Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (42) Sura: Al'ma'ida
سَمّٰعُوْنَ لِلْكَذِبِ اَكّٰلُوْنَ لِلسُّحْتِ ؕ— فَاِنْ جَآءُوْكَ فَاحْكُمْ بَیْنَهُمْ اَوْ اَعْرِضْ عَنْهُمْ ۚ— وَاِنْ تُعْرِضْ عَنْهُمْ فَلَنْ یَّضُرُّوْكَ شَیْـًٔا ؕ— وَاِنْ حَكَمْتَ فَاحْكُمْ بَیْنَهُمْ بِالْقِسْطِ ؕ— اِنَّ اللّٰهَ یُحِبُّ الْمُقْسِطِیْنَ ۟
এইসকল ইয়াহুদী হৈছে অধিক মিছা কথা শ্ৰৱণকাৰী, হাৰাম সম্পদ যেনে সুত আদি অধিক ভক্ষণকাৰী। এতেকে হে ৰাছুল! যদি সিহঁতে আপোনাৰ ওচৰত কোনো বিষয় লৈ মীমাংসা বিচাৰি আহে তেন্তে আপুনি ইচ্ছা কৰিলে সিহঁতৰ মাজত মীমাংসা কৰি দিব পাৰে অথবা ইচ্ছা কৰিলে মীমাংসা নকৰিবও পাৰে। এই ক্ষেত্ৰত আপোনাৰ ইচ্ছা। আপুনি যদি সিহঁতৰ বিচাৰ নকৰে তেন্তে সিহঁতে আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে। আনহাতে যদি আপুনি সিহঁতৰ মাজত বিচাৰ কৰে তেন্তে ন্যায়ৰ সৈতে বিচাৰ কৰিব। যদিও সিহঁত অত্যাচাৰী তথা শত্ৰুৱে নহওঁক কিয়। নিশ্চয় আল্লাহে সেই সকল লোকক ভাল পায় যিসকলে ন্যায়ৰ সৈতে ফয়চালা কৰে। যদিও মীমাংসা বিচৰাসকল মীমাংসাকাৰী শত্ৰুৱে নহওঁক কিয়।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• تعداد بعض صفات اليهود، مثل الكذب وأكل الربا ومحبة التحاكم لغير الشرع؛ لبيان ضلالهم وللتحذير منها.
ইয়াহুদীসকলৰ কিছুমান বৈশিষ্টৰ গণনা কৰা হৈছে, যেনে- মিছা কথা কোৱা, সুত খোৱা, আল্লাহৰ বিধান এৰি আনৰ ওচৰত মীমাংসা বিচাৰি যোৱা, যাতে সিহঁতৰ ভ্ৰান্ত ধাৰণা প্ৰকাশ হয় আৰু মানুহে ইয়াৰ পৰা সাৱধান হয়।

• بيان شرعة القصاص العادل في الأنفس والجراحات، وهي أمر فرضه الله تعالى على من قبلنا.
প্ৰাণহানি তথা আঘাতৰ ক্ষেত্ৰত ন্যায়ৰ ওপৰত আধাৰিত চৰীয়তি বিধানৰ বৰ্ণনা, আৰু এই বিধান আমাৰ পূৰ্বৱৰ্তী লোকসকলৰ ওপৰতো আল্লাহে ফৰজ কৰিছিল।

• الحث على فضيلة العفو عن القصاص، وبيان أجرها العظيم المتمثّل في تكفير الذنوب.
প্ৰতিশোধ নোলোৱা তথা ক্ষমা কৰি দিয়াৰ প্ৰেৰণা দিয়া হৈছে, আৰু ইয়াৰ ডাঙৰ প্ৰতিদানৰ বৰ্ণনা যিটো পাপসমূহ ক্ষমা কৰাৰ মাধ্যমত দিয়া হ'ব।

• الترهيب من الحكم بغير ما أنزل الله في شأن القصاص وغيره.
কিচাচ তথা আন আন ক্ষেত্ৰত আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰাৰ পৰা সাৱধান কৰা হৈছে।

 
Fassarar Ma'anoni Aya: (42) Sura: Al'ma'ida
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa