Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
52 : 15

اِذْ دَخَلُوْا عَلَیْهِ فَقَالُوْا سَلٰمًا ؕ— قَالَ اِنَّا مِنْكُمْ وَجِلُوْنَ ۟

যেতিয়া তেওঁলোক ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত উপস্থিত হ'ল আৰু ছালাম জনালে, তেতিয়া তেওঁ তেওঁলোকৰ ছালামৰ উত্তমভাৱে উত্তৰ দিলে। লগতে তেওঁলোকৰ সন্মুখত খোৱাৰ বাবে ভজা গো-পোৱালী এটা আগবঢ়াই দিলে, কাৰণ তেওঁ তেওঁলোকক মানুহ বুলি ভাৱিছিল। কিন্তু যেতিয়া তেওঁ দেখিলে যে, তেওঁলোকে খাদ্য বস্তুৰ পিনে আগ্ৰহ প্ৰকাশ কৰা নাই, তেতিয়া তেওঁ ক'লেঃ তোমালোকক দেখি আমি ভয় কৰি আছো। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• تعليم أدب الضيف بالتحية والسلام حين القدوم على الآخرين.
কোনো ব্যক্তিৰ ঘৰত অতিথি হিচাপে গলে প্ৰথমে ছালাম কৰা উচিত। info

• من أنعم الله عليه بالهداية والعلم العظيم لا سبيل له إلى القنوط من رحمة الله.
আল্লাহে যাক হিদায়তৰ পথ দেখুৱাইছে, আৰু উচ্চ জ্ঞান দান কৰিছে তেনেকুৱা ব্যক্তিয়ে কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা উচিত নহয়। info

• نهى الله تعالى لوطًا وأتباعه عن الالتفات أثناء نزول العذاب بقوم لوط حتى لا تأخذهم الشفقة عليهم.
আল্লাহে লূত আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰীসকলক তেওঁৰ সম্প্ৰদায়ৰ ওপৰত যেতিয়া শাস্তি অৱতীৰ্ণ হ'ব তেতিয়া পিচফালে ঘূৰি চাবলৈ নিষেধ কৰিছিল, যাতে সিহঁতৰ প্ৰতি পুতৌ নজন্মে। info

• تصميم قوم لوط على ارتكاب الفاحشة مع هؤلاء الضيوف دليل على طمس فطرتهم، وشدة فحشهم.
লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁৰ অতিথিসকলৰ লগত অশ্লীল কাৰ্য কৰাৰ দৃঢ় বাসনাই প্ৰমাণ কৰে যে, সিহঁতৰ প্ৰবৃত্তি কিমান বিকৃত হৈছিল, আৰু সিহঁত কিমান নিৰ্লজ্জ হৈ পৰিছিল। info