Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (96) Sura: Al'nahl
مَا عِنْدَكُمْ یَنْفَدُ وَمَا عِنْدَ اللّٰهِ بَاقٍ ؕ— وَلَنَجْزِیَنَّ الَّذِیْنَ صَبَرُوْۤا اَجْرَهُمْ بِاَحْسَنِ مَا كَانُوْا یَعْمَلُوْنَ ۟
হে মানৱজাতি! তোমালোকৰ ওচৰত যি ধন-সম্পদ, সুখ-সামগ্ৰী আৰু নিয়ামত আছে, সেইবোৰ যিমান পৰিমাণেই নাথাকক কিয়, এদিন সেইবোৰ সমাপ্ত হ'ব। কিন্তু আল্লাহৰ ওচৰত যি প্ৰতিদান আছে সেইবোৰ কেতিয়াও শেষ নহ'ব, সেইবোৰ হৈছে চিৰস্থায়ী। তেন্তে তোমালোকে চিৰস্থায়ী নিয়ামতক এৰি ধ্বংসশীল বস্তুৰ পিচে পিচে কিয় দৌৰি আছা? যিসকল লোকে অঙ্গীকাৰ পালনত ধৈৰ্য ধাৰণ কৰিছে, ফলত তেওঁলোকে অঙ্গীকাৰ ভঙ্গ কৰা নাই, তেওঁলোকক আমি তেওঁলোকৰ ছোৱাবৰ বিনিময়ত উত্তম প্ৰতিদান দান কৰিম। এতেকে প্ৰত্যেক ভাল কৰ্মৰ বিনিময়ত দহটা নেকী প্ৰদান কৰিম। আনকি সাত শ গুণ পৰ্যন্ত বৃদ্ধি কৰিম, আৰু কেতিয়াবা তাতকৈও বেছি।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• العمل الصالح المقرون بالإيمان يجعل الحياة طيبة.
ঈমানৰ দ্বাৰা সুসজ্জিত নেক আমলে জীৱনক পৱিত্ৰ কৰি তোলে।

• الطريق إلى السلامة من شر الشيطان هو الالتجاء إلى الله، والاستعاذة به من شره.
চয়তানৰ অনিষ্টৰ পৰা ৰক্ষা পাবলৈ হ'লে আল্লাহৰ ওচৰত দুআ কৰিব লাগিব, লগতে চয়তানৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগিব।

• على المؤمنين أن يجعلوا القرآن إمامهم، فيتربوا بعلومه، ويتخلقوا بأخلاقه، ويستضيئوا بنوره، فبذلك تستقيم أمورهم الدينية والدنيوية.
মুমিনসকলে কোৰআনক নেতৃত্ব হিচাপে লোৱা উচিত, আৰু ইয়াৰ জ্ঞানৰ দ্বাৰা নিজৰ জীৱনক বাস্তৱায়ন কৰা উচিত। ইয়াৰ শিষ্টাচাৰসমূহ অৱলম্বন কৰা উচিত, ইয়াৰ জ্যোতিৰে উপকৃত হোৱা উচিত। ইয়াৰ দ্বাৰাই তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ সকলো সমস্যা সমাধান কৰা সম্ভৱ।

• نسخ الأحكام واقع في القرآن زمن الوحي لحكمة، وهي مراعاة المصالح والحوادث، وتبدل الأحوال البشرية.
অহীৰ ধাৰাবাহিকতা চলি থকা অৱস্থাত কিছুমান বিধানক ৰহিত কৰি আন কিছুমান বিধানক স্থান দিয়া হৈছিল। বিশেষ কাৰণত এইটো কৰিছিল, মানুহৰ অৱস্থাৰ পৰিবৰ্তন, নতুন নতুন ঘটনা তথা বিভিন্ন কল্যাণৰ কাৰণে।

 
Fassarar Ma'anoni Aya: (96) Sura: Al'nahl
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa