Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
19 : 24

اِنَّ الَّذِیْنَ یُحِبُّوْنَ اَنْ تَشِیْعَ الْفَاحِشَةُ فِی الَّذِیْنَ اٰمَنُوْا لَهُمْ عَذَابٌ اَلِیْمٌ ۙ— فِی الدُّنْیَا وَالْاٰخِرَةِ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟

নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতা প্ৰচাৰ হোৱাটো ভালপায়, (ব্যাভিচাৰৰ অপবাদ দিয়াটোও ইয়াৰ অন্তৰ্ভুক্ত) সিহঁতৰ বাবে পৃথিৱীত আছে কষ্টদায়ক শাস্তি। অৰ্থাৎ পৃথিৱীত সিহঁতক অপবাদ লগোৱাৰ অপৰাধত শাস্তি বিহা হ'ব। আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। সিহঁতৰ মিছা কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। তথা বান্দাসকলৰ শেষ পৰিণতি সম্পৰ্কেও তেওঁ অৱগত। বান্দাৰ হিত সম্পৰ্কে তেৱেঁই ভালদৰে জানে। তোমালোকে একোৱেই নাজানা। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• تركيز المنافقين على هدم مراكز الثقة في المجتمع المسلم بإشاعة الاتهامات الباطلة.
মুনাফিকসকলে মিছা অপবাদ প্ৰচাৰ কৰি মুছলিম সমাজৰ বিশ্বস্থ কেন্দ্ৰক বিনষ্ট কৰাৰ সদায় প্ৰয়াস কৰে। info

• المنافقون قد يستدرجون بعض المؤمنين لمشاركتهم في أعمالهم.
মুনাফিকসকলে কেতিয়াবা মুমিনসকলৰ কিছুমানক নিজৰ নিকৃষ্ট কৰ্ম-কাণ্ডত ফচাবলৈ সফল হয়। info

• تكريم أم المؤمنين عائشة رضي الله عنها بتبرئتها من فوق سبع سماوات.
উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক সপ্তম আকাশৰ ওপৰৰ পৰা তেওঁৰ দোষমুক্তৰ ঘোষণাই তেওঁক সন্মানিত কৰিছে। info

• ضرورة التثبت تجاه الشائعات.
সমাজত যধে-মধে প্ৰচাৰিত সংবাদৰ সত্যতা নিৰূপণ কৰাটো অতি আৱশ্যক। info