Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
64 : 19

وَمَا نَتَنَزَّلُ اِلَّا بِاَمْرِ رَبِّكَ ۚ— لَهٗ مَا بَیْنَ اَیْدِیْنَا وَمَا خَلْفَنَا وَمَا بَیْنَ ذٰلِكَ ۚ— وَمَا كَانَ رَبُّكَ نَسِیًّا ۟ۚ

হে জিব্ৰীল! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কৈ দিয়ক, ফিৰিস্তাসকলে নিজ ইচ্ছা মতে অৱতৰণ নকৰে, বৰং তেওঁলোক আল্লাহৰ আদেশতহে অৱতৰণ কৰে। সেইবোৰো আল্লাহৰ আদেশতেই সংঘটিত হ'ব, যিবোৰ আমি আখিৰাতত সন্মুখীন হ'ম। আৰু এই পৃথিৱীও তেওঁৰ আদেশতেই নিয়ন্ত্ৰিত যিটোক আমি পিচ পেলাই গৈ আছো। তথা পৃথিৱী আৰু আখিৰাতৰ মাজৰ বিষয়বোৰো তেওঁৰ দ্বাৰাই নিয়ন্ত্ৰিত। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে একোৱেই পাহৰি নাযায়। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• حاجة الداعية دومًا إلى أنصار يساعدونه في دعوته.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে সদায় এনেকুৱা লোকৰ আৱশ্যক হয়, যিসকলে তেওঁক ধৰ্ম প্ৰচাৰ কাৰ্যত সহায় কৰিব। info

• إثبات صفة الكلام لله تعالى.
এই কথাৰ স্পষ্ট প্ৰমাণ যে, মহান আল্লাহে কথা কয়। info

• صدق الوعد محمود، وهو من خلق النبيين والمرسلين، وضده وهو الخُلْف مذموم.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে প্ৰশংসনীয় বিষয় তথা নবী আৰু ৰাছুলসকলৰ বৈশিষ্ট্য। পক্ষান্তৰে প্ৰতিশ্ৰুতি ভঙ্গ কৰাটো হৈছে নিন্দনীয় বিষয়। info

• إن الملائكة رسل الله بالوحي لا تنزل على أحد من الأنبياء والرسل من البشر إلا بأمر الله.
নিশ্চয় ফিৰিস্তাসকল হৈছে আল্লাহৰ বাৰ্তাবাহক। নবী আৰু ৰাছুলসকলৰ ওচৰত তেওঁলোকে আল্লাহৰ আদেশ অনুযায়ী অৱতৰণ কৰে। info