Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
172 : 4

لَنْ یَّسْتَنْكِفَ الْمَسِیْحُ اَنْ یَّكُوْنَ عَبْدًا لِّلّٰهِ وَلَا الْمَلٰٓىِٕكَةُ الْمُقَرَّبُوْنَ ؕ— وَمَنْ یَّسْتَنْكِفْ عَنْ عِبَادَتِهٖ وَیَسْتَكْبِرْ فَسَیَحْشُرُهُمْ اِلَیْهِ جَمِیْعًا ۟

ঈছা ইবনে মৰিয়মে আল্লাহৰ বান্দা হোৱাত কোনো আপত্তি বা তাচ্ছিল্যবোধ নকৰে, লগতে আল্লাহৰ নিকটৱৰ্তী তথা সন্মানিত ফিৰিস্তাসকলেও আল্লাহৰ বান্দা হোৱাত কোনো আপত্তি নকৰে। তেন্তে তোমালোকে কেনেকৈ ঈছা আলাইহিচ ছালামক উপাস্যৰূপে গ্ৰহণ কৰা? আৰু কেনেকৈ মুশ্বৰিকসকলে ফিৰিস্তাসকলক উপাস্যৰূপে গ্ৰহণ কৰে? যদি কোনোবাই আল্লাহৰ ইবাদতৰ পৰা বিমুখ হয় তেন্তে জানি লোৱা উচিত যে, আল্লাহে কিয়ামতৰ দিনা সকলোকে তেওঁৰ ওচৰত একত্ৰিত কৰিব আৰু প্ৰত্যেককে এনেকুৱা বিনিময় দিব যিটো সিহঁতৰ বাবে উপযুক্ত। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• بيان أن المسيح بشر، وأن أمه كذلك، وأن الضالين من النصارى غلوا فيهما حتى أخرجوهما من حد البشرية.
এই কথাৰ বৰ্ণনা পোৱা গল যে, ঈছা আৰু তেওঁৰ মাতৃ হৈছে মানৱ। পথভ্ৰষ্ট খৃষ্টানসকলে তেওঁলোকৰ বিষয়ে সীমালংঘন কৰিছে, আনকি তেওঁলোকক মানৱৰ পৰা বাহিৰ কৰিছে। info

• بيان بطلان شرك النصارى القائلين بالتثليث، وتنزيه الله تعالى عن أن يكون له شريك أو شبيه أو مقارب، وبيان انفراده - سبحانه - بالوحدانية في الذات والأسماء والصفات.
তিনি উপাস্য বুলি দাবী কৰা খৃষ্টানসকলৰ শ্বিৰ্ক বাতিল হোৱা সম্পৰ্কে বৰ্ণনা, লগতে এই কথাৰ ঘোষণা যে, আল্লাহ অংশীদাৰিত্বৰ পৰা, সমকক্ষৰ পৰা আৰু সমতুল্যৰ পৰা পৱিত্ৰ। লগতে এই কথাৰো ঘোষণা যে, আল্লাহ তাআলা সত্ত্বাগত ভাৱে, তেওঁৰ সুন্দৰ সুন্দৰ নামসমূহ আৰু গুণাৱলীতো একক। info

• إثبات أن عيسى عليه السلام والملائكة جميعهم عباد مخلوقون لا يستكبرون عن الاعتراف بعبوديتهم لله تعالى والانقياد لأوامره، فكيف يسوغ اتخاذهم آلهة مع كونهم عبيدًا لله تعالى؟!
এই কথাৰো প্ৰমাণ পোৱা গল যে, ঈছা আলাইহিছ ছালাম তথা সকলো ফিৰিস্তা আল্লাহৰ মখলুক আৰু তেওঁৰ বান্দা। তেওঁলোকে আল্লাহৰ বন্দেগীত আৰু তেওঁৰ আদেশ পালনত অভিমান নকৰে। এতেকে যিহেতু তেওঁলোক আল্লাহৰ বান্দা, তেতিয়া হলে তেওঁলোকক উপাস্য হিচাপে মানি লোৱাটো কেনেকৈ সঠিক হব? info

• في الدين حجج وبراهين عقلية تدفع الشبهات، ونور وهداية تدفع الحيرة والشهوات.
ইছলামত অসংখ্য যুক্তি আছে, যিবোৰে সংশয় দূৰ কৰে। তথা হিদায়ত আৰু নূৰ আছে, যিয়ে দোদুল্যমান স্থিতি আৰু প্ৰবৃত্তিৰ আকাংক্ষা দূৰ কৰে। info