Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (75) Sura: Al'nahl
ضَرَبَ اللّٰهُ مَثَلًا عَبْدًا مَّمْلُوْكًا لَّا یَقْدِرُ عَلٰی شَیْءٍ وَّمَنْ رَّزَقْنٰهُ مِنَّا رِزْقًا حَسَنًا فَهُوَ یُنْفِقُ مِنْهُ سِرًّا وَّجَهْرًا ؕ— هَلْ یَسْتَوٗنَ ؕ— اَلْحَمْدُ لِلّٰهِ ؕ— بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟
আল্লাহে মুশ্বৰিকসকলৰ দাবী খণ্ডন কৰিবলৈ এটা উদাহৰণ দাঙি ধৰিছে। ধৰি লোৱা, এজন পৰাধীন দাস আছে, যাৰ হাতত কোনো অধিকাৰ নাই। ব্যয় কৰিবলৈও তাৰ হাতত একো নাই। আনহাতে এজন স্বাধীন ব্যক্তি আছে, যাক আমি প্ৰচুৰ পৰিমাণে বৈধ সম্পদ প্ৰদান কৰিছো, সি নিজ ইচ্ছা মতে ব্যয় কৰিব পাৰে। প্ৰকাশ্য, অপ্ৰকাশ্য যি ধৰণে ইচ্ছা কৰে ব্যয় কৰে। এই দুয়োজন ব্যক্তি তুলনামূলকভাৱে কেতিয়াও সমান হ'ব নোৱাৰে। তেন্তে তোমালোকে আল্লাহক, যাৰ হাতত নিজ ইচ্ছা মতে ব্যয় কৰাৰ ক্ষমতা আছে, সেই মূৰ্তিবোৰৰ লগত কিয় তুলনা কৰা যিবোৰ স্বয়ং বিৱশ? সকলো প্ৰকাৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কেৱল তেৱেঁই প্ৰশংসাৰ অধিকাৰী। কিন্তু অধিকাংশ মুশ্বৰিকে এই সত্য সম্পৰ্কে অৱগত নহয় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ হকদাৰ, আৰু কেৱল তেওঁৰেই ইবাদত কৰা উচিত।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• لله تعالى الحكمة البالغة في قسمة الأرزاق بين العباد، إذ جعل منهم الغني والفقير والمتوسط؛ ليتكامل الكون، ويتعايش الناس، ويخدم بعضهم بعضًا.
আল্লাহে অতি উৎকৃষ্ট হিকমত সহকাৰে বান্দাসকলৰ মাজত জীৱিকা বন্টন কৰিছে। কাৰণ তেওঁ কিছুমানক ধনী বনাইছে আৰু কিছুমানক দৰিদ্ৰ বনাইছে, লগতে কিছুমানক বনাইছে মধ্যম বৰ্গীয়। যাতে মানুহে পৰস্পৰে মিলি পৃথিৱীক পৰিপূৰ্ণ কৰে, ইজনে সিজনৰ লগত মিলাপ্ৰীতিৰে জীৱন-যাপন কৰে, লগতে ইজনে সিজনৰ সেৱা আগবঢ়ায়।

• دَلَّ المثلان في الآيات على ضلالة المشركين وبطلان عبادة الأصنام؛ لأن شأن الإله المعبود أن يكون مالكًا قادرًا على التصرف في الأشياء، وعلى نفع غيره ممن يعبدونه، وعلى الأمر بالخير والعدل.
আয়াতত উল্লেখিত দুয়োটা উদাহৰণ মুশ্বৰিকসকলৰ পথভ্ৰষ্টতা আৰু মূৰ্তি পূজা বাতিল হোৱাৰ প্ৰমাণ। কিয়নো সত্য উপাস্যৰ পৰিচয় হৈছে, মালিক হোৱা উচিত, সকলো ক্ষেত্ৰতে ইচ্ছানুযায়ী নিয়ন্ত্ৰণ কৰিবলৈ ক্ষমতাৱান হোৱা উচিত। নিজৰ উপাসনাকাৰী সকলক উপকাৰ কৰাৰ সামৰ্থ থকা উচিত, লগতে কল্যাণ আৰু ন্যায়ৰ আদেশ দিয়া উচিত।

• من نعمه تعالى ومن مظاهر قدرته خلق الناس من بطون أمهاتهم لا علم لهم بشيء، ثم تزويدهم بوسائل المعرفة والعلم، وهي السمع والأبصار والأفئدة، فبها يعلمون ويدركون.
আল্লাহৰ এটা অন্যতম নিয়ামত আৰু তেওঁৰ ক্ষমতাৰ এটা প্ৰতীক এই যে, তেওঁ মানুহক সিহঁতৰ মাতৃগৰ্ভৰ পৰা জ্ঞানশূন্য কৰি ভূমিষ্ঠ কৰিছে। তেৱেঁই সিহঁতক জ্ঞান অৰ্জন কৰাৰ মাধ্যম যেনেঃ চকু, কাণ আৰু অন্তৰ আদি প্ৰদান কৰিছে। যিবোৰৰ দ্বাৰা সিহঁতে জ্ঞান অৰ্জন কৰে।

 
Fassarar Ma'anoni Aya: (75) Sura: Al'nahl
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa