Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
150 : 6

قُلْ هَلُمَّ شُهَدَآءَكُمُ الَّذِیْنَ یَشْهَدُوْنَ اَنَّ اللّٰهَ حَرَّمَ هٰذَا ۚ— فَاِنْ شَهِدُوْا فَلَا تَشْهَدْ مَعَهُمْ ۚ— وَلَا تَتَّبِعْ اَهْوَآءَ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَالَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ وَهُمْ بِرَبِّهِمْ یَعْدِلُوْنَ ۟۠

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যিসকলে হালালক হাৰাম বুলি কয় আৰু দাবী কৰে যে, এইবোৰক আল্লাহে হাৰাম কৰিছেঃ তোমালোকে নিজৰ সাক্ষী প্ৰস্তুত কৰা, যিসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, এইবোৰক আল্লাহেই হাৰাম কৰিছে। যদি সিহঁতে তথ্যহীন ভাৱে সাক্ষ্য দিয়ে যে, আল্লাহে এইবোৰক হাৰাম কৰিছে তেন্তে হে ৰাছুল! আপুনি সিহঁতৰ এই সাক্ষ্য স্বীকাৰ নকৰিব। কিয়নো সিহঁত হৈছে মিছলীয়া। আৰু আপুনি সিহঁতৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণ নকৰিব, যিসকলে নিজৰ প্ৰবৃত্তিক নিৰ্ণায়ক বুলি ভাৱে। কিয়নো সিহঁতে হালালক হাৰাম কৰি আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। লগতে সিহঁতৰো অনুসৰণ নকৰিব, যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, সিহঁতে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ সমকক্ষ স্থিৰ কৰে। যিসকলে নিজ প্ৰতিপালকৰ লগত এনেকুৱা আচৰণ কৰে, তেনেকুৱা লোকৰ পদাঙ্ক অনুসৰণ কৰা কেনেকৈ সম্ভৱ? info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• الحذر من الجرائم الموصلة لبأس الله؛ لأنه لا يُرَدُّ بأسه عن القوم المجرمين إذا أراده.
এনেকুৱা অপৰাধৰ পৰা সদায় বিৰত থাকিব লাগে, যি অপৰাধে আল্লাহৰ শাস্তিৰ অধিকাৰী বনায়। কিয়নো যেতিয়া আল্লাহে কোনো অপৰাধীক শাস্তি দিব বিচাৰে তেন্তে কোনেও তাক ৰক্ষা কৰিব নোৱাৰে। info

• الاحتجاج بالقضاء والقدر بعد أن أعطى الله تعالى كل مخلوق قُدْرة وإرادة يتمكَّن بهما من فعل ما كُلِّف به؛ ظُلْمٌ مَحْض وعناد صرف.
আল্লাহে সকলো সৃষ্টিক ইচ্ছা প্ৰদান কৰিছে আৰু ইমানখিনি শক্তি দিছে যে, সি আল্লাহৰ আদেশ-নিষেধ পালন কৰিব পাৰে। ইয়াৰ পিছতো ভাগ্যক দোষাৰোপ কৰি দায়িত্ব সামৰিলে সেয়া এক প্ৰকাৰ অন্যায় তথা চৰম অবাধ্যতা। info

• دَلَّتِ الآيات على أنه بحسب عقل العبد يكون قيامه بما أمر الله به.
এই আয়াতবোৰৰ দ্বাৰা প্ৰমাণিত হ'ল যে, বান্দাই যিমানখিনি বুজি পায় সেই অনুসাৰে আল্লাহৰ আদেশ পালন কৰে। info

• النهي عن قربان الفواحش أبلغ من النهي عن مجرد فعلها، فإنه يتناول النهي عن مقدماتها ووسائلها الموصلة إليها.
অশ্লীলতা কৰাৰ তুলনাত, অশ্লীলতাৰ নিকটৱৰ্তী হোৱাৰ পৰা বিৰত ৰখাটো হৈছে অধিক ফলপ্ৰসূ। কিয়নো এই সতৰ্কতাই অশ্লীলতাৰ সকলো পথ নিষিদ্ধ কৰি দিয়ে। info