Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
98 : 10

فَلَوْلَا كَانَتْ قَرْیَةٌ اٰمَنَتْ فَنَفَعَهَاۤ اِیْمَانُهَاۤ اِلَّا قَوْمَ یُوْنُسَ ۚؕ— لَمَّاۤ اٰمَنُوْا كَشَفْنَا عَنْهُمْ عَذَابَ الْخِزْیِ فِی الْحَیٰوةِ الدُّنْیَا وَمَتَّعْنٰهُمْ اِلٰی حِیْنٍ ۟

আমি ৰাছুল প্ৰেৰণ কৰা এনেকুৱা কোনো জনবসতি নাই, যি জনবসতিয়ে শাস্তি প্ৰত্যক্ষ কৰি ঈমান আনিছে আৰু সিহঁতৰ ঈমানে কোনো উপকাৰ সাধিছে, কিন্তু ইউনুছ আলাইহিছ ছালামৰ সম্প্ৰদায় এই ক্ষেত্ৰত ব্যতিক্ৰম। কিয়নো তেওঁলোকে যেতিয়া সঁচা ঈমান পোষণ কৰিছিল তেতিয়া আমি তেওঁলোকৰ ওপৰৰ পৰা পাৰ্থিৱ জীৱনৰ অপমান আৰু তিৰস্কাৰমূলক শাস্তি উঠাই লৈছিলো। আৰু তেওঁলোকক মৃত্যু পৰ্যন্ত পাৰ্থিৱ জীৱনৰ সামগ্ৰীৰ দ্বাৰা উপকৃত হোৱাৰ অৱকাশ দিছিলো। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الإيمان هو السبب في رفعة صاحبه إلى الدرجات العلى والتمتع في الحياة الدنيا.
ঈমানেই হৈছে মুমিনসকলৰ উচ্চ মৰ্যাদা লাভৰ মাধ্যম তথা পাৰ্থিৱ জীৱনত আনন্দ লাভ কৰাৰ উপায়। info

• ليس في مقدور أحد حمل أحد على الإيمان؛ لأن هذا عائد لمشيئة الله وحده.
কোনেও কাকো ঈমান পোষণত বাধ্য কৰাব নোৱাৰে, কিয়নো এয়া কেৱল আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। info

• لا تنفع الآيات والنذر من أصر على الكفر وداوم عليه.
যিসকলে কুফুৰীক খামুচি ধৰিছে আৰু তাৰ ওপৰত অবিচল আছে, সিহঁতৰ ক্ষেত্ৰত নিদৰ্শন আৰু সতৰ্কবাণী কোনো ফলদায়ক নহয়। info

• وجوب الاستقامة على الدين الحق، والبعد كل البعد عن الشرك والأديان الباطلة.
সত্য ধৰ্মৰ ওপৰত অবিচল থকা অনিবাৰ্য, লগতে শ্বিৰ্ক আৰু অসত্য ধৰ্মৰ পৰা দূৰত্ব অৱলম্বন কৰা অপৰিহাৰ্য। info