Check out the new design

Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans * - Übersetzungen


Übersetzung der Bedeutungen Vers: (33) Surah / Kapitel: Ar-Raʿd
اَفَمَنْ هُوَ قَآىِٕمٌ عَلٰی كُلِّ نَفْسٍ بِمَا كَسَبَتْ ۚ— وَجَعَلُوْا لِلّٰهِ شُرَكَآءَ ؕ— قُلْ سَمُّوْهُمْ ؕ— اَمْ تُنَبِّـُٔوْنَهٗ بِمَا لَا یَعْلَمُ فِی الْاَرْضِ اَمْ بِظَاهِرٍ مِّنَ الْقَوْلِ ؕ— بَلْ زُیِّنَ لِلَّذِیْنَ كَفَرُوْا مَكْرُهُمْ وَصُدُّوْا عَنِ السَّبِیْلِ ؕ— وَمَنْ یُّضْلِلِ اللّٰهُ فَمَا لَهٗ مِنْ هَادٍ ۟
যিয়ে সকলো সৃষ্টি জীৱকে জীৱিকাৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰে আৰু প্ৰত্যেক প্ৰাণীৰ কৰ্ম চোৱাচিতা কৰে তথা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়ে সেই সত্ত্বা বেছি ইবাদতৰ যোগ্য, নে সেই মূৰ্তিবোৰ বেছি যোগ্য যিবোৰৰ উপাস্য হোৱাৰ কোনো যোগ্যতা নাই? কাফিৰসকলে অন্যায়ভাৱে সেইবোৰকেই আল্লাহৰ অংশী কৰি লৈছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি তোমালোক নিজৰ দাবীত সত্যবাদী তেন্তে তোমালোকে সেইবোৰৰ নাম কোৱাচোন যিবোৰক তোমালোকে আল্লাহৰ লগত অংশী কৰি সিহঁতৰ উপাসনা কৰি আছা। নে তোমালোকে আল্লাহক তেওঁৰ পৃথিৱীত থকা অংশী সম্পৰ্কে অৱগত কৰাই আছা যিটো তেওঁ নাজানে? নে তোমালোকে বাস্তৱিকতাহীন কথা সম্পৰ্কে জনাই আছা? বৰং চয়তানে কাফিৰসকলৰ দৃষ্টিত সিহঁতৰ ষড়যন্ত্ৰক সৌন্দৰ্যময় কৰি দিছে। ফলত সিহঁতে আল্লাহক অস্বীকাৰ কৰিছে। আৰু চয়তানে সিহঁতক হিদায়ত তথা সঠিক পথৰ পৰা আঁতৰাই দিছে। সঠিক পথৰ পৰা আল্লাহে যাক আঁতৰাই ৰাখিব বিচাৰে, তাক হিদায়ত দিব পৰা কোনো নাই।
Arabische Interpretationen von dem heiligen Quran:
Die Nutzen der Versen in dieser Seite:
• أن الأصل في كل كتاب منزل أنه جاء للهداية، وليس لاستنزال الآيات، فذاك أمر لله تعالى يقدره متى شاء وكيف شاء.
প্ৰত্যেক ঐশী পুথিৰ মূল উদ্দেশ্য হৈছে যে, সেইবোৰ হিদায়তৰ বাবে আহিছে। নিদৰ্শন অৱতীৰ্ণৰ দাবী পূৰণৰ বাবে অহা নাই। নিদৰ্শন অৱতীৰ্ণৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, তেওঁ যেতিয়া ইচ্ছা কৰে, যিদৰে ইচ্ছা কৰে প্ৰেৰণ কৰে।

• تسلية الله تعالى للنبي صلى الله عليه وسلم، وإحاطته علمًا أن ما يسلكه معه المشركون من طرق التكذيب، واجهه أنبياء سابقون.
আল্লাহ তাআলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্তনা প্ৰদান কৰিছে যে, মুশ্বৰিকসকলে তেওঁৰ লগত যি অস্বীকাৰ কৰাৰ পন্থা অৱলম্বন কৰিছে, সেয়া পূৰ্বৱৰ্তী নবীসকলেও সন্মুখীন হৈছিল।

• يصل الشيطان في إضلال بعض العباد إلى أن يزين لهم ما يعملونه من المعاصي والإفساد.
চয়তানে কিছুমান মানুহক পথভ্ৰষ্ট কৰাৰ বাবে সিহঁতৰ গুনাহ আৰু কুকৰ্মক সিহঁতৰ দৃষ্টিত সৌন্দৰ্যময় কৰি দিয়ে।

 
Übersetzung der Bedeutungen Vers: (33) Surah / Kapitel: Ar-Raʿd
Suren/ Kapiteln Liste Nummer der Seite
 
Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans - Übersetzungen

Vom Tafsirzentrum für Quranwissenschaften herausgegeben.

Schließen