation><![CDATA[এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="149">
<translation><![CDATA[এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="150">
<translation><![CDATA[অথবা আমি ফিৰিস্তাসকলক নাৰী হিচাপে সৃষ্টি কৰিছোঁ নেকি, সেয়া সিহঁতে দেখিছিলনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="151">
<translation><![CDATA[জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="152">
<translation><![CDATA[‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="153">
<translation><![CDATA[তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="154">
<translation><![CDATA[কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="155">
<translation><![CDATA[তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="156">
<translation><![CDATA[অথবা তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="157">
<translation><![CDATA[যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ কিতাব লৈ আহা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="158">
<translation><![CDATA[সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="159">
<translation><![CDATA[সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="160">
<translation><![CDATA[কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="161">
<translation><![CDATA[নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="162">
<translation><![CDATA[(একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="163">
<translation><![CDATA[কেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্জ্বলিত জুইত ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="164">
<translation><![CDATA[আৰু (জিব্ৰীলে ক’ব) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="165">
<translation><![CDATA[‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="166">
<translation><![CDATA[‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="167">
<translation><![CDATA[আৰু নিশ্চয় সিহঁতে (মক্কাবাসীবিলাকে) কৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="168">
<translation><![CDATA[‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="169">
<translation><![CDATA[‘তেন্তে নিশ্চয় আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোঁহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="170">
<translation><![CDATA[কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="171">
<translation><![CDATA[নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="172">
<translation><![CDATA[নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="173">
<translation><![CDATA[আৰু নিশ্চয় আমাৰ সেনাবাহিনীয়েই বিজয়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="174">
<translation><![CDATA[এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই লোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="175">
<translation><![CDATA[আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="176">
<translation><![CDATA[তেন্তে সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="177">
<translation><![CDATA[এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="178">
<translation><![CDATA[গতিকে কিছু সময়ৰ বাবে তুমি সিহঁতক উপেক্ষা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="179">
<translation><![CDATA[আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="180">
<translation><![CDATA[সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ প্ৰতিপালক পৱিত্ৰ আৰু মহান, তেৱেঁই সকলো ক্ষমতাৰ অধিকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="181">
<translation><![CDATA[আৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="182">
<translation><![CDATA[আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="38">
<aya number="1">
<translation><![CDATA[চ’দ,[1] শপত উপদেশপূৰ্ণ কোৰআনৰ (নিশ্চয় তুমি সত্যবাদী)!]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[কিন্তু কাফিৰসকল ঔদ্ধত্য আৰু বিৰোধিতাতহে নিপতিত হৈ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছোঁ, তেতিয়া সিহঁতে (সহায় বিচাৰি) চিঞৰিছিল। কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে আৰু কাফিৰসকলে কয়, ‘এওঁ এজন যাদুকৰ, মিছলীয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[‘এওঁ সকলো ইলাহক এৰি কেৱল এজন ইলাহ বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অতি আশ্চৰ্যকৰ বিষয়!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি গ’ল যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এইটো হৈছে এটা উদ্দেশ্যমূলক বিষয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আমি শেহতীয়া ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, নিশ্চয় এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[‘(আমি ইমান লোক থাকোঁতে) আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল নেকি’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে। বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা বস্তুবোৰৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এইটো হৈছে এটা (সৰু) সেনাদল, নিশ্চয় ইহঁত পৰাজিত হ’ব, পূৰ্বৱৰ্তী (ডাঙৰ) দলসমূহৰ দৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনেও,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীবিলাকেও (অস্বীকাৰ কৰিছিল)। সিহঁত আছিল একো একোটা বিশাল বাহিনী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি বাস্তৱায়িত হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু ইহঁতে কেৱল এটা বিকট শব্দৰ অপেক্ষা কৰি আছে, যাৰ পিছত কোনো বিৰাম নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘হে আমাৰ প্ৰতিপালক! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰেই প্ৰদান কৰা!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলোঁ, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলোঁ); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলোঁ আৰু তেওঁক প্ৰদান কৰিছিলোঁ হিকমত তথা মীমাংসাকাৰী বাগ্মিতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু তোমাৰ ওচৰলৈ বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁলোকক দেখি তেওঁ ভয় খাইছিল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ। আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[‘নিশ্চয় এওঁ হৈছে মোৰ ভাতৃ। এওঁৰ নিৰানব্বৈজনী দুম্বা আছে; আৰু মোৰ আছে কেৱল এজনী দুম্বা। তথাপিও তেওঁ কয়, ‘সেইজনী মোক দি দিয়া’, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[দাউদে ক’লে, ‘তোমাৰ দুম্বাজনীক তেওঁৰ দুম্বাবোৰৰ লগত যুক্ত কৰাৰ দাবী উত্থাপন কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোকে সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলোঁ। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল। (ছাজদাহ)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[এতেকে আমি তেওঁক ক্ষমা কৰি দিলোঁ। নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে উচ্চ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছোঁ, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইবোৰক (অনৰ্থক বুলি) কেৱল সেইসকল লোকে ধাৰণা কৰে যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত অশান্তি সৃষ্টিকাৰীসকলৰ দৰে গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক পাপীষ্টবিলাকৰ দৰে গণ্য কৰিম?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এইখন হৈছে বৰকতময় গ্ৰন্থ, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে মানুহে ইয়াৰ আয়াতসমূহৰ প্ৰতি গভীৰভাৱে চিন্তা-চৰ্চা কৰে আৰু যাতে বোধশক্তিসম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু আমি দাউদক (সন্তান হিচাপে) দান কৰিছিলোঁ ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[স্মৰণ কৰা, আবেলি যেতিয়া তেওঁৰ সন্মুখত (প্ৰশিক্ষণপ্ৰাপ্ত) দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তেতিয়া তেওঁ কৈছিল, ‘মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলোঁ এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন সাম্ৰাজ্য দান কৰা, মোৰ পিছত কোনেও যাতে তেনেকুৱা সাম্ৰাজ্যৰ অধিকাৰী নহয়। নিশ্চয় তুমি পৰম দাতা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তেতিয়া আমি বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুভাৱে প্ৰবাহিত হৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু (তেওঁৰ অধীন কৰি দিছিলোঁ) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু চয়তানবোৰকো,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[লগতে শিকলিৰে আৱদ্ধ আৰু বহুতকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[এইবোৰ হৈছে আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ বাবে কোনো হিচাব দিব নালাগে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় চয়তানে মোক যন্ত্ৰণা আৰু কষ্টত পেলাইছে’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[(মই তেওঁক কৈছিলোঁ,) ‘তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধুৱাৰ বাবে সুশীতল পানী, লগতে খোৱা পানী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু আমি তেওঁক দান কৰিছিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহ হিচাপে আৰু বোধশক্তিসম্পন্ন লোকসকলৰ বাবে উপদেশ হিচাপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[লগতে (আমি তেওঁক আদেশ কৰিছিলোঁ) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভংগ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্য্যশীল পাইছিলোঁ। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[নিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু স্মৰণ কৰা, ইছমাঈল, আল-য়াচাআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[এইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[এইটোৱে হৈছে হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[নিশ্চয় এইটোৱে হৈছে আমি প্ৰদান কৰা ৰিজিক্ব (জীৱিকা), যিটো কেতিয়াও নিঃশেষ নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[এইটোৱেই (হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান)। আনহাতে নিশ্চয় সীমালংঘনকাৰীবিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[জাহান্নাম, তাত সিহঁতে অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[এইটোৱেই (হৈছে অবিশ্বাসীসকলৰ প্ৰতিদান)। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[(জাহান্নামী নেতাসকলক কোৱা হ’ব) এয়া হৈছে এটা বাহিনী, যিসকল তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। (সিহঁতে ক’ব) সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[অনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ মাতি আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[সিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলোঁ সিহঁতক দেখোন (ইয়াত) দেখা পোৱা নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলোঁ নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[জাহান্নামীসকলৰ এই পাৰস্পৰিক বাদ-প্ৰতিবাদ, নিশ্চয় এইটো বাস্তৱ সত্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[কোৱা, ‘মই কেৱল এজন সতৰ্ককাৰীহে মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[কোৱা, ‘এইটো এটা মহাসংবাদ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) বাদানুবাদ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[‘মোলৈ এই অহী আহিছে যে, মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাথোন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তেতিয়া ফিৰিস্তাসকলে আটায়ে একেলগে ছাজদাহ কৰিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা ওলাই যোৱা, কাৰণ নিশ্চয় তুমি অভিশপ্ত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱসলৈকে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[তেওঁ ক’লে, ‘যোৱা, নিশ্চয় তোমাক অৱকাশ দিয়া হ’ল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[‘সুনিৰ্দিষ্ট সময় অহাৰ দিৱস পৰ্যন্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! নিশ্চয় মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[‘কিন্তু সিহঁতৰ মাজত থকা তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[‘নিশ্চয় তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[(হে নবী!) কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু মই কোনো প্ৰবঞ্চক-ছলনাকাৰীও নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[এই (কোৰআন)খন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ বাণী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[আৰু ইয়াত থকা সংবাদৰ সত্যতা তোমালোকে নিশ্চয় জানিব পাৰিবা, কিছুদিন পিছত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="39">
<aya number="1">
<translation><![CDATA[এইখন কিতাব, মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ ওচৰলৈ এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইকাৰণেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়কলৈ নিজৰ মাজতে মতভেদ কৰি আছে, নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। (লগতে জানি থোৱা) নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেৱেঁই আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰাই তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ প্ৰতিপালক; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে কৃতজ্ঞতাক পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে, ইতিপূৰ্বে সি কি কাৰণত তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু তেওঁৰ পথৰ পৰা আনক বিভ্ৰান্ত কৰিবলৈ সি আল্লাহৰ সমকক্ষ স্থিৰ কৰি লয়। কোৱা, ‘কুফৰীৰ অৱস্থাত তুমি কিছুকাল জীৱন উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[যি ব্যক্তিয়ে ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, লগতে আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (এই ব্যক্তিক সেই ব্যক্তিৰ দৰে গণ্য কৰা হ'ব নেকি যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তিসম্পন্ন ব্যক্তিসকলেহে উপদেশ গ্ৰহণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, নিশ্চয় ধৈৰ্য্যশীলসকলক তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘মোক আৰু আদেশ কৰা হৈছে, ময়ে যেন আত্মসমৰ্পণকাৰী (মুছলিম)সকলৰ মাজত অগ্ৰণী হওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে নিশ্চয় মই ভয় কৰোঁ যে, মহা দিৱসৰ শাস্তিয়ে মোক গ্ৰাস কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[কোৱা, ‘মই আল্লাহৰ প্ৰতি মোৰ আনুগত্যক একনিষ্ঠ কৰি কেৱল তেওঁৰেই ইবাদত কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[‘এতেকে তোমালোকে আল্লাহৰ পৰিবৰ্তে যাক ইচ্ছা কৰা তাৰে ইবাদত কৰা’। কোৱা, ‘প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱেই হৈছে সুস্পষ্ট ক্ষতি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[সিহঁতৰ বাবে সিহঁতৰ ওপৰতো থাকিব অগ্নিৰ স্তৰ আৰু তলফালেও থাকিব অগ্নিৰ স্তৰ। এইবোৰ শাস্তিৰ দ্বাৰাই আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! এতেকে তোমালোকে কেৱল মোকেই ভয় কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আনহাতে যিসকলে তাগূতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[যিসকলে মনোযোগ সহকাৰে কথা শুনে আৰু তাৰ মাজৰ উত্তম কথাৰ অনুসৰণ কৰে। সেইসকল লোককেই আল্লাহে হিদায়ত দান কৰিছে আৰু তেওঁলোকেই হৈছে বোধশক্তিসম্পন্ন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে, এতেকে জাহান্নামত থকা সেই ব্যক্তিক তুমি ৰক্ষা কৰিব পাৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা, যাৰ ওপৰতো নিৰ্মিত আছে অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত আছে; এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে, তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেই ফচল পকি যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটোক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে, ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা (অহা) নূৰৰ ওপৰত আছে, (এওঁ সেই ব্যক্তিৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱাত সিহঁতৰ অন্তৰ কঠোৰ হৈ পৰিছে! সিহঁত আছে স্পষ্ট বিভ্ৰান্তিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আল্লাহে অৱতীৰ্ণ কৰিছে উত্তম হাদীছ (বাণী) সম্বলিত এনেকুৱা এখন কিতাব, য’ত পাৰস্পৰিক সাদৃশ্যপূৰ্ণ একেই কথাকে নানা ধৰণে বাৰে বাৰে কোৱা হৈছে। ফলত যিসকলে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ শৰীৰ শিয়ঁৰি উঠে, তাৰ পিছত তেওঁলোকৰ দেহ-মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণত ধাৱিত হয়। এইটোৱেই হৈছে আল্লাহৰ হিদায়ত, তেওঁ ইয়াৰ দ্বাৰা যাক ইচ্ছা কৰে হিদায়ত কৰে। কিন্তু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ হিদায়তকাৰী কোনো নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[যি ব্যক্তিয়ে কিয়ামতৰ দিনা নিজৰ মুখমণ্ডলৰ দ্বাৰা কঠিন শাস্তি ৰোধ কৰিবলৈ চেষ্টা কৰিব, (সি তেওঁৰ দৰে নেকি যিজন নিৰাপদ থাকিব?) আৰু যালিমসকলক কোৱা হ’ব, ‘তোমালোকে যি কৰ্ম কৰিছিলা তাৰেই শাস্তি উপভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[ফলত আল্লাহে সিহঁতক পাৰ্থিৱ জীৱনতে লাঞ্ছনা ভোগ কৰোৱাইছিল আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন। হায়! যদি সিহঁত জানিলেহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰবী ভাষাত এই কোৰআন (অৱতীৰ্ণ), ইয়াৰ মাজত কোনো ধৰণৰ জটিলতা নাই, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আল্লাহে এটা দৃষ্টান্ত উপস্থাপন কৰিছে: এজন ব্যক্তি, যাৰ কেইবাজনো মনিব আছে, যিসকল পৰস্পৰ বিৰুদ্ধভাবাপন্ন, পক্ষান্তৰে আন এজন ব্যক্তিৰ কেৱল এজনেই মনিব আছে; এই দুয়োজন ব্যক্তিৰ অৱস্থা একে হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই; কিন্তু সিহঁতৰ অধিকাংশই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[এতেকে কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰে আৰু সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? কাফিৰসকলৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আনহাতে যিয়ে সত্য লৈ আহিছে আৰু সত্যক সত্য বুলি মানি লৈছে, তেওঁলোকেই হৈছে মুত্তাক্বী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত সেই সকলো বস্তু উপলব্ধ আছে যিটো তেওঁলোকে বিচাৰিব। এইটোৱেই হৈছে সৎকৰ্মশীল লোকৰ পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[কাৰণ তেওঁলোকে যিবোৰ অসৎকৰ্ম কৰিছিল আল্লাহে সেইবোৰ ক্ষমা কৰি দিব আৰু তেওঁলোকক তেওঁলোকৰ সৰ্বোত্তম কৰ্মৰ বাবে পুৰস্কৃত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আল্লাহ তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয়নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[এইদৰে যাক আল্লাহে হিদায়ত কৰে, তাক পথভ্ৰষ্ট কৰিবলৈও কোনো নাই; তেন্তে আল্লাহ মহা পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী নহয়নে বাৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু তুমি যদি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহে’। কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি মোক অনিষ্ট কৰিব বিচাৰে তেন্তে তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে সেই অনিষ্ট দূৰ কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি অনুগ্ৰহ কৰিব বিচাৰে তেন্তে সিহঁতে সেই অনুগ্ৰহক ৰোধ কৰিব পাৰিবনে’? কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট’। নিৰ্ভৰকাৰীসকলে তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ স্থানত কাম কৰি যোৱা, নিশ্চয় মই মোৰ কাম কৰি যাম। এতেকে শীঘ্ৰেই তোমালোকে (তোমালোকৰ পৰিণাম) জানিবলৈ পাবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু আপতিত হ’ব স্থায়ী শাস্তি’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ প্ৰতি মানুহৰ বাবে যথাযথভাৱে কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু যিয়ে বিপথগামী হয় সি নিজৰ ধ্বংসৰ বাবেই হয়, আৰু তুমি সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আল্লাহেই প্ৰাণীসকলৰ প্ৰাণ হৰণ কৰে সিহঁতৰ মৃত্যুৰ সময়ত, আৰু যিসকলে মৃত্যুবৰণ কৰা নাই সিহঁতৰো (প্ৰাণ হৰণ কৰে) নিদ্ৰা অৱস্থাত। তাৰ পিছত তেওঁ যাৰ বাবে মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ প্ৰাণ তেওঁ ৰাখি দিয়ে আৰু আনবোৰক এৰি দিয়ে, এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে গৱেষণা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তেন্তে সিহঁতে আল্লাহৰ বাহিৰে আনক চুপাৰিছকাৰী বনাই লৈছে নেকি? কোৱা, ‘সিহঁতৰ কোনো ক্ষমতা নাথাকিলেও আৰু সিহঁতে একো বুজি নাপালেও (তোমালোকে সিহঁতক মধ্যস্থতাকাৰী বনাই লবানে)’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[কোৱা, ‘সকলো ধৰণৰ মধ্যস্থতা কেৱল আল্লাহৰেই অধীনস্থ, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই, তাৰ পিছত তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰোৱা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, নিশ্চয় তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ত সিহঁতে মতবিৰোধ কৰি আছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু যিসকলে সীমালংঘন কৰিছে, পৃথিৱীত থকা সকলো বস্তু যদি সিহঁতৰ হৈ যায়, লগতে ইয়াৰ সমপৰিমাণ বস্তুও যদি সিহঁতৰ থাকে, তেন্তে কিয়ামতৰ দিনা কঠিন শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণস্বৰূপে সেই সকলো সিহঁতে দিবলৈ সাজু হ'ব, আৰু সিহঁতৰ বাবে আল্লাহৰ তৰফৰ পৰা এনেকুৱা কিবা প্ৰকাশিত হ’ব যিটো সিহঁতে কল্পনাও কৰিব পৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু সিহঁতে যি কৰ্ম কৰিছিল তাৰেই বেয়া পৰিণাম সিহঁতৰ ওচৰত প্ৰকাশ হৈ পৰিব, আৰু সিহঁতে যিটো বিষয়কলৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰোঁ তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এইটোৱেই কৈছিল, কিন্তু সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[এতেকে সিহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম সিহঁতৰ ওপৰতেই আপতিত হৈছে; আৰু ইহঁতৰ মাজৰ যিসকলে যুলুম কৰে, ইহঁতৰ ওপৰতো শীঘ্ৰেই ইহঁতৰ কৃতকৰ্মৰ বেয়া পৰিণাম আপতিত হ’ব, আৰু ইহঁতে (সেই শাস্তিক কেতিয়াও) ৰোধ কৰিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[সিহঁতে নাজানে নেকি যে, আল্লাহে যাৰ বাবে ইচ্ছা কৰে তাৰ বাবে জীৱিকা প্ৰশস্ত কৰি দিয়ে আৰু সংকুচিতও কৰি দিয়ে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[(সিহঁতক) জনাই দিয়া, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (গ্ৰন্থ) অৱতীৰ্ণ কৰা হৈছে, তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (যেতিয়া সেই শাস্তি আহিব) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[পিছত যাতে কোনোৱেই ক'বলগীয়া নহয় যে, ‘হায় মোৰ দুৰ্ভাগ্য! আল্লাহৰ প্ৰতি থকা মোৰ কৰ্তব্যত মই অৱহেলা কৰিছিলোঁ! আৰু মই উপহাসকাৰী বিলাকৰ অন্তৰ্ভুক্ত আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[অথবা এনেকৈও যাতে ক'বলগীয়া নহয়, ‘হায়! আল্লাহে যদি মোক হিদায়ত কৰিলেহেঁতেন তেন্তে নিশ্চয় মই মুত্তাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[অথবা শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত যাতে কোনোৱেই ক'বলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোঁহেঁতেন, তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[(আল্লাহে ক’ব) হয়, নিশ্চয় তোমাৰ ওচৰলৈ মোৰ নিদৰ্শন আহিছিল, কিন্তু তুমি সেইবোৰক অস্বীকাৰ কৰিছিলা আৰু অহংকাৰ কৰিছিলা; আৰু তুমি আছিলা কাফিৰবিলাকৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে, তুমি কিয়ামতৰ দিনা দেখিবা সিহঁতৰ মুখ ক’লা পৰিছে। অহংকাৰীবিলাকৰ আবাসস্থল জাহান্নাম নহয়নে বাৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক সফলতাৰে উদ্ধাৰ কৰিব, তেওঁলোকক কোনো অমঙ্গলে স্পৰ্শ কৰিব নোৱাৰিব আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা আৰু তেৱেঁই সকলো বস্তুৰ তত্ত্বাৱধায়ক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ চাবিসমূহ তেওঁৰ ওচৰতেই। যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[কোৱা, ‘হে অজ্ঞসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিবলৈ নিৰ্দেশ দিয়া নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰা হৈছে যে, ‘যদি তুমি শ্বিৰ্ক কৰা তেন্তে তোমাৰ সকলো আমল নিষ্ফল হৈ যাব আৰু নিশ্চয় তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[‘বৰং তুমি কেৱল আল্লাহৰেই ইবাদত কৰা আৰু কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[আৰু সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব। পৱিত্ৰ আৰু মহান তেওঁ, (আনহাতে) সিহঁতে যিবোৰক অংশী স্থাপন কৰে তেওঁ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[আৰু (সেইদিনা) শিঙাত ফুঁ দিয়া হ’ব। ফলত আকাশসমূহত যিসকল আছে আৰু পৃথিৱীত যিসকল আছে সিহঁত আটায়ে অজ্ঞান হৈ পৰিব, কেৱল আল্লাহে ইচ্ছা কৰা ব্যক্তিসকলৰ বাহিৰে। তাৰ পিছত আকৌ শিঙাত ফুঁ দিয়া হ’ব, ফলত তৎক্ষণাত সিহঁতে থিয় হৈ থৰ লাগি চাই থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[আৰু (সেইদিনা) পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[আৰু প্ৰত্যেককে তাৰ আমলৰ পূৰ্ণ প্ৰতিফল দিয়া হ’ব আৰু সিহঁতে যি আমল কৰে সেই সম্পৰ্কে আল্লাহ সৰ্বাধিক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত গৈ পাব, তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাৎ সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘নিশ্চয় আহিছিল’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[কোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে তাত স্থায়ীভাৱে থকাৰ বাবে প্ৰৱেশ কৰা। এতেকে অহংকাৰীবিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[আনহাতে যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক দলে দলে জান্নাতৰ ফালে লৈ যোৱা হ’ব। অৱশেষত যেতিয়া তেওঁলোকে জান্নাতৰ ওচৰত আহি পাব, আৰু ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জান্নাতৰ ৰক্ষকসকলে তেওঁলোকক ক’ব, ‘আপোনালোকৰ প্ৰতি ছালাম (শান্তি অৱতীৰ্ণ) হওক, আপোনালোক সুখী থাকক। এতেকে চিৰস্থায়ী বসবাসৰ বাবে জান্নাতত প্ৰৱেশ কৰক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আৰু তেওঁলোকে (প্ৰৱেশ কৰি) ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য, যিজনে আমাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তৱায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিছে, আমি জান্নাতত য’তে ইচ্ছা ত’তেই বসবাসৰ ঠাই কৰি লম’। এতেকে (চোৱা) নেক আমলকাৰীসকলৰ পুৰস্কাৰ কিমান যে উত্তম!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[আৰু তুমি ফিৰিস্তাসকলক দেখিবলৈ পাবা যে, তেওঁলোকে আৰছৰ চাৰিওফালে আগুৰি ধৰি নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। (সেইদিনা) ন্যায়ৰ সৈতে সকলোৰে বিচাৰ কৰা হ’ব আৰু কোৱা হ’ব, ‘সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="40">
<aya number="1">
<translation><![CDATA[হা-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এইখন কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আল্লাহৰ আয়াতসমূহকলৈ বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[সিহঁতৰ পূৰ্বে নূহ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে সিহঁতৰ পিছত আৰু বহু দলে অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়েই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ অসাৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিছিলোঁ। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তৱায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত হৈছে জাহান্নামী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিসকলে আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে, লগতে তেওঁলোকে তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! তোমাৰ দয়া আৰু জ্ঞান সৰ্বব্যাপী। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, নিশ্চয় তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই হৈছে মহাসফলতা!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও অধিক আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল, কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[(সিহঁতক কোৱা হ’ব) ‘তোমালোকক শাস্তি দিয়াৰ কাৰণ হৈছে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[এতেকে তোমালোকে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই আহ্বান কৰা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ অধিপতি, তেৱেঁই নিজৰ আদেশত বান্দাসকলৰ মাজৰ পৰা যাৰ প্ৰতি ইচ্ছা কৰে তাৰ প্ৰতি অহী প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিদিনা সিহঁত (মানুহ বিলাক) প্ৰকাশিত হ’ব, সেইদিনা আল্লাহৰ ওচৰত সিহঁতৰ একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু তুমি সিহঁতক আসন্ন দিৱস সম্পৰ্কে সতৰ্ক কৰি দিয়া; যেতিয়া দুখ-কষ্ট সম্বৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনেকুৱা কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়াও তেওঁ জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কি হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত অধিক শক্তিশালী আছিল আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[এইটো এইকাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে (তেওঁলোকক) প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰলৈ। কিন্তু সিহঁতে তেওঁক, ‘যাদুকৰ, চৰম মিছলীয়া বুলি কৈছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[তাৰ পিছত মুছাই যেতিয়া আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ হৈছে ভ্ৰষ্টতাপূৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু ফিৰআউনে ক’লে, ‘মোক এৰি দিয়া মই মুছাক হত্যা কৰিম, চাওঁ সি তাৰ প্ৰতিপালকক আহ্বান কৰকচোন। নিশ্চয় মই আশংকা কৰোঁ যে, সি তোমালোকৰ দ্বীনক পৰিবৰ্তন কৰি দিব নাইবা দেশত অশান্তি বিয়পাব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[মুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা প্ৰত্যেক অহংকাৰী ব্যক্তিৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰলৈ আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ পৰা কিছু পৰিমাণ হ’লেও তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যিজন সীমালংঘনকাৰী, মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবোঁ, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[মুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰোঁ যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ ক্ষেত্ৰত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[‘আৰু হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, (সেইদিনা) আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে, তাৰ বাবে কোনো হিদায়তকাৰী নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় ইতিপূৰ্বে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰলৈ যি আনিছিল তাক তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল, তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[যিসকলে সিহঁতৰ ওচৰলৈ (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্ত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত সিহঁতৰ এই কৰ্ম অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এখন সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, যাতে মই উপায় অৱলম্বন কৰিব পাৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[‘আকাশসমূহত আৰোহণৰ উপায় বিচাৰি পাওঁ, যাতে মই মুছাৰ ইলাহক জুমি চাব পাৰোঁ, নিশ্চয় মই তাক মিছলীয়া বুলিহে ভাবোঁ’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল, লগতে ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[ঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন হৈছে কেৱল অস্থায়ী ভোগ-সামগ্ৰী। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুপাতেই শাস্তি পাব। আনহাতে পুৰুষ হওক বা নাৰী মুমিন হৈ যিয়ে সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ লগত শ্বিৰ্ক কৰোঁ, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছোঁ মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[‘এই বিষয়ত কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। প্ৰকৃততে আমাৰ প্ৰত্যাৱৰ্তন হ’ব কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী- বিলাক হৈছে অগ্নিৰ অধিবাসী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[‘এতেকে মই তোমালোকক যিবোৰ কথা কৈ আছোঁ, অনতিপলমে তোমালোকে সেইবোৰ কথা স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰতেই সমৰ্পণ কৰিছোঁ। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা (ফিৰিস্তাসকলক) কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে জাহান্নামতগৈ পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[অহংকাৰীবিলাকে ক’ব, ‘আমি সকলোৱে দেখোন ইয়াতেই আছোঁ, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু জাহান্নামীবিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘আপোনালোকে (আমাৰ হৈ) আপোনালোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰকচোন, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ'লেও শাস্তি লাঘৱ কৰি দিয়ে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি সহকাৰে তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় নিশ্চয় আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে অভিসম্পাত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু নিশ্চয় আমি মুছাক হিদায়ত দান কৰিছিলোঁ আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[বোধশক্তিসম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশ হিচাপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা তথা মহিমা ঘোষণা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, পক্ষান্তৰে যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকেই বিশ্বাস নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক কৰিছে আলোকোজ্জ্বল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[এইদৰেই ওভতাই নিয়া হয় সেইসকল লোকক, যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[আল্লাহেই তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি গঠন কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে, লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। এতেকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি আহিছে। মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয়, যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[সিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে তাক অস্বীকাৰ কৰে, এতেকে সিহঁতে শীঘ্ৰেই জানিবলৈ পাব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[যেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব, আৰু সিহঁতক টানি লৈ যোৱা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[উতলা পানীৰ মাজত, তাৰ পিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘ক'ত সিহঁত, যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখোন আমাৰ পৰা (আজি) আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বানে কৰা নাছিলোঁ’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[এয়া এইকাৰণে যে, তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা আৰু এই কাৰণেও যে, তোমালোকে অহংকাৰ কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[তোমালোকে জাহান্নামত স্থায়ীভাৱে অৱস্থান কৰিবলৈ ইয়াৰ বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰা, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ তাৰে অলপ যদি মই তোমাক দেখুৱাই দিওঁ অথবা (তাৰ পূৰ্বেই যদি) তোমাৰ মৃত্যু ঘটাওঁ, তথাপিও দেখোন সিহঁতে মোৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছোঁ। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছোঁ আৰু কিছুমানৰ বৰ্ণনা কৰা নাই। আল্লাহৰ অনুমতি অবিহনে কোনো নিৰ্দশন লৈ অহাটো কোনো ৰাছুলৰ পক্ষে সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায় সংগতভাৱে ফয়চালা হৈ যাব। তেতিয়া বাতিলপন্থীবিলাক ক্ষতিগ্ৰস্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[তেৱেঁই আল্লাহ, যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰণ কৰিব পাৰা। লগতে সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোনটো কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তী বিলাকৰ পৰিণাম কি হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈও সংখ্যাগৰিষ্ঠ আছিল লগতে শক্তি আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[সিহঁতৰ ওচৰলৈ যেতিয়া সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হৈছিল, তেতিয়া সিহঁতে (সেইবোৰক অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দিত হৈছিল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পাইছিল তেতিয়া কৈছিল, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলোঁ আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলোঁ সেইবোৰক প্ৰত্যাখ্যান কৰিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত অহা নাছিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে। ফলত কাফিৰসকল ক্ষতিগ্ৰস্ত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="41">
<aya number="1">
<translation><![CDATA[হা-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[(এই গ্ৰন্থখন) পৰম কৰুণাময় পৰম দয়ালু সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। গতিকে সিহঁতে নুশুনিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তুমি আমাক যাৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা, লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ হৈছে কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। লগতে দুৰ্ভোগ হৈছে মুশ্বৰিকসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিসকলে যাকাত প্ৰদান নকৰে, আৰু সিহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰা নেকি, যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালক!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমানভাৱে সকলো অনুসন্ধানকাৰীৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিৱেশ কৰিলে, যিটো (আগতে) আছিল ধূম্ৰপুঞ্জবিশেষ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোক উভয়ে আহা ইচ্ছাতেই হওক বা অনিচ্ছাতেই হওক’। সিহঁত উভয়ে ক’লে, ‘আমি অনুগত হৈ আহিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[এইদৰে তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলোঁ। এইবোৰ হৈছে মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে (সিহঁতক) কোৱা, ‘মই তোমালোকক কেৱল এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তিৰ সন্মুখীন হৈছিল আদ আৰু ছামূদ সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। (তেতিয়া) সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আনহাতে আদ সম্প্ৰদায়ৰ বিষয়টো হৈছে এনেকুৱা যে, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈও শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলোঁ; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ ভোগ কৰাব পাৰোঁ; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু ছামূদ সম্প্ৰদায়ৰ বিষয়টো আছিল এনেকুৱা যে, আমি সিহঁতক পথনিৰ্দেশ দিছিলোঁ, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত সিহঁতৰ কৃতকৰ্মৰ পৰিণাম হিচাপে লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু (স্মৰণ কৰা) যিদিনা আল্লাহৰ শত্ৰুবিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেইদিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[অৱশেষত সিহঁতে যেতিয়া জাহান্নামৰ একেবাৰে সন্নিকটত গৈ উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্ত্বাই সকলোকে বাকশক্তি দিছে’। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তোমালোকৰ কাণ, চকু আৰু ছাল আদিয়ে তোমালোকৰ বিৰুদ্ধে সাক্ষ্য নিদিব বুলি তোমালোকে এইবোৰৰ পৰা একোৱেই গোপন কৰা নাছিলা, আনকি তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[এতিয়া যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস; আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলোঁ, যিসকলে সিহঁতৰ ভৱিষ্যৎ আৰু অতীতক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু এইখন তিলাৱত কৰাৰ সময়ত তোমালোকে হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[গতিকে নিশ্চয় আমি কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এই হৈছে আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান, জাহান্নাম। আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফল হিচাপে সিহঁতৰ বাবে তাত আছে স্থায়ী আবাস।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰলৈ ফিৰিস্তা অৱতীৰ্ণ হৈ এই কথা কয় যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব, লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[অত্যন্ত ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা এইটো হ’ব আতিথ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[এই চৰিত্ৰৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল ধৈৰ্য্যশীল। লগতে ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল মহাভাগ্যৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে। (ছাজদাহ)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[তেওঁৰ আন এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে তেৱেঁই মৃতসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত আমাৰ পৰা উহ্য নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ, নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ শ্ৰেষ্ঠ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ প্ৰতিপালক একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু আমি যদি অনাৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে সিহঁতে নিশ্চয় ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইখন মুমিনসকলৰ বাবে হিদায়ত আৰু প্ৰতিকাৰ’। আনহাতে যিসকলে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰোঁ যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্য)ক আহ্বান কৰিছিল সেইবোৰ সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, তেতিয়া সিহঁতে (মুশ্বৰিকসকলে) বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তিবোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি সম্পূৰ্ণৰূপে হতাশ তথা নিৰাশ হৈ পৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আকৌ দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি কয়, ‘এয়া হৈছে মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে, তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যিজন ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত হৈ আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, নিশ্চয় এইখন (কোৰআন) সত্য। এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পৰি আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="42">
<aya number="1">
<translation><![CDATA[হা-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আঈন-ছীন-ক্বাফ।[2]]]></translation>
<footnotes><![CDATA[[2] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[এইদৰেই তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰিছে মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসীসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহে সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। (হে নবী!) তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা জনগণক সতৰ্ক কৰিব পাৰা, লগতে যাতে সতৰ্ক কৰিব পাৰা সমবেত হ’বলগীয়া (কিয়ামত) দিৱস সম্পৰ্কে, য’ত কোনো সন্দেহ নাই। (সেইদিনা) এদল জান্নাতত যাব আৰু এদল যাব জ্বলন্ত অগ্নিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। আনহাতে যালিমসকল, সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰিছে নেকি, কিন্তু আল্লাহ, কেৱল তেওঁহে প্ৰকৃত অভিভাৱক, আৰু তেৱেঁই মৃতক জীৱিত কৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা আছে কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ প্ৰতিপালক; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছোঁ আৰু মই তেওঁৰেই অভিমুখী হওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ উপমাযোগ্য নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ চাবি-কাঠি তেওঁৰেই ওচৰত। তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে। নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছোঁ লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলোঁ যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত মতভেদ ঘটায়। এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিয়া হ'ব বুলি তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। সিহঁতৰ পিছত যিসকলে কিতাবৰ উত্তৰাধিকাৰী হৈছে, নিশ্চয় সিহঁতে এই (কোৰআন) সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অটল থাকা, যিদৰে তোমাক আদেশ কৰা হৈছে। তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা; আৰু কোৱা, ‘আল্লাহে যিখন কিতাব অৱতীৰ্ণ কৰিছে মই তাত ঈমান আনিছোঁ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে। আল্লাহেই আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে; আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ-বিসম্বাদ নাই। আল্লাহেই আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আল্লাহৰ আহ্বানত সঁহাৰি দিয়াৰ পিছতো যিসকলে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতৰ যুক্তি-তৰ্ক সিহঁতৰ প্ৰতিপালকৰ দৃষ্টিত অসাৰ। সিহঁত হৈছে তেওঁৰ ক্ৰোধৰ পাত্ৰ, আৰু সিহঁতৰ বাবে আছে কঠিন শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তেৱেঁই আল্লাহ, যিজনে সত্য সহকাৰে কিতাব আৰু মীজান অৱতীৰ্ণ কৰিছে। তুমি কেনেকৈ জানিবা! সম্ভৱতঃ কিয়ামত অতি নিকটৱৰ্তী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[যিসকলে ইয়াক বিশ্বাস নকৰে সিহঁতেই ইয়াক ত্বৰান্বিত কৰিব বিচাৰে। আনহাতে যিসকলে ইয়াক বিশ্বাস কৰে, তেওঁলোকে ইয়াক ভয় কৰে, আৰু তেওঁলোকে জানে যে, এয়া নিশ্চিতভাৱে সত্য। জানি থোৱা, কিয়ামত সম্পৰ্কে যিসকলে বাক-বিতণ্ডা কৰে, সিহঁত নিশ্চয় ঘোৰ বিভ্ৰান্তিত নিপতিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল; তেওঁ যাক ইচ্ছা কৰে জীৱিকা দান কৰে। তেওঁ সৰ্বশক্তিমান. প্ৰবল পৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমান দিওঁ। কিন্তু আখিৰাতত তাৰ কোনো অংশ নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়তী বিধান প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? চূড়ান্ত মীমাংসাৰ ঘোষণা নাথাকিলে সিহঁতৰ বিষয়ে নিশ্চয় ফয়চালা হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তুমি যালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা। অথচ সেয়া আপতিত হ’ব সিহঁতৰেই ওপৰত। আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত। তেওঁলোকে যিটোৱেই বিচাৰিব সেইটোৱেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব। এইটোৱেই হৈছে মহা অনুগ্ৰহ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[এইটোৱেই হৈছে সেই সুসংবাদ, যিটো আল্লাহে তেওঁৰ সেইসকল বান্দাক দিছে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। কোৱা, ‘মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰোঁ’। যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ। নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল, গুণগ্ৰাহী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ (মুহাম্মদে) আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে’? যদি সেইটোৱেই হ’লহেঁতেন তেন্তে (হে মুহাম্মদ) আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন। আল্লাহে বাতিলক মচি দিয়ে আৰু নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে। নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু তেৱেঁই নিজ বান্দাসকলৰ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে; আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ আহ্বানত তেৱেঁই সঁহাৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ বৃদ্ধি কৰি দিয়ে; আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু যদি আল্লাহে তেওঁৰ সকলো বান্দাৰ জীৱিকা প্ৰশস্ত কৰি দিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত নিশ্চয় সীমালংঘন কৰিলেহেঁতেন; কিন্তু তেওঁ নিজৰ ইচ্ছামতে নিৰ্দিষ্ট পৰিমাণে (জীৱিকা) অৱতীৰ্ণ কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত আৰু সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু সিহঁত নিৰাশ হোৱাৰ পিছত তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁৰ ৰহমত বিস্তাৰ কৰে। তেৱেঁই অভিভাৱক, অত্যন্ত প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু তেওঁৰ অন্যতম নিদৰ্শন হৈছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, আৰু এই দুয়োৰে মাজত তেওঁ যিবোৰ জীৱ-জন্তু বিস্তাৰ কৰিছে সেইবোৰো (তেওঁৰেই নিদৰ্শন); আৰু তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সেইবোৰক সমবেত কৰিবলৈ সক্ষম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু তোমালোকে পৃথিৱীত (আল্লাহৰ কৰ্ম পৰিকল্পনাক) ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে সাগৰত চলাচল কৰা পৰ্বতসদৃশ নৌযানসমূহ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[তেওঁ ইচ্ছা কৰিলে বায়ুক স্তব্ধ কৰি দিব পাৰে, ফলত নৌযানসমূহ গতিহীন হৈ পৰিব সমুদ্ৰপৃষ্ঠত। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক চৰম ধৈৰ্যশীল আৰু একান্ত কৃতজ্ঞ ব্যক্তিৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[অথবা সিহঁতৰ কৃতকৰ্মৰ বাবে সেইবোৰক তেওঁ ধ্বংস কৰি দিব পাৰে; আৰু বহুতো (অপৰাধক) তেওঁ ক্ষমাও কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু যিসকলে আমাৰ নিদৰ্শন সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতে যাতে জানিবলৈ পায় যে, সিহঁতৰ কোনো আশ্ৰয়স্থল নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[এতেকে তোমালোকক যি দিয়া হৈছে সেয়া হৈছে কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আল্লাহৰ ওচৰত যি আছে সেয়া উত্তম আৰু স্থায়ী, সেইসকল লোকৰ বাবে যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তেওঁলোকে কাবীৰা গুনাহ আৰু অশ্লীল কৰ্মৰ পৰা আঁতৰত থাকে আৰু যেতিয়া খং উঠে তেতিয়া ক্ষমা কৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকে নিজৰ কৰ্মসমূহক পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত কৰে। লগতে তেওঁলোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায়-অবিচাৰ কৰা হ’লে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[(জানি থোৱা) বেয়াৰ প্ৰতিফল হৈছে সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰীবিলাকক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[কিন্তু অত্যাচাৰিত হোৱাৰ পিছত যিসকলে প্ৰতিবিধান কৰে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[কেৱল সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিসকলে মানুহৰ ওপৰত অন্যায় কৰে আৰু পৃথিৱীত অন্যায়ভাৱে বিদ্ৰোহাচৰণ কৰি ফুৰে। সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[অৱশ্যে যিয়ে ধৈৰ্য্য ধাৰণ কৰে আৰু ক্ষমা কৰি দিয়ে, নিশ্চয় সেয়া দৃঢ় সংকল্পৰেই কাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। যালিমসকলে যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে, ‘উভতি যোৱাৰ কোনো উপায় আছে নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত মূৰ অৱনত অৱস্থাত চুৰকৈ চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় যালিমসকল স্থায়ী শাস্তিত নিপতিত থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আল্লাহৰ তৰফৰ পৰা সেই অপ্ৰতিৰোধ্য দিৱসটো অহাৰ পূৰ্বেই তোমালোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়া। যিদিনা তোমালোকৰ কোনো আশ্ৰয়স্থল নাথাকিব আৰু তোমালোকৰ বাবে প্ৰতিৰোধকাৰীও নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই। তোমাৰ দায়িত্ব হৈছে কেৱল বাণী প্ৰচাৰ কৰা। আমি যেতিয়া আমাৰ তৰফৰ পৰা মানুহক কোনো ৰহমত আস্বাদন কৰাওঁ তেতিয়া সি উৎফুল্লিত হয় কিন্তু যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ বিপদ-আপদ ঘটে, তেতিয়া মানুহ অতি অকৃতজ্ঞ হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱেই সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে, আৰু যাক ইচ্ছা কৰে পুত্ৰ সন্তান দান কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয় (সন্তান) দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই, যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক'ব পাৰিব অহীৰ মাধ্যমৰ বাহিৰে, অথবা পৰ্দাৰ আঁৰত নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে, যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছোঁ। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছোঁ, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰোঁ। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আল্লাহৰ পথলৈ, যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে মালিক। জানি থোৱা! সকলো বিষয় আল্লাহৰেই ফালে উভতি যাব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="43">
<aya number="1">
<translation><![CDATA[হা-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত সুস্পষ্ট কিতাবৰ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় আমি ইয়াক কোৰআন হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় এইখন আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তোমালোক সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিম নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰলৈ আমি বহুতো নবী প্ৰেৰণ কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[ফলত যিসকল ইহঁততকৈও শক্তিত প্ৰবল আছিল, সিহঁতকো আমি ধ্বংস কৰিছিলোঁ, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’ব, ‘এইবোৰক সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ(আল্লাহে)’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰোঁ নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই অনা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু তেৱেঁই সকলোকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, (আৰু শুনা!) তাৰ পিছত যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা তেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা আৰু ক'বা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সামৰ্থ নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰাই তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[লগতে সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য নিশ্চয় লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনে সজা কথাহে কয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছোঁ নেকি, যিখনক সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছোঁ আৰু আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰিয়ে নিশ্চিতভাৱে হিদায়তপ্ৰাপ্ত হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদলৈ কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় লোকসকলে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছোঁ আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতকৈও উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। এতেকে চোৱা, অস্বীকাৰকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ শীঘ্ৰেই মোক সৎপথত পৰিচালিত কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলোঁ, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু সত্য যেতিয়া সিহঁতৰ ওচৰলৈ আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন যাদু আৰু নিশ্চিতভাৱে আমি ইয়াক প্ৰত্যাখ্যান কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[সিহঁতে আৰু ক’লে, ‘এই কোৰআনখন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বণ্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ, যাতে ইজনে সিজনক অধীনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতকৈও উৎকৃষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোঁহেঁতেন যাতে সিহঁতে আৰোহণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু (অনুৰূপ দিলোঁহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত হৈছে কেৱল মুত্তাক্বীসকলৰ বাবেহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয়, আমি তাৰ বাবে নিয়োজিত কৰোঁ এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহি উপস্থিত হ’ব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলহেঁতেন!’ এতেকে কিমান নিকৃষ্ট সহচৰ সি!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে সীমালংঘন কৰিছিলা; নিশ্চয় তোমালোক আটায়ে হৈছা শাস্তিৰ অংশীদাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে, আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক তুমি সৎপথত পৰিচালিত কৰিব পাৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[এতেকে যদি আমি তোমাক ইয়াৰ পৰা আঁতৰাই লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লমেই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় সিহঁতৰ ওপৰত আমি পূৰ্ণ ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে, সেয়া তুমি দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[নিশ্চয় এই কোৰআনখন হৈছে তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ মাজৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকক সুধি চোৱা, আমি পৰম কৰুণাময় (ৰহমান)ৰ বাহিৰে ইবাদত কৰিব পৰা আন কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলোঁ নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) এজন ৰাছুল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[এতেকে তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেইবোৰক লৈ উপহাস কৰিবলৈ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছোঁ সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ ডাঙৰ। আমি সিহঁতক শাস্তিৰ মাধ্যমত সতৰ্ক কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তোমাৰ প্ৰতিপালকে তোমাৰ লগত যিটো অংগীকাৰ কৰিছে, (সেইটো যদি পূৰণ হয় তেন্তে) নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা সেই শাস্তি আঁতৰাই নিলোঁ, তেতিয়াই সিহঁতে অংগীকাৰ ভংগ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয়নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে নেদেখা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈও প্ৰায় অক্ষম!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[‘(তেওঁ যদি সঁচাই নবী) তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহ'ল কিয়, অথবা তেওঁৰ সৈতে ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথাকে মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলোঁ আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[ফলত আমি সিহঁতক পৰৱৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আৰু যেতিয়াই মাৰয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকসকলে চিঞৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত হৈছে এটা কলহপ্ৰিয় সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে নিদৰ্শন বনাইছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু আমি যদি ইচ্ছা কৰিলোঁহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোঁহেঁতেন, যিসকলে পৃথিৱীৰ উত্তৰাধিকাৰী হ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[আৰু নিশ্চয় ঈছা হৈছে কিয়ামতৰ এটা নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই হৈছে সৰল পথ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[আৰু ঈছাই যেতিয়া স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ ওচৰলৈ হিকমত লৈ আহিছোঁ আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছিলা সেইবোৰ বিষয়ক স্পষ্ট কৰিবলৈ আহিছোঁ। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[‘নিশ্চয় আল্লাহ, তেৱেঁই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই হৈছে সৰল পথ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[তথাপিও সিহঁতৰ মাজৰ বিভিন্ন দলে মতানৈক্য সৃষ্টি কৰিছিল, সেয়ে যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ দুৰ্ভোগ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[(তেওঁলোকক কোৱা হ'ব) তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকলে আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত সেই সকলো বস্তু উপলব্ধ থাকিব যিবোৰ মনে বিচাৰে আৰু যিবোৰ দেখিলে চকু তৃপ্ত হয়, আৰু তাত তোমালোকে স্থায়ী হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[এইটোৱেই হৈছে জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, কাৰণ তোমালোকে আমল কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে আহাৰ কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[নিশ্চয় অপৰাধীবিলাকে স্থায়ীভাৱে জাহান্নামৰ শাস্তি ভোগ কৰিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলোঁ, বৰং সিহঁত নিজেই আছিল যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক (জাহান্নামৰ প্ৰহৰী ফিৰিস্তা)! (আপুনি আমাৰ ফালৰ পৰা আবেদন কৰকচোন) আপোনাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে (চিৰকাল) থাকিব লাগিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[(আল্লাহে ক’ব,) ‘নিশ্চয় আমি তোমালোকক সত্য অৱগত কৰোৱাইছিলোঁ, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু গোপন পৰামৰ্শ শুনিবলৈ নাপাওঁ? নিশ্চয় শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকলে দেখোন সিহঁতৰ ওচৰতে থাকি লিখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতকাৰী হ’লোঁহেঁতেন;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[সিহঁতে যিবোৰ বিষয় আৰোপ কৰে সেইবোৰৰ পৰা আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহা আৰছৰ অধিপতি (মহান আল্লাহ) অতি পৱিত্ৰ-মহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[এতেকে সিহঁতক যিটো দিৱসৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[তেৱেঁই সত্য ইলাহ আকাশত, আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু। কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই আছে, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও চুপাৰিছৰ অধিকাৰী হ’ব নোৱাৰে, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’?তেন্তে সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে ঈমান পোষণ নকৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="44">
<aya number="1">
<translation><![CDATA[হা-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত সুস্পষ্ট কিতাবৰ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণ কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[বৰং সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ খেল-ধেমালি কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সেই ধোঁৱাই মানুহকো আবৃত কৰি পেলাব।এইটো হ’ব যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[(তেতিয়া সিহঁতে ক’ব) ‘হে আমাৰ প্ৰতিপালক! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[ক’ত সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰলৈ এজন স্পষ্ট ৰাছুল আহিছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন প্ৰশিক্ষণপ্ৰাপ্ত উন্মাদ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আমি অলপ সময়ৰ কাৰণে যদি শাস্তি ৰহিত কৰি দিওঁ তেন্তে নিশ্চয় তোমালোকে তোমালোকৰ পূৰ্বাৱস্থালৈ উভতি যাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা আমি নিশ্চয় প্ৰতিশোধ লম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু ইহঁতৰ আগতেও আমি ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক (বনী ইছৰাঈলক) মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লে, ‘নিশ্চয় ইহঁত হৈছে এটা অপৰাধী সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[(আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত এনেকুৱা এটা বাহিনী যিসকলে ডুবি মৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[সিহঁতে পিছফালে এৰি থৈ গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশপ্ৰাপ্তও নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[(উদ্ধাৰ কৰিছিলোঁ) ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ, য’ত আছিল সুস্পষ্ট পৰীক্ষা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[‘আমাৰ প্ৰথম মৃত্যুই হৈছে একমাত্ৰ মৃত্যু, আমি আৰু কেতিয়াও পুনৰুত্থিত নহওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক উপস্থিত কৰাচোন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছোঁ, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় মীমাংসাৰ দিন সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[সেইদিনা এজন বন্ধুৱে আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁৰ বাহিৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[নিশ্চয় যাক্কূম গছ হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[পাপীৰ খাদ্য,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[উতলি থকা গৰম পানীৰ দৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[(কোৱা হ’ব) ‘তাক ধৰা আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানী ঢালি শাস্তি দিয়া’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[(কোৱা হ’ব, এতিয়া) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত আছিলা!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[‘নিশ্চয় এইটোৱেই হৈছে সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[‘উদ্যান আৰু ঝৰ্ণাসমূহত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[তেওঁলোকে পৰিধান কৰিব মিহি আৰু মোটা ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকক বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ ক'ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেৱেঁই তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[(এইটো হৈছে) তোমাৰ প্ৰতিপালকৰ এটা অনুগ্ৰহ, এইটোৱেই হৈছে মহা সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="45">
<aya number="1">
<translation><![CDATA[হা-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাব নাযিলকৃত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত মুমিনসকলৰ বাবে আছে বহুতো নিদৰ্শন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু তোমালোকৰ সৃষ্টিত, লগতে যিবোৰ জীৱ-জন্তু সিঁচৰতি হৈ আছে, তাতো আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[ৰাতি আৰু দিনৰ পৰিবৰ্তনত, লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা (পানী) বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰাই তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে, ইয়াৰ মাজত আৰু বতাহৰ পৰিবৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এইবোৰ হৈছে আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছোঁ। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (বাণীৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[দুৰ্ভোগ প্ৰত্যেক ঘোৰ মিছলীয়া পাপীৰ বাবে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[যিয়ে আল্লাহৰ আয়াতসমূহ শুনে যিবোৰ তাৰ ওচৰত তিলাৱত কৰা হয়, তথাপিও সি ঔদ্ধত্যৰ সৈতে আকোঁৰগোজ হৈ থাকে যেনিবা সি সেয়া শুনাই নাই। এতেকে তুমি তাক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যেতিয়া সি আমাৰ কোনো আয়াতৰ বিষয়ে অৱগত হয়, তেতিয়া সি সেইটোক পৰিহাসৰ আহিলা হিচাপে গ্ৰহণ কৰে। সিহঁতৰে বাবে আছে লাঞ্ছনাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সিহঁতৰ সন্মুখত আছে জাহান্নাম; সিহঁতৰ কৃতকৰ্ম সিহঁতৰ কোনো কামত নাহিব, সিহঁতে আল্লাহৰ পৰিবৰ্তে যিবোৰক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে সিহঁতেও কোনো কামত নাহিব। সিহঁতৰ বাবে আছে মহা শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এই (কোৰআন) হৈছে সৎপথ প্ৰদৰ্শক; আৰু যিসকলে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ লগত কুফৰী কৰে, সিহঁতৰ বাবে আছে অতি যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সেইজনেই আল্লাহ, যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে; লগতে যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে (তেওঁৰ প্ৰতি) কৃতজ্ঞতা প্ৰকাশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[যিসকলে ঈমান আনিছে তেওঁলোকক কোৱা, তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে, যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাশা নকৰে। যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যিয়ে সৎকৰ্ম কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে, আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তাৰ পিছত তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[নিশ্চয় আমি বনী ইছৰাঈলক কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলোঁ, লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলোঁ। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেষবশতঃ মত বিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছোঁ দ্বীনৰ বিশেষ বিধানৰ ওপৰত; এতেকে তুমি তাৰেই অনুসৰণ কৰা। যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় আল্লাহৰ মোকাবিলাত সিহঁত তোমাৰ কোনো কামত নাহিব, (জানি থোৱা) নিশ্চয় যালিমসকল হৈছে ইজনে সিজনৰ বন্ধু, আৰু আল্লাহ হৈছে কেৱল মুত্তাক্বীসকলৰ বন্ধু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[এইখন (কোৰআন) হৈছে মানৱ জাতিৰ বাবে আলোকবৰ্তিকা, আৰু নিশ্চিত বিশ্বাসী সম্প্ৰদায়ৰ বাবে হিদায়ত তথা ৰহমত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আল্লাহেই আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰিব পৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজৰ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, লগতে আল্লাহে তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেৱেঁই তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই হৈছে আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতৰ কোনো যুক্তি নাথাকে, কেৱল এই কথাৰ বাহিৰে যে, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[কোৱা, আল্লাহেই তোমালোকক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটায়। তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব কেৱল আল্লাহৰেই; আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা বাতিলপন্থীসকল ক্ষতিগ্ৰস্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘এইটো হৈছে আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সঁচা কথা দাঙি ধৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব। এইটোৱেই হৈছে সুস্পষ্ট সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আনহাতে যিসকলে কুফৰী কৰিছে (সিহঁতক কোৱা হ’ব) ‘তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হোৱা নাছিলনে? তথাপিও তোমালোকে অহংকাৰ কৰিছিলা, আৰু তোমালোক আছিলা এটা অপৰাধী সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু যেতিয়া কোৱা হৈছিল, ‘নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; আৰু কিয়ামত (সংঘটিত হ’ব) ইয়াত কোনো সন্দেহ নাই’; তেতিয়া তোমালোকে কৈছিলা, ‘কিয়ামত কি আমি একো নাজানো; আমি ইয়াক এটা ধাৰণা বুলিহে ভাবোঁ আৰু এই বিষয়ে আমি নিশ্চিত নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু সিহঁতৰ অসৎকৰ্মবোৰৰ কুফল সিহঁতৰ সন্মুখত প্ৰকাশিত হ’ব আৰু যিটোক লৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিৱসৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[‘এইটো এইকাৰণে যে, তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা-বিদ্ৰূপৰ আহিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক প্ৰতাৰিত কৰিছিল’। সেয়ে আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ’ব আৰু আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[এতেকে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰে প্ৰাপ্য, যিজন আকাশসমূহৰ প্ৰতিপালক আৰু তেৱেঁই পৃথিৱীৰ প্ৰতিপালক আৰু তেৱেঁই সকলো বিশ্বজগতৰ প্ৰতিপালক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ যাৱতীয় গৌৰৱ-গৰিমা তেওঁৰেই আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="46">
<aya number="1">
<translation><![CDATA[হা-মীম।[1]]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাব অৱতীৰ্ণ হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু আমি যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছোঁ; কিন্তু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি? তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা, মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি? অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবত অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰুনো কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি দিব নোৱাৰে? আনকি সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু কিয়ামতৰ দিনা যেতিয়া মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেই উপাস্যবোৰেই হ’ব সিহঁতৰ শত্ৰু, আৰু সেইবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখোন সুস্পষ্ট যাদু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[অথবা সিহঁতে কয় যে, ‘এওঁ এইখন নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইখন মই নিজে উদ্ভাৱন কৰিছোঁ, তেন্তে আল্লাহৰ পৰা মোক বচাবলৈ তোমালোকৰ কোনো ক্ষমতা নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[কোৱা, ‘মই কোনো নতুন (বা প্ৰথম) ৰাছুল নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰোঁ। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সিহঁতক কোৱা, ‘তোমালোকে ভাবি দেখিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিছে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিছা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘ইয়াৰ মাজত কোনো কল্যাণ থাকিলে সিহঁতে কেতিয়াও আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[ইয়াৰ পূৰ্বে মুছাৰ কিতাব আছিল পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাবখন (সেইখনৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই হৈছে সৎকৰ্মশীলসকলৰ বাবে সুসংবাদ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছোঁ। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছে, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খুওৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছোঁ আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰোঁ, আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া নিশ্চিতভাৱে সত্য প্ৰমাণিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে, আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান পোষণ কৰ, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে জিন আৰু মানৱৰ পৰা অতিবাহিত হোৱা উম্মতৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি ভোগ কৰি নিঃশেষ কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[সিহঁতে ক’লে, ‘তুমি আমাক আমাৰ উপাস্যবোৰৰ পৰা নিবৃত্ত কৰিবলৈ আহিছা নেকি? অন্যথা তুমি যদি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হৈ থকা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। মই যিটো লৈ প্ৰেৰিত হৈছোঁ কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰোঁ, কিন্তু মই দেখি আছোঁ তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। (হূদে ক’লে) নহয়, বৰং এইটোৱে হৈছে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকৈ (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দৃশ্যমান নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নিশ্চয় আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ, তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলোঁ কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। যিটো বিষয়কলৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, অৱশেষত সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় আমি ধ্বংস কৰিছিলোঁ তোমালোকৰ চাৰিওফালে থকা জনপদমূহক; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এতেকে যিসকলে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলোঁ। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এখন গ্ৰন্থৰ পাঠ শুনিছোঁ যিখন অৱতীৰ্ণ হৈছে মুছাৰ পিছত, এই গ্ৰন্থখনে ইয়াৰ পূৰ্বৱৰ্তী কিতাবসমূহক সত্যায়ন কৰে, লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি যিয়ে সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তিবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) ‘এইটো সঁচা নহয়নে’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় সঁচা’। তেওঁ ক’ব, ‘তেন্তে শাস্তি ভোগ কৰা; কাৰণ তোমালোকে কুফৰী কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেইটোক যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এইটো হৈছে এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="47">
<aya number="1">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা আনক নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহক ব্যৰ্থ কৰি দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, আৰু এইখন হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[এইটো এইকাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[এতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধ ক্ষেত্ৰত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধি লবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ, যেতিয়ালৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় আল্লাহে তেওঁলোকৰ আমল কেতিয়াও বিনষ্ট হ’বলৈ নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[অনতিপলমে আল্লাহে তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[হে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় ৰাখিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[এইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাক অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এইটো এইকাৰণে যে, নিশ্চয় আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু সেইদৰে আহাৰ কৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; এতেকে জাহান্নামেই হৈছে সিহঁতৰ আবাসস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে, সেই জনপদৰ তুলনাত অধিক শক্তিশালী আৰু বহুতো জনপদ আছিল; যিবোৰক আমি ধ্বংস কৰিছোঁ, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[যিজন ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছে, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহক শোভনীয় কৰি দিয়া হৈছে, লগতে যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে এনেকুৱা, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে সেৱনকাৰীসকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ, লগতে তাত তেওঁলোকৰ বাবে থাকিব প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিসকলে জাহান্নামত স্থায়ী হ’ব আৰু যিসকলক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এই মাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে, আল্লাহে তেওঁলোকৰ হিদায়ত আৰু অধিক বৃদ্ধি কৰি দিয়ে, লগতে তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰক? কিয়ামতৰ লক্ষণসমূহ কিন্তু আহিয়ে পৰিছে! এতেকে কিয়ামত আহিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[গতিকে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কয়, এটা ছুৰা অৱতীৰ্ণ কৰা নহয় কিয়, তাৰ পিছত যদি কোনো মুহকাম ছুৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে, তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। এতেকে সিহঁতৰ বাবে উত্তম আছিল----]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে চূড়ান্ত সিদ্ধান্ত হোৱাৰ পিছত সিহঁতে যদি আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে নিশ্চয় সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[ক্ষমতাত অধিষ্ঠিত হ’লে সম্ভৱতঃ তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[ইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেন্তে সিহঁতে কোৰআনক লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[এইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, তাক যিসকলে অপছন্দ কৰে সিহঁতক ইহঁতে কয়, ‘অনতিপলমে আমিও কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম’। কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এইটো এইকাৰণে যে, সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তুষ্ট কৰিছে, লগতে সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাবে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোঁহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু নিশ্চয় তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু আমি নিশ্চয় তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰালৈকে যে, তোমালোকৰ মাজত মুজাহিদ আৰু ধৈৰ্য্যশীল লোক কোনসকল, আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। অতিশীঘ্ৰে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহক বিনষ্ট নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাবো নিদিবা, তোমালোকেই প্ৰবল, কাৰণ তোমালোকৰ লগত (সহায়ক হিচাপে) আল্লাহ আছে, আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[পাৰ্থিৱ জীৱন হৈছে কেৱল খেল-ধেমালি আৰু অৰ্থহীন কথা-বতৰাহে। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰস্কাৰ প্ৰদান কৰিব। তেওঁ তোমালোকৰ ধন-সম্পদ নিবিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[যদি তেওঁ তোমালোকৰ ওচৰত সেয়া (ধন-সম্পদ) বিচাৰে, লগতে যদি তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালিহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষভাৱ প্ৰকাশ কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক হৈছা অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে বেলেগ এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="48">
<aya number="1">
<translation><![CDATA[(হে ৰাছুল!) নিশ্চয় আমি তোমাক প্ৰদান কৰিছোঁ সুস্পষ্ট বিজয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[লগতে যাতে আল্লাহে তোমাক বলিষ্ঠ সাহায্য দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে, যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেৱেঁই তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[লগতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰী যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে, সিহঁতক যাতে তেওঁ শাস্তি বিহিব পাৰে। অমঙ্গল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে; আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যুগুৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় যিসকলে তোমাৰ ওচৰত বাইআত কৰে, অৱশ্যে তেওঁলোকে আল্লাহৰ হাততেই বাইআত কৰে। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পিছত যিয়ে সেইটো ভংগ কৰিব, সেই ভংগ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব আৰু যিয়ে আল্লাহৰ লগত কৰা অংগীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে শীঘ্ৰেই মহাপুৰস্কাৰ প্ৰদান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যিসকল বেদুইনে পিছ হোঁহকা দিছিল, সিহঁতে তোমাক অনতিপলমে আহি ক’ব, ‘আমাৰ ধন-সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, গতিকে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক’। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, ‘আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[বৰং তোমালোকে ধাৰণা কৰিছিলা যে, ৰাছুল আৰু মুমিনসকলে তেওঁলোকৰ নিজ নিজ পৰিয়ালৰ ওচৰলৈ কেতিয়াও উভতি আহিব নোৱাৰিব; আৰু এই ধাৰণা তোমালোকৰ অন্তৰত সুশোভিত হৈছিল, আৰু তোমালোকে এইটো বৰ নিকৃষ্ট ধাৰণা পোষণ কৰিছিলা, আৰু তোমালোক আছিলা ধ্বংসমুখী এটা সম্প্ৰদায়!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰে, নিশ্চয় আমি সেইসকল কাফিৰৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই, তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা, তেতিয়া যিসকলে পিছ হোঁহকা দিছিল সিহঁতে আহি ক’ব, ‘আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক’। সিহঁতে আল্লাহৰ বাণী পৰিবৰ্তন কৰিব বিচাৰে। কোৱা, ‘তোমালোকে কোনো মতেই আমাৰ লগত যাব নোৱাৰা। এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে’। সিহঁতে ক’ব, ‘বৰং আপোনালোকে আমাক হিংসা কৰে’। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[পিছ হোঁহকা দিয়া বেদুইনবিলাকক কোৱা, ‘শীঘ্ৰেই তোমালোকক এটা কঠোৰ যুদ্ধা জাতিৰ বিৰুদ্ধে আহ্বান কৰা হ’ব; তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা নাইবা সিহঁতে আত্মসমৰ্পণ কৰিব। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰস্কাৰ দান কৰিব। অন্যথা তোমালোকে যদি আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবেও কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোকে গছৰ তলত তোমাৰ বাইআত গ্ৰহণ কৰিছিল, এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেই বিষয়ে তেওঁ অৱগত আছিল; ফলত তেওঁলোকৰ ওপৰত তেওঁ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰস্কৃত কৰিলে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[লগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (তেওঁলোকক পুৰস্কৃত কৰিব) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ অধিকাৰী কেৱল তোমালোক হ’বা। লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে। তেৱেঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে, যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয়, তেৱেঁই তোমালোকক সৰল পথত পৰিচালিত কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[ইয়াৰ বাহিৰেও আৰু আছে বহু সম্পদ, যিবোৰ এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই, সেইবোৰক আল্লাহেই পৰিবেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু যিসকলে কুফৰী কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে পৃষ্ট প্ৰদৰ্শন কৰিলেহেঁতেন, তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰীও নাপালেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[এইটোৱে হৈছে আল্লাহৰ বিধান--- যিটো পূৰ্বৰে পৰা চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু তেৱেঁই মক্কা উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল, সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত, আৰু তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা, লগতে বাধা প্ৰদান কৰিছিল কুৰাবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানলৈ লৈ যোৱাত। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন, কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) এইকাৰণে যে, আল্লাহে যাক ইচ্ছা কৰে তাক তেওঁ নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। যদি তেওঁলোক পৃথক হৈ থাকিলহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোঁহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[যেতিয়া কাফিৰসকলে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল— অজ্ঞতা যুগৰ অহমিকা, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত তেওঁৰ প্ৰশান্তি অৱতীৰ্ণ কৰিলে, আৰু তেওঁলোকক তাক্বৱাৰ কলিমাত সুদৃঢ় কৰিলে, তেওঁলোকেই আছিল ইয়াৰ অধিক যোগ্য আৰু উপযুক্ত; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় আল্লাহে তেওঁৰ ৰাছুলৰ সপোনক যথাযথভাৱে বাস্তৱায়িত কৰিছে, আল্লাহৰ ইচ্ছাত তোমালোকে নিশ্চিতভাৱে নিৰাপদে মূৰ খুৰোৱাই আৰু চুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। এতেকে তোমালোকে যিটো নাজানা সেইটো তেওঁ জানে। সেয়ে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীন সহকাৰে প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰিবলৈ; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত অৱস্থাত আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনা কৰা দেখিবলৈ পাবা। তেওঁলোকৰ মুখমণ্ডলত থাকিব ছাজদাৰ চিহ্ন; এইটোৱে হৈছে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেইটো মজবুত হয় আৰু পুষ্ট হয়, লগতে দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="49">
<aya number="1">
<translation><![CDATA[হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গ'ম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ’ব লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে নিশ্চয় কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ বাবে ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সঠিক পথপ্ৰাপ্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[(এইবোৰ হৈছে) আল্লাহৰ দান আৰু অনুগ্ৰহ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীসকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ হৈছে পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপছন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিভিন্ন গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[বেদুইনবিলাকে কয়, ‘আমি ঈমান আনিছোঁ’। কোৱা, ‘তোমালোকে ঈমান পোষণ কৰা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পণ কৰিছোঁ’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত তেওঁলোকে সন্দেহ পোষণ কৰা নাই, লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই হৈছে সত্যনিষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[সিহঁতে ভাবে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="50">
<aya number="1">
<translation><![CDATA[ক্বা-ফ,[1] শপত সন্মানিত কোৰআনৰ!]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[বৰং সিহঁতে বিস্মিত হৈছে এইকাৰণে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰলৈ আহিছে; আৰু কাফিৰসকলে কয়, ‘এইটো দেখোন এটা বিস্ময়কৰ বিষয়!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হ'ম তথাপিও (আমি পুনৰুত্থিত হ'মনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে, আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[প্ৰকৃততে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে তাক অস্বীকাৰ কৰিছে। ফলত সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছোঁ আৰু ইয়াক সুশোভিত কৰিছোঁ আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু আমি পৃথিৱীক বিস্তৃত কৰিছোঁ আৰু তাত স্থাপন কৰিছোঁ পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰোঁ বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[বান্দাসকলৰ জীৱিকাৰ বাবে। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰোঁ মৃত চহৰক; এইদৰেই পুনৰুত্থান ঘটিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়েও, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছোঁ নেকি! বৰং সিহঁতেই সন্দেহত পতিত হৈছে নতুন সৃষ্টিৰ বিষয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[নিশ্চয় আমিয়েই মানুহক সৃষ্টি কৰিছোঁ আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈও অধিক নিকটৱৰ্তী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই (তাৰ কৰ্মসমূহ) লিপিবদ্ধ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত থাকে সংৰক্ষণকাৰী (লেখক ফিৰিস্তা)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথভাৱে আহিব। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[নিশ্চয় এই দিৱস সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছোঁ। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰীক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তাৰ সঙ্গী (চয়তানে) ক’ব, ‘হে আমাৰ প্ৰতিপালক! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলোঁ। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু জান্নাতক মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[ইয়াৰেই প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, (তেওঁৰ আদেশ) সংৰক্ষণকাৰীৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[যিসকলে নেদেখাকৈয়ে ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[(তেওঁলোকক কোৱা হ’ব,) ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে হৈছে অনন্ত জীৱনৰ দিন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক (প্ৰতিদান, অৰ্থাৎ আল্লাহ দৰ্শন)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু আমি সিহঁতৰ পূৰ্বে বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈও অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু নিশ্চয় আমি আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰক সৃষ্টি কৰিছোঁ কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[এতেকে সিহঁতে যিবোৰ (কষ্টদায়ক) কথা কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞৰ, সেইটোৱেই হৈছে পুনৰুত্থানৰ দিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এনেকৈ একত্ৰিত কৰাটো আমাৰ বাবে অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱাটো তোমাৰ কাম নহয়; এতেকে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="51">
<aya number="1">
<translation><![CDATA[শপত ধূলি উৰুৱাই নিয়া বতাহৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তোমালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে সত্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[শপত বহু পথবিশিষ্ট আকাশৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[ইয়াৰ পৰা বিৰত থাকে সেই ব্যক্তি, যাক বিৰত ৰখা হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[মিছলীয়াসকল (তথা অনুমানত কথা কোৱাসকল) ধ্বংস হওক!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[‘(কোৱা) যিদিনা সিহঁতক শাস্তি দিয়া হ’ব অগ্নিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে (আনন্দচিত্তে) গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তেওঁলোকে ৰাতিৰ অতি কম সময় টোপনিত কটাইছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক (প্ৰাপ্য)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু তোমালোকৰ নিজৰ মাজতো আছে (বহুতো নিদৰ্শন)। তোমালোকে লক্ষ্য নকৰা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[ইব্ৰাহীমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখোন অচিনাকি ব্যক্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তাৰ পিছত তেওঁ (ইব্ৰাহীম) সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থ্যৱান গো-পোৱালী (ভজা) লৈ উপস্থিত হ’ল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[তেতিয়া তেওঁৰ স্ত্ৰী চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বন্ধ্যা-বৃদ্ধা (এজনীৰ সন্তান হ’ব কেনেকৈ?)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালংঘনকাৰীসকলৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ পঠিয়াইছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন (সুদক্ষ) যাদুকৰ নহ’লে উন্মাদ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক শাস্তি বিহিছিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিছিলোঁ, আৰু সি আছিল তিৰস্কাৰযোগ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[সেই বতাহজাকে একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ভোগ কৰি লোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[তথাপিও সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু (ধ্বংস কৰিছিলোঁ) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু আমি ভূমিখনক পাৰি দিছোঁ, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে, তেতিয়াই সিহঁতে কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ আৰু মই এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক খুৱাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, মহাপৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[এতেকে সীমালংঘনকাৰীসকলৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰেই প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনা ধ্বংস অনিবাৰ্য, যি দিৱসটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="52">
<aya number="1">
<translation><![CDATA[শপত তুৰ পৰ্বতৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত লিপিবদ্ধ গ্ৰন্থৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[উন্মুক্ত পাতত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[শপত বাইতুল মা’মূৰৰ (আবাদ গৃহৰ),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[শপত সুউচ্চ চাদৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[ইয়াক প্ৰতিৰোধ কৰিব পৰা কোনো নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[যিদিনা প্ৰবলভাৱে আকাশ প্ৰকম্পিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এতেকে সৰ্বনাশ সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[যিসকলে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে গতিয়াই খেদি লৈ যোৱা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[‘এইটোৱে হৈছে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যসমূহৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব, লগতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদান হিচাপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকুবিশিষ্টা হুৰৰ সৈতে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজৰ কৃতকৰ্মৰ বাবে দায়ী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস, যিবোৰ তেওঁলোকে কামনা কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপকৰ্মও নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেনিবা সুৰক্ষিত মুকুতাহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সোধ-পোছ কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতিপূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শংকিত অৱস্থাত আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলোঁ; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) হৈছে এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[কোৱা, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালংঘনকাৰী সম্প্ৰদায়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[নে সিহঁতে কয় যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁতে ঈমান পোষণ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[এতেকে সিহঁত যদি সত্যবাদী হয়, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[নে সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন কোনো ভাণ্ডাৰ আছে? নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[নে সিহঁতৰ ওচৰত জখলা আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা পোৱা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[(হে নবী!) তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[নে সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে? যিটো সিহঁতে লিখি ৰাখে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰিছে? (জানি থোৱা) যিসকলে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? (জানি থোৱা) সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু আকাশৰ কোনো টুকুৰা ভাগি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[এতেকে সিহঁতক এৰি দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁত বজ্ৰাঘাতৰ ফলত অচেতন হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[নিশ্চয় ইয়াৰ বাহিৰেও আৰু শাস্তি আছে সীমালংঘনকাৰীসকলৰ বাবে। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ অপেক্ষত ধৈৰ্য্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="53">
<aya number="1">
<translation><![CDATA[শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও হোৱা নাই,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু তেওঁ মনে সজা কথা নকয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেওঁক শিক্ষা দান কৰে, প্ৰবল শক্তিধৰ (ফিৰিস্তা জিব্ৰীলে),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সৌন্দৰ্যপূৰ্ণ সত্ত্বা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তাৰ পিছত তেওঁ (ৰাছুলৰ) নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[ফলত উভয়ৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তেওঁ যি দেখিছে, তেওঁৰ অন্তৰে সেইবোৰক অস্বীকাৰ কৰা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু নিশ্চয় তেওঁক তেওঁ আৰু এবাৰ দেখিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[ছিদৰাতুল মুনতাহাৰ ওচৰত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[এইটো কেনে ধৰণৰ কথা, তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[দৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে, অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[মানুহে যি বিচাৰে সেইটোৱে সি পায়নে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে (তাৰ বিষয়টো সুকীয়া)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰহে অনুসৰণ কৰে; আৰু নিশ্চয় সত্যৰ মুকাবিলাত অনুমানৰ কোনো মূল্য নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এইটোৱে হৈছে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভালদৰে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভালদৰে জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপকৰ্ম আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু কিঞ্চিতহে দান কৰে, তাৰ পিছত বন্ধ কৰি দিয়ে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[অথবা মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[এতেকে কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[জানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[তাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা (লুব্ধক) নক্ষত্ৰৰ প্ৰতিপালক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক সন্দেহ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[কিয়ামত নিকটৱৰ্তী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[তোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[তোমালোক হৈছা উদাসীন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰেই ইবাদত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="54">
<aya number="1">
<translation><![CDATA[কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ আহি পাইছে সংবাদসমূহ, য’ত আছে সতৰ্কবাণী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এইখন হৈছে পৰিপূৰ্ণ জ্ঞানগৰ্ভ বাণী, কিন্তু এই সতৰ্কবাণী সিহঁতৰ কোনো কামত অহা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[সেইদিনা সিহঁতে অপমানিত অৱনমিত নয়নেৰে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-বিহ্বল হৈ গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো এটা বৰ কঠিন দিন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও মিছা বুলি ভাবিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ হৈছে এজন উন্মাদ’, আৰু তেওঁক ভাবুকিও দিয়া হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত এটা পৰিকল্পনা অনুসাৰে গোটেই পানী মিলিত হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু আমি তেওঁক (নূহক) কাঠ আৰু পেৰেকৰ দ্বাৰা নিৰ্মিত নৌযানত আৰোহণ কৰালোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰস্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছোঁ; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনেকুৱা আছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলোঁ প্ৰচণ্ড শীতল ধুমুহা, নিৰৱচ্ছিন্ন অমঙ্গল দিনত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[সেই ধুমুহাই মানুহক এনেকৈ উৎখাত কৰিছিল, যেনিবা সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ডহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেকুৱা হ’লে দেখোন আমি পথভ্ৰষ্ট বুলি আৰু পাগল হিচাপে পৰিগণিত হ'ম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি হৈছে এজন মিছলীয়া, দাম্ভিক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[কাইলৈ সিহঁতে নিশ্চয় গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ উট প্ৰেৰণ কৰিম, এতেকে (হে ছলেহ!) তুমি সিহঁতৰ আচৰণ লক্ষ্য কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ ঘাটতগৈ উপস্থিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলোঁ এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালি সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ পৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ ৰাতিৰ শেষাংশত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আমাৰ বিশেষ অনুগ্ৰহেৰে। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধানবাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[আৰু সিহঁতে লূতৰ ওচৰত আহি তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰি তেওঁক ফুচলাবলৈ ধৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলোঁ (আৰু ক’লোঁ), মোৰ শাস্তি আৰু সাৱধানবাণীৰ সোৱাদ লোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু ইপিনে পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত নামি আহিল বিৰামহীন শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[‘এতেকে মোৰ শাস্তি আৰু সাৱধানবাণীৰ পৰিণাম ভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো আহিছিল সতৰ্ককাৰী;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিছিল, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[তোমালোকৰ মাজৰ কাফিৰসকল সেই কাফিৰসকলতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজেয় দল’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠি দেখুৱাই পলায়ন কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[বৰং কিয়ামত হৈছে সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্ততাপূৰ্ণ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[নিশ্চয় অপৰাধীসকল আছে বিভ্ৰান্তি আৰু শাস্তিৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[যিদিনা সিহঁতক উবুৰি খুৱাই (নাক চোঁচৰাই) টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ যন্ত্ৰণা ভোগ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু আমাৰ আদেশ (কাৰ্যকৰী হ’বলৈ) কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু নিশ্চয় আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছোঁ; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[আনকি সৰু-বৰ সকলো কথা লিখিত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="55">
<aya number="1">
<translation><![CDATA[আৰ-ৰাহমান, (দয়াময় আল্লাহ)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেৱেঁই শিক্ষা দিছে কোৰআন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেৱেঁই সৃষ্টি কৰিছে মানুহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেৱেঁই তাক ভাষা শিকাইছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[সূৰ্য আৰু চন্দ্ৰই নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু তৃণলতা (অথবা নক্ষত্ৰৰাজি) আৰু বৃক্ষাদিয়েও ছাজদা কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[যাতে তোমালোকে জোখ-মাখত সীমালংঘন নকৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু তেৱেঁই পৃথিৱীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পোৰা মাটিৰ দৰে শুকান মাটিৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিৱেশ কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[এইটোৱে হৈছে সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[উভয়েই বহু শাখা-পল্লববিশিষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[উভয় জান্নাতত আছে প্ৰবাহমান দুখন নিজৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[উভয়ৰ মাজত আছে প্ৰতিটো ফল দুই দুই প্ৰকাৰৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[সিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ’ব পাৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[জান্নাত দুখন হৈছে ঘন সেউজীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[এই দুখন জান্নাতত আছে উচ্ছলিত দুখন নিজৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[যিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[সিহঁতে আউজি বহিব সেউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="56">
<aya number="1">
<translation><![CDATA[যেতিয়া কিয়ামত সংঘটিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[(তেতিয়া) ইয়াৰ সংঘটিত হোৱাক অস্বীকাৰ কৰিব পৰা কোনো নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত----]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[(তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[সোণেৰে নিৰ্মিত আসনমূহত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু থোকেৰে ভৰা কল গছ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু সম্প্ৰসাৰিত ছাঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু সদায় প্ৰবাহমান পানী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু প্ৰচুৰ ফল-মূল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[সোঁফালৰ লোকসকলৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[সেইটোৰেই তোমালোকে পেট ভৰাবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="57">
<translation><![CDATA[আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="58">
<translation><![CDATA[তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="59">
<translation><![CDATA[সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="60">
<translation><![CDATA[আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="61">
<translation><![CDATA[(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="62">
<translation><![CDATA[আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="63">
<translation><![CDATA[তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="64">
<translation><![CDATA[সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="65">
<translation><![CDATA[আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="66">
<translation><![CDATA[(আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="67">
<translation><![CDATA[‘বৰং আমি বঞ্চিত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="68">
<translation><![CDATA[তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="69">
<translation><![CDATA[মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="70">
<translation><![CDATA[আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="71">
<translation><![CDATA[তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="72">
<translation><![CDATA[তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="73">
<translation><![CDATA[ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="74">
<translation><![CDATA[এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="75">
<translation><![CDATA[এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="76">
<translation><![CDATA[আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="77">
<translation><![CDATA[নিশ্চয় এইখন মহিমান্বিত কোৰআন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="78">
<translation><![CDATA[যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="79">
<translation><![CDATA[পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="80">
<translation><![CDATA[এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="81">
<translation><![CDATA[তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="82">
<translation><![CDATA[আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="83">
<translation><![CDATA[এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="84">
<translation><![CDATA[আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="85">
<translation><![CDATA[আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="86">
<translation><![CDATA[এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="87">
<translation><![CDATA[তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="88">
<translation><![CDATA[তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="89">
<translation><![CDATA[তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="90">
<translation><![CDATA[আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="91">
<translation><![CDATA[তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="92">
<translation><![CDATA[কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="93">
<translation><![CDATA[তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="94">
<translation><![CDATA[আৰু জাহান্নামৰ দহনেৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="95">
<translation><![CDATA[নিশ্চয় এইটো সুনিশ্চিত সত্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="96">
<translation><![CDATA[এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="57">
<aya number="1">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে; আৰু তেৱেঁই সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ সেই সকলোবোৰ জানে যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যিবোৰ ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাবৰ্তিত হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তেৱেঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়; আৰু তেৱেঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু (আল্লাহৰ পথত) ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাছুলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে, আৰু আল্লাহেও তোমালোকৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছে, যদি তোমালোকে মুমিন হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে (মক্কা) বিজয়ৰ আগত দান কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰবৰ্তীসকল) সমান নহয়। তেওঁলোক সেইসকল লোকতকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰবৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এনেকুৱা কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ দিব? ফলত তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই হৈছে মহাসফলতা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰোঁ’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এটা প্ৰাচীৰ, য’ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰ ভাগত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[মুনাফিকসকলে মুমিনসকলক মাতি ক’ব, ‘আমি তোমালোকৰ লগত নাছিলোঁনে? তেওঁলোকে ক’ব, ‘হয়, কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰি ৰাখিছিল, আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ’ল, আৰু (অন্তিম সময়লৈকে) মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[‘এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ’ব আৰু যিসকলে কুফৰী কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই হৈছে তোমালোকৰ আবাসস্থল, এইটোৱেই তোমালোকৰ উপযুক্ত স্থান; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাবৰ্তনস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ ফলস্বৰূপে মুমিনসকলৰ অন্তৰ এতিয়াও কোমল (বিনীত) হোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যেন সিহঁতৰ দৰে নহয়, যিসকলক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[জানি থোৱা যে, আল্লাহেই ভূমিক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ বিনিময়ত) বহু গুণ বৃদ্ধি কৰি (প্ৰতিদান) দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ; আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত (যেতিয়া) সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত তথা সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা, যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে, যিটো প্ৰস্তুত কৰা হৈছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই এইটো প্ৰদান কৰে; আৰু আল্লাহ মহা অনুগ্ৰহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[পৃথিৱীত আৰু ব্যক্তিগতভাৱে তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপৰ্যয় নাই যিটো সংঘটিত হোৱাৰ আগতে আমি তাক এখন কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[এইটো এইকাৰণে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে গৌৰৱকাৰী তথা অহংকাৰী ব্যক্তিক পছন্দ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত) নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছোঁ, আৰু তেওঁলোকৰ লগত দিছোঁ কিতাব আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰিব পাৰে। আমি আৰু অৱতীৰ্ণ কৰিছোঁ লোহা, য’ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এয়া এইকাৰণে যে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে গায়েব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহীমক ৰাছুলৰূপে প্ৰেৰণ কৰিছিলোঁ আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবুওৱাত আৰু কিতাব। কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ অৱলম্বন কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু মাৰয়াম পুত্ৰ ঈছাকো অনুগামী কৰিছিলোঁ, আৰু তেওঁক আমি দিছিলোঁ ইঞ্জিল আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলোঁ কৰুণা আৰু দয়া; আৰু বৈৰাগ্যবাদ—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলোঁ; অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ঈমান আনিছিল, সিহঁতক আমি সিহঁতৰ পুৰস্কাৰ প্ৰদান কৰিছিলোঁ; কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[এয়া এইবাবেই যে, যাতে আহলে কিতাবসকলে জানিব পাৰে যে, আল্লাহৰ সামান্যতম অনুগ্ৰহতো সিহঁতৰ কোনো অধিকাৰ নাই; আৰু নিশ্চয় অনুগ্ৰহ আল্লাহৰেই হাতত, তেওঁ যাক ইচ্ছা কৰে তাকহে প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="58">
<aya number="1">
<translation><![CDATA[(হে ৰাছুল!) আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, (সিহঁতে জানি থোৱা উচিত যে) সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাতৃ হৈছে কেৱল সেইসকল তিৰোতা, যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু মিছা ভিত্তিহীন কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত নিজৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে (ইয়াৰ কাফফাৰা হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰা, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে (তাৰ প্ৰায়শ্চিত হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম (ৰোজা) পালন কৰিব লাগিব; আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব; এই বিধান এইকাৰণে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰীসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে, আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্ঠজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওক বা বেছি, তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত ক্বিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোকে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। বৰং তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰিবা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[গোপন পৰামৰ্শ কেৱল চয়তানৰ প্ৰৰোচনাতহে হয়, যাতে মুমিনসকলে কষ্ট পায়। কিন্তু আল্লাহৰ অনুমতি অবিহনে চয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈও সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহেও তোমালোকক প্ৰশস্ততা দান কৰিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[হে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে চাদাক্বা প্ৰদান কৰিবা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[অকলশৰীয়াকৈ পৰামৰ্শ কৰাৰ আগতে চাদাক্বা দিব লাগিব বুলি তোমালোকে ভয় পালা নেকি? যিহেতু তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে এনেকুৱা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত (অৰ্থাৎ মুনাফিকসকল) তোমালোকৰো দলভুক্ত নহয় আৰু সিহঁতৰো দলভুক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা শপত খায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰে সেয়া কিমান যে গৰ্হিত!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[সিহঁতে নিজৰ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, সেইদিনা সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত সিহঁতে তোমালোকৰ ওচৰত কৰে, আৰু সিহঁতে ধাৰণা কৰিব যে, সিহঁত ভাল কিবা এটাৰ ওপৰত প্ৰতিষ্ঠিত আছে। সাৱধান! নিশ্চয় সিহঁতেই হৈছে প্ৰকৃত মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই হৈছে চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই হৈছে ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আল্লাহে লিখি ৰাখিছে যে, ‘মই আৰু মোৰ ৰাছুলসকলেই নিশ্চিতভাৱে বিজয়ী হ’ম’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি বিচাৰি নাপাবা, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক বিৰুদ্ধাচাৰণ কৰা লোকক ভাল পায়--- যদিও সিহঁত তেওঁলোকৰ পিতা বা পুত্ৰ অথবা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনেকুৱা জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। তেওঁলোকেই হৈছে আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="59">
<aya number="1">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল তেৱেঁই সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ’ব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ (শাস্তিৰ) পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আযাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল; আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতোৱাই নিজৰ ঘৰ-দুৱাৰ ধ্বংস কৰিলে; এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতেই (বেলেগ কোনো) শাস্তি বিহিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[এইটো এইকাৰণে যে, নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল; আৰু যিয়ে আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিব, তেন্তে (সি জানি থোৱা উচিত) নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমেই; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু আল্লাহে সিহঁতৰ (ইয়াহুদীসকলৰ) পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (যুদ্ধ নকৰাকৈ লাভ কৰা ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰে কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আল্লাহে এই জনপদৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি সম্পদ প্ৰদান কৰিছে, সেয়া হৈছে আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশীল লোকৰ মাজতেই আৱৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থাকা, লগতে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজৰ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি অন্বেষণ কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই হৈছে সত্যবাদী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগৰ পৰাই এই নগৰীত বসবাস কৰি আছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰলৈ হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু যিসকল তেওঁলোকৰ পিছত আহিছে তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি স্নেহশীল, পৰম দয়ালু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহলে কিতাবসকলৰ মাজৰ পৰা যিসকলে কুফুৰী কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, ‘তোমালোকে যদি বহিষ্কৃত হোৱা, তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰোঁ আৰু তোমালোকৰ লগত যুদ্ধ হ’লে নিশ্চয় আমি তোমালোকক সহায় কৰিম’। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত হৈছে ঘোৰ মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[প্ৰকৃততে যদি সিহঁত (ইয়াহুদীসকল) বহিষ্কৃত হয় তেন্তে ইহঁতে (মুনাফিকসকলে) কেতিয়াও সিহঁতৰ সৈতে দেশ ত্যাগ নকৰিব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হ’লে, ইহঁতে কেতিয়াও সিহঁতক সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈ আহেও তেন্তে নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন (কৰি পলায়ন) কৰিব; তাৰ পিছত সিহঁতে কোনো সহায়েই নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি। কাৰণ সিহঁত হৈছে এটা জ্ঞানবোধ নথকা সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা দুৰ্গ-প্ৰাচীৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত প্ৰচণ্ডভাৱে লিপ্ত। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত কোনো মিল নাই; কাৰণ, সিহঁত হৈছে এটা নিৰ্বোধ সম্প্ৰদায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[ইহঁত হৈছে চয়তানৰ দৰে, যিয়ে মানুহক কয়, ‘কুফুৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফুৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[ফলত সিহঁত উভয়ৰে পৰিণাম হ’ব জাহান্নাম; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে হৈছে যালিমসকলৰ প্ৰতিদান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, অহাকালিৰ বাবে সি কি প্ৰেৰণ কৰিছে; লগতে তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[জাহান্নামৰ অধিবাসীসকল আৰু জান্নাতৰ অধিবাসীসকল কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[যদি আমি এই কোৰআনখনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোঁহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰোঁ মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয় সম্পৰ্কে পৰিজ্ঞাত; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আল্লাহেই হৈছে সৃষ্টিকৰ্তা, উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="60">
<aya number="1">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা, তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা, অথচ সিহঁতে তোমালোকৰ ওচৰলৈ অহা সত্যক প্ৰত্যাখ্যান কৰিছে, ৰাছুলক আৰু তোমালোকক বহিষ্কাৰ কৰিছে এই কাৰণে যে, তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। যদি তোমালোকে মোৰ পথত জিহাদ কৰিবলৈ আৰু মোৰ সন্তুষ্টি লাভৰ বাবে ওলাইছা, তেন্তে কিয় তোমালোকে সিহঁতৰ লগত গোপনে বন্ধুত্ব কৰিছা? আৰু তোমালোকে যি গোপন কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা সেই বিষয়ে মই সম্যক অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব সি সৰল পথৰ পৰা বিচ্যুত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[সিহঁতে যদি তোমালোকৰ ওপৰত প্ৰধান্য লাভ কৰে তেন্তে সিহঁত তোমালোকৰ শত্ৰু হৈ পৰিব, লগতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকক অনিষ্ট সাধন কৰিব, আৰু সিহঁতে কামনা কৰিব যে, তোমালোকেও কুফুৰী কৰা!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তোমালোকৰ আত্মীয়-স্বজন আৰু সন্তান-সন্ততিয়ে ক্বিয়ামতৰ দিনা কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰি দিব; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সৰ্বদ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহীম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত আছে উত্তম আদৰ্শ। যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি তোমালোকক নামানো। (আজিৰ পৰা) আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ’ল; যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰিবা’। কিন্তু ইব্ৰাহীমৰ নিজ পিতাৰ প্ৰতি কৰা এই উক্তিটো আছিল ব্যতিক্ৰম যে, ‘মই নিশ্চয় আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, কিন্তু মই আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ কৰিবলৈ মোৰ সাধ্য নাই’। (ইব্ৰাহীম আৰু তেওঁৰ অনুসাৰীসকলে কৈছিল) হে আমাৰ প্ৰতিপালক! ‘আমি তোমাৰ ওপৰতেই ভৰসা কৰিছোঁ, আৰু তোমাৰেই অভিমুখী হৈছোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ প্ৰত্যাৱৰ্তন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[‘হে আমাৰ প্ৰতিপালক! তুমি আমাক কাফিৰসকলৰ ফিতনাৰ পাত্ৰ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক ক্ষমা কৰি দিয়া; নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে তেওঁলোকৰ মাজত, যিহেতু তোমালোকে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰা; আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত যে) নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত, স্বয়ং প্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিসকলৰ লগত তোমালোকৰ শত্ৰুতা আছে সম্ভৱতঃ আল্লাহে সিহঁতৰ আৰু তোমালোকৰ মাজত বন্ধুত্ব সৃষ্টি কৰি দিব; আল্লাহ ক্ষমতাৱান: আৰু আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[দ্বীনী ক্ষেত্ৰত যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহ ন্যায়পৰায়ণসকলক ভালপায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আল্লাহে কেৱল সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, যিসকলে দ্বীন সম্পৰ্কে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিছে, তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু তোমালোকক বহিষ্কাৰ কৰিবলৈ সহায় কৰিছে। এনেকুৱা লোকৰ সৈতে যিসকলে বন্ধুত্ব কৰে, সিহঁতেই হৈছে যালিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰলৈ মুমিনা নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰি লবা; আল্লাহেই সিহঁতৰ ঈমান সম্পৰ্কে সম্যক অৱগত। তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে, সিহঁত মুমিনা নাৰী, তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ ওভতাই নপঠিয়াবা। মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয়। কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক ওভতাই দিয়া। তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহ’ব, যদি তোমালোকে সিহঁতক মোহৰ আদায় দিয়া; আৰু তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজায় নাৰাখিবা। তোমালোকে যি ব্যয় কৰিছা সেয়া তোমালোকে ওভতাই লবা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে ঘূৰাই বিচৰা উচিত। এইটোৱে হৈছে আল্লাহৰ বিধান; তেওঁ তোমালোকৰ মাজত ফয়চালা কৰি দিয়ে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ কোনোবাই যদি হাত এৰাদি কাফিৰসকলৰ ওচৰলৈ গুচি যায়, তাৰ পিছত যদি তোমালোকে যুদ্ধত বিজয়ী হৈ গনীমত লাভ কৰা, তেনেহ’লে যিসকলৰ স্ত্ৰী গুচি গৈছে সিহঁতক, সিহঁতে যি ব্যয় কৰিছে, তাৰ সমপৰিমাণ প্ৰদান কৰিবা; আৰু তোমালোকে আল্লাহক ভয় কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[হে নবী! যেতিয়া মুমিনা নাৰীসকলে তোমাৰ ওচৰলৈ আহি এই সম্পৰ্কে বাইআত কৰে যে, সিহঁতে আল্লাহৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, চুৰি নকৰিব, ব্যভিচাৰ নকৰিব, নিজৰ সন্তানসকলক হত্যা নকৰিব, ইচ্ছাকৃতভাৱে নিজে অপবাদ ৰচনা কৰি ৰটনা কৰি নুফুৰিব আৰু সৎকৰ্মত তোমাৰ অবাধ্যতা নকৰিব, তেতিয়া তুমি সিহঁতৰ বাইআত গ্ৰহণ কৰিবা, আৰু সিহঁতৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে সেই সম্প্ৰদায়ৰ লগত বন্ধুত্ব নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ ক্ৰোধান্বিত হৈছে। সিহঁতে আখিৰাত সম্পৰ্কে নিৰাশ হৈ পৰিছে, যেনেকৈ কাফিৰসকলে কবৰবাসীৰ বিষয়ে নিৰাশ হৈ পৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="61">
<aya number="1">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তোমালোকে যিটো নকৰা সেইটো তোমালোকে কোৱাটো আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় আল্লাহে তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী, লগতে এজন ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম হ’ব আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন স্পষ্ট যাদু’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয়; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে তেওঁৰ জ্যোতিক (নিশ্চিতভাৱে) পূৰ্ণতা দান কৰিব। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীন সহকাৰে সকলো দ্বীনৰ ওপৰত তাক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[হে ঈমান্দাৰসকল! মই তোমালোকক এনেকুৱা এটা ব্যৱসায়ৰ সন্ধান দিমনে, যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই হৈছে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব; আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নদীসমূহ প্ৰবাহিত, আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো (প্ৰৱেশ কৰাব)। এইটোৱে হৈছে মহা সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[লগতে (তেওঁ প্ৰদান কৰিব) আৰু এটা অনুগ্ৰহ, যিটো তোমালোকে পছন্দ কৰা। (অৰ্থাৎ) আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটৱৰ্তী বিজয়; আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা, যেনেকৈ মাৰয়ামৰ পুত্ৰ ঈছাই হাৱাৰীসকলক কৈছিল, ‘আল্লাহৰ পথত কোনে মোৰ সহায়ক হ’বা’? হাৱাৰীসকলে কৈছিল, ‘আমিয়েই আল্লাহৰ পথত সহায়কাৰী’। তাৰ পিছত বনী ইছৰাঈলৰ এটা দলে ঈমান আনিছিল আৰু আন এটা দলে কুফুৰী কৰিছিল। গতিকে যিসকলে ঈমান আনিছিল তেওঁলোকক আমি তেওঁলোকৰ শত্ৰুবাহিনীৰ ওপৰত শক্তিশালী কৰিছিলোঁ। ফলত তেওঁলোক বিজয়ী হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="62">
<aya number="1">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, যিজন অধিপতি, মহাপৱিত্ৰ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেৱেঁই উম্মীসকলৰ মাজত সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছে, যিজনে সিহঁতৰ ওচৰত তেওঁৰ আয়াতসমূহ তিলাৱাত কৰে, সিহঁতক পৱিত্ৰ কৰে আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে; যদিও ইতিপূৰ্বে সিহঁত আছিল ঘোৰ বিভ্ৰান্তিত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু সিহঁতৰ মাজৰ পৰা অন্যান্যসকলৰ প্ৰতিও, (এই ৰাছুলকেই প্ৰেৰণ কৰা হৈছে) যিসকলে এতিয়াও সিহঁতৰ লগত মিলিত হোৱা নাই আৰু আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[এইটো আল্লাহৰেই অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাক সেয়া দান কৰে; আৰু আল্লাহ মহানুগ্ৰহৰ অধিকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[যিসকলক তাওৰাতৰ দায়িত্বভাৰ দিয়া হৈছিল, কিন্তু সিহঁতে ইয়াক বহন কৰা নাছিল। সিহঁতৰ উদাহৰণ হৈছে- গাধৰ দৰে! যিয়ে বহু কিতাবৰ বোজা বহন কৰে। কিমান যে নিকৃষ্ট সেই সম্প্ৰদায়ৰ দৃষ্টান্ত, যিসকলে আল্লাহৰ আয়াতসমূহক মিছা বুলি অমান্য কৰে; (জানি থোৱা) আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[কোৱা, হে ইয়াহুদীসকল! যদি তোমালোকে ভাবা যে, আন আন মানুহৰ বাহিৰে অকল তোমালোকেই আল্লাহৰ বন্ধু, তেন্তে তোমালোকে মৃত্যু কামনা কৰা যদি তোমালোকে সত্যবাদী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[কিন্তু সিহঁতৰ হাতে আগলৈ যি প্ৰেৰণ কৰিছে তাৰ কাৰণে সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[কোৱা, যি মৃত্যুৰ পৰা তোমালোকে পলায়ন কৰা, সেয়া নিশ্চয় তোমালোকৰ লগত সাক্ষাৎ কৰিব। তাৰ পিছত তোমালোকক প্ৰত্যাৱৰ্তন কৰোৱা হ’ব গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী আল্লাহৰ ওচৰত। তেওঁ তোমালোকক জনাই দিব তোমালোকে যি আমল কৰিছিলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তাৰ পিছত ছালাত সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া-কৌতুক দেখা পায় তেতিয়া সিহঁতে তোমাক থিয় অৱস্থাতেই ৰাখি সেইফালে ধাৱিত হয়। কোৱা, আল্লাহৰ ওচৰত যি আছে সেয়া ক্ৰীড়া-কৌতুক আৰু ব্যৱসায়-বাণিজ্যতকৈও উৎকৃষ্ট; আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ জীৱিকাদাতা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="63">
<aya number="1">
<translation><![CDATA[যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল, লগতে আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল হৈছে মিছলীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[সিহঁতে নিজৰ শপতবোৰক ঢালৰূপে ব্যৱহাৰ কৰে। ফলত সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰে। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[এয়া এই কাৰণে যে, সিহঁতে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁতে নুবুজা হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুঁটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই হৈছে প্ৰকৃত শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আহা, আল্লাহৰ ৰাছুলে তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব’, তেতিয়া সিহঁতে মূৰ জুকাৰি অস্বীকৃতি জনায়, লগতে তুমি সিহঁতক অহংকাৰ কৰি বিমুখ হৈ গুচি যোৱা দেখিবলৈ পাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা, উভয়েই সিহঁতৰ বাবে সমান। আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। নিশ্চয় আল্লাহ ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[সিহঁতে কয়, ‘তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়’। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ আল্লাহৰেই, কিন্তু মুনাফিক্বসকলে নুবুজে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সিহঁতে কয়, ‘আমি মদীনালৈ উভতি গ’লে নিশ্চয় শক্তিশালীসকলে তাৰ পৰা দুৰ্বলসকলক বহিষ্কাৰ কৰিব’। অথচ শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা উদাসীন নকৰে; আৰু যিসকলে এনেকৈ উদাসীন হ’ব সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু মই তোমালোকক যি জীৱিকা দান কৰিছোঁ তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা, (কাৰণ মৃত্যু অহাৰ পিছত মানুহে ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোঁহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যেতিয়া কাৰোবাৰ নিৰ্দিষ্ট সময় উপস্থিত হয়, তেতিয়া আল্লাহে তাক কেতিয়াও অৱকাশ নিদিয়ে। তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="64">
<aya number="1">
<translation><![CDATA[আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাৱৰ্তন কেৱল তেওঁৰ ওচৰতেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[ইয়াৰ আগত যিসকলে কুফুৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰলৈ আহি পোৱা নাইনে? সিহঁতে নিজৰ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এয়া এই কাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল, তথাপিও সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফুৰী কৰিছিল আৰু মুখ ঘূৰাই লৈছিল; ফলত আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰুক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি, লগতে আমি যি নূৰ অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি ঈমান পোষণ কৰা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেই দিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহা সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[কিন্তু যিসকলে কুফুৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। কিমান নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আল্লাহৰ অনুমতি অবিহনে কোনো বিপদেই আপতিত নহয়। যিয়ে আল্লাহক বিশ্বাস কৰে, আল্লাহে তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা। কিন্তু তোমালোকে যদি মুখ ঘূৰাই লোৱা তেন্তে (জানি থোৱা) মোৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে প্ৰচাৰ কৰাহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকৰ স্ত্ৰী-স্বামী আৰু সন্তান-সন্ততিসকলৰ মাজৰ কিছুমান হৈছে তোমালোকৰ শত্ৰু; এতেকে সিহঁতৰ বিষয়ে তোমালোকে সতৰ্ক থাকিবা। যদি তোমালোকে সিহঁতক মাৰ্জনা কৰি দিয়া, সিহঁতৰ দোষ-ত্ৰুটিক উপেক্ষা কৰা আৰু সিহঁতক ক্ষমা কৰি দিয়া, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[নিশ্চয় তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কেৱল এটা পৰীক্ষা বিশেষ; আৰু আল্লাহৰ ওচৰতেই আছে মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[এতেকে তোমালোকে যথাসাধ্য আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, শ্ৰৱণ কৰা, আনুগত্য কৰা আৰু ব্যয় কৰা, তোমালোকৰ নিজৰে কল্যাণ হ’ব; আৰু যিসকলে অন্তৰৰ কৃপণতাৰ পৰা মুক্ত, সিহঁতেই হৈছে সাফল্যমণ্ডিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[যদি তোমালোকে আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেওঁ তোমালোকৰ বাবে তাক বহু গুণ বৃদ্ধি কৰি দিব আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ গুণগ্ৰাহী, পৰম ধৈৰ্যশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[তেওঁ দৃশ্য আৰু অদৃশ্য যাৱতীয় বিষয়ৰ জ্ঞানী, পৰাক্ৰমশালী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="65">
<aya number="1">
<translation><![CDATA[হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও যেন ওলাই নাযায়, (কিন্তু) সিহঁত যদি কোনো স্পষ্ট অশ্লীলতাত লিপ্ত হয় (তেন্তে বিষয়টো সুকীয়া)। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লংঘন কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে। তুমি নাজানা, সম্ভৱতঃ আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ ইদ্দতৰ শেষ সীমাত উপনীত হ’ব, তেতিয়া তোমালোকে সিহঁতক যথাবিধি ৰাখি দিবা নহ’লে সিহঁতক যথাবিধি পৰিত্যাগ কৰিবা আৰু তোমালোকৰ মাজৰ পৰা দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; আৰু তোমালোকে আল্লাহৰ বাবে সঠিকভাৱে সাক্ষ্য দিবা। ইয়াৰ দ্বাৰা তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস কৰে তাক উপদেশ দিয়া হৈছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ; আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (ইদ্দতকাল হৈছে তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল হৈছে সন্তান প্ৰসৱ নোহোৱালৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এইটো হৈছে আল্লাহৰ বিধান, যিটো তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক প্ৰদান কৰিব মহাপুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সংকটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানক পিয়াহ খুওৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ ফালৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্ছলতা প্ৰদান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ গ্ৰহণ কৰিছিলোঁ আৰু আমি সিহঁতক বিহিছিলোঁ কঠিন শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[ফলত সিহঁতে নিজৰ কৃতকৰ্মৰ সোৱাদ পাইছিল; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধশক্তিসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে উপদেশ---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; এতেকে যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব, তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান; আৰু আল্লাহে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="66">
<aya number="1">
<translation><![CDATA[হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰি লৈছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে; আৰু আল্লাহেই হৈছে তোমালোকৰ অভিভাৱক আৰু তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে তেওঁৰ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল, ইপিনে আল্লাহে তেওঁৰ নবীৰ ওচৰত সেই বিষয়টো প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এইষাৰ কথা কোনে অৱগত কৰালে’? নবীয়ে ক’লে, ‘মোক সেই সত্ত্বাই জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যদি তোমালোকে উভয়ে (অনুতপ্ত হৈ) আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ হ’ব), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছিল। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহেই হৈছে তেওঁৰ অভিভাৱক আৰু জীব্ৰীল লগতে সৎকৰ্মশীল মুমিনসকল, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলেও তেওঁৰ সহায়কাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱতঃ তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈও উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ, মুমিনাহ, অনুগত, তাওবাকাৰীণী, ইবাদতকাৰীণী, ছিয়াম পালনকাৰীণী, অকুমাৰী আৰু কুমাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম-হৃদয়, কঠোৰস্বভাৱ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু তেওঁলোকে যিটো কৰিবলৈ আদেশপ্ৰাপ্ত হয় সেইটোৱেই কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[হে কাফিৰসকল! আজি তোমালোকে ওজৰ-আপত্তি দাঙি ধৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবীক আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁহাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম আৰু সেইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[যিসকলে কুফুৰী কৰিছে, সিহঁতৰ বাবে আল্লাহে নূহৰ স্ত্ৰী আৰু লূতৰ স্ত্ৰীৰ উদাহৰণ দিছে; সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত (নবীৰ স্ত্ৰী হৈয়ো) আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱা নাছিল, তেওঁলোক দুয়ো (নূহ আৰু লূত) সিহঁতৰ কোনো কামত অহা নাছিল, আৰু সিহঁতক কোৱা হ’ল, ‘তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল, ‘হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰা আৰু মোক ফিৰআউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা যালিম সম্প্ৰদায়ৰ পৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[(আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক মাৰয়ামৰ---- যিয়ে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই দিছিলোঁ আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="67">
<aya number="1">
<translation><![CDATA[বৰকতময় সেই সত্ত্বা, যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোন আটাইতকৈ উত্তম আমলকাৰী? তেওঁ পৰাক্ৰমশালী, অতি ক্ষমাশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালেই উভতি আহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছোঁ আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছোঁ আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছোঁ জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব, আৰু ই উথলি উঠিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰলৈ কোনো সতৰ্ককাৰী অহা নাছিলনে’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰলৈ সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলোঁ আৰু কৈছিলোঁ, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোঁহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোঁহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোঁহেঁতেন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[ফলত সিহঁতে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিব। এতেকে (আল্লাহৰ ৰহমতৰ পৰা) জাহান্নামীসকল দূৰ হওক (সিহঁতৰ ধ্বংস অনিবাৰ্য)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থিত হৈ যাব লাগিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে, আকাশত যিজন আছে তেওঁ তোমালোকক ভূমিস্খলনৰ দ্বাৰা (পুতি পেলাই) ধ্বংস নকৰিব? ফলত হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[অথবা তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য নকৰে নেকি, যিবোৰে পাখি মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সেনাবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তেওঁ যদি তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে, কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব? বৰং সিহঁত অবাধ্যতা আৰু (সত্য) বিমুখতাত অবিচল হৈ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[যি ব্যক্তিয়ে মুখৰ ওপৰত ভৰ দি হালি খোজকাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজকাঢ়ে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[কোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব'?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেই শাস্তি, যিটোক তোমালোকে (সোনকালে আনিবলৈ) আবেদন কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[কোৱা, তোমালোকে ভাবি চাইছানে, যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছোঁ আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছোঁ। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোন স্পষ্ট বিভ্ৰান্তিত আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[কোৱা, তোমালোকে ভাবি চাইছানে, যদি তোমালোকৰ পানী ভূগৰ্ভলৈ গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="68">
<aya number="1">
<translation><![CDATA[নূন;[1] কলমৰ শপত আৰু তেওঁলোকে (ফিৰিস্তাসকলে) যি লিখে তাৰ শপত!]]></translation>
<footnotes><![CDATA[[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।]]></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি উন্মাদ নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও ভালকৈয়ে জানে কোনসকল লোক হিদায়তপ্ৰাপ্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতে কামনা কৰে যে, তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু তুমি এনেকুৱা ব্যক্তিৰো আনুগত্য নকৰিবা যিয়ে অধিক শপত খায়, লাঞ্ছিত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে (ইজনৰ কথা সিজনক গাই ফুৰে),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী, পাপিষ্ঠ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[এই কাৰণে যে, সি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত সমৃদ্ধশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[শীঘ্ৰেই আমি তাৰ শুঁৰত (নাকত) দাগ দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছোঁ, যেনেকৈ পৰীক্ষা কৰিছিলোঁ উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, পুৱাৰভাগতে সিহঁতে বাগানৰ ফল আহৰণ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[কিন্তু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[ফলত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুয়ে) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[ফলত বাগানখন (পুৰি) ক’লাবৰ্ণৰ নিচিনা হৈ গ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা, তেনেহ’লে পুৱতি নিশাই বাগানলৈ বলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাৰ পিছত সিহঁতে নিম্নস্বৰে কথা পাতি যাবলৈ ধৰিলে--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[যে ‘আজি যাতে তাত তোমালোকৰ ওচৰলৈ কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু সিহঁতে (অভাৱীসকলক নিবৃত্ত কৰিবলৈ) সক্ষম বুলি ভাবি পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তিৰে (বাগানলৈ) যাত্ৰা কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় আমি পথ হেৰুৱাইছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[‘বৰং আমি বঞ্চিত হৈছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[সিহঁতে ক’লে, ‘পৱিত্ৰ মহান আমাৰ প্ৰতিপালক। নিশ্চয় আমি যালিম আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালংঘনকাৰী আছিলোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আমি আশা কৰোঁ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈও উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[এইদৰেই হয় শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আমি মুছলিম (অনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তোমালোকৰ কি হৈছে, এইটো তোমালোকৰ কেনেকুৱা সিদ্ধান্ত?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তোমালোকৰ ওচৰত কোনো গ্ৰন্থ আছে নেকি, যিখন তোমালোকে অধ্যয়ন কৰা--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[যে, তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যিবোৰ তোমালোকে পছন্দ কৰা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[অথবা ক্বিয়ামত পৰ্যন্ত বলৱৎ হ'ব পৰাকৈ তোমালোকৰ সৈতে আমাৰ এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ দায়িত্বশীল কোন?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[(স্মৰণ কৰা) যিদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ (সুস্থ) আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[এতেকে মোক আৰু সিহঁতক এৰি দিয়া, যিসকলে এই বাণীক প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[আৰু মই সিহঁতক অৱকাশ দিওঁ। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে (অধৈৰ্য্য) নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত মিনতি কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায়, যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ হৈছে এজন উন্মাদ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[অথচ এই কোৰআন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="69">
<aya number="1">
<translation><![CDATA[সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[কি সেই অৱশ্যম্ভাৱী ঘটনা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপকৰ্মত লিপ্ত আছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তেওঁ থাকিব সন্তোষজনক জীৱনত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[সুউচ্চ জান্নাতত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় এয়া (কোৰআন) এজন সন্মানিত ৰাছুলৰ (বহনকৃত) বাণী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="70">
<aya number="1">
<translation><![CDATA[আবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[(যদিও) সিহঁতক পৰস্পৰৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিৱসৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[লগতে পৃথিৱীৰ সকলোকে (দিব বিচাৰিব), যাতে ইয়াৰ বিনিময়ত তাক মুক্তি দিয়া হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় এইটো হৈছে লেলিহান জুই,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিয়ে (তাৰ) মূৰৰ ছাল খহাই পেলাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে (সত্যৰ প্ৰতি) পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু সি সম্পদ সঞ্চয় কৰিছিল, লগতে সংৰক্ষণ কৰি ৰাখিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[যেতিয়া তাক বিপদে স্পৰ্শ কৰে, তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে, তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[যিসকলে নিজৰ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু যিসকলৰ ধন-সম্পদত আছে নিৰ্ধাৰিত হক্ব (প্ৰাপ্য),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি কোনো নিৰাপদ বস্তু নহয়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু যিসকলে নিজৰ যৌনাঙ্গৰ হিফাজত কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালংঘনকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু যিসকলে সাক্ষ্যদানত অটল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখোন তোমাৰ ফালে ঢপলীয়াই আহি আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা, দলে দলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছোঁ, সেয়া সিহঁতে জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[এতেকে মই শপত কৰিছোঁ উদয়াচল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="71">
<aya number="1">
<translation><![CDATA[নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলোঁ যে, ‘সিহঁতৰ ওচৰলৈ যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী--]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!’]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[‘কিন্তু মোৰ আহ্বানে সিহঁতৰ পলায়ন-প্ৰৱণতাহে বৃদ্ধি কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছোঁ যাতে তুমি সিহঁতক ক্ষমা কৰা, সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোজ হৈছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[‘তাৰ পিছতো মই সিহঁতক উচ্চস্বৰে আহ্বান কৰিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু কৈছোঁ, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহা ক্ষমাশীল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ অৱতীৰ্ণ কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘আৰু তেওঁ তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু তাত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[‘তাৰ পিছত তেৱেঁই তোমালোকক তালৈকে ওভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[নুহে কৈছিল, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু সিহঁতে কয়, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যবোৰক বৰ্জন নকৰিবা; লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[(ফলত) সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল, তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নুহে আৰু কৈছিল, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ বুকুত কাফিৰসকলৰ এটা গৃহও অৱশিষ্ট নাৰাখিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক, লগতে যিয়ে মুমিন হৈ মোৰ ঘৰত প্ৰৱেশ কৰিছে তাক, আৰু মুমিন পুৰুষ তথা মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="72">
<aya number="1">
<translation><![CDATA[কোৱা, মোৰ প্ৰতি অহী কৰা হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে (এই কোৰআন) শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[‘যিখনে সত্যৰ পথ দেখুৱায়, সেয়ে আমি তাৰ ওপৰত ঈমান আনিছোঁ। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ সৈতে আন কাকো অংশী স্থাপন নকৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[‘অথচ আমি ধাৰণা কৰিছিলোঁ যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ কৰিব নোৱাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[‘আৰু নিশ্চয় সিহঁতেও (মানুহেও) ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলোঁ, কিন্তু আমি দেখিলোঁ যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলোঁ কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হ'বলগীয়া হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলোঁ বিভিন্ন পথৰ অনুসাৰী;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[‘আৰু আমি বুজি পাইছোঁ যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[‘গতিকে আমি যেতিয়া হিদায়তৰ বাণী শুনিলোঁ, তেতিয়া তাৰ প্ৰতি ঈমান আনিলোঁ। এতেকে যিয়ে তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পণকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাচি লৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[‘আনহাতে সীমালংঘনকাৰীসকল হৈছে জাহান্নামৰেই ইন্ধন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলহেঁতেন, তেনেহ’লে আমি সিহঁতক নিশ্চয় প্ৰচুৰ পৰিমাণে পানী পান কৰালোঁহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় হ’ল, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰোঁ আৰু তেওঁৰ লগত আন কাকো আংশী নকৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে হৈছে মোৰ দায়িত্ব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[কোৱা, ‘তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী, নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব সেয়া মই নাজানো’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰতেই প্ৰকাশ নকৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। সেই ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিয়োজিত কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[যাতে তেওঁ প্ৰকাশ কৰিব পাৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। লগতে তেওঁলোকৰ ওচৰত যি আছে সেয়াও তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তুৰ সংখ্যা হিচাপ কৰি ৰাখিছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="73">
<aya number="1">
<translation><![CDATA[হে বস্ত্ৰাবৃত!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[ৰাতিত ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[অৰ্দ্ধেক ৰাতি বা তাতকৈও অলপ কম;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[অথবা তাতকৈও অলপ বেছি। লগতে স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় ৰাতি-জাগৰণ হৈছে আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[গতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তেৱেঁই পূৱ আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[লগতে আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিৱসটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধাৱস্থালৈ পৰিণত কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সেইদিনা আকাশ বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে, সি যেন তাৰ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত, লগতে তোমাৰ সংগীসকলৰ এটা দলেও থিয় দিয়ে। আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিছে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত নিশ্চয় পাবা। ই উৎকৃষ্টতম আৰু পুৰস্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="74">
<aya number="1">
<translation><![CDATA[হে বস্ত্ৰাবৃত!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[উঠা, আৰু সতৰ্ক কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সেই দিনটো হ’ব এটা সংকটৰ দিন-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[যিটো কাফিৰসকলৰ বাবে সহজ নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু যাক মই প্ৰদান কৰিছোঁ বিপুল ধন-সম্পদ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু (প্ৰদান কৰিছোঁ) নিত্যসঙ্গী পুত্ৰসকল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু তাক প্ৰদান কৰিছোঁ স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তথাপিও সি কামনা কৰে যে, মই যেন তাক আৰু অধিক দিওঁ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তাৰ পিছত সি লক্ষ্য কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[‘এয়াতো মানুহৰেই কথা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[কেতিয়াও নহয়, চন্দ্ৰৰ শপত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[শপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[মানুহৰ বাবে সতৰ্ককাৰী-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[প্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[অপৰাধীবিলাকৰ বিষয়ে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[এতেকে চুপাৰিছকাৰীসকলৰ চুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[সিহঁত যেনিবা ভীত-সন্ত্ৰস্ত পলায়নৰত বনৰীয়া গাধ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="51">
<translation><![CDATA[যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="52">
<translation><![CDATA[বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="53">
<translation><![CDATA[কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="54">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="55">
<translation><![CDATA[গতিকে যিয়ে ইচ্ছা কৰিব সি উপদেশ গ্ৰহণ কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="56">
<translation><![CDATA[আৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে, একমাত্ৰ তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="75">
<aya number="1">
<translation><![CDATA[মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যদিও সি নানা অজুহাত দেখুৱায়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="76">
<aya number="1">
<translation><![CDATA[কালপ্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিলনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মিশ্ৰিত শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিসম্পন্ন বনাইছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছোঁ, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ শিকলি, গলবেৰি আৰু লেলিহান জুই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনেকুৱা পানীয় যাৰ মিশ্ৰন হ’ব কৰ্পূৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এনেকুৱা এটা নিজৰাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, যিটোক তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰবাহিত কৰিব পাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[(কাৰণ) তেওঁলোকে মান্নত পূৰণ কৰে, আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ’ব সুবিস্তৃত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তেওঁলোকে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যেহে তোমালোকক খাদ্য প্ৰদান কৰোঁ, আমি তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও কামনা নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰোঁ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[ফলত আল্লাহে তেওঁলোকক ৰক্ষা কৰিব সেই দিৱসৰ অনিষ্টৰ পৰা আৰু তেওঁলোকক প্ৰদান কৰিব উজ্জ্বলতা আৰু আনন্দ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[লগতে তেওঁলোকৰ ধৈৰ্য্যৰ পুৰস্কাৰ হিচাপে তেওঁলোকক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তাত তেওঁলোকে সুসজ্জিত আসনত আউজি বহি থাকিব, তেওঁলোকে তাত প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তেওঁলোকৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ, লগতে ইয়াৰ ফলমূলৰ থোকবোৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ আয়ত্তাধীন কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু তেওঁলোকক ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, পৰিবেশনকাৰীসকলে পৰিমিতভাৱে তাক পূৰ্ণ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু তাত তেওঁলোকক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[জান্নাতৰ এনেকুৱা এটা নিজৰাৰ পৰা, যাৰ নাম হ’ব ছালছাবীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতাহে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিশাল সাম্ৰাজ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তেওঁলোকৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু তেওঁলোক অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পৱিত্ৰ পানীয় পান কৰাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[(তেওঁলোকক কোৱা হ’ব) নিশ্চয় এইটোৱে হৈছে তোমালোকৰ পুৰস্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[এতেকে তুমি ধৈৰ্য্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু পুৱা-গধূলি তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা, লগতে ৰাতিত দীৰ্ঘ সময়লৈকে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা তথা তাছবীহ পাঠ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় সিহঁতে পৃথিৱীৰ জীৱনক ভালপায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিৱসটোক উপেক্ষা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আমিয়েই সিহঁতক সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছোঁ। আমি যেতিয়াই ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰেই (বেলেগ কোনো জাতিক) আনি পৰিবৰ্তন কৰি দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে উভতি অহাৰ পথ বাচি লয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[তেওঁ যাক ইচ্ছা কৰে তাকেই তেওঁৰ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="77">
<aya number="1">
<translation><![CDATA[শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[বিচাৰ দিৱসৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[এটা নিৰ্দিষ্ট সময়লৈকে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[জীৱিত আৰু মৃতসকলৰ বাবে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰোৱাইছোঁ তৃষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[যেনিবা হালধীয়া উটৰ শ্ৰেণী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="47">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="48">
<translation><![CDATA[যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="49">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="50">
<translation><![CDATA[এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোনটো বাণীৰ প্ৰতি ঈমান আনিব?]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="78">
<aya number="1">
<translation><![CDATA[সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[মহা সংবাদটোৰ বিষয়ে (নেকি?),]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তাৰ পিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু পৰ্বতসমূহক পেৰেক?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু ৰাতিক কৰি দিছোঁ আৱৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জল প্ৰদীপ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু আমি বৰ্ষণ কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[লগতে ঘন সন্নিবিষ্ট উদ্যান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[সেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[সীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল হিচাপে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তাত সিহঁতে শীতল (বস্তুৰ) সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[এইটোৱেই (সিহঁতৰ) উপযুক্ত প্ৰতিফল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[উদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[আৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু পৰিপূৰ্ণ পানপাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[(এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[যিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[সেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[এই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="79">
<aya number="1">
<translation><![CDATA[শপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[শপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[প্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[মূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[এতেকে যিয়ে সীমালংঘন কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="43">
<translation><![CDATA[সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="44">
<translation><![CDATA[ইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="45">
<translation><![CDATA[যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="46">
<translation><![CDATA[যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="80">
<aya number="1">
<translation><![CDATA[তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তুমি তাৰ প্ৰতি মনোযোগ দিছা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু সি (আল্লাহক) ভয়ো কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[তাৰ প্ৰতি তুমি উদাসীন হ’লা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[সমুন্নত, পৱিত্ৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[লেখক বা দূতসকলৰ হাতত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[(যিসকল) মহাসন্মানিত, পূণ্যৱান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[তেওঁ তাক কি বস্তুৰে সৃষ্টি কৰিছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[তাৰ পিছত তেৱেঁই তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[ইয়াৰ পিছত তেওঁ যেতিয়া ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[আঙুৰ আৰু শাক-পাচলি,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[যায়তুন আৰু খেজুৰ গছ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[ঘন গছ-গছনি বিশিষ্ট উদ্যান,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[ফল-মূল আৰু তৃণ-ঘাঁহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[আৰু তাৰ মাক-বাপেকৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="37">
<translation><![CDATA[সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা, যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="38">
<translation><![CDATA[সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="39">
<translation><![CDATA[হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="40">
<translation><![CDATA[আনহাতে সেইদিনা কিছুমান চেহেৰা হ’ব ধূলিৰে মলিন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="41">
<translation><![CDATA[ক’লা আৱৰণে আৱৰি ধৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="42">
<translation><![CDATA[ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="81">
<aya number="1">
<translation><![CDATA[সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[কি অপৰাধত তাইক হত্যা কৰা হৈছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[এতেকে মই শপত কৰিছোঁ আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিবোৰ গতিশীল, অদৃশ্য,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় এই কোৰআনখন হৈছে সন্মানিত ৰাছুলে লৈ অহা বাণী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[মান্যবৰ, তাত তেওঁ বিশ্বস্ত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[এতেকে তোমালোকে কোনফালে গতি কৰিছা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="82">
<aya number="1">
<translation><![CDATA[যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সন্মানিত লেখক বৃন্দ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[সিহঁতে তাত প্ৰৱেশ কৰিব প্ৰতিদান দিৱসত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব (বা পলায়ন কৰিব নোৱাৰিব)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="83">
<aya number="1">
<translation><![CDATA[ধ্বংস সিহঁতৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যিসকলে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[মহাদিৱসৰ দিনা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা থাকিব ছিজ্জিনত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[চিহ্নিত আমলনামা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যিসকলে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু প্ৰত্যেক পাপিষ্ঠ সীমালংঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[কেতিয়াও নহয়, বৰং সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় সিহঁতে সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে হৈছে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[চিহ্নিত আমলনামা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াক অবলোকন কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[সুসজ্জিত আসনত বহি দৰ্শন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে সেৱন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="31">
<translation><![CDATA[আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="32">
<translation><![CDATA[আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="33">
<translation><![CDATA[অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="34">
<translation><![CDATA[এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="35">
<translation><![CDATA[সুসজ্জিত আসনত বহি দৰ্শন কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="36">
<translation><![CDATA[কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="84">
<aya number="1">
<translation><![CDATA[যেতিয়া আকাশখন ভাগি পৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সি নিজৰ বাবে ধ্বংস মাতিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[বৰং কাফিৰসকলে অস্বীকাৰ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="85">
<aya number="1">
<translation><![CDATA[শপত বুৰূজবিশিষ্ট আকাশৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত প্ৰতিশ্ৰুতিকৃত দিৱসৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[শপত দ্ৰষ্টা আৰু দৃষ্টৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[য’ত আছিল ইন্ধনপূৰ্ণ জুই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীমালা প্ৰবাহিত; এইটোৱে হৈছে মহা সফলতা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকৰ কৰায়ত্ব অতি কঠোৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[নিশ্চয় তেওঁ ক্ষমাশীল, অতি স্নেহশীল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰছৰ অধিপতি, মহা সন্মানীয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[তেওঁ যি বিচাৰে সেইটোৱে কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[ফিৰআউনৰ আৰু ছামূদৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[সুৰক্ষিত ফলকত লিপিবদ্ধ।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="86">
<aya number="1">
<translation><![CDATA[শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু এইখন নিৰৰ্থক নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু ময়ো ভীষণ কৌশল কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="87">
<aya number="1">
<translation><![CDATA[তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু যিজন দুৰ্ভগীয়া সিয়েই ইয়াক অগ্ৰাহ্য কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[নিশ্চয় সিয়েই সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="88">
<aya number="1">
<translation><![CDATA[তোমাৰ ওচৰলৈ আচ্ছন্নকাৰী (ক্বিয়ামতৰ) সংবাদ আহিছেনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[কৰ্মক্লান্ত, পৰিশ্ৰান্ত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[(সিহঁতক) উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ’ব;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[(তেওঁলোকে স্থান পাব) সুউচ্চ জান্নাতত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তাত থাকিব প্ৰবাহমান নিজৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তাত থাকিব উন্নত শয্যাসমূহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[কিন্তু কোনোবাই মুখ ঘূৰাই ল’লে অথবা কুফৰী কৰিলে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="89">
<aya number="1">
<translation><![CDATA[ফজৰৰ সময়ৰ শপত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত দহ ৰাতিৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[শপত যোৰ আৰু বিযোৰৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[বিবেকৱান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[ইৰাম গোত্ৰৰ লগত, যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যিসকলে দেশত সীমালংঘন কৰিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু তোমালোকে উত্তৰাধিকাৰীৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="22">
<translation><![CDATA[আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="23">
<translation><![CDATA[আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="24">
<translation><![CDATA[(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোঁহেঁতেন,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="25">
<translation><![CDATA[সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="26">
<translation><![CDATA[আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="27">
<translation><![CDATA[হে প্ৰশান্ত আত্মা!]]></translation>
<footnotes></footnotes>
</aya>
<aya number="28">
<translation><![CDATA[তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="29">
<translation><![CDATA[লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="30">
<translation><![CDATA[আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="90">
<aya number="1">
<translation><![CDATA[মই শপত কৰিছোঁ এই (মক্কা) নগৰৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু তুমি এই নগৰৰ অধিবাসী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে তাৰো (শপত)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিঃসন্দেহে আমি মানুহক সৃষ্টি কৰিছোঁ কঠোৰ দুখ-কষ্টৰ মাজত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাৱান নহ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছোঁ'।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[সি ভাবে নেকি যে, কোনেও তাক দেখা নাই?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[এখন জিভা আৰু দুখন ওঁঠ?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু আমি তাক দেখুৱাইছোঁ দুটা পথ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[সেইটো হৈছে, দাসমুক্তি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[নিকটাত্মীয় এতীমক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[লগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[এওঁলোকেই হৈছে সৌভাগ্যশালী।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে দুৰ্ভগীয়া।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[সিহঁতেই অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="91">
<aya number="1">
<translation><![CDATA[শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত চন্দ্ৰৰ, যেতিয়া সূৰ্যৰ পিছত ইয়াৰ আবিৰ্ভাৱ হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু দিনৰ শপত, যেতিয়া ই সূৰ্যক প্ৰকাশ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[শপত আকাশৰ আৰু সেই সত্ত্বাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[নিঃসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ (সত্যক) অস্বীকাৰ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[যেতিয়া সিহঁতৰ মাজৰ দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল। ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[আৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="92">
<aya number="1">
<translation><![CDATA[শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[লগতে যি উত্তম তাক অস্বীকাৰ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="20">
<translation><![CDATA[কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="21">
<translation><![CDATA[আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="93">
<aya number="1">
<translation><![CDATA[পূৰ্বাহ্নৰ শপত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় তোমাৰ পৰবৰ্তী সময়, পূৰ্বৱৰ্তী সময়তকৈ উত্তম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক (এনেকুৱা) অনুগ্ৰহ প্ৰদান কৰিব, যাৰ ফলত তুমি সন্তুষ্ট হ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই তোমাক অভাৱমুক্ত কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু ভিখাৰীক ধমক নিদিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[আৰু তুমি তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="94">
<aya number="1">
<translation><![CDATA[আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[এতেকে দুখৰ লগতেই আছে সুখ]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় দুখৰ লগতেই আছে সুখ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="95">
<aya number="1">
<translation><![CDATA[শপত তীন আৰু যায়তুনৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[শপত চিনাই পৰ্বতৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[শপত এই নিৰাপদ (মক্কা) নগৰৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তাৰ পিছত আমি তাক হীনতাৰ একেবাৰে নিম্ন স্তৰত ওভতাই দিছোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আল্লাহ বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে?]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="96">
<aya number="1">
<translation><![CDATA[পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যিজনে কলমৰ সহায়ত শিক্ষা দিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[বাস্তৱ এই যে, মানুহে সীমালংঘন কৰি থাকে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাবে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তুমি তাক দেখা নাইনে? যিয়ে বাধা দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[কি বুলি ভবা, যদি তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="12">
<translation><![CDATA[অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="13">
<translation><![CDATA[তুমি লক্ষ্য কৰিছানে যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="14">
<translation><![CDATA[(তেন্তে) সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="15">
<translation><![CDATA[সাৱধান! যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক তাৰ আগচুলিত ধৰি টানি আনিম।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="16">
<translation><![CDATA[মিছলীয়া, পাপিষ্ঠ আগচুলি (কপাল)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="17">
<translation><![CDATA[এতেকে সি (যদি) নিজৰ পৰিষদবৰ্গক (মাতিব বিচাৰে তেন্তে) মাতি আনক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="18">
<translation><![CDATA[অনতিপলমে আমিও মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="19">
<translation><![CDATA[সাৱধান! তুমি তাক অনুসৰণ নকৰিবা। তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু (তেওঁৰ) নৈকট্য লাভ কৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="97">
<aya number="1">
<translation><![CDATA[নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ লাইলাতুল ক্বদৰত (মৰ্যাদা পূৰ্ণ ৰাতিত);]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তুমি কি জানিবা লাইলাতুল ক্বদৰ কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[লাইলাতুল ক্বদৰ হৈছে এহেজাৰ মাহতকৈও শ্ৰেষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ (জিব্ৰীল) তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="98">
<aya number="1">
<translation><![CDATA[আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে লগতে মুশ্বৰিকসকল, সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[য’ত আছে সঠিক বিধিবদ্ধ বিধান।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে বিভক্ত হৈছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে, সিহঁতে আৰু মুশ্বৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। এই (প্ৰতিদান) তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="99">
<aya number="1">
<translation><![CDATA[পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="100">
<aya number="1">
<translation><![CDATA[শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[নিশ্চয় সি এই বিষয়ে সাক্ষী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত খুবেই প্ৰবল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="101">
<aya number="1">
<translation><![CDATA[ভীতিপ্ৰদ মহা বিপদ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[ভীতিপ্ৰদ মহা বিপদ কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[তেওঁ থাকিব সন্তোষজনক জীৱনত;]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[আৰু যাৰ পাল্লা পাতল হ’ব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="10">
<translation><![CDATA[আৰু তুমি কি জানা সেইটোনো কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="11">
<translation><![CDATA[সেইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="102">
<aya number="1">
<translation><![CDATA[প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="103">
<aya number="1">
<translation><![CDATA[সময়ৰ শপত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="104">
<aya number="1">
<translation><![CDATA[দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱী কৰি ৰাখিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু তুমি জানানে, হুতামা কি?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[ই হৈছে আল্লাহৰ প্ৰজ্বলিত জুই।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="8">
<translation><![CDATA[নিশ্চয় এইটোৱে সিহঁতক আৱদ্ধ কৰি ৰাখিব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="9">
<translation><![CDATA[ওখ ওখ স্তম্ভসমূহত।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="105">
<aya number="1">
<translation><![CDATA[তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="106">
<aya number="1">
<translation><![CDATA[যিহেতু ক্বুৰাইছসকল অভ্যস্ত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[সিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[এতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয়-ভীতিৰ পৰা নিৰাপত্তা দান কৰিছে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="107">
<aya number="1">
<translation><![CDATA[তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে?]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[যিসকলে নিজৰ ছালাতত অমনোযোগী,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="7">
<translation><![CDATA[আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="108">
<aya number="1">
<translation><![CDATA[নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="109">
<aya number="1">
<translation><![CDATA[কোৱা, ‘হে কাফিৰসকল !]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[(গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="110">
<aya number="1">
<translation><![CDATA[যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰা দেখিবলৈ পাবা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="111">
<aya number="1">
<translation><![CDATA[ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="112">
<aya number="1">
<translation><![CDATA[কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু তেওঁৰ সমতুল্য কোনো নাই’।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="113">
<aya number="1">
<translation><![CDATA[কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
<sura number="114">
<aya number="1">
<translation><![CDATA[কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ]]></translation>
<footnotes></footnotes>
</aya>
<aya number="2">
<translation><![CDATA[মানুহৰ অধিপতিৰ,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="3">
<translation><![CDATA[মানুহৰ ইলাহৰ ওচৰত,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="4">
<translation><![CDATA[আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="5">
<translation><![CDATA[যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,]]></translation>
<footnotes></footnotes>
</aya>
<aya number="6">
<translation><![CDATA[জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।]]></translation>
<footnotes></footnotes>
</aya>
</sura>
</sura_list>
</translation_root>
