Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (56) Sura: Suratu Ghafir
اِنَّ الَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِ اللّٰهِ بِغَیْرِ سُلْطٰنٍ اَتٰىهُمْ ۙ— اِنْ فِیْ صُدُوْرِهِمْ اِلَّا كِبْرٌ مَّا هُمْ بِبَالِغِیْهِ ۚ— فَاسْتَعِذْ بِاللّٰهِ ؕ— اِنَّهٗ هُوَ السَّمِیْعُ الْبَصِیْرُ ۟
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ বিতৰ্ক কৰে, সিহঁতৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা কোনো প্ৰমাণ নাই। সিহঁতৰ উদ্দেশ্য কেৱল সত্যক দমন কৰা আৰু নিজকে সুউচ্চ প্ৰমাণিত কৰাৰ বাহিৰে আন একো নহয়। সিহঁতে নিজৰ এই উদ্দেশ্যত কেতিয়াও সফল হ’ব নোৱাৰিব। হে ৰাছুল! আপুনি দৃঢ়ভাৱে তথা একনিষ্ঠভাৱে আল্লাহৰ হৈ থাকক। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বদ্ৰষ্টা। একোৱেই তেওঁৰ পৰা বাদ নপৰে। তেওঁ অচিৰেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• نصر الله لرسله وللمؤمنين سُنَّة إلهية ثابتة.
এই বিষয়টো প্ৰমাণিত যে, আল্লাহে প্ৰত্যেক যুগতে ৰাছুলসকলক আৰু মুমিনসকলক সহায় কৰি আহিছে।

• اعتذار الظالم يوم القيامة لا ينفعه.
কিয়ামতৰ দিনা অন্যায়কাৰীসকলৰ অজুহাতে কোনো উপকাৰ নকৰিব।

• أهمية الصبر في مواجهة الباطل.
বাতিলৰ সন্মুখত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব।

• دلالة خلق السماوات والأرض على البعث؛ لأن من خلق ما هو عظيم قادر على إعادة الحياة إلى ما دونه.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিয়ে পুনৰুত্থানৰ প্ৰমাণবহন কৰে। কাৰণ যি সত্ত্বাই ডাঙৰ বস্তু সৃষ্টি কৰিবলৈ সক্ষম, তেওঁ সৰু বস্তু এটাৰ মাজত জীৱন দান কৰিবলৈও নিশ্চয় সক্ষম।

 
Fassarar Ma'anoni Aya: (56) Sura: Suratu Ghafir
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa