Übersetzung der Bedeutungen von dem heiligen Quran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Übersetzungen


Übersetzung der Bedeutungen Vers: (35) Surah / Kapitel: Al -I-‘Imrân
اِذْ قَالَتِ امْرَاَتُ عِمْرٰنَ رَبِّ اِنِّیْ نَذَرْتُ لَكَ مَا فِیْ بَطْنِیْ مُحَرَّرًا فَتَقَبَّلْ مِنِّیْ ۚ— اِنَّكَ اَنْتَ السَّمِیْعُ الْعَلِیْمُ ۟
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া ইমাৰণৰ পত্নী মৰিয়মৰ মাকে কৈছিলঃ হে মোৰ প্ৰতিপালক! মই মোৰ ওপৰত অনিবাৰ্য কৰি লৈছো যে, মোৰ গৰ্ভত যি সন্তান আছে তাক কেৱল তোমাৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে সকলো বস্তুৰ পৰা মুক্ত কৰি দিম, যাতে সেই সন্তানে তোমাৰ আৰু তোমাৰ ঘৰৰ সেৱা আগবঢ়াব পাৰে। তুমি মোৰ এই দুআ কবুল কৰা। নিশ্চয় তুমি মোৰ দুআ শ্ৰৱণকাৰী আৰু মোৰ নিয়্যত সম্পৰ্কে সম্যক অৱগত।
Arabische Interpretationen von dem heiligen Quran:
Die Nutzen der Versen in dieser Seite:
• عظم مقام الله وشدة عقوبته تجعل العاقل على حذر من مخالفة أمره تعالى.
আল্লাহৰ সন্মুখত থিয় হোৱাৰ ভয় আৰু তেওঁৰ শাস্তিৰ কঠোৰতাই এজন বুদ্ধিমান ব্যক্তিক আল্লাহৰ আদেশৰ বিৰোধিতা কৰিবলৈ বিৰত ৰাখে।

• برهان المحبة الحقة لله ولرسوله باتباع الشرع أمرًا ونهيًا، وأما دعوى المحبة بلا اتباع فلا تنفع صاحبها.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি প্ৰকৃত মুহাব্বতৰ প্ৰমাণ হৈছে চৰীয়তৰ আদেশ আৰু নিষেধৰ ওপৰত আমল কৰা। অনুসৰণ নকৰাকৈ কৰা মুহাব্বতৰ দাবীয়ে কোনো উপকাৰ নকৰিব।

• أن الله تعالى يختار من يشاء من عباده ويصطفيهم للنبوة والعبادة بحكمته ورحمته، وقد يخصهم بآيات خارقة للعادة.
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে নিজৰ হিকমত আৰু কৰুণাৰে নবুওৱত আৰু ইবাদতৰ বাবে নিৰ্বাচন কৰে আৰু বাচনি কৰে। আকৌ কেতিয়াবা তেওঁলোকক বিশেষ অলৌকিকতা প্ৰদান কৰে।

 
Übersetzung der Bedeutungen Vers: (35) Surah / Kapitel: Al -I-‘Imrân
Suren/ Kapiteln Liste Nummer der Seite
 
Übersetzung der Bedeutungen von dem heiligen Quran - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Übersetzungen

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Schließen