Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (44) Sura: Al'a'raf
وَنَادٰۤی اَصْحٰبُ الْجَنَّةِ اَصْحٰبَ النَّارِ اَنْ قَدْ وَجَدْنَا مَا وَعَدَنَا رَبُّنَا حَقًّا فَهَلْ وَجَدْتُّمْ مَّا وَعَدَ رَبُّكُمْ حَقًّا ؕ— قَالُوْا نَعَمْ ۚ— فَاَذَّنَ مُؤَذِّنٌ بَیْنَهُمْ اَنْ لَّعْنَةُ اللّٰهِ عَلَی الظّٰلِمِیْنَ ۟ۙ
যেতিয়া জান্নাতিসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া জান্নাতি সকলে জাহান্নামী সকলক মাতি ক'বঃ আমাৰ প্ৰতিপালকে আমাক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছিল, আমি সেয়া লাভ কৰিছো। হে কাফিৰসকল! তোমালোকেও জাহান্নামৰ সতৰ্ক সত্য বুলি পতিয়ন গৈছানে? কাফিৰসকলে ক'বঃ অৱশ্যে আমিও সেই প্ৰতিশ্ৰুতি সত্য বুলি গম পালো। তেতিয়া কোনো এজন আহ্বানকাৰীয়ে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি ক'ব, তেওঁ যেন যালিমসকলক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখে, কিয়নো পৃথিৱীত তেওঁ সিহঁতৰ বাবে তেওঁৰ ৰহমতৰ দুৱাৰ খুলি থৈছিল, তথাপিও সিহঁতে তাৰ পৰা বিমুখ হৈছিল।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• عدم الإيمان بالبعث سبب مباشر للإقبال على الشهوات.
পুনৰুত্থানক অস্বীকাৰ কৰাৰ প্ৰত্যক্ষ কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ।

• يتيقن الناس يوم القيامة تحقق وعد الله لأهل طاعته، وتحقق وعيده للكافرين.
ক্বিয়ামতৰ দিনা মানুহে পতিয়ন যাব যে, আনুগত্যকাৰী সকলৰ বাবে আল্লাহৰ প্ৰতিশ্ৰুতি আৰু কাফিৰ সকলৰ বাবে তেওঁৰ সতৰ্কবাণী চিৰ সত্য আছিল, আৰু সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে।

• الناس يوم القيامة فريقان: فريق في الجنة وفريق في النار، وبينهما فريق في مكان وسط لتساوي حسناتهم وسيئاتهم، ومصيرهم إلى الجنة.
ক্বিয়ামতৰ দিনা মানুহৰ দুটা দল হ'বঃ এটা জান্নাতত প্ৰৱেশ কৰিব আৰু আনটো জাহান্নামত প্ৰৱেশ কৰিব। আৰু এই দুয়োটা দলৰ মাজত থাকিব কিছুমান লোক, যিসকলৰ পাপ আৰু পূণ্য হ'ব সমান, আৰু এওঁলোক অৱশেষত জান্নাতত প্ৰৱেশ কৰিব।

• على الذين يملكون المال والجاه وكثرة الأتباع أن يعلموا أن هذا كله لن يغني عنهم من الله شيئًا، ولن ينجيهم من عذاب الله.
যাৰ ওচৰত ধন-সম্পত্তি, ক্ষমতা আৰু বহুতো অনুসাৰী আছে, সিহঁতে মনত ৰখা উচিত যে, এইবোৰে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব নোৱাৰে, আৰু আল্লাহৰ শাস্তিৰ পৰাও ৰক্ষা কৰিব নোৱাৰে।

 
Fassarar Ma'anoni Aya: (44) Sura: Al'a'raf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa