Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (20) Sura: Muhammad
وَیَقُوْلُ الَّذِیْنَ اٰمَنُوْا لَوْلَا نُزِّلَتْ سُوْرَةٌ ۚ— فَاِذَاۤ اُنْزِلَتْ سُوْرَةٌ مُّحْكَمَةٌ وَّذُكِرَ فِیْهَا الْقِتَالُ ۙ— رَاَیْتَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ یَّنْظُرُوْنَ اِلَیْكَ نَظَرَ الْمَغْشِیِّ عَلَیْهِ مِنَ الْمَوْتِ ؕ— فَاَوْلٰى لَهُمْ ۟ۚ
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলে ৰাছুলৰ প্ৰতি যুদ্ধৰ বিধান সংক্ৰান্তীয় ছুৰা অৱতীৰ্ণ হোৱাৰ আশা পোষণ কৰি কয়ঃ আল্লাহে এনেকুৱা কোনো ছুৰা কিয় অৱতীৰ্ণ নকৰে, যাৰ মাজত যুদ্ধৰ বৰ্ণনা আছে? এতেকে আল্লাহে যেতিয়া যুদ্ধৰ বিধি-বিধান সংক্ৰান্তীয় কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া হে নবী! আপুনি সেইসকল মুনাফিকক দেখিবলৈ পাব যিসকলৰ অন্তৰত সংশয়ৰ ব্যাধি আছে সিহঁতে আপোনাৰ ফালে সেই ব্যক্তিৰ দৰে চাই থাকে যিদৰে প্ৰচণ্ড ভয়ত বেহুচ হোৱা ব্যক্তিয়ে চায়। আল্লাহে সেইসকল লোকক সতৰ্কবাণী প্ৰদান কৰিছে যে, সিহঁতৰ শাস্তি অতি সন্নিকট, কাৰণ সিহঁতে যুদ্ধৰ পৰা আঁতৰি আছিল আৰু যুদ্ধক ভয় কৰিছিল।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• التكليف بالجهاد في سبيل الله يميّز المنافقين من صفّ المؤمنين.
আল্লাহৰ পথত কৰা যুদ্ধই মুনাফিকসকলৰ শাৰীৰ পৰা মুমিনসকলক পৃথক কৰাত সহায় কৰে।

• أهمية تدبر كتاب الله، وخطر الإعراض عنه.
আল্লাহৰ কিতাব চৰ্চা কৰাৰ গুৰুত্ব, তথা ইয়াৰ পৰা বিমুখ হোৱাৰ ভয়াৱহতা।

• الإفساد في الأرض وقطع الأرحام من أسباب قلة التوفيق والبعد عن رحمة الله.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা, লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা আদি হৈছে আল্লাহৰ তাওফীক আৰু তেওঁৰ ৰহমতৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ।

 
Fassarar Ma'anoni Aya: (20) Sura: Muhammad
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa