Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
24 : 23

فَقَالَ الْمَلَؤُا الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ مَا هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۙ— یُرِیْدُ اَنْ یَّتَفَضَّلَ عَلَیْكُمْ ؕ— وَلَوْ شَآءَ اللّٰهُ لَاَنْزَلَ مَلٰٓىِٕكَةً ۖۚ— مَّا سَمِعْنَا بِهٰذَا فِیْۤ اٰبَآىِٕنَا الْاَوَّلِیْنَ ۟ۚۖ

ইয়াৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ সন্মানিত আৰু প্ৰমূখ লোকসকলে (যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল) নিজৰ অনুসাৰীসকলক আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক’লেঃ “এই মানুহজন, যিজনে নিজকে ৰাছুল বুলি দাবী কৰে, তোমালোকৰ দৰেই দেখোন এজন মানুহ। দৰাচলতে এওঁ তোমালোকৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে আৰু তোমালোকৰ নেতা হ’ব বিচাৰে। সঁচাই যদি আল্লাহে আমাৰ ফালে ৰাছুল প্ৰেৰণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁ কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিলেহেঁতেন। মানুহক কেতিয়াও ৰাছুল হিচাপে প্ৰেৰণ নকৰিলেহেঁতেন। আমাৰ পূৰ্বপুৰুষসকলৰ মাজত এনেকুৱা দাবীদাৰ ব্যক্তিৰ বিষয়ে কেতিয়াও আমি শুনা নাছিলোঁ।” info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• لطف الله بعباده ظاهر بإنزال المطر وتيسير الانتفاع به.
পানী বৰ্ষণ কৰা আৰু তাৰ দ্বাৰা সহজে উপকৃত হোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু। info

• التنويه بمنزلة شجرة الزيتون.
যাইতুন গছৰ মহত্বৰ বৰ্ণনা। info

• اعتقاد المشركين ألوهية الحجر، وتكذيبهم بنبوة البشر، دليل على سخف عقولهم.
মুশ্বৰিকসকলে শিলক উপাস্যৰূপে গ্ৰহণ কৰা, আৰু নবীসকল যে মানৱ এই কথা অস্বীকাৰ কৰা বিষয়টোৱে হৈছে সিহঁতৰ বিবেকহীন হোৱাৰ অন্যতম প্ৰমাণ। info

• نصر الله لرسله ثابت عندما تكذبهم أممهم.
ৰাছুলসকলক যেতিয়া তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলে অস্বীকাৰ কৰে, তেতিয়াই আল্লাহে তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়। info