Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

prev

আল-বুৰূজ

next
Daga cikin abubuwan da surar ta kunsa.:
بيان قوة الله وإحاطته الشاملة، ونصرته لأوليائه، والبطش بأعدائه.
আল্লাহৰ শক্তি-সামৰ্থৰ বৰ্ণনা, লগতে এই কথা বৰ্ণনা কৰা হৈছে যে, তেওঁ সকলো বস্তুকে পৰিবেষ্টন কৰি আছে, লগতে এই কথাও উল্লেখ কৰা হৈছে যে, তেওঁ নিজৰ প্ৰিয় লোকসকলক সহায় কৰে, কিন্তু শত্ৰুসকলৰ প্ৰতি তেওঁ অতি কঠোৰ। info

1 : 85

وَالسَّمَآءِ ذَاتِ الْبُرُوْجِ ۟ۙ

মহান আল্লাহে আকাশৰ শপত কৰিছে, যাৰ ভিতৰত সূৰ্য্য, চন্দ্ৰ আদিৰ কক্ষপথসমূহকো সামৰি লৈছে। info
التفاسير: |

2 : 85

وَالْیَوْمِ الْمَوْعُوْدِ ۟ۙ

আৰু ক্বিয়ামতৰ দিৱসৰো শপত কৰিছে, যিদিনাখন সকলো সৃষ্টিবোৰক একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। info
التفاسير: |

3 : 85

وَشَاهِدٍ وَّمَشْهُوْدٍ ۟ؕ

আৰু প্ৰত্যেক সাক্ষীদাতাৰ শপত কৰিছে, যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতৰ হৈ সাক্ষী দিব। এইদৰে প্ৰত্যেক সেই ব্যক্তিৰ শপত কৰিছে, যাৰ হৈ সাক্ষ্য প্ৰদান কৰা হ'ব, যেনে- প্ৰত্যেক উম্মতৰ হৈ তেওঁলোকৰ নবীয়ে সাক্ষ্য প্ৰদান কৰিব। info
التفاسير: |

4 : 85

قُتِلَ اَصْحٰبُ الْاُخْدُوْدِ ۟ۙ

অভিসম্পাত সেইসকল লোকৰ ওপৰত, যিসকলে ডাঙৰ গাত খান্দি মহাকুণ্ড প্ৰস্তুত কৰিছিল। info
التفاسير: |

5 : 85

النَّارِ ذَاتِ الْوَقُوْدِ ۟ۙ

আৰু তাৰ ভিতৰত জুই জ্বলাইছিল আৰু মুমিনসকলক জীৱন্তে তাৰ ভিতৰত নিক্ষেপ কৰিছিল। info
التفاسير: |

6 : 85

اِذْ هُمْ عَلَیْهَا قُعُوْدٌ ۟ۙ

যেতিয়া সিহঁতে সেই অগ্নিগৰ্ভা কুণ্ডৰ ওচৰত বহি আছিল। info
التفاسير: |

7 : 85

وَّهُمْ عَلٰی مَا یَفْعَلُوْنَ بِالْمُؤْمِنِیْنَ شُهُوْدٌ ۟ؕ

আৰু সিহঁতে মুমিনসকলক যি শাস্তি দিছিল, তাৰ বাবে সিহঁত নিজেই সাক্ষী, কিয়নো সিহঁতে তাত উপস্থিত হৈ সেইবোৰ প্ৰত্যক্ষ কৰি আছিল। info
التفاسير: |

8 : 85

وَمَا نَقَمُوْا مِنْهُمْ اِلَّاۤ اَنْ یُّؤْمِنُوْا بِاللّٰهِ الْعَزِیْزِ الْحَمِیْدِ ۟ۙ

আৰু সেই কাফিৰসকলে মুমিনসকলক কেৱল এইটোৱে দোষ দিছিল যে, তেওঁলোকে আল্লাহৰ প্ৰতি ঈমান আনিছে, যিজন প্ৰভুত্বশালী, যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ প্ৰত্যেক ক্ষেত্ৰতে প্ৰশংসনীয়। info
التفاسير: |

9 : 85

الَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟ؕ

আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্ব একমাত্ৰ তেওঁৰেই হাতত, আৰু তেওঁ প্ৰত্যেক বস্তুৰ বিষয়ে অৱগত। বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। info
التفاسير: |

10 : 85

اِنَّ الَّذِیْنَ فَتَنُوا الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ثُمَّ لَمْ یَتُوْبُوْا فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ الْحَرِیْقِ ۟ؕ

নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা ওভোতাই আনিবলৈ অগ্নিৰ শাস্তি বিহিছিল, আৰু ইয়াৰ পাছত যিসকলে সেই অপৰাধৰ পৰা তাওবা কৰা নাই, সিহঁতৰ বাবে জাহান্নামৰ শাস্তি আছে। সিহঁতৰ বাবে অগ্নিৰ শাস্তি প্ৰস্তুত কৰি ৰখা হৈছে, যি অগ্নিয়ে সিহঁতক পুৰিব। এই শাস্তি হৈছে মুমিনসকলক জুইত জ্বলোৱাৰ পৰিণাম। info
التفاسير: |

11 : 85

اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ— ذٰلِكَ الْفَوْزُ الْكَبِیْرُ ۟ؕ

নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এনেকুৱা জান্নাত, যাৰ অট্টালিকা আৰু গছ-গছনিসমূহৰ তলেদি নৈ বৈ থাকিব। এইটোৱে হৈছে তেওঁলোকৰ বাবে প্ৰস্তুতকৃত সেই মহা প্ৰতিদান, যাৰ সৈতে কোনো সফলতাৰে তুলনা হ’ব নোৱাৰে। info
التفاسير: |

12 : 85

اِنَّ بَطْشَ رَبِّكَ لَشَدِیْدٌ ۟ؕ

হে ৰাছুল! নিশ্চয় অত্যাচাৰীসকলৰ বাবে তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী বৰ কঠোৰ। যদিও তেওঁ সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দি থয়। info
التفاسير: |

13 : 85

اِنَّهٗ هُوَ یُبْدِئُ وَیُعِیْدُ ۟ۚ

তেৱেঁই মাখলুক আৰু শাস্তিক নতুনকৈ সৃষ্টি কৰে, আৰু তেৱেঁই এইবোৰৰ পুনৰাবৃত্তি ঘটায়। info
التفاسير: |

14 : 85

وَهُوَ الْغَفُوْرُ الْوَدُوْدُ ۟ۙ

আৰু তেৱেঁই ক্ষমাশীল যিয়ে তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে, আৰু নিশ্চয় তেওঁ মুত্তাক্বী বান্দাসকলক ভাল পায়। info
التفاسير: |

15 : 85

ذُو الْعَرْشِ الْمَجِیْدُ ۟ۙ

তেৱেঁই মহা আৰছৰ অধিপতি। info
التفاسير: |

16 : 85

فَعَّالٌ لِّمَا یُرِیْدُ ۟ؕ

তেওঁ যিটো ইচ্ছা কৰে সেইটোৱে কৰে। যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে। তেওঁক বাধ্য কৰিব পৰা কোনো নাই। info
التفاسير: |

17 : 85

هَلْ اَتٰىكَ حَدِیْثُ الْجُنُوْدِ ۟ۙ

হে ৰাছুল! যি সৈন্যবাহিনীয়ে সত্যৰ বিৰুদ্ধে যুঁজিবলৈ তথা সত্যক বাধা প্ৰদান কৰিবলৈ আহিছিল, সিহঁতৰ বিষয়ে আপোনাৰ ওচৰলৈ সংবাদ আহি পাইছেনে? info
التفاسير: |

18 : 85

فِرْعَوْنَ وَثَمُوْدَ ۟ؕ

ফিৰআউন আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ বিষয়ে। info
التفاسير: |

19 : 85

بَلِ الَّذِیْنَ كَفَرُوْا فِیْ تَكْذِیْبٍ ۟ۙ

সিহঁতে ঈমান পোষণ নকৰাৰ কাৰণ এইটো নাছিল যে, সিহঁতৰ ওচৰলৈ পূৰ্বৱৰ্তী অস্বীকাৰকাৰী জাতিসকলৰ আৰু সিহঁতৰ বিনাশৰ সংবাদ আহি পোৱা নাছিল। বৰং মূল কথাটো হৈছে এই যে, সিহঁতে কেৱল প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছিল। info
التفاسير: |

20 : 85

وَّاللّٰهُ مِنْ وَّرَآىِٕهِمْ مُّحِیْطٌ ۟ۚ

মহান আল্লাহে সিহঁতৰ প্ৰতিটো কৰ্ম সম্পৰ্কে অৱগত আৰু সেইবোৰ হিচাপ কৰি ৰাখিছে। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব। info
التفاسير: |

21 : 85

بَلْ هُوَ قُرْاٰنٌ مَّجِیْدٌ ۟ۙ

এই কোৰআন কোনো কবিতাগ্ৰন্থ বা ছন্দযুক্ত বাণী নহয়, যিদৰে অস্বীকাৰকাৰীসকলে দাবী কৰে, বৰং এইখন হৈছে পৱিত্ৰ কোৰআন। info
التفاسير: |

22 : 85

فِیْ لَوْحٍ مَّحْفُوْظٍ ۟۠

এইখন এনেকুৱা সুৰক্ষিত ফলকত লিপিবদ্ধ আছে, যিটো পৰিৱৰ্তন, পৰিবৰ্ধন, বিকৃত আৰু দূৰাচাৰৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। info
التفاسير: |
Daga cikin fa'idodin ayoyin a wannan shafi:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাক পৰীক্ষা কৰা হয়। info

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াটো হৈছে ক্বিয়ামতৰ দিৱসত মুক্তি লাভ কৰাৰ অন্যতম এটা পৰিচয়। info

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবাৰ চৰ্তাৱলীসমূহ পূৰণ কৰি তাওবা কৰা হয়, তেন্তে ইয়াৰ ফলত পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা হৈ যায়। info

prev

আল-বুৰূজ

next
:
0:00 0:00