Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (199) Sura: Aal'Imran
وَاِنَّ مِنْ اَهْلِ الْكِتٰبِ لَمَنْ یُّؤْمِنُ بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْكُمْ وَمَاۤ اُنْزِلَ اِلَیْهِمْ خٰشِعِیْنَ لِلّٰهِ ۙ— لَا یَشْتَرُوْنَ بِاٰیٰتِ اللّٰهِ ثَمَنًا قَلِیْلًا ؕ— اُولٰٓىِٕكَ لَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ؕ— اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟
সকলো আহলে কিতাব একে নহয়। তেওঁলোকৰ মাজত এনেকুৱা এটা দলো আছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তোমালোকৰ ওপৰত অৱতীৰ্ণ হিদায়ত আৰু সত্যৰ প্ৰতি ঈমান পোষণ কৰে তথা সেই সত্যৰ প্ৰতিও ঈমান পোষণ কৰে যিটো তেওঁলোকৰ পুথিত অৱতীৰ্ণ কৰা হৈছিল। তেওঁলোকে আল্লাহৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰে। তেওঁলোকে আল্লাহৰ সন্মুখত তেওঁৰ প্ৰতিদানৰ আশাত শিৰ নত কৰি আছে আৰু আত্মসমৰ্পণ কৰিছে। তেওঁলোকে আল্লাহৰ আয়াতৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ নকৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত বৰ ডাঙৰ প্ৰতিদান আছে। নিশ্চয় আল্লাহে কৰ্মৰ অতি দ্ৰুত হিচাপ গ্ৰহণ কৰিব আৰু অতি সোনকালে ইয়াৰ প্ৰতিদান দিব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الأذى الذي ينال المؤمن في سبيل الله فيضطره إلى الهجرة والخروج والجهاد من أعظم أسباب تكفير الذنوب ومضاعفة الأجور.
আল্লাহৰ পথত মুমিনসকলে পোৱা সেই কষ্ট, যাৰ ফলত মুমিন বান্দাই হিজৰত কৰিবলৈ তথা ঘৰ-দুৱাৰ এৰিবলৈ আৰু যুদ্ধ কৰিবলৈ বাধ্য হয়, সেই কষ্ট পাপ মাৰ্জনা কৰাৰ আৰু নেকি বৃদ্ধি কৰাৰ অন্যতম কাৰণ।

• ليست العبرة بما قد ينعم به الكافر في الدنيا من المال والمتاع وإن عظم؛ لأن الدنيا زائلة، وإنما العبرة بحقيقة مصيره في الآخرة في دار الخلود.
বিষয় এইটো নহয় যে, কাফিৰসকলে পৃথিৱীত ধন-সম্পত্তি আৰু সূখ-শান্তি উপভোগ কৰি আছে, যদিও সিহঁতৰ সম্পত্তি আৰু সূখ যিমানেই ডাঙৰ নহওঁক কিয়। কিয়নো পৃথিৱী ধ্বংসশীল। বৰং চিন্তনীয় বিষয় এইটো যে, চিৰস্থায়ী ঘৰ আখিৰাতত সিহঁতৰ পৰিণাম কি হ'ব।

• من أهل الكتاب من يشهدون بالحق الذي في كتبهم، فيؤمنون بما أنزل إليهم وبما أنزل على المؤمنين، فهؤلاء لهم أجرهم مرتين.
আহলে কিতাবসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে তেওঁলোকৰ পুথিত থকা সত্যৰ সাক্ষী দিয়ে। এতেকে তেওঁলোকে সেইটোৰ ওপৰতো ঈমান পোষণ কৰে যিটো তেওঁলোকৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল। আৰু সেইটোৰ ওপৰতো যিটো মুমিনসকলৰ ওপৰত অৱতীৰ্ণ হৈছে। এনেকুৱা ব্যক্তিয়ে দ্বিগুন প্ৰতিদান পাব।

• الصبر على الحق، ومغالبة المكذبين به، والجهاد في سبيله، هو سبيل الفلاح في الآخرة.
সত্যৰ ওপৰত ধৈৰ্য ধাৰণ কৰা, আৰু অস্বীকাৰকাৰী সকলৰ লগত মুকাবিলা কৰা লগতে এই পথত যুদ্ধ কৰা, এয়া হৈছে আখিৰাতত পোৱা সফলতাৰ পথ।

 
Fassarar Ma'anoni Aya: (199) Sura: Aal'Imran
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa