Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (22) Sura: Suratu Al'taubah
خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— اِنَّ اللّٰهَ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟
সেই সমূহ জান্নাতত তেওঁলোক পৃথিৱীত কৰা আমলৰ বিনিময়ত চিৰকাল অৱস্থান কৰিব। এতেকে যিয়ে নিৰ্ভেজালভাৱে আল্লাহৰ আদেশসমূহ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিব, নিশ্চয় আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• مراتب فضل المجاهدين كثيرة، فهم أعظم درجة عند الله من كل ذي درجة، فلهم المزية والمرتبة العلية، وهم الفائزون الظافرون الناجون، وهم الذين يبشرهم ربهم بالنعيم.
মুজাহিদসকলৰ কেইবাটাও উচ্চ মৰ্যাদা আছে। আল্লাহৰ ওচৰত তেওঁলোকৰ মৰ্যাদা আটাইতকৈ উচ্চ। তেওঁলোকেই প্ৰকৃত সফলতা অৰ্জনকাৰী আৰু মুক্তিপ্ৰাপ্ত লোক। তেওঁলোককেই তেওঁলোকৰ প্ৰতিপালকে চিৰস্থায়ী নিয়ামতৰ সুসংবাদ দিছে।

• في الآيات أعظم دليل على وجوب محبة الله ورسوله، وتقديم هذه المحبة على محبة كل شيء.
উক্ত আয়াতবোৰত আটাইতকৈ ডাঙৰ প্ৰমাণটো হৈছে এই যে, আল্লাহ আৰু তেওঁৰ ৰাছুলক মুহাব্বত কৰা অনিবাৰ্য। আৰু এই মুহাব্বতক সকলো মুহাব্বতৰ ওপৰত প্ৰাধান্য দিয়া আৱশ্যক।

• تخصيص يوم حنين بالذكر من بين أيام الحروب؛ لما فيه من العبرة بحصول النصر عند امتثال أمر الله ورسوله صلى الله عليه وسلم وحصول الهزيمة عند إيثار الحظوظ العاجلة على الامتثال.
সকলো যুদ্ধৰ মাজৰ পৰা বিশেষকৈ হুনাইনৰ যুদ্ধৰ কথা উল্লেখ কৰাৰ কাৰণটো হৈছে এই যে, ইয়াত এই কথাৰ শিক্ষা আছে যে, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিলে আল্লাহৰ সহায় পোৱা যায়। আনহাতে পাৰ্থিৱ লাভক প্ৰাধান্য দিলে পৰাজিত হোৱাটো খাটাং।

• فضل نزول السكينة، فسكينة الرسول صلى الله عليه وسلم سكينة اطمئنان على المسلمين الذين معه وثقة بالنصر، وسكينة المؤمنين سكينة ثبات وشجاعة بعد الجَزَع والخوف.
শান্তি অৱতীৰ্ণ হোৱাৰ ফজিলত। জানি থোৱা উচিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত শান্তি অৱতীৰ্ণ হোৱাৰ অৰ্থ হৈছেঃ তেখেতৰ লগত থকা মুমিনসকলৰ নিৰাপত্তা তথা শান্তি সুনিশ্চিত কৰা লগতে সহায়ৰ প্ৰতিশ্ৰুতি লাভ কৰা বুজায়। আনহাতে মুমিনসকলৰ ওপৰত শান্তি অৱতীৰ্ণ হোৱাৰ অৰ্থ হৈছেঃ ভয়-ভীতিৰ পিছতো মৈদামত অটল থাকি দৃঢ়ভাৱে মুকাবিলা কৰাৰ সাহস প্ৰদান কৰা।

 
Fassarar Ma'anoni Aya: (22) Sura: Suratu Al'taubah
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa