Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (13) Sura: Yunus
وَلَقَدْ اَهْلَكْنَا الْقُرُوْنَ مِنْ قَبْلِكُمْ لَمَّا ظَلَمُوْا ۙ— وَجَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ وَمَا كَانُوْا لِیُؤْمِنُوْا ؕ— كَذٰلِكَ نَجْزِی الْقَوْمَ الْمُجْرِمِیْنَ ۟
তথা হে মুশ্বৰিকসকল! তোমালোকৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহকো আমি ধ্বংস কৰিছো, কাৰণ সিহঁতে আল্লাহৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু গুনাহৰ কৰ্মত লিপ্ত হৈছিল। অথচ আমি প্ৰেৰণ কৰা ৰাছুলসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলীলৰ সৈতে আগমণ কৰিছিল। এনেকুৱা প্ৰমাণ, যিবোৰে সত্যতা ৰূপায়ন কৰে যে, ৰাছুলে নিজ প্ৰতিপালকৰ পৰা লৈ অহা সকলো বিষয় সত্য। তথাপিও সিহঁতে ঈমান পোষণ কৰা নাছিল, কাৰণ সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ যোগ্যতাই নাছিল। ফলত আল্লাহেও সিহঁতক অসহায় অৱস্থাত এৰি দিছে, আৰু ঈমান পোষণ কৰাৰ তাওফীক প্ৰদান কৰা নাই। যিদৰে আমি সেই অন্যায়কাৰী সম্প্ৰদায়সমূহক শাস্তি বিহিছো, ঠিক সেইদৰে আমি প্ৰত্যেক যুগ আৰু প্ৰত্যেক স্থানত থকা সিহঁতৰ দৰে লোকক তেনেকুৱা শাস্তি প্ৰদান কৰি থাকিম।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• لطف الله عز وجل بعباده في عدم إجابة دعائهم على أنفسهم وأولادهم بالشر.
বান্দাৰ প্ৰতি আল্লাহৰ এয়া অসীম কৃপা যে, তেওঁ বান্দাৰ সেই বদ্দুআ তৎক্ষণাত কবূল নকৰে যিটো বান্দাই নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তানৰ বিৰুদ্ধে কৰে।

• بيان حال الإنسان بالدعاء في الضراء والإعراض عند الرخاء والتحذير من الاتصاف بذلك.
মানুহৰ এই স্বভাৱৰ বৰ্ণনা যে, সিহঁতে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে, কিন্তু সুখৰ সময়ত পাহৰি যায়। সেয়ে এনেকুৱা বৈশিষ্ট্যৰ পৰা বিৰত থকা উচিত।

• هلاك الأمم السابقة كان سببه ارتكابهم المعاصي والظلم.
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ ধ্বংস হোৱাৰ অন্যতম কাৰণ আছিল গুনাহত লিপ্ত হোৱা আৰু অন্যায় কৰা।

 
Fassarar Ma'anoni Aya: (13) Sura: Yunus
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa