Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
137 : 6

وَكَذٰلِكَ زَیَّنَ لِكَثِیْرٍ مِّنَ الْمُشْرِكِیْنَ قَتْلَ اَوْلَادِهِمْ شُرَكَآؤُهُمْ لِیُرْدُوْهُمْ وَلِیَلْبِسُوْا عَلَیْهِمْ دِیْنَهُمْ ؕ— وَلَوْ شَآءَ اللّٰهُ مَا فَعَلُوْهُ فَذَرْهُمْ وَمَا یَفْتَرُوْنَ ۟

যিদৰে চয়তানে মুশ্বৰিকসকলৰ বাবে অন্যায়পূৰ্ণ সিদ্ধান্তক সৌন্দৰ্যময় কৰি দিছে, ঠিক সেইদৰে বহুতো মুশ্বৰিকৰ বাবে সিহঁতে অংশী স্থাপন কৰা চয়তানে দৰিদ্ৰতাৰ ভয় দেখুৱাই নিজ সন্তান হত্যা কৰাক সৌন্দৰ্যময় কৰি দিছে। যাতে সিহঁতক এনেকুৱা প্ৰাণৰ হত্যাৰ অপৰাধত পেলাই ধ্বংস কৰিব পাৰে যিটোক আল্লাহে হত্যা কৰা অবৈধ ঘোষণা কৰিছে। যাতে সিহঁতৰ ওচৰত সিহঁতৰ ধৰ্মক সংশয়পূৰ্ণ কৰিব পাৰে, ফলত সিহঁতে বৈধ আৰু অবৈধৰ মাজত পাৰ্থক্য বুজি নাপায়। যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতে এইটো কৰিব নোৱাৰিলেহেঁতেন, কিন্তু আল্লাহে এটা মহৎ উদ্দেশ্যৰ ফলত এনেকুৱা কৰা নাই। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক আৰু সিহঁতে আল্লাহৰ প্ৰতি আৰোপ কৰা অপবাদসমূহৰ প্ৰতি মনোযোগ নিদিব। কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ কোনো ক্ষতি নহ'ব। সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত অৰ্পন কৰক। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• تفاوت مراتب الخلق في أعمال المعاصي والطاعات يوجب تفاوت مراتبهم في درجات العقاب والثواب.
যিদৰে গুনাহ আৰু নেকীৰ ক্ষেত্ৰত মানুহৰ বেলেগ বেলেগ শ্ৰেণী থাকে, ঠিক সেইদৰে শাস্তি আৰু ছোৱাবৰ ক্ষেত্ৰতো বেলেগ বেলেগ শ্ৰেণী হ'ব। info

• اتباع الشيطان موجب لانحراف الفطرة حتى تصل لاستحسان القبيح مثل قتل الأولاد ومساواة أصنامهم بالله سبحانه وتعالى.
চয়তানৰ অনুসৰণৰ ফলত মানুহৰ স্বভাৱ বিকৃত হয়। অৱশেষত বেয়া বস্তুও তাৰ দৃষ্টিত ভাল দেখা পোৱা যায়, যেনে সন্তান হত্যা কৰা আৰু মূৰ্তিবিলাকক আল্লাহৰ সমকক্ষ স্থিৰ কৰা। info