Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
123 : 7

قَالَ فِرْعَوْنُ اٰمَنْتُمْ بِهٖ قَبْلَ اَنْ اٰذَنَ لَكُمْ ۚ— اِنَّ هٰذَا لَمَكْرٌ مَّكَرْتُمُوْهُ فِی الْمَدِیْنَةِ لِتُخْرِجُوْا مِنْهَاۤ اَهْلَهَا ۚ— فَسَوْفَ تَعْلَمُوْنَ ۟

যেতিয়া তেওঁলোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিলে, তেতিয়া ফিৰআউনে তেওঁলোকক ধমক দি ক'লেঃ মই অনুমতি দিয়াৰ আগতে তোমালোকে মূছাক বিশ্বাস কৰিলা? নিশ্চয় মূছাৰ প্ৰতি তোমালোকৰ ঈমান আৰু তেওঁ লৈ অহা চৰীয়তক মানি লোৱাটো হৈছে এটা ষড়যন্ত্ৰ, যিটো তোমালোকে মূছাৰ লগত মিলি ৰচিছা, এই নগৰৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ বাবে। এতেকে হে যাদুকৰসকল! অতিশীঘ্ৰে তোমালোকে জানিবলৈ পাবা যে, তোমালোকে ইয়াৰ পৰিবৰ্তে কেনেকুৱা কষ্ট আৰু শাস্তি ভোগ কৰা। info
التفاسير:
Придобивки од ајетите на оваа страница:
• موقف السّحرة وإعلان إيمانهم بجرأة وصراحة يدلّ على أنّ الإنسان إذا تجرّد عن هواه، وأذعن للعقل والفكر السّليم بادر إلى الإيمان عند ظهور الأدلّة عليه.
যাদুকৰসকলৰ সাহসিকতাৰে স্পষ্টৰূপে ঈমান পোষণ কৰাৰ কথা ঘোষণা কৰাটোৱে এই কথা প্ৰমাণ কৰে যে, মানুহে যদি নিজৰ ইচ্ছাৰ বিপৰীতে নিজৰ বিবেক আৰু সঠিক চিন্তা ধাৰাৰে কাম কৰে তেন্তে প্ৰমাণ সন্মুখত অহাৰ পিছত অবিলম্বে ঈমান পোষণ কৰিব। info

• أهل الإيمان بالله واليوم الآخر هم أشدّ الناس حزمًا، وأكثرهم شجاعة وصبرًا في أوقات الأزمات والمحن والحروب.
আল্লাহ তথা আখিৰাতৰ প্ৰতি ঈমান পোষণকাৰী লোক সকলেই আটাইতকৈ বেছি বিবেকৱান তথা বিপদ-আপদ আৰু যুদ্ধৰ সময়ত সৱাতোকৈ বাহাদুৰ আৰু ধৈৰ্যৱান সাব্যস্ত হয়। info

• المنتفعون من السّلطة يُحرِّضون ويُهيِّجون السلطان لمواجهة أهل الإيمان؛ لأن في بقاء السلطان بقاء لمصالحهم.
চৰকাৰৰ পৰা উপকৃত হোৱা ব্যক্তিসকলে সদায় শাসক পক্ষক, মুমিনসকলৰ বিৰুদ্ধে থিয় হ'বলৈ উচটনি দিয়ে। কিয়নো সিহঁতৰ স্বাৰ্থ শাসকৰ অস্তিত্বৰ লগত সম্পৃক্ত। info

• من أسباب حبس الأمطار وغلاء الأسعار: الظلم والفساد.
বৰষুণ নোহোৱা আৰু পণ্যদ্ৰৱ্যৰ দাম বৃদ্ধিৰ এটা অন্যতম কাৰণ হৈছে অন্যায়-অত্যাচাৰ। info