Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (18) Sura: Suratu Al'nisaa
وَلَیْسَتِ التَّوْبَةُ لِلَّذِیْنَ یَعْمَلُوْنَ السَّیِّاٰتِ ۚ— حَتّٰۤی اِذَا حَضَرَ اَحَدَهُمُ الْمَوْتُ قَالَ اِنِّیْ تُبْتُ الْـٰٔنَ وَلَا الَّذِیْنَ یَمُوْتُوْنَ وَهُمْ كُفَّارٌ ؕ— اُولٰٓىِٕكَ اَعْتَدْنَا لَهُمْ عَذَابًا اَلِیْمًا ۟
আল্লাহে সেইসকল লোকৰ তাওবা কবূল নকৰে, যিসকলে ধৃষ্টতাৰে গুনাহ কৰি যায়, আৰু তাওবা কৰিবলৈও প্ৰস্তুত নহয়, অৱশেষত যেতিয়া মৃত্যুৰ সন্মুখীন হয়, তেতিয়া কয়ঃ “মই কৰা গুনাহৰ পৰা এতিয়া মই তাওবা কৰোঁ”। এইদৰে তেওঁ সেইসকল লোকৰো তাওবা কবূল নকৰে, যিসকলে কুফৰ অৱস্থাত মৃত্যুবৰণ কৰে। গুনাহৰ ওপৰত অটল থকা লোকসকলৰ বাবে আৰু কুফৰ অৱস্থাত মৃত্যুবৰণকাৰীসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• ارتكاب فاحشة الزنى من أكثر المعاصي خطرًا على الفرد والمجتمع؛ ولهذا جاءت العقوبات عليها شديدة.
ব্যভিচাৰ হৈছে ব্যক্তি আৰু সমাজৰ বাবে আটাইতকৈ ডাঙৰ ভয়াৱহ গুনাহৰ অন্যতম। সেয়ে ইয়াৰ বাবে বৰ কঠোৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।

• لطف الله ورحمته بعباده حيث فتح باب التوبة لكل مذنب، ويسر له أسبابها، وأعانه على سلوك سبيلها.
এয়া আল্লাহৰ বান্দাৰ প্ৰতি দয়া আৰু কৃপা যে, তেওঁ প্ৰত্যেক পাপিষ্ট ব্যক্তিৰ বাবে তাওবাৰ দুৱাৰ খোলা ৰাখিছে, ইয়াৰ উপায় সহজ কৰি দিছে আৰু এই পথত পৰিচালিত হ'বলৈ সহায় আগবঢ়াইছে।

• كل من عصى الله تعالى بعمد أو بغير عمد فهو جاهل بقدر من عصاه جل وعلا، وجاهل بآثار المعاصي وشؤمها عليه.
প্ৰত্যেক সেই ব্যক্তি যিয়ে জানি বুজি অথবা অজানিতে আল্লাহৰ অবাধ্যতা কৰিছে, সি আল্লাহৰ মহানতা সম্পৰ্কে অজ্ঞাত, এইদৰে অবাধ্যতাৰ পৰিণাম আৰু ক্ষতি সম্পৰ্কেও অৱগত নহয়।

• من أسباب استمرار الحياة الزوجية أن يكون نظر الزوج متوازنًا، فلا يحصر نظره فيما يكره، بل ينظر أيضا إلى ما فيه من خير، وقد يجعل الله فيه خيرًا كثيرًا.
বৈবাহিক জীৱনক শক্তিশালী কৰিবলৈ এটা মহত্বপূৰ্ণ বিষয় এই যে, পতিৰ দৃষ্টি কেৱল অপছন্দনীয় বিষয়তেই যাতে সীমাবদ্ধ নাথাকে বৰং তাইৰ ভাল গুণৰ পিনেও লক্ষ্য কৰা উচিত, আৰু কেতিয়াবা কেতিয়াবা আল্লাহে ইয়াৰ মাজতো বহুত কল্যাণ নিহিত কৰি ৰাখে।

 
Fassarar Ma'anoni Aya: (18) Sura: Suratu Al'nisaa
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa