Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
5 : 13

وَاِنْ تَعْجَبْ فَعَجَبٌ قَوْلُهُمْ ءَاِذَا كُنَّا تُرٰبًا ءَاِنَّا لَفِیْ خَلْقٍ جَدِیْدٍ ؕ۬— اُولٰٓىِٕكَ الَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ ۚ— وَاُولٰٓىِٕكَ الْاَغْلٰلُ فِیْۤ اَعْنَاقِهِمْ ۚ— وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟

হে ৰাছুল! আপুনি যদি কোনো বিষয়ে আশ্চৰ্য প্ৰকাশ কৰে তেন্তে অধিক আশ্চৰ্যকৰ বিষয় হৈছে সিহঁতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা কাৰ্য, ইয়াক অস্বীকাৰ কৰি সিহঁতে প্ৰমাণ দাঙি ধৰে যে, যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হৈ যাম, তথা আমাৰ হাড়বোৰ গেলি-পচি যাব তাৰ পিছতো আমাক পুনৰ্জীৱিত কৰা হ'বনে, এই পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকলেই নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে। মৃত্যু ব্যক্তিক পুনৰ্জীৱিত কৰা তেওঁৰ এই ক্ষমতাক সিহঁতে অস্বীকাৰ কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতৰ ডিঙিত জুইৰ শিকলি পিন্ধোৱা হ'ব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী। তাত সিহঁত চিৰস্থায়ী হ'ব। তাত সিহঁতৰ মৃত্যুও নহ'ব, শাস্তিও শেষ নহ'ব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• إثبات قدرة الله سبحانه وتعالى والتعجب من خلقه للسماوات على غير أعمدة تحملها، وهذا مع عظيم خلقتها واتساعها.
পৱিত্ৰ আৰু মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ, তথা তেওঁৰ আকাশমণ্ডল সৃষ্টিক লৈ আশ্চৰ্য প্ৰকাশ যিটোক তেওঁ খুঁটাবিহীন উত্তোলন কৰিছে, অথচ এই আকাশমণ্ডল, সৃষ্টি আৰু প্ৰশস্ততাৰ ক্ষেত্ৰত বহুত ডাঙৰ। info

• إثبات قدرة الله وكمال ربوبيته ببرهان الخلق، إذ ينبت النبات الضخم، ويخرجه من البذرة الصغيرة، ثم يسقيه من ماء واحد، ومع هذا تختلف أحجام وألوان ثمراته وطعمها.
সৃষ্টিৰ প্ৰমাণিকতাই আল্লাহৰ ক্ষমতা তথা তেওঁৰ পূৰ্ণ প্ৰভুত্ব প্ৰমাণ কৰে। কাৰণ তেওঁ সুৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উৎপন্ন কৰে, আৰু তাক একে পানীৰে জীপাল কৰে। তথাপিও এইবোৰ গছৰ ফলৰ আকাৰ, ৰং আৰু সোৱাদ পৰস্পৰৰ পৰা ভিন্ন। info

• أن إخراج الله تعالى للأشجار الضخمة من البذور الصغيرة، بعد أن كانت معدومة، فيه رد على المشركين في إنكارهم للبعث؛ فإن إعادة جمع أجزاء الرفات المتفرقة والمتحللة في الأرض، وبعثها من جديد، بعد أن كانت موجودة، هو بمنزلة أسهل من إخراج المعدوم من البذرة.
সৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উলিওৱা আল্লাহৰ এই কাৰ্যই মুশ্বৰিকসকলৰ সেই দাবীক খণ্ডন কৰে, যিসকলে পুনৰুত্থানক অস্বীকাৰ কৰে। কিয়নো বিস্তৃত গেলি-পচি যোৱা আৰু মাটিত মিহলি হোৱা হাড়ক একত্ৰিত কৰি পুনৰ্জীৱিত কৰাটো, বীজৰ পৰা অস্তিত্বহীন গছক অস্তিত্ব প্ৰদান কৰাতকৈ অধিক সহজ। info