Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (25) Sura: Alhadid
لَقَدْ اَرْسَلْنَا رُسُلَنَا بِالْبَیِّنٰتِ وَاَنْزَلْنَا مَعَهُمُ الْكِتٰبَ وَالْمِیْزَانَ لِیَقُوْمَ النَّاسُ بِالْقِسْطِ ۚ— وَاَنْزَلْنَا الْحَدِیْدَ فِیْهِ بَاْسٌ شَدِیْدٌ وَّمَنَافِعُ لِلنَّاسِ وَلِیَعْلَمَ اللّٰهُ مَنْ یَّنْصُرُهٗ وَرُسُلَهٗ بِالْغَیْبِ ؕ— اِنَّ اللّٰهَ قَوِیٌّ عَزِیْزٌ ۟۠
নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট দলীল আৰু মহান প্ৰমাণাদিৰ সৈতে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ সৈতে আমি গ্ৰন্থও অৱতীৰ্ণ কৰিছোঁ। লগতে ন্যায় বিচাৰ প্ৰতিষ্ঠা কৰিবলৈ মীযান অৱতীৰ্ণ কৰিছোঁ। যাতে মানুহে ইনচাফ তথা ন্যায় প্ৰতিষ্ঠা কৰিব পাৰে। লগতে আমি মজবুত আৰু সুদৃঢ় লোহা অৱতীৰ্ণ কৰিছোঁ। যিবোৰৰ দ্বাৰা অস্ত্র তৈয়াৰ কৰা হয় আৰু তাত আছে মানুহৰ বাবে সিহঁতৰ উদ্যোগিক আৰু ব্যৱসায়িক উপকাৰিতাসমূহ। যাতে আল্লাহে বান্দাসকলৰ অৱগতিৰ বাবে প্ৰকাশ কৰি দিব পাৰে যে, তেওঁৰ বান্দাসকলৰ মাজৰ কোনে নেদেখাকৈ তেওঁক সহায় কৰে। নিশ্চয় আল্লাহ শক্তিধৰ, মহা পৰাক্রমশালী। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। আৰু একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الحق لا بد له من قوة تحميه وتنشره.
সত্যৰ বাবে নিশ্চিতভাৱে এনেকুৱা শক্তিৰ প্ৰয়োজন, যি শক্তিয়ে ইয়াক সংৰক্ষণ কৰিব আৰু ইয়াক প্ৰচাৰ কৰিব।

• بيان مكانة العدل في الشرائع السماوية.
ঐশী চৰীয়তসমূহৰ মাজত ন্যায়ৰ অৱস্থান।

• صلة النسب بأهل الإيمان والصلاح لا تُغْنِي شيئًا عن الإنسان ما لم يكن هو مؤمنًا.
ঈমান্দাৰ আৰু নেককাৰ লোকৰ সৈতে বংশীয় সম্পর্কই মানুহক কোনো ধৰণৰ উপকাৰ সাধন কৰিব নোৱাৰে, যেতিয়ালৈকে সি নিজে ঈমান পোষণ নকৰিব।

• بيان تحريم الابتداع في الدين.
দ্বীনৰ মাজত নৱ আৱিষ্কাৰ হাৰাম।

 
Fassarar Ma'anoni Aya: (25) Sura: Alhadid
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa