Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (75) Sura: Aal'Imran
وَمِنْ اَهْلِ الْكِتٰبِ مَنْ اِنْ تَاْمَنْهُ بِقِنْطَارٍ یُّؤَدِّهٖۤ اِلَیْكَ ۚ— وَمِنْهُمْ مَّنْ اِنْ تَاْمَنْهُ بِدِیْنَارٍ لَّا یُؤَدِّهٖۤ اِلَیْكَ اِلَّا مَا دُمْتَ عَلَیْهِ قَآىِٕمًا ؕ— ذٰلِكَ بِاَنَّهُمْ قَالُوْا لَیْسَ عَلَیْنَا فِی الْاُمِّیّٖنَ سَبِیْلٌ ۚ— وَیَقُوْلُوْنَ عَلَی اللّٰهِ الْكَذِبَ وَهُمْ یَعْلَمُوْنَ ۟
আহলে কিতাবসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তুমি তাৰ ওচৰত প্ৰচুৰ পৰিমাণে ধন-সম্পত্তিও আমানত হিচাপে ৰাখা, সি তোমাক সেই ধন ঘূৰাই দিব। লগতে সিহঁতৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তাৰ ওচৰত অলপমান ধন আমানত হিচাপে ৰাখা, তথাপিও সি তোমাক ঘূৰাই নিদিব। কিন্তু যদি তুমি তাক বাধ্য কৰোৱা বা সদায় বিচাৰি থাকা তেতিয়াহে সি আদায় কৰিব। এইটো সিহঁতৰ এই কথা আৰু এই কুঃধাৰণাৰ কাৰণে যে, আৰবীয়ানসকলৰ সম্পদ আত্মসাৎ কৰিলে আমাৰ কোনো গুনাহ নহ'ব, কিয়নো আল্লাহে আমাৰ বাবে এইটো বৈধ কৰিছে। সিহঁতে এইটো মিছা কথা কয়, অথচ সিহঁতে জানে যে, সিহঁতে আল্লাহৰ প্ৰতি এয়া মিছা আৰোপ কৰি আছে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• من علماء أهل الكتاب من يخدع أتباع ملتهم، ولا يبين لهم الحق الذي دلت عليه كتبهم، وجاءت به رسلهم.
আহলে কিতাবৰ কিছুমান ধৰ্মগুৰুৱে সিহঁতৰ অনুসাৰীসকলক প্ৰবঞ্চনা কৰে। সিহঁতৰ পুথিত থকা সত্য আৰু সিহঁতৰ ৰাছুলে লৈ অহা সত্যক প্ৰকাশ নকৰে।

• من وسائل الكفار الدخول في الدين والتشكيك فيه من الداخل.
কাফিৰসকলে ইছলামক ক্ষতি কৰাৰ এটা পদ্ধতি হল, ইছলামত প্ৰৱেশ কৰি ভিতৰৰ পৰা সন্দেহ সৃষ্টি কৰা।

• الله تعالى هو الوهاب المتفضل، يعطي من يشاء بفضله، ويمنع من يشاء بعدله وحكمته، ولا ينال فضله إلا بطاعته.
আল্লাহেই দাতা আৰু তেওঁ মহাদানশীল। তেওঁ নিজ কৃপাৰে যাক ইচ্ছা কৰে প্ৰদান কৰে আৰু ন্যায় আৰু হিকমতৰ জৰীয়তে যাক ইচ্ছা কৰে বঞ্চিত কৰে। এতেকে তেওঁৰ অনুগ্ৰহ তেওঁৰ আনুগত্য নকৰাকৈ পোৱা টান।

• كل عِوَضٍ في الدنيا عن الإيمان بالله والوفاء بعهده - وإن كان عظيمًا - فهو قليل حقير أمام ثواب الآخرة ومنازلها.
আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিনিময়ত পৃথিৱীৰ যিকোনো মূল্য প্ৰাপ্ত হওঁক সেয়া যিমানেই ডাঙৰ নহওঁক কিয়, আখিৰাতৰ প্ৰতিদান আৰু মৰ্যদাৰ তুলনাত একো নহয়।

 
Fassarar Ma'anoni Aya: (75) Sura: Aal'Imran
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa