Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
90 : 20

وَلَقَدْ قَالَ لَهُمْ هٰرُوْنُ مِنْ قَبْلُ یٰقَوْمِ اِنَّمَا فُتِنْتُمْ بِهٖ ۚ— وَاِنَّ رَبَّكُمُ الرَّحْمٰنُ فَاتَّبِعُوْنِیْ وَاَطِیْعُوْۤا اَمْرِیْ ۟

আনহাতে হাৰূন আলাইহিচ্ছালামেও মূছা আলাইহিচ্ছালাম উভতি অহাৰ পূৰ্বে সিহঁতক উদ্দেশ্যি কৈছিলঃ আ-অলংকাৰেৰে নিৰ্মিত এই দামুৰি আৰু ইয়াৰ মাতটো তোমালোকৰ বাবে এটা পৰীক্ষাহে, যাতে মুমিন আৰু কাফিৰৰ মাজত পাৰ্থক্য হয়। তথা হে মোৰ জাতিৰ লোকসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেইজন, যিজন অত্যন্ত দয়াৰ অধিকাৰী, সেইজন কেতিয়াও নহয় যিজন দয়াতো দূৰৰ কথা ক্ষয়-ক্ষতি তথা উপকাৰৰো মালিক নহয়। এতেকে সেই একক আল্লাহৰ ইবাদত কৰাৰ স্বাৰ্থত তোমালোকে মোৰ অনুসৰণ কৰা, তথা তেওঁৰ বাহিৰে আনৰ ইবাদত ত্যাগ কৰাৰ ক্ষেত্ৰত মোৰ আদেশ পালন কৰা। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• خداع الناس بتزوير الحقائق مسلك أهل الضلال.
পাকে প্ৰকাৰে বাস্তাৱতাক গোপন কৰি মানুহক প্ৰতাৰণা কৰাটো পথভ্ৰষ্ট লোকৰ আচৰণ। info

• الغضب المحمود هو الذي يكون عند انتهاكِ محارم الله.
আল্লাহে হাৰাম কৰা সীমাৰেখা অতিক্ৰম কৰাৰ ক্ষেত্ৰত হোৱা ক্ৰোধ অতি প্ৰশংসনীয়। info

• في الآيات أصل في نفي أهل البدع والمعاصي وهجرانهم، وألا يُخَالَطوا.
উক্ত আয়াতবোৰত বিদআতী আৰু গুনাহগাৰ লোকৰ পৰা দূৰত্ব অৱলম্বন কৰাৰ তথা সিহঁতৰ লগত অন্তৰঙ্গ সম্পৰ্কৰ পৰা বিৰত থকাৰ প্ৰমাণ পোৱা যায়। info

• في الآيات وجوب التفكر في معرفة الله تعالى من خلال مفعولاته في الكون.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, পৱিত্ৰ আল্লাহক অধিক জানিবলৈ বিশ্বজগতৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ নিখুঁত কৰ্মৰাজীৰ প্ৰতি চিন্তা-চৰ্চা তথা গৱেষণা কৰা উচিত। info