Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi.

external-link copy
83 : 10

فَمَاۤ اٰمَنَ لِمُوْسٰۤی اِلَّا ذُرِّیَّةٌ مِّنْ قَوْمِهٖ عَلٰی خَوْفٍ مِّنْ فِرْعَوْنَ وَمَلَاۡىِٕهِمْ اَنْ یَّفْتِنَهُمْ ؕ— وَاِنَّ فِرْعَوْنَ لَعَالٍ فِی الْاَرْضِ ۚ— وَاِنَّهٗ لَمِنَ الْمُسْرِفِیْنَ ۟

সিহঁত প্ৰত্যাখ্যান কৰাৰ স্থিতিত পৰিপূ্ৰ্ণভাৱে অটল আছিল। এতেকে মূছা আলাইহিছ ছালামে প্ৰকাশ্য নিদৰ্শন আৰু স্পষ্ট প্ৰমাণ অনাৰ পিছতো তেওঁৰ সম্প্ৰদায় অৰ্থাৎ বনী ইছৰাঈলৰ কেৱল কেইজন মান যুৱকেহে তেওঁক সমৰ্থন কৰিলে। তথাপিও তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ পৰা ভীত-সন্ত্ৰস্ত হৈ আছিল যে, যদি তেওঁলোকৰ বিষয়টো প্ৰকাশ পাই যায় তেন্তে সিহঁতে তেওঁলোকক শাস্তি প্ৰদান কৰি ঈমানৰ পৰা বিচলিত কৰিব। দৰাচলতে ফিৰআউন আছিল অহংকাৰী আৰু মিচৰ তথা ইয়াৰ অধিবাসীসকলৰ ওপৰত আছিল প্ৰভূত্বশালী। নিসন্দেহে সি কুফুৰীত আৰু বনী ইছৰাঈলক হত্যা কৰাৰ ক্ষেত্ৰত তথা সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত সীমালঙ্ঘনকাৰী আছিল। info
التفاسير:
Bu səhifədə olan ayələrin faydalarından:
• الثقة بالله وبنصره والتوكل عليه ينبغي أن تكون من صفات المؤمن القوي.
আল্লাহৰ প্ৰতি আৰু তেওঁৰ সহায়ৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা আৰু তেওঁৰ ওপৰত ভৰসা কৰাটো এজন পৰিপক্ক মুমিনৰ গুণ হোৱা উচিত। info

• بيان أهمية الدعاء، وأنه من صفات المتوكلين.
দুআৰ গুৰুত্বৰ বৰ্ণনা, আৰু এইটো আল্লাহৰ প্ৰতি ভৰসাকাৰীসকলৰ অন্যতম গুণ। info

• تأكيد أهمية الصلاة ووجوب إقامتها في كل الرسالات السماوية وفي كل الأحوال.
ছালাতৰ মহত্ব আৰু ইয়াক প্ৰতিষ্ঠা কৰা অনিবাৰ্য, ইয়াৰ প্ৰতি প্ৰত্যেক ঐশী ধৰ্মৰ নিৰ্দেশনাই গুৰুত্বাৰোপ কৰিছে, যিকোনো পৰিস্থিতিতেই নহওক কিয়। info

• مشروعية الدعاء على الظالم.
অত্যাচাৰী ব্যক্তিৰ ওপৰত বদ্দুআ কৰা বৈধ। info