Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (203) Sura: Suratu Al'a'raf
وَاِذَا لَمْ تَاْتِهِمْ بِاٰیَةٍ قَالُوْا لَوْلَا اجْتَبَیْتَهَا ؕ— قُلْ اِنَّمَاۤ اَتَّبِعُ مَا یُوْحٰۤی اِلَیَّ مِنْ رَّبِّیْ ۚ— هٰذَا بَصَآىِٕرُ مِنْ رَّبِّكُمْ وَهُدًی وَّرَحْمَةٌ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟
হে ৰাছুল! আপুনি যেতিয়া কোনো আয়াত লৈ আহে, তেতিয়া সিহঁতে আপোনাক নসাৎ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয়। আৰু যদি আপুনি কোনো আয়াত লৈ নাহে তেন্তে সিহঁতে কয়ঃ তুমি নিজেই নিজৰ ফালৰ পৰা কোনো আয়াত বনাই নোলোৱা কিয়? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই মোৰ ফালৰ পৰা কোনো আয়াত সৃষ্টি কৰা মোৰ অধিকাৰ নাই। মই কেৱল সেইটোৱে অনুসৰণ কৰো যিটো আল্লাহে মোৰ প্ৰতি অহী কৰে। এই কোৰআন যিটো মই তোমালোকৰ ওচৰত পাঠ কৰি আছো এইটো আল্লাহৰ তৰফৰ পৰা দলিল প্ৰমাণ, যিজন তোমালোকৰ সৃষ্টিকৰ্তা আৰু তোমালোকৰ সকলো কৰ্মৰ পৰিচালক। এই কোৰআন তেওঁৰ মুমিন বান্দাসকলৰ বাবে দয়া তথা পথপ্ৰদৰ্শক। আনহাতে মুমিনসকলৰ বাহিৰে সকলো হৈছে পথভ্ৰষ্ট তথা দুৰ্ভগীয়া।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• في الآيات بشارة للمسلمين المستقيمين على صراط نبيهم صلى الله عليه وسلم بأن ينصرهم الله كما نصر نبيه وأولياءه.
প্ৰত্যেক বুদ্ধিমান ব্যক্তিয়ে আল্লাহৰ ইবাদত কৰা উচিত, কিয়নো আল্লাহেই ধৰ্মীয় বিষয়ৰ সত্যতা ৰূপায়ন কৰিছে এনেকুৱা পুথি অৱতীৰ্ণ কৰি যিটো ধৰ্ম সম্পৰ্কে গুৰুত্বপূৰ্ণ জ্ঞান-বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। তেৱেঁই নেক বান্দাসকলক পাৰ্থিৱ উপকাৰ কৰে তেওঁলোকক সুৰক্ষা প্ৰদান কৰে তথা সহায়-সহযোগিতা কৰে, যাতে তেওঁলোকৰ কোনো শত্ৰুৰ শত্ৰুতাই তেওঁলোকক কোনো ক্ষতি সাধন কৰিব নোৱাৰে।

• في الآيات جماع الأخلاق، فعلى العبد أن يعفو عمن ظلمه، ويعطي من حرمه، ويصل من قطعه.
এই আয়াতসমূহত সেইসকল মুছলিমৰ বাবে সুসংবাদ আছে, যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পথত পৰিচালিত, আল্লাহে তেওঁলোকক সেইদৰেই সহায় কৰিব, যিদৰে নবীসকলক আৰু অলীসকলক সহায় কৰিছিল।

• على العبد إذا مَسَّه سوء من الشيطان - فأذنب بفعل محرم، أو ترك واجب - أن يستغفر الله تعالى، ويستدرك ما فرط منه بالتوبة النصوح والحسنات الماحية.
এই আয়াতসমূহত নৈতিকতাৰ পাঠ দিয়া হৈছে। সেয়েহে বান্দাসকলে নিজৰ ওপৰত কৰা অন্যায়কাৰীসকলক ক্ষমা কৰা উচিত, যিয়ে বঞ্চিত কৰিছিল তাক প্ৰদান কৰা উচিত, যিয়ে সম্পৰ্কচ্ছেদ কৰে তাৰ লগত সম্পৰ্ক গঢ়া উচিত।

• الواجب على العاقل عبادة الله تعالى؛ لأنه هو الذي يحقق له منافع الدين بإنزال الكتاب المشتمل على العلوم العظيمة في الدّين، ومنافع الدنيا بتولّي الصالحين من عباده وحفظه لهم ونصرته إياهم، فلا تضرهم عداوة من عاداهم.
বান্দাসকলে চয়তানৰ কুমন্ত্ৰণাৰ ফলত কোনো হাৰাম কামত লিপ্ত হ'লে তথা কোনো ওৱাজিব এৰিলে, লগে লগে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা উচিত। সঁচা তাওবা আৰু সৎকৰ্মৰ জৰিয়তে নিজৰ ভুল সংশোধন কৰা উচিত।

 
Fassarar Ma'anoni Aya: (203) Sura: Suratu Al'a'raf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa