Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
28 : 21

یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَلَا یَشْفَعُوْنَ ۙ— اِلَّا لِمَنِ ارْتَضٰی وَهُمْ مِّنْ خَشْیَتِهٖ مُشْفِقُوْنَ ۟

তেওঁলোকৰ আগৰ পিছৰ সকলো কৰ্ম সম্পৰ্কে তেওঁ অৱগত। তেওঁলোকে (কিয়ামতৰ দিনা) সেই ব্যক্তিৰ সপক্ষে মধ্যস্ততা কৰিব, যাৰ বাবে মধ্যস্ততা কৰাৰ অনুমতি আল্লাহে প্ৰদান কৰিব, তথা তেওঁৰ মধ্যস্তাত আল্লাহ সন্তুষ্ট হ'ব। তেওঁলোকে আল্লাহৰ ভয়ত ভীত-সন্ত্ৰস্ত হৈ থাকে। এতেকে তেওঁলোকে তেওঁৰ কোনো আদেশ তথা নিষেধক অমান্য নকৰে। info
التفاسير:
Придобивки од ајетите на оваа страница:
• تنزيه الله عن الولد.
আল্লাহ সন্তানাদি গ্ৰহণৰ পৰা পৱিত্ৰ। info

• منزلة الملائكة عند الله أنهم عباد خلقهم لطاعته، لا يوصفون بالذكورة ولا الأنوثة، بل عباد مكرمون.
আল্লাহৰ ওচৰত ফিৰিস্তাসকলৰ মৰ্যাদা হৈছে এই যে, তেওঁলোক হৈছে আল্লাহৰ বান্দা। আল্লাহে তেওঁলোকক নিজৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে। তেওঁলোকক নৰ অথবা নাৰী বুলি কোৱা অনুচিত। বৰং তেওঁলোক হৈছে আল্লাহৰ সন্মানিত বান্দা। info

• خُلِقت السماوات والأرض وفق سُنَّة التدرج، فقد خُلِقتا مُلْتزِقتين، ثم فُصِل بينهما.
আকাশমণ্ডল আৰু পৃথিৱীক আল্লাহে তেওঁৰ সাধাৰণ নিয়মানুযায়ী অৰ্থাৎ লাহে ধীৰে সৃষ্টি কৰিছে। এতেকে প্ৰথমে উভয়ক মিলিত অৱস্থাত সৃষ্টি কৰিছে, তাৰ পিছত পৃথক কৰি দিছে। info

• الابتلاء كما يكون بالشر يكون بالخير.
পৰখ তথা পৰীক্ষা বিপদ-আপদৰ লগতে কল্যাণৰ দ্বাৰাও কৰা হয়। info