Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
41 : 8

وَاعْلَمُوْۤا اَنَّمَا غَنِمْتُمْ مِّنْ شَیْءٍ فَاَنَّ لِلّٰهِ خُمُسَهٗ وَلِلرَّسُوْلِ وَلِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَابْنِ السَّبِیْلِ ۙ— اِنْ كُنْتُمْ اٰمَنْتُمْ بِاللّٰهِ وَمَاۤ اَنْزَلْنَا عَلٰی عَبْدِنَا یَوْمَ الْفُرْقَانِ یَوْمَ الْتَقَی الْجَمْعٰنِ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

হে মুমিনসকল! জানি থোৱা যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰি কাফিৰসকলৰ পৰা লাভ কৰা সম্পদক পাঁচ ভাগত বিভক্ত কৰা হ'ব। তাৰে চাৰি ভাগ মুজাহিদসকলৰ মাজত বন্টন কৰা হ'ব, আনহাতে বাকী থকা ভাগটোক আকৌ পাঁচ ভাগত ভাগ কৰা হ'ব। এটা ভাগ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে, যিটো সৰ্বসাধাৰণ মুছলিমৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ব। তথা এটা ভাগ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটাত্মীয়সকলৰ মাজত বন্টন কৰা হ'ব, অৰ্থাৎ হাশ্বিমৰ বংশধৰ আৰু মুত্তালিবৰ বংশধৰসকলৰ মাজত। এটা ভাগ অনাথসকলৰ বাবে, এটা ভাগ দৰিদ্ৰসকলৰ বাবে আৰু এটা ভাগ এনেকুৱা ভ্ৰমণকাৰীসকলৰ বাবে, যিসকলে ভ্ৰমণত গৈ আৱদ্ধ হৈ আছে, আৰ্থিক অভাৱত ঘৰলৈ ওভতিব পৰা নাই। যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু সেই সহায়ৰ প্ৰতি বিশ্বাস পোষণ কৰা, যিটো আমি আমাৰ বান্দা মুহাম্মদৰ ওপৰত বদৰৰ সেই নিৰ্ণায়ক দিনা অৱতীৰ্ণ কৰিছিলো, যিদিনা আল্লাহে তোমালোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি সত্য আৰু সত্যৰ মাজত নিৰ্ণয় কৰি দিছিল। সেইজন আল্লাহ, যিয়ে তোমালোকক সহায় কৰিছে, তেওঁ সকলো বিষয়ত সামৰ্থৱান। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• الغنائم لله يجعلها حيث شاء بالكيفية التي يريد، فليس لأحد شأن في ذلك.
যুদ্ধলব্ধ সম্পদ আল্লাহৰ কৰ্তৃত্বাধীন। তেওঁ যিদৰে বিচাৰে, য’ত বিচাৰে ব্যয় কৰিব পাৰে। তাত বেলেগৰ কোনো অধিকাৰ নাই। info

• من أسباب النصر تدبير الله للمؤمنين بما يعينهم على النصر، والصبر والثبات والإكثار من ذكر الله.
বিজয় লাভৰ কেইটামান অন্যতম কাৰণ এই ধৰণৰঃ মুমিনসকলৰ বাবে আল্লাহে এনেকুৱা বস্তুৰ যোগান ধৰা, যিবোৰ তেওঁলোকৰ বিজয় লাভত সহায় কৰিব, যেনেঃ ধৈৰ্য ধাৰণ কৰা, যুদ্ধৰ ময়দানত অটল থকা আৰু আল্লাহক বেছি বেছি স্মৰণ কৰা। info

• قضاء الله نافذ وحكمته بالغة وهي الخير لعباد الله وللأمة كلها.
আল্লাহৰ ফয়চালা বলৱৎ হ'বই, এয়া নিশ্চিত। আৰু তেওঁৰ হিকমত অত্যন্ত দুৰদৰ্শী। আৰু তেওঁৰ হিকমত বান্দাৰ বাবে আৰু গোটেই উম্মৰ বাবে কল্যাণকৰ। info