Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
96 : 18

اٰتُوْنِیْ زُبَرَ الْحَدِیْدِ ؕ— حَتّٰۤی اِذَا سَاوٰی بَیْنَ الصَّدَفَیْنِ قَالَ انْفُخُوْا ؕ— حَتّٰۤی اِذَا جَعَلَهٗ نَارًا ۙ— قَالَ اٰتُوْنِیْۤ اُفْرِغْ عَلَیْهِ قِطْرًا ۟ؕ

তোমালোকে লোৰ যোগান ধৰা। এতেকে তেওঁলোকে লোৰ যোগান ধৰিলে, আৰু তেওঁ সেইবোৰেৰে দুই পৰ্বতৰ মাজত প্ৰাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। অৱশেষত প্ৰাচীৰ যেতিয়া দুয়ো পৰ্বতৰ সমান হৈ গ'ল, তেতিয়া তেওঁ শ্ৰমিকসকলক ক'লেঃ এই লোৰ টুকুৰাবোৰক জুয়েৰে উত্তপ্ত কৰা। লোৰ টুকুৰাবোৰ যেতিয়া ৰঙা হৈ গ'ল তেতিয়া তেওঁ ক'লেঃ এতিয়া তাম লৈ আহা, যাতে ইয়াৰ ওপৰত ঢালি দিব পাৰো। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• أن ذا القرنين أحد الملوك المؤمنين الذين ملكوا الدنيا وسيطروا على أهلها، فقد آتاه الله ملكًا واسعًا، ومنحه حكمة وهيبة وعلمًا نافعًا.
জুল-কাৰ্ণাইন মুমিন শাসকসকলৰ অন্যতম এজন শাসক আছিল, যিয়ে পৃথিৱীত ৰাজত্ব কৰিছিল, আৰু ইয়াৰ অধিবাসীসকলৰ ওপৰত শাসন চলাইছিল। আল্লাহে তেওঁক বিশাল ৰাজত্ব প্ৰদান কৰিছিল, তথা তেওঁক হিকমত, প্ৰতাপ আৰু উপযোগী জ্ঞান প্ৰদান কৰিছিল। info

• من واجب الملك أو الحاكم أن يقوم بحماية الخلق في حفظ ديارهم، وإصلاح ثغورهم من أموالهم.
প্ৰত্যেক ৰজা অথবা শাসকৰ কৰ্তব্য হৈছে, জনতাৰ ধনেৰে তেওঁলোকৰ ঘৰ-দুৱাৰ আৰু চাৰিওফালৰ সীমাৰ সুৰক্ষাৰ দ্বাৰা তেওঁলোকৰ সম্পূৰ্ণ সুৰক্ষা সুনিশ্চিত কৰা। info

• أهل الصلاح والإخلاص يحرصون على إنجاز الأعمال ابتغاء وجه الله.
সদাচাৰী আৰু নিষ্ঠাৱান লোকসকলৰ সকলো কৰ্মৰ উদ্দেশ্য হৈছে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা। info