Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (20) Sura: Al'ankabout
قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ بَدَاَ الْخَلْقَ ثُمَّ اللّٰهُ یُنْشِئُ النَّشْاَةَ الْاٰخِرَةَ ؕ— اِنَّ اللّٰهَ عَلٰى كُلِّ شَیْءٍ قَدِیْرٌ ۟ۚ
হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰ কৰা এই লোকসকলক আপুনি কৈ দিয়ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহে কিদৰে সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। ইয়াৰ পিছত আল্লাহেই মানুহক সিহঁতৰ মৃত্যুৰ পিছত হাচৰৰ ময়দানত একত্ৰিত কৰিবলৈ আৰু হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। মানুহক পুনৰুত্থিত কৰিবলৈ তেওঁ কেতিয়াও অপাৰগ নহয়, যিদৰে পোন প্ৰথমবাৰ সিহঁতক সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁ অপাৰগ নাছিল।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الأصنام لا تملك رزقًا، فلا تستحق العبادة.
মূৰ্ত্তিবোৰ যিহেতু জীৱিকাৰ মালিক নহয়, গতিকে সেইবোৰ কেতিয়াও ইবাদতৰ যোগ্য হ'ব নোৱাৰে।

• طلب الرزق إنما يكون من الله الذي يملك الرزق.
একমাত্ৰ আল্লাহৰ ওচৰতেই জীৱিকা প্ৰাৰ্থনা কৰা উচিত, তেৱেঁই জীৱিকা প্ৰদানত সামৰ্থৱান।

• بدء الخلق دليل على البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে হৈছে পুনৰুত্থানৰ অকাট্য প্ৰমাণ।

• دخول الجنة محرم على من مات على كفره.
কুফৰীৰ অৱস্থাত যি ব্যক্তিয়ে মৃত্যুবৰণ কৰিব, তাৰ ওপৰত জান্নাত হাৰাম।

 
Fassarar Ma'anoni Aya: (20) Sura: Al'ankabout
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa