Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (64) Sura: Suratu Aal'Imran
قُلْ یٰۤاَهْلَ الْكِتٰبِ تَعَالَوْا اِلٰی كَلِمَةٍ سَوَآءٍ بَیْنَنَا وَبَیْنَكُمْ اَلَّا نَعْبُدَ اِلَّا اللّٰهَ وَلَا نُشْرِكَ بِهٖ شَیْـًٔا وَّلَا یَتَّخِذَ بَعْضُنَا بَعْضًا اَرْبَابًا مِّنْ دُوْنِ اللّٰهِ ؕ— فَاِنْ تَوَلَّوْا فَقُوْلُوا اشْهَدُوْا بِاَنَّا مُسْلِمُوْنَ ۟
হে ৰাছুল! কওঁকঃ হে ইয়াহুদী আৰু খৃষ্টানসকল আহা আমি এনেকুৱা এটা ন্যায়ৰ বিষয়ত একমত হওঁ, যিটো বিষয়ত আমি সকলোৱে সমান। আৰু সেয়া হৈছে, আমি কেৱল আল্লাহৰ ইবাদত কৰিম, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰো, যদিও তাৰ পদ যিমানেই ডাঙৰ আৰু তাৰ স্থান যিমানেই উচ্চ নহওঁক কিয়। আৰু আমাৰ মাজৰ কোনেও যাতে ইজনে সিজনক ৰব্ব (প্ৰতিপালক) হিচাপে গ্ৰহণ নকৰে, যাক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় বা যাৰ আদেশ পালন কৰা হয়। এতেকে তোমালোকে আহ্বান কৰা এই সত্যৰ পৰা যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে হে মুমিনসকল! তোমালোকে কোৱাঃ তোমালোকে সাক্ষী থাকা যে, আমি মুছলিম আৰু আল্লাহৰ আনুগত্যকাৰী।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• أن الرسالات الإلهية كلها اتفقت على كلمة عدل واحدة، وهي: توحيد الله تعالى والنهي عن الشرك.
সকলো ঐশী ধৰ্মই এটা ন্যায় বাক্যৰ ওপৰত একমত। আৰু সেয়া হৈছেঃ আল্লাহক এক বুলি স্বীকাৰ কৰা (আৰু কেৱল তেওঁৰেই ইবাদত কৰা), আৰু শ্বিৰ্ক বৰ্জন কৰা।

• أهمية العلم بالتاريخ؛ لأنه قد يكون من الحجج القوية التي تُرَدُّ بها دعوى المبطلين.
ইতিহাসৰ জ্ঞান আহৰণ কৰাৰ মহত্ব। কিয়নো কেতিয়াবা কেতিয়াবা এই জ্ঞানে অসত্যৰ প্ৰচাৰকসকলৰ দাবী খন্ডন কৰাত সহায় কৰে।

• أحق الناس بإبراهيم عليه السلام من كان على ملته وعقيدته، وأما مجرد دعوى الانتساب إليه مع مخالفته فلا تنفع.
ইব্ৰাহীম আলাইহিছ ছালামৰ লগত সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ বেছি অধিকাৰ সেই ব্যক্তিৰ যিয়ে তেওঁৰ দ্বীন আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বিৰুদ্ধাচৰণ কৰি কেৱল তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ দাবী কৰাটো লাভদায়ক নহয়।

• دَلَّتِ الآيات على حرص كفرة أهل الكتاب على إضلال المؤمنين من هذه الأمة حسدًا من عند أنفسهم.
এই আয়াতসমূহৰ দ্বাৰা এই কথাও প্ৰমাণ হয় যে, আহলে কিতাবৰ কাফিৰসকলে কেৱল ঈৰ্ষাৰ কাৰণে মুমিনসকলক পথভ্ৰষ্ট কৰাৰ কামনা কৰে।

 
Fassarar Ma'anoni Aya: (64) Sura: Suratu Aal'Imran
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa