Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (125) Sura: Suratu Al'nisaa
وَمَنْ اَحْسَنُ دِیْنًا مِّمَّنْ اَسْلَمَ وَجْهَهٗ لِلّٰهِ وَهُوَ مُحْسِنٌ وَّاتَّبَعَ مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ— وَاتَّخَذَ اللّٰهُ اِبْرٰهِیْمَ خَلِیْلًا ۟
সেই ব্যক্তিতকৈ অধিক দ্বীনদাৰ আন কোনো হব নোৱাৰে, যিয়ে অন্তৰৰ লগতে প্ৰকাশ্য ভাৱেও আত্মসমৰ্পণকাৰী। আৰু এই কৰ্মত তেওঁ নিৰ্ভেজাল নিয়্যতৰ অধিকাৰী। লগতে চৰীয়ত মুতাবিক উত্তম আমলকাৰী। শ্বিৰ্ক আৰু কুফৰৰ পৰা বিৰত ৰাখি তাওহীদ আৰু ঈমানৰ পিনে পথ দেখুৱা দ্বীনে ইব্ৰাহীমৰ অনুসাৰী, আৰু এইটোৱে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনৰ মূল ভিত্তি। আল্লাহে তেওঁৰ নবী ইব্ৰাহীম আলাইহিছ ছালামক সকলো সৃষ্টিৰ মাজৰ পৰা নিৰ্বাচিত কৰি তেওঁৰ পৰিপূৰ্ণ মুহাব্বতৰ অধিকাৰী বনাইছিল।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• ما عند الله من الثواب لا يُنال بمجرد الأماني والدعاوى، بل لا بد من الإيمان والعمل الصالح.
আল্লাহে পূণ্যৱান লোকসকলৰ বাবে যি প্ৰস্তুত কৰি ৰাখিছে, সেয়া কেৱল কামনা তথা দাবীৰ ফলত পোৱা সম্ভৱ নহয়, বৰং তাৰ বাবে ঈমান তথা সৎকৰ্মৰ প্ৰয়োজন।

• الجزاء من جنس العمل، فمن يعمل سوءًا يُجْز به، ومن يعمل خيرًا يُجْز بأحسن منه.
প্ৰতিদানৰ মূল হৈছে আমল অনুপাতে ফলাফল, এতেকে যিয়ে বেয়া কৰ্ম কৰিব, সি বেয়া প্ৰতিফল পাব। আনহাতে যিয়ে সৎকৰ্ম কৰিব, সি তাতোকৈ ভাল ফলাফল পাব।

• الإخلاص والاتباع هما مقياس قبول العمل عند الله تعالى.
ইখলাচ আৰু ইত্তেবা, এই দুটা হৈছে আল্লাহৰ ওচৰত আমল কবূল হোৱাৰ চৰ্ত।

• عَظّمَ الإسلام حقوق الفئات الضعيفة من النساء والصغار، فحرم الاعتداء عليهم، وأوجب رعاية مصالحهم في ضوء ما شرع.
আল্লাহে নাৰী আৰু শিশুসকলৰ দৰে দুৰ্বল শ্ৰেণী লোকৰ অধিকাৰক বিশেষ মৰ্যদা প্ৰদান কৰি সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ হাৰাম কৰিছে, লগতে চৰীয়ত অনুসৰি সিহঁতৰ কল্যাণকৰ দিশসমূহ সুৰক্ষিত কৰিবলৈ অনিবাৰ্য কৰি দিছে।

 
Fassarar Ma'anoni Aya: (125) Sura: Suratu Al'nisaa
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa