Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (38) Sura: Al'nahl
وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ ۙ— لَا یَبْعَثُ اللّٰهُ مَنْ یَّمُوْتُ ؕ— بَلٰی وَعْدًا عَلَیْهِ حَقًّا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟ۙ
আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰকাৰী এইসকল লোকে ডাঠি শপত খাই কয়ঃ আল্লাহে মৃত্যুবৰণকাৰীসকলক কেতিয়াও পুনৰ্জীৱিত নকৰিব। অথচ সিহঁতৰ ওচৰত এই সম্পৰ্কে কোনো প্ৰমাণো নাই। জানি থোৱা! নিশ্চয় আল্লাহে প্ৰত্যেক মৃত্যুবৰণকাৰীক পুনৰুত্থিত কৰিব। এইটো তেওঁৰ চিৰসত্য প্ৰতিশ্ৰুতি। কিন্তু অধিকাংশ লোকে এই কথাষাৰ নাজানে যে, আল্লাহে মৃতসকলক জীৱিত কৰিব। সেই কাৰণে সিহঁতে আখিৰাতৰ পুনৰুত্থানক অস্বীকাৰ কৰে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• العاقل من يعتبر ويتعظ بما حل بالضالين المكذبين كيف آل أمرهم إلى الدمار والخراب والعذاب والهلاك.
বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্বীকাৰকাৰী পথভ্ৰষ্ট সম্প্ৰদায়ৰ বিনাশৰ পৰা শিক্ষা গ্ৰহণ কৰে।

• الحكمة من البعث والمعاد إظهار الله الحقَّ فيما يختلف فيه الناس من أمر البعث وكل شيء.
পুনৰুত্থানৰ হিকমত হৈছে, যিসকল লোকে বিভিন্ন বিষয়ত মতানৈক্য কৰিছিল, পুনৰুত্থানেই হওঁক অথবা অন্যান্য বিষয়, সেইবোৰ বিষয়ে সত্যক স্পষ্ট কৰা।

• فضيلة الصّبر والتّوكل: أما الصّبر: فلما فيه من قهر النّفس، وأما التّوكل: فلأن فيه الثقة بالله تعالى والتعلق به.
ধৈৰ্য্য আৰু তাৱাক্কুলৰ গুৰুত্ব। ধৈৰ্য্য হৈছে নিজৰ নফচক দমন কৰা, আনহাতে তাৱাক্কুল বা ভৰসা কোৱা হয় যেনে- আল্লাহৰ প্ৰতি অমুক ব্যক্তিৰ অগাধ বিশ্বাস আছে তথা সম্পৰ্ক আছে।

• جزاء المهاجرين الذين تركوا ديارهم وأموالهم وصبروا على الأذى وتوكّلوا على ربّهم، هو الموطن الأفضل، والمنزلة الحسنة، والعيشة الرّضية، والرّزق الطّيّب الوفير، والنّصر على الأعداء، والسّيادة على البلاد والعباد.
যিসকল মুহাজিৰে নিজৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি ত্যাগ কৰিছে, শাস্তিৰ সন্মুখীন হৈ ধৈৰ্য ধাৰণ কৰিছে আৰু প্ৰতিপালকৰ ওপৰত ভৰসা কৰিছে, তেওঁলোকক দান কৰা হ'ব উত্তম দেশ, উত্তম বাসস্থান, সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ পৱিত্ৰ জীৱিকা, শত্ৰুক পৰাজিত কৰিবলৈ সহায়-সহযোগিতা আৰু আছে বহুতো দেশৰ ৰাজত্ব।

 
Fassarar Ma'anoni Aya: (38) Sura: Al'nahl
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa