Fassarar ma'anonin Alkura'ni mai girma - Fassarar Asamiyanci - Rafiƙul-Islam Habib al-Rahman

external-link copy
31 : 12

فَلَمَّا سَمِعَتْ بِمَكْرِهِنَّ اَرْسَلَتْ اِلَیْهِنَّ وَاَعْتَدَتْ لَهُنَّ مُتَّكَاً وَّاٰتَتْ كُلَّ وَاحِدَةٍ مِّنْهُنَّ سِكِّیْنًا وَّقَالَتِ اخْرُجْ عَلَیْهِنَّ ۚ— فَلَمَّا رَاَیْنَهٗۤ اَكْبَرْنَهٗ وَقَطَّعْنَ اَیْدِیَهُنَّ ؗ— وَقُلْنَ حَاشَ لِلّٰهِ مَا هٰذَا بَشَرًا ؕ— اِنْ هٰذَاۤ اِلَّا مَلَكٌ كَرِیْمٌ ۟

ইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁতৰ প্ৰত্যেককে একোটাকৈ ছুৰি-কটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখলৈ ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিস্তা’। info
التفاسير: