Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (54) Sura: Suratu Al'nour
قُلْ اَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ ۚ— فَاِنْ تَوَلَّوْا فَاِنَّمَا عَلَیْهِ مَا حُمِّلَ وَعَلَیْكُمْ مَّا حُمِّلْتُمْ ؕ— وَاِنْ تُطِیْعُوْهُ تَهْتَدُوْا ؕ— وَمَا عَلَی الرَّسُوْلِ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟
হে ৰাছুল! আপুনি এই মুনাফিকসকলক কৈ দিয়ক, তোমালোকে বাহ্যিক আভ্যন্তৰীণ সৰ্বতোপ্ৰকাৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ পৰা বিমুখ হোৱা, যিটো পালন কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে, তেন্তে জানি থোৱা! ৰাছুলৰ কৰ্তব্য হৈছে কেৱল ধৰ্ম প্ৰচাৰ কৰা, যিটো দায়িত্ব তেওঁক অৰ্পন কৰা হৈছে। আনহাতে তোমালোকৰ দায়িত্ব হৈছে আনুগত্য কৰা, আৰু ৰাছুলে লৈ অহা চৰীয়ত মুতাবিক জীৱন-যাপন কৰা। যদি তোমালোকে তেওঁৰ আনুগত্য কৰি তেওঁৰ আদেশ পালন কৰা, আৰু তেওঁ নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকা, তেন্তে অৱশ্যে তোমালোকে সত্যৰ পথ লাভ কৰিবা। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে দ্বীন প্ৰচাৰ কৰা। এতেকে তেওঁৰ কৰ্তব্য হৈছে তোমালোকক সঠিক পথ দেখুৱাই দিয়া, তোমালোকক সেই পথত চলিবলৈ বাধ্য কৰোৱাটো তেওঁৰ দায়িত্ব নহয়।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• اتباع الرسول صلى الله عليه وسلم علامة الاهتداء.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ হৈছে হিদায়ত লাভৰ প্ৰতীক।

• على الداعية بذل الجهد في الدعوة، والنتائج بيد الله.
ধৰ্মপ্ৰচাৰকসকলে সম্পূৰ্ণ প্ৰয়াসৰ সৈতে কাম কৰি যোৱা উচিত, আৰু পৰিণাম হৈছে আল্লাহৰ হাতত।

• الإيمان والعمل الصالح سبب التمكين في الأرض والأمن.
ঈমান আৰু সৎকৰ্ম হৈছে পৃথিৱীত প্ৰতিষ্ঠিত হোৱাৰ আৰু নিৰাপদ পৰিৱেশ সৃষ্টি কৰাৰ অন্যতম উপায়।

• تأديب العبيد والأطفال على الاستئذان في أوقات ظهور عورات الناس.
দাস-দাসী আৰু শিশুসকলক শিষ্টাচাৰ শিকোৱা উচিত যে, পৰ্দা কৰা সময়ছোৱাত (যেতিয়া মানুহে সচৰাচৰ কাপোৰ-কানি খুলি ৰাখে তেতিয়া) অনুমতি লৈ ঘৰত অথবা কোঠাত প্ৰৱেশ কৰা উচিত।

 
Fassarar Ma'anoni Aya: (54) Sura: Suratu Al'nour
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa