Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (38) Sura: Al'ma'ida
وَالسَّارِقُ وَالسَّارِقَةُ فَاقْطَعُوْۤا اَیْدِیَهُمَا جَزَآءً بِمَا كَسَبَا نَكَالًا مِّنَ اللّٰهِ ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟
হে প্ৰশাসনিক বিষয়াসকল! চোৰ পুৰুষ হওঁক অথবা নাৰী, সিহঁতৰ সোঁ হাত কাটি দিয়া। এইটো হৈছে মানুহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাৰ পৰিণাম, যিটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। আৰু এই শাস্তি সিহঁতৰ লগতে আন আন সকলৰ বাবে সতৰ্কবাণী। নিশ্চয় আল্লাহ মহাপ্ৰভাৱশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ আদেশ-নিৰ্দেশ তথা ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• حكمة مشروعية حد السرقة: ردع السارق عن التعدي على أموال الناس، وتخويف من عداه من الوقوع في مثل ما وقع فيه.
চোৰৰ শাস্তি নিৰ্ধাৰণৰ হিকমত। যাতে চোৰে মানুহৰ সম্পদৰ প্ৰতি হাত প্ৰসাৰিত কৰিব নোৱাৰে, লগতে আন আন লোক সকলেও যাতে এনেকুৱা কৰ্ম কৰিবলৈ ভয় কৰে।

• قَبول توبة السارق ما لم يبلغ السلطان وعليه إعادة ما سرق، فإذا بلغ السلطان وجب الحكم، ولا يسقط بالتوبة.
প্ৰশাসনৰ ওচৰত বিষয়টো নোপোৱা লৈকে চোৰৰ তাওবা গ্ৰহণযোগ্য হ'ব, লগতে চুৰি কৰা সামগ্ৰী ঘূৰাই দিয়াটো বাধ্যতামূলক। কিন্তু প্ৰশাসনৰ ওচৰত বিষয়টো গৈ পোৱাৰ পিছত তাওবা কৰিলেও শাস্তিৰ পৰা ৰক্ষা নাপাব।

• يحسن بالداعية إلى الله ألَّا يحمل همًّا وغمًّا بسبب ما يحصل من بعض الناس مِن كُفر ومكر وتآمر؛ لأن الله تعالى يبطل كيد هؤلاء.
আল্লাহৰ প্ৰতি আহ্বায়ক সকলে কিছুমান মানুহৰ কুফুৰী, প্ৰৱঞ্চনা আৰু ষড়যন্ত্ৰ আদিৰ বাবে হতাশ হ'ব নালাগে, কিয়নো আল্লাহে সিহঁতৰ কূটকৌশল অসফল কৰি দিব।

• حِرص المنافقين على إغاظة المؤمنين بإظهار أعمال الكفر مع ادعائهم الإسلام.
মুনাফিক সকলে ইছলাম দাবী কৰাৰ পিছতো সুযোগ বিচাৰি থাকে যে, কেনেকৈ কুফুৰী কৰ্ম প্ৰকাশ কৰি মুমিনসকলক ক্ৰোধান্বিত কৰিব পাৰি।

 
Fassarar Ma'anoni Aya: (38) Sura: Al'ma'ida
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa