Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (53) Sura: Suratu Alhajj
لِّیَجْعَلَ مَا یُلْقِی الشَّیْطٰنُ فِتْنَةً لِّلَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْقَاسِیَةِ قُلُوْبُهُمْ ؕ— وَاِنَّ الظّٰلِمِیْنَ لَفِیْ شِقَاقٍ بَعِیْدٍ ۟ۙ
নবীয়ে পাঠ কৰাৰ সময়ত চয়তানে যি মিশ্ৰিত কৰে, সেইবোৰৰ দ্বাৰা আল্লাহে মুনাফিকসকলক আৰু সেই মুশ্বৰিকসকলক পৰীক্ষা কৰিব বিচাৰে যিবোৰৰ অন্তৰ কঠোৰ হৈ পৰিছে। নিশ্চয় যালিম মুনাফিক আৰু মুশ্বৰিকসকল, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ শত্ৰুতাত লিপ্ত হৈছে, তথা সত্য আৰু হিদায়তৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• استدراج الظالم حتى يتمادى في ظلمه سُنَّة إلهية.
আল্লাহৰ সাধাৰণ নিয়ম হৈছে, তেওঁ অন্যায়কাৰীসকলক অৱকাশ দিয়ে; যাতে সিহঁতে সেই সময়ছোৱাত আৰু অধিক গুনাহ বৃদ্ধি কৰিব পাৰে।

• حفظ الله لكتابه من التبديل والتحريف وصرف مكايد أعوان الشيطان عنه.
আল্লাহে তেওঁৰ কিতাবক বিকৃত, পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে, লগতে তেওঁ ইয়াক চয়তানৰ সহায়কসকলৰ চক্ৰান্তৰ পৰা সুৰক্ষা প্ৰদান কৰে।

• النفاق وقسوة القلوب مرضان قاتلان.
নিফাক আৰু অন্তৰৰ কঠোৰতা, এই দুটা হৈছে বিনাশকাৰী বেমাৰ।

• الإيمان ثمرة للعلم، والخشوع والخضوع لأوامر الله ثمرة للإيمان.
ঈমান হৈছে জ্ঞানৰ ফল। আল্লাহৰ আদেশৰ সন্মুখত নত স্বীকাৰ কৰা আৰু বিনীত হোৱাটো হৈছে ঈমানৰ প্ৰতিফল।

 
Fassarar Ma'anoni Aya: (53) Sura: Suratu Alhajj
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa