Check out the new design

Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (199) Simoore: Simoore al-araaf
خُذِ الْعَفْوَ وَاْمُرْ بِالْعُرْفِ وَاَعْرِضْ عَنِ الْجٰهِلِیْنَ ۟
হে ৰাছুল! আপুনি মানুহৰ সেইবোৰ কৰ্ম আৰু ব্যৱহাৰ গ্ৰহণ কৰক, যিবোৰ তেওঁলোকে সন্তুষ্টচিত্তে কৰিব পাৰে আৰু যিবোৰ তেওঁলোকৰ বাবে সহজ। তেওঁলোকৰ ওপৰত এনেকুৱা কৰ্ম আৰু ব্যৱহাৰৰ বোজা অৰ্পন নকৰিব যিবোৰ তেওঁলোকৰ বাবে অপ্ৰীতিকৰ। কাৰণ এনেকুৱা কৰিলে তেওঁলোক আঁতৰি যাব। আপুনি তেওঁলোকক প্ৰত্যেক সুন্দৰ কথা আৰু কৰ্মৰ আদেশ দিয়ক, লগতে মুৰ্খ লোক সকলৰ পৰা আঁতৰি থাকিব আৰু সিহঁতৰ মুৰ্খ ব্যৱহাৰৰ উত্তৰ মুৰ্খতাৰে প্ৰদান নকৰিব। এতেকে যিয়ে আপোনাক কষ্ট দিয়ে, আপুনি তাক কষ্ট নিদিব। আৰু যিয়ে আপোনাক বঞ্চিত কৰে, আপুনি তাক বঞ্চিত নকৰিব।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• في الآيات بشارة للمسلمين المستقيمين على صراط نبيهم صلى الله عليه وسلم بأن ينصرهم الله كما نصر نبيه وأولياءه.
প্ৰত্যেক বুদ্ধিমান ব্যক্তিয়ে আল্লাহৰ ইবাদত কৰা উচিত, কিয়নো আল্লাহেই ধৰ্মীয় বিষয়ৰ সত্যতা ৰূপায়ন কৰিছে এনেকুৱা পুথি অৱতীৰ্ণ কৰি যিটো ধৰ্ম সম্পৰ্কে গুৰুত্বপূৰ্ণ জ্ঞান-বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। তেৱেঁই নেক বান্দাসকলক পাৰ্থিৱ উপকাৰ কৰে তেওঁলোকক সুৰক্ষা প্ৰদান কৰে তথা সহায়-সহযোগিতা কৰে, যাতে তেওঁলোকৰ কোনো শত্ৰুৰ শত্ৰুতাই তেওঁলোকক কোনো ক্ষতি সাধন কৰিব নোৱাৰে।

• في الآيات جماع الأخلاق، فعلى العبد أن يعفو عمن ظلمه، ويعطي من حرمه، ويصل من قطعه.
এই আয়াতসমূহত সেইসকল মুছলিমৰ বাবে সুসংবাদ আছে, যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পথত পৰিচালিত, আল্লাহে তেওঁলোকক সেইদৰেই সহায় কৰিব, যিদৰে নবীসকলক আৰু অলীসকলক সহায় কৰিছিল।

• على العبد إذا مَسَّه سوء من الشيطان - فأذنب بفعل محرم، أو ترك واجب - أن يستغفر الله تعالى، ويستدرك ما فرط منه بالتوبة النصوح والحسنات الماحية.
এই আয়াতসমূহত নৈতিকতাৰ পাঠ দিয়া হৈছে। সেয়েহে বান্দাসকলে নিজৰ ওপৰত কৰা অন্যায়কাৰীসকলক ক্ষমা কৰা উচিত, যিয়ে বঞ্চিত কৰিছিল তাক প্ৰদান কৰা উচিত, যিয়ে সম্পৰ্কচ্ছেদ কৰে তাৰ লগত সম্পৰ্ক গঢ়া উচিত।

• الواجب على العاقل عبادة الله تعالى؛ لأنه هو الذي يحقق له منافع الدين بإنزال الكتاب المشتمل على العلوم العظيمة في الدّين، ومنافع الدنيا بتولّي الصالحين من عباده وحفظه لهم ونصرته إياهم، فلا تضرهم عداوة من عاداهم.
বান্দাসকলে চয়তানৰ কুমন্ত্ৰণাৰ ফলত কোনো হাৰাম কামত লিপ্ত হ'লে তথা কোনো ওৱাজিব এৰিলে, লগে লগে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা উচিত। সঁচা তাওবা আৰু সৎকৰ্মৰ জৰিয়তে নিজৰ ভুল সংশোধন কৰা উচিত।

 
Firo maanaaji Aaya: (199) Simoore: Simoore al-araaf
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Tippudi firooji ɗii

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddude