Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (92) Sura: Al'taubah
وَّلَا عَلَی الَّذِیْنَ اِذَا مَاۤ اَتَوْكَ لِتَحْمِلَهُمْ قُلْتَ لَاۤ اَجِدُ مَاۤ اَحْمِلُكُمْ عَلَیْهِ ۪— تَوَلَّوْا وَّاَعْیُنُهُمْ تَفِیْضُ مِنَ الدَّمْعِ حَزَنًا اَلَّا یَجِدُوْا مَا یُنْفِقُوْنَ ۟ؕ
তথা হে ৰাছুল! এইদৰে সেইসকল লোকৰ ওপৰতো কোনো গুনাহ নহ'ব, যিসকলে আপোনাৰ ওচৰত বাহন বিচাৰি আগ্ৰহেৰে আহিছিল আৰু আপুনি তেওঁলোকক কৈছিলঃ মই তোমালোকৰ বাবে কোনো বাহনৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহয়, এই শুনি তেওঁলোকে কষ্ট সহিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গল, কাৰণ তেওঁলোকৰ ওচৰত যুদ্ধত ব্যয় কৰিবলৈ একো নাই আৰু আপোনাৰ ওচৰতো নাই।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• المجاهدون سيحصِّلون الخيرات في الدنيا، وإن فاتهم هذا فلهم الفوز بالجنة والنجاة من العذاب في الآخرة.
মুজাহিদসকলে পাৰ্থিৱ জীৱনতে কল্যাণৰ অধিকাৰী হ'ব। কিন্তু যদি এনেকুৱা নহয় তেন্তে আখিৰাতত অৱশ্যে জান্নাত লাভ কৰিব আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি লাভ কৰিব।

• الأصل أن المحسن إلى الناس تكرمًا منه لا يؤاخَذ إن وقع منه تقصير.
মূলতে স্বেচ্ছাই মানুহৰ উপকাৰ কৰা ব্যক্তিৰ দ্বাৰা যদি কোনো ভুল হয় তেন্তে সেয়া জবাবদিহিৰ যোগ্য নহয়।

• أن من نوى الخير، واقترن بنيته الجازمة سَعْيٌ فيما يقدر عليه، ثم لم يقدر- فإنه يُنَزَّل مَنْزِلة الفاعل له.
যি ব্যক্তিয়ে কোনো এনেকুৱা সত্কৰ্ম কৰাৰ সংকল্প কৰে, যিটো কৰিবলৈ সি সক্ষম, আৰু সেইটো অৰ্জন কৰিবলৈ তাৰ মজবুত মনোবলও আছে তথা প্ৰয়াসো কৰিছে। কিন্তু ইয়াৰ পিছতো যদি সেই ক্ষেত্ৰত সি সফল নহয় তেন্তে সেই সত্কৰ্মত তাক কৰ্তাৰ সমকক্ষ বুলি গণ্য কৰা হ'ব।

• الإسلام دين عدل ومنطق؛ لذلك أوجب العقوبة والمأثم على المنافقين المستأذنين وهم أغنياء ذوو قدرة على الجهاد بالمال والنفس.
ইছলাম ন্যায় আৰু যুক্তিৰ ধৰ্ম। সেই কাৰণেই ইছলামে এই মুনাফিকসকলৰ বিষয়ে গুনাহ আৰু শাস্তিৰ কথা কৈছে, যিসকলে ধন-প্ৰাণৰ সৈতে জিহাদত অংশগ্ৰহণৰ শক্তি থকাৰ পিছতো আৰু ধনী হোৱা সত্ত্বেও যুদ্ধৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচাৰিছিল।

 
Fassarar Ma'anoni Aya: (92) Sura: Al'taubah
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa