Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (83) Sura: Al'taubah
فَاِنْ رَّجَعَكَ اللّٰهُ اِلٰی طَآىِٕفَةٍ مِّنْهُمْ فَاسْتَاْذَنُوْكَ لِلْخُرُوْجِ فَقُلْ لَّنْ تَخْرُجُوْا مَعِیَ اَبَدًا وَّلَنْ تُقَاتِلُوْا مَعِیَ عَدُوًّا ؕ— اِنَّكُمْ رَضِیْتُمْ بِالْقُعُوْدِ اَوَّلَ مَرَّةٍ فَاقْعُدُوْا مَعَ الْخٰلِفِیْنَ ۟
হে নবী! যদি আল্লাহে আপোনাক এই মুনাফিকসকলৰ কোনোবা এটা দলৰ প্ৰতি দুনাই ঘূৰাই আনে যিসকল নিফাকৰ ওপৰত অটল আছে, আৰু সিহঁতে আপোনাৰ সৈতে আন কোনো এটা যুদ্ধত অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়া সিহঁতক কৈ দিয়কঃ হে মুনাফিকসকল! তোমালোক কেতিয়াও মোৰ লগত আল্লাহৰ পথত যুদ্ধত অংশগ্ৰহণ কৰিব নোৱাৰা। এইটো হৈছে তোমালোকৰ শাস্তি, লগতে মোৰ লগত উপস্থিত থাকিলে যি ক্ষয়-ক্ষতি হোৱাৰ আশংকা থাকে তাৰ পৰা সাৱধানতা। ইতিপূৰ্বে তোমালোকে তাবুক যুদ্ধত অংশগ্ৰহণ নকৰাক আৰু ঘৰতে বহি থকাক অগ্ৰাধিকাৰ দিছিলা। এতেকে অনাগত দিনতো তোমালোকে সেইসকল লোকৰ লগত ঘৰতে বহি থকা, যিসকলৰ যুদ্ধত অংশগ্ৰহণ কৰা বাঞ্চনীয় নহয়, যেনেঃ বেমাৰী, নাৰী আৰু শিশুসকলৰ লগত।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الكافر لا ينفعه الاستغفار ولا العمل ما دام كافرًا.
কাফিৰ যেতিয়ালৈকে কাফিৰ অৱস্থাত থাকিব তেতিয়ালৈকে সিহঁতৰ ক্ষমা প্ৰাৰ্থনা আৰু কোনো নেক আমল কামত নাহিব।

• الآيات تدل على قصر نظر الإنسان، فهو ينظر غالبًا إلى الحال والواقع الذي هو فيه، ولا ينظر إلى المستقبل وما يتَمَخَّض عنه من أحداث.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, মানুহৰ দৃষ্টি সীমিত। সাধাৰণতে সিহঁতে বৰ্তমান আৰু দৃষ্টিৰ সন্মুখত থকা বস্তুকেই আয়ত্ত্ব কৰিব পাৰে। ভৱিষ্যত আৰু তাৰ অন্তৰালত কি আছে সেই বিষয়ে একোৱে নাজানে।

• التهاون بالطاعة إذا حضر وقتها سبب لعقوبة الله وتثبيطه للعبد عن فعلها وفضلها.
উপযুক্ত সময়ত ইবাদত কৰাত অৱহেলা কৰাটো আল্লাহৰ শাস্তিৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ, লগতে বান্দা সেই ইবাদতৰ তাওফীক আৰু ফজিলতৰ পৰা বঞ্চিত হোৱাৰ কাৰণ।

• في الآيات دليل على مشروعية الصلاة على المؤمنين، وزيارة قبورهم والدعاء لهم بعد موتهم، كما كان النبي صلى الله عليه وسلم يفعل ذلك في المؤمنين.
উক্ত আয়াতবোৰে এই কথাও প্ৰমাণ কৰে যে, মুমিনসকলৰ জানাযাৰ ছালাত আদায় কৰা চৰীয়ত সন্মত আৰু তেওঁলোকৰ কবৰ জিয়াৰত কৰা লগতে তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ বাবে দুআ কৰাটোও চৰীয়তি বিধান। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিনসকলৰ ক্ষেত্ৰত কৰিছিল।

 
Fassarar Ma'anoni Aya: (83) Sura: Al'taubah
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa