Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
39 : 25

وَكُلًّا ضَرَبْنَا لَهُ الْاَمْثَالَ ؗ— وَكُلًّا تَبَّرْنَا تَتْبِیْرًا ۟

আমি এইবোৰ সম্প্ৰদায়ৰ প্ৰত্যেকৰে সন্মুখত ধ্বংস হোৱা সম্প্ৰদায়সমূহৰ উদাহৰণ দাঙি ধৰিছিলোঁ, লগতে সিহঁতৰ ধ্বংস হোৱাৰ কাৰণবোৰো উল্লেখ কৰিছিলোঁ, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। (কিন্তু সিহঁতে তেনেকুৱা কৰা নাছিল। সেয়ে) উপৰোক্ত প্ৰত্যেক সম্প্ৰদায়কে সিহঁতৰ কুফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে সিহঁতক সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الكفر بالله والتكذيب بآياته سبب إهلاك الأمم.
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰা, বহুতো সম্প্ৰদায়ৰ ধ্বংসৰ কাৰণ আছিল। info

• غياب الإيمان بالبعث سبب عدم الاتعاظ.
কোনো নিদৰ্শনৰ পৰা শিক্ষা নোলোৱাৰ অন্যতম কাৰণ হৈছে পুনৰুত্থানক বিশ্বাস নকৰা। info

• السخرية بأهل الحق شأن الكافرين.
সত্যৰ পথত পৰিচালিত ব্যক্তিক উপহাস কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• خطر اتباع الهوى.
প্ৰবৃত্তিৰ অনুসৰণ হৈছে মহা ক্ষতিকাৰক। info