Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
116 : 11

فَلَوْلَا كَانَ مِنَ الْقُرُوْنِ مِنْ قَبْلِكُمْ اُولُوْا بَقِیَّةٍ یَّنْهَوْنَ عَنِ الْفَسَادِ فِی الْاَرْضِ اِلَّا قَلِیْلًا مِّمَّنْ اَنْجَیْنَا مِنْهُمْ ۚ— وَاتَّبَعَ الَّذِیْنَ ظَلَمُوْا مَاۤ اُتْرِفُوْا فِیْهِ وَكَانُوْا مُجْرِمِیْنَ ۟

বিগত সম্প্ৰদায়সমূহ যিসকলক শাস্তিৰ দ্বাৰা ধ্বংস কৰা হৈছে সিহঁতৰ মাজত সদাচাৰী তথা নেক লোকৰ উপস্থিতি পোৱা নগল কিয়, যিসকলে সিহঁতক কুফৰ আৰু গুনাহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ পৰা বিৰত ৰাখিলেহেঁতেন। কিন্তু সিহঁতৰ মাজত তেনেকুৱা লোকৰ উপস্থিতি নাছিল, কেৱল আঙুলিত গণিব পাৰা কেইজনমান লোক আছিল যিসকলে বিপৰ্যয় সৃষ্টিৰ পৰা মানুহক নিষেধ কৰিছিল। সেয়ে অন্যায়কাৰীসকলক ধ্বংস কৰাৰ সময়ত আমি সেইকেইজন লোকক ৰক্ষা কৰিছিলো। ইপিনে তেওঁলোকৰ সম্প্ৰদায়ৰ অন্যায়কাৰী লোকসকলে বিলাসিতাত মত্ত হৈ আছিল। ফলত সিহঁত অন্যায়কাৰীত পৰিণত হ'ল। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• وجوب الاستقامة على دين الله تعالى.
আল্লাহৰ দ্বীনত অবিচল থকা অনিবাৰ্য। info

• التحذير من الركون إلى الكفار الظالمين بمداهنة أو مودة.
অন্যায়কাৰী কাফিৰসকলৰ ওচৰত ভালপোৱাৰ পাত্ৰ হ'বলৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত স্বীকাৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে। info

• بيان سُنَّة الله تعالى في أن الحسنة تمحو السيئة.
আল্লাহৰ এটা সাধাৰণ নিয়ম হৈছে এই যে, তেওঁ নেকীৰ জৰিয়তে গুনাহ মোচন কৰে। info

• الحث على إيجاد جماعة من أولي الفضل يأمرون بالمعروف، وينهون عن الفساد والشر، وأنهم عصمة من عذاب الله.
শিষ্টাচাৰী লোকৰ এটা দল নিৰ্মাণ কৰাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে, যিসকলে সৎকৰ্মৰ আদেশ দিব আৰু অসৎকৰ্ম তথা পৰিবেশ বিনষ্ট কৰাৰ পৰা মানুহক বিৰত ৰাখিব। যাতে তেওঁলোক আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষিত থাকে। info