Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
37 : 19

فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ— فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنْ مَّشْهَدِ یَوْمٍ عَظِیْمٍ ۟

ইয়াৰ পিচত ঈছা আলাইহিচ্ছালামৰ বিষয়ে মানুহে মহা বিভেদ সৃষ্টি কৰিছিল আৰু পৃথক পৃথক দলত বিভক্ত হৈছিল। কিছুমানে তেওঁৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁক ৰাছুল হিচাপে বিশ্বাস কৰিছিল। আৰু আন কিছুমানে তেওঁক অস্বীকাৰ কৰিছিল, যেনে ইয়াহুদীসকল। কিন্তু বহুতেই তেওঁৰ বিষয়ে সীমালঙ্ঘন কৰিছিল, কিছুমানে কৈছিলঃ তেৱেঁই আল্লাহ। আৰু আন কিছুমানে কৈছিলঃ তেওঁ আল্লাহৰ পুত্ৰ। প্ৰকৃততে আল্লাহ ইয়াৰ পৰা বহু ঊৰ্দ্ধত। তেওঁৰ বিষয়ে বিভেদ কৰা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে মহাবিনাশ। যিদিনা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, হিচাপ-কিতাপ দিব লাগিব আৰু শাস্তি ভোগ কৰিব লাগিব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• في أمر مريم بالسكوت عن الكلام دليل على فضيلة الصمت في بعض المواطن .
মৰিয়মৰ কথা কোৱাৰ পৰা বিৰত থকা বিষয়টোৱে প্ৰমাণ কৰে যে, কেতিয়াবা কেতিয়াবা মৌনতা অৱলম্বন কৰাটোৱে আৱশ্যক বা উত্তম। info

• نذر الصمت كان جائزًا في شرع من قبلنا، أما في شرعنا فقد دلت السنة على منعه.
মৌনতাৰ মান্নত আমাৰ পূৰ্বৰ চৰীয়তসমূহত যদিও বৈধ আছিল, কিন্তু আমাৰ এই চৰীয়তত নিষিদ্ধ কৰা হৈছে এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত। info

• أن ما أخبر به القرآن عن كيفية خلق عيسى هو الحق القاطع الذي لا شك فيه، وكل ما عداه من تقولات باطل لا يليق بالرسل.
ঈছা আলাইহিচ্ছালামৰ সৃষ্টি যি বিৱৰণ কোৰআনে বৰ্ণনা কৰিছে, সেইটোৱেই বাস্তৱ সত্য, যি বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই। ইয়াৰ বাহিৰে যি যি কোৱা হয় সেই সকলোবোৰ অসত্য আৰু সেয়া ৰাছুলৰ মৰ্যাদাৰ পক্ষে অনুপোযুক্ত। info

• في الدنيا يكون الكافر أصم وأعمى عن الحق، ولكنه سيبصر ويسمع في الآخرة إذا رأى العذاب، ولن ينفعه ذلك.
পৃথিৱীত কাফিৰে সত্য সঠিকভাৱে শুনাৰ আৰু দেখাৰ পৰা বঞ্চিত থাকে। কিন্তু আখিৰাতত যেতিয়া শাস্তি তাৰ সন্মুখত থাকিব তেতিয়া সত্য শুনিবও পাৰিব আৰু দেখিবও পাৰিব, কিন্তু তেতিয়া সেইটো কোনো কামত নাহিব। info