Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
6 : 49

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ جَآءَكُمْ فَاسِقٌ بِنَبَاٍ فَتَبَیَّنُوْۤا اَنْ تُصِیْبُوْا قَوْمًا بِجَهَالَةٍ فَتُصْبِحُوْا عَلٰی مَا فَعَلْتُمْ نٰدِمِیْنَ ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি কোনো দূৰাচাৰী ব্যক্তিয়ে তোমালোকৰ ওচৰলৈ কোনো সম্প্ৰদায়ৰ বিষয়ে সংবাদ লৈ আহে, তেন্তে তৎক্ষণাত সেইটো মানি লোৱাৰ বিপৰীতে তোমালোকে সেই বিষয়ে সঁচা মিছা পৰখ কৰিবা, কিয়নো যদি তোমালোকে সত্যতা পৰখ নকৰাকৈ অজানিতে কোনো সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ কৰা তথা পিছত যদি প্ৰকৃত স্বৰূপ প্ৰকাশ পায় তেনে অৱস্থাত তোমালোকে নিজেই অনুতপ্ত হ’বা। info
التفاسير:
Придобивки од ајетите на оваа страница:
• وجوب التثبت من صحة الأخبار، خاصة التي ينقلها من يُتَّهم بالفسق.
সংবাদৰ সত্যতা নিৰূপণ কৰাটো বাঞ্চনীয়। বিশেষকৈ যদি কোনো সংবাদ ফাছিক্বসকলৰ দ্বাৰা বিয়পে। info

• وجوب الإصلاح بين من يتقاتل من المسلمين، ومشروعية قتال الطائفة التي تصر على الاعتداء وترفض الصلح.
সেইসকল মুছলিমৰ মাজত মিলাপ্ৰীতিৰ বন্ধন সৃষ্টি কৰা অনিবাৰ্য, যিসকলে পৰস্পৰৰ মাজত বিবাদ কৰি আছে। লগতে সেই দলৰ বিপক্ষে যুদ্ধ কৰা উচিত, যি দলে সীমালঙ্ঘন কৰে তথা মীমাংসাত বহিবলৈ প্ৰস্তুত নহয়। info

• من حقوق الأخوة الإيمانية: الصلح بين المتنازعين والبعد عما يجرح المشاعر من السخرية والعيب والتنابز بالألقاب.
ঈমানী ভাতৃত্ববোধৰ দাবী হৈছে এই যে, দুটা বিবদমান দলৰ মাজত মীমাংসা কৰি দিয়া উচিত, লগতে উপহাস কৰা, তিৰস্কাৰ কৰা, বেয়া উপাধিৰে মাতা ইত্যাদি কষ্টদায়ক বিষয়ৰ পৰা আঁতৰত থকা উচিত। info