Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar Asamiyanci - Rafiƙul-Islam Habib al-Rahman * - Teburin Bayani kan wasu Fassarori

PDF XML CSV Excel API
Please review the Terms and Policies

Fassarar Ma'anoni Sura: Almu'aminoun   Aya:
فَاِذَا اسْتَوَیْتَ اَنْتَ وَمَنْ مَّعَكَ عَلَی الْفُلْكِ فَقُلِ الْحَمْدُ لِلّٰهِ الَّذِیْ نَجّٰىنَا مِنَ الْقَوْمِ الظّٰلِمِیْنَ ۟
এতেকে যেতিয়া তুমি আৰু তোমাৰ সঙ্গীসকল নৌযানৰ ওপৰত স্থিৰ হ’বা তেতিয়া ক’বা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক যালিম সম্প্ৰদায়ৰ পৰা উদ্ধাৰ কৰিছে’।
Tafsiran larabci:
وَقُلْ رَّبِّ اَنْزِلْنِیْ مُنْزَلًا مُّبٰرَكًا وَّاَنْتَ خَیْرُ الْمُنْزِلِیْنَ ۟
তুমি আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোক বৰকতময় অৱতৰণস্থলত অৱতৰণ কৰোৱা; যিহেতু তুমিয়েই শ্ৰেষ্ঠ অৱতাৰণকাৰী’।
Tafsiran larabci:
اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ وَّاِنْ كُنَّا لَمُبْتَلِیْنَ ۟
নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলোঁ।
Tafsiran larabci:
ثُمَّ اَنْشَاْنَا مِنْ بَعْدِهِمْ قَرْنًا اٰخَرِیْنَ ۟ۚ
এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলোঁ,
Tafsiran larabci:
فَاَرْسَلْنَا فِیْهِمْ رَسُوْلًا مِّنْهُمْ اَنِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ— اَفَلَا تَتَّقُوْنَ ۟۠
ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই, তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
Tafsiran larabci:
وَقَالَ الْمَلَاُ مِنْ قَوْمِهِ الَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِلِقَآءِ الْاٰخِرَةِ وَاَتْرَفْنٰهُمْ فِی الْحَیٰوةِ الدُّنْیَا ۙ— مَا هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۙ— یَاْكُلُ مِمَّا تَاْكُلُوْنَ مِنْهُ وَیَشْرَبُ مِمَّا تَشْرَبُوْنَ ۟ۙ
আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে, যিসকলে কুফৰী কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলোঁ পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ-সম্ভাৰ, সিহঁতে কৈছিল, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেৱোঁ তাকেই খায় আৰু তোমালোকে যি পান কৰা তেৱোঁ তাকেই পান কৰে;
Tafsiran larabci:
وَلَىِٕنْ اَطَعْتُمْ بَشَرًا مِّثْلَكُمْ ۙ— اِنَّكُمْ اِذًا لَّخٰسِرُوْنَ ۟ۙ
‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা;
Tafsiran larabci:
اَیَعِدُكُمْ اَنَّكُمْ اِذَا مِتُّمْ وَكُنْتُمْ تُرَابًا وَّعِظَامًا اَنَّكُمْ مُّخْرَجُوْنَ ۟
‘এওঁ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হ’বা; তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ’ব?
Tafsiran larabci:
هَیْهَاتَ هَیْهَاتَ لِمَا تُوْعَدُوْنَ ۟
‘অসম্ভৱ, তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অসম্ভৱ।
Tafsiran larabci:
اِنْ هِیَ اِلَّا حَیَاتُنَا الدُّنْیَا نَمُوْتُ وَنَحْیَا وَمَا نَحْنُ بِمَبْعُوْثِیْنَ ۟
‘একমাত্ৰ পাৰ্থিৱ জীৱনেই হৈছে আমাৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
Tafsiran larabci:
اِنْ هُوَ اِلَّا رَجُلُ ١فْتَرٰی عَلَی اللّٰهِ كَذِبًا وَّمَا نَحْنُ لَهٗ بِمُؤْمِنِیْنَ ۟
‘এওঁ এনেকুৱা এজন ব্যক্তি যিয়ে আল্লাহ সম্পৰ্কে মিছা অপবাদ দি আছে, আমি তেওঁক কেতিয়াও বিশ্বাস নকৰোঁ’।
Tafsiran larabci:
قَالَ رَبِّ انْصُرْنِیْ بِمَا كَذَّبُوْنِ ۟
নূহে (আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে’।
Tafsiran larabci:
قَالَ عَمَّا قَلِیْلٍ لَّیُصْبِحُنَّ نٰدِمِیْنَ ۟ۚ
আল্লাহে ক’লে, ‘কিছু সময়ৰ মাজতেই সিহঁত নিশ্চিতৰূপে অনুতপ্ত হ’ব’।
Tafsiran larabci:
فَاَخَذَتْهُمُ الصَّیْحَةُ بِالْحَقِّ فَجَعَلْنٰهُمْ غُثَآءً ۚ— فَبُعْدًا لِّلْقَوْمِ الظّٰلِمِیْنَ ۟
তাৰ পিছত এটা বিকট শব্দই সত্য-ন্যায়ৰ সৈতে সিহঁতক আক্ৰান্ত কৰিলে, ফলত আমি সিহঁতক বতাহে উৰুৱাই নিয়া আৱৰ্জনাৰ দৰে কৰি দিলোঁ। এতেকে যালিম সম্প্ৰদায়ৰ বাবে আছে কেৱল ধ্বংস।
Tafsiran larabci:
ثُمَّ اَنْشَاْنَا مِنْ بَعْدِهِمْ قُرُوْنًا اٰخَرِیْنَ ۟ؕ
ইয়াৰ পিছত আমি আৰু বহুতো প্ৰজন্ম সৃষ্টি কৰিছিলোঁ।
Tafsiran larabci:
 
Fassarar Ma'anoni Sura: Almu'aminoun
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar Asamiyanci - Rafiƙul-Islam Habib al-Rahman - Teburin Bayani kan wasu Fassarori

Fassarar Rafiƙul Islam Habibu al-Rahman.

Rufewa